ব্যস্ত মহানগৰীত এজন অখ্যাত সখা দামোদৰ

লেখক- মধুমিতা বৰুৱা শইকীয়া

আমাৰ গুৱাহাটী‌ মহানগৰ। ‌ঐতিহাসিক গৰিমাৰে‌ মণ্ডিত কামৰূপৰ মধ্যমণি। অসমৰ সন্মানীয় ৰাজধানী‌ চহৰ। অপৰূপ সৌন্দৰ্যৰে‌ পৰিবেষ্টিত এখন ব্যস্ত মহানগৰ। সেই সুবাদতে আমিও যেন মহানাগৰিকৰ গৰিমাৰে‌ ক’ব নোৱৰাকৈ অকণমান অহংকাৰ কৰোঁ। 

পাছে‌ আজিকালি আন্তৰিক প্ৰশ্ৰয়ৰে‌ মহানগৰখনৰ প্ৰতি থকা‌ আমাৰ আকৰ্ষণ আৰু মোহ লাহে লাহে ভঙ্গ হ’বলৈ‌‌ ধৰিছে। কাৰণ এতিয়া মহানগৰত সামাজিক জীৱনধাৰা প্ৰায় বিপন্ন। মানুহৰ ব্যস্ত জীৱন প্ৰণালীৰ‌ দোহাই দিয়েই হওক বা আধুনিক জীৱন যাপনৰ ক্ষয়িষ্ণুতাৰ বাবেই হওক – মহানগৰৰ ‌প্ৰাত্যহিক কৰ্ষণবোৰৰ‌ ফলত মানুহবোৰৰ ধৰণ-কৰণ এতিয়া বৰ দুখজনকভাৱে আন্তৰিক সংযোগ বিহীন হৈ পৰিল। অন্তৰৰ অনুভূতিবোৰতো যেন কৰাল‌ মাৰিছে। ফুটপাথৰ কাষতে‌ পৰি থকা মানুহ এজনকো জীৱিত নে মৃত বুলি এবাৰ চাবলৈও কাৰো আহৰি নাই। ধনীৰ পৰা ধনী হৈ গৈছে এচাম আৰু তিলতিলকৈ দৰিদ্ৰতাৰ গ্ৰাসত পৰিছে এচাম। দুখীজনৰ দুখ চাবলৈ সময় নাই ‌ব্যস্ত মহানাগৰিকৰ। 

তাৰে মাজতো কেতিয়াবা কিছুমান কথাই মনটোক পতিয়ন নিয়াই যে আমাৰ মাজত এতিয়াও অক্ষুণ্ণ আছে দয়া, মায়া আৰু আগবঢ়াই দিবলৈ ৰৈ থকা সহায়ৰ হাত। এতিয়াও কোনোজনে‌ নিজৰ সৰু-সুৰা কথা-কামৰে‌ দেখুৱাই দিয়ে যে মানৱীয় অনুভৱ কিছুমান বুকুত এতিয়াও অক্ষত। 

এটা সাধাৰণ দৃশ্যই সেইদিনা মন মোহিত কৰিলে। অফুৰন্ত আশাৰ এক সঞ্জীৱনীয়ে ক্ষণিকৰ বাবে হ’লেও মনক পোহৰাই তুলিলে। 

কথাখিনি আছিল এনেকুৱা…। সেইদিনা ‌আছিল গছ‌‌-গছনি তথা মানুহ পৰ্যন্ত শুকাই কৰ্কৰীয়া হৈ যাব পৰাকৈ জুই‌‌ যেন আছিল গুৱাহাটীৰ চৌফলীয়া‌ ৰ’দ। পাহাৰলৈ উঠি যোৱা ৰাস্তাটোত সমাগম প্ৰায় শূন্য হৈ আছিল। ‌‌ নাতিদূৰত থকা আমাৰ ‌ফ্লেটটোৰ ছয়মহলাৰ ভিতৰত নিজেও গৰমত গলি আছিলোঁ। এপাকত চকুত পৰিল, সেই জুই যেন ৰ’দত কেইজনমান শ্ৰমিকে কাষৰ ‌ৰাস্তাটোত ডাঙৰ‌ ডাঙৰ‌ পাইপ কিছুমান বগৰাই বগৰাই আনি হেঁকো-‌জেঁকোকৈ‌ সেইবোৰ টনা-টনি কৰিছে। ঘৰৰ ভিতৰতে অৱস্থা কাঢ়িল‌ হৈ আছিল। অথচ ‌তলত চলি আছিল শ্ৰমিককেইজনৰ‌‌ কষ্টকৰ‌‌ জীৱন ‌সংগ্ৰাম। মনটোৱে সহিব পৰা নাছিল যদিও কিয় জানো তেওঁলোকৰ কষ্টখিনি‌ চাই নিজৰচোন কিবা ৰং চোৱা যেনহে লাগিছিল। ‌ যেন ‌পুতৌহে‌ কৰিছোঁ! নিজৰে কিবা ‌দোষী দোষী লাগিল। যেন অনৰ্থক আৱেগিক বিলাসহে আছিল সেয়া। 

কাৰোবাৰ ‌শ্ৰমৰ‌ কষ্টখিনিকো কেতিয়াবা আমাৰ ভাৱনাৰ অহেতুক উৎস কৰি নিজকে সমভাগী‌ সজোৱাৰ ভাওনা কৰোঁ। তাতোকৈও ডাঙৰ ‌কথা সমভাগী‌ হোৱাৰ চলৰে সেইখিনি‌কে কেতিয়াবা লেখাৰ‌ সমল হিচাপে লৈ আৱেগিক লেখা লিখি নিজৰ আখৰ জকমক কৰোঁ। 

পাছে সেইদিনা অতি‌‌ অন্তঃকৰণেৰে‌ উপলব্ধি ‌কৰিছিলোঁ তেওঁলোকৰ‌‌ কষ্টখিনি। সেই ৰ’দ আৰু গৰমত দহি থকা শ্ৰমিককেইজনৰ অৱস্থা দেখি মনে কান্দি উঠিছিল। মনতে ভাবিছিলোঁ, কিয় ইমান কষ্টকৰ হয় মানুহৰ জীৱন? এমুঠি ভাতৰ বাবেই কিমান হাহাকাৰ? 

আৰু‌ আমি? এদিন এ চি নহ’লেই থাকিব নোৱৰা আলসুৱা‌ জীৱ। ক্ষন্তেক কাৰেণ্ট নোহোৱা‌ হ’লেই‌ ধৰফৰ লাগে‌ আমাৰ। মহা আন্তকেন্দ্ৰিক মহানাগৰিক। কিমান উপলব্ধি কৰো আমি – প্ৰতিটো শ্ৰমৰ মূল্য আছে। আছে মৰ্যাদা। মাথোঁ লাগে সহমৰ্মিতা আৰু সন্মান। আমি কিমানে দেখুৱাওঁ সহমৰ্মিতা? সেইদিনা চকু পৰিলতহে চালোঁ। তাকো আজৰি আছিলোঁ বুলিহে। 

শ্ৰমিককেইজনে নিবিষ্টচিত্তে কাম কৰি‌ আছিল। অঁ, নিৰুদ্বেগ আছিল শ্ৰমিককেইজন। প্ৰায় যন্ত্ৰৰ দৰে‌ কাম কৰি আছিল। মানে পেটৰ দায়ত কাম কৰোঁতে দেহা পুৰি নিলেও মজুৰিৰ বাবে কাম কৰিব লাগিবই। 

এনেতে দেখিলোঁ এজন গলিৰ গুণ্ডা যেন‌ লগা বেপৰোৱা‌ শকত-আৱত ল’ৰা এজনে সিহঁতৰ লগত কথা পাতি‌বলৈ ধৰিছে। কিবাকিবি সুধিছে। এপাকত দেখিলোঁ, জানো কি ভাবি অলপ পাছতে ল’ৰাজনে ফটকৈ চাইকেলখন চলাই গুচি গ’ল। ময়ো ৰূমৰ ভিতৰ‌ সোমাবলৈ লৈ আকৌ তলৰ‌ শ্ৰমিককেইজনলৈ চালোঁ (অনৰ্থক ‌কৌতূহল। অথচ ‌একোডাল‌ কৰিব নোৱৰা মোৰ‌ মাত্ৰ অসাৰ ইম’শ্বনেল‌ বিলাস)। 

পূৰ্বানুমান নোহোৱাকৈয়ে তাৰপাছৰখিনি কিন্তু যি দেখিলোঁ সেয়া আছিল এটা মানৱীয়‌, অতি‌‌ ভাললগা দৃশ্য। মই দেখিলোঁ, চাইকেল লৈ ‘দাদা’‌ যেন লগা ল’ৰাটোৱে‌ ঠাণ্ডাকেইটামান ‌আনি শ্ৰমিককেইজনৰ মাজত ভগাই দিছে। অতি সন্তোষ মনেৰে শ্ৰমিককেইজনে‌ পান কৰিছিল ঠাণ্ডা পানীয়। শ্ৰমিককেইজনে ঠাণ্ডা খুওৱাৰ বাবদ ল’ৰাজনক পইচা দিব খোজে বুলি‌ ভাবিয়েই চাগে খুব জোৰকৈ চাইকেল মাৰি পাহাৰৰ ওপৰলৈ ‌গুচি গৈছিল ল’ৰাজন। 

ৰ’দ আৰু গৰমৰ‌ মাজতো যেন বৈ গল‌‌ এচাটি প্ৰশান্তিৰ মলয়া। অপৰূপ দৃশ্যৰ এক মন জুৰোৱা অমৃতক্ষণৰ‌ সাক্ষী হৈ ৰৈ গলোঁ মই। এনে লাগিল, গলিৰ গুণ্ডা যেন লগা বেপৰোৱা ল’ৰা‌জনেহে আচলতে মানৱতাৰ মহামন্ত্ৰ জানে। নিজকে‌‌ হীন হীন লাগিল। শিৰ নত হৈ পৰিল অচিনাকি ল’ৰাজনৰ ওচৰত। 

সখা দামোদৰ যেন লাগিল তেওঁক। 

বেনাৰ থাকিলে পৰিকল্পিত‌ভাৱে সহায় কৰিব পাৰি। নিশ্চিতভাৱে ভাল কথা। পাছে কেতিয়াবা এনেকৈয়ো সহায় কৰিব পাৰি। এনেবোৰ ‌কথাও হ’ব‌ পাৰে জীয়াই থকা সঞ্জীৱনী – সুখৰ উৎস! 

এৰা। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে…?

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!