ভিজুৱেলাইজেছন (Visualisation)
লেখক- ঋতুপৰ্ণ বৰুৱা
দিনাংক ১৩ আগষ্ট ২০০৮ চন। স্থান আছিল চীনদেশৰ বেইজিং নেছনেল একুৱাটিক চেণ্টাৰ। গ্ৰীষ্মকালীন অলিম্পিকৰ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই সাঁতোৰ প্ৰতিযোগিতাৰ ফাইনেল খেলখনৰ কাৰণে মাইকেল ফেল্পছ সাজু হৈছে। ইতিমধ্যে সেইবছৰৰ অলিম্পিকত তেতিয়ালৈ ৪টা সোণৰ পদক জিকি মাইকেলে এক আলোড়নৰ সৃষ্টি কৰিছিল। ৰাতিপুৱা ঠিক ছাৰে ছটা বজাত মাইকেলৰ ঘড়ীৰ এলাৰ্ম বাজে। মাইকেলে উঠি তৈয়াৰ হৈ পোনেই ব্ৰেকফাষ্ট টেবুললৈ যায় আৰু তাৰ পৰা চিধা পুলৰ ওচৰ পায়গৈ। ঠিক ৮ বজাৰ লগে লগে মাইকেলে তেওঁৰ ষ্ট্ৰেছিং( Stretching) আৰম্ভ কৰে আৰু তাৰ পিছত পুলত নামি ৱাৰ্ম আপ লেপ সমূহ সম্পন্ন কৰে। তাৰ পিছত মাইকেলে নিজৰ সাঁতোৰৰ পোছাকযোৰ পিন্ধা আৰম্ভ কৰে। শৰীৰত লিপিত খাই ধৰা পোছাকযোৰ পিন্ধি শেষ কৰোঁতে মাইকেলক প্ৰায় বিছ মিনিটৰ প্ৰয়োজন হয়। ইয়াৰ পিছত মাইকেলে কানত হেডফোন লগাই সকলো প্ৰতিযোগিতাৰ আগত শুনাৰ দৰে নিজৰ প্ৰিয় হিপ হ’প সংগীত শুনিবলৈ ধৰে।
ঠিক দহবজাৰ লগে লগে প্ৰতিযোগিতা আৰম্ভ হয় আৰু ৰেফাৰীৰৰ বন্দুকৰ শব্দৰ পিছতেই মাইকেলে আন প্ৰতিযোগীসকলৰ সৈতে পানীত জাপ দিয়ে। পানীত নমাৰ পিছতেই মাইকেলে অনুভৱ কৰিব পাৰ যে সকলো ভবা মতে হৈ থকা নাই। প্ৰথম লেপ শেষ হোৱাৰ অগতেই মাইকেলৰ চশমা যোৰত পানীৰ ভাপ জমা হব ধৰে আৰু দ্বিতীয় লেপৰ মাজভাগ পায় মানে মাইকেলৰ চশমা যোৰত পানী সোমাই মাইকেলৰ দৃষ্টি শক্তি সম্পূৰ্ণ ভাবে লোপ পায়। সাতোৰ প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ কাৰণে পুলৰ দেৱালৰ T চিহ্নতো দেখা পোৱাতো অতিশয় জৰুৰী হয়। কিন্তু মাইকেল এনে কোনো পৰিস্থিতৰ বাবে আগতিয়াকৈ প্ৰস্তুত হৈ আছিল। পুলৰ মাজত পানীৰ বাষ্পৰ বাবে যেতিয়া মাইকেলৰ দৃষ্টি শক্তি কমি আহিছল ঠিক তেতিয়াই মাইকেলৰ কানত প্ৰশিক্ষক ব’ব ৱমেনৰ কণ্ঠস্বৰ ভাহি আহিছিল -‘‘মাইকেল ভিডিঅ’ টেপতো চলোৱা।” মাইকেলে লগালগ চকু বন্ধ কৰি তেওঁৰ ষ্ট্ৰক সমূহ গণনা কৰা অৰম্ভ কৰে আৰু ঠিক অনুশীলনত কৰাৰ দৰেই একৈছ নং ষ্ট্ৰকৰ পিছত পুলৰ দেৱালখন চুবলৈ হাত আগবঢ়াই দিয়ে। মাইকেলে চশমা খুলি যেতিয়া স্কৰ বৰ্ডৰ ফালে চাই তেতিয়া তাতে তেওঁৰ নামৰ আগত প্ৰথম স্থানৰ লগতে ৱৰ্ল্ড ৰেৰ্কড বুলিও লিখা আছিল।
প্ৰশিক্ষক ব’ব ৱমেনে মাইকেলৰ দৈনন্দিন অনুশীলনসমূহত কল্পনা শক্তিৰ প্ৰয়োগ বহু আগৰ পৰাই অন্তৰ্ভুক্ত কৰিছিল। তেওঁ মাইকেলক সদায় অনুশীলনৰ শেষত চকু মুদি প্ৰতিযোগিতাৰ বাস্তৱ পৰিবেশৰ কল্পনা কৰিবলৈ শিকাইছিল। মাইকেলে এই কাল্পনিক অনুশীলনসমূহত তেওঁ পুলত জাপ দিয়াৰ পৰা আৰম্ভ কৰি শৰীৰত পানীৰ স্পৰ্শ, ষ্টেডিয়ামত দৰ্শকৰ কোলাহল আদি প্ৰতিযোগিতাৰ সকলো পৰিবেশ চকু বন্ধ কৰি হুবহু কল্পনা কৰিবলৈ প্ৰয়াস কৰিছিল। সেইবাবে প্ৰতিযোগিতাৰ দিনা প্ৰতিকূল পৰিবেশৰ বাবে যেতিয়া মাইকেলৰ দৃষ্টিশক্তি সম্পূৰ্ণভাৱে লোপ পালে, ই মাইকেলৰ কাৰণে কোনো অচিনাকি অনুভৱ নাছিল। আৰু ই একমাত্ৰ সম্ভৱ হৈছিল মাইকেলে আগতে কৰি থকা কাল্পনিক অনুশীলনসমূহৰ বাবে। সেই অনুশীলনসমূহত প্ৰশিক্ষক ব’ব ৱমেনে মাইকেলক সকলো ধৰণৰ সম্ভাব্য পৰিস্থিতিৰ বিষয়ে কল্পনা কৰিবলৈ শিকাইছিল আৰু দৃষ্টিশক্তি লোপ পোৱা পৰিস্থিতিও তাৰ এক অংশ আছিল। আৰু যিহেতু মাইকেলৰ অৱচেতন মনত তেনে এক প্ৰতিকূল পৰিস্থিতিত কৰণীয় পদক্ষেপসমূহৰ এক পূৰ্বানুমান অৱধাৰিত হৈ আছিল সেয়ে মাইকেলে শীতল মস্তিষ্কৰে সকলো পদক্ষেপ লৈ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব পাৰিলে।
এই চমৎকাৰি প্ৰক্ৰিয়াটোৰ নামেই হৈছে ভিজুৱেলাইজেছন। মানৱ সভ্যতাৰ ইতিহাসত এই প্ৰক্ৰিয়াৰ ব্যৱহাৰ বহু পুৰণি৷ শতিকাৰ আৰম্ভণিতে বিখ্যাত আমেৰিকান লিখক নেপোলিয়ন হিলে তেওঁৰ যুগজয়ী কিতাপ থিংক এণ্ড গ্ৰ ৰিচ্চত (Think and Grow Rich) ভিজুৱেলাইজেছন প্ৰক্ৰিয়াৰ বিষয়ে বিতংকৈ উল্লেখ কৰাৰ পিচৰে পৰা লাহে লাহে ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিচৰে পৰা ক্ৰীড়াৰ ক্ষেত্ৰখনত প্ৰশিক্ষকসকলে এই প্ৰক্ৰিয়াৰ ব্যৱহাৰৰ দ্বাৰা খেলুৱৈ সকলৰ গুণগত মানদণ্ড উন্নত কৰাত বহুখিনি সফলতা লাভ কৰে। এই প্ৰক্ৰিয়াত মূলতঃ আমি বিচৰা ধৰণৰ ফলাফল লাভ কৰাৰ এক মানসিক চিত্ৰ কল্পনা শক্তিৰ দ্বাৰা আমাৰ মনত তৈয়াৰ কৰা হয়। এই মানসিক চিত্ৰ তৈয়াৰ কৰোঁতে আমাৰ যিমান পাৰোঁ সিমান কেইটা ইন্দ্ৰিয়ৰ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া আমাৰ মনত এই মানসিক চিত্ৰ বেছি সুদৃঢ় হয় আৰু ইস্পিত ফলাফলৰ আশা বহু বাঢ়ি যায়।
এই প্ৰক্ৰিয়াৰ ব্যৱহাৰ যে কেৱল ক্ৰীড়াক্ষেত্ৰতে এনে নহয়। জীৱনৰ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ প্ৰস্তুতি কৰাৰ বাবে আমি ভিজুয়েলাইজেচনৰ প্ৰয়োগ কৰিব পাৰো। উদাহৰণস্বৰূপে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা এজন পৰীক্ষাৰ্থীয়েও ভিজুয়েলাইজেছনৰ প্ৰয়োগৰ দ্বাৰা সুফল লাভ কৰিব পাৰে। তেনে এজন পৰীক্ষাৰ্থীয়ে তেওঁৰ প্ৰস্তুতিৰ বিভিন্ন স্তৰ সমূহ দৈনিক কল্পনা কৰিব পাৰে। একে ধৰণে বীমা কোম্পানীত কাম কৰা এজন ব্যক্তিয়ে তেওঁৰ এজন সম্ভাব্য গ্ৰাহকক এটা পলিচি কিদৰে বিক্ৰি কৰিব তাৰো এক মানসিক চিত্ৰ কল্পনা কৰিব পাৰে। তেওঁ কল্পনা কৰিব পাৰে যে তেখেতে গ্ৰাহকজনৰ সন্মুখত বহি পলিচিৰ গুণাগুণ সমূহ বৰ্ণনা কৰি আছে, গ্ৰাহকজনে কিছু আপত্তি দৰ্শাইছে আৰু আমাৰ এজেণ্টজনে সেই আপত্তিসমূহৰ সুদুত্তৰ দিয়াৰ প্ৰয়াস কৰিছে। লগতে তেও বহি থকা কোঠাতোৰ পৰিবেশ যেনে খিৰিকিৰে অহা পোহৰ, বাহিৰত চলি থকা গাড়িৰ শব্দ, বতাহত অহা ফুলৰ শুবাস সকলোখিনি কল্পনা কৰিব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁ যিমানেই ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰিব সিমানেই মানসিক চিত্ৰখন তেওঁৰ মনত সুদৃঢ় হ’ব। আৰু এজেণ্টজনে যেতিয়া গ্ৰাহক জনক প্ৰকৃততে লগ পাব তেতিয়া তেওঁৰ অৱচেতন মনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তেওঁক নিশ্চিতভাৱে সহায় কৰিব।
আজিৰ দিনত আমাৰ সকলোৰে জীৱনত কিবা নহয় কিবা সপোন আছে। কাৰোবাৰ হয়তো মনে বিচৰা চাকৰি এটা পোৱাৰ সপোন আছে আৰু কোনোৰ হয়তো এটা সফল ব্যৱসায় গঢ়ি তোলাৰ সপোন আছে। এই সপোনসমূহ দিঠকত পৰিণত কৰিবলৈ হ’লে আমাৰ হাতত এক নিশ্চিত পৰিকল্পনা থাকিব লাগিব আৰু আমি প্ৰতিদিনে তাৰ বাবে কাম কৰি যাব লাগিব। এই পৰিকল্পনাৰ লগত আমি ভিজুৱেলাইজেছন প্ৰক্ৰিয়াৰ যোগ দিলে ই নিশ্চিতভাৱে ইস্পিত ফলাফলৰ আশা বহু মাত্ৰা বঢ়াই দিয়ে। সেয়ে আহক আমি সকলোৱে এবাৰ হলেও আমাৰ জীৱনত ভিজুৱেলাইজেছন প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰি চাও।