মানৰ আক্ৰমণ: পৰ্দাৰ আঁৰৰ ৰাজনীতি

লেখক- ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

(২০১৯ খ্ৰিষ্টাব্দত মানৰ অসম আক্ৰমণৰ ২০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যত লিখিত)

অসমৰ ইতিহাসে মনত ৰখা সময়ছোৱাৰ ভিতৰত ‘মান’ৰ আহোম ৰাজ্য আক্ৰমণ আছিল ব্ৰহ্মপুত্ৰ উপত্যকাত সংঘটিত হোৱা সকলোতকৈ ক্ষতিকাৰক বহিৰাগত হস্তক্ষেপ৷ এই আক্ৰমণে সেই সময়ৰ আহোম ৰাজ্যৰ ৰাজনৈতিক, প্ৰশাসনিক আৰু অৰ্থনৈতিক কাঠামোটো সম্পূৰ্ণ শেষ কৰি পেলাইছিল৷ মানৰ আক্ৰমণ সম্পৰ্কে অসমত যিমানবোৰ অধ্যয়ন দেখা যায়, তাৰ বেছিভাগেই আৱেগিক দৃষ্টিভংগীৰে লিখিত৷ মানৰ অসম আক্ৰমণৰ বাবে সমস্ত দোষ বদন বৰফুকনৰ ওপৰত জাপি দি প্ৰকৃততে আক্ৰমণটোৰ গুৰুত্ব কমাই ইয়াক বিচ্ছিন্ন ঘটনা হিচাপে আমি অধ্যয়ন কৰোঁ যদিও মানৰ অসম আক্ৰমণৰ পটভূমি অতি বিশাল৷ মানৰ আক্ৰমণ হ’ল দক্ষিণ চীনৰ য়ুন্নান প্ৰদেশ আৰু উত্তৰ ব্ৰহ্মদেশৰ শ্বান মালভূমি আৰু দক্ষিণ ব্ৰহ্মদেশৰ সমতলভূমিৰ কেইবাশবছৰীয়া ৰাজনৈতিক উত্থান-পতনৰ শেষ পৰিণতি৷ মানৰ অসম আক্ৰমণৰ বিশাল পটভূমি বুজিবলৈ আমি য়ুন্নান প্ৰদেশ আৰু শ্বান মালভূমিৰ ৰাজ্যগঠনৰ ইতিহাসত চকু ফুৰাব লাগিব৷

খ্ৰিষ্টপূৰ্ব ২২১ ৰ পৰা ২০৬ মানৰ ভিতৰত শ্বান বা তাইসকলে হান চীনাসকলৰ আক্ৰমণত নিজ ৰাজ্য হেৰুৱাই আলটাই পৰ্বতৰফালৰপৰা প্ৰব্ৰজন কৰিবলগা হৈছিল৷ এই প্ৰব্ৰজিত লোকসকলে দক্ষিণ চীনৰ য়ুন্নান প্ৰদেশ আৰু উত্তৰ ব্ৰহ্মদেশৰ বৰ্তমান ‘শ্বান ৰাজ্য’ নামে জনাজাত অঞ্চলটোত বাস কৰিবলৈ লৈছিল (A Histoy of Siam, W. A. R Wood, 1933)৷ পৰৱৰ্তী কালত ৬৫০ খ্ৰীষ্টাব্দমানত তাইসকলে বৰ্তমান চীনদেশৰ য়ুন্নান প্ৰদেশ আৰু বৰ্তমান ব্ৰহ্মদেশৰ শ্বান মালভূমিত নানচাও (Nanchao) নামৰ শক্তিশালী ৰাজ্যখন গঢ়ি তুলিছিল৷ নানচাওৰ বিস্তাৰৰ সময়ত মূল চীনদেশ শাসন কৰিছিল টাং নামৰ ৰাজবংশটোৱে৷ খ্ৰিষ্টীয় নৱম শতিকাত নানচাও ৰাজ্যই শক্তিৰ শীৰ্ষবিন্দু পায়গৈ আৰু তিব্বত পৰ্যন্ত অধিকাৰ কৰে৷ ৯৩৬ খ্ৰিষ্টাব্দত নাওচাও ৰাজ্যৰ শাসক তাই ৰাজবংশটোক অন্য এটা নতুন তাই ৰাজবংশই ওফৰাই নানচাও অধিকাৰ কৰে৷ এই সময়ৰপৰা নানচাওৰ নাম সলনি হৈ হয় ‘দালি ৰাজ্য’৷ পাছলৈ এই দালি ৰাজ্য দুৰ্বল হৈ চীনৰ হানসকলৰ কৰতলীয়া ৰাজ্য হৈ পৰে৷ এই অভ্যন্তৰীণ দলা-দলিৰ ফলত দালি ৰাজ্য কেইবাখনো ক্ষুদ্ৰ ক্ষুদ্ৰ তাই ৰাজ্যৰ যুক্তৰাজ্য হিচাপে বৰ্তি আছিল৷ খ্ৰিষ্টীয় দ্বাদশ শতিকাত চেংগিজ খানৰ নেতৃত্বত মংগোলসকলে তাই ৰাজ্যবোৰ আক্ৰমণ কৰি এফালৰপৰা অধিকাৰ কৰিবলৈ আৰম্ভ কৰে৷ মংগোল আক্ৰমণৰ পৰা হাত সাৰিবলৈ তাইসকলে দিহিঙে-দিপাঙে প্ৰব্ৰজন কৰিবলৈ ধৰে৷ প্ৰথমজনা স্বৰ্গদেউ চুকাফাৰ পিতৃ ত্যাওচাংনেওৱে মংগোল আক্ৰমণতে নিজ ৰাজ্য এৰি শহুৰেকৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল আৰু তাতে চুকাফাই জন্ম গ্ৰহণ কৰিছিল৷ মোমায়েকৰ ঘৰৰ পৰা গৃহকন্দল এৰাই চলিবৰ বাবে চুকাফাই কৃষিভূমিৰ সন্ধানত ব্ৰহ্মপুত্ৰ উপত্যকালৈ গতি কৰিছিল (The Shan of Burma, Memories of a Shan Exile, page 62)৷ চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্যৰ বীজ ৰোপণ কৰাৰ কিছু দিন পাছতেই ১২৫৫ খ্ৰীষ্টাব্দত কুবলাই খানৰ নেতৃত্বত মংগোলসকলে দালি যুক্তৰাজ্যৰ প্ৰায় সকলো তাই ৰাজ্য জয় কৰি হান চীনত স্থাপন হোৱা মংগোল সাম্ৰাজ্যৰ কৰতলীয়া কৰি পেলায় (China, A Short History, And South East Asia Tribute, Trade and influence, page 52)৷ মংগোলসকলে সেই সময়ত দক্ষিণ চীনৰ য়ুন্নান প্ৰদেশৰ তাই ৰাজ্যবোৰ দখল কৰি উত্তৰ ব্ৰহ্মদেশতো আধিপত্য বিস্তাৰ কৰিলেও উত্তৰ ব্ৰহ্মদেশৰ শ্বান মালভূমিত ক্ষুদ্ৰ ক্ষুদ্ৰ তাই ৰাজ্যবোৰে কৰতলীয়া ৰাজ্য হিচাপে নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল৷ আহোমৰাজ্যৰ বুৰঞ্জীবোৰত এই ক্ষুদ্ৰ ক্ষুদ্ৰ তাই ৰাজ্যবোৰক নৰা ৰাজ্য বুলি অভিহিত কৰা হৈছে৷ এই পাহাৰী ৰাজ্যবোৰৰ কিছুমানে হানচীনৰ মংগোল প্ৰশাসনক আৰু কিছুমানে সেই সময়ৰ ব্ৰহ্মদেশৰ সমতলত প্ৰতিষ্ঠিত বাগান বা পাগান নামৰ ৰাজ্যক কৰ দিছিল৷ এই সময়লৈকে বৰ্তমানৰ উত্তৰ ব্ৰহ্মদেশৰ পৰ্বতীয়া অঞ্চলবোৰ দক্ষিণ ব্ৰহ্মদেশৰ সমতলত প্ৰতিষ্ঠিত বাগান বা পাগান ৰাজ্যৰ পোনপটীয়া শাসনৰ বাহিৰত আছিল৷

১২৮৭ খ্ৰীষ্টাব্দত কুবুলাই খানৰ আদেশত মংগোলসকলে সমতল ব্ৰহ্মদেশৰ পাগান আক্ৰমণ কৰি সম্পূৰ্ণ ধ্বংস কৰে৷ এই আক্ৰমণত তাইভাষী শ্বানসকলে মংগোলসকলক সহায় কৰিছিল (History of Shan State, page 95)৷ তাইভাষী শ্বানসকলে সমতল ব্ৰহ্মদেশৰ (পাগান) অধিবাসীসকলক ‘মান’ বুলি অভিহিত কৰিছিল৷ তাইভাষী শ্বানসকলে মংগোলসকলক মানসকলৰ বিৰুদ্ধে কৰা এই সহযোগিতাই এক দীৰ্ঘদিনীয়া শত্ৰুতাৰ বীজ ৰোপণ কৰিছিল৷ পাগান জয়ৰ পাচত মংগোলসকলে শ্বানসকলৰ হাততে ব্ৰহ্মদেশ গতাই গুচি যায় আৰু ১৫৫৫ খ্ৰিষ্টাব্দলৈকে শ্বানসকলে ব্ৰহ্মদেশৰ সৰহ অংশ যুক্তৰাষ্ট্ৰৰূপে শাসন কৰে৷ প্ৰথমে মংগোল-শ্বান আৰু পৰৱৰ্তী কালত শ্বানসকলৰ আক্ৰমণৰ পৰা ব্ৰহ্মদেশৰ যিকেইটা অঞ্চল বাচি গৈছিল তাৰ ভিতৰত অন্যতম আছিল দক্ষিণ-পূবত অৱস্থিত তাউংগু (Taungoo) নামৰ ৰাজ্যখন৷ মানসকলে এই ৰাজ্যক এই কেন্দ্ৰ কৰি সংগঠিত হ’বলৈ ধৰিলে৷ ১২৮৭ খ্ৰিষ্টাব্দৰপৰাই মানসকলে তাউংগু ৰাজ্যৰ পৰা শ্বানসকলৰ বিৰুদ্ধে হেৰোৱা ৰাজ্য উদ্ধাৰৰ বাবে সংঘৰ্ষত লিপ্ত হৈছিল৷ মানসকলৰ লগত শ্বানসকলৰ এই সংঘৰ্ষ ১৫৫৫ খ্ৰিষ্টাব্দলৈকে ৩২৮ বছৰ ধৰি চলিছিল৷ এনেকৈ শ্বান আৰু মানসকলৰ সংঘৰ্ষৰ মুঠ ৫০০ বছৰীয়া ইতিহাসৰ আৰম্ভণি হৈছিল৷ আজি পৰ্যন্ত এই সংঘৰ্ষ শেষ হোৱা নাই৷

আমি আগতে উল্লেখ কৰিছোঁ যে মংগোলসকলৰ প্ৰথম আক্ৰমণতে ৰাজ্য হেৰুওৱা এদল শ্বানে চুকাফাৰ নেতৃত্বত পাটকাই অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকালৈ নামি আহিছিল৷ এই শ্বানসকলৰ স্থানীয় জাতি-উপজাতিৰ সৈতে সংমিশ্ৰণ হৈ আহোম নামৰ এটা নতুন জনসমষ্টিৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী কালত অসমীয়া নামৰ জাতিসত্তাটোৰ গঠনত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল৷ ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহি আহোম হৈ যোৱা শ্বানসকলে নিজৰেই পূৰ্বজসকলক নৰা নামেৰে অভিহিত কৰিছিল৷ কাৰণ শ্বান নামটো হান চীনাসকলে দিয়া৷ হান চীনাসকলৰ মাণ্ডাৰিন ভাষাত শ্বান মানে পৰ্বত— টিয়েনশ্বান, আলটাইশ্বান আদি পৰ্বতৰ নামৰ লগত থকা শ্বান শব্দই পৰ্বতক নিৰ্দেশ কৰে৷ আনহাতে আগতে উল্লেখ কৰি অহাৰ দৰে শ্বানসকলে ব্ৰহ্মদেশৰ ভৈয়ামবাসীসকলক বুলিছিল মান৷ অসমীয়া শ্বান অৰ্থাৎ আহোমসকলে অনবৰতে পিতৃভূমিত হৈ থকা শ্বান (নৰা) আৰু মানৰ সংঘৰ্ষ লৈ সতৰ্ক আছিল আৰু পাটকাইৰ পশ্চিমপাৰে বহি লৈ সিপাৰলৈ অনবৰতে সতৰ্ক দৃষ্টি ৰাখিছিল৷ তাউংগু ৰাজ্যকেন্দ্ৰিক মানসকল আৰু উত্তৰ-মধ্যব্ৰহ্মত সেই সময়ত আধিপত্য বিস্তাৰ কৰা শ্বানসকলৰ সংঘৰ্ষৰ কাহিনী আমি অসম বুৰঞ্জীত বাৰে বাৰে উল্লেখ পাওঁ— “পূৰ্ব্বে নৰা ৰজাক মান্তৰায়ে কৰভাৰ দি আছিল৷ পাচে দুই তিনি বাৰো নৰা ৰজা সহিতে যুদ্ধ কৰি নোৱাৰে৷ —পাচে মান্তৰায়ে একো প্ৰকাৰে নোৱাৰি পুনৰ্ব্বাৰ তেওঁতে অষ্টাংগে পৰি আগতোতকৈ প্ৰীতি কৰি কৰভাৰ দি আছিলে”—(নৰা মান্তৰাৰ কথা, দেওধাই অসম বুৰঞ্জী, পৃষ্ঠা ১৫০)৷ 

আহোম ৰজাসকল মানসকলৰ তাউংগু ৰাজ্যৰ বৰ্ধিত শক্তিৰ প্ৰতি সম্পূৰ্ণ সচেতন আছিল আৰু পৰাপক্ষত মানসকলৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰিছিল৷ আহোম ৰাজশক্তিয়ে নিজ ৰাজ্য আৰু মান ৰাজ্যৰ মাজত নিজৰ পিতৃভূমি শ্বান মালভূমিক ‘মধ্যৱৰ্তী ৰাজ্য’ (Buffer State) হিচাপে ৰাখিবলৈ সদায়েই যত্নপৰ হৈছিল৷ সেয়ে বহুপাৰ শ্বান (নৰা)সকলৰ লগত আহোমসকলৰ সংঘৰ্ষ লাগিলেও আহোমসকলে কেতিয়াও নিজ পিতৃভূমি শ্বান মালভূমিক দখল কৰিবলৈ যত্ন কৰা নাছিল৷ আহোমসকলৰ এই বৈদেশিক কূটনীতিৰ বিষয়ে আহোম বুৰঞ্জীত স্পষ্টকৈ উল্লেখ আছে৷ এবাৰ বৰগোঁহায়ে শ্বান ৰজা এজনক যুদ্ধত পৰাস্ত কৰিও বন্দী নকৰাত স্বৰ্গদেৱে দায় ধৰিলে৷ বৰগোঁহায়ে উত্তৰত কৈছিল, “পহুখেদা কুকুৰে খোজ যদি পালে, সি পহু নেপাইমানে এৰেনেকি? এতেকে নৰা ৰজাক ধৰি ই ঠাইলৈ অনা হেতেন৷ সেই বাটে মান্তৰা খেদি পালেহিহেঁতেন”—(দেওধাই অসম বুৰঞ্জী, পৃষ্ঠা-১৫৩)৷

সঁচাকৈয়ে দূৰদৰ্শী বৰগোহাঁইৰ সন্দেহ সঁচা প্ৰমাণ কৰি সেই বাটেদিয়ে এদিন মানসকল আহি অসম পাইছিলহি৷ আজিও আমাৰ বন্ধু কেইবাজনো ব্ৰহ্মদেশীয় বুদ্ধিজীৱীয়ে ব্ৰহ্মদেশৰ আহোম ৰাজ্য আক্ৰমণক মান-শ্বানৰ শতিকাজুৰি চলি থকা মান-শ্বানৰ সংঘৰ্ষৰ সম্প্ৰসাৰণ বুলিহে গণ্য কৰে৷ অসমৰ শ্বানসকল অসমলৈ বহুশ বছৰৰ আগতে আহি স্থানীয় লোকৰ সৈতে সংমিশ্ৰণ ঘটি আহোম হৈ যোৱা কথাটো ব্ৰহ্মদেশীয়সকলে আজিও বুজি উঠিব পৰা নাই যেনহে লাগে৷ কেৱল মানসকলেই নহয়, আহোমসকলৰ একাংশৰ পূৰ্বপুৰুষ শ্বানসকলেও আহোমসকলে যে শ্বান হৈ থকা নাই সেই কথা উপলব্ধি কৰিব পৰা নাছিল৷ সেয়েহে খোৰাৰজাৰ দিনত আহোম আৰু নৰাৰ সংঘৰ্ষৰ সময়ত নৰা ৰজাই তাই ভাষাতে ককৰ্থনা কৰি কৈছিল, “নৰাৰ পৰানো আহিবৰ কতদিন হৈছে, চাৰিদিন নৌহওঁতে যে বুপাক ঘালিলি? ”—(সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, পৃষ্ঠা-২৮)৷ 

আউংগুকেন্দ্ৰিক মানসকল ক্ৰমাৎ শক্তিশালী হৈ শ্বানসকলক ক্ৰমাৎ পৰাস্ত কৰি আনি ১৫৫৫ খ্ৰিষ্টাব্দত সম্পূৰ্ণ উৎখাত কৰিলে৷ এইবাৰ শ্বানসকলৰ পৰিবৰ্তে মানসকল সমগ্ৰ ব্ৰহ্মদেশৰ অধিকাৰী হ’ল৷ শ্বানসকল পুনৰ শ্বান মালভূমিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা-পোৱালিলৈ পৰিৱৰ্তিত হ’ল৷ নৰা (শ্বান)সকলৰ ৰাজ্যৰ পতনৰ এই বাতৰিয়ে ভাইৰজাস্বৰূপ আহোম ৰজাৰ দেশতো আতংকৰ সৃষ্টি কৰিছিল৷ অসম বুৰঞ্জীয়ে কয়— “আৰু গড়গঞা-ৰ দিনতে ত্যাওফা, চপেঙ্গ, ২ নৰা ৰজাক মান্তৰায়ে মাৰিবৰ শুনি স্বৰ্গ – এ ডাঙ্গৰীয়া সকলেৰে এইৰূপে আলচি বোলে—নৰা যেন ডাঙ্গৰ ৰাজা তাকে যে আৰিছে নাজানি আৰু বা কালৈ হাত মেলে–”(সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, পৃষ্ঠা-২৬)৷

পূবৰ ৰাজনৈতিক গতিবিধিৰ প্ৰতি সম্পূৰ্ণ ওৱাকিবহাল আহোম ৰাজচ’ৰাৰ সন্দেহ সঁচা প্ৰমাণিত হ’বলৈ বেছি সময় নালাগিল৷ ১৫৬০ খ্ৰিষ্টাব্দতে মানসকলে আহোম ৰাজ্যৰ চুবুৰীয়া মণিপুৰ আক্ৰমণ কৰিলে৷ এইদৰে কাষৰীয়া ৰাজ্যসমূহ অধিকাৰ কৰি এক শক্তিশালী ৰাজ্য হিচাপে মূৰ দাঙি উঠাৰ সময়তে অভ্যন্তৰীণ কন্দলত মানৰাজ্য ক্ৰমাৎ পুনৰ দুৰ্বল হ’বলৈ ধৰাত আহোম ৰাজ্যই কিছুদিনলৈ ৰেহাই পায়৷ ১৭৫২ খ্ৰীষ্টাব্দত “কোনবাউং (Konbaung) নামৰ এটা নতুন ৰাজবংশই ক্ষমতা দখল কৰাৰ পাচত ব্ৰহ্মদেশৰ সাম্ৰাজ্যবাদী নীতিয়ে নতুন ৰূপ পাবলৈ আৰম্ভ কৰে৷

কোনবাউংসকলৰ দিনতে মানসকলে কাষৰীয়া সকলো ৰাজ্যকে নিজৰ অধীনলৈ নিয়াৰ আঁচনি লৈ এফালৰপৰা সেই আঁচনি ৰূপায়ণ কৰি গ’ল৷ ১৭৬৩ খ্ৰিষ্টাব্দত মানসকলে পুনৰ মণিপুৰ আক্ৰমণ কৰি মণিপুৰৰ ৰজা জয়সিংহক ৰাজ্যচ্যুত কৰিলে৷ মণিপুৰৰ ৰজাই আহি আহোম ৰজা ৰাজেশ্বৰ সিংহৰ সহায় বিচৰাত ১৭৬৫ খ্ৰীষ্টাব্দত (১৬৮৭ শকৰ আঘোণ মাহত) চল্লিছ হাজাৰ সৈন্যৰ এটা অভিযাত্ৰী দল মণিপুৰ অভিমুখে পঠোৱা হৈছিল৷ পিছে অবাটে গৈ পথভ্ৰষ্ট হোৱা এই বৃহৎ সৈন্যদলটোৰ চৈধ্য হাজাৰ সৈন্যহে ১৬৮৮ শকত ঘূৰি আহি ঘৰ পালেহি (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ৭৫)৷ সেয়ে পুনৰ কপিলী উপত্যকাৰ পুৰণি পথ ধৰি ১৬৮৯ শকৰ আঘোণ মাহত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পুত্ৰ উমাঙ্গীয়া ফুকনৰ অধীনত ৰহাৰ পৰা কপিলী উপত্যকাইদি ৩০ হজাৰ সৈন্য মণিপুৰলৈ প্ৰেৰণ কৰা হৈছিল৷ এই বাহিনীয়ে মিৰাপ নদী পৰ্যন্ত আগবাঢ়ি যোৱাৰ কথা জনা যায় (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, পৃষ্ঠা ৭৮)৷

১৭৮২ খ্ৰিষ্টাব্দত বাদৌপায়া নামৰ কোনবাউং বংশৰ শক্তিশালী ৰজাজনে ৰাজপাটত আৰোহণ কৰে৷ তেওঁ প্ৰথমে থাইলেণ্ড (তেতিয়াৰ চিয়াম দেশ) আক্ৰমণ কৰি বিফল হৈ আহোম ৰাজ্য, মণিপুৰ আৰাকান আৰু টেনাচেৰিম প্ৰদেশত দৃষ্টি কেন্দ্ৰীভূত কৰে৷ মোৱামৰীয়া বিদ্ৰোহৰ কালত তেওঁ দুবাৰো আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ যত্ন কৰিছিল যদিও পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ কূটনীতিত সি সফল হ’ব নোৱাৰিলে৷ ১৮১৩ চনত বাদৌপায়াৰ সেনাপতিসকলে আৰাকান অধিকাৰ কৰিবলৈ সক্ষম হয়৷ তাৰপাচত তেওঁ উত্তৰ ব্ৰহ্মদেশৰ শ্বান এলেকাবোৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰত (নৰা ৰাজ্য) আক্ৰমণ তীব্ৰ কৰে৷ মানৰ আক্ৰমণত বিধ্বস্ত শ্বান ৰাজ্যৰ পৰা সাহায্য বিচাৰি আহোম ৰাজ্যৰ ভাইৰজাৰ ওচৰত আবেদন জনোৱা হয়৷ চন্দ্ৰকান্ত সিংহৰ দিনত ১৮১৩ খ্ৰীষ্টাব্দত যোৰহাটত আহি নৰা কটকী উপস্থিত হৈছিল৷ —“১৭৩৫-৩৬ শকল মুংক্লাং হিংজিপমং আৰু হিংকক নামে নড়াৰ কটকী আৰু ফাকি ফুকন আৰু দুটা চিংফৌৰ গাম আমাৰ দেশলৈ আহিল৷ …….নড়াৰ কটকীয়ে নিবেদন জনালে, বোলে—মানতৰাই আমাৰ দেশ-ৰাজ্য মাৰি নষ্ট কৰিলে৷ আকে শুনি আমি অসমৰ ভাই ৰজাৰ ওচৰলৈ আহিছোঁ৷ …….কিছু সৈন্য পঠিয়ালে আমাৰ দেশ ৰক্ষা পৰে৷ ….আতপাচে এফৌজ ভাল সৈন্য নড়ালৈ পঠিয়ালে”—(সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা ১৫২৷ 

দুৰ্গম হুকং উপত্যকাৰ গভীৰলৈ পঠোৱা এই অসমীয়া অভিযাত্ৰী সৈন্যদলৰ কি গতি হ’ল সেই সম্পৰ্কে বুৰঞ্জী নিমাত৷ বোধহয় এই সেনাদল উত্তৰ ব্ৰহ্মদেশৰ পাহাৰত সমূলি ধ্বংস পালে৷ মোৱামৰীয়া বিদ্ৰোহে ইতিমধ্যেই দুৰ্বল কৰি তোলা আহোম ৰাজ্যৰ বাবে এই ক্ষতি মাৰাত্মক হৈছিল বুলি ধাৰণা কৰিব পাৰি৷

ইতিমধ্যে বাদৌপায়াই এটি বিশেষ কূটনীতিৰে চুবুৰীয়া ৰাজ্যজয় কৰাৰ কৌশল ৰচিলে৷ সেই কৌশল হ’ল এচাম ঘৰ-বিভীষণ সৃষ্টি কৰা৷ ব্ৰহ্মদেশৰ ৰাজচ’ৰাত মণিপুৰ আৰু অসমৰ ৰাজপাট প্ৰত্যাশী ৰাজকোঁৱৰে ভিৰ কৰিবলৈ আৰম্ভ কৰিলে৷ আৰাকানৰ ৰাজকুমাৰ হৰি, মণিপুৰৰ ৰাজকুমাৰ মাৰ্জিত সিংহ, আহোমৰ গৌৰীনাথ সিংহৰ কোনো এজন পুত্ৰই ব্ৰহ্মদেশত আশ্ৰয়লৈ সুযোগ আৰু সময়ৰ অপেক্ষাত আছিল৷ পাছৰ কালত স্বাধীনতা যুঁজাৰু হিচাপে খ্যাতি লাভ কৰা গোমধৰ কোঁৱৰো সিংহাসনৰ আশাত মানৰজাৰ আশ্ৰয়লৈ ব্ৰহ্মদেশত আছিল৷ এনে একোজন ঘৰ-বিভীষণ যিকোনো অভিযাত্ৰী সেনাদলৰ বাবে অতি মূল্যৱান সম্পদ৷ অচিন উপত্যকাত এনে একোজন লোকৰ পথ-নিৰ্দেশনাই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে৷ তদুপৰি সেইলোকজন যদি প্ৰভাৱশালী হয় তেন্তে তেওঁৰ নিজা ফৈদে আক্ৰমণকাৰীক সময়ত সহায়ো আগবঢ়াব পাৰে৷ যদি বদনচন্দ্ৰই মানৰজাক আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ নিমন্ত্ৰণ নিদিলেহেঁতেনো, তথাপি মানসকলে এদিন আহোম ৰাজ্য আক্ৰমণ কৰিলেহেঁতেন; পিচে ঘটনাচক্ৰই কেৱল বদনচন্দ্ৰকহে দেশদ্ৰোহীৰ কুখ্যাতি প্ৰদান কৰিলে৷

যি কি নহওক ১৮১৬ খ্ৰিষ্টাব্দৰ ২৬ ছেপ্তেম্বৰ তাৰিখে আহোম ৰাজ্যৰ মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ সৈতে বিবাদ লাগি গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰই গুৱাহাটী এৰি কলিকতালৈ পলায়ন কৰিলে৷ তাৰপৰা মানদেশলৈ গৈ বদনচন্দ্ৰই ব্ৰহ্মৰ ৰজা বাদৌপায়াক লগ ধাৰি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনালে৷ ১৮১৭ খ্ৰিষ্টাব্দৰ জানুৱাৰীত বদনচন্দ্ৰই লগত মানৰজাৰ আশ্ৰয়ত থকা গৌৰীনাথ সিংহৰ পুত্ৰজন আৰু ৬০০০ মানসেনা লৈ পাটকাই অতিক্ৰম কৰি অসম সোমালহি৷ যাত্ৰাপথত মানসেনাৰ সহযোগী হিচাপে লগ হ’ল পথত বাস কৰা কাচিন আৰু শ্বানসকলৰ বিপ্লৱী (Militia) সেনা (Making of Modern Burma, pp. 15–16)৷ সকলো মিলি মুঠ ১৬-২০ হাজাৰমান সেনা হৈছিল৷ তেতিয়াৰ কাচিন বা চিংফৌসকল আছিল মূলতঃ দাস ব্যৱসায়ী৷ আহোম ৰাজ্যত লুটপাত আৰু দাসৰ আশাতেই তেওঁলোকে অভিযানত যোগ দিছিল৷ ১৮১৩ খ্ৰিষ্টাব্দত যিজন নৰা ৰজাই মান ৰজাৰ বিৰূদ্ধে চন্দ্ৰকান্ত সিংহৰ সহায় বিচাৰিছিল, সেইজন নৰা বা শ্বান ৰজাই এইবাৰ মানৰ তলতীয়া হোৱাৰ পাচত সহযোগী সেনাপতিৰূপে চন্দ্ৰকান্ত সিংহৰ বিৰূদ্ধে অসম অভিযানলৈ আহিবলৈ বাধ্য হৈছিল (বৈশালী অভিযান, পৃষ্ঠা খ)।

বাদৌপায়াৰ কৌশলে সঠিকভাৱে কাম কৰিছিল৷ আক্ৰমণকাৰীৰ লগত বদনচন্দ্ৰ আৰু গৌৰীনাথ সিংহৰ পুত্ৰজন থকাটোৱে আহোম ৰাজ্যৰ অভ্যন্তৰীণ প্ৰতিৰোধ বহু পৰিমাণে দুৰ্বল কৰি পেলাইছিল৷ মানসৈন্য আহি নামৰূপ পাই প্ৰতিৰোধকাৰী আহোম সৈন্যৰ সেনাপতিলৈ এখন কৌশলপূৰ্ণ পত্ৰ লিখিছিল৷ সেই পত্ৰমতে— “আমাৰ ভাই ৰজাৰ দেশত ৰজা নাই বুলি শুনিবলৈ পাই চাওফা চুহিতপুং ৰজাৰ গৰ্ভেচিং নামে পুতেক এটিক তোমালোকৰ দেশত ৰজা পাতিবলৈ আমি এখেলৈ আহিছোঁ৷ বৰফুকনো আমাৰ লগতে আছে৷ তোমালোকে কেটামান কটকী পঠাই সিহঁতক চিনাই দিবা, যদি সিহঁতে সঁচাকৈয়ে ৰজাৰ পুতেক আৰু বৰফুকন নহয় বোলে আমি সিহঁতক কাটিম ” (সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা ১৫৮)৷ এই পত্ৰই আহোমসকলৰ মাজত যে মতানৈক্যৰ সৃষ্টি কৰিছিল সেয়া খাটাং৷ আনকি মানৰ লগত যুঁজিবনে নুযুঁজিব সেইকথা লৈয়ো মতানৈক্য হৈছিল ৰাজচ’ৰাত৷ এনে অৱস্থাত প্ৰতিৰোধ যে দুৰ্বল হ’ব সেয়ে সহজেই অনুমেয়৷ মানসকলে সহজেই আহোম ৰাজ্য অধিকাৰ কৰিলে৷ মানসকলে আহোম ৰাজ্য অধিকাৰ কৰাৰ পাছত হোৱা ঘটনাৰাজি সকলোৰে জ্ঞাত৷ গতিকে সেই বিষয়ে আমি আলোচনা নকৰোঁ৷

বৃটিছসকলে  প্ৰথম অৱস্থাত মানসকলে আহোম ৰাজ্য দখল কৰাৰ ঘটনাকলৈ বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল৷ কিন্তু দুটা কাৰণত বৃটিছসকলে ঘটনাটোক গুৰুত্ব দিবলৈ বাধ্য হ’ল৷ প্ৰথম কাৰণটো হ’ল মানসকলে বৃটিছ ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিবলৈ ধৰিলে৷ ৰজা বাদৌপায়াই বৌদ্ধ সন্ন্যাসীৰ বেশত চোৰাংচোৱা প্ৰেৰণ কৰি কেইবাজনো ভাৰতীয় দেশীয় ৰজাৰ লগত বৃটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছিল (Burma Under British Rule and Before, page 41)৷ তদুপৰি মানৰ আক্ৰমণৰ ভৰপকৰ সময়তে আহোম ৰাজ্য আৰু মটক ৰাজ্যত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰীপকাৰীৰ দল আৰু ইউৰোপীয়ান ভাগ্যন্বেষীসকলে পিট্‌পিটাই ফুৰিছিল৷ এইসকলৰে এজন ৰবাৰ্ট ব্ৰুচে ১৮২৩ খ্ৰিষ্টাব্দত অসমত বনৰীয়া চাহগছ আৱিষ্কাৰ কৰে৷ গতিকে অঞ্চলটোৰ অৰ্থনৈতিক সম্ভাৱনাৰ কাৰণে ইয়াৰ প্ৰতি বৃটিছসকলৰ আকৰ্ষণ বৃদ্ধি পাইছিল৷

১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চত বৃটিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ব্ৰহ্মদেশৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰিলে। বৃটিছসকলে একে সময়তে অভিযান চলাই মণিপুৰ আৰু আহোম ৰাজ্যৰপৰা মানসকলক বাহিৰ কৰি দিলে৷ মণিপুৰ অভিযানৰ সময়ত মণিপুৰী ৰাজকুমাৰ গম্ভীৰ সিংহই ৫০০ মণিপুৰী অশ্বাৰোহীৰ এটা সশস্ত্ৰ বাহিনী ৰৈ বৃটিছ সৈন্যক প্ৰভুত সহায় কৰিলে৷ চিলেটৰ পৰা ১৮২৫ খ্ৰীষ্টাব্দৰ মে’ মাহত মণিপুৰী বাহিনীটোৱে বিট্ৰিছ সৈন্যৰ আগে আগে মণিপুৰলৈ যাত্ৰা কৰিছিল৷ মণিপুৰী আৰু বৃটিছ সৈন্যৰ যুটীয়া আক্ৰমণত মানসকলে ছত্ৰভংগ দিলে৷ এই সহযোগৰ প্ৰতিদানস্বৰূপে গম্ভীৰ সিংহক মণিপুৰৰ ৰাজসিংহাসনত উপবিষ্ট কৰালে৷ ইয়াৰ বিপৰীতে আহোম ৰাজ্যত ৰাজসিংহাসনৰ দাবীদাৰ চন্দ্ৰকান্ত সিংহ বা পুৰন্দৰ সিংহ কোনোজনেই সামৰিক সহযোগী নহ’ল৷ গম্ভীৰ সিংহ আছিল অসংখ্য যুদ্ধৰ অভিজ্ঞতাৰে সমৃদ্ধ৷ ইয়াৰ বিপৰীতে চন্দ্ৰকান্তই কিছু সামৰিক অভিজ্ঞতা অৰ্জন কৰিলেও পুৰন্দৰৰ মুঠেই সামৰিক অভিজ্ঞতা নাছিল৷ দুইজনৰে সাংগঠনিক দক্ষতা আৰু উদ্যমো বিশেষ নাছিল৷ মহগড় আৰু হাদিৰাচকীৰ পৰাজয়ে তেওঁলোকক সম্পূৰ্ণৰূপে ভগ্নোদ্যম কৰি পেলাইছিল৷ ইয়াৰ উপৰি আহোম ৰাজ্যত কোনো পৰম্পৰাগত যুঁজাৰু শ্ৰেণী নাছিল৷ খেতিয়ক পাইকসকলেই প্ৰয়োজনৰ সময়ত যুদ্ধ কৰিব লগা হৈছিল৷ কিন্তু মোৱামৰীয়া বিদ্ৰোহে পাইকপ্ৰথা এনেদৰে থান-বান কৰি পেলাইছিল যে ইচ্ছা থাকিলেও আহোম প্ৰশাসনে স্থানীয়ভাৱে এটা শক্তিশালী বাহিনী গঢ়ি তুলিব নোৱাৰিলে৷ কাপ্তান গোঁহাইৰ ইউৰোপীয় আৰ্হিৰ পল্টনটোৰ টিকনিও আমি মানসকলৰ বিৰুদ্ধে ব্যৱহাৰ হোৱা দেখিবলৈ নাপাওঁ৷ মহগড় আৰু হাদিৰাচকীৰ যুদ্ধত ভাগ লোৱা সৈন্যসকলৰ মাজত স্থানীয় সৈন্য নাছিলেই৷ এই দুইখন যুদ্ধত আহোম ৰাজ্যৰ হৈ ভাগ লোৱা সৈন্যসকল উত্তৰ-ভাৰতীয় ভেৰোণীয়া সৈন্যহে আছিল৷ মানৰ বিৰুদ্ধে মণিপুৰীসকলৰ দৰে অসমীয়াসকল বৃটিছৰ সহযোগী নহ’ল বাবে ইয়াণ্ডাবু সন্ধিৰ সময়ত আহোম ৰাজ্য প্ৰতিনিধিবিহীনভাৱেই ৰ’ল৷ আহোম ৰাজ্যৰ ৰজা-প্ৰজা কোনেও তত ধৰিবপৰাৰ আগতেই ৰাজ্য ব্ৰহ্মদেশৰ হাতৰ পৰা  বৃটিছৰ দখললৈ গ’ল৷

আজি আমি মানসকলৰ অসম আক্ৰমণৰ বিষয়ে যেনেদৰে জ্ঞাত, তাৰ তুলনাত ব্ৰহ্মদেশৰ নতুন প্ৰজন্মই বিষয়টোৰ সম্পৰ্কে খুব কমকৈহে জানে৷ আমাৰ এজন ব্ৰহ্মদেশীয় বন্ধুৱে জনোৱামতে ১৯৬২ খ্ৰিষ্টাব্দৰ পৰা ব্ৰহ্মদেশত ইতিহাস অধ্যয়ন আৰু গৱেষণা নিষিদ্ধ হৈ আছে৷ গতিকে মানৰ অসম আক্ৰমণৰ ব্ৰহ্মদেশীয় উৎস বহু চেষ্টাৰ মূৰতো আমি যোগাৰ কৰিব পৰা নাই৷ মানৰ অসম আক্ৰমণ সম্পৰ্কে ব্ৰহ্মদেশীয় দৃষ্টিভংগীৰ বিষয়ে জানিলেহে এই বিষয়ে অধ্যয়নে সম্পূৰ্ণতা দাবী কৰিব পাৰে৷

তথ্যসূত্ৰ:
১. গোঁহাই, আ্ইম্যা খেং (অনুবাদ)(১৯৯৩): বৈশালী অভিযান, অসমীয়া বিভাগ, ডিব্ৰগড় বিশ্ববিদ্যালয়৷
২. ভূঞা, ডঃ সূৰ্য্য কুমাৰ (সম্পাদনা)(২০১০): অসম বুৰঞ্জী (সুকুমাৰ মহন্তৰ ঘৰত পোৱা), বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ৷
৩. ভূঞা, ডঃ সূৰ্য্য কুমাৰ (সম্পাদনা)(২০০৯): সাতসৰী অসম বুৰঞ্জী, বাণীমন্দিৰ সংস্কৰণ, হেদায়েৎপুৰ, গুৱাহাটী-৩
৪. ভূঞা, ডঃ সূৰ্য্য কুমাৰ (২০১৪): স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী অসম৷
৫. ভূঞা, ডঃ সূৰ্য্য কুমাৰ (সম্পাদনা)(১৯৯০): দেওধাই অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ৷
৬. Chao Tzang Yaw ghwe, The Shan of Burma, Memories of a Shan Exile, Institute of Southeast Asian Studies, Singapore.
৭. Joseph Dautremer (1913): Burma Under British Rule and Before, T. Fisher Unwin, London: Adelphi Terrace, Leipsic, Inselstrasse 20.
৮. Martin Stuart-Fox, China, A Short History, And South East Asia Tribute, Trade and influence.
৯. Sai Aung Tun (2009): History of Shan State: From Its Origin to 1962, Silkworm Books, Chiang Mai 50200, Thailand.
১০. Thant Myint-U (2004): Making of Modern Burma, Press Syndicate of the University of Cambridge, The Pitt Building, Trumpington Street, Cambridge, United Kingdom
১১. Wood, W. A. R (1933): A History of Siam Barnakich Press, Bangkok
Dr Raktim Ranjan Saikia
Department of Geology
J B College, Jorh

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!