বেসুৰা গীত
লেখক- মীনাক্ষি বুঢ়াগোহাঁই
অনৱৰতে উদ্বিগ্ন হৈ থকা এজনী মানুহ।
কি হ’ব এতিয়া? কি হ’ব? কি হ’ব?
এটা সময়ত মাকে বুজাইছিল, “একো নহয়, মাজনী।” কেইবছৰমান আগলৈকে মানুহজনীৰ গৃহস্থই বুজাইছিল, “হেৰা, একো নহয়।” আৰু এতিয়া তেওঁৰ একমাত্ৰ পুত্ৰই কয়, “কিনো চিন্তা কৰি থাকা মা? কি হ’ব নো! একো নহয়।”
সকলোৰে তেওঁৰ ওপৰত খং উঠিছিল। ল’ৰাই মাজে মাজে গালি পাৰি কৈছিল, “পাগলী হৈছা নেকি?”
কিন্তু তেওঁক পাগলী বুলি কোনেও ভবা নাছিল। গতিকে কোনো চিকিৎসকৰ ওচৰলৈ তেওঁক লৈ যোৱাৰ কথা কোনেও ভবা নাছিল। অৱশ্যে তেওঁৰ বিয়াৰ আগতে তেওঁলোকৰ ঘৰলৈ ভিক্ষা খুজিবলৈ অহা এজন সন্ন্যাসীয়ে তেওঁৰ মুখলৈ বহুসময় চাই মাকক উদ্দেশ্যি কৈছিল, “আপোনাৰ ছোৱালীৰ কেমুদ্ৰুম মানে দাৰিদ্ৰ্য যোগ আছে। কুণ্ডলীত চন্দ্ৰ অকলশৰে থাকিলে অৰ্থাৎ আন কোনো গ্ৰহ ওচৰে-পাজৰে নাথাকিলে এই যোগৰ সৃষ্টি হয়। এই অশুভ যোগৰ বাবে মানুহৰ মানসিক অশান্তি, মানসিক ৰোগ হয়। অহেতুক ভয়, অনিদ্ৰা, দুশ্চিন্তাত ভোগে।”
সন্ন্যাসীৰ হিন্দী বহু কষ্টেৰে বুজিবলৈ চেষ্টা কৰা মাকৰ ওচৰত সেইসময়ত দেউতাক আহি ওলাইছিল। সন্ন্যাসীয়ে প্ৰতিকাৰৰ কথা ক’বলৈ নৌ পাওঁতেই দেউতাকে সন্ন্যাসীৰ প্ৰতি চোঁচা লৈছিল। সেই কথাটোৰ বাবে মাকে মৰাৰ দিনলৈকে আফচোচ কৰিছিল। সন্ন্যাসীক বিশ্বাস নকৰা দেউতাকে কিন্তু জীয়েকে যে কিবা এটা মানসিক ৰোগত ভুগিছে, সেইকথা অনুমান কৰিব পৰা নাছিল। এদিন কিন্তু মোমায়েকে তাইৰ দুশ্চিন্তাত থকা স্বভাৱ আৰু সন্ন্যাসীয়ে কৈ যোৱা কথাৰ প্ৰসংগত কৈছিল, “বুজিছে, ভিনদেউ, এই সাধু-সন্ন্যাসীবোৰ কিন্তু একো একোজন মানসিক ৰোগ বিশেষজ্ঞৰ নিচিনা। সিহঁতে কাৰ ক’ত দুৰ্বলতা আছে, সেয়া বুজি পাই, সেইমতে কাউন্সেলিঙো কৰে।”
দেউতাকে খুলশালিয়েকৰ কথাত কোনো গুৰুত্ব দিয়া নাছিল। এনেয়ো তেওঁ ঘৈণীয়েক আৰু ঘৈণীয়েকৰ ঘৰৰ মানুহবোৰৰ কথা গুৰুত্বসহকাৰে ল’ব পৰা কথা বুলি নাভাবে। সেইদৰে তেওঁৰ আৰু তেওঁৰ মাকৰ ঘৰৰ মানুহৰ কথা গুৰুত্ব দিবলগীয়া কথা বুলি তেওঁৰ গৃহস্থয়ো ভবা নাছিল।
আজি দুদিনৰ বাবে পুতেক ৰূপম অফিচিয়েল কাম লৈ অসমৰ এখন প্ৰত্যন্ত গাঁৱলৈ গৈছে। আগতেও যায়। সেইকেইটা দিন মানুহজনীয়ে ধৰফৰাই ধৰফৰাই ঘৰৰ এবাৰ আগচোতাল এবাৰ পিছচোতাল কৰি থাকে। ৰাতি ৰাতি ঘনাই উঠে। তেওঁক ধমকি দি শুৱাই থ’বলৈ ওচৰত এতিয়া গৃহস্থও নাই। অনৱৰতে দুশ্চিন্তাত থকা মানুহজনীক আৰু দুশ্চিন্তাত পেলাই তেওঁ দুবছৰৰ আগতেই সিপুৰীলৈ গ’ল। গৃহস্থৰ মৃত্যুৰ পাছৰেপৰা তেওঁৰ অনৱৰতে ধৰফৰাই থকা স্বভাৱটো বাঢ়ি গৈছে।
তেওঁ আনদিনাতকৈয়ো আজি শুবলৈ দেৰিকৈ গৈছে। অৱশ্যে আনদিনাও যে সোনকালে বিছনালৈ যায়, তেনে নহয়। পাকঘৰ সামৰোতে তেওঁৰ দেৰি হয়। সকলো কামতে তেওঁৰ দেৰি হয়। কিবা এটা কৰিবলৈ লৈ তেওঁ বহুসময় ভাবি-চিন্তি থাকে। যাৰ বাবে বোৱাৰী হৈ নতুনকৈ আহোঁতে শাহুৱেকৰপৰা কটু বাক্য শুনিবলৈ পাইছিল। তাৰপাছত গৃহস্থৰপৰা। গৃহস্থই সদায়ে কৈছিল, “সদায়ে কৰি থকা কামকেইটা কৰিবলৈ কিয় ইমান ভাবিব লাগে? আমাৰ দেখোন হাত দুখনে সদায় কৰা কামটো নিজে নিজেই কৰে। তোমাৰহে— ।”
মাক দেৰিকৈ শুব বুলি জানিয়ে ৰূপমে এঘাৰ বজাত ফোন কৰি জনাই দিছে যে, সি এতিয়া শুব। তাৰ ভাগৰ লাগিছে। গতিকে মাকে যাতে ৰাতি ফোন কৰি তাৰ টোপনি নাভাঙে।
পুতেকে ফোন থোৱাৰ পাছত তেওঁ তালৈ আকৌ এবাৰ ফোন কৰিলে। গেঙেৰি মাৰি পুতেকে সুধিলে, “আকৌ কি হ’ল?” মাকৰ উত্তৰ ভালকৈ নুশুনাকৈয়ে সি ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলে আৰু ফোনৰ চুইছ অফ কৰি দিলে।
দুদিনৰ পাছত ঘৰলৈ আহি ৰূপম অবাক হৈ পৰিল। যোৱা দুদিনত মাকৰপৰা ফোন নাপাই সি শান্তিৰে কাম কৰিব পাৰিছিল। মাকৰপৰা ফোন নহা কথাটো লৈ সি একেবাৰে উদ্বিগ্ন হোৱা নাছিল। তাৰ নিজৰফালৰপৰাও মাকলৈ ফোন কৰিবলৈ তাৰ মন যোৱা নাছিল। সিহঁতৰ ঘৰত কোনো কাম কৰা মানুহ নাই। আচলতে মাকৰ বাবে আনকি পাৰ্টটাইম বাই এজনীও সিহঁতৰ ঘৰত তিষ্ঠি থাকিব নোৱাৰে। গতিকে দুৱাৰমুখত কলিং বে’ল বজাই সি মাকে দুৱাৰ খুলিবলৈ অপেক্ষা কৰিলে।
এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ— ।
তাৰপাছত সি পিছফাললৈ আহিল। পিছফালৰ দুৱাৰো ভিতৰফালৰপৰা বন্ধ। তাৰপাছত ঘন ঘনকৈ কিমানবাৰ বে’লটো বজালে সি হিচাপ কৰিব নোৱাৰিলে। তাৰপাছত সি দুৱাৰত ঢকিয়াই মা মাকৈ চিঞৰিলে। মাকলৈ ফোন কৰিলে।ফোনৰ শব্দ ভিতৰৰপৰা ভাহি আহিল।
এজন দুজনকৈ চুবুৰীয়া গোট খালে। সকলোৱে একেমুখে দুৱাৰ ভঙাৰ কথাই ক’লে।
ভিতৰ সোমাই সকলো হতবাক হৈ পৰিল। বিছনাৰ কাষত আউল-বাউল চুলিৰে, ভয়াৰ্ত দৃষ্টিৰে দেৱাললৈ চাই থকা মাকক দেখি প্ৰথমবাৰৰ বাবে ৰূপমে উপলব্ধি কৰিলে, তাৰ মাক সঁচাকৈয়ে মানসিক ৰোগী।
ততাতৈয়াকৈ দুই-এজন চুবুৰীয়াৰ সহায়ত ৰূপমে মাকক লৈ চিকিৎসালয় পালেগৈ। সমগ্ৰ পথছোৱা সি অনুশোচনাত দগ্ধ হ’ল। তাৰ দেউতাকৰ প্ৰতিও ক্ষোভ উপজিল। দেউতাকে মাকক এবাৰো কোনো চিকিৎসকৰ ওচৰলৈ নিয়াৰ কথা ভাবিব পৰা নাছিল নে!
চিকিৎসালয়ৰ ইমাৰ্জেন্সি বিভাগৰ কৰ্তব্যৰত চিকিৎসকক সি মনোৰোগ বিভাগতে মাকক ভৰ্তি কৰাৰ ইচ্ছা ব্যক্ত কৰিলে। মনোৰোগ বিভাগত মাকক ভৰ্তি কৰি চিকিৎসকজনে কেচ হিষ্ট্ৰি লৈ থাকোঁতে তাৰ বুকুৰ ভিতৰত মাজে মাজে শোকে খুন্দা মাৰি ধৰিলে। চকুপানীখিনি সি কোনোমতেহে সম্বৰণ কৰিলে। চিকিৎসকে অলপো খং প্ৰকাশ নকৰাকৈ ক’লে, “তেখেতৰ চিকিৎসা বহুত আগতেই কৰিব লাগিছিল। এতিয়া একেবাৰে চূড়ান্ত পৰ্য্যায় পাইছেগৈ।”
“তেওঁৰ বেমাৰটো আচলতে কি ছাৰ?” থোকাথুকি মাতেৰ ৰূপমে সুধিলে।
“জেনেৰেলাইজড এংজাইটি ডিছঅৰ্ডাৰ।” উত্তৰটো দিয়েই খৰখোজেৰে কোঠাৰপৰা ওলাই ৰোগীৰ কেবিনৰ দিশে তৰুণ চিকিৎসকজন আগবাঢ়ি গ’ল।