মেঘমল্লাৰ

লেখক- তৃপ্তি বৰা

“লিখোঁ বুলি জানো লিখি পেলাব পাৰি কথাবোৰ! কি লিখোঁ কোৱা? ৰুক্ষ যেন লগা শিলৰ চপৰাবোৰত মই যে এদিন হাতেৰে চুই চাইছিলোঁ,সেমেকা সেমেকা লগা চেঁচা অনুভৱটোৰ কথা নে তাৰ ফাঁকত গজি উঠা সেউজীয়া পুলিটোৰ কথা লিখোঁ? যাৰ সাক্ষী অকল মই আছিলোঁ। অ’ আৰু এটা কথা তুমি জানানে, শিলৰ কন্দৰে কন্দৰে তোলা খলখলনিয়ে মেঘমল্লাৰ ৰাগ এটি হৈ মোক জুৰুলি-জুপুৰিকৈ তিয়াই পেলাইছিল আৰু সেই যে গিৰিখাদ! য’ত মাথোঁ বাৰে বাৰে মোৰ নিজৰেই নিনাদিত কণ্ঠ শুনি ক’ব নোৱাৰা হৈ পৰিছিলোঁ। আচলতে সেই ঠাইত মই মাথোঁ মোকেই বিচাৰি পোৱাৰ আনন্দত (নে অহংকাৰত) মত্ত হৈ পৰিছিলোঁ জানো! পাহৰি গৈছিলোঁ তাত সোঁ-সোঁৱাই বলি থকা চেঁচা শূণ্যতাখিনিৰ কথা। কি লিখোঁ!
স্বয়ংসম্পূৰ্ণ নিপোটল গল্প এটাত যদি কেনেবাকৈ মোৰ হাতৰ স্পৰ্শ লাগি পোটোকা পৰে! ভয় লাগে মোৰ, নিৰ্মেদ কথাবোৰত যদি অযথা মোৰ অনুভৱে ভৰ কৰে। গিৰিখাদৰ শূণ্যতা দেখাৰ পাছতো পানীৰে চপচপিয়া দুটা হ্ৰদ দেখাৰ সৌভাগ্য যে অকল মোৰহে আছিল! তাত খলখলাই ফুৰা সোণালী মাছ দুটাৰ কথা কাক ক’ম! কোনে বুজিব?”… পঢ়ি থকা ডায়েৰীখনৰ পৃষ্ঠাটো বশিষ্ঠই বৰ আগ্ৰহেৰে লুটিয়ালে। পিছে উকা বগা পৃষ্ঠাটোৱে তাৰ ফালে চাই মেলেককৈ হাঁহি এটিহে যেন এৰি দিলে। লাজ লাগি গ’ল বশিষ্ঠৰ। অভদ্ৰৰ দৰে যে আনৰ ডায়েৰী এখন এনেকৈ লুকাই-চুৰকৈ পঢ়িছে অকল সেইবাবেই জানো লাজ লাগিল তাৰ! আচলতে তাৰ কাষত থকা অৱস্থাত এই একেখিনি কথাকে যেতিয়া গুঞ্জনে তাক প্ৰায়েই কৈ থাকে, তেতিয়া পিছে সি আজিৰ দৰে কাহানিও অনুভৱ কৰা নাছিল। আজি হঠাতে কিয় জানো, বুকুৰপৰা বগুৱা বাই অহা মিঠা সুৰসুৰণি এটা সি তাৰ সমগ্র শৰীৰতে অনুভৱ কৰিলে।
“আটোলটোলকৈ বুকুত অহৰহ কঢ়িয়াই ফুৰা গল্প এটাও কেতিয়াবা লিখি সম্পূৰ্ণ কৰিবলৈ শব্দৰ অভাৱ হয়, তেতিয়া বৰ কষ্ট হয় জানানে, বশিষ্ঠ?”
নৈপৰীয়া শিল এটাত গাটো এৰি দি গুঞ্জনে এদিন অকস্মাতে কৈ উঠিছিল। গুঞ্জনৰ কথাবোৰ বশিষ্ঠৰ সাধু সাধু যেন লাগে। গুঞ্জনৰ দৰে গল্প বিচাৰি সি নৈৰ পাৰলৈ নাযায়। নৈৰ বুকুত বৰষুণৰ তানপুৰা শুনিবলৈ সি কাহানিও নাযায়। অথবা শিলৰ ফাঁকত গজি উঠা সেউজীয়া গছপুলিৰ কথাও সি নাজানে। চেঁচুকীয়া দ লেতেৰা পুখুৰী এটাৰপৰা উঠি আহি তাৰ যেতিয়া ৰ’দ ল’বলৈ মন যায়, তেতিয়াই সি নৈৰ পাৰত বহে। যেতিয়া অসংখ্য কুমজেলেকুৱাৰ বীজলুৱা অনুভৱত তাৰ বমি হোৱাৰ উপক্ৰম হয়, তেতিয়াই সি নৈৰ পাৰত মুকলিকৈ উশাহ ল’বলৈ বহেহি। অথচ বীজল বীজল বিভৎস অনুভৱ এটাই তাক অহৰহ খেদি ফুৰে। প্ৰায়েই সি সপোন দেখে লিকলিকিয়া বীজলুৱা আঙুলি কিছুমান। তাৰ সমগ্ৰ শৰীৰতে কিলবিলাই ফুৰিছে আৰু আঙুলিবোৰে তাৰ ওঁঠ, বুকু, নাভিৰে বগুৱা বাই আহি তাৰ নিম্নাংশত স্পৰ্শ কৰিছেহি। ঘামত জেপজেপিয়া হোৱা শৰীৰ আৰু শুকাই কৰ্কৰীয়া মৰা ডিঙিৰে সি ধৰমৰাই শোৱাৰপৰা উঠি বহে। মাজৰাতিও কেতিয়াবা সি বাথৰূমত সোমাই ঘণ্টাৰ পাছত ঘণ্টা শ্বাৱাৰ লৈ বহি থাকে, অথচ তেতিয়াও তাৰ শৰীৰৰপৰা লেতেৰা লেতেৰা ভাৱটো নাযায়। একোটা চাবোন কেতিয়াবা সি এবাৰতে শেষ কৰিলেও বীজলুৱা ভাবটোৱে তাৰ লগ নেৰে। কেতিয়াবা সি প্ৰখৰ ৰ’দত দহি ছাঁ অকণমানৰ বাবে গছ এজোপা বিচাৰে। কিন্তু কুমজেলেকুৱাৰ ভয় এটাৰ বাবেই সি গছৰ কাষ নাচাপে। সেই একেটা ভয়তেই সি কুৰুকি কুৰুকি পুনৰ চেঁচুকত সোমাই পৰে।
এনেকুৱা নহয় যে সি কেতিয়াও সুযোগ পোৱা নাই। ইউনিভাৰ্চিটিত পঢ়ি থকা সময়তে নিজৰ ভিতৰৰ অন্তৰ্মুখী বশিষ্ঠটোৰ সৈতে যুঁজি হ’লেও সি স্নিগ্ধাক নিজৰ কাষ চাপিবলৈ সুযোগ দিছিল। কিন্তু স্নিগ্ধাৰ সৈতে যেতিয়াই অন্তৰংগ হ’বলৈ চেষ্টা কৰিছিল প্ৰতিবাৰেই তাৰ সেই দহবছৰ বয়সতে গান শিকাবলৈ অহা ক্ষীণকৈ চছমা পিন্ধা মানুহগৰাকীৰ কিলবিলাই ফুৰা হাতখন আৰু তাৰ মেট্ৰিকৰ পৰীক্ষাৰ সময়ত দেউতাকৰ লগত বেমাৰ দেখুৱাবলৈ চেন্নাইলৈ যাওঁতে মাকে ৰখীয়া দি থৈ যোৱা সম্পৰ্কীয় মাহীয়েকৰ কুমজেলেকুৱাৰ দৰে ঘিণ লগা স্পৰ্শৰ কথা মনত পেলাই দিছিল। আজিও মনত আছে তাৰ,চেঁচা শিল এচপৰাৰ দৰে পৰি আছিল সি। স্নিগ্ধাৰ ঘন উশাহবোৰ এসময়ত ফোঁপনি আৰু অৱশেষত উচুপনিলৈ পৰিণত হৈছিল। সেইসময়ত সি ইমানেই অসহায় পৰিছিল যে স্নিগ্ধাক বুকুত সাৱটি সান্ত্বনা দিবলৈও নিজকে প্ৰস্তুত কৰিব পৰা নাছিল। কষ্ট হৈছিল তাৰ। তাতোকৈও বেছি কষ্ট পাইছিল স্নিগ্ধাই। কিন্তু সি যে অসহায়! এনেকৈ কাৰোবাক কষ্ট দিয়াৰ অধিকাৰ তাৰ নাই।পুনৰ নিজৰ চাৰিওফালে একাকিত্বৰ লেটা এটা বান্ধি পেলাইছিল সি। তাৰপাছত কেতিয়াও কোনো নাৰীকেই সি তাৰ কাষ চাপিবলৈ সুযোগ দিয়া নাই।
গুঞ্জনক লগ নোপোৱালৈকে সি নৰকৰ বীভৎস পুখুৰীটোতে নিজকে সুমুৱাই ৰাখিছিল। গুঞ্জনে তাক উলিয়াই আনিছিল নৈৰ পাৰলৈ,পাহাৰৰ বুকুত গজা ৰঙা- গোলপীয়া ফুল দেখুৱাবলৈ, মেঘমল্লাৰৰ বৰষুণত তিতিব নোৱাৰিলেও নৈৰ খলখল শব্দ শুনিব পৰা হৈছিল সি, ৰ’দৰ বাখৰ,বৰষুণৰ গান অথবা নিয়ৰৰ মুকুতা চাবলৈ শিকিছিল । গুঞ্জনৰ সৈতে মুকলিকৈ হাঁহিব পৰা হৈছিল সি। গল্প কবিতাৰ সমল বিচাৰি ঘূৰি ফুৰা গুঞ্জনৰ শব্দৰ মাজেৰেই সি পৃথিৱীখনক নকৈ চাবলৈ শিকিছিল।
কলিংবেলটোৰ শব্দত সচকিত হৈ পৰিল বশিষ্ঠ। গুঞ্জন আহিল বোধহয়। দেৱালৰ ঘড়ীটোলৈ চালে সি, শ্ৰুতিৰ সৈতে চিনেমা চাবলৈ গৈছিল গুঞ্জন। ডায়েৰীখন পুনৰ আগৰ ঠাইতে থৈ দুৱাৰখন খুলিবলৈ উঠি গ’ল সি।
: আজি সোনকালে আহিলা নেকি?– হাঁহি এটা মাৰি কথাষাৰ সুধি গুঞ্জন সোমাই আহিল।
চাকৰিটোত জইন কৰিয়েই নতুন ঠাইখনত ভাড়াঘৰ বিচাৰি বিচাৰি অৱশেষত সি এই ঘৰটো পাইছিলহি আৰু ৰূমমেট হিচাপে পাইছিল গুঞ্জনক। অকলে থাকি ভালপোৱা বশিষ্ঠই ভাড়াঘৰৰ অভাৱত গুঞ্জনৰ সৈতে একেলগে থাকিবলৈ বাধ্য হৈছিল। প্ৰথম অৱস্থাত অশান্তি পাইছিল সি। কিন্তু কিছুদিনৰপৰা অনুভৱ হ’বলৈ ধৰিছে গুঞ্জন কাষত থকা অৱস্থাত তাক লিকলিকিয়া লেতেৰা আঙুলিবোৰে খেদি নুফুৰে। বীজলুৱা অনুভৱ এটায়ো আৱৰি নাথাকে। চেঁচুকীয়া গাঁতটোৰপৰা ওলাই আহি গুঞ্জনৰ সৈতে একেলগে ৰ’দ পুৱাবলৈ মন যায়। কেতিয়াবা ছাঁত বহি জিৰাবলৈও মন যায়।
: শ্ৰুতিৰ সৈতে ডেট কেনে গ’ল আজি?– গুঞ্জনৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে বশিষ্ঠই সুধিলে। তাৰ কথাষাৰ প্ৰশ্নবোধক হোৱাৰ পৰিৱৰ্তে বিষাদ নে অভিমান কিবা এটা ফুটি উঠা যেন লাগিল।
: আমাৰ ব্ৰেকআপ হৈছে।– বিছনাতে বহি মোজাযোৰ খুলি খুলিয়েই গুঞ্জনে সহজভাৱে ক’লে।
: কিয়?
: কিয় বুলি সুধিলা যে! তুমি জানো নাজানা? আখৰা কৰি কৰি মই ভাগৰি পৰিছোঁ। আচলতে শ্ৰুতি কেতিয়াও মোৰ প্ৰেম নাছিল বশিষ্ঠ।– বশিষ্ঠই এইবাৰ পোনপটিয়াকৈ গুঞ্জনৰ মুখলৈ চাই পঠিয়ালে। তাৰ চকু মুখত কোনো ধৰণৰ অস্বাভাৱিকতা নাছিল। এয়া যেন এনেয়ো অপৰিহাৰ্য, সেইধৰণেই কথাবোৰ কৈ গ’ল সি।
: তোমাৰ ডায়েৰীত লিখি থোৱা আধৰুৱা গল্পটো পঢ়িলোঁ গুঞ্জন। আচলতে মানুহবোৰ একোটা স্বয়ংসম্পূৰ্ণ গল্প। মোৰ বাবে তুমিও এটা প্ৰেমময় গল্প জানানে?– গুঞ্জনৰ নিচেই কাষতে বহি সি কৈ উঠিল।
প্ৰত্যুত্তৰত গুঞ্জনে একো কোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে।বশিষ্ঠৰ হাত এখনত খামুচি ধৰিলে সি। আচৰিতধৰণে জীৱনত প্ৰথমবাৰলৈ বশিষ্ঠই এক শিহৰণ অনুভৱ কৰিলে। জীৱনত কাহানিও অনুভৱ নকৰা এক শিহৰণ, কিছুপৰ আগতে গুঞ্জনৰ ডায়েৰীখন পঢ়োঁতে অনুভৱ কৰাৰ দৰে এক শিহৰণ। ভালপোৱাৰ শিহৰণ! বশিষ্ঠই নিজৰ বুকুৰ দ্ৰুতস্পন্দন নিজকাণেৰে শুনিলে। আচৰিত! তাৰ মাজতো এখন নৈ কলকলকৈ বৈ আছে আৰু সেই নৈৰ বুকুত বৰষুণ নামিছে। আবেগত তিৰতিৰকৈ কঁপি উঠিল বশিষ্ঠ। গুঞ্জনৰ হাতৰ স্পৰ্শ কঠিন হৈ পৰিছিল। বশিষ্ঠৰ অনুভৱ হৈছিল সেয়া প্ৰতিশ্ৰুতি আৰু ভালপোৱাৰ উত্তাপৰ স্পৰ্শ। প্ৰথমবাৰলৈ গুঞ্জনৰ চকুত চকু থ’লে সি। তাৰ চকুৰ হ্ৰদত দুটি সোণালী মাছে খলখলাইছিল। দুয়োৰে তপত নিশ্বাসবোৰ যেন একাকাৰ হৈ পৰিল। বশিষ্ঠই তাৰ কঁপি উঠা ওঁঠযুৰি গুঞ্জনৰ ওঁঠত গুজি দিলে।
ভালপোৱাৰ কোনো লিংগ নাথাকে, ভালপাবলৈ দুখন আন্দোলিত হৃদয় লাগে। বুকুৰ উত্তাপেৰে আন এখন বুকুক উম দিব পৰাকৈ এজন মাথোঁ সংগী লাগে। মানুহ মানুহৰ বাবেই জীয়াই থাকে, মানুহেই মানুহক জীয়ন দিয়ে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!