ভিক্ষাৰীজন, মূল: দ্য বেগাৰ ,ৰচনা: এণ্টন চেখভ
অনুবাদ : ৰশ্মিৰেখা বৰা।
’”দয়ালু মহাশয়, কৃপা কৰক ; এই দুখীয়ালৈ মন কৰক, ভোকত আতুৰ হৈ আছোঁ! তিনিদিন ধৰি মই একো খাবলৈ পোৱা নাই। থকাৰ ভাড়া দিবলৈ হাতত পাঁচ কোপেকো নাই। ভগৱানৰ শপত। আঠ বছৰ ধৰি মই গাঁৱৰ শিক্ষক হিচাপে আছিলোঁ। ষড়যন্ত্ৰৰ বলি হৈ মই সেই ঠাই এৰিবলগীয়া হ’ল। মই অপযশৰ বলি হ’লোঁ। প্ৰায় এবছৰ হ’বৰ হ’ল মোৰ কোনো কাম নথকা।”
এডভোকেট ছেৰ্গেয়ে খোজনীয়াজনৰ ফটা ৰংযোৱা অভাৰকোট, নিস্তেজ, নিচাগ্ৰস্ত চকুকেইটা, সিফালৰ গালখনৰ ৰঙা দাগটোলৈ চালে আৰু অনুভৱ হ’ল যেন মানুহজন আগতেও ক’ৰবাত দেখিছে।
”মই কালুগাত এটা কামৰ প্ৰস্তাৱ পাইছোঁ, “ ভিক্ষাৰীজনে পুনৰ ক’লে, “কিন্তু তালৈ যাবলৈ পইছা নাই। দয়া কৰি মোক সহায় কৰক; মই খুজিবলৈ লাজ পাইছোঁ, কিন্তু পৰিস্থিতিয়ে মোক বাধ্য কৰাইছে।”
ছেৰ্গেইৰ মানুহজনৰ জোতাত দৃষ্টি পৰিল,এপাত ওখ আৰু এপাত চাপৰ আছিল। হঠাতে তেওঁৰ কিবা এটা মনত পৰিল।
”চোৱা, মই তোমাক পৰহি সাদোভ্যা ষ্ট্ৰিটত লগ পাইছোঁ যেন লাগিছে, “ তেওঁ ক’লে, “কিন্তু তুমি মোক এজন বহিষ্কৃত ছাত্ৰ বুলি পৰিচয় দিছিলা, এজন গাঁৱলীয়া শিক্ষক বুলি নহয়। মনত পৰিছে?”
”না নাই, সেইটো হ’ব নোৱাৰে, “ থতমত খাই ভিক্ষাৰীজনে ভুনভুনালে। “মই এজন গাঁৱৰ শিক্ষক, আৰু আপুনি বিচাৰে যদি আপোনাক মোৰ নথি-পত্ৰ দেখুৱাব পাৰোঁ।”
”হ’লনে মিছা কৈ! তুমি নিজকে এজন ছাত্ৰ বুলি কৈছিলা আনকি তোমাক কিহৰ বাবে বহিষ্কাৰ কৰা হৈছিল, সেয়াও কৈছিলা। মনত নাই তোমাৰ?”
ছেৰ্গেই ৰঙা পৰি গ’ল আৰু বিৰক্তিৰে প্ৰৱঞ্চকজনৰপৰা মুখ ঘূৰালে।
”এয়া অসৎ কাম মহোদয়!” তেওঁ চিঞৰি ক’লে। “এয়া প্ৰৱঞ্চনা। মই পুলিচ পঠিয়াম তোমাক ধৰিবলৈ, ধিক্কাৰ দিছোঁ তোমাক!”
” মহাশয়!”, নিজৰ বুকুত হাত থৈ তেওঁ ক’লে, “আচল কথাটো হ’ল মই মিছা কৈছিলোঁ। মই ছাত্ৰও নহয়, স্কুল শিক্ষকো নহয়। সেই সকলোবিলাক মনে সজা কাহিনী। আগতে মই ৰাছিয়ান সংগীত দলত গাইছিলোঁ আৰু মদ্যপানৰ বাবে মোক আঁতৰোৱা হৈছিল। কিন্তু আৰুনো মই কি কৰিব পাৰোঁ? মিছাৰ আশ্ৰয় নোলোৱাকৈ মই চলিব নোৱাৰোঁ। সঁচা ক’লে মোক কোনেও একো নিদিয়ে। কি কৰিব পাৰোঁ মই?”
”তুমি কি কৰিব পাৰা? তুমি সুধিছা তুমি কি কৰিব পাৰা?” ছেৰ্গেই তেওঁৰ কাষলৈ গৈ উচ্চস্বৰে ক’লে-“কাম কৰা! সেইটো কৰিব পাৰা তুমি! নিশ্চয়কৈ তুমি কাম কৰিব লাগে।”
” কাম–হয়, মই নিজেও জানো সেইটো; কিন্তু মই কাম ক’ত পাম?”
” তুমি মোৰ বাবে খৰি কাটিবলৈ কেনে পাবা?”
” মই সেইটো নকৰোঁ বুলি নকওঁ, কিন্তু আজিকালি কুশল খৰিকটিয়াসকলৰো খাবলৈ নোপোৱাকৈ থাকিব লগা অৱস্থা হৈছে।”
” তুমি মোক খৰি কাটি দিবা?”
” হয় মহাশয়, মই কাটিম।”
” ঠিক আছে, সোনকালেই পাম আমি।”
ছেৰ্গেয়ে হাত মোহাৰি বেগাই আগবাঢ়িল। তেওঁ ৰান্ধনীশালৰপৰা তেওঁৰ ৰান্ধনীগৰাকীক মাতি আনিলে।
”এইফালে, অল্গা, “ তেওঁ ক’লে, “এই ভদ্ৰলোকজনক খৰিৰ চালিৰ তললৈ লৈ যোৱা আৰু তেওঁক খৰি কাটিবলৈ দিয়া।”
ভিক্ষাৰী বেশধাৰীজনে উপায়হীনভাৱে কান্ধ জোকাৰিলে, যেন ভালদৰে একো বুজি পোৱা নাই, আৰু স্বয়ংক্ৰিয়ভাবে ৰান্ধনীগৰাকীৰ পিছ ল’লে। তেওঁৰ ভাব-ভংগীৰপৰা স্পষ্টকৈ বুজা গ’ল যে তেওঁ খৰি কাটিবলৈ যাবলৈ এইবাবে সন্মত হোৱা নাছিল যে তেওঁৰ ভোক লাগিছিল আৰু কাম কৰিব বিচাৰিছিল, সেয়া কৰিব লগা হৈছিল গৰ্ব আৰু লাজৰ বাবে। কাৰণ তেওঁ নিজৰ কথাত বন্দী হৈছিল। এয়াও স্বাভাৱিক যে ৰাগিয়াল দ্ৰব্যই তেওঁক শক্তিহীন কৰিছিল আৰু তেওঁৰ স্বাস্থ্য ঠিক নাছিল আৰু কষ্ট কৰিবলৈ অলপো আগ্ৰহ অনুভৱ কৰা নাছিল।
ছেৰ্গেই লৰালৰিকৈ ডাইনিং ৰূমলৈ গ’ল। তাৰ খিৰিকীৰে কাঠৰ চালিখন আৰু চোতালত ঘটি থকা সকলোবোৰ দেখা পোৱা যায়। খিৰিকীৰ কাষত থিয় হৈ ছেৰ্গেয়ে দেখিলে, ৰান্ধনীগৰাকী আৰু ভিক্ষাৰীজন পিছ দুৱাৰেদি চোতাললৈ ওলাই গৈছে আৰু অপৰিষ্কাৰ বৰফবোৰ গছকি চালিখনৰফালে গৈছে। অল্গাই তেওঁৰ লগত যোৱাজনৰফালে খঙেৰে চালে, কিলাকুটিৰে তেওঁক ঠেলি একাষৰীয়া কৰিলে, চালিখনৰ খিলিটো খুলিলে আৰু খঙেৰে দুৱাৰখন ঠেলা মাৰি দিলে।
তাৰপিছত তেওঁ ছদ্মবেশী শিক্ষকজনে কাঠৰ টুকুৰা এটাত বহি দুই হাতৰ মুঠিৰ মাজত ৰঙা গাল দুখন আঁউজাই চিন্তামগ্ন হৈ বহি থকা দেখা পালে। মহিলাগৰাকীয়ে তেওঁৰ ভৰিৰ ওচৰতে কুঠাৰ এখন দলিয়াই দিলে, খঙেৰে থুৱালে, আৰু তেওঁৰ ওঁঠৰ ভংগীত তেওঁ গালি পৰা বুলি ধৰিব পাৰিলে। ভিক্ষাৰীজনে লওঁনলওঁকৈ খৰিৰ টুকুৰা এটা নিজৰফালে টানি ল’লে, ভৰি দুখনৰ মাজত ৰাখিলে আৰু দুৰ্বলভাৱে কুঠাৰখন মাৰি পঠিয়ালে। খৰিটুকুৰা উফৰি গ’ল। ভিক্ষাৰীজনে সেইডাল আকৌ টানি ল’লে, ঠাণ্ডা পৰা হাত দুখন এবাৰ ফুৱাই ল’লে, আৰু কুঠাৰখনেৰে আকৌ সাৱধানে ঘপিয়ালে, যেন জোতাৰ আগত লাগিব পাৰে নাইবা আঙুলি কাটিব পাৰে বুলি ভয়; খৰিটুকুৰা পুনৰাই উফৰি পৰিল।
ছেৰ্গেইৰ খংটো মাৰ গৈছিল আৰু তেওঁৰ দুখ লাগিল, আৰু এজন নষ্ট যোৱা, মদাহী, হয়তোবা অসুখীয়া লোক এজনক ঠাণ্ডাত শাৰীৰিক কষ্ট কৰিবলৈ লগোৱাৰ বাবে নিজৰ ওচৰতে লাজ পালে।
এঘণ্টামানৰ পিছত অল্গা আহিল আৰু
জনালে যে খৰিবোৰ কটা হৈ গৈছে।
” ভাল কথা! তেওঁক আধা ৰুবল দি দিয়া, “ ছেৰ্গেয়ে ক’লে। “যদি তেওঁ বিচাৰে, তেওঁ প্ৰতি মাহৰ প্ৰথম দিনটোত আহি খৰি কাটিব পাৰে। আমাৰ ইয়াত তেওঁৰ বাবে সদায় কাম ওলাব।
মাহৰ আৰম্ভণিত অঘৰীজনৰ পুনৰ আগমন হ’ল আৰু আকৌ আধা ৰুবল উপাৰ্জন কৰিলে, যদিওবা তেওঁ যেনে-তেনেহে নিজৰ ভৰিত থিৰে ৰব পাৰিছিল। সেইদিনাৰপৰা তেওঁ প্ৰায় চোতালত আহি থিয় হৈছিল আৰু প্ৰতিবাৰেই তেওঁক কাম দিয়া হৈছিল। এতিয়া তেওঁ বৰফ আঁতৰাই, কাঠৰ চালিখন ঠিক-ঠাক কৰি ৰাখে, ৰাগ আৰু তুলিৰ ধূলি কোবাই আঁতৰায়। প্ৰতিবাৰে তেওঁ বিছৰপৰা ছল্লিছ কোপেক পায়, আনকি এযোৰ পুৰণি ট্ৰাউজাৰো তেওঁক দিয়া হৈছিল।
ছেৰ্গেই যেতিয়া আন এটা ঘৰলৈ গৈছিল, তেওঁ তাক আচবাববিলাক বান্ধিবলৈ আৰু স্থানান্তৰিত কৰিবলৈ মাতিছিল। এইবাৰ সেই অঘৰীজন শান্ত, উদাস আৰু নিশ্চুপ আছিল। তেওঁ আচবাববিলাক তেনেকৈ চুৱাই নাছিল আৰু গাড়ীৰ পিছে পিছে মূৰ তল কৰি খোজ দিছিল। তেওঁ ব্যস্ত হৈ পৰা যেন দেখুৱাবলৈ চেষ্টাও কৰা নাছিল। তেওঁ ঠাণ্ডাত মাত্ৰ কঁপিছিল আৰু লাজ পাইছিল যেতিয়া গাড়ীৰ চালকসকলে তাৰ এলাহ, দুৰ্বলতা আৰু ফটা ফেন্সি অভাৰকোটটোক লৈ ঠাট্টা-মস্কৰা কৰিছিল। স্থানান্তৰণ সম্পূৰ্ণ হোৱাত ছেৰ্গেয়ে তেওঁক মাতি পঠিয়ালে।
” বাৰু, মই সুখী হৈছোঁ যে মোৰ কথাই প্ৰভাৱ পেলালে, “ এটা ৰুবল হাতত দি তেওঁ ক’লে, “এয়া তোমাৰ কষ্টৰ বাবে। মই দেখিছোঁ, তুমি শান্ত-শিষ্ট আৰু কাম কৰাক লৈ কোনো আপত্তি নাই। তোমাৰ নাম কি?”
” লুছকফ”
”বাৰু লুছকফ, মই তোমাক আন পৰিছন্ন কাম দিব পাৰোঁ। তুমি লিখিব পাৰা?”
”পাৰোঁ।”
” তেনে এই চিঠিখন কাইলৈ মোৰ এজন বন্ধুৰ ওচৰলৈ লৈ যাবা আৰু তোমাক প্ৰতিলিপি প্ৰস্তুত কৰাৰ কাম দিব। ভালদৰে কাম কৰিবা, মদ নাখাবা, আৰু মই তোমাক কি কৈছোঁ মনত ৰাখিবা। বিদায়!”
এজন মানুহক সঠিক পথলৈ আনিব পৰাৰ বাবে সুখী হৈ ছেৰ্গেয়ে মৰমেৰে লুছকফৰ কান্ধত থপৰিয়ালে আৰু যাবৰ পৰত হাতখনো আগবঢ়াই দিলে। লুছকফে চিঠিখন ল’লে আৰু সেইদিনাৰপৰা সেই চোতাললৈ কাম বিচাৰি নহা হ’ল।
দুবছৰ পাৰ হ’ল। তেনেতে এদিন সন্ধিয়া ছেৰ্গেয়ে থিয়েটাৰৰ টিকট ঘৰৰ সন্মুখত আসনৰ বাবে পইছা দিবলৈ ৰৈ থাকোঁতে কেঁকোৰা ফাৰ লগা কলাৰৰ কোটৰ সৈতে ছীলৰ ছালেৰে তৈয়াৰী টুপী পিন্ধা ক্ষীণ মানুহ এজন তেওঁৰ দাঁতিত ৰৈ থকা মন কৰিলে। এই ক্ষীণকায় মানুহজনে টিকট বিক্ৰী কৰা মানুহজনক লাহেকৈ গেলেৰিৰ এটা টিকটৰ কথা ক’লে আৰু কপাৰৰ মুদ্ৰাৰে দাম পৰিশোধ কৰিলে।
”লুছকফ, এয়া তুমিনে?”, সেই ক্ষীণকায় মানুহজনক তেওঁৰ আগৰ খৰিকটীয়াজন বুলি চিনি পাই ছেৰ্গেয়ে চিঞৰি উঠিল। “তুমি কেনে আছা? কি কৰি আছা? তোমাৰ সকলোবিলাক কেনে চলিছে?”
”সকলো ঠিক আছে। বৰ্তমান মই নটাৰী আৰু এমাহত পঁয়ত্ৰিশ ৰুবল পাওঁ।”
” ভগৱানক ধন্যবাদ! খুব ভাল কথা! তোমাৰ বাবে মই সুখী হৈছোঁ। মই খুব আনন্দিত, লুছকফ। চোৱা, এককথাত তুমি মোক নাতি। তুমি জানা, মই তোমাক সঠিক পথত নিবলৈ চেষ্টা চলালোঁ, তোমাৰ মনত আছেনে মই কিমান যত্ন কৰিলোঁ তোমাক লৈ, আছে নিশ্চয়? তোমাক মই পাওঁতে তুমি সিদিনা মোৰ ভৰিৰ ওচৰত মাটিত পৰি আছিলা। তোমাক ধন্যবাদ, পৈণত মানুহজন, মোৰ কথা নাপাহৰাৰ বাবে।”
”আপোনাকো ধন্যবাদ মহাশয়, “ লুছকফে ক’লে। “যদি মই আপোনাৰ ওচৰলৈ নাহিলোঁহেঁতেন, মই আজিলৈকে নিজকে শিক্ষক অথবা ছাত্ৰ বুলিয়েই কৈ ফুৰিলোহেঁতেন। হয়, আপোনাৰ ছত্ৰছায়ালৈ আহি মই নিজকে খাৱৈৰপৰা তুলি আনিলোঁ।”
”মই বৰ আনন্দিত, সঁচাকৈ।”
”আপোনাৰ বদান্যতা আৰু কামৰ বাবে ধন্যবাদ। মই আপোনাৰ আৰু আপোনাৰ ৰান্ধনীগৰাকীৰ ওচৰত কৃতজ্ঞ। ভগৱানে সেই ভাল আৰু ভদ্ৰ মহিলাগৰাকীৰ মংগল কৰক! আপুনি সেইসময়ত সঠিক কথা ক’লে আৰু মই মৃত্যুৰ দিনালৈকে আপোনাৰ ওচৰত ধৰুৱা হৈ ৰ’ম, কিন্তু, সঠিককৈ ক’বলৈ গ’লে যি মোক বচালে, সেয়া আছিল আপোনাৰ ৰান্ধনী অল্গা।”
” সেয়া কেনেকৈ?”
” যেতিয়া মই আপোনাৰ ঘৰলৈ খৰি কাটিবলৈ আহিছিলোঁ, তেওঁ ক’বলৈ আৰম্ভ কৰিছিল, “উফ্ মদাহীটো! নি:কিনটো! তুমি ধ্বংস হ’লা।” আৰু তাৰ পিছত তেওঁ মোৰ সন্মুখত বহি লয় আৰু দুখ কৰিবলৈ আৰম্ভ কৰে, মোৰ মুখলৈ চায়
আৰু কান্দে। “দুৰ্ভগীয়াটো! তোমাৰ বাবে এই পৃথিৱীত অকণো সুখ নাই আৰু নাহিবও। মদাহীটো! তুমি নৰকত জ্বলিবা। উহ্, দুখী প্ৰাণীটো!” তেওঁ একে গতিতে কৈয়ে যায় জানে। তেওঁ কিমান কষ্ট অনুভৱ কৰে আপোনাক বুজাব নোৱাৰোঁ, মোৰ বাবে কিমান যে চকুপানী বোৱায়। কিন্তু মূল কথাটো আছিল, মোৰ হৈ তেওঁ খৰি কাটে। মই আপোনাৰ এডালো খৰি কাটিব নোৱাৰোঁ, জানেনে? সকলোখিনি তেওঁ কৰে। এই কথাই মোক কিয় বচালে, মই কিয় সলনি হ’লোঁ, তেওঁক দেখা পাই মদ খোৱা কিয় বন্ধ কৰিলোঁ, মই বুজাব নোৱাৰিম। মই মাত্ৰ জানো, তেওঁৰ কথা আৰু আন্তৰিকতাৰেভৰা কামবোৰে মোৰ হৃদয়ত এক পৰিৱৰ্তনৰ সৃষ্টি কৰিলে; তেওঁ মোক সঠিক পথলৈ আনিলে আৰু এই কথা মই কেতিয়াও নাপাহৰোঁ। যি হওক, যাবৰ হ’ল, বেল বাজিছে।” লুছকফে মূৰ দোঁৱালে আৰু গেলেৰিলৈ খোজ আগবঢ়ালে।