‘মে-ডাম-মে-ফি’ৰ গূঢ়াৰ্থ
লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই
টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মটোৰ নাম হ’ল— ফুৰালুং। ফুৰা মানে — এই মহাশূন্যৰ অদৃশ্যমান সমষ্ট শক্তি। এই ধৰ্মত কোনো আকাৰ প্ৰাপ্ত ঈশ্বৰৰ ধাৰণা নাই। ফুৰাৰ কোনো আকাৰ নাই। ই এক নিৰাকাৰ অদৃশ্য শক্তিহে। ভাৰতীয় ধৰ্মবাদত ধৰ্মীয় গুৰুসকলক ঈশ্বৰ ৰূপে গ্ৰহণ কৰা দেখা যায়। কিন্তু টাই সংস্কৃতিত কোনো জন্ম জাতকক এই স্থান দিয়া নহয়। টাইসকলে পূজা কৰে উপৰিপুৰুষক। ফুৰালুং মানে উপৰিপুৰুষৰ উপাসক।
তাই সকলৰ উপৰিপুৰুষ দুবিধ — ‘ডাম-ফি’ আৰু ‘বান-ফি’। মৃত উপৰিপুৰুষসকলক ‘ডাম-ফি’ বোলা হয় আৰু সৌৰজগত আৰু ইয়াৰ অধীনস্থ সকলো প্ৰাকৃতিক শক্তিক বোলা হয় ‘বান-ফি’। বান মানে সূৰ্য্য দেৱতা। সৌৰজগতৰ সৃষ্টিৰ পাছতহে জীৱজগতৰ সৃষ্টি হৈছিল। সেয়ে এই শক্তিবোৰেই আমাৰ প্ৰথম উপৰিপুৰুষ বুলি টাইসকলে বিশ্বাস কৰে। আনহাতে যিসকল পিতৃ-মাতৃয়ে আমাক জন্ম দি সৃষ্টিৰ ধাৰা বোৱাই গ’ল তেওঁলোকেই হ’ল ‘ডাম-ফি’। সেয়েহে উপৰিপুৰুষক সন্মান জনাই ‘ডাম-ফি’ পূজা পতা হয়। ‘ডাম’ মানে মৃতক। এই ডামসকলক তেওঁলোকে তিনিটা স্তৰত তৰ্পণ কৰে —
১. গৃহডাম — চতুৰ্থ পুৰুষলৈকে
২. ছাঙ-ডাম — পঞ্চম পুৰুষৰ পৰা ত্ৰয়োদশ পুৰুষলৈকে (ন-পুৰুষ)
৩. ছাও-ফি-ডাম — চতুৰ্দশ পুৰুষৰ পৰা তাৰ উৰ্দ্ধৰ সকলো আদি পুৰুষলৈকে। এই পিতৃ পুৰুষৰ লগতে পৃথিৱী, আকাশ, পানী, সূৰ্য্য, লেংদন, খাওখাম, লাংকুৰি, আই লেংদিন, জান-চাইহুং, চিতলাম-চাম, মুট-কুম-টাই-কুম, জাছিংফা আৰু প্ৰকৃতিৰ অপ্ৰাকৃতিক শক্তি ‘ৰা-খীন’, ‘বা-খীন’ৰো পূজা কৰা হয়। এয়াই টাই আহোমসকলৰ ‘মে-ডাম-মে-ফি’ৰ উপাসনা। এই সকলৰ বাহিৰে আন কোনো দেৱ-দেৱীৰ উপাসনা তেওঁলোকে নকৰে।
চমুকৈ কওঁ — গৃহডামত জীৱিত জনৰ মৃত পিতৃ- মাতৃৰ পৰা আজোককালৈকে মুঠ চাৰিটা পুৰুষক সাঙুৰি লোৱা হয়। দুই ন (ন-খোৱা আৰু ন-ভূঁই ৰোৱা), তিনি বিহু, বিয়া-সবাহ আদিত গৃহডামক তৰ্পণ কৰা হয়। আনহাতে পঞ্চমৰ পৰা ত্ৰয়োদশ পুৰুষলৈকে এই ন-পুৰুষক ছাঙ-ডাম বোলা হয়। প্ৰতি বাৰ বা ততোধিক বছৰত এবাৰকৈ এই ন-পুৰুষক তৰ্পণ দিয়াৰ নিয়ম।
টাইসকলে পূৰ্বজন্মত বিশ্বাস নাৰাখে। তেওঁলোকৰ মতে, মৃত্যুৰ পিছত জীৱৰ আত্মা পৰমাত্মাৰ সতে বিলীন হয় আৰু সপ্ত সৰগৰ কোনো এখন সৰগত থাকি তাৰে পৰাই উত্তৰ পুৰুষক আৰ্শীবাদ কৰে। সেয়েহে উপৰিপুৰুষৰ উপাসনাই টাইসকলৰ মূল পূজা।
টাই ভাষাত ‘মে’ মানে তৰ্পণ, ‘ডাম’ মানে মৃতক আৰু ‘ফি’ মানে হ’ল দেউ বা দেৱতা। অৰ্থাৎ ‘মে-ডাম-মে-ফি’ মানে হ’ল উপৰিপুৰুষ আৰু দেউসকলক দিয়া তৰ্পণ। এই তৰ্পণৰ জৰিয়তে তেওঁলোকে পূৰ্বপুৰুষৰৰ সতে এক অশৰীৰি যোগসূত্ৰ স্থাপন কৰি নিজৰ লগতে বৃহত্তৰ সমাজৰ মঙ্গল কামনা কৰি তেওঁলোকৰ আশিস বিচাৰে।
আহোম ৰাজত্ব কালত এই পূজা এক ৰাজকীয় উৎসৱ হিচাপে পৰিগণিত হৈছিল। উদযাপনৰ সময় আছিল পবিত্ৰ মাঘ মাহ। মাঘমহীয়া এই পূজাৰ পৰিচালনাৰ দায়িত্বত আছিল চিৰিং ফুকন। তেওঁৰ তত্ত্বাৱধান আৰু পৰামৰ্শ মতেই মহন, দেউধাই আৰু বাইলুং পুৰুহিতসকলে এই পূজা অনুষ্ঠিত কৰিছিল।
এই পূজাৰ বাবে ওপৰলৈ জোঙাকৈ আঠকোণীয়া এটা ‘হ-ফি’ অৰ্থাৎ মৰল ঘৰ সজা হয়। (টাই জোৰ্তিবিজ্ঞানৰ মতে বিশ্ব-ব্ৰহ্মাণ্ডৰ আকাৰ আঠকোণীয়া)। প্ৰতিটো কোণতে একোটাকৈ কল পুলি পুতি তাত বেদী স্থাপন কৰা হয়। প্ৰতিটো বেদী একোজনকৈ ‘ফি’ অৰ্থাৎ দেউলৈ উৎসৰ্গা কৰে। সেই দেউ (লেংদন, খাওখাম, লাংকুৰি, জান-চাইহুং, চিতলাম-চাম, মুট-কুম-টাই-কুম, জাছিংফা আৰু আই লেংদিন) ক ধ্যান কৰি আঠখন মেহেঙা পতা হয়। প্ৰতিখন মেহেঙাত থাকে কেঁচা চাউল, কুকুৰাৰ মাংস, কণী, লুকলাও (পবিত্ৰ পানীয়), থুৰিয়া তামোল-পাণ, আদা, মিঠাতেল, নিমখ, কল, গাখীৰ, গুড়, দৈ, তংলতি পাত, চিংকৰা ফুল ইত্যাদি বহুবোৰ সামগ্ৰীৰ নৈবদ্য। এই সামগ্ৰীবোৰেৰে অৰ্চনা কৰি পুৰুহিতে টাই মন্ত্ৰ পাঠ কৰি দেৱতাসকলক আমন্ত্ৰণ দিয়ে আৰু পূজাৰ সেৱা গ্ৰহণ কৰি সকলোকে আৰ্শীবাদ দিবলৈ প্ৰাৰ্থনা জনায়। পাছত পুৰুহিতে তংলতি পাতেৰে পূজাৰ মন্ত্ৰপূতঃ পানী সমবেত ভক্তৰ গালৈ ছটিয়াই সকলোকে পূজাৰ আৰ্শীবাদ বিলাই দিয়ে। ইয়াৰ পাছত সামূহিক ভোজ-ভাতৰ আয়োজন হয়।
অসমত ‘মে-ডাম-মে-ফি’ৰ প্ৰচলন চাওলুং চ্যুকাফাৰ আগমনৰ লগতেই আৰম্ভ হৈছিল। অন্যান্য বহুবোৰ বিষয়াৰ লগতে চ্যুকাফাই লগত লৈ আহিছিল এজন বুৰঞ্জী লেখক। যাত্ৰা পথত তেওঁৰ হাতত আছিল ‘খেক-লাই’ নামেৰে এখন পূজা বিধিৰ গ্ৰন্থ। তাতেই লিখা আছিল ‘মে-ডাম-মে-ফি’ উদযাপনৰো সম্পূৰ্ণ বিধি। সেই বিধি অনুসৰিয়েই চ্যুকাফাই তিনিবাৰকৈ এই পূজাৰ আয়োজন কৰিছিল। প্ৰথমবাৰ মান দেশৰ ইৰাৱতী নদী পাৰ হোৱাৰ ঠিক পাছতেই। সফলতাৰ প্ৰথম খোজৰ উদযাপন আছিল সেয়া। সেয়ে ডাম সকলৰ আৰ্শীবাদ বিচাৰিছিল তেওঁ।
এইদৰে আগুৱাই আহি থাকোঁতে এদিন ‘দে-কাও-ৰং’ (পাটকাই) পাৰ হৈ এখন সোণোৱালী দেশত ভৰি দিলে তেওঁ। সেই দেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সম্ভাৱনাত ভোল গৈ ৰৈ গ’ল চ্যুকাফা। অজানিতে মুখৰ পৰা ওলাই আহিল প্ৰশংসাৰ এষাৰী ঐতিহাসিক বাণী – ‘মুং-ডুন-চুন-খাম’ — সোণালী বাগিচাৰ দেশ! সপোন দেখিলে চ্যুকাফাই — সেই সোণালী দেশত হাতত হেংদাং লৈ ঠিয় হৈ আছে তেওঁ। সূৰুযৰ পোহৰত জিলমিলাই উঠিছে হেংদাংৰ চোকা ধাৰ। গৰ্ভৱতী এই দেশ। প্ৰচুৰ সম্ভাৱনাৰ স্থলী। এইবাৰ এই দেশৰ শাসনৰ বাঘজৰী হাতত লৈ এখন বৰ অসম গঢ়াৰ সপোন দেখিলে তেওঁ। আৰু এই উদ্দেশ্যেৰেই নামৰূপৰ বুঢ়ী দিহিংৰ পাৰত দ্বিতীয়বাৰলৈ আয়োজন কৰিলে ‘মে-ডাম-মে-ফি’ৰ পাৰম্পৰিক পূজা। ঠিক তেনেকৈয়ে চৰাইদেউত ৰাজধানী পাতি আনুষ্ঠানিক শাসনৰ পাতনি মেলাৰ আগে আগে তৃতীয় বাৰলৈ এই পূজা পাতি ডাম সকলৰ আৰ্শীবাদ বিচাৰিলে চ্যুকাফাই।
এইদৰেই প্ৰতিজন স্বৰ্গদেৱেই সময়ে সময়ে ‘মে-ডাম-মে-ফি’ ৰ আয়োজন কৰি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি আহিছিল। কিন্তু হিন্দু ধৰ্মক প্ৰাধান্য দি স্বৰ্গদেউ জয়ধ্বজ সিংহ (চ্যু-তা-লা)ই এই পূজা নাপাতি এৰি দিছিল। ফলত মিৰজুমলাৰ হাতত বৰ বেয়াকৈ পৰাস্ত হৈ সৰ্বস্বান্ত হৈছিল তেওঁ। এই কথা অতি দুখ মনেৰে তেওঁ মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াক এদিন জনাইছিল। তেওঁলোকৰ কথোপকথনৰ আংশিক উদ্ধৃতি আগবঢ়াইছো —
স্বৰ্গদেউ —‘‘বুঢ়াগোহাঁইদেউ, দেৱতাসকলে মোৰ লগ এৰিলে।”
বুঢ়াগোহাঁই — “স্বৰ্গদেউ, দুখ নকৰিব। জয় আৰু পৰাজয় একেটা টকাৰে ইফাল সিফাল। যেতিয়া দেৱতাসকল আমাৰ প্ৰতি সদয় হ’ব, তেতিয়া স্বৰ্গদেৱে নিজ পৰাক্ৰমেৰে বিদেশী শত্ৰুক পৰাভূত কৰিব পাৰিব।”
এই কথাৰে আতন বুঢ়াগোহাঁই ডাঙৰীয়াই যেন ‘মে-ডাম-মে-ফি’ পতাৰ কথাকে পৰোক্ষভাৱে স্বৰ্গদেউক ইংগিত দিছিল।
স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ চক্ৰধ্বজ সিংহই (চ্যু-পং-মুঙ) শাসনভাৰ লৈয়েই ‘মে-ডাম-মে-ফি’ৰ আয়োজন কৰিবলৈ থিৰাং কৰি মন্ত্ৰী পৰিষদৰ পৰামৰ্শ বিচাৰিলে আৰু তেওঁলোকৰ পৰামৰ্শ মতেই অতি শীঘ্ৰেই উলহ-মালহেৰে চৰাইদেউত এই পূজাৰ আয়োজন চলিল। ইয়াৰ পাছতেই শৰাইঘাটৰ যুদ্ধত মোগলক ধাৰাশায়ী কৰি গুৱাহাটী পুনৰ উদ্ধাৰ কৰিলে। মোগল মানাহ নদীৰ সিপাৰলৈকে পিছুৱাই গ’ল। বিশ্বাসৰ জয় হ’ল। ডামসকলৰ আৰ্শীবাদতে দেশলৈ শান্তি ঘূৰি আহিল। এই বিশ্বাসকে সৰোগত কৰি আহোমৰ শেষৰজন স্বৰ্গদেউৰ দিনলৈকে ৰজাঘৰীয়া ‘মে-ডাম-মে-ফি’ উদযাপনৰ পৰম্পৰা চলি থাকিল।
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসমৰ শাসনভাৰ বৃটিছৰ হাতলৈ গ’ল আৰু তাৰ লগে লগেই এই পূজাও তল পৰিল। দেশ স্বাধীন হোৱাৰ পাছতো বহু বছৰলৈকে ই পাহৰণিৰ গহ্বৰতে সোমাই থাকিল। সত্তৰ দশকৰ পৰা লাহে লাহে এক জাগৰণ আহিল। নিজা সংস্কৃতি ৰক্ষা কৰাৰ বাবে সমাজৰ বৰমূৰীয়াসকলৰ মাজত গুণা-গথা চলিল। আৰু তাৰেই ফলস্বৰূপে ইয়াৰ পুনৰুদ্ধাৰ হ’ল। বৰ্তমান অসমত ৩১ জানুৱাৰীৰ দিনা বৰ উলহ-মালহেৰে ‘মে-ডাম-মে-ফি’ উদযাপন কৰা হয়। এই উদযাপনৰ সন্মান ৰাখি দিনটোক ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে।
সমগ্ৰ দেশ জুৰি বৰ্তমান ‘মে-ডাম-মে-ফি’ৰ উদযাপন হয় যদিও আহোম স্বৰ্গদেউসকলৰ প্ৰথমখন ৰাজধানী আৰু মৈডামস্থলী চৰাইদেউত এই পূজাই অন্য এক মাত্ৰা লাভ কৰে। পূজাৰ মন্ত্ৰোচ্চাৰণ আৰু উলহ-মালহত মৃত ডামসকল যেন সাৰ পাই উঠে আৰু আকাশৰ জখলাইদি নামি আহি সকলোকে সুখ আৰু সমৃদ্ধিৰ আৰ্শীবাদ দিয়ে। বৰ্তমান ইয়াৰ পৰিসৰ কেৱল এটি মাঙ্গলিক অনুষ্ঠানতে সীমাবদ্ধ নাথাকি এক সামাজিক অনুষ্ঠানলৈ ই উন্নীত হৈছে। সমাজৰ সকলো শ্ৰেণী আৰু সম্প্ৰদায়ৰ লোক আহি এই অনুষ্ঠানত যোগদান কৰেহি। এই সমাগমে জাতীয় চেতনাৰ উন্মেষ ঘটাওঁক। সকলো একেডাল এনাজৰীৰে বান্ধ খাওক। । ধন্যবাদ।
**************
সহায়ক গ্ৰন্থঃ
১. টাই আহোমৰ উপৰিপুৰুষ আৰু সৃষ্টতত্ত্ব দৰ্শনঃ ফুৰালুং — জ্ঞানানন্দ ফুকন
২. আহোম যুগৰ ইতিহাসৰ সোণালী সঁফুৰা — পুতুল বৰুৱা দিহিঙ্গীয়া
৩. উকিপিডিয়া আৰু বহুবোৰ প্ৰবন্ধ