মানুহবোৰ ক'লৈ গ'ল
লেখক- জুনু বুঢ়াগোহাঞি
তিনিটা ফোন কল
তিনিটা বাটেদি
উজাই আহিল
লখিমপুৰ, যোৰহাট, গোলাঘাট
ত্ৰিভূজ এটা হৈ
ৰিচিভাৰত বাজি আছে
“ভাল খবৰ এটা আছে, ক’বলৈ মানুহ নাই”।
আচৰিত
চক খালোঁ তিনিবাৰেই
আঙুলি তিনিটা ফুটালোঁ
ক’ব নোৱৰাকৈ
কাৰণ—-
মোকো লাগে মানুহ
মনৰ পেৰাত জাপি থোৱা
কথা ক’বলৈ৷
মানুহবোৰ গ’ল ক’লৈ?
এতিয়া তিনিকালৰ তিনিবেলাই
বেয়া খবৰে বেহেলা বজায়৷
পাখি থকা বেয়া খবৰবোৰ
নোখোলা খিৰিকীৰে সোমাই
নবলা বতাহত বলি
নুশুনা কাণত বাজে৷
আৰু ভাল খবৰবোৰ তিনিটা ভাঁজ লৈ
বকৰাণিৰ কাগজ তিনিটুকুৰা হৈ
হাতৰ মুঠিত লুকায়৷
এনেতে
মোক কোনোবাই
তিনিবাৰ ঘূৰি চোৱা যেন পালোঁ
যানজঁটত ৰাস্তাটো পাৰ হওঁতেও
দুইফালে তিনিবাৰ চাওঁ
“তিনিবাৰ নিবাৰ”
“তিনি সইত” কি নাজানো
কিন্তু সত্যৰ এমূৰত হাতখন থাকিলে
সুৰুঙাৰে সকলো সৰকি পৰাৰ পাছতো
ভাল খবৰবোৰ
এদিন উপেক্ষাৰ দুৱাৰ খুলি
বাহিৰলৈ ওলাই আহিব
মানুহ বিচাৰি
******
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments