লিমাৰিক : অজয় লাল দত্ত

লিমাৰিক

লিখক: অজয় লাল দত্ত

আমাৰ গাঁৱৰ স্মাৰ্ট ল’ৰা
হেপাঁহ তাৰ ৰাজনীতি কৰা
এবাৰ হ’ল জি এছ
এবাৰ হ’ল ভিপি
ছাত্ৰ সংস্থাত যোগ দি নহয়হে নহয় দৰা!

তাৰো আছিল গাৰ্ল ফ্ৰেণ্ড
বাইকত ঘূৰোৱাৰ ট্ৰেণ্ড
সময়ত তাইৰ বয়স বাঢ়িল
ঘৰলৈও দৰা আহিল
বন্ধুৱে কৰি দিলে প্ৰেমৰ ডি এণ্ড!

চান্দাৰ যদি পোৱা জুতি
মাংস আৰু শুকান ৰুটি
সংসাৰ চব মায়াজাল
বেচেলৰ হৈ থকাই ভাল
আঞ্চলিকৰ সম্পাদক হৈ থাকা আৰু লুটি!

আহচোন অ তই উভতি
ঘৰৰ চৰুত মাৰ খুটি
মাৰে বাপেৰে
আশা পালে
পাব বুলি নাতি-পুতি!

এক আছিল খুড়া-খুড়ী
বাহিৰা ইনকাম পুৰাপুৰি
কেৰোণাৰে চপায় ধন
কোটিপতি হবৰ মন
হ’ল নহয় এদিন, সোপাই চুৰি!

খুড়াই বোলে থানালৈ যাওঁ
খুড়ীয়ে কান্দে ৰাও ৰাও
কাৰ ওপৰত দিবা কেচ
সকলোচোন হ’লেই শেষ
পুলিচ আহিও কৰিবহি, দিয়া টকা খাও খাও !

ওচৰ-পাজৰৰ মানুহ আহিল
মানুহ দেখিও টেনশন বাঢ়িল
কি কি নিলে নোৱাৰে কব
ক’লাধনৰ হিচাব দিয়াহে হব
ভাৱি দুয়োৰ অৱস্থা কাহিল!

পাপৰ ধন বোলে পৰাচিতত যায়
বাহিৰা টকা আৰু নালাগে বোপাই
লুটি পুতি আনি থলো
অলেখ পাপৰ ভাগীও হ’লো
চোৰকহে দিলো চাল্লা জুতি লগায়!

আঁতৰাও বুলি মায়াৰ শনি
খুড়া ভকত হ’ল, খুড়ী হ’ল ভকতনি
মাছ মাংস খোৱা মানা
নিৰামিষত সেৰেকা খানা
মনে মনে ভাজি খায়, দুই এটা কণী ৷

এক আছিল ৰহিম চাচা
দোৱা দিয়ে ভালে থাক বাচা
পুৱা গধূলি নামাজ পঢ়ে
দুখ-সুখৰ সপোন গঢ়ে
বেয়া পায় আমি ওভতগোৰে নচা ৷

শুকুৰবাৰে দোস্ত আহে
আড্ডা জমে চাহে-তাহে
কেৰম খেলাৰ গুটি
ৰাম-ৰহিমৰ যুটি
সম্প্ৰীতিৰ বীজ থাকে আঁহে আঁহে ৷

শান্তিৰে আছিল সকলো শুই
অপৰাধীয়ে লগালে জুই
হিংসা পৰিল বিয়পি
পুলিচ-মেলটৰীৰ পিয়াপি
বিভেদৰ বৰ-গছ কোনোৱে দিলে ৰুই ৷

সৰু মানুহৰ জ্বলিল ঘৰ
আপোন গঞাও হলগৈ পৰ
শিবিৰতেই দিন যায়
কি দিন আহিল হায় হায়
চৌদিশে উঠিছে মাথো ৰাজনীতিৰ জ্বৰ!

পাৰ চৰাই উৰি গ’ল, পালে নদীৰ পাৰ
চাচাৰ দেখোন ঘৰ নাই, কিযে কাৰবাৰ
দোস্তিৰো পোৰা ভেটি
চন পৰিল পথাৰৰ খেতি
মনৰ দুখত পাৰই কান্দিল গোটেই শুকুৰবাৰ ৷

ৱিক এণ্ডত বাৰ শনি
পকেটত যদি ইজি মানি
মদে মাংসই ডবাই খাম
তাৰ পাছত লং ড্ৰাইভত যাম
তাকো যদি নকৰিলা, কিহৰ হ’লাতুমি নতুন ধনী?
চৰকাৰে দিছে পাব খুলি
উচ্ছল মিউজিক ঢৌ তুলি
মৌচুমীহঁত আহিব
গধূলিটো জমিব
জি এচ ৰোডত নিদিবা কিন্তু ছোৱালীৰ কাপোৰ খুলি!

অসমৰে নতুন ডেকা
পোৱা নাই ন কোনো সেকা?
কিমান আন্দোলন হৈ গ’ল
তেজৰ নদী বৈ গ’ল
বহু নেতাৰ হাতে হাতে চেকা ৷

সুৰাৰ ৰাগীত নুটিবা
আই-বোপাইক চিনিবা
ঘামৰ বলত কৰা টকা
ফলিয়াব সপোন চকামকা
দেশৰ ধৰণী তুমিয়েই, কথাটো কিন্তু বুজি থবা ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!