লাজ

লেখক- যশোৱন্ত নিপুণ

সিদিনা উমেশ আহি ওলাওঁতে পাঁচমানেই বাজিছিল। সি ফেনৰ ৰেগুলেটৰটো স্ক্ৰু-ড্ৰাইভাৰ এটাৰে খুলি অলপ কিবা চালে। 

: এইটো আৰু ভাল নহ’ব দাদা। মই ডাইৰেক্ট কানেকচন কৰি দিওঁ।

ৰেগুলেটৰ নোহোৱাকৈয়ে ফেনখন ফুল স্পীডত চলা কৰি দিলে সি। 

: এই টাইপৰ ৰেগুলেটৰ নচলেই আজিকালি। মই পৰহিলৈ নতুন এটা লগাই দি যাম দে।

ফেনখন আৰু ৰেগুলেটৰটোৰ বয়স ত্ৰিশ-পয়ত্ৰিশ মানেই হ’ল। আজিকালিৰ বস্তুবোৰ বৰ নৰম। সিমান দিন চলা হ’বনে সেইবোৰ? 

: দাদা, এই টাইপৰ ৰেগুলেটৰ এতিয়া তই ক’তো নাপাবি। মোৰ দোকানত বুলিয়ে নহয়, ক’তোৱেই নাপাৱ।

: কাইলৈ সময় নহয়নে তোৰ? মই আজিয়েই ঠিক কৰি যাবি বুলি ভাবি আছিলোঁ।

: অলপ কিবা কাম আছে দাদা। সেই কাৰণে পৰহি কৰি দিম, তই চিন্তা নকৰিবি।

শ্ৰীমতীয়ে চাহ দুকাপ আনি মেজত থ’লে। গৰম চাহখিনি সি ইমান খৰধৰকৈ ডিঙিত ঢালিলে যে মই অলপ আচৰিতেই হ’লোঁ। সাধাৰণতে সি আমাৰ ঘৰলৈ এইবোৰ কামত আহিলে অলপ সময় বহি কথাৰ মহলাও মাৰে আৰু সৰু নগৰখনৰ মই নোপোৱা খবৰবোৰো দি যায়। সিদিনা কিন্তু তাক অলপ বেলেগ দেখিলোঁ। আগৰ দৰেই হাঁহিটো মাৰি আমাৰ লগত কথা পাতিছে, কিন্তু তাৰ চকু দুটাই হঁহা নাই। মুখখনতো কিবা চিন্তাৰ ৰেখা। হাঁহিটোৱে সেইবোৰ ঢাকি ধৰিব পৰা নাই। 

কথাটো কি সুধিব খোজোঁতে সি গ’লেই। 

মোৰ ঘৰৰ ইলেক্ট্ৰিকৰ বস্তুবোৰৰ কিবা হ’লে উমেশে বিনা পইচাই চায় আৰু ঠিক-ঠাক কৰি দিয়ে। কামটো টান হ’লে বা বেছি সময় লাগিব বুলি ভাবিলে সি আন কাৰোবাক পঠিয়াই দিয়ে, তেতিয়া টকা-পইচা সেইজনক কিমান দিব লাগিব, সেইটোও সিয়ে কৈ দিয়ে। গতিকে মই এইবোৰ কামত এতিয়ালৈকে ঠগ খাব লগা হোৱা নাই। 

সি সাধাৰণতে দুপৰীয়া ভাত খাবলৈ অহাৰ সময়তে মোৰ ঘৰত সোমাই সমস্যাটো চায়। কিবা সলাব লগা থাকিলে সন্ধিয়া সেইটো তাৰ দোকানৰপৰা আনি লগাই দি যায়। সিদিনাহে তাৰ আহোঁতে কিয় দেৰি হ’ল বুজি নাপালোঁ। 

মোৰ ঘৰৰপৰা ৰাস্তাটোৰ মাজৰ দুঘৰ এৰি তাৰিণীখুৰাৰ ঘৰ। আজি পিতাকৰ তিথিৰ নামলৈ মাতিছিল। আগবেলাই পুথি পঢ়া আছিল। যোৱা নহ’ল কাৰণে এতিয়াই মাত এষাৰ দি আহোঁ বুলি ওলালোঁ। 

খুৰা বাৰাণ্ডাতে বহি আছিল। কাষৰ চকীখনতে বহিলোঁগৈ। তেওঁৰ মনটো মৰা। কিবা হ’ল? 

: বৰ ডাঙৰ ভুল এটা হৈ গ’ল অ’ বাপু?

খুৰাৰ কি ভুল হ’ল যে তেওঁ এনে দুখ মনেৰে বহি থাকিব লগা হৈছে? 

: পিতাৰ তিথি দুদিন আগতেই আছিল। মই পাহৰি থাকিলোঁ। ইচ্ ইচ্ ইচ্!

 তেওঁ দীঘল হুমুনিয়াহ এটা এৰি দিলে। 

অ’ সেইটোহে কথা। পিছে মনত পৰিল আকৌ কেনেকৈ? 

খুৰাই পৰহি ৰাতি সপোন এটা দেখিলে। পিতাকে ক’লে—কি এ, তই মোক কাপোৰ এখন নিদিয়?

সাৰ পোৱাৰ পাছতহে খুৰাৰ তত আহিল আৰু তেওঁৰ বৰ দুখ লাগিল। দুখ লাগিল মানে চকুপানীয়েই ওলাল। আজি অৰবিন্দ জেঠাই কীৰ্তনৰ তিনি আধ্যা পঢ়িলে। তেওঁকেই আঢ়ৈহতীয়া গামোচা এখনো দিলে খুৰাই। 

একো চিন্তা নকৰিবি, এইবোৰ মাজে মাজে হয়। আমাৰ মনৰ শ্ৰদ্ধা-ভক্তিহে আচল কথা। তোৰ একো দোষ হোৱা নাই নহয়।—এই জাতীয় দুষাৰমান মই ক’লোঁ। খুৰাৰো মুুখখন পোহৰ হৈ অহা যেন লাগিল। 

: পিছে তই কথাটো গম পাইছ নে নাই?

 প্ৰসংগ সলাই খুৰাই মাতটো সৰু কৰি মুখখনত বৰ গহীন ভাব এটা লৈ সুধিলে। মোক যেন কিবা ডাঙৰ ৰহস্যৰ কথাহে এটা ক’বলৈ ওলাইছে। 

মই দেখোন একো গম পোৱা নাই। 

: ইয়াৰ, আমাৰ উমেশৰ দোকানত চুৰ হ’ল কালি ৰাতি।—খুৰাই ফিচ ফিচকৈ ক’লে। 

কি কথা! মই বৰ আচৰিত হ’লোঁ। ইমান ডাঙৰ এটা কাণ্ড হ’ল, সি মোৰ ঘৰলৈও আহিল, কিন্তু মোক দেখোন একো নক’লে। 

: অলপ আগতে ইয়ালৈকো আহিছিল সি। মোকো একো কোৱা নাই।—খুৰাই আকৌ ক’লে। 

: তই পাছে কেনেকৈ গম পালি?

উমেশৰ দোকানৰ কাষতে বিপুলৰ চাহ-দোকানখন। সেইখন দোকান আগতে ৰমেশৰ, মানে উমেশৰ ভায়েকটোৰ আছিল। সি এতিয়া গুৱাহাটীত দোকান দিছে। ইয়াৰেখন বিপুলক বেচাৰ চাৰি বছৰেই হ’ল। 

পুৱাই বিপুলে নিমকি, বুন্দিয়াখিনি খুৰাৰ ঘৰত দিবলৈ আহিছিল। তেতিয়াই সি খুৰাক খবৰটো দিলে। 

খুৰাৰ মতে উমেশে কথাটো লুকাবলৈ চেষ্টা কৰি আছে। 

: কিন্তু কিয়, এইটো লুকাব লগা কথানে?—মই ক’লোঁ। 

: আচল কথা তাৰ লাজ। সি লাজতে কাকো কোৱা নাই।—খুৰাই গহীনাই ক’লে। 

মই একো বুজি পোৱা নাছিলোঁ। খুৰাই ব্যখ্যা কৰিলে। 

উমেশৰ বাপেক নৰকান্ত খুৰা পাৰ হোৱাৰ ত্ৰিশ বছৰমানেই হ’ল। মানুহজন ‘নৰকান্ত চোৰ’ বুলি আমাৰ গাঁৱতেই নহয়, কাষৰ গাঁওকেইখনতো জনাজাত আছিল। পিতাতকৈ দহ বছৰমান সৰু আছিল তেওঁ। আমিও মুখৰ আগত খুৰা বুলি মাতিছিলোঁ, যদিও পিছত কিন্তু ‘নৰকান্ত চোৰ’ বুলিয়ে কৈছিলোঁ। পিতাৰ মুখত শুনা কথা, তেওঁ হেনো আগতে সিন্ধি খান্দিও চুৰি কৰিছিল। দুবাৰমান ধৰা পৰি মাৰো খাইছিল। এবাৰ গৰুৰ পঘাৰে তেওঁক তামোল গছ এডালত বান্ধি থৈছিল। পুতেকৰ সেইকাৰণেই লাজ লাগিছে। মানুহে নক’বনে, বোলে চোৰৰ পুতেকৰ ঘৰত চুৰ হ’ল। 

কিন্তু সেইবোৰ অতীত হোৱাৰ বহু বছৰ হৈ গ’ল। গাঁও এৰি কাষৰ এই সৰু নগৰখনলৈ উমেশ আৰু ৰমেশেই প্ৰথমে উঠি আহিছিল। সৰুকৈ দোকান আৰম্ভ কৰিছিল। ঈশ্বৰৰ কৃপাত উন্নতিও কৰিলে বহুত। টকা-পইচাৰ ফালৰ পৰা আমাতকৈ সিহঁত এতিয়া বহুত আগবঢ়া। গুৱাহাটীত ঘৰ-মাটি কৰিছে দুয়োটাই। ইয়াতো দুয়ো ভায়েকৰ ডাঙৰ ডাঙৰ ঘৰ। পাছত তাৰিণীখুৰা, আমি, অৰবিন্দ পেহা আৰু কেইঘৰমানে গাঁৱৰ পৰা উঠি আহি ইয়াতেই ঘৰ-বাৰী কৰিলোঁ। 

: এতিয়া আৰু কিহৰ লাজ কৰিব লগা হ’ল। সিহঁতে কিবা নিজে চুৰ কৰিছিলনে? পিছে তয়ো একো নুসুধিলি?— মই ক’লোঁ। 

: নাই, সোধা নাই।—খুৰাই ক’লে। অলপ সময় তভক মাৰি ৰৈ অনুতাপৰ সুৰত ক’লে—সুধিম কেনেকৈ? মোৰোতো লাজ আছে বাপু। মই আৰু পিতাৰে নৰকান্তক কি কৰিলোঁ তই দেখোন গম পাৱই। সেইবোৰ মনত পৰিলে উমেশৰ আগত মোৰ লাজ লাগে অ’।

খুৰাৰ কথাত না নকৰিলোঁ। সেইবোৰ লাজ পাব লগা কথাই। 

আৰু বিশেষ একো নকৈ মই চাহ-লুচি-বুন্দিয়া আৰু প্ৰসাদ খাই খুৰাৰ ঘৰৰ পৰা উঠিলোঁ। 

বোৱাৰী মাকৰ ঘৰৰপৰা ঘূৰি নহা বাবে ৰাতিও সিদিনা শ্ৰীমতীয়ে ভাত ৰান্ধিব লগা হ’ল। পাকঘৰৰ কাষত চকী এখনত বহি মই নৰকান্ত খুৰাৰ কথাবোৰকে কৈ থাকিলোঁ। শ্ৰীমতীয়ে মানুহজনক দেখাই নাছিল। কথাবোৰ তেওঁ জনা নাছিল কাৰণে মন দি শুনি গ’ল। 

পাছত এসময়ৰ চোৰ নৰকান্ত খুৰাই গাঁৱৰ ভকতৰ দলটোত যোগ দি এজন ভকতিত গদ্ গদ্ ভকতেই হৈ পৰিছিল। গাঁৱৰ আৰু বাহিৰৰো ভকত সেৱা পাল নাম সকলোতে তেৱোঁ যায়। আহোঁতে প্ৰসাদৰ ডাঙৰ টোপোলা লৈ আহে। নামৰ অৰম্ভণিত আৰু নাম ভাগিলে হৰিধ্বনি দিয়া কামটো তেৱেঁই কৰা কৰিলে। হাত দুখন সম্মুখলৈ কিছু ওপৰ কৰি তেওঁ হৰিধ্বনি দিয়ে, “জয়ে কৃষ্ণক চিন্তি হৰি বোল, হৰি বোল, হৰি বোল …।” আমি তেওঁক উঠাই দিওঁ, “তোৰ দৰে কোনেও হৰিধ্বনি দিব নোৱাৰে খুৰা।” খুৰাই আমাৰ কথা শুনি আহ্লাদিত হৈ যায়। 

গাঁৱৰ তেতিয়াৰ নাম কৰা ভকত, ৰমাককাৰ লগতো তেওঁ পুথি-পঢ়ালৈ যোৱা কৰিলে। কাৰোবোৰ ঘৰত সৰুকৈ প্ৰসাদ আগবঢ়ালে ৰমাককায়ে গৈ দুই-তিনি আধ্যা পুথি পঢ়েগৈ। ঠগিখন পতা, চাকি-বন্তি জ্বলোৱা, নামৰ শেষত প্ৰসাদ বিলোৱা কামটোও ৰমাককায়ে কৰে। নৰকান্ত খুৰাই বহি বহি শাস্ত্ৰপাঠ শুনে, চাহ-লুচি-মিঠাই খায়, আৰু প্ৰসাদৰ টোপোলাটো লৈ আহে। মাজে মাজে ৰমাককাৰ মনটো ভাল যেন দেখিলে শাস্ত্ৰৰ ব্যাখ্যাত দুই-এফাকি বচনেৰে খুৰায়ো যোগ দিয়ে। এদিন পিছে ককাৰ বৰ খং উঠিল। খুৰাৰ ফালে আঙুলি জোকাৰি জোকাৰি ক’লে—চাল্লা চোৰ, তই মোক চাকৰ পাতিছ। বহি বহি চাহ খাবলৈ, প্ৰসাদ খাবলৈহে তই আহ।

তেওঁ আৰু বহুত কিবাকিবি ক’লে খুৰাক। সেইদিনাৰপৰা ৰমাককাৰ লগত খুৰাৰ যোৱাটো বন্ধ হ’ল। 

খুৰাক তেওঁৰ পিছফালৰপৰা সকলোৱে ‘ভাত ক’ত ভকত, নৰকান্ত চোৰ’ বুলি ক’বলৈ ধৰিছিল। কথাটো তেওঁ জানিছিল। কিন্তু তেওঁৰ বৰকৈ গাত লগা নাছিল। মানুহে যে তেওঁক ‘নৰকান্ত চোৰ’ বুলি কয় সেইটো তেওঁ আগৰ পৰাই জানিছিল। তাৰে লগত আৰু এষাৰ, ‘ভাত ক’ত ভকত’ যোগ হ’লে তেওঁ কি খাতিৰ কৰিব। কিন্তু তেওঁৰ বৰ ভাল ভকত এজন হোৱাৰ হাবিয়াস সঁচাকৈয়ে আছিল কিজানি। এদিন আমাৰ ঘৰলৈ আহি পিতাক কোৱা শুনিছিলোঁ—ককাই, মোৰ বৰতাল এযোৰ কিনিবলৈ বৰ মন হৈছে। কিমান হাত চাপৰি মাৰি থাকিম আৰু।

: বহু টকা লাগিব। সৰু তাল এযোৰৰে যি দাম। কিনো কৰিবি বৰতাল কিনি?— পিতাই কৈছিল। 

: ককাই, পৰা হ’লে বুকুখন খুলি দেখুৱালোঁহেঁতেন তোক। মোৰ যে কিমান ইচ্ছা হৈছে এযোৰ কিনিবলৈ। টকা বহুত লাগিব বুলি জানো। কিন্তু বৰতাল এযোৰ নিজৰ থাকিলেহে আচল ভকত।

সেইদিনা সি যোৱাৰ পাছত পিতাই কৈছিল—বৰতাল কিনিবলৈ আহিছে গৰুচোৰে। জনমত নোৱাৰে সি।

মানুহে নৰকান্ত খুৰাক জোকাইছিল—তই যে বেলেগৰ ঘৰত খাই ফুৰ, নিজৰ ঘৰতো ৰাইজক এসাজ নুখুৱাৱ কিয়? তেতিয়াহে তোক ভকত বুলিব পাৰি।

এই খোঁচবোৰ খাই থকা কাৰণেই নেকি তেওঁ ঘৰত ভকত-সেৱা এভাগি পাতিবলৈ ওলাল। লগৰ ভকতকেইজন আৰু চুবুৰিটোৰ মানুহখিনি মাতিলে। পিছে দুদিন আগতে বৰ ডাঙৰ কাণ্ড এটা হ’ল। গাঁৱৰ দোকান এখনৰপৰা চাউল এবস্তা আৰু দালি এবস্তা চুৰ হ’ল। তাতোকৈ ডাঙৰ কথা হ’ল খালি বস্তা দুখন নৰকান্ত খুৰাৰ ঘৰৰ আগৰ পথাৰত পোৱা গ’ল পাছদিনা। সকলোৱে গৈ খুৰাকেই ধৰিলে—চোৰে আৰু কেতিয়াবা চোৰ প্ৰকৃতি এৰিবনে, ককুৰে কেতিয়াবা ছাই এৰিবনে? 

সকলোৰে মতে নৰকান্ত খুৰাই ভকত-সেৱাটো পাতিবলৈকে চাউল আৰু দালিৰ বস্তা দুটা চুৰ কৰিলে। তাৰিণীখুৰা আৰু পিতাই তেওঁক চৰ-থাপৰো দুটামান ভালকৈয়ে লগাই দিলে। কিন্তু সি মানি নলয়হে নলয়। বাৰে বাৰে কৈ থাকিল—ককাইহঁত, ভগৱানৰ শপত খাই কৈছোঁ, মই একো চুৰ কৰা নাই।

তেওঁক ভকত-সমাজৰ পৰা উলিয়াই দিয়া হ’ল। গাঁৱৰ গোসাঁইঘৰৰ নাম-প্ৰসংগলৈ যাবলৈও বাৰণ কৰা হ’ল। 

সেই ঘটনাটোৰ পাছৰ পৰাই মানুহজন জয় পৰি গ’ল। কাৰো ঘৰৰ বিয়া-সকামলৈ যোৱাটোও এৰিলে তেওঁ। সম্মুখৰ গোঁসাইঘৰটোত নাম-প্ৰসংগ হ’লে, নিজৰ ঘৰৰ চোতালতে, ঢকুৱাৰ বেৰ এখনৰ আঁৰ লৈ চাফা কাপোৰ-কানি পিন্ধি ঢাৰি এখন পাৰি বহে। নিজেও ঘোষাৰ লগত সুৰ মিলাই তাৰ পৰাই গায়, হাত চাপৰি মাৰে। হৰিধ্বনি দিলেও নিজেও আঁঠু কাঢ়ি তাৰ পৰাই সেৱা কৰে। নিতৌ পুৱা-গধূলি গোসাঁইঘৰত বাহিৰৰপৰাই সেৱা কৰি আহেগৈ। কাৰোবাৰ মুখামুখি হ’লেও কিন্তু একো নামাতে। তেনেতে আৰু এটা ঘটনা ঘটিছিল। 

: কি ঘটনা?— মই অলপ ৰৈছিলোঁ কাৰণে শ্ৰীমতীয়ে কাহিনীৰ পিছৰ অংশটো জানিবলৈ আগ্ৰহ কৰি সুধিলে। 

মই আকৌ আৰম্ভ কৰিলোঁ। 

খুৰাৰ কিবা অসুখ হৈছিল। তেওঁৰ শৰীৰ পৰি আহিছিল। গাঁৱৰ কোনেও তেনেকৈ খবৰ-পাতিও লোৱা নাছিল। ভকত হোৱাৰ পাছৰপৰা তেওঁ মাছ-মাংস খাবলৈ এৰিছিল। খুৰীয়ে মানুহজনক ভাত ৰান্ধি দিব লাগে কাৰণে সেইবোৰ নিজেও বাদ দিছিল। কিন্তু পুতেক দুটাই, মানে ৰমেশ আৰু উমেশে পথাৰ, খাল-দোঙৰপৰা মাছ মাৰি মাৰি আনে আৰু দকচি খায়। সিদিনা চোতালত চকচকীয়া পুঠি মাছকেইটা দেখি খুৰাই আৰু ৰ’ব নোৱাৰিলে। খুৰীক ক’লে—শেৱালি ফুলেৰে জাল দি মোক ৰান্ধি দে।

 খুৰীয়ে ৰান্ধিলে, খুৰাই খালে। আৰু সেই কথাটো গাঁৱৰ ভকত-সমাজৰ লগতে আন সকলোৱে গম পালে। 

গোঁসাইঘৰৰ চোতালত ভকতসকলৰ মাজত উত্তেজনাপূৰ্ণ আলোচনা চলিল। 

পিতাই ক’লে—চোৰ চোৰেই। চোৰ কেতিয়াও ভকত হ’ব নোৱাৰে। ই গৰুচোৰে ভকত হৈ চুৰ কৰা ক’ত বাদ দিছিল?

: আমাৰ গাঁৱৰ ভকতৰ বদনাম হৈছে এই মৰখকুৱা নিধক কুলাংগাৰটোৰ কাৰণে।—আন কোনোবাই লগতে উজান দিছিল। 

: তাৰ ঘৰলৈ যাতে আমাৰ বাপসকলৰ কোনেও নাযায়, এইটো মোৰ অনুৰোধ। তাৰ চোতালত ভৰি থোৱাটোও মহাপাপ কাম হ’ব। আমাৰ ভকতৰ কলংক হ’ব।— তাৰিণীখুৰাই হাতযোৰ কৰি ডাঙৰ ডাঙৰকৈ ঘোষণা কৰিছিল। 

: মই ভালকৈয়ে জানো এই গৰুচোৰক।—পিতাৰ বৰ খং উঠিছিল

: সেই কাৰণে মই আগৰ পৰাই তাৰ ঘৰলৈ যোৱা বাদ দিছোঁ।

নৰকান্ত খুৰাক মোটামুটি ভকত-সমাজে এঘৰীয়া কৰি পেলাইছিল। অসুখ টান হোৱাৰ পাছতো কোনো এজন ভকতেই গৈ তেওঁৰ খবৰ নল’লে। সেই কথাটোৰ পৰা খুৰাই আটাইতকৈ ডাঙৰ আঘাতটো পাইছিল। সেই আঘাত লৈয়ে তেওঁ মৰি থাকিল। জন্মাষ্টমীৰ দিনা ৰাতি ঢুকাইছিল তেওঁ। বৰ কম বয়সতে পাৰ হ’ল। 

: ভাল তিথিতেই পাৰ হৈছিল। মোৰ হ’লে মানুহজনলৈ কিবা মন পুৰিছে দিয়ক।—শ্ৰীমতীয়ে ক’লে। 

মোৰো দুখ লাগিছিল, মনে মনে এটা লাজো লাগিছিল। গাঁৱৰ মানুহখিনিয়ে, বিশেষকৈ তাৰিণীখুৰা আৰু মোৰ নিজৰ পিতায়ে মানুহজনৰ বৰ অন্যায় কৰিলে। 

: জানানে, সেইদিনা ৰাতি গোঁসাইঘৰত জন্মাষ্টমীৰ নাম। নৰকান্ত খুৰাই বিছনাত বহি বেৰত আউজি নাম শুনি আছিল। খুৰীয়ে লুথুৰীৰ দৰে সিজোৱা ভাত আনি বিছনাত থৈছিল। মানুহজনে বোলে— “মই নাম শেষ হ’লেহে খাম।” নাম শেষ হোৱাৰ পাছত ধুনীয়াকৈ ভাতখিনি খালেও। পিছে ৰাতিয়েই টোপনিতে পাৰ হ’ল।

: হৰিৰ নাম শুনি শুনিয়ে পাৰ হ’ল দিয়ক। বৰ পুণ্যৰ কথা কিন্তু সেইটো।—শ্ৰীমতীয়ে ক’লে। 

: হ’লেও মানুহজনে শেহত বিনাদোষত বৰ দুখ পালে।—মোৰ হুমুনিয়াহ এটা ওলাই আহিছিল। 

উমেশে কথাৰ হেৰফেৰ নকৰে। দুদিন পাছত সন্ধিয়া সি আহি ফেনৰ ৰেগুলেটৰটো সলনি কৰিলে। ফেনৰ স্পীড আগৰ দৰে বঢ়াব-কমাব পৰা হ’ল। শ্ৰীমতীয়ে চাহ দুকাপ আনি মেজত থৈছিল। 

মই একো নজনাৰ ভাও এটা দি আছিলোঁ। উমেশৰ মুখত হাঁহিটো আছিল, কিন্তু চকু দুটাই সিদিনাও হঁহা নাছিল। 

: বৰ গৰম পৰিছে এইবাৰ, নহয় উমেশ?—মই এনেয়ে ক’লোঁ। 

: হয় দাদা, এনে গৰম আগতে পোৱা মনতে নপৰে।—সি উত্তৰ দিছিল। 

মই দুঘোট চাহ খালোঁ নে নাই, তাৰ চাহকাপ সি শেষ কৰিলেই। 

বৰ খৰধৰকৈ সি ওলাই গ’ল। 

: তাক কথাটো নুসুধিলে দেখোন। কি বস্তুবা চুৰ হ’ল? চোৰে কিমান নিলে?—শ্ৰীমতীয়ে ক’লে। 

: এহ্, সেইবোৰ সুধিনো কি লাভ হ’ব এতিয়া?—মই ক’লোঁ। 

আচলতে কথাটো হ’ল, সুধিবলৈ লাজ লাগে। লাজ-চৰম মোৰো আছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!