মন নোযোৱাবোৰৰ কথা
লেখক- ডা° নমিতা বৈশ্য
কেতিয়াবা একো কৰিবলৈ মন নাযায়,
দেওবাৰৰ পুৱা,
একো কৰিবলৈ মন নাযায়।
পুৱাৰ বাতৰি কাকত দুৱাৰ মুখত পৰি ৰয়,
উঠাবলৈ মন নাযায়।
চাহৰ চচপেন অভিমানত ওফোন্দি ৰয়,
চাহ একাপ কৰিবলৈ মন নাযায়।
জুই একুৰা হৈ চকু দুটা পুৰি থাকে অহৰহ, কান্দিবলৈ মন নাযায়।
বুকুত গভীৰ হৈ অহা শূন্যতা, খান্দিবলৈ মন নাযায়।
কোন কাহানিবাৰ পুৰণি এটা স্মৃতি, শুকাই কৰকৰীয়া হৈ পৰি আছে-এচুকত,
জোকাৰিবলৈ মন নাযায়।
বতাহ ভৰ্তি -ধূলিময় বিষাদ,
মচিবলৈ মন নাযায়।
কেতিয়াবা কাৰোবাক কথা দিছিলোঁ – এদিন দেওবাৰে আহিম, এবেলা বহিম, কথা পাতিম, একাপ কফি খাম…
এতিয়া, মন নাযায়।
এবাকচ আধাপঢ়া কিতাপ,
একডজন আধালেখা গল্প,
আধা অভিমান,
আধৰুৱা কাজিয়া,
আধাখোৱা চুমা
একোয়েই শেষ কৰিবলৈ মন নাযায়।
মন নাযায়- কথা পাতিবলৈ,
মন নাযায়- হাঁহিবলৈ,
মন নাযায়-বিপন্ন হ’বলৈ,
মন নাযায়
মন নাযায়
আনকি প্ৰেমত পৰিবলৈকো মন নাযায়।
বোধহয়,
মন নোযোৱাবোৰৰো এটা সুকীয়া ঘৰ থাকে,
থাকে নিজা আকাশ আৰু পৃথিৱী
মন নোযোৱাবোৰৰো এটা ক’লনি থাকে
মন যোৱাবোৰৰ দৰে মন নোযোৱা বোৰেও কেতিয়াবা কথা ক’ব খোজে।
পৃথিৱীৰ আদিমতম নিৰ্জনতাৰ দৰে কথা৷