লোক ধেমালি নাওখেলৰ কথা
লেখক- অৰূপ ৰাজ কলিতা
লোক-সংস্কৃতিসমূহে এটা জাতিৰ শিপাৰ সন্ধান দিয়ে। সেয়েহে বৰ বৰ মনিষীয়ে তাহানিতে কৈ গৈছে, যি জাতিৰ লোক-সংস্কৃতি আৰু লোকাচাৰ শূন্য সেই জাতিৰ ইতিহাস শূন্য। লোক কথা, লোক সংস্কৃতি, লোকাচাৰসমূহে এটা জাতিৰ অতীত, বৰ্তমান আৰু ভবিষ্যতৰ ছবিখন জলজল পটপটকৈ প্ৰকাশ কৰে। সংস্কৃতিৰ ক্ষেত্ৰখনত অসম তথা উত্তৰ-পূৰ্বাঞ্চল অতীজৰে পৰা চহকী। অসমখন বিস্তৃত বাৰেবৰণীয়া সংস্কৃতি, বাৰেবৰণীয়া লোক-উৎসৱৰ মেটমৰা সম্ভাৰেৰে ভৰপূৰ। তাৰে ভিতৰত বিশেষকৈ নামনি অসমৰ (অবিভক্ত কামৰূপ ) লোক-সংস্কৃতিসমূহৰ কথা পাতিলে আমাৰ সততে মনলৈ আহে নাওখেল আৰু নাওখেলৰ গীতসমূহৰ কথা । মহোহো, নৰাকটা উৎসৱ, আইনাম, বিয়ানাম, হোলী, পচতী, মাঘী উৎসৱ আদিৰ মাজত নাওখেল অন্যতম খেল আৰু লোকগীতৰ এক শিহৰণকাৰী লোক উৎসৱ বা লোক ধেমালি।
ক্ৰমাৎ বিলুপ্ত হৈ যোৱা নাওখেলৰ কথা যদি আমি আলোচনা কৰোঁ কিছুবছৰ আগলৈ উভতি যাব লাগিব। অবিভক্ত ভাৰতবৰ্ষৰ বিশেষকৈ আমাৰ নামনি অসমৰ বেহা-বেপাৰৰ ক্ষেত্ৰখন আছিল ব্ৰহ্মপুত্ৰৰে ভটিয়াই গৈ বাংলাদেশৰ লগত। পূৰ্বৰ কামৰূপৰ বেহা বেপাৰ কৰা বহুত লোকৰ সঘন যাতায়ত আছিল আজিৰ বাংলাদেশৰ সৈতে । কিন্তু স্বাধীনতা পোৱাৰ পিছত দেশ বিভাজন হ’ল আৰু জলপথেৰে বেহা-বেপাৰ কৰা ব্যৱস্থা ক্ৰমান্বয়ে কমি আহিল। বেপাৰ কৰি উভতি অহা আমাৰ অঞ্চলৰ নাৱৰীয়াসকলে উভতি অহাৰ পৰত কোনে আগত নাও বাই ঘৰ পায়গৈ তাৰে প্ৰতিযোগিতা কৰিছিল। স্বাধীনতাৰ পাছৰ পৰা সেই বেহা-বেপাৰবোৰ বন্ধ হৈছিল আৰু কালক্ৰমত নাও বাই ঘৰ পোৱা প্ৰতিযোগিতাও এদিন নাও খেললৈ ৰূপান্তৰ হ’ল । নাওখেলৰ গীতসমূহৰ এক বৈশিষ্ট্য আছে। স্বাধীনতাৰ আগৰ সময়ছোৱাত বাংলাদেশত পালা নাটকৰ প্ৰভাৱ আছিল । আমাৰ অঞ্চলৰ পৰা যোৱা বহুত নাৱৰীয়াই সেই ঠাইত দিনৰ পিছত দিন পালা নাটক উপভোগ কৰিছিল আৰু উভতি অহা পৰত বঠাত জোৰ দি সেই পালা নাটৰ কথাসমূহক গীতৰ ৰূপ দি গাইছিল । এই কথাবোৰেই এদিন মুখ বাগৰি গীত হৈছিল বুলি জনা যায়। “মোৰ মলুৱাক কোনে মাৰিলে হায় মোৰ মলুৱা ৰে” শীৰ্ষক গীতটো এখন বিশেষ পালা নাটৰ অংশ বুলি জনা যায়। এজন ঠাকুৰৰ বিধৱা পত্নীক গৃহস্থই সুদৰ টকা দিব নোৱাৰি কাবুলি এজনৰ ওচৰত বিক্ৰী কৰি দিছিল। কাবুলিজনে সেই ঠাকুৰৰ পত্নীক শাৰীৰিক মানসিক অত্যাচাৰ কৰি এটা নিৰ্জন ঘৰত এৰি গৈছিল আৰু তেনে মূহুৰ্ততে ঠাকুৰৰ পত্নীয়ে মলুৱাক ধিয়াই ধিয়াই কান্দিছিল। সেই কন্দা কথাবোৰ ওভতাৰ পৰত নাৱৰীয়াসকলে সুৰ লগাই গাইছিল। এই কথাবোৰেই কালক্ৰমত নাওখেলৰ গীত হৈছিল । তাৰ লগে লগে আমাৰ অঞ্চলৰ গীতিকাৰসকলেও নাওখেলৰ গীত ৰচনা কৰিছিল।
“যেনে অৰ্জুনৰ ৰথৰ
সাৰথি নাৰায়ণ হৰি হে” ।
দেশৰ স্বাধীনতাৰ পিছত ডাঙৰ ডাঙৰ নাওবোৰ ব্ৰিটিছে লৈ গৈছিল। সেই সময়ত ব্ৰহ্মপুত্ৰৰ বুকুৰে ভটিয়াই গৈ কৰা বেহা বেপাৰবোৰ বন্ধ হ’ল। কিন্তু সেই পালা নাটৰ কাহিনী, গীতবোৰ মানুহৰ মুখত ৰৈ গ’ল। দিন যোৱাৰ লগে লগে নাৱৰ সৈতে জড়িত লোকসকলে নৈৰ ওভতনি সোঁতত নাও বাই গীতবোৰ আঁওৰালে। এদিন দুদিনকৈ এখন দুখনকৈ নাও লগ লাগি ফেৰ মাৰিলে কোনে আগত নাও বাব পাৰে। নাৱৰ বঠাত যিমানে জোৰ লাগে মুখৰ পৰাও সলসলাই সিমানে পালা নাটৰ কাহিনীসমুহ গীত হৈ সৰে। এই এখন দুখন নাও লগ হৈ ফেৰ মৰা চিন্তাই এদিন নাওখেলৰ ৰূপ ল’লে আৰু সৃষ্টি হ’ল নাওখেল নামৰ এক লোক উৎসৱৰ।
এই খেল সাংঘাতিক উৎসুকতাৰে ভৰা এক শিহৰণকাৰী খেল।
এখন নাৱত প্ৰায় ২০ পৰা ৩০ জন নাৱৰীয়া থাকে। মাজত এজনে ডবা নাইবা ডাঙৰ নেগেৰা জাতীয় বাদ্য লৈ বজাই যায় আৰু এজনে গীতসমূহ সুৰ লগাই গাই যায়। গীতৰ তালে তালে, বঠাৰ চেৱে চেৱে অন্যসকলে আওঁৰায়। সকলোৰে কণ্ঠ লগলাগি এক সুমধুৰ ধ্বনিৰ সৃষ্টি হয়। বাদ্য বজোৱাজনে হৈচ্ছো হেয়া বুলি মাজে মাজে লগৰীয়াসকলৰ উৎসাহ বঢ়ায়। নাওখেল নামনি অসমৰ এক অনন্য লোক ধেমালি।
আমাৰ সাংস্কৃতিক ঐতিহ্য বহুত বছৰ পুৰণি। কালক্ৰমত হেৰাই যাব ধৰা বহুতো সংস্কৃতি আজিৰ নতুন প্ৰজন্মৰ বাবে অচিনাকি। আমি আমাক জানিবলৈ, বুজিবলৈ আমাৰ সংস্কৃতিক বুজাটো অতি প্ৰয়োজনীয় । সংস্কৃতিৰ শিপাৰ খামোচটো দৃঢ়তাৰে ধৰি ৰাখিব পাৰিলেই আমি আমাৰ পৰা হেৰাই নাযাম কেতিয়াও ।।