মহাকাশীয় বতৰ আৰু আদিত্য – এল ১

লেখক- নৱদ্বীপ শইকীয়া

পুৱা সোনকালে উঠাৰ অভ্যাস যিসকলৰ আছে তেওঁলোকৰ বাবে হয়তো সাধাৰণ যেন লাগিব কিন্তু কেতিয়াবা উজাগৰী নিশা কটাই দোকমোকালিত বহুদিনৰ পিছত দেখা পূব আকাশৰ বেলিটো বা যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি গৈ বছৰৰ শেষত কোনোবা এক বনভোজ থলীৰ পৰা দেখা পোৱা নদীৰ বুকুত লহিয়াই যোৱা বেলিটোৰ নয়নাভিৰাম দৃশ্যই ক্ষন্তেকৰ বাবে হ’লেও আমাক ভাবুক কৰি তোলে, প্ৰকৃতিৰ ৰূপত ভোল যাবলৈ বাধ্য কৰে ৷ আগতে মানুহে ভাবিছিল, পৃথিৱীৰ চাৰিওফালে পূবৰ পৰা পশ্চিমলৈ বেলিটো যায় আৰু এপাক ঘূৰি পুৱা আকৌ ওলায়হি ৷ পিছে, ক’পাৰনিকাছে ক’লে, পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে ৷ একেদৰেই, সৌৰজগতৰ আন আন গ্ৰহ, গ্ৰহাণু আদিয়েও সূৰ্য্যৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে ৷ এই সূৰ্য্যটো আচলতে আমাৰ আটাইতকৈ ওচৰৰ তৰা ৷ ইয়াৰ বাবেই পৃথিৱীত জীৱৰ উৎপত্তি সম্ভৱ হৈছে। ই আমাক প্ৰয়োজনীয় শক্তি দিয়ে ৷ ইয়াৰ বিষয়ে যদি সৱিশেষ জনা হয়, তেন্তে এই বিশ্বব্ৰহ্মাণ্ডৰ আন আন তৰাবোৰৰ বিষয়েও বুজিবলৈ সহজ হ’ব ৷ ইয়াৰ ভৰ প্ৰায় ১.৯৯ × ১০৩০ কে জি বা প্ৰায় ৩, ৩৩, ০০০টা পৃথিৱীৰ ভৰৰ সমান ৷ ইয়াৰ ঘনত্ব ১.৪ গ্ৰাম/ঘন ছে মি, অৰ্থাৎ পানীৰ ঘনত্বতকৈ অলপহে বেছি ৷ বেলিটোৰ ব্যাসাৰ্ধটো পৃথিৱীৰ ব্যাসাৰ্ধতকৈ ১০৯ গুণ বেছি ৷ ইয়াৰ পৃষ্ঠভাগৰ উষ্ণতা প্ৰায় ৬০৫০০ ছেলছিয়াছ আৰু কেন্দ্ৰভাগৰ উষ্ণতা প্ৰায় ১৫০ লাখ ডিগ্ৰী ছেলছিয়াছ ৷ পৃথিৱীৰ পৰা গড়ে প্ৰায় ১৫ কোটি কিলোমিটাৰ আঁতৰত থকা সূৰ্য্যটোৰ বয়স প্ৰায় ৪৫৫ কোটি বছৰ ৷ এই গড় দূৰত্বটোক মহাজাগতিক একক বুলি কোৱা হয় ৷ ই গেছৰ এক জ্বলন্ত পিণ্ড য’ত প্ৰায় ৭৩% হাইড্ৰ’জেন, ২৫% হিলিয়াম আৰু ২% অন্যান্য গেছ আছে ৷ ইয়াত হাইড্ৰ’জেন পৰমাণুৰ নিউক্লীয় সংযোজনৰ ফলত হিলিয়াম আৰু প্ৰচুৰ পৰিমাণৰ শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো অহৰহ চলি থাকে বাবেই আমি আৰু লগতে সমগ্ৰ সৌৰজগতে তাপ আৰু পোহৰ লাভ কৰি আছে ৷ অৱশ্যে, জীৱৰ সৃষ্টি হ’ব পৰাকৈ যি সন্তুলিত পৰিমাণৰ শক্তিৰ প্ৰয়োজন সেয়া কেৱল পৃথিৱীয়েহে লাভ কৰিছে ৷ সহজতে ক’বলৈ হ’লে, সেয়া সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ গড় দূৰত্বৰ বাবেহে সম্ভৱ হৈ উঠিছে ৷

 

সূৰ্য্য আৰু আমাৰ সৌৰজগতখন ব্যাপি থকা ব্যৱস্থাটোক সৌৰমণ্ডল (Heliosphere) বুলি কোৱা যাক দুভাগত ভগাব পাৰি ৷ সূৰ্য্যৰ পৰা শনি গ্ৰহ পৰ্যন্ত আন্তঃ সৌৰমণ্ডল (প্ৰায় ১০ মহাজাগতিক একক দূৰত্ব) আৰু তাৰ পিছত সৌৰচ্ছাদন (Heliosheath) য’ত সৌৰ ধুমুহা হঠাতে কমি যায় (প্ৰায় ১০০ মহাজাগতিক একক দূৰত্ব)৷ এই সৌৰ ধুমুহা কি, অলপ পিছত আলোচনা কৰিম ৷ পৃথিৱীৰ বায়ুমণ্ডলৰ যিদৰে বিভিন্ন স্তৰ আছে, সূৰ্য্যৰো আছে ৷ ইয়াৰ স্তৰকেইটা হ’ল – খালী চকুৰেই দেখা পোৱা বেলিটোৰ আলোকমণ্ডল (Photosphere), বৰ্ণমণ্ডল (Chromosphere) আৰু সৌৰমুকুট (Corona) ৷ তাৰ পিছতেই বহু দূৰলৈ বিয়পি থকা সৌৰমণ্ডল ৷ এই সৌৰপৃষ্ঠখন কিন্তু শান্ত–শিষ্ট নহয় ৷ এইখন যথেষ্ট সক্ৰিয় । ইয়াত অনবৰতে শক্তিৰ লগত জড়িত কিবা নহয় কিবা এটা ঘটিয়েই থাকে ৷ এইটোৱেই হৈছে বিজ্ঞানীসকলৰ বাবে কৌতূহলৰ বিষয়, গৱেষণাৰ বিষয় ৷ এই সৌৰমুকুট অঞ্চলৰ পৰা প্ৰ’টন আৰু ইলেকট্ৰনৰ দৰে আহিত কণাৰ নিৰৱচ্ছিন্ন প্ৰৱাহ হয় যি এক ধুমুহাৰ দৰে গোটেই সৌৰজগততে বৈ যায় ৷ ইয়াকে সৌৰধুমুহা বুলি কোৱা হয় যাৰ বেগ প্ৰতি ছেকেণ্ডত ৪০০ কিলোমিটাৰৰ পৰা ৮০০ কিলোমিটাৰ পৰ্যন্ত হয় ৷ যেতিয়া এই ধুমুহা আহি পৃথিৱীৰ কাষ চাপেহি তেতিয়া আহিত কণাবোৰ পৃথিৱীৰ চুম্বকমণ্ডলত প্ৰৱেশ কৰে আৰু ভূচুম্বকৰ ক্ষেত্ৰৰেখাবোৰৰ দিশত উত্তৰ আৰু দক্ষিণ মেৰু অঞ্চলত বায়ুমণ্ডলীয় কণিকাবোৰৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ ফলত ৰঙীণ মেৰুপ্ৰভাৰ সৃষ্টি কৰে ৷ অহৰহ হৈ থকা এই সৌৰ ধুমুহা বা সৌৰ প্ৰৱাহৰ উপৰিও সূৰ্য্যই কেতিয়াবা এবাৰতে এক বৃহৎ পৰিমাণৰ আহিত কণা বা পদাৰ্থ প্ৰচণ্ড বেগেৰে নিৰ্গত কৰে ৷ এনে পৰিঘটনাবোৰক কিৰীটি ভৰ নিক্ষেপন (CME – Coronal Mass Ejection) বোলে যাৰ ফলত সৃষ্টি হোৱা ভূচুম্বকীয় ধুমুহাই পৃথিৱীৰ বিদ্যুৎ সংযোগ, দূৰসংযোগ ব্যৱস্থা আৰু কৃত্ৰিম উপগ্ৰহ প্ৰণালীবোৰৰ বিস্তৰ ক্ষতিসাধন কৰিব পাৰে ৷ সৌৰ ধুমুহাত প্ৰচণ্ড বিস্ফোৰণৰ বাবে সৌৰপৃষ্ঠত হোৱা অতি তীব্ৰ বিদ্যুৎ-চুম্বকীয় বিকিৰণ প্ৰক্ৰিয়াটোকে সৌৰশিখা (Solar Flare) বুলি কোৱা হয় ৷ এই শিখাবোৰ পৃষ্ঠৰ পৰা বহু হাজাৰ কিলোমিটাৰ ওপৰলৈ উঠে আৰু ইলেকট্ৰন, ৰেডিঅ’ তৰংগ আদিৰ বিকিৰণ হয় ৷ এই সকলোবোৰেই পৃথিৱীত দীঘলীয়া সময়ৰ বাবে বিজুলী যোগান ব্যাহত কৰাৰ দৰে অন্যান্য অসুবিধাৰ সৃষ্টি কৰিব পাৰে ৷ বেলিটোৰ এই মৌলিক কথাসমূহৰ বাহিৰেও আন বহুতো কথা বা তথ্য ইতিমধ্যে বিভিন্ন পৰীক্ষা–নিৰীক্ষাৰ পৰা জানিব পৰা গৈছে যদিও এতিয়াও বহুতো প্ৰশ্নৰ উত্তৰ পাবলৈ বাকী আছে ৷ সেই বাবেই বিজ্ঞানীসকলে

বিশেষভাৱে নিৰ্মিত মহাকাশ যানৰ সহায়ত অভিযানবোৰ আৰম্ভ কৰিছে ৷ এতিয়ালৈকে আলোচনা কৰা কথাখিনিৰ পৰা আপোনালোকৰ নিশ্চয় মহাকাশীয় বতৰ (Space Weather) আৰু গ্ৰহীয় বায়ুমণ্ডলত ইয়াৰ প্ৰভাৱ সম্পৰ্কে এক থুলমূল ধাৰণা হৈছে ৷ পৰৱৰ্তী সময়ত এই বিষয়ে বিষদভাৱে লিখিবলৈ চেষ্টা কৰিম ৷

 

যোৱা ২ ছেপ্টেম্বৰত সূৰ্য্য অভিমুখে উৎক্ষেপিত আদিত্য – এল ১ অভিযানৰ মূল উদ্দেশ্যই হৈছে মহাকাশীয় বতৰ নিৰীক্ষণ কেন্দ্ৰ হিচাপে কাম কৰা ৷ মহাকাশীয় বতৰ নিৰীক্ষণ কিমান গুৰুত্বপূৰ্ণ আপোনালোকে অনুধাৱন কৰিছেই । গতিকে ই এক আন্তঃৰাষ্ট্ৰীয় সমস্যা ৷ এই মহাকাশ যানখনৰ পৰা লাভ কৰিবলগীয়া তথ্যবোৰ বিশ্ববাসীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব আৰু এই তথ্যৰ গণনাৰ ভিত্তিত যিকোনো সৌৰ ধুমুহা জাতীয় পৰিঘটনাৰ উমান আগতীয়াকৈ সঠিকভাৱে পোৱা যাব ৷ সূৰ্য্যৰ পৃষ্ঠৰ উষ্ণতা প্ৰায় ৬০০০ ডিগ্ৰী ছেলছিয়াছ হোৱাৰ পৰিৱৰ্তে পৃষ্ঠৰ ওপৰৰ সৌৰ কিৰীটি অঞ্চলৰ উষ্ণতা ২০ লাখ ডিগ্ৰী ছেলছিয়াছ । কি সাংঘাতিক পাৰ্থক্য! সাধাৰণতে একুৰা জুইৰ পৰা যিমানেই আঁতৰলৈ যোৱা হয় সিমানেই গৰম কমে ৷ কিন্তু সূৰ্য নামৰ জুইকুৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা হয় ৷ এই বিষয়ে অৱশ্যে বিজ্ঞানীসকলৰ হাতত বৰ বিশেষ তথ্য নাই । আদিত্য – এল ১ অভিযানে এই বিষয়ে যথেষ্ট তথ্য যোগান ধৰিব । সৌৰ উষ্ণতাৰ এনে তাৰতম্যই পৃথিৱীৰ ওপৰত কেনে প্ৰভাৱ পেলায় তাৰ বিষয়েও অধ্যয়ন কৰাত ই সহায় কৰিব ৷

ইছৰোৰ অধ্যক্ষ এছ সোমনাথে জনোৱা মতে, আদিত্য মহাকাশ যানখন ৬ জানুৱাৰীত সূৰ্যৰ দিশে প্ৰায় ৫ মহীয়া যাত্ৰাৰ অন্তত নিৰ্ধাৰিত এল ১ বিন্দুত উপস্থিত হৈছেগৈ ৷ এল ১ বিন্দু বা লাগ্ৰাঞ্জিয়ান ১ বিন্দু হৈছে পৃথিৱী আৰু সূৰ্যৰ মাজৰ এক উল্লেখযোগ্য অৱস্থান ৷ এই বিন্দুসমূহত যদি কেনেবাকৈ মহাকাশ যান এখন স্থাপন কৰিব পৰা যায়, তেন্তে সেইখনে প্ৰায় সুস্থিৰভাৱে সেই বিন্দুক প্ৰদক্ষিণ কৰি বিন্দুটোৰ সৈতেই ঘূৰি থাকিব পাৰে ৷ এই লাগ্ৰাঞ্জিয়ান বিন্দুসমূহত মহাকাশৰ দুটা বিশালকায় বস্তুৰ পাৰস্পৰিক মহাকৰ্ষণ বলৰ মান প্ৰায় শূন্য হোৱাৰ দৰেই হয় ৷ যিকোনো দুটা মহাকাশীয় বিশাল ভৰৰ বস্তুৰ তন্ত্ৰ এটাৰ ৫টা লাগ্ৰাঞ্জিয়ান বিন্দু থাকে ৷ ইয়াৰে এল ১, এল ২ আৰু এল ৩ বিন্দুকেইটা তুলনামূলকভাৱে অস্থিৰ আৰু বিশাল ভৰৰ বস্তু দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাডালত একেৰেখীয়ভাৱে অৱস্থিত ৷ আন দুটা বিন্দু এল ৪ আৰু এল ৫ তুলনামূলকভাৱে সুস্থিৰ আৰু এই বিন্দু দুটাই চিত্ৰত দেখুওৱাৰ দৰেই বিশাল মহাকাশীয় বস্তু দুটাৰ কেন্দ্ৰৰ সৈতে সমবাহু ত্ৰিভুজৰ দৰে আকৃতিৰ একোটা শীৰ্ষবিন্দুত থাকে ৷

 

এই এল ১ বিন্দুৰ পৰা সূৰ্য্যক বাধাহীনভাৱে নিৰীক্ষণ কৰিব পৰা যাব আৰু পৃথিৱীৰ সৈতে আদিত্য যানখনৰ নিয়মিত সংযোগ থাকিব ৷ সেয়েহে আদিত্যৰ দৰে আন আন মহাকাশ যানসমূহৰ বাবে এই এল ১ বিন্দুটো যথেষ্ট তাৎপৰ্য্যপূৰ্ণ ৷ পূৰ্বানুমান মতে পৃথিৱীৰ পৰা ১.৫ মিলিয়ন কিলোমিটাৰ আঁতৰৰ এই এল ১ বিন্দুক কেন্দ্ৰ কৰি আদিত্য এল ১ এ এটা হেল’ কক্ষপথত প্ৰদক্ষিণ কৰিব আৰু সূৰ্য্যক নিয়মিতভাৱে নিৰীক্ষণ কৰিব ৷ এই ধৰণৰ অভিযান এয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বে International Sun-Earth Explorer (ISEE-3), Genesis অভিযান, ইউৰোপীয় মহাকাশ সংস্থাৰ LISA Pathfinder, চীনৰ Chang’e 5 lunar orbiter আৰু নাছাৰ Gravity Recovery and Interior Recovery (GRAIL) অভিযান আদি চলিছিল ৷ বৰ্তমান সময়ত সম্পূৰ্ণ কাৰ্য্যক্ষম অৱস্থাত এল ১ বিন্দুক প্ৰদক্ষিণ কৰি থকা মহাকাশ যানসমূহ হ’ল নাছাৰ WIND, SOHO, ACE আৰু DISCOVER ৷

 

পি এছ এল ভি – চি ৫৭ উৎক্ষেপন যানৰ সহায়ত মহাকাশলৈ বুলি উৎক্ষেপিত হোৱাৰ পিছৰে পৰা, মানে যোৱা ২ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈকে ৪টা পৰ্যায়ৰ কক্ষপথ সলনি কৰা প্ৰক্ৰিয়াৰ অন্তত আদিত্য এল ১ য়ে গন্তব্যস্থান অভিমুখে ৰাওনা হয় ৷ ১৮ ছেপ্তেম্বৰৰ দিনা পোন প্ৰথমবাৰৰ বাবে মহাকাশ যানখনত সংলগ্ন আদিত্য সৌৰ ধুমুহা কণিকা পৰীক্ষণ সঁজুলি (Aditya Solar Wind Particle EXperiment – ASPEX) ৰ এটা অংশ Supra Thermal & Energetic Particle Spectrometer (STEPS) সঁজুলিটোৱে বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰে ৷ এই STEPS সঁজুলিটোত ভিন ভিন দিশৰ তথ্য সংগ্ৰহৰ বাবে ৬টা সংবেদী যন্ত্ৰ বা চেঞ্চৰ লগোৱা আছে আৰু এই সংগৃহীত তথ্যসমূহে পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ উপস্থিতিত চৌপাশৰ কণিকাবোৰৰ আচৰণ বুজাত সহায় কৰিব ৷ আহমেদাবাদ স্থিত মহাকাশ প্ৰয়োগ কেন্দ্ৰ (SAC) ৰ সহযোগত ভৌতিক গৱেষণা পৰীক্ষাগাৰ (Physical Research Laboratory – PRL) এ ইয়াক সাজি উলিয়াইছিল ৷ আন এটা সঁজুলি High Energy L1 Orbiting X-ray Spectrometer (HEL1OS) এ যোৱা ২৯ অক্টোবৰৰ দিনা প্ৰায় ১০ ঘণ্টা সময় সক্ৰিয় হৈ থাকি সৌৰ শিখাসমূহৰ অধ্যয়ন কৰে ৷ ASPEX ৰ সৈতে সংলগ্ন আনটো সঁজুলি Solar wind Ion Spectrometer (SWIS) এ ২ নৱেম্বৰত প্ৰথমবাৰৰ বাবে সক্ৰিয় হয় আৰু তথ্য সংগ্ৰহ আৰম্ভ কৰে ৷ বৰ্তমান আটাইকেইটা সঁজুলিয়েই সুচাৰু ৰূপে কাম কৰি আছে ৷ শেহতীয়াকৈ যোৱা ৬ ডিচেম্বৰত ১১খন ভিন ভিন পোহৰ ফিল্টাৰৰ সহায়ত ২০০ নেন’মিটাৰ আৰু ৪০০ নেন’মিটাৰ তৰংগদৈৰ্ঘ্য্যৰ পৰিসৰৰ ভিতৰত পোনপ্ৰথম বাৰৰ বাবে সূৰ্যৰ সম্পূৰ্ণ চিত্ৰ ল’বলৈ সক্ষম হয় ৷ ইছৰোয়ে সামাজিক মাধ্যমৰ দ্বাৰা মুকলি কৰা চিত্ৰ কেইখন সঁচাকৈয়ে মনোমোহা আছিল ৷ এই কামত ব্যৱহৃত সঁজুলিটো আছিল Solar Ultraviolet Imaging Telescope (SUIT) যাৰ দ্বাৰা সূৰ্য্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলৰ চিত্ৰ লোৱা হৈছিল ৷ এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজনীয় হৈছে যে মানুহে দেখা পোহৰৰ তৰংগদৈৰ্ঘ্যৰ পৰিসৰ হৈছে ৪০০ নেন’মিটাৰৰ পৰা ৭০০ নেন’মিটাৰ ৷ অৰ্থাৎ, SUIT সঁজুলিটোৱে আমি নেদেখা পোহৰৰ ফিল্টাৰ ব্যৱহাৰ কৰি চিত্ৰ লৈছিল ৷

 

একেদৰে আন আন যাৱতীয় পৰীক্ষাসমূহ কৰিব পৰাকৈ সকলোবোৰ সঁজুলিৰে কাৰ্য্যকুশলতা ইতিমধ্যে পৰীক্ষা কৰা হৈছে আৰু প্ৰতিটো সঁজুলিয়ে এই দীঘলীয়া যাত্ৰাৰ পিছতো সুন্দৰকৈ কাৰ্যক্ষম হৈ আছে ৷ সংবাদ মাধ্যমৰ আগত ইছৰোৰ অধ্যক্ষগৰাকীয়ে দিয়া বিবৃতি মতে এল ১ বিন্দুত আদিত্য যানখন সফলভাৱে সংস্থাপন হোৱাৰ পিছত অহা ৫ বছৰলৈ ই বিভিন্ন ধৰণৰ বৈজ্ঞানিক তথ্য সংগ্ৰহ আৰু পৰীক্ষা নিৰীক্ষাৰ মাজেৰে কেৱল ভাৰতৰ বাবেই নহয় বৰঞ্চ বিশ্ববাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ তথ্যৰ যোগান ধৰিব ৷ এই তথ্যসমূহৰ দ্বাৰা সূৰ্য্যৰ ক্ৰিয়াকলাপে পৃথিৱীত জীৱৰ ওপৰত কেনে প্ৰভাৱ পেলায়, বুজিবলৈ সহজ হ’ব ৷ তেখেতে ভৱিষ্যতে মহাকাশত ‘ভাৰতীয় মহাকাশ কেন্দ্ৰ’ এটি স্থাপনৰ লক্ষ্যত এই অভিযানে যথেষ্ট সহায় কৰিব বুলিও জনায় ৷ এতিয়া সেই ঐতিহাসিক ক্ষণলৈ মাজত মাথোঁ কেইটামান দিন ৷ নতুন বছৰত ভাৰতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰলৈ নতুন বতৰা সগৌৰৱে কঢ়িয়াই আনিব আদিত্য এল ১ য়ে ৷ শেহতীয়াকৈ চন্দ্ৰযান – ৩ ৰ প্ৰদক্ষিণ যানখনক পুনৰ পৃথিৱীৰ কক্ষপথলৈ ওভতাই আনি ইছৰোৰ বিজ্ঞানীসকলে অভূতপূৰ্ব সফলতা লাভ কৰিছে ৷ আগন্তুক দিনসমূহত আন এক সফলতাৰ অপেক্ষাত সমগ্ৰ ভাৰতীয় ৷ ভাৰতীয় মহাকাশ বিজ্ঞানৰ এই নতুন উপলব্ধিসমূহে বিশ্ববাসীৰ দৃষ্টিত ভাৰতক সন্মান আৰু গৌৰৱৰ এক অনন্য মাত্ৰা প্ৰদান কৰিছে ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!