ব্যৱসায় আৰু আমি

লেখক- পূৰৱী ৰয়

ব্যৱসায়ত যোগদান কৰাৰ সিদ্ধান্তটো অতি আকস্মিকভাৱে লোৱা হৈছিল। প্ৰায় এটা দশক পাৰ হৈ গ’লেও সেই সময়ৰ দ্বিধা, সংশয় স্পষ্টভাৱেই মনত আছে। বিবাহৰ পূৰ্বে যিখন ঘৰৰপৰা আহিছোঁ সেয়া শিক্ষা আৰু সংগীত জগতৰ লগত জড়িত। পঢ়া-শুনা, কিতাপ, গান, হাৰমনিয়াম, গীটাৰ, তবলা আদিৰ সৈতে সৰুৰেপৰা পৰিচয়। ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত শিক্ষাখণ্ডতেই যোগদান কৰাৰ কথা ভবা হৈছিল। সেই মতেই প্ৰথমতে বঙাইগাওঁ কলেজ, তাৰপাছত কিছুদিন অসম জাতীয় বিদ্যালয়ত শিক্ষাদান কৰিছিলোঁ। কিন্তু বিবাহ আৰু সন্তান জন্মৰ পাছৰ কালছোৱাত যেতিয়া কেৰিয়াৰৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰাৰ কথা ভবা হ’ল, তেতিয়া জীৱন সংগীয়ে ইমানদিনে অকলে চলাই অহা ব্যৱসায়টোতেই যোগ দিয়াৰ কথা ভাবিলোঁ। আৰম্ভণিতে কাৰণটো তেনেই সাধাৰণ আছিল। নিজৰ ব্যৱসায়ত সময়ৰ কোনো নিৰ্দিষ্ট সীমাৰেখা নাছিল। দুজনী যমজ কন্যাৰ মাতৃ হিচাপে সেয়া খুবেই প্ৰয়োজনীয় আছিল। তাৰোপৰি কামবোৰ শিকাৰ বাবেও সুবিধা যথেষ্ট আছিল। ব্যৱসায় উজু নহয়। প্ৰতিদিনেই একোখন নতুন যুঁজ চলি থাকে। কিন্তু ব্যৱসায়ৰ এই চ্যেলেঞ্জবোৰেই ইয়াক অধিক আকৰ্ষণীয় কৰি তোলে। ব্যৱসায়ৰ অ, আ, ক, খ জীৱন সংগীৰপৰাই শিকাৰ পাছত এতিয়া আমি দুয়ো একেখন ক্ষেত্ৰত বেলেগ বেলেগ প্ৰতিষ্ঠান চলাই আহিছোঁ। তেওঁৰ প্ৰতিষ্ঠান ‘ৰাজনন্দিনী’য়ে ডিজাইনিং আৰু প্ৰডাকশ্যন চোৱাৰ বিপৰীতে মই চলাই থকা ‘ৰাজবাৰী বাই পূৰৱী সমীৰ’ আৰু ‘জৰদৌজী ৰয়ালে’ বিক্ৰীৰ দ্বায়িত্ব লয়। ইয়াৰে ‘ৰাজবাৰী বাই পূৰৱী সমীৰে’ গুজৰাটৰ লোকেল মাৰ্কেটত আৰু ‘জৰদৌজী ৰয়ালে’ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰডাক্ট অৰ্থাৎ লেহেংগা বিক্ৰী কৰে। ব্যৱসায়ত এই স্থান পাবলৈ বহুতো উত্থান পতনৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে। কেতিয়াবা হতাশ হৈ পৰিছোঁ, ভুলো কৰিছোঁ কেইবাবাৰো। কিন্তু ভুলবোৰৰপৰা লোৱা শিক্ষাই আগবাঢ়ি যোৱাত সহায়কো হৈ উঠিছে। 

 

এই লেখনিত অৱশ্যে ব্যৱসায়ৰ এই যাত্ৰাৰ কথা নিলিখি আমাৰ ব্যৱসায়ৰ প্ৰক্ৰিয়াৰ বিষয়েহে উনুকিয়াব বিচাৰিছোঁ।



জীৱনসংগী সমীৰৰ প্ৰতিষ্ঠান ‘ৰাজনন্দিনী’ত কামবোৰ আৰম্ভ হয়। ডিজাইনিং বিভাগটো মুখ্যত: তেওঁ চায়। তেওঁ স্কেটচ আৰ্টিষ্টক দেখুৱাই দিয়া মতে স্কেটচ অঁকা হয়। বৰ্তমান আমাৰ সৈতে তিনিগৰাকী স্কেটচ আৰ্টিষ্টে কাম কৰি আছে। ডিজাইনটোৰ সৰু সৰু মটিফবোৰ ম’ক আৰ্টিষ্টে মেচিনত কৰি দেখুৱায়। মনঃপূত হ’লে সেয়া কম্পিউটাৰত পান্স কৰা হয়। পোন্ধৰৰপৰা বিশগৰাকী পান্সিং ডিজাইনাৰে কম্পিউটাৰত ডিজাইনবোৰ প্ৰস্তুত কৰি উলিয়ায়। এগৰাকী মুখ্য ডিজাইনাৰে ডিজাইন, সূতাৰ ৰং, জৰীৰ ৰং, কেনেধৰণৰ চিলাই হ’ব সকলোবোৰ ঠিৰাং কৰি এম্ব্ৰয়ডাৰী মেচিনলৈ পঠিয়ায়। এই ডিজাইনবোৰ পঠিয়াবৰ বাবে টেলিগ্ৰাম এপ ব্যৱহাৰ কৰোঁ। এম্ব্ৰয়ডাৰী মেচিনত কেতিয়াবা এটা ক’লি , কেতিয়াবা দহটা ক’লি বনাই ডিজাইন একোটাক সম্পূৰ্ণ ৰূপ দিয়া হয়। ইয়াৰপাছত যিবোৰ ডিজাইন নিৰ্বাচন কৰা হয় তাৰ মাচ প্ৰডাকশ্যন দিয়া হয়। চুৰাটৰ বজাৰখন মধ্যস্থতাকাৰীকেন্দ্ৰিক। ইয়াত এজেণ্টৰ দ্বাৰাই সকলো ক্ৰয়-বিক্ৰয় হয়। আমি লেহেংগা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ভেলভেট, কেণকেণ ইত্যাদি অমৃতসৰ, লুধিয়ানাৰপৰা আহে। এজেন্টৰ সহায়তেই এই সকলোবোৰ কিনা হয়।



‘ৰাজনন্দিনী’য়ে এম্ব্ৰয়ডাৰী হোৱা কাপোৰবোৰ ‘ৰাজবাৰী বাই পূৰৱী সমীৰ’ক বিক্ৰী কৰে। ৰাজবাৰীয়ে চুৰাট আৰু কাষৰীয়া অঞ্চলৰ দোকানত এই ডিজাইনবোৰৰ অৰ্ডাৰ লয় আৰু বিক্ৰী কৰে।

 

আনহাতে ‘জৰদৌজী ৰয়াল’ত এম্ব্ৰয়ডাৰী হৈ অহা নিৰ্দিষ্ট কিছু ডিজাইনৰ লেহেংগা সম্পূৰ্ণ চিলাই হৈ আহে। দেশৰ বিভিন্ন অঞ্চলৰ বিক্রেতাসকলে এজেন্টৰ সহায়ত জৰদৌজী ৰয়ালৰপৰা কাপোৰ লয়। এতিয়ালৈ আমি দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মহাৰাষ্ট্ৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, উৰিষ্যা ইত্যাদি ৰাজ্যত আমাৰ লেহেংগাৰ ব্যৱসায় কৰিছোঁ। মান্যবৰ, কস্কি, সুৰ্য্যা, সুৰজভান, ৰাজঘৰাণা ইত্যাদি বিখ্যাত ব্ৰেণ্ডে আমাৰ কাপোৰ ক্ৰয় কৰি বিক্ৰী কৰি থকাটো আমাৰ বাবে অতি গৌৰৱৰ কথা। এজেন্টৰ কথা যে কৈছিলোঁ, তেওঁলোকে পাৰ্টি লৈ অহাৰপৰা পেমেন্ট অহালৈকে কামবোৰৰ আঁত ধৰে। বিনিময়ত তেওঁলোকক ২% কমিচন দিয়া হয়। সাধাৰণতে একোখন বিলৰ পেমেন্ট ৩০ ৰ পৰা ৪৫ দিনৰ ভিতৰত আহে। 

 

আমাৰ কামবোৰ বিবাহকেন্দ্ৰীক। আমাৰপৰা হোলচেলাৰে ক্ৰয় কৰি তেওঁলোকে আকৌ ৰিটেইল আউটলেটত বিক্ৰী কৰে। সেয়ে বিবাহৰ চিজনৰ প্ৰায় তিনিমাহ আগলৈকে আমাৰ কাম দ্ৰুতগতিত চলে। সাধাৰণতে জুলাই মাহৰপৰা দিপাৱলীৰ আগলৈকে কামৰ ভাৰ খুবেই বেছি হয়। আনহাতে ফেব্ৰুৱাৰী মানৰপৰাই আকৌ নতুন নতুন ডিজাইন তৈয়াৰ কৰাৰ কাম আৰম্ভ হয়। 

 

চুৰাটৰ মেচিনৰ কামৰ বিপৰীতে কলকতাৰ পাৰ্ক স্ট্ৰীটত আৰম্ভ কৰা জৰদৌজী ৰয়ালৰ শাখাত কাৰিকৰসকলে হাতেৰে এম্ব্ৰয়ডাৰী কৰা লেহেংগা বিক্ৰী কৰা হয়। কলকতা চহৰৰপৰা কিছু নিলগৰ গাঁৱত এই কামবোৰ কৰোৱা হয়। আনহাতে দিল্লীৰ আমাৰ প্ৰথম প্ৰতিষ্ঠান আইনা ক্ৰিয়েশ্যনতো এইদৰেই হাতৰ কামৰ লেহেংগা বিক্ৰি কৰা হয়। দিল্লী আৰু কলকতাৰ প্ৰতিষ্ঠান দুটা চাবলৈ আমি বিশেষকৈ সমীৰে প্ৰায়েই ঘুৰি ফুৰিবলগীয়া হয়। অৱশ্যে অত্যন্ত বিশ্বাসী কিছু লোকৰ টিমৱৰ্ক অবিহনে এইদৰে কামবোৰ কৰা একেবাৰেই অসম্ভৱ।



মই প্ৰায়েই কওঁ যে ব্যৱসায় আমাৰ বাবে জীৱন সদৃশ। আমাৰ আন কোনো বিকল্প নাই। ব্যৱসায়ত সদায়েই ভিন ভিন লোকক লগ পাওঁ, ভিন ভিন কথা শিকিবলৈ পাওঁ। সঁচা অৰ্থত ক’বলৈ গ’লে ব্যৱসায়ত যোগ দিয়াৰ পাছত জীৱনটোক বহলভাৱে চাবলৈ শিকিছোঁ, সৰু সৰু বহু অৰ্থহীন কথা আওকান কৰি আগুৱাই যাবলৈ শিকিছোঁ। আশা কৰোঁ এই যাত্ৰা এনেদৰেই অব্যাহত থাকিব।




শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!