বৰপুখুৰীৰ পাৰ

লেখক- অভিনিৱেশ শৰ্মা

কলিকতা, ৭ জুলাই ২০২২

সেইদিনা কাৰেন্সি বিল্ডিঙত পুৰণি কলিকতা বিষয়ক প্ৰদৰ্শনী এখন চাই ওলাই আহি cast iron ৰ আগচ’ৰাটোত থিয় হৈ আছোঁ। ক্ষন্তেক সময়ৰ পাছতেই মই উপলব্ধি কৰিলোঁ যে মই একালত বেলি মাৰ নোযোৱা ব্ৰিটিছ সাম্ৰাজ্যৰ হৃদপিণ্ডত থিয় হৈ আছো। সমুখত ডেলহাউচি স্কোৱাৰৰ (এতিয়া বিনয়-বাদল-দিনিশ বাঘ) এটা পেনোৰামিক দৃশ্য। মোৰ আগত এটা বৃহৎ পুখুৰী যাৰ নাম লাল দীঘি। পুৰণি কলিকতাৰ ফাকুৱা উৎসৱৰ সৈতে এই পুখুৰীটোৰ সম্বন্ধ আছে। ইংৰাজ অহাৰ আগত ইয়াৰ কাষতেই শ্যামৰায়ৰ মন্দিৰ আৰু সাৱৰ্ণ ৰায় চৌধৰীৰ কাছাৰীঘৰ আছিল। পাছলৈ ইয়াৰ দক্ষিণত সজা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ উইলিয়াম দুৰ্গ (ফৰ্ট উইলিয়াম) আৰু পশ্চিমীয়া আৰ্হিত সজা কলিকতাৰ প্ৰথম নাটঘৰ প্লে’ থিয়েটাৰ। ১৭৫৬ চনত চিৰাজ উদ দৌলাৰ সৈন্যই ধ্বংসস্তুপত পৰিণত কৰিছিল। যিটো ঘৰত কুখ্যাত অন্ধকূপহত্যা (Black hole tragedy) সংঘটিত হৈছিল বুলি বিশ্বাস কৰা হয় সেই ঘৰটো এতিয়া বিশাল সাধাৰণ ডাকঘৰৰ (১৮৬৪ চনৰ পৰা ১৮৬৮ চনৰ ভিতৰত নিৰ্মিত General Post Office) পূব অংশত আছিল। ব্ৰঞ্জৰ স্মাৰক এখনেৰে সেই কৰুণ ঘটনাটো মনত ৰখা হৈছে। ডাকঘৰৰ কাষতেই ভাৰতত ‘ব্ৰিটিছ ৰাজ’ৰ কেন্দ্ৰস্থল আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয় ৰাইটাৰ্চ বিল্ডিং। ১৯৩০ চনৰ ৮ ডিচেম্বৰৰ দিনা ৰাইটাৰ্চ বিল্ডিঙত সোমাই আৰক্ষী অধীক্ষক এন. এছ. চিম্পচনক গুলীয়াই হত্যা কৰিছিল তিনিজন ডেকা বিপ্লৱীয়ে— দীনেশচন্দ্ৰ গুপ্ত, বিনয় বসু আৰু বাদল গুপ্ত। লাল দীঘিৰ উত্তৰ-পূবলৈ ১৮১৮ চনত সজা চেণ্ট এণ্ড্ৰিউজ গীৰ্জা আৰু মই থিয় হৈ থকা কাৰেন্সি বিল্ডিং হৈছে এসময়ৰ আগ্ৰা বেঙ্ক আৰু ৰিজাৰ্ভ বেঙ্কৰ প্ৰধান কাৰ্য্যালয়। লাল দীঘিলৈ চাই থাকোঁতে মোৰ মনত পৰিছিল আমাৰ শিৱসাগৰৰ বৰপুখুৰীপাৰলৈ। সেইদিনা ঠিক কৰিছিলোঁ যে শিৱসাগৰলৈ গ’লে বৰপুখুৰীৰ পাৰত তেনেকৈ থিয় হৈ পাগুলিম ইতিহাস। চাৰি শতিকাৰ ইতিহাসৰ সাক্ষী শিৱসাগৰৰ পুখুৰীটো। চাবলৈ মন গৈছিল বৰপুখুৰীপাৰ as a theatre of history.

 

শিৱসাগৰ, ১২ অক্টোবৰ ২০২২

অৱশেষত শিৱসাগৰ পালোঁহি। মই পাওঁতে চাৰি বাজিছিল। অনতিপলমে দুৱাৰ বন্ধ কৰাৰ আগতে বৰপুখুৰীৰ পশ্চিম পাৰত অৱস্থিত টাই সংগ্ৰহালয়টো চাবলৈ ঠিক কৰিলোঁ। তাত পুৰাতনীয়া সামগ্ৰীবোৰ চাই ওলাই আহি প্ৰৱেশদ্বাৰত দেখিলোঁ বন্ধু ঈশানজিত বৰকাকতি থিয় হৈ আছে। তেওঁ মোক পোনে পোনে লৈ গ’ল চৰকাৰী অতিথিশালালৈ। তাতেই ৰাতিটো কটোৱাৰ ব্যৱস্থা কৰি বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ সম্বন্ধীয় এজনে চলোৱা কেণ্টিনখনত আহাৰ গ্ৰহণ কৰিলোঁ। তাৰ পাছত বৰপুখুৰীপাৰত টিঘিলঘিলনি। টেনিছ কৰ্ট, আৱৰ্ত ভৱন, টাই সংগ্ৰহালয়, গড়কাপ্তানি বিভাগৰ কাৰ্য্যবাহী অভিযন্তাৰ পুৰণি বঙলা আৰু শিৱসাগৰ জেল হৈ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচি দিয়া পথাৰখনৰ (এতিয়া উদ্যান হিচাপে গঢ়ি তোলা হৈছে) সন্মুখেদি বৌদ্ধ বিহাৰ, গীৰ্জাঘৰ, গধূলা ব্ৰাউন ইংৰাজী হাইস্কুল আৰু ঐতিহ্যমণ্ডিত মিছন বঙলা পাৰ হৈ শিৱ দ’ল আৰু দেৱী দ’লৰ গৰ্ভগৃহৰ আগেদি পুৰণি উপায়ুক্তৰ বঙলা কাছাৰীঘৰ আৰু ট্ৰেজাৰীঘৰ (এতিয়া শিৱসাগৰ আৰ্ট গেলেৰী) হৈ চৰকাৰী অতিথিশালা। নিতাল-নিস্তব্ধ পৰিবেশ। জেল থকা ঠাইৰ পৰা চাওঁতে নিশা গোপমৰা এন্ধাৰত মাথোঁ জিলিকি আছিল দ’ল তিনিটাৰ কৰ্দৈ সিৰীয়া গণ্ডী আৰু শিখৰ। মোৰ মনত পৰিছিল আমেৰিকাৰ বষ্টন চহৰৰ পৰা প্ৰকাশিত ‘ৱাটচমেন’ নামৰ সাপ্তাহিক কাকতখনত ১৮৮৬ চনৰ জানুৱাৰী মাহত ওলোৱা এটা প্ৰবন্ধলৈ। লেখক বেপ্টিষ্ট মিছনাৰী পি.চি. মুৰেই তাত দিছিল বৰপুখুৰীপাৰৰ এক মনোৰম বিৱৰণ।

“The word Sibsagar signifies Siva’s ocean, and the name comes from an artificial lake, nearly half a mile square, on the banks of which are situated, along with other European dwellings, government buildings, and three of the most renowned Hindu temples in Assam, two modest Mission bungalows, a school-house and a meeting house.

The placid lake (or tank) reflecting on the bosom the oriental architecture of temple, court-house, and dwelling, and the tropical foliage that adorns its banks, and at night the twinkling stars, is a gem, fair indeed in its emerald background even in December.”

এনেকুৱা নিখুঁত আন্ধাৰ নিশাতেই হয়তো স্বৰ্গদেউ শিৱসিংহৰ দিনত পুখুৰী খন্দাব খোজা ঠাইত, য’ত পূৰ্বতে কলঞ্চুপৰীয়া গোহাঁইৰ বাহৰ আছিল, তাত পানীৰ পুং বিচাৰি কিছু লোকে সৰিয়হৰ তেল চাকি জ্বলাই লৈ ফুৰিছিল। চকুৰ আগত সকলো ভাহি উঠিল— “তেল শলিতা থাকোঁতে বতাহ নবলাকৈ যিবোৰ চাকি নুমাই গৈছিল তাত একোটাকৈ খুঁটি পুতি থৈছিল। তাৰ পাছত এখন ডাঙৰ চাকিত তেল শলিতা জ্বলাই আগতে পোতা খুঁটিবোৰৰ ঠাইত দিলে। য’তে চাকিখন নুমালে তাকে সোঁমাজ কৰি পুখুৰী খান্দিবলৈ সিদ্ধান্ত লোৱা হ’ল।”

১৬৫৫ শকৰ সেই দিনটো চাগৈ চাবলগীয়া হৈছিল যিদিনা বত্ৰিছ অলংকাৰ পৰিধান কৰি শ্ৰী শ্ৰী শিৱসিংহ নৃপতি আৰু তেওঁৰ পত্নী ৰাণী অম্বিকাই শিৱসাগৰ দ’ল, পুখুৰী উছৰ্গা কৰিছিল।

সেই নিশা বৰপুখুৰীপাৰত খোজকাঢ়ি থাকোঁতে বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ ‘মজিয়াৰ পৰা মেজলৈ’ শীৰ্ষক আত্মজীৱনীখনৰ ‘ৰংপুৰ যাত্ৰা’ অধ্যায়টোলৈ মনত পৰিছিল। সেয়েহে পুখুৰীটো এপাক মাৰি অহাৰ পাচত অতিথিশালাৰ চৰাঘৰত বন্ধু ঈশানৰ সৈতে বহি মই লৈ অনা ‘মজিয়াৰ পৰা মেজলৈ’ কিতাপখন মেলি ল’লোঁ। লগত আছিল আৰু এখন পুথি। কেনে আছিল ১৯০৫-১৯১৪ চনত বৰপুখুৰী পাৰ? জানিবলৈ মন গৈছিল।

বেণুধৰ শৰ্মাই লিখিছে— “শিৱসাগৰ জিলা গুচি মহকুমা হোৱাৰ বছৰদিয়েকৰ পিচত মৌলৱী ফাইজদ্দিন আহমেদ যেতিয়া মহকুমাধিপতি হয়হি, তেতিয়াই শিৱ-দ’লৰ খট্‌খটীৰ মুখত যমুনা পাৰত (বগা বাবু দোকানৰ দাঁতিত) নকৈ মছিদ এটা সজা হয়। বৰপুখুৰীৰ পূব-পাৰটোত অতি সুন্দৰ গীৰ্জা ঘৰ এটি আছিল। তালৈকে দেওবাৰে দেওবাৰে যীচুৰ সেৱকসকল যায়। ময়ো মাজে-সময়ে তালৈ গৈছিলোঁ। বৰপুখুৰীৰ দক্ষিণপাৰত কাছাৰী ঘৰ। তাৰ দাঁতিতে খাজনা গেৰাজ বা ট্ৰেজুৰী। ট্ৰেজুৰীৰ মুখত দিনে-ৰাতিয়ে হটঙা দেছুৱালী চিপাহীয়ে কান্ধত বন্দুক লৈ টহল দি থাকে। সন্ধ্যা লগাৰ পিচত সেইফালে কোনোবা গ’লেই ‘হুকুমদাৰ’ (Who comes there? ) বুলি যিটো হে গোঁজৰণি মাৰিব বাটৰুৱাই শুনি সেই পিনেই পেপুৱা লাগে। তাৰ বাঁওফালে জিলাধিপতিৰ বঙলা।

দেৱী দ’লৰ কাষতে এখনি টেনিছ খেলা ‘ইয়াৰ্ড’ (চোতাল) আছিল। তাতে আবেলি হ’লে বৰ চাহাব, গড়কাপ্তানি চাহাব, ডাক্তৰ চাহাব, পুলিচৰ চাহাব আৰু তেওঁবিলাকৰ মেমে টেনিছ খেলিছিল। আমি আঁতৰৰপৰা ৰৈ ৰৈ সেই খেল চাইছিলোঁ। তাৰ দাঁতিতে পূবলৈ ক্ৰমান্বয়ে দেৱী দ’ল, শিৱ দ’ল, বিষ্ণু দ’ল। তাতে আলিবাট এটি পাৰ হ’ব লাগে। তাৰপৰা আকৌ পাদুৰী চাহাবৰ বঙলা আৰু মিশ্যন স্কুল। উত্তৰা-পশ্চিম চুকতে পিয়লী ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচি দিয়া হৈছিল। তাৰ পৰা জেল ডাক্তৰ চাহাব, গড়কাপ্তানী চাহাবৰ বঙলা।

কেঞাপট্টিত ফুলচান্দ আগৰৱালাৰ ঘৰৰ আগতে আৰু বিষ্ণু দ’লত থকা ঠাকুৰবাৰীলৈও কেতিয়াবা কেতিয়াবা গৈছিলোঁ। কেঞাপট্টিৰখন ঘৰুৱা আৰু দ’লৰখন ৰাজহুৱা। ৰাজহুৱাখনত বহুত সন্ন্যাসী বৈৰাগী থাকেহি। তালৈ গ’লে মুখত লগা মালপোৱা খাবলৈ দিয়ে। সেই দেখি, আবেলি পুখুৰী পাৰত ফুৰিবলৈ গ’লেই তাত সোমাই চুজি ময়দাৰ মালপোৱা এডুখৰি আৰু কল এটি খাই যাওঁ। গীৰ্জা ঘৰটোৰ উত্তৰে পুখুৰী পাৰতে ৰণুৱা পল্টন এটিৰ হাটী (barrack)। সেই হাটীত শিখ চিপাহী আছিল। ৰাতি আৰু ৰাতিপুৱা তাত বিকুল বজাই সকলোকে সজাগকৈ ৰাখে। মূৰত ৰমক জমক মথুৰা পাগ মৰা হটঙা শিখ চিপাহীবিলাকে যেতিয়া পুখুৰী পাৰেদি নামি মাৰ্চ (থেম) কৰে আৰু কৰ্ণেল-জৰ্ণেলবিলাক ঘোঁৰাত উঠি যায়, তেতিয়া লগত যোৱা বিকুলদাৰে বিকুল বজাই দিয়ে। সেই দৃশ্য চকুৰে চাবলৈ আৰু কাণেৰে শুনিবলৈ বৰ ভাল লাগিছিল। আজিকালি অৱশ্যে সেই দিনো নাই, সেই চিপাহীৰ ৰণচালি বা থেমো নাই।”

বৰপুখুৰী পাৰত পাদুৰী চাহাব এজনৰ তাত ইংৰাজী শিকিছিল বেণুধৰ শৰ্মাই। এইবাৰ গৈ দেখিলোঁ মিছন কম্পাউণ্ডৰ বঙলাঘৰটো আছে। উনবিংশ শতিকাতেই সজা বঙলাঘৰটোৰ ফলকত “মিছন বঙলা” বুলি লিখা আছে যদিও সেইটো এতিয়া Session’s Judge Quarter.

“সেই বছৰ জহৰ বন্ধৰ পিচত শুনিলোঁ বোলে বৰপুখুৰী পাৰৰ (শিৱসাগৰ পুখুৰী) মিছন কম্পাউণ্ডত পাদুৰী চাহাবে মাছুল নোলোৱাকৈ হাইস্কুলৰ ছাত্ৰক ইংৰাজী শিকাব। শুনি মোৰো তাত পঢ়িবলৈ মন গ’ল। বুধবাৰে শুকুৰবাৰে আবেলি পাঁচ বজাত তালৈ যাব লাগে। চাহাবে এঘণ্টা মান পঢ়ুৱায়। সেই ঘণ্টাটোতনো কেনেকৈ মোৰ ধাউতিটো পূৰাওঁ, তাৰ উপায় চিন্তিব লগা হ’ল। মোৰ অভিভাৱক যিজন তেখেতে কেনেবাকৈ যদি শুনে, মই পাদুৰী চাহাবৰ তাত পঢ়িবলৈ গৈছোঁ বুলি, মোৰ পিনে আৰু শেষ। তেখেতৰ লগত যে থাকিব নোৱাৰোঁৱেই নে শিৱসাগৰতো ক’তো থাকিবৰ ঠাই নাইকিয়া হ’ব। পাদুৰীৰ তাত পঢ়াকথা গাঁৱত ওলাব লাগিলে, মোৰ মূৰটো ওভোতাই খুৰাব। সাতে সোতৰে ভাবি চিন্তি এটা উপায় উলিয়ালোঁগৈ।

 

চাৰি বজাত স্কুলৰপৰা আহিয়েই কিতাপ চিলট থৈ চুজি-তুজি অলপ ভাজোঁ। দদাইটি কাছাৰীৰ পৰা আহিলেই বজাৰলৈ যাওঁ বুলি বৰপুখুৰী পাৰ পাওঁগৈ। পাদুৰী চাহাব আছিল ৰেভাৰেণ্ড পেট্ৰিক আৰু ৰেভাৰেণ্ড পল। পেট্ৰিক জাৰ্মান; জাৰ্মান ভাষাৰ দৰে অসমীয়া ভাষাতো “নেজেল” বা নাকী সুৰীয়া উচ্চাৰণ থকা বাবে, তেওঁ আমাৰ ভাষাটো বৰ ভাল পাইছিল। পেট্ৰিকে যেতিয়া আখৰ জোঁটনি ভাঙিবলৈ কয়, তেতিয়া তেওঁ শব্দটো ক’ৰপৰা আহিল, তাৰ ভিতৰত কি কি কথা সোমাই আছে ইত্যাদি শব্দৰ আঁতি-গুৰিবোৰ আমাক কৈ যায়, শুনি বৰ ভাল লাগে। লুকাই চুৰকৈ তিনিমাহ পাদুৰীৰ তালৈ যোৱা খবৰটো ঘুনুক-ঘানাককৈ দদাইটি গোলাপ শৰ্মাৰ কাণত পৰিলত, পা-পৰাচিত নোহোৱাকৈ মনে মনে পাদুৰী পঢ়াশালি পৰিত্যাগ কৰা হ’ল। কিন্তু কেতিয়াবা কেতিয়াবা দেওবাৰে দেওবাৰে গীৰ্জা ঘৰলৈ গৈ ছেগা-চোৰোকাকৈ বাইবেল শুনাটো হ’লে কিছুদিন চলিয়েই থাকিল।”

কুৰি শতিকাৰ আৰম্ভণি দশককেইটাত বৰপুখুৰীপাৰ কেনে আছিল ইয়াৰ কিছু সম্ভেদ পোৱা যায় স্বাধীনতা সংগ্ৰামী ৰবীন কাকতিৰ স্মৃতিকথা “সংগ্ৰামী জীৱনৰ আত্মকথা”ত। সাত বছৰ বয়সত দুৰ্গা পূজাৰ সময়ত শিৱসাগৰ নগৰলৈ আহোঁতে ৰবীন কাকতিয়ে বৰপুখুৰীপাৰত দেখিছিল চুটি চাপৰ দঢ়িয়া বগা চাহাব এজনে এখন ওখ টেবুলত উঠি চিঞৰি ছিঞৰি কিবাকিবি কথা কৈ থকা, ওচৰত এটা ঘোঁৰা আৰু হাতত সৰু-বৰ কিতাপ। চাহাবজনে চিঞৰি চিঞৰি হিন্দু দেৱ-দেৱী আৰু আল্লাক গালি পাৰিছিল। শিৱ দ’লৰ সমুখত কেইবাজনো সন্ন্যাসীয়ে গাত ছাই ভস্ম সানি বহি থাকে। এজন সন্ন্যাসীয়ে গজাল মৰা তক্তাৰ ওপৰত বহি ধ্যান কৰি থাকে। “মানুহৰ মাজতে শলগুৰিৰ ফালৰ ছোৱালী এজনীক দেৱীয়ে লম্ভিছে। তাই উন্মাদ হৈ চুলি কিবাকিবি চিঞৰিছে। চিঞৰি চিঞৰি মাটিত অচেতন হৈ পৰি যায়। আমি ভয়তে লৰালৰিকৈ তাৰ পৰা আঁতৰি আহিলোঁ।”

বৰপুখুৰীপাৰৰ ভূতৰ কাহিনীও অনেক। ৰবীন কাকতি স্কুলত পঢ়ি থকাৰ সময়ত ল’ৰাৰ মাজত হেনো মৰিশালি আৰু সেইছোৱাবাটৰ ভূতৰ কাহিনী প্ৰায়ে ওলায়। “শিৱসাগৰ নগৰৰ কবৰস্থানৰ নানা ধৰণৰ গল্প শুনিছিলো। বিশেষ এটা বগা ঘোঁৰা ওলাই মানুহক বাট ভেটি ধৰে, পুখুৰীটো পাৰৰ বৰচাহাবৰ বাংলোৰ ওচৰত বগা-মেমচাহাবৰ ভূত ওলোৱা, দিখৌ নৈৰ মথাউৰিৰ দাঁতিত থকা মৰিশালিৰ বিভিন্ন ভূতৰ কাহিনী আমি বহুতো শুনিলো।”

সেই সময়ত শিৱসাগৰৰ মানুহে ভূতক ইমান ভয় কৰিছিল যে ভীষণ জ্বৰ হ’লে আৰু বকিলেই সিদ্ধান্ত হয় যে ভূতে পালে। গতিকে বেজ আনিব লাগে।

স্বাধীনতা আন্দোলনৰ সময়ত কেনে আছিল বৰপুখুৰীপাৰ? ১৯২২ চনৰ ৩০ জানুৱাৰী তাৰিখৰ এটা ঘটনা বেণুধৰ শৰ্মাই আত্মজীৱনীত লিখিছে এইদৰে— “১৯২২ চনৰ ১৬ জানুৱাৰী তাৰিখে শিৱসাগৰ মহকুমাধিপতি মিঃ কলভিল ষ্টুৱাৰ্ট গনিং চাহাবৰ আদেশ লৈ আমগুৰি থানাৰ পুলিচে ফৌজদাৰী আইনৰ ১৭ (ক) আৰু ১৭ (খ) উপধাৰা মতে মোক ২৬ জানুৱাৰীত গ্ৰেপ্তাৰ কৰিবলৈ আহে। জঙ্গী ৰাইজৰ হেঁচা ঠেলাত অঘটন ঘটিব পাৰে— এই আশঙ্কাকে কৰি ভয়তে ৩০ তাৰিখে মোক স্বয়ং শিৱসাগৰ কাছাৰীত হাজিৰ হ’বলৈ কৈ মোক সেইদিনা গ্ৰেপ্তাৰ নকৰি জামিনত দি পুলিচ গুচি যায়।

সেই মতেই ৩০ জানুৱাৰী তাৰিখে সোমবাৰৰ দিনা ৰাতিপুৱা আঠমান বজাতে খাই বৈ, পিতৃ-মাতৃক সেৱা-সৎকাৰ কৰি, শিৱসাগৰলৈ বুলি যাত্ৰা কৰিলোঁ। আমাৰ ঘৰৰপৰা নগা আলিলৈকে আধা মাইল বহল “হাতীয়াজগা” খনিকৰ পথাৰখন মানুহৰ মুৰেৰে সাগৰ সদৃশ, “লোকে লোকাৰণ্য।” গান্ধী, আলি ভাতৃ দুজনৰ জয়ধ্বনিত যেন কাণৰ কণা মাকৰি সৰি গৈছে। আমি দিখৌ বাঁহৰ দলং পাৰ হৈ নগৰৰ মাটিত ভৰি দিওঁতেই “কোনেও জয় নিদিবি” বুলি অফিচৰপৰা হাক দিয়া বতৰা আহিল। কিন্তু, সেইদিনা শুনে কোনে? যজ্ঞেশ্বৰ বৰদলৈ আৰু মাণিক চন্দ্ৰ চলিহাই, মহাত্মাৰ জয় দি সেৱাবাহিনীক উত্ৰাৱল কৰিলে; আটাইৰে আগুৱাই যাবলৈ উটাপুটা লাগিল। নিষেধাজ্ঞাৰ বাৰ ভাঙি সকলো কাছাৰীমুৱা হৈ শিৱদ’লৰ মুখ পাওঁ পাওঁ হ’লগৈ। জিলা কংগ্ৰেছৰ চেক্ৰেটাৰী বিমলাকান্ত বৰুৱাৰ সৈতে মই শিৱদ’লত সেৱা কৰিবলৈ সোমালোঁ; তাৰ পিচত, কাছাৰীলৈ গৈ গনিঙৰ এজলাছ পালোঁগৈ। এনেতে গনিং চাহাবে খাজনা গেৰাজৰপৰা এক ‘ডজন’ সশস্ত্ৰ গুৰ্খা চিপাহী লৈ, মোক থবলৈ যোৱা মানুহবিলাকক এফালৰপৰা বেতেৰে কোবাই নিবলৈ ধৰিলে আৰু চিপাহীহঁতেও বন্দুকৰ চাঙ্গীনেৰে খুচি নিলে। চাঙ্গীনৰ খোঁচত বৰদলৈ, যজ্ঞেশ্বৰৰ মূৰ ফাটিল, মাণিক চলিহাৰ হাৰ ভাগিল।”

১৯২২ চনৰ ৩০ জানুৱাৰীৰ দিনা হোৱা নৃশংসতাৰ বাতৰি এটা মহাত্মা গান্ধীৰ দ্বাৰাই সম্পাদিত “ইয়ং ইণ্ডিয়া” কাকতত হুবহু প্ৰকাশ হৈছিল।

এই ঘটনাৰ দুটা দশকৰ পিছত ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ১৫ চেপ্তেম্বৰৰ দিনা ইয়াত শিৱসাগৰ জিলা কংগ্ৰেছৰ এক বৃহৎ সমদল বাহিৰ হোৱা কথা আছিল। ৯ চেপ্তেম্বৰৰ দিনা ইয়াৰ পৰিকল্পনা কৰিছিল বিমলাপ্ৰসাদ চলিহা, ৰবীন কাকতি, প্ৰিয় বৰুৱা, পূৰ্ণানন্দ চেতিয়া আৰু দুৰ্গাধৰ বৰুৱাই। ৰবীন কাকতিয়ে লিখিছে যে সেই সময়ত জিলা কংগ্ৰেছ হিচাপে গোটেই ভাৰতৰ ভিতৰতে শিৱসাগৰ জিলা কংগ্ৰেছখনেই বেছি শক্তিশালী আছিল। বাৰ হাজাৰতকৈ অধিক সদস্যভুক্ত এইখন জিলা কংগ্ৰেছৰ কাৰ্য্যালয় খুলিবলৈ গাঁৱৰ মানুহে ঘৰ সজা সঁজুলি নিজ নিজ গাঁৱৰ পৰা কঢ়িয়াই আনিছিল। সেইদিনাৰ মেলত সিদ্ধান্ত লোৱা হৈছিল যে ১৫ চেপ্তেম্বৰৰ দিনা শিৱসাগৰ নগৰলৈ কেউফালৰ পৰা ৰাইজৰ সমদল আহি বৰ্ডিং ফিল্ডত সমবেত হ’ব আৰু সমদলৰ এটা দল থানাৰফালে, আনটো দল শিৱসাগৰ কাছাৰী ঘৰৰফালে যাব আৰু থানা আৰু কাছাৰী ঘৰত জাতীয় পতাকা উত্তোলন কৰি শিৱসাগৰক স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰা হ’ব। কিন্তু ৯ চেপ্তেম্বৰৰ পুৱতি নিশা চিপাহীয়ে শিৱসাগৰ জিলা কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি মটৰত ভৰাই পোনে পোনে যোৰহাট জেল পোৱালেগৈ।

ভাৰত ত্যাগ আন্দোলনৰ পূৰ্বে শিৱসাগৰ জেলৰ জেইলাৰ আছিল তাৰক দেৱ। তেওঁ ৰাজনৈতিক বন্দীসকলক ইমানেই অত্যাচাৰ কৰিছিল যে বন্ধীসকলৰ আৰ্তনাদ হেনো বৰপুখুৰীৰ সিপাৰলৈকে শুনা গৈছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত শিৱসাগৰৰ ৰাজনৈতিক বন্দীসকলক যোৰহাট জেললৈ নিয়াৰ পিছত তাৰক দেৱো যোৰহাট জেলৰ জেইলৰ হৈ গ’ল। ১৯৪৪ চনৰ ২৪ জানুৱাৰীৰ দিনা যোৰহাটত জেলৰ ভিতৰত ৰাজনৈতিক বন্দীসকলক এওঁৰ নিৰ্দেশতে জধে-মধে চিপাহীয়ে মৰিয়াইছিল।

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰত স্বাধীন হ’ল। স্বাধীনতা উৎসৱত ভাগ ল’বলৈ সেইদিনাই দূৰ-দূৰণিৰ গাঁৱৰ ভালেমান লোক আহি নগৰত উপস্থিত হয়। বৰপুখুৰীপাৰ লোকাৰণ্য। শিৱদ’লত নামকীৰ্তন আয়োজন কৰা হৈছিল। সেইদিনা বৰপুখুৰীৰ উত্তৰ-পূব কোণত অৱস্থিত পিয়লি সমাধি ক্ষেত্ৰলৈ ১০-১২ জনীয়া লোকৰ শোভাযাত্ৰা উলিয়াই শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰা হৈছিল।

বৰপুখুৰীপাৰৰ ইতিহাস চকুৰ আগত ভাহি উঠিছিল সেই নিশা। মোৰ আগত নানা চৰিত্ৰ যেনে ৰাণী অম্বিকা, ৰেভাৰেণ্ড পেট্ৰিক, গনিং চাহাব, সৰিয়হৰ তেল চাকি জ্বলাই লৈ ফুৰা পাইক, শিখ চিপাহী আৰু পিয়লি ফুকন। লাহে লাহে চকু মুদ খালে আৰু মই বিছনাত বাগৰিলোঁ। পিছদিনা পুৱা ফুকন নগৰৰ ৰাজখোৱা পৰিয়ালৰ ঘৰলৈ গৈছিলোঁ। তেওঁলোক হেনো ৰসেন্দ্ৰ বৰুৱা বংশৰ। সেয়া ইতিহাসৰ আন এক পৃষ্ঠা।

– অভিনিবেশ শৰ্মা

Mob: +918638889534

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!