ভকতৰ গতি
লেখক- মূল: হৰিশংকৰ পৰসাই অনুবাদ: মিতালী নাৰায়ণি
সিদিনা যিদিনা ভকতৰ মৃত্যু হৈছিল, আমি কৈছিলোঁ যে ভকত স্বৰ্গবাসী হ’ল।
কিন্তু এতিয়া মই উমান পালোঁ যে ভকত স্বৰ্গবাসী নহয়, নৰকবাসীহে হৈছে। মই এই কথাটো ক’লেও কোনেও বিশ্বাস নকৰিব, কিন্তু এয়াই সত্য যে তেওঁক নৰকত ঠাই দিয়া হৈছে আৰু তেওঁৰ ওপৰত অনেক জঘন্য পাপৰ অভিযোগ আৰোপ কৰা হৈছে যাতে ভৱিষ্যতেও তেওঁ নৰকৰপৰা ৰেহাই পোৱাৰ তিলমানো আশা নাথাকে। এতিয়া আমি তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলেও একো লাভ নহ’ব। ডাঙৰ ডাঙৰ শোকসভায়ো তেওঁক নৰকৰপৰা উদ্ধাৰ কৰিব নোৱাৰিব।
গোটেই অঞ্চলটোৰ এতিয়াও মনত আছে যে ভকতে মন্দিৰত মাজনিশালৈ ভজন-কীৰ্তন কৰি থাকিছিল। প্ৰতি দুই-তিনি দিনৰ মূৰত তেওঁ কোনো সামৰ্থ্য্যবান শ্ৰদ্ধালু ভক্তৰ দ্বাৰা মন্দিৰত মাইক লগোৱাই লৈছিল আৰু সেইটোতে তেওঁৰ মণ্ডলীৰ সৈতে ভজন-কীৰ্তন কৰিছিল। কিবা উৎসৱ-পাৰ্বন হ’লেতো চৌব্বিশ ঘণ্টাই লাউড-স্পীকাৰত অখণ্ড কীৰ্তন চলিছিল। দুবাৰমান অঞ্চলটোৰ ৰাইজে এইধৰণৰ অখণ্ড কোলাহ’লৰ বিৰোধিতা কৰাত ভকতে ভক্তসকলক মতাই আনি অঞ্চলটো ভৰাই পেলাছিল আৰু পৰিস্থিতিটো বিদ্ৰোহৰ পৰ্য্যায় পোৱাইছিলগৈ। তেওঁ ঈশ্বৰৰ বাবে লাউড-স্পীকাৰৰ নামত প্ৰাণ দিয়া আৰু লোৱাৰ উপক্ৰম কৰিছিল।
এনেকুৱা এজন ঈশ্বৰ ভক্ত, যিয়ে কোটি কোটিবাৰ ঈশ্বৰৰ নাম লৈছে তেওঁক নৰকলৈ পঠিওৱা হ’ল আৰু আনহাতে অজামিল, যিয়ে ভুলতে এবাৰ ঈশ্বৰৰ নাম লৈছিল তেওঁ এতিয়াও স্বৰ্গসুখ ভোগ কৰি আছে। অন্ধকাৰণো ক’ত নাই!
ভকতজন পৰম বিশ্বাসেৰে সেই লোক পালেগৈ। বহুসময় ইফালে-সিফালে ঘূৰি-ফুৰি চালে। তাৰপাছত এখন দুৱাৰৰ ওচৰলৈ গৈ দ্বাৰৰক্ষীক সুধিলে- “স্বৰ্গৰ প্ৰবেশ-দ্বাৰ এইখনেই, নহয়নে?”
দ্বাৰৰক্ষীয়ে ক’লে- “হয়, এইখনেই।”
তেওঁ সেইদিশে আগবাঢ়িবলৈ বিচাৰিলে। দ্বাৰৰক্ষীয়ে তেওঁক ৰখালে– “প্ৰথমে প্ৰবেশ-পত্ৰ অৰ্থাৎ টিকেট দেখুৱাওক।”
ভকতৰ খং উঠিল। ক’লে- “এতিয়া ইয়াত মোৰো টিকেট লাগিব নেকি? মই কেতিয়াও একো টিকেট লোৱা নাই। মই টিকেট অবিহনে চিনেমা চাইছিলোঁ আৰু ৰেলগাড়ীতো বিনা টিকেটে ভ্ৰমণ কৰিছিলোঁ। কোনেও মোক টিকেট নোখোজে। আৰু এতিয়া ইয়াত, স্বৰ্গত টিকেট খুজিছ? মোক চিনি পাৱনে, মই ভকত হওঁ।”
দ্বাৰৰক্ষীয়ে শান্তভাৱে ক’লে- “হ’ব পাৰে। কিন্তু বিনা টিকেটত যাবলৈ নিদিওঁ। আপুনি প্ৰথমে সেই কাৰ্য্যালয়টোলৈ যাওক। তাতে আপোনাৰ পাপ-পুণ্যৰ হিচাপ হ’ব আৰু তেতিয়া আপুনি টিকেট পাব।”
ভকতে তেওঁক ঠেলি-হেঁচি আগবাঢ়ি যাবলৈ বিচাৰিলে। তেতিয়াই দ্বাৰৰক্ষীয়ে পাহাৰ সদৃশ বিশালকায় ৰূপ ধাৰণ কৰিলে আৰু তেওঁ ভকতক উঠাই আনি কাৰ্য্যালয়টোৰ খটখটিত থিয় কৰাই দিলে।
ভকত কাৰ্য্যালয়টোলৈ গ’ল। তাত কোনো এগৰাকী ডাঙৰ দেৱতাই ফাইল লৈ বহি আছিল। ভকতে হাতযোৰ কৰি ক’লে- “হয় হয়, মই চিনি পাইছোঁ, সাক্ষাৎ ভগবান কাৰ্তিক বহি আছে।”
ফাইলৰপৰা মূৰ তুলি তেওঁ ক’লে- “মই কাৰ্তিক নহওঁ। মিছাকৈয়ে তোষামোদ নকৰিবা। জীৱনজুৰি তাত কুকৰ্মবোৰ কৰি থাকিবা আৰু ইয়ালৈ আহি ‘হেঃ হেঃ’ কৰি থাকিবা। নামটো কোৱা।”
ভকতে তেওঁৰ নাম ক’লে, ধামো ক’লে।
সেই বিষয়াগৰাকীয়ে ক’লে- “তোমাৰ ঘটনাটো বৰ জটিল। তোমাক স্বৰ্গত ৰাখিম নে নৰকত সেয়া আমি এতিয়াও নিৰ্ণয় কৰিব পৰা নাই। ইয়াৰ ন্যায় বিচাৰ স্বয়ং ঈশ্বৰে কৰিব।”
ভকতে ক’লে- “মোৰ ঘটনাটো একেবাৰে চিধা। মই ষোল্ল অনাই ধাৰ্মিক মানুহ। ৰীতি-নীতি অনুসৰি সদায় ঈশ্বৰৰ ভজন-কীৰ্তন কৰোঁ। কেতিয়াও মিছা কথা কোৱা নাই আৰু চুৰিও কৰা নাই। মন্দিৰলৈ ইমান মহিলা আহে, কিন্তু মই সকলোকে মাতৃজ্ঞান কৰোঁ। মই কেতিয়াও একো পাপ কৰা নাই। মোক দেখোন আপুনি চকু মুদি স্বৰ্গলৈ পঠিয়াব পাৰে।”
বিষয়গৰাকীয়ে ক’লে- “ভকত, তোমাৰ ঘটনাটো তুমি ভবাৰ দৰে ইমান সৰল নহয়। পৰমাত্মাই নিজে তাত আগ্ৰহ দেখুৱাইছে। তোমাক মই তেওঁৰ সমুখত হাজিৰ কৰোৱাবলৈ কওঁ।”
এজন দূতে ভকতক ঈশ্বৰৰ দৰবাৰলৈ লৈ গ’ল। ভকতে বাটতে স্তুতি আৰম্ভ কৰিলে। যেতিয়া তেওঁ ঈশ্বৰৰ সমুখ পালেগৈ তেতিয়া খুব ডাঙৰ ডাঙৰকৈ ভজন গাবলৈ ধৰিলে-
“আমি ভকতৰ ভক্ত
শুনা অৰ্জুন এই প্ৰতিজ্ঞা নাভাঙিবা মোৰ”
ভজনটো সম্পূৰ্ণ কৰি গদ্গদ্ স্বৰে তেওঁ ক’লে- “আহ! আজি মোৰ জন্ম-জন্মান্তৰৰ মনোবাঞ্ছা পূৰ্ণ হ’ল। প্ৰভু, আপোনাৰ ৰূপ অপূৰ্ব। আপোনাৰ যিমানবোৰ ফটো সংসাৰত চলি আছে সেইবোৰৰ কাৰোৱে লগত এই ৰূপৰ তুলনা নহয়।”
ঈশ্বৰ তেওঁৰ স্তুতিত বিৰক্ত হৈছিল। ৰুক্ষস্বৰত ক’লে- “অ অ হ’ব হ’ব। এতিয়া কি লাগে তাকে কোৱা।”
ভকতে নিৱেদন কৰিলে- “প্ৰভু, আপোনাৰপৰানো কি লুকুৱাই ৰাখিব পাৰি! আপুনি দেখোন সকলোৰে মনৰ বাঞ্ছাৰ কথা জানে। কথাতে কয় নহয়- ৰামে সিপাৰৰপৰাই সকলোৰে হিচাপ ৰাখে, যিয়ে যি কাম কৰে তাৰেই ফল দিয়ে। প্ৰভু, মোক স্বৰ্গত কোনো ভাল ঠাই দিয়ে যেন!”
প্ৰভুৱে ক’লে- “তুমিনো এনে কি কৰিছা যে তুমি স্বৰ্গত স্থান পাবা?”
এই প্ৰশ্নত ভকতে আঘাত পালে। যাৰ বাবে ইমানবোৰ কৰিলে তেৱেঁই প্ৰশ্ন কৰিছে যে তুমি এনেকুৱা কি কৰিলা! পিছে ঈশ্বৰক খং কৰি কি লাভ- ইয়াকে ভাবি ভকতে উঠি আহিবলৈ ধৰা খংটো সম্বৰণ কৰিলে। সবিনয়ে ক’লে- “মই সদায় আপোনাৰ ভজন-কীৰ্তন কৰিছোঁ।”
ঈশ্বৰে সুধিলে- “কিন্তু কিয় লাউড-স্পীকাৰ লগাই লগাইছিলা?”
ভকতে সহজভাবে উত্তৰ দিলে- “তাত সকলোৱে লাউড-স্পীকাৰ লগায়। চিনেমাৱালা, মিঠাই বেপাৰী, কাজল বেচা বেপাৰী, মণিহাৰী- সকলোৱে তাক ব্যৱহাৰ কৰে, সেইবাবে ময়ো কৰিলোঁ।”
ঈশ্বৰে ক’লে- “সেইদৰে তেওঁলোকে নিজৰ সামগ্ৰীসমূহৰ বিজ্ঞাপন কৰে। তুমি মোৰ বিজ্ঞাপন কৰা নেকি? মোক বেচা-কিনা কৰিবলৈ মই কিবা সামগ্ৰী নেকি?”
ভকত স্তম্ভিত হৈ পৰিল। ভাবিলে, এওঁ ভগৱান হৈ এইবোৰ কেনেকুৱা কথা কৈছে!
ঈশ্বৰে সুধিলে- “তুমি মোক অন্তৰ্যামী বুলি মানি লৈছা, নহয়নে?”
ভকতে ক’লে- “হয়।”
ঈশ্বৰে ক’লে- “তেন্তে অন্তৰ্যামীক শুনাবলৈ লাউড-স্পীকাৰ কিয় লাগে? মই কলা নেকি? ইয়াত সকলো দেৱ-দেৱীয়ে মোক হাঁহে। মোৰ পত্নীয়ে মোক জোকাই কয়, এই ভকতজনে তোমাক কলা বুলি ভাবে।”
ভকতে কোনো উত্তৰ দিব নোৱাৰিলে।
ঈশ্বৰৰ খং বাঢ়িল। তেওঁ ক’বলৈ ধৰিলে- “তুমি বহু বছৰৰপৰা গোটেই অঞ্চলটোৰ মানুহক হাৰাশাস্তি কৰি আহিছা। তোমাৰ সেই হৈ-হাল্লাৰ বাবে তেওঁলোকে একো কাম ভালকৈ কৰিব পৰা নাছিল, শান্তিৰে বহিবও পৰা নাছিল আৰু শুবও পৰা নাছিল। তেওঁলোকৰ আধামানেতো মোক বেয়া পাবলৈয়ে লৈছিল। ভাবিবলৈ লৈছিল যে যদি ভগৱান নাথাকিলহেঁতেন তেন্তে এই ভকতজনে ইমান হাল্লা নকৰিলেহেঁতেন! তুমি মোক কিমান বদনাম কৰিছা চোৱা!”
ভকতে সাহস গোটাই ক’লে- “প্ৰভু আপোনাৰ নাম সকলোৰে কাণত পৰিছিল, এয়াতো তেওঁলোকৰ বাবে ভালেই আছিল। তেওঁলোকে অনায়াসে পুণ্য অৰ্জন কৰিব পাৰিছিল।”
ঈশ্বৰৰ ভকতৰ মূৰ্খামিত পুতৌ উপজিল। ক’লে- “নাজানো, ভক্ত মানেই মূৰ্খ হোৱাটো জৰুৰী বুলি পৰম্পৰাটো কেনেকৈ আৰম্ভ হ’ল! আৰু তোমাক কোনে ক’লে যে মই তোষামোদ ভাল পাওঁ? তুমি ভাবিছা নেকি যে তুমি মোৰ স্তুতি কৰিবা আৰু তাতে মই কোনো অলগৰ্দ্ধ বিষয়াৰ নিচিনাকৈ সুখী হ’ম? মই ইমান মূৰ্খ নহওঁ ভকত যে তোমাৰ লেখীয়া মূৰ্খই মোক পৰিচালিত কৰিব পাৰিবা। মই ছলাহী কথাত ভোল নাযাওঁ, কেৱল কামহে চাওঁ।”
ভকতে ক’লে- “প্ৰভু, মই কেতিয়াও কোনো কুকৰ্ম কৰা নাই।”
ঈশ্বৰে হাঁহিলে। ক’লে- “ভকত, তুমি মানুহ হত্যা কৰিছা। তাৰ আদালতৰপৰা তুমি সাৰি গ’লা, কিন্তু ইয়াৰপৰা সাৰি যাব নোৱাৰিবা।”
ভকতৰ ধৈৰ্য্যৰ বান্ধ ছিগি গ’ল। তেওঁ তেওঁৰ ঈশ্বৰৰ অভিপ্ৰায়ৰ ওপৰত সন্দিহান হৈ পৰিল। ভাবিবলৈ ধৰিলে, এওঁ ঈশ্বৰ হৈয়ো মিছা কথা কৈ আছে। অলপ খঙত কৈ উঠিল- “আপুনি মিছা কথা ক’লে শোভা নাপায়। মই কাৰোৱে প্ৰাণহানি কৰা নাই। এতিয়ালৈ মই সকলো সহি আছিলোঁ, কিন্তু মিছা অভিযোগ আৰোপ কৰাটো মই সহিব নোৱাৰিম। আপুনি প্ৰমাণ দিয়ক যে মই কাৰোবাৰ হত্যা কৰিছোঁ।”
ঈশ্বৰে ক’লে- “তথাপি মই কওঁ যে তুমি হত্যাকাৰী, এতিয়াই প্ৰমাণ দি আছোঁ।”
ঈশ্বৰে এজন আদ্বয়সীয়া মানুহক মতাই আনিলে। ভকতক সুধিলে- “এওঁক চিনি পোৱা?”
“হয়, এওঁ আমাৰ অঞ্চলৰ ৰমানাথ মাষ্টৰ। কিবা বেমাৰত ভুগি যোৱা বছৰ মৰিছিল।” – ভকতে প্ৰত্যয়েৰে ক’লে।
ঈশ্বৰে ক’লে- “বেমাৰত নহয়. তোমাৰ ভজন-কীৰ্তনৰ বাবেহে মৰিছে। তোমাৰ লাউড-স্পীকাৰৰ বাবেহে মৰিছে। ৰমানাথ, তোমাৰ মৃত্যু কিয় হৈছে?”
ৰমানাথে ক’লে- “প্ৰভু, মই অসুস্থ আছিলোঁ। চিকিৎসকে কৈছিল যে মোক ভালকৈ টোপনি আৰু বিশ্ৰামৰ প্ৰয়োজন। কিন্তু ভকতৰ লাউড-স্পীকাৰত অখণ্ড কীৰ্তনৰ বাবে মই শুবও নোৱাৰিলোঁ আৰু বিশ্ৰামো কৰিব নোৱাৰিলোঁ। দ্বিতীয় দিনা মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু চতুৰ্থ দিনা মোৰ মৃত্যু হ’ল।”
ইয়াকে শুনি ভকতৰ ভয় লাগিল।
তেতিয়াই এজন বিশ-একৈশ বছৰীয়া যুৱকক মাতি অনোৱা হ’ল। তেওঁ সুধিলে- “সুৰেন্দ্ৰ, তুমি কেনেকৈ মৰিলা?”
“মই আত্মহত্যা কৰিছিলোঁ।” -সুৰেন্দ্ৰই ক’লে।
“কিয় আত্মহত্যা কৰিছিলা?” – ঈশ্বৰে সুধিলে।
সুৰেন্দ্ৰনাথে ক’লে- “মই পৰীক্ষাত ফেইল কৰিছিলোঁ।”
“পৰীক্ষাত কিয় ফেইল কৰিছিলা?”
“ভকতৰ লাউড-স্পীকাৰৰ বাবে মই পঢ়িব পৰা নাছিলোঁ। মোৰ ঘৰটো মন্দিৰৰ কাষতে।”
ভকতৰ মনত পৰিল এই ল’ৰাজনে তেওঁক অনুনয়-বিনয় কৰিছিল যে পৰীক্ষাৰ দিনকেইটাত যেন লাউড-স্পীকাৰ নলগায়।
ঈশ্বৰে কঠোৰ হৈ ক’লে- “তোমাৰ পাপবোৰলৈ চাই মই তোমাক নৰকত ৰাখিবলৈ আদেশ দিলোঁ।”
ভকতে পলাবলৈ চেষ্টা কৰিছিল, কিন্তু নৰকৰ ভয়ানক দূতে আহি তেওঁ ধৰি পেলালে।
আমাৰ ভকত, যাক আমি ধৰ্মাত্মা বুলি ভাবিছিলোঁ আজি তেওঁ নৰক ভুগি আছে।