মাতৃভূমি(–উৎপল খাটনিয়াৰ )

হে মাতৃভূমি
আজি তোমাৰ শ্রীচৰণত
মোৰ দেহ, মোৰ প্রাণ সমৰ্পণ কৰিছোঁ |
তোমাৰ নিমিত্তে বিসৰ্জন দিলো
মোৰ সংসাৰৰসুখ অনুভৱ বোৰ |
তথাপিওঁ মোৰ অৱচেতন মন অশান্ত
অতৃপ্ত মোৰ চেতনাবোধ|

হে মাতৃভূমি
তোমাৰ চৰণত
আৰু ত্যাগ কৰিব বিচাৰোঁ
দিব বিচাৰোঁ দেহৰ প্রতিটো অঙ্গ,
প্রতিটোপাল তেজৰ কণিকা |

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!