বে’চিজিল কথাবোৰ
লেখক- খনিন্দ্ৰ ভূষণ মহন্ত
(১)
ছায়া মূৰ্তিবোৰ কোলাত লৈ
সাৰে থাকে নিজম ৰাতিৰ দুখ
বিৰহৰ নৈখন বৈ থকাৰ কথা
শেতেলিৰ বাদে আন কোনে জানে?
(২)
কথাৰ পকনীয়াত পৰি
পাগত উঠে আড্ডাৰ সুৰ
মুখেৰে পৃথিৱী জিনাতকৈ
সহজ কাম কি আছে কোৱা?
(৩)
পক্ষপাতৰ শাণিত কটাৰিয়ে
নেফা-নেফ কৰে বুকুৰ পদুম
বাৰম্বাৰ উপেক্ষাক আঁজলিত তুলি
চকুৰ সিপাৰে মেঘফুল আঁকি থকা কোনে দেখে?
সংযোজন-
উত্তৰে যদি খহায় অদেখা নদীৰ গৰা
প্ৰশ্নবোৰ প্ৰশ্ন হৈ থকাই শ্ৰেয়
____________
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments