বেতালৰ সাঙী

লেখক- মানসী গোঁহাই

চানুৱে পঢ়িছে নে ৰঙীন ফটোবোৰ জুমিছে ধৰিব নোৱাৰি। কোনোবাই পুতেক-জীয়েকলৈ কিনি অনা চল্লিছ টকা দৰৰ কিতাপখনৰ খালী ঠাইবোৰত ৰং কৰাৰ পাছত পেলাই থৈছিল। সি বুটলি ল’লে। দেখি মধুবন্তীৰ হাঁ‌হি উঠিল। শিয়াল চালাক ই। এনে মাষ্টৰৰ শান্ত পুতেকটো! তাওখন চা তাৰ। ওচৰ পাই কিতাপখনলৈ তাৰ মূৰটো হেঁ‌চা মাৰি কয়,
:বেছি নপঢ়িবি বোপাই, তয়ো যদি ডাঙৰ মানুহ হ’ কোনে ধনীসোপাৰ লেদেনা উকটিব হা? থ’ থ’ কিতাপ থ’। সৈ উকিলৰ পুতেকটো যাবলৈ ওলাইছে। তাৰ বেডমিণ্টন বেগটো ধৰগে যা। পকি পেলপেলীয়া হোৱা কলকেইটা বকছিছ দিব, নহ’লে সিহঁতৰ কুকুৰলৈ থোৱা সেমেকা বিস্কুট।
চানুৱে কিতাপখন জেগাতে পেলালে। তাইলৈ ঘোপাকৈ চাই উঠি থিয় হয়,
:বিপুল নাহে আৰু তোৰ ওচৰলৈ। তোক মই নিম।
বিপুলে বেলেগ এজনী অনা কথাটো এই ওঁ‌ঠ চেপিলে গাখীৰ ওলোৱা চানুৱেও জানে। সেই লৈ তাইক শেলিব পাৰি, সেইষাৰো জানে। মধুবন্তী শেল নাখালে, হাঁ‌হিহে উঠিল। ঠিকেই ফুটিছে বেটাই। কলিজা বাৰে বাৰে ভঙা টুটা কৰ, নহ’লে শিল-পাথৰে গঢ়। এই ভাঙিছে, এই গঢ়িছোঁ খেলা কৰিবলৈ টকা লাগিব, নহ’লে আৰু এই ঝালিম দুনীয়াত শিলৰ কলিজাবোৰেহে টেনছন ফ্ৰী হৈ থাকিবলৈ পাৰে।
এখন হাতেৰে হাফপেণ্টটোৰ কঁ‌কালত ধৰি থিয় হৈ থকা চানুক বেঁ‌কা হাঁ‌হি এটা মাৰি ক’লে,
:মাৰক মোলৈ নতুন কাপোৰ কিনিবলৈ ক’বি। এনেই যাব নাই তোৰ লগত। কাপোৰ, গহনা ধেৰ লাগিব।
মধুবন্তীৰ কাম ভাল, হাতখনো ভাল। মুখখন তাতোকৈয়ো ভাল। কৰতীয়া। কাকো নেচাই চলাবলৈ পালে। তাই জনা কথাও ধেৰ। আগতে মুম্বাইত কাম কৰিছিল। তাত কাম কৰা বাইৰ এজেঞ্চি থাকে। দৰমহা-পাতি, সা-সুবিধা ইয়াৰ লগত তুলনাই নহয়। তাত পাইছিল তাই এজনী আমেৰিকালৈ যোৱা। আমেৰিকাত বোলে ইয়াৰ পৰা যোৱা ধনীসোপাৰ তিয়নি, ফটাকানি ধোৱা মানুহ টকা দিলেও পাবলৈ মুস্কিল। পালেও সিহঁতৰ নিচিনা গেবাৰি খটুৱাব নোৱাৰে। কামৰ মিনিটে মিনিটে টকা দিব লাগিব। সিহঁতৰ আগত বৰ মানুহৰ চখ ফালিবও নোৱাৰে। আয়াবোৰেও কেঁ‌চুৱাক ৰখেহে। অন্যবোৰ নকৰে। বিলাতী নাতিয়েকৰ ডায়পাৰ কোনে সলাই, কোনে পিন্ধাই এতিয়া? দেশৰ ধনী ককাকে একেবাৰে দেশী কাম কৰা মাইকী বিদেশলৈ পঠিয়ালে। তালৈ যাবলে ইণ্টাৰভিউ দিহে টিকেট পায়। তাইৰ পঢ়া-শুনা নাই কৰে কি? সিহঁতৰ ঘৰৰে বোৱাৰী সজালে। মানুহটো বিয়া পাতিয়ে মৰিলে। ভায়েক, ভাই-বোৱাৰীয়েকে মাতিছে। তাই লগত থাকিবলৈ যায়। তাত থকা মানুহে মাতিলে যাবলৈ উজু। তথাপি প্লেইনৰ টিকেটৰ যি দাম শুনিলে তহঁত পাগল হ’বি। মধুবন্তীৰ এইবোৰ কথা শুনিবলৈকে ধেৰ লগ হয়।
মধুবন্তীৰ কথাবোৰো সাংঘাতিক। ভয়-ভীত নাই। যি টি কৈ দিব পাৰে। বিএছএনএলৰ অফিচাৰটোৰ বোৱাৰীয়েকৰ এসপ্তাহৰ অন্তৰ্বাস ধুই এবাল্টি কৰি এহাতে, ফেৰেকা কোঁ‌চত নিজৰ দুবছৰীয়াটো লৈ এজনীয়ে কেকোজেকোকৈ লিফ্টত সোমাব লাগে, কলেজ যোৱা এজনীয়ে তাইক প্ৰায় গতা মৰাদি গৈ সোমাই ল’লে। তাই নোৱাৰিলে। আচলতে নিদিলে লিফ্টত সোমাই থকা গালে। সেয়া আৰু সিহঁতক কোনোবাই বঢ়াই ক’ব লাগিছেনে? সিহঁতে কৰি নিদিলে নাখাই মৰিব, ঘৰ বাঁ‌হতল হ’ব, কাপোৰ ধুই নিদিলে উলংগ হৈ থাকিব, কিন্তু একেটা লিফ্টেৰে গ’লে নাকবোৰ চুটি হয় এই মানুহমখাৰ। সেইজনীয়ে তাৰপাছত ল’ৰাই, বাল্টিৰে চিৰি বগাই ছাতত অফিচাৰৰ লেধেমা বোৱাৰীয়েকৰ কাপোৰ মেলিলে। দেখাই মধুবন্তীক শুনালে। মধুবন্তীয়ে তাইৰ বচন বুলিলে গোটেইমখাকে উদ্দেশ্যি। কিন্তু তাইৰ বচনৰ কোবত অফিচাৰৰ বোৱাৰীয়েকে তাইক দেখিলেই পলাই ফুৰা হ’ল। ৰাতিপুৱা ফিল্ডত দৌৰাও দেখা গ’ল। স্বাস্থ্য সচেতন হ’ল কিজানি অফিচাৰৰ ধোদৰপচলা বোৱাৰীয়েকজনী। মধুবন্তীয়ে দেখিছে নহয় সেইপাতে বেলকনিত বহি চাহৰ বিলাস কৰা, কাপ প্লেট কাম কৰাজনীয়ে আনিব বুলি তাতেই এৰি অহা। এইসোপাই পাৰিলে টকা দি ‘ইবোৰ’ কামো কৰোৱালেহেঁতেন খাটাং। ব্ৰিটিছেই হওক বা দেশত শতিকাৰ মূৰত জন্মা ভাল মানুহকেইটাই নীতি-নিয়ম বুলি কিবা এখিনি বনাই থৈ গ’ল বুলিহে। মধুবন্তীয়ে জানে এইবোৰ কথা। আগতে মৰা মতাৰ লগত ঘৈণীয়েককো জ্বলাই পেলোৱা কাহিনী কেতিয়াবা কয়। মানুহকো বলি দিছিল।
:ৰক্ষা, আজিকালি জন্তুক দিয়ে।
পাপ প্ৰায়শ্চিত্ত কৰিবলৈ জন্তু বলি দিয়া বুলি এচামে বেয়া পায়। বলি দিয়া চামে উভতি ধৰে- খাবলৈ পাৰে বকাসুৰৰ দৰে, কিন্তু ভগৱানৰ নামত এটা বলি দিলে সিহঁতৰ গা পোৰে।
:মানুহক বলি দিয়া উঠাই দিয়াৰ বাবে পেটেপেটে সিহঁতে বেয়াই পাই কিজানি? সেই মানুহবোৰে নিয়ম উঠাইছিলেই যদি একেবাৰে উঠাব লাগিছিল। কেতিয়াবা সুবিধা পালে সৰু মানুহ বুলি আমাকো যদি উঠাই দিয়ে।
:নিজে ভালদৰে থাকিবি। এইবোৰ কথাত বাম উকীল নহ’বিগে। তহঁতে কাহিনী শুন।
মধুবন্তীয়ে ধমক দি সেইটোৰ প্ৰশ্নৰ মুখনি মাৰে।
মধুবন্তীয়ে সেইদিনা অইন কাহিনী শুনোৱা নাছিল। শাৰদীয় আগমনি তেতিয়া। তাই কৈছিল,
:বুইছ’ আচলতে দহখন হাত আমাকহে লাগে। দুৰ্গাদেৱীৰ কাম হৈ গ’ল। এতিয়া আমাক লাগে। বোলে এইখন হাতে ঝাৰু দিম, এইখনে মাষ্টৰৰ জাঙিয়া ধুম, এইখনে বুঢ়ীৰ কাপোৰ বেলেগে ধুম, এইখনে জীয়েক, পুতেক, বোৱাৰীয়েকৰ কাপোৰ বেলেগে ধুম, এইখনে ৰ’দত কাপোৰ মেলিম, এইখনে জাপিম, এইখনে ভাত বনাম সিহঁতলৈ, এইখনে কাঁ‌হি বাতি ধুম, এইখনে ঘৰ চফা কৰিম, এইখনে সিহঁতে দিয়া টকা ল’ম আৰু যদি হাত বাকী থাকে নিজলৈ এখন থ’ম।
অ’, আৰু এখন সিহঁতৰ গোসাঁই ঘৰ শুদ্ধি কৰিবলৈ লাগিব নহয়। ঘটি লোটা, চাকি, ধূপদানি ধুই দিম। সিহঁত আহিব, চাকিত তেল শলিতা লগাব। ফচকৈ জুইশলা মাৰি চাকি জ্বলাব। ভগৱানক কিবা বিচাৰিব আৰু পাই যাব।
কি চাবি সিহঁতৰ নিয়ম! মেছিনত দিয়া, নিদিয়া কাপোৰ ভাগ ভাগ। মেছিনত বাবা থাকে যে সেইকাৰণে তলৰ কাপোৰ আৰু মাইকীৰ যা তা কাপোৰ দিব নোৱাৰি। আকৌ পাকঘৰ, বাথৰুমত সোমাই গোসাঁই ঘৰৰ কাম নকৰিবি। কোনবোৰ কাঁ‌হি-বাতি ক’ত লগাম, কাক কোনবিধত খাব দিব সেইবোৰো ধেৰ হিচাপ। মই স্কুলত যোৱা হ’লেও ইমান মাথা মাৰিব লগা নহ’লহেঁতেন। সৰুতে স্কুল যোৱাই ভাল আছিল। বিপুলে ঠগিলে মোক…।
তহঁতৰে ভাল সেইভাগ কৰিবলৈ নাপাৱ। ময়ো তহঁতৰ নিচিনা হোৱা হ’লেই ভাল আছিল। পিছে মোৰ উপাধিটো একদম সিহঁতে খোৱা, পিন্ধা দামী দামী বস্তুৰ নিচিনা-ব্ৰেণ্ডেড। অন্ততঃ এখন হাত নিজলৈ হোৱাহেঁতেন সেইখন হাত নিজলৈ থৈ বাকীকেইখনে সব কাম কৰি টকা ঘটিলোঁহেঁতেন। ধেৰ টকা…। মানুহৰ জীৱনত টকাই মেইন বস্তু।
দুৰ্গাদেৱীৰ এখন হ’লেও হাত ফ্ৰী আছিল নাই বাৰু? নে দহখনতে যুদ্ধ অস্ত্ৰ ওলমাই দিছিল দেৱতাই? মোৰ নিচিনাই নেকি? নিজৰ বুলিবলৈ নাই।
কথাষাৰ কৈ খুব ৰস পোৱাৰ দৰে মধুবন্তীয়ে হাঁ‌হিছিল। তাইৰ পৰা কাহিনী শুনিবলৈ অহাকেইজনী তাপ মাৰিছিল
:মা দুৰ্গাৰ কথা এনেকৈ কৈছে, এইজনী সঁ‌চাই অজাত দেই!
:মোৰ আক’ জন্ম ওপৰ মানুহৰ ঘৰত, গতিকে তেজখিনিও অলপ ওপৰৰ। সেইকাৰণে মোৰ দাম তহঁততকৈ বেছি। মই চুই দিলেই সব ঠিক হৈ যায়। সিহঁতৰ পাকঘৰৰ চুলা, গোসাঁইঘৰৰ ফালে যেনেকৈ তহঁতে যাব নোৱাৰ, মই কিন্তু পাৰোঁ। সবতে যাব পাৰোঁ। সিহঁতৰ যিখন সোণৰ পালেং তহঁতে চুবও নোৱাৰ মই সেইখনৰ তলৰ পৰা সিহঁতে মজা লোৱা কনডম বুটলি ডাষ্টবিনত পেলাব পাৰোঁ। মোৰ ব্ৰেণ্ডেড কাম।
-মধুবন্তীয়ে যোগ দিছিল বেঁ‌কা হাঁ‌হি মাৰি।
মধুবন্তীৰ দাম বেছি এই অঞ্চলত, এই ওখ ওখ ঘৰৰ জনজীৱনত। কি মেৰপাকত পৰি তাইৰ দৰে এজনী এনে কামকৰা মানুহ হ’ল জানিবলৈ দুই একে আগ্ৰহ কৰিলেও বিষয়টোত তাইৰ কামৰ দৰে দাম নাই। কিবা এক স্বস্তিয়ে মানুহবোৰৰ আগ্ৰহক দবাই ৰাখে। তাইৰ হাতত গোটেই ঘৰটো গতাব পাৰি। নিলামত উঠাৰ দৰে কথা। তাইৰ কাহিনী শুনা দুই একে তাইৰ অনুপস্থিতিত আলচ নকৰাও নহয়-তাই যে বৰ ব্ৰেণ্ড ফালে, মালিকৰ ঘৰৰ সব কাম কৰিব পাৰে বুলি সেয়া মিছাও হ’ব পাৰে। তাইৰ ঘৰ-পৰিয়ালৰ কথা কেতিয়াবা কয় জানো? টকাৰ লোভত মিছা মাতিবও পাৰে মধুবন্তীয়ে।
কিন্তু তাই মন্ত্ৰ চন্ত্ৰও মাতিব জানে। নীতি-নিয়মো জানে গোসাঁইৰ ঘৰৰ। অফিচাৰনী বুঢ়ীৰ এবাৰ লক্ষ্মীপূজাত গা বেয়া হওঁতে তায়ো লক্ষ্মী চালিচা গাই পূজা-পাঠ কৰিছিল।
:এতিয়া ক’ মধুবন্তী মিছলীয়া, দুই নম্বৰী বুলি।
আঙুলি টোঁৱাব পৰাকৈ কথা নাথাকে বাবে তাইৰ অনুপস্থিতিত হোৱা কথাবোৰ তাইৰ কাণত নপৰেগৈ। সেয়ে মধুবন্তীৰ বিন্দাছ জীৱন। মধুবন্তীক লগৰ আটাইবোৰে সমীহ কৰে। আনকি মতাবোৰেও তাইৰপৰা উপদেশ লয়। ল’ৰা পোৱালি এগাল এগাল জন্ম দিলেই নহ’ব, অইন নহ’লেও সিহঁতৰ নামত ডাকঘৰত খাতা একোখনকৈ খুলিবলৈ সিহঁতক তাই গাই-বাই থাকে। মধুবন্তীক কোনেও বেয়াকৈ ক’ব নোৱাৰে। কলেজত পঢ়োৱা নতুনকৈ বিয়া হোৱা মানুহজনীয়ে খোজেৰে কলেজলৈ পাঁ‌চমিনিটৰ বাট পোন্ধৰ মিনিট যায়। এজনীক ৰাখিছে তাইৰ বেগ ধৰিবলৈ। এহাততকৈ বহল ফোনটো এখনত, আনখনত বগাত ফুল কৰা ৰুমাল এখন লৈ খোজত পৰুৱা নমৰা গতিৰে কলেজত ল’ৰা ছোৱালীক বুৰঞ্জী পঢ়াবলৈ যায়। তাইৰ পানী বটল, কলম, কিতাপ, শুকান ফল থকা বেগটো লগত ৰখাজনীয়ে লৈ যায়। তাইক চকীত আৰামদায়কভাৱে বহুৱাই সেইজনী উভতি ঘৰৰ কামত লাগেহি। আকৌ ছুটীৰ সময়ত মাতি পঠিয়ায়। সেইজনী কাম এৰি দৌৰে কলেজৰপৰা মেমচাহাবক আনিবলৈ। মধুবন্তীয়ে খুব ৰসপায়। চিত্ৰাই কয়, তাইৰ পুতেক চতুৰ্থ শ্ৰেণী পাবৰ হ’ল। ৰে’লৱে প্ৰাথমিক স্কুলত নাম লগোৱা দিনাই যি তাই গৈছিল, তাৰপাছৰেপৰা সি নিজে যায় নিজে আহে। মাষ্টৰণীক কলেজলৈ অনানিয়া কৰি তাই ভালেই পায়। পুতেকক নিব নোৱাৰা আদৰ মাষ্টৰণীকে দিয়ে। মাষ্টৰণীয়ে বিনিময়ত মাহৰ মূৰত শকত দৰমহা দিয়ে। মধুবন্তীয়ে চিত্ৰাৰ কথাত ঘেটঘেটাই হাঁহে। হয় দে, পিলপিলকৈ যিমানখনহে মানুহ দেশখনত, কোনোবাই কিবা কৰিতো খাব লাগিব। সেইগালৰ চখবোৰৰ কাৰণে আমাৰ পেট ভৰিছে যদি কিহৰ কিটো আপত্তি।
শাৰীৰ কোঁ‌চত, চাদৰৰ ভাঁ‌জত বা চুৰিদাৰৰ চূৰ্ণীৰ লহৰত মধুবন্তীৰ যৌৱন এতিয়াও আছে। তথাপি অভিজ্ঞতা এনে পৰ্বতপম যে যেয়ে তেয়ে ঢিলাই ল’ব নোৱাৰে। পঢ়া-শুনা কৰা হ’লে তাই সাংঘাতিক কিবা হ’লহেঁতেন, সেয়া ব্যৱসায়ী, মাষ্টৰ, উকীল, অফিচাৰ, কেৰাণি আদি ঘৰৰ আটায়ে স্বীকাৰ কৰে। হিচাপত পকা তাই। টকাও বহুত কিজানি তাইৰ-বহুতে অনুমান কৰে। তথাপি কেইবাঘৰত কাম কৰে।
মধুবন্তী অকলে। চানুৰ লগত চুপতি মাৰি কামত ধৰিছে। মালিক-মালিকনী গাঁ‌ৱৰ ঘৰলৈ গৈছে বেমাৰী বুঢ়ীমাকক আনিবলৈ। বুঢ়ীৰ বাবে তাইক ষ্ট’ৰ ৰুমটো আজৰাবলৈ নিৰ্দেশ দি গৈছে। এইঘৰত তাই মুখেৰে নচলিলেও হয়। মালিকহাল আনৰ কাৰণে ভালেই। খালি সিহঁতৰ নিজৰ মাজত ধেৰ কাজিয়া। দুইটাই দূৰ্বাদল লাগিয়েই থাকে। প্ৰথম আহোঁতেই সিহঁতৰ কাজিয়াত আমনি পাই কাণত গান শুনাডাল অনবৰতে পিন্ধি কামবোৰ কৰিছিল। সেয়াই এদিন কাল হ’বলৈ লৈছিল। তাইৰ পিছফালে সিহঁতৰ পুতেকটোৱে উতনুৱা যৌৱনৰ উদ্গীৰণ ঘটোৱাৰ অপচেষ্টা কৰাৰ উমান পাই ভৰি দাঙি, ঝাৰু ওভতাই আন কোনোকে সেইফেৰা কাম কৰাৰ আগত হাজাৰবাৰ ভবাকৈ মৰিয়াইছিল।
মধুবন্তীৰ উপাৰ্জনৰ পথ কোনো বাধাই বন্ধ কৰিব নোৱাৰে। সেইবাৰো পৰা নাছিল। বাধা তাই নিজে ওফৰাই লয়।
মধুবন্তী চিৰিৰ পৰা বাগৰি পৰিল। পৰিল মানে একেবাৰেই পৰিল। দুখন চিৰি বাগৰি একেবাৰে তলত। প্ৰাণ বায়ু জেগাতে নাই। পৰা মানুহজনী পৰি থাকিল তেজ এডোঙাৰ মাজত। মুখ ঢাকি মানুহবোৰে চালে। কোনোবাই পুলিচত খবৰ দিলে। পুলিচে আহি নিজৰ কাম কৰিলে। কেওকিছু নোহোৱা মানুহ, মৃতদেহ চমজি লোৱা কোনো নোলাল। তাতে ‘লাফৰা’ত কোনে ফঁচে? কাৰোবাৰ সময় নাই, কাৰোবাৰ ধন নাই। তেজৰটো কাৰোৰে নহয় যে সময় আৰু ধনক পৰোৱা নকৰিব।
মধুবন্তীৰপৰা কাহিনী শুনাবোৰ আকৌ গোট খাইছে। এইকেইদিন কেৱল মধুবন্তীৰ কথাই। তাইৰ কোঠাটোৰ প্ৰতিটো বস্তুতে কোনোমতে সম্বৰণ কৰা পিটপিট চকুবোৰ। তাইৰ খুবেই ভাল লগৰ কেইজনীয়ে পাতে তাইৰ লাচটো এতিয়া কি হ’ব, কোনে জ্বলাব? নীতি-নিয়ম নকৰিলে ভূত হৈ সিহঁতকে ভয় নুখুৱাইতো? তাতে তাই ওপৰৰ মানুহ আছিল। কিবা নীতি-নিয়ম কৰা হ’লে ভাল আছিল।
:যা, তই কৰগৈ। বডীটো পুলিচৰ পৰা খুজি আনিবি।
বা-বাতৰি ৰখা এটাই কয়হি এনেকুৱা বডীবোৰ কেতিয়াবা মেডিকেলতে থৈ দিয়ে। ডাক্টৰবোৰৰ লাগে।
:তাৰমানে তাইক নজ্বলায়?
:মই কি জানো?
মানুহবোৰে তাপ মাৰে।
আকৌ খবৰ আনিলে, এনেকুৱা কামবোৰ ডাঙৰ মানুহেও কৰে অংগদান বুলি। ভাল কাম।
:তাই নিজে তেনেকুৱা কৰিব বিচাৰিছিল জানো?
:তই আনগে যা, নীতি-নিয়ম কৰি জ্বলাই দে। পিণ্ড দিবি, সকাম পাতিবি। আমি চানা মগু খাম।
মধুবন্তী অলপ অহংকাৰীও আছিল। ভাল কামত তাইৰ লাচটো লাগিছে, কি নো বেয়া কথাটো হ’ল। তাইৰ ইজ্জৎ থাকিল। লগৰকেইজনীয়ে হুমুনিয়াহ পাৰে।
শিক্ষাও লয়, চিৰিত বগাওঁতে সাৱধান হ’বলৈ। পাৰিলে বুলিয়ে কেইবাঘৰৰ কাম লৈ মৰাৰ দৰকাৰ নাই। নহ’লে পৰি বাগৰি মধুবন্তীৰ নিচিনা মৰিলেহে হ’ব।
ইয়াৰ পাছত মানুহবোৰ সাৱধান হ’ল নিজ নিজ ভাগে। কিছু ক্ষেত্ৰত থাকি গ’ল সাৱধান হ’বলৈ, কাৰণ মধুবন্তী ইয়াত আৰু নাই যিয়ে লম্পটৰ দুভৰিৰ মাজত গোৰ সুধাই ত্ৰিভুৱন দেখুওৱা কাহিনী ক’ব। সাপে নেগুৰত পৰা কোবৰ প্ৰতিশোধ এদিন চিৰিত গতা মাৰি ল’ব বুলি সজাগ কৰিবলৈ মধুবন্তী ঘূৰি নাহে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!