মুক্তি
লেখক- মনালিছা পাঠক নেওগ
কানিমুনি সময়, শুকান সৰাপাতত খৰ্-মৰনি শব্দ তুলি পুষ্পই দং দংকৈ খোজ পেলাই বাৰীৰ পিছফালৰ ভঙা জেওৰাখন পাৰ হৈ আহিল। তাৰ চুৰিয়াত জেওৰাৰ শুকান মাৰি এডাল লাগি আহিল। সি ইচ্ ..আচ্ কৰি জেওৰাখনলৈ চাই ভাবিলে জেওৰাখন দুই এদিনতে দিয়াৰ কথা আছিল হে! এতিয়া আৰু ন’হব। এতিয়া আৰু একো কামেই কৰা নহ’ব। সি আগুৱাই গৈ থাকিল। ঘৰৰ পিছ দুৱাৰখন কাণি-দুৱৰীকৈ খোলা আছিল। তাৰ ফাঁকেৰে চাকিৰ ঢিমিক ঢামাক পোহৰ এটা আহি পিছ চোতালত পৰিছে। ভিতৰত ব্যস্ত ভৰিৰ ইফাল সিফাল কৰি থকাৰ শব্দ। দিনত হৈ যোৱা ভোজনৰ বাচনবোৰ সামৰি থোৱাৰ খুটুং খাটাং শব্দ। বাকী কাৰো সাৰ সুৰ নাই। দিনটোৰ ব্যস্ততাৰ অন্তত চাগে তগৰ আৰু তাৰ পোনা দুটাই জিৰণি লৈছে। পুষ্পৰ চকুৰ আগত ভাহি আহিল বেৰত মূৰ পেলাই আউজি বহি থকা ভাগৰুৱা তগৰ আৰু তাইক সাৱটি দুয়ো কাষে সৰু পোনা আৰু বৰ পোনা।
সি আৰু আগুৱাব নোৱাৰিলে, কিবা এক শক্তিয়ে তাক বাধা দিলে। সি পিছুৱাই আহিল। ঘৰলৈ পিঠি দি পুখুৰী পাৰৰ নাৰিকলজোপাৰ ঢাপতে আউজি বহি পৰিল। শুকাই কৰ্কৰীয়া দি আছে ঢাপটো। খৰালি কালত এইটোৱে ভাল চৌপাশ শুকাই পৰিষ্কাৰ হৈ থাকে। তাতে তগৰে গোটেইখন সাৰি ফু মাৰি ভাত খাব পৰা কৰি থয়। নাৰিকলৰ ওপৰত ওলাই থকা গোটা গোটা শিপাবোৰত খামুচি ধৰিলে সি। পুখুৰীটোৰ পানী শুকাইছে। খৰালি কালৰ কথা ভাবিয়ে সি পুখুৰীটো খান্দোঁতে সোঁ মাজতে কুঁৱাৰ দৰে দকৈ গাঁত এটা খান্দিছিল। সেয়ে ওচৰ চুবুৰীয়াৰ পুখুৰী পানী শুকাই গ’লেও পুষ্পৰ ঘৰৰ পুখুৰী পানী কেতিয়াও নুশুকায়। মাথোঁ তেতিয়া দীঘল দলংখনৰ তলতে আৰু এখন দলং দিব লগা হয় সৰুকৈ। বাঁহৰ হাকোটা এডালো বনাই দিয়ে পুষ্পই, যাতে তগৰৰ সুবিধা হয় পানী তোলোঁতে। অৱশ্যে কামলৈ যোৱাৰ আগে আগে সি পানী তুলি তাইৰ বাবে যতনাই থৈ যায়।
তাৰ মনত পৰিল কেনেকৈ দুয়ো মিলি পাৰ চৰায়ে কুটা কঢ়িওৱাৰ দৰে এপদ দুপদকৈ ঘৰৰ লাগতিয়াল বস্তুবোৰ গোটাই লৈছিল। সিহঁতৰ বিয়াৰ মাথোঁ ছবছৰ হৈছিল হে! তাৰ সকলো কথায়ে মনত আছে, সৌ সিদিনাৰ দৰে লাগে সকলো কথা। দিনবোৰ যে ইমান সোনকালে পাৰ হয়।
কেও কিছু নোহোৱা পুষ্পক মৌজাদাৰ দেউতাই চহৰলৈ যাওঁতে চাহৰ হোটেল এখনত কান্দি থকা অৱস্থাত পাই লৈ আনিছিল গাঁৱলৈ। তেতিয়া তাৰ বয়স পাঁচ নে ছয় আছিল। তেওঁৰ ঘৰতে দুই এপদ বন কৰি পুষ্পই স্কুলৰো দুই শ্ৰেণী পঢ়িছিল। মৌজাদাৰৰ জী মনোমতিয়ে তাক নিজ ভাই হেন জ্ঞান কৰিছিল। পুষ্পক তায়ে স্কুললৈ নি নাম ভৰ্তি কৰি দিছিল। আন একো নহ’লেও নিজৰ নামটো কোনোমতে লিখিব পৰা কৰিছিল। পুষ্পই পিছে পঢ়া শুনাতকৈ ঘৰ পথাৰৰ কাম কৰিহে বেছি সুখ পাইছিল। সেয়ে পঢ়া আধাতে এৰি মৌজাদাৰ দেউতাৰ কাম কাজত সহায় কৰিবলৈ ল’লে। মৌজাদাৰে তাক ঘৰ সাজিবলৈ মাটি অলপো দিছিল। তাতে চালি এখন দি সি থাকিবলৈ লৈছিল।
লাহে লাহে সি ডাঙৰ হৈ আহিল। গাঁৱত পুষ্প সকলোৰে সোঁহাত স্বৰূপ হৈ পৰিল। পুষ্প নহলে গাঁৱৰ একো অনুষ্ঠানে সম্পন্ন নহয়। গাঁৱত ভাওনা সবাহ হলে ভাও লোৱাৰ পৰা ৰভা পৰলা দিয়া। ভকতক শুশ্ৰূষা কৰা আৰু ভাওনাৰ শেষত ভাৱৰীয়াৰ কাৰণে নিৰামিষ ভাত ৰন্ধালৈকে সকলো দায়িত্ব পুষ্পৰ কান্ধত।
গাঁৱত বিয়া-বাৰু, দহা-কাজ, উৎসৱ পাৰ্বন আদিত পুষ্প নহলেই নচলে। একো কামলৈ ভয় নকৰা খামিডাঠ পুষ্পই সৰু বৰ সকলো ধৰণৰ কাম কৰি গাঁওবাসীক পাৰে মানে সহায় কৰি দিছিল।
গাঁৱৰ ছোৱালীবোৰৰ মাজতো পুষ্প বেছ জনপ্ৰিয় আছিল কিন্তু পুষ্পৰ মন বিশেষ এগৰাকীয়ে খাইছিল। চঞ্চলা, মাগুৰ বৰণীয়া টনা টনা চকুৰ গৰাকী তগৰৰ প্ৰতি এক অহেতুক আকৰ্ষণ আছিল পুষ্পৰ। তাই ৰাস্তাই ঘাটে পালে পুষ্প ককাইদেউ বুলি বেকাঁকৈ হাঁহিটো মাৰি মাতিলে তাৰ বুকুখন ধান বনা দি বানিছিল। সৰুতেই মাকক হেৰুৱা তগৰৰ দেউতাকৰ লগত পুষ্পৰ সু-সম্পৰ্ক আছিল।
ঘৰুৱা আৰু পথাৰৰ নানান কাম কাজত পুষ্পয়ে তেওঁক সহায় কৰি আহিছিল। এদিন কথা প্ৰসংগত পুষ্পই বীৰদৰ্পে তাইৰ দেউতাকৰ আগত কৈছিল –
“তগৰ গোটেই গাঁৱৰ ছোৱালীবোৰৰ ককায়েক হলেও তোৰ ককায়েৰ হবলৈ কিন্তু মোৰ সমূলি মন নাই দেই। দদাইদেও তই অনুমতি দিয় যদি তগৰক মই মোৰ সহধৰ্মিণী কৰিব খোজো।” তাৰ কথা শুনি তগৰ লাজতে মুচকচ যোৱাৰ দৰে হৈছিল।
সেয়াই আৰম্ভণি, তাৰ পিছত আৰু উজুতি খাব লগীয়া হোৱা নাছিল পুষ্পৰ। তাৰ দৰে কামিলা আৰু সজ লৰা এটালৈ ছোৱালী নিদিয়াৰ কোনো কথায়ে নাছিল। দুয়োৰে বিয়াখন ধুমধামেৰে নহলেও সুন্দৰকৈ নিয়ম নীতিৰে হৈ গৈছিল। পুষ্পয়ে দৰা সাজিছিল আৰু তাৰ মনৰ গৰাকী তগৰে কইনা সাজি তাৰ ভগা পজালৈ আহিছিল। সেইৰাতি পুষ্পই সৰু লৰাৰ দৰে উচুপি উচুপি কান্দিছিল। সি ভবায়ে নাছিল এদিন তাৰ দৰে কেও কিছু নোহোৱা এটাৰো সংসাৰ হ’ব। সুখৰ চকুপানীৰে বাট নেদেখা হৈছিল সি। তগৰে কইনাৰ স্বভাৱজাত লাজ সংকোচ কাটি কৰি পুষ্পক বুকুৰ মাজত আঁকোৱালি লৈছিল আৰু কথা দিছিল আজীৱন তাৰ হৈ থাকিব। সুখৰ বৰষুণে তিয়াই পেলাইছিল দুয়োকে।
গাঁৱৰ মানুহৰ সহায় সহযোগত পুষ্পই দুকোঠালীৰ ঘৰ এটি তৰিছিল। বাৰীৰ পশ্চিম দিশত ডাঙৰকৈ পুখুৰী এটা খান্দি তাৰ মাটিৰে ঘৰৰ ভেঁটি বান্ধিছিল। দুয়ো মিলি বেৰবোৰো মিহিকৈ লেপিছিল। মৰম আৰু বিশ্বাসক সাৰথি কৰি দুয়ো ঘৰ বান্ধিছিল। পুষ্পৰ জীৱনলৈ তগৰ ৰামধেনু সদৃশ হৈ আহিছিল।
দুই বছৰৰ অগা পিছাকৈ দুটি পুত্ৰ সন্তানে সিহঁতৰ ঘৰ ভৰিছিল। পুষ্পৰ পৰিয়াল হৈছিল। অ’ত বছৰ অকলে থকাৰ পিছত পৰিয়ালৰ সুখ পাইছিল সি। পুষ্পই দুগুণ উৎসাহেৰে কাম কৰিছিল। তগৰেও ঘৰ চলোৱাত হাত উজান দিছিল। যৌতুকৰ নামত অনা মাকৰ তাঁতশালযোৰ কামত লগাইছিল। গামোচা, চেলেং, চাদৰ-মেখেলা বৈ বিক্ৰী কৰিছিল। তাই নিপুণ হাতেৰে বোৱা কাপোৰ নিবলৈ ওচৰৰ গাঁৱৰ পৰাও তিৰোতাবোৰ আহিছিল।
তেনেকৈয়ে চলি আছিল দুয়ো। আকালো নাছিল ভঁৰালো নাছিল। নিয়াৰিকৈ চলি আছিল সকলো।
লাহে লাহে দুয়ো পোনা ডাঙৰ হৈ আহিল স্কুল যাব পৰা হ’ল। পুৱা গধূলি কিতাপ পঢ়াৰ শব্দত মুখৰ হৈ পৰিছিল সিহঁতৰ ঘৰ। সন্ধিয়া পুষ্প কামৰ পৰা আহি পায় মানে নঙলা মুখতে গৈ সৰু পোনায়ে সাৱটি ধৰেগৈ। হাতৰ মোনাত কি আছে জুমি জুমি চায়। তগৰে চাহটোপা কৰে মানে পুষ্পয়ে পুখুৰীৰ পাৰত মুখ হাত ধুই আহে। ৰাতি ভাতৰ পাতত বহি তগৰে
ৰন্ধা সুস্বাদু আহাৰ খাই
সিহঁতে নানান কথাৰ মহলা মাৰে। ৰাতি বিছনাত পৰালৈকে কথা যেন শেষেই নহব।
হাঁহি ধেমালিৰে ধুনীয়াকৈ চলি আছিল সকলো। কোনো ৰাগ জঞ্জাল নাই কাৰণে গাঁৱৰ মানুহৰ ইৰ্ষাৰ কাৰণো হৈ পৰিছিল সিহঁতৰ পৰিয়ালটি।
পিছে ভাগ্যৰ বিৰম্বনা দিনবোৰ সদায় একেই নাযায়। সাধাৰণ এটি জ্বৰেই সিহঁতৰ জীৱনলৈ কাল হৈ আহিল। প্ৰথমে ডাঙৰ পোনা নৰিয়াত পৰিল তাৰ পিছতে পুষ্প। ডাঙৰ পোনা সোনকালে সুস্থ হৈ উঠিল কিন্তু পুষ্প..!
ভতুৱা কুকুৰ এটা চুৱা পাতনিলৈ আহি কিবা এটা উমান পাই ভুক ভুকাই আঁতৰি গ’ল। পুখুৰীৰ পাৰৰ নতুনকৈ খন্দা গাঁতটোৰ পৰা দিনত হৈ যোৱা ভোজনৰ চুৱাপাতৰ গোন্ধ ভাহি আহিল।
সি ভালপোৱা ধৰণে সকলো ৰন্ধা হৈছিল। মাটি দাইল ঔ টেঙা দিয়া, জীয়া মাছৰ জোল, মাছৰ পেটু বেঙেনা দিয়া, ৰঙালাউ ভাজি।
এই কেইদিনত তগৰৰ শক্তি দেখি তবধ মানিছে সি। অকলে সকলো আয়োজন সম্পূৰ্ণ কৰিছে। অৱশ্যে তাৰ মাজতে ৰাতি নিজানত দুয়ো পোনাক সাৱটি বুকু কঁপি যোৱাকৈ কন্দাও সি দেখিছে। দেখিও সি একো কৰিব পৰা নাই। কৰিব পৰাকৈ একোয়ে যে নাই এতিয়া।
বাহিৰত গাড়ী এখন ৰোৱাৰ শব্দ হ’ল। এক মিনিট মৌনতা। তাৰ পিছত আকাশ বতাহ কঁপাই যোৱাকৈ দুগৰাকী নাৰীৰ হিয়া ভঙা বিননি। সি বুজি উঠিল সেয়া তাৰ বায়েক মনোৰমা আহিছে। সি তাইৰ বৰ মৰমৰ। তাই বাহিৰত থকাৰ কাৰণে আহিব পৰা নাছিল। এতিয়া সি নিচিন্ত হ’ল। যি কি নহওক তগৰৰ মূৰত ভৰসাৰ হাত এখন আছে।
পুষ্প বহাৰ পৰা উঠিল আৰু দেৰি কৰিব নোৱাৰি। শেষবাৰৰ কাৰণে তাৰ তগৰ আৰু কণপোনা দুটাক চাবলৈ বৰকৈ মন গ’ল। পিছে এতিয়া আৰু অসম্ভব।
আজি তেৰ দিন ধৰি সিহঁতে কামবোৰ বৰ সুকলমে কৰিছে যাতে সি কষ্ট নাপাই। বৰ পোনাই তাৰ সৰু সৰু হাতেৰে পিণ্ড সানি তেওঁ পোৱাকৈ দিছে। ফুটা নুফুটা মাতেৰে মন্ত্ৰও মাতিছে।
এতিয়া আৰু দীঘলীয়া যাত্ৰা কৰিব পৰাকৈ তৃপ্ত হ’ল সি। বহুত দিনৰ পৰা পিছ ফালৰ মৰা তামোলজোপা কাটিবলৈ কৈ আছিল তগৰে। পুষ্পইহে কাটিবলৈ মন কৰা নাছিল। নিজে ৰোৱা গছজোপাৰ প্ৰতি থকা টান এটাৰ কাৰণে। আচলতে তামোলজোপাৰ আগটোহে মৰিছিল গোটেইজোপা এতিয়াও মৰা নাই। তগৰে কৈছিল-
“ইমান মায়া ভাল নহয় অ’ পোনাৰ দেউতাক।”
তাই ঠিকেই কৈছিল ইমান মায়া ভাল নহয়। আজি সকলো মায়া ত্যাগ কৰি যোৱাৰ দিন। আজি মুক্তিৰ দিন। শেষবাৰৰ বাবে হেঁপাহৰ ঘৰখনলৈ দূৰৰ পৰাই চাই ৰ’ল সি। সময় সমাগত। হুৰুককৈ ডাঙৰ শব্দ এটা কৰি মৰা তামোলজোপাৰ আগটো ভাঙি পৰিল। অনামী চৰাই এটাই জোৰেৰে পাখি ঢপঢপাই উৰি গুচি গ’ল। ঠিক সেই সময়তে পিছ দুৱাৰখন খতককৈ শব্দ এটা কৰি মুহূৰ্ততে জাপ খাই গ’ল।