বৈচিত্ৰ্যময় অৰ্কিডৰ মনোমোহা কথা আৰু বাণিজ্যিকীকৰণৰ সম্ভাৱনীয়তা
লেখক- ড° বৰ্ণালী শৰ্মা
“অসমত তিনিবিধ চৰাইৰ নামেৰে তিনিবিধ ফুল আছে; নামকেইটা কি কি?” ৰঙিয়াৰ কোনো এখন বিহু বিষয়ক কুইজ প্ৰতিযোগিতাত সুধিছিল প্ৰশ্নটো। হাইস্কুলত পঢ়ি থকা সময়ৰ কথা। শুদ্ধ উত্তৰ দিব নোৱাৰিলোঁ। কপৌ আৰু কেতেকীৰ কথা জানিছিলোঁ যদিও তৃতীয়টো কি হ’ব ক’ব নোৱাৰিলোঁ। উত্তৰটো আছিল ভাটৌ। আমাৰ চুবুৰিৰ বহু গছ ব’হাগমাহত ভাটৌফুলেৰে ভৰি থাকিছিল যদিও তাক আমি একধৰণৰ কপৌফুল বুলিয়ে জানিছিলোঁ। বিজ্ঞানৰ ছাত্ৰী হৈ পাছলৈ বুজি পাইছিলোঁ যে ‘কপৌফুল’ বুলি আচলতে অসমত কপৌফুলৰ গোত্ৰ (Orchedaceae)ৰ সকলো ফুলকে সামৰি লয়। এই গোত্ৰৰ উদ্ভিদসমূহক অৰ্কিড বুলি কোৱা হয় যদিও অসমত সামগ্ৰিকভাৱে ইয়াৰ সমাৰ্থক হিচাপে কপৌফুল নামটো ব্যৱহৃত হৈ আহিছে।
নান্দনিক সৌন্দৰ্য্যৰে ভৰ-পূৰ অৰ্কিডসমূহ হ’ল প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টি। উৎকৃষ্ট ফুলৰ গঠন, আকৰ্ষণীয় ৰং আৰু সুগন্ধিৰে শতিকাজুৰি অৰ্কিডসমূহে মানুহক আকৰ্ষিত কৰি আহিছে। বহুতো ভেষজ গুণৰ অধিকাৰী হোৱা বাবে বিভিন্ন পৰম্পৰাগত তথা আয়ুৰ্বেদীয় ঔষধত বিভিন্ন অৰ্কিডৰ ব্যৱহাৰ হয়। চৰক সংহিতা তথা ৰামায়ণ আৰু মহাভাৰততো ইয়াৰ ব্যৱহাৰৰ উল্লেখ আছে। অৰ্কিডসমূহ অসমীয়া জনজীৱনৰ অবিচ্ছেদ্য অংগ। অৰ্কিডসমূহ অকল উদ্ভিদেই নহয়; ই হ’ল একধৰণৰ জীৱন্ত শিল্প-কৰ্ম। ইয়াৰ বৈচিত্ৰ্য, বিশ্বব্যাপী থকা জনপ্ৰিয়তা আৰু সংকৰণ ঘটাই উন্নত জাত প্ৰস্তুত কৰিব পৰা সম্ভাৱনীয়তাৰ বাবে অৰ্কিডৰ বাণিজ্যিকীকৰণৰ ভেটি শক্তিশালী। আন্তৰ্জাতিক অৰ্কিড বজাৰখনৰ মূল্য ২০২৩ চনত প্ৰায় ৭৫.৯ কোটি ডলাৰ, আৰু অনাগত ভৱিষ্যতত অধিক দ্ৰুতগতিত বঢ়াৰ সম্ভাৱনা আছে।
অৰ্কিডৰ গোত্ৰটো সপুষ্পক উদ্ভিদৰ অন্যতম বৃহৎ গোত্ৰ। শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈ প্ৰায় ৮৮০টা জাতি বা গণৰ অন্তৰ্গত প্ৰায় ২৬ হাজাৰ প্ৰজাতি বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা তথ্যভুক্ত কৰা হৈছে। ভাৰতত পোৱা প্ৰায় ১৩৫০টা প্ৰজাতিৰ ভিতৰত প্ৰায় ৯০০টা প্ৰজাতি উত্তৰ-পূৱ ভাৰতত পোৱা যায়। অসমত এতিয়ালৈ ৪১১টা প্ৰজাতিৰ অৰ্কিড পোৱা হৈছে। বিভিন্ন বনাঞ্চলত অৰ্কিডসমূহ পোৱা যায় যদিও বৰফাবৃত মেৰু অঞ্চল তথা মৰুভূমি অঞ্চল অৰ্কিডৰ বাসোপযোগী নহয়। ক্ৰান্তীয় অঞ্চলৰ জলবায়ু অৰ্কিডৰ বাবে সৰ্বোত্তম। এছিয়া মহাদেশৰ জলবায়ু অৰ্কিডৰ উপযোগী হোৱা বাবে ইয়াক অৰ্কিডৰ উৎপত্তিস্থল হিচাপে গণ্য কৰা হয়। ভাৰতৰ জৈৱ-বৈচিত্ৰ্যৰে ভৰ-পূৰ উত্তৰ-পূব ভাৰত, পশ্চিম-ঘাট অঞ্চল, হিমালয়ৰ পাদদেশ অঞ্চল আৰু দ্বীপসমূহ অৰ্কিডৰ মুখ্য আৱাসস্থল।
পৰিস্থিতি সাপেক্ষে খাপ খাব পৰা গুণৰ বাবে অৰ্কিডক উন্নত (advanced) উদ্ভিদ বুলি গণ্য কৰা হয়। অৰ্কিডসমূহ মূলতঃ পৰাশ্ৰয়ী (Epiphytic) উদ্ভিদ অৰ্থাৎ ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে যদিও আন ডাঙৰ গছত আশ্ৰয় লৈ থাকে। পানীৰ সলনি জলীয় বাষ্প শুহি ল’বলৈ ইহঁতৰ একধৰণৰ বায়বীয় মূল বা শিপা (Aerial root) থাকে। এই বায়ৱীয় মূলসমূহত থকা ভেলামেন নামৰ অংশটোৱে বায়ুৰপৰা জলীয় ভাপ শুহি লৈ গছজোপাক সহায় কৰে। আমাৰ চেনেহৰ কপৌফুল (foxtail orchid: Rhynchostylis retusa) তথা ভাটৌফুল (Papilionanthe teres or Vanda teres) এইধৰণৰ পৰাশ্ৰয়ী অৰ্কিড।
পৰাশ্ৰয়ী অৰ্কিডৰ বাহিৰেও বাসস্থানৰ ওপৰত ভিত্তি কৰি স্থলজ (Terrestrial), শৈলজ (Lithophytic) আৰু মৃতভোজী (Saprophytic) অৰ্কিড দেখা যায়। স্থলজ অৰ্কিডসমূহক Ground orchids বা মাটিত গজা অৰ্কিড বুলিও কয়। ইহঁতে শিপাৰ সহায়ত মাটিৰপৰা প্ৰয়োজনীয় পুষ্টি উপাদান আহৰণ কৰে আৰু পাতৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। বোৱাৰী কপৌ (Phaius tancarvilleae) একধৰণৰ মাটিত হোৱা অৰ্কিড।
শিলৰ ওপৰত জমা হোৱা মাটি বা পাত-পচা সাৰৰ পাতল আৱৰণটোত কেতিয়াবা কিছুমান অৰ্কিড গজি উঠা দেখা যায়। ইহঁতক শৈলজ অৰ্কিড বোলে। কিছুমান Dendrobium প্ৰজাতিৰ তথা Paphiopedilum প্ৰজাতিৰ শৈলজ অৰ্কিড দেখা যায়। কিছুমান অৰ্কিড আকৌ পচা বা মৃত উদ্ভিদৰ ওপৰত গজা দেখা যায়। ইহঁতক মৃতজীৱী অৰ্কিড বোলা হয়। Eulophia zollingeri, Galeola falconeri আদি মৃতজীৱী অৰ্কিডে পুষ্টিৰ বাবে মৃত উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা যায়।
অৰ্কিডসমূহ অসমীয়া জনজীৱনৰ অভিন্ন অংগ। অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ লগত কপৌফুলৰ সম্পৰ্ক সৰ্বজনবিদিত। নাচনীয়ে খোপাত গুঁজিবলৈ ব্যৱহাৰ কৰা কপৌফুলবিধ (Rhynchostylis retusa) অসমৰ জাতীয় ফুল। আনহাতে ই আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰো ৰাজ্যিক ফুল। উত্তৰ-পূব ভাৰতৰ আন তিনিখন ৰাজ্য মেঘালয়, মিজোৰাম আৰু চিকিমেও ৰাজ্যিক ফুল হিচাপে তিনিবিধ অৰ্কিড বাচি লৈছে। মেঘালয়ৰ ৰাজ্যিক ফুল Lady’s slipper অৰ্কিড (Paphiopedilum insigne), মিজোৰামৰ ৰেড ভাণ্ডা (Renanthera imschootiana) আৰু চিকিমৰ ৰাজ্যিক ফুল হিচাপে ডেনড্ৰ’বিয়াম ন’বাইল (Dendrobium nobile)ক স্বীকৃতি দিয়া হৈছে।
উত্তৰ-পূব ভাৰত জীৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ অঞ্চল হ’লেও অৰ্কিড সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা যায়। নগৰীকৰণৰ বাবে লোপ পোৱা বাসস্থান, অত্যধিক সংগ্ৰহ, অবৈধ ব্যৱসায় তথা প্ৰদূষণ আদিৰ বাবে দিনে দিনে অৰ্কিডৰ উপলব্ধতা কমি আহিছে। বিভিন্ন অৰ্কিডপ্ৰেমী তথা অৰ্কিডপ্ৰেমী সংগঠনে অৰ্কিড সংৰক্ষণৰ বাবে প্ৰচাৰ চলাই আহিছে।
১৬ এপ্ৰিলৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় অৰ্কিড দিৱস হিচাপে পালন কৰা হয়।
বাণিজ্যিক সম্ভাৱনা:
১) আলংকৰিক উদ্যানশস্য: ফুলৰ সৌন্দৰ্য্য তথা সজ্জাৰ বাবে অৰ্কিডসমূহ বিশ্বব্যাপী যথেষ্ট জনপ্ৰিয় আৰু চাহিদা অতি বেছি।
২) Cut-flower আৰু pot-flower উদ্যোগ: অৰ্কিডসমূহৰ ফুলবোৰ বহুদিনলৈ ভালে থাকে বাবে বিভিন্ন ফুলৰ সজ্জা বা টোৰা প্ৰস্তুতিত ইয়াক cut-flower হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে ঘৰৰ ভিতৰত ৰুব পৰা উদ্ভিদ হিচাপে ফেলানপচিছ (Phelenopsis) জাতীয় অৰ্কিডৰ গুৰুত্ব অপৰিসীম। বিভিন্ন অফিচ তথা ঘৰৰ ভিতৰত ৰাখিব পৰা উদ্ভিদ (potted flower) হিচাপে ইয়াৰ চাহিদাই সামগ্ৰিক অৰ্কিড বজাৰখনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।
৩) প্ৰসাধন আৰু সুগন্ধি উদ্যোগ: অৰ্কিডৰ নিৰ্য্যাস তথা সুগন্ধি বিভিন্ন প্ৰসাধন তথা সৌন্দৰ্য্য সামগ্ৰীৰ উৎপাদনত ব্যৱহৃত হয়। এই উদ্যোগসমূহ অৰ্কিড ব্যৱসায়ৰ অন্যতম ভাগীদাৰ।
৪) ভেষজ গুণসম্পন্ন অৰ্কিড: প্ৰাচীন কালৰ পৰাই বিভিন্ন ঔষধি গুণযুক্ত অৰ্কিড ভাৰতীয় তথা অন্য দেশৰ পাৰম্পৰিক চিকিৎসা পদ্ধতিত ব্যৱহৃত হৈ আহিছে। আয়ুৰ্বেদতো ইয়াৰ ব্যৱহাৰ দেখা যায়। এণ্টি-অক্সিডেণ্ট, প্ৰদাহৰোধক, নিদ্ৰাবৰ্ধক, ঘাঁ নিৰাময়ক, কাহ-চৰ্দি-টনছিলাইটিছনাশক, কোষ্ঠকাঠিন্যৰোধক, ৰক্তক্ষৰণৰোধক তথা যৌন-উত্তেজক হিচাপে এতিয়াও বিভিন্ন অৰ্কিডৰ চাহিদা দেখা যায়।
৫) পৰ্য্যটন আৰু নাৰ্চাৰী: অৰ্কিড নাৰ্চাৰীসমূহত থলুৱা প্ৰজাতিৰ বাহিৰেও হাইব্ৰিড বা সংকৰ প্ৰজাতি ৰাখি বিক্ৰী কৰাটো অতি লাভজনক ব্যৱসায়। বহুসময়ত অৰ্কিড সংৰক্ষণস্থলীসমূহ পৰ্য্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। কাজিৰঙা জৈৱ-বৈচিত্ৰ্য উদ্যানখন দেশ-বিদেশৰ পৰ্য্যটকৰ অন্যতম প্ৰিয় পৰ্য্যটনস্থলী।
৬) সংকৰণ আৰু প্ৰজনন:
সংকৰ বা হাইব্ৰিড প্ৰস্তুতি অৰ্কিড ব্যৱসায়ৰ এক গুৰুত্বপূৰ্ণ দিশ। ইয়াৰদ্বাৰা দীৰ্ঘম্যাদী, আকৰ্ষণীয় আৰু উন্নতমানৰ অৰ্কিডৰ জাত বা প্ৰকাৰ সৃষ্টি কৰা হয়। ই এক অতি সম্ভাৱনাপূৰ্ণ ব্যৱসায়।
৭) জীৱ-প্ৰযুক্তিবিদ্যা আৰু কলা-কৰ্ষণ:
অৰ্কিডৰ বাণিজ্যিকীকৰণত জীৱ-প্ৰযুক্তিবিদ্যা আৰু কলা-কৰ্ষণ পদ্ধতিৰ সহায়ত একে গুণগত মানৰ বহুসংখ্যক অৰ্কিড প্ৰস্তুত কৰিব পৰা হ’ল। নতুন প্ৰকাৰ সৃষ্টিৰ বাবে জিনীয় পৰিৱৰ্তনো কৰাও দেখা যায়।
৮) অৰ্কিড প্ৰদৰ্শনী আৰু পৰ্য্যটন:
অসম তথা উত্তৰ-পূৱ ভাৰত অৰ্কিড বৈচিত্ৰ্যৰে সমৃদ্ধ অঞ্চল। কাজিৰঙা জীৱ-বৈচিত্ৰ্য আৰু অৰ্কিড পাৰ্কত প্ৰায় ৬০০ প্ৰকাৰৰ অৰ্কিড সংৰক্ষিত হৈ কৰি ৰখা হৈছে। বৰ্তমান ই এক গুৰুত্বপূৰ্ণ পৰ্য্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। অৰ্কিডৰ প্ৰদৰ্শনী, বিপণি আদিয়ে অৰ্কিডৰ বাণিজ্যিক দিশত এক গুৰুত্বপূৰ্ণ মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা যায়।
কেইবিধমান বাণিজ্যিকীকৰণৰ সম্ভাৱনাপূৰ্ণ অৰ্কিড:
বিশ্বৰ সৰ্বাধিক বাণিজ্যিকীকৰণ হোৱা অৰ্কিডবিধ হ’ল ভেনিলা। খাদ্যত ব্যৱহৃত হোৱা ই অন্যতম জনপ্ৰিয় সুগন্ধি। ভেনিলাৰ বাহিৰেও Cymbidium, Vanda, Ascocentrum, Phalenopsis, Dendrobium, Oncidium আদি ব্যৱসায়ৰ প্ৰচুৰ সম্ভাৱনা থকা অৰ্কিড। অসমৰ জলবায়ু অৰ্কিড ব্যৱসায়ৰ বাবে প্ৰাকৃতিকভাৱে সহায়ক।
বিভিন্ন প্ৰত্যাহ্বান:
সংৰক্ষিত বনাঞ্চলসমূহৰ সংকোচন, নগৰীকৰণ তথা ৰাষ্ট্ৰীয় ঘাইপথসমূহ বহলোৱা প্ৰক্ৰিয়াত বিভিন্ন অৰ্কিডৰ আশ্ৰয় উদ্ভিদৰ মৃত্যুৰ লগে লগে তাত থকা অৰ্কিডসমূহো ধ্বংস হৈ আছে। অৰ্কিডৰ বেমাৰ তথা কীট-পতংগৰ আক্ৰমণতো সংৰক্ষিত অৰ্কিডৰ ক্ষতি হয়। ব্যৱসায়িকভিত্তিত অৰ্কিড ৰাখিবলৈ অৰ্কিড গৃহ আৰু আৰ্দ্ৰতা বজাই ৰাখিবলৈ পানীৰ সু-ব্যৱস্থা প্ৰয়োজনীয়।
অসমৰ যোৰহাটস্থিত ভাৰতৰ বিজ্ঞান আৰু উদ্যোগ পৰিষদ (চি এছ আই আৰ)ৰ অন্তৰ্গত উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে (এন ই আই এছ টি) ইয়াৰ ফ্ল’ৰিকালছাৰ মিছনৰ অধীনত উদ্যমী কৃষকক আয় বৃদ্ধিৰ অৰ্থে বা জীৱিকাৰ উৎস হিচাপে অসমৰ কপৌফুল (Rhynchostylis sp.) তথা আন ফুলৰ খেতি কৰিবলৈ প্ৰয়োজনীয় সাহায্য আগবঢ়াই আহিছে। তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহতো যোগাযোগ কৰিলে প্ৰয়োজনীয় দিহা-পৰামৰ্শ পাব৷
অসম অৰ্কিডসমৃদ্ধ ৰাজ্য। আমাৰ থলুৱা অৰ্কিডসমূহৰ সংৰক্ষণেও ইয়াৰ ভৱিষ্যত লাভালাভৰ বাট উন্মোচন কৰিব বুলি আশা কৰিব পাৰি।
তথ্যসূত্ৰ:
১) Panda A K and Mandal D (2013) The folklore medicinal orchids of Sikkim. Ancient science of life. 33(2): 92–96. doi: 10.4103/0257-7941.139043
২) Rahman A P (2023) Orchids are blooming earlier than usual in the northeast — and it’s not good news on 3 July 2023.
https://india.mongabay.com/2023/07/orchids-are-blooming-earlier-than-usual-in-the-northeast-and-its-not-good-news/
৩) Gogoi K (2019) Orchids of Assam: A pictorial guide. Publication Division Dibrugarh University
৪) Vest K (2024) Orchid Market Size and Share Analysis: Unveiling Growth Patterns and Market Dynamics on 26th March 2024
https://www.linkedin.com/pulse/orchid-market-size-share-analysis-unveiling-growth-patterns-kala-vest-ig9wf/
৫) Chauhan AS, Patil SA, Prabhu TN (2015) Orchid Industry in India: Opportunities and Challenges.
৬) Hegde, S.N. (2020). Status of Orchid Industry in India. In: Khasim, S., Hegde, S., González-Arnao, M., Thammasiri, K. (eds) Orchid Biology: Recent Trends & Challenges . Springer, Singapore. https://doi.org/10.1007/978-981-32-9456-1_2
** ফটো লেখিকাৰ নিজা **
[লেখিকা কলিয়াবৰ মহাবিদ্যালয়ৰ জৈৱ-প্ৰযুক্তি বিভাগৰ বিভাগীয় মুৰব্বী]