যদি

লেখক- নূপুৰ হাজৰিকা

বেলি ঘূৰি গৈছে।

কুঁৱলী পৰোঁ পৰোঁ।

ধোঁৱা বৰণীয়া হৈ আহিছে

সেউজীয়া পাহাৰ।

এই জোন উঠিব আৰু

পাহাৰৰ টিঙত !

তাৰ আগতে তুমি বেগাই যোৱা,

মোৰ বিৰহৰ বিননিটো জেপত লৈ যোৱা

জোনক শুনাবা ।

 যদি পাহাৰ শিখৰৰপৰা নমাব নোৱাৰা জোনটো,

উলটি নাহিবা

উলটি নাহিবা।

জীৱন এটাহে,

বাৰে বাৰে কেনেকৈ জ্বলাই থ’ম ?

এন্ধাৰ আৰু কুঁৱলী

নামিছে সৌৱা __

আৰু মুখৰ বৰণ যেন ক্ৰমাৎ

ধোঁৱা বৰণীয়া !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!