ভ্লগাৰ
লেখক- -- অসীমা শইকীয়া দত্ত
সন্তানক থবলৈ অথবা নিবলৈ আহি স্কুলৰ গেটৰ বাহিৰত ৰৈ থকা মাকবোৰৰ ভিতৰত মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল আদহীয়া মানুহ এগৰাকীয়ে। আমন-জিমনকৈ থাকে। কথাও নাপাতে। এদিন প্ৰকাশিত লেখাৰ কথা উলিয়াই মোক সুধিছিল- “প্ৰিয়সখীত লিখা অসীমা শইকীয়া দত্ত তুমিয়ে নেকি?” হাঁহি এটা ওঁঠত বিৰিঙাই হাতখন খামুচি ধৰিছিল। “ৰসাল মানুহজনী এইজনীয়ে বুলি গমেই নাপাইছিলোঁ।”
সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক এটা গঢ় লৈ উঠিল আমাৰ দুয়োৰে মাজত। প্ৰায়ে কয়, “যাবাচোন মোৰ ওচৰলৈ। মোৰ ঘৰলৈ, দীঘলীয়াকৈ বহি কথা হ’ম।”
কিন্তু মোৰ যোৱা নহ’ল।
তেখেতক লগ পোৱাৰপৰা মোৰ মনলৈ আহে এখেতক মই কৰবাত দেখিছোঁ। ক’ত দেখিছোঁ? মনত পেলাই অৱশেষত উদ্ধাৰ কৰিলোঁ তেখেতৰ বোৱাৰীয়েক ভাল ভ্লগাৰ। টুথপেষ্ট দঙাৰপৰা সম্পত্তিৰ তালিকালৈকে দেখুৱায়। তাতে এখেতক দেখিছিলোঁ। বৰ মৰমত আপদালত ৰাখিছে।
মানুহগৰাকীৰপৰা গম পালোঁ, তেখেত শিক্ষয়িত্ৰী আছিল। অৱসৰ ল’লে। এতিয়া নাতিটোক অনা নিয়া কৰে, এনেই থকাতকৈ।
মন কৰোঁ তেখেতক আনে বোৱাৰীয়েকৰ ভ্লগৰ কথা শলাগিলে, তেখেতক ইমান মৰমত ৰাখিছে বুলি শলাগিলে শেঁতাকৈ হাঁহে। একো নকয়।
মাজতে বহুদিন তেখেতৰ খা-খবৰ নাপাওঁ। নহা হ’ল মানুহগৰাকী।
অৱশেষত ময়ে ওলালোঁ এদিন, তেখেতৰ ঠিকনা বিচাৰি। বিল্ডিং এটাৰ নাম কৈছিল, তাৰ কাষতে ফুলে জকমকাই থকা ঘৰটো।
গলিটোত সোমাই বিল্ডিঙতো পালোঁ। চিনি পালোঁ, মানুহগৰাকীৰ বোৱাৰীয়েকৰ ভ্লগত দেখিছোঁ। মোৰ খেলিমেলি লাগিল, ভ্লগত দেখাটো মানুহগৰাকীৰ ঘৰ নহয়নেকি, যিটো বোৱাৰীয়েকে দেখুৱায়।
চুচুক্-চামাককৈ অলপ আগলৈ গৈ তেখেতে কোৱা ফুলেৰে জকমকাই থকা ঘৰখন পালোঁ।
ঠিকনা মতেই গৈছোঁ। বাঁহৰ জপনাখনৰ দুফালে দুজোপা তগৰ, প্ৰাক বসন্তৰ কলি থোপাথোপে ওলাইছে। ৰঙা মাটিৰে চোতালখনৰ সোঁমাজত জকমকাই আছে বাগানভেলীয়াজোপা। ন-কইনাৰ কপালৰ ফোঁটটোৰ দৰে ৰঙাকৈ দগমগাই আছে। তাতে আঁউজি কেঁচা গাধৈ বেৰৰ ঘৰটো। জপনাৰপৰা ঘৰৰ সমুখলৈকে লাগনি তামোলৰ গছ। তাত কপৌফুলৰ বিলাসিতা। বসন্তক আদৰিবলৈ সিহঁতো সাজু। ঘৰখন যেন কোনো চিত্ৰকৰে আঁকি থৈ যোৱা এখন ছবিহে! পিৰালিত পিৰালিফুলবোৰৰ চমক। চিকুন কৰি থৈছে, ফাগুনে তচনচ কৰিলেও ঠিক জীৱন এটাৰ দৰে। আশ্ৰম সদৃশ সেউজীয়াৰ মাজেত ৰৈ মূৰ তুলি চালোঁ আকাশখনলৈ। ঠেঁহ পাতি ওন্দোলাই আছে, বৰষুণ এজাক নামো নামো।
শালিকা এজাকৰ কেলকেলনি ওচৰৰ পকী ৰঙা হৈ থকা নুনীজোপাত। কিচিৰমিচিৰ কোলাহলেৰে ঘৰচিৰিকা এজাক মোৰ উপস্থিতিৰ উমান পাই ভূৰুঙকৈ উৰা মাৰিল।
চোতালতে ৰৈ পৰিৱেশটো চালোঁ। মবাইলটো উলিয়াই তেখেতৰ নম্বৰতো লগালোঁ। ভিতৰৰপৰা ভাহি আহিছে গানৰ কলি এটা, ……“ঠেঁহ পাতি থৰ লগা থুপাথুপি থোৰবোৰে, লাজুকীয়া লহমাতে লহপহালে লাহেকে, গভীৰৰে গভীৰতে গুণগুণ গানবোৰে, সোধে মাথোঁ কেনে আছা তুমি!”
ফোন ৰিচিভ নাইকৰা তেখেতে।
মাত দিব খুজিও বুকুত যেন সোপা মাৰি ধৰিছে কিবা এটাই অজান আশংকাত, ভালে আছেনে তেখেত! ।
হেঁচুকি উলিয়াই আনিলোঁ মাতষাৰ,
“কোন আছে ঘৰত?”
বতাহজাকে মাতটো বোকোচাত বান্ধি লৈ গ’ল খোলা খিৰিকিৰ পৰ্দাখন উৰুৱাই ভিতৰলৈ।
খিৰিকিৰ ফাঁকত এহাল চকু।
ভিতৰৰপৰা ওলাই আহিল বাঁহৰ দৰ্জা এখন ঠেলি মানুহ এগৰাকী। সুধিলে, “কাক বিচাৰিছে?”
মই তেখেতৰ নামটো ক’লোঁ।
মানুহগৰাকীয়ে মাতি নিলে ভিতৰলৈ।
তেখেতৰ পিছে পিছে গৈ বিছনা এখনৰ কাষ পালোঁগৈ।
ওপৰলৈ মুখ কৰি পৰি থকা জৰাজীৰ্ণ শৰীৰৰ মানুহগৰাকী, ঘোলা চকুৰে চিলিঙলৈ চাই শুই আছে।
মৌন সময়বোৰ। খোলা খিৰিকিৰে সোমাই অহা বতাহ এজাক সো-সোৱাই আছিল আমাৰ মাজত।
মোক মাতি নিয়া গৰাকীয়ে তেখেতক জনাই, “আইতা চাওক আপোনাক বিচাৰি কোনোবা আহিছে।”
তেখেতে কঁপা কঁপা মাতেৰে সোধে -“কোন বাবাটো নেকি?”
মানুহজনীয়ে ভেকাহি মাৰে, “পুতেকে এসপ্তাহে খবৰেই নাই লোৱা। মৰিলে পুৰি বিল্ডিং বনাবলৈ সাজু হৈ আছে। মই নথকাহ’লে আপদালত ৰখা ঘৰটো ফেঁটী সাপে বাহ লৈ মৰি গোন্ধালে হয় কেতিয়াবাই। বোৱাৰীয়েকে অকল চল্লিশ হাজাৰৰ পেঞ্চনটোৰ আশাত জীয়াই ৰাখিছে, চেলাইন দুটামান দি। এই মানুহজনীৰ মুখত অকল পুতেকৰ নাম। ভালত চাকৰণী কৰি ৰাখি বিল্ডিঙটোত থাকিবলৈ চুক অকনো নিদিয়ে, পুৰণা ঘৰটোত পৰি থাকেহি।”
গম পালোঁ মানুহগৰাকী কেয়াৰ টেকাৰ, ৫০০০ দৰমহাত আছে লগতে।
পৰি থকা মানুহজনীয়ে মোলৈ চাই ৰয় – “লনী নেকি? মোক ঘৰলৈ নিবলৈ আহিছ? যাম মই, লৈ ব’ল। স্কুলো বন্ধ। চুটিত আছোঁ। বাবাটোৱে থৈ আহিব তাৰ গাড়ীত।”
তেখেত উঠিব খোজে, নোৱাৰে, শীৰ্ণ দেহা।
কেয়াৰটেকাৰগৰাকীয়ে ক’লে, লনী ভনীয়েকৰ নাম। কেতিয়াবাই মৰিল। ভ্ৰম বকিছে আইতাই। চকুৰপানীবোৰ সামৰিব পৰা নাছিলোঁ।
মানুহগৰাকীয়ে মোক চিনি নাপালে। ভাবিলোঁ মানুহৰ মুখাবোৰ, পুতেক বোৱাৰীয়েকৰ চচিয়েল মিডিয়াত মুখাখন, মাকক মৰমত ৰখাৰ। টকা ঘটিছে মাকক লৈও মিছাৰে, ভিউজৰ আশাত। আৰু সেই মাকেও এষাৰো বদনাম নক’লে সিহঁতৰ আঁচোৰ পৰে বুলি। সেই মুখাখনো বেলেগ ধৰণৰ, নিজৰ যি নহওক সিহঁত ভালে থাকক। মুখাৰো যে কত ৰং! নিজক জীয়াই ৰখাৰ, নিজৰ বাঃ বাঃ লোৱাৰ।
খিৰিকিয়েদি উৰি থকা পৰ্দাৰ ফাঁকেৰে চকুত পৰে ওন্দোলাই থকা আকাশখন গাজি গোমৰি উঠিছে। চকুৰ পানীবোৰ লুকুৱাবলৈও এজাক বৰষুণৰ বৰ দৰকাৰ কেতিয়াবা।
বৰষুণজাক অহাৰ আগতেই মই বাট ল’লোঁ। মানুহগৰাকীৰ হাতখন চুই মাত লগাওঁ, তেখেতে খামোচ মাৰি ধৰে, “লনী মোকো লৈ যা, বৰ কষ্ট পাইছোঁ।”
চকুহাল মচি বাট লওঁ। মবাইলটো কি ভাবি জানো নেটটো অন কৰোঁ, দেখো বোৱাৰীয়েকৰ ভ্লগ।
“হাই গাইজ, আজি আমাৰ বেটাৰ বাৰ্থ দে’। আপোনালোকক লৈ যাম এখন নামী-দামী ৰিজৰ্টলৈ। য’ত আমি চেলিব্ৰেট কৰিম ……! ভিদিঅ’টো শেষলৈকে চাই থাকিব।”
কমেণ্ট বক্সত শলাগৰ অভাৱ নাই।
পেজটো ব্লক কৰি বিল্ডিঙটোলৈ চাওঁ, কিবা দৈত্য এটাৰ দৰে লাগিল।