শিক্ষকতাৰ মধুৰ মুহূৰ্তবোৰ: মিষ্টাৰ কুল, মৃত আইতা উপসৰ্গ আৰু অন্যান্য
লেখক- -- জিতেন কলিতা
প্ৰায় নবছৰৰ মূৰত মোৰ পুৰণি বিশ্ববিদ্যালয়খনলৈ আহিছোঁ। মোৰ সৈতে আহিছে মোৰ গুৰু (mentor) প্ৰফেছৰ মুৰলী মনোহৰ গুপ্তা। ৪৬ বছৰীয়া কৰ্মজীৱনৰ অন্ত পেলাই তেখেতে এইবছৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা স্বইচ্ছাই অৱসৰ গ্ৰহণ কৰাৰ পাছত কৰ্তৃপক্ষই তেখেতক প্ৰফেছৰ এমেৰিটাছ সন্মানেৰে বিভূষিত কৰিছে। মই গণিত বিভাগৰ পুৰণি সহকৰ্মীসকলক লগ কৰাৰ ইচ্ছা প্ৰকাশ কৰাত তেখেতে নিজেই উপযাচি ড্ৰাইভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ সোঁমাজত অৱস্থিত বিশ্ববিদ্যালয়খনৰ মূল চৌহদলৈ মোক লৈ আহিছে। ২০০২ চনত প্ৰথমবাৰৰ বাবে ইয়াত অধ্যাপনা কৰিবলৈ আহোঁতে গণিত বিভাগটো আছিল চহৰখনৰ ২২ আৰু জি ষ্ট্ৰিটে কটাকটি কৰা স্থানত অৱস্থিত ফাংগাৰ হলত। ফ’গি ব’টম/ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয় মেট্ৰ’ ষ্টেচনত নামি সোঁহাতে দুটা ব্লক খোজকাঢ়ি পাৰ হোৱাৰ পাছত বাওঁফালেৰে ঘূৰি ৰাস্তাটো পাৰ হ’লেই সেই ছয়মহলীয়া প্ৰকাণ্ড অট্টালিকাটো। তাৰ চতুৰ্থ মহলাত আছিল মোৰ অফিচটো। এতিয়া সেইটো ভাঙি তাতোকৈও ওখ আৰু উচ্চ প্ৰযুক্তিৰে নিৰ্মিত ভৱনটোত তেওঁলোকৰ বাণিজ্য বিভাগটো (School of Business) স্থানান্তৰিত কৰিছে। ফুটপাথত একোণত দুখনমান বেঞ্চেৰে সৈতে সৰু টিনৰ চালিখন, দৰাচলতে সেইটো মূল চৌহদৰ পৰা দহ কিলোমিটাৰ মান দূৰত অৱস্থিত বিশ্ববিদ্যালয়খনৰ মাউণ্ট ভাৰ্ণান চৌহদলৈ যোৱা শ্বাটল বাছবোৰৰ আস্থান। সৰু সৰু আকাৰৰ বাছবোৰত প্ৰায় বিশজন মান যাত্ৰী বহিব পাৰে। এতিয়াও এখন বাছ ৰৈ আছে। কোনোবা এটা ছেমিষ্টাৰত ময়ো সেইটো চৌহদত সপ্তাহত চাৰিটামান ক্লাছ কৰিবলগীয়া হৈছিল। সেইফালে খোজকাঢ়ি গৈ ভৱনটোৰ সন্মুখত ৰৈ অলপ সময়ৰ বাবে আত্মবিভোৰ হৈ গ’লোঁ। একালত একে ঠাইতে অৱস্থিত পুৰণি ভৱনটোৰ সৈতে যে কিমান স্মৃতি জড়িত হৈ আছে! যিদিনা প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়খনৰ চৌহদত ভৰি দিছিলোঁ, সেইদিনা কৰ্তৃপক্ষই মোলৈ প্ৰেৰণ কৰা মেপখন অনুসৰণ কৰি শ্ৰীমতী আৰু মই এই স্থানতেই আহি উপনীত হৈছিলোঁহি। তেতিয়া আমাৰ কোনো ধাৰণাই নাছিল যে ৰাস্তাৰ নামেৰেও ভৱনৰ নামকৰণ হ’ব পাৰে। আমাৰ দোধোৰ মোধোৰ অৱস্থা দেখা পাই সেইফালেৰে গৈ থকা কৃষ্ণাংগী বয়সস্থা ভদ্ৰমহিলা এগৰাকীয়ে আহি আমাক সুধিছিল, “তোমালোকক মই কিবা সহায় কৰিব পাৰোঁনে?” আমি আমাৰ সমস্যাৰ কথা ক’লত তেওঁ ক’লে, “বাচা, যিটো অট্টালিকাৰ সন্মুখত তোমালোক ঠিয় হৈ আছা, সেইটোৱেই ইমান পৰে তোমালোকে বিচাৰি থকা ঠিকনা। (Son, the building right in front of you is the address you are looking for.)” এক মুহূৰ্তৰ বাবে সেই দয়ালু বৃদ্ধাৰ মুখখন চকুৰ আগত ভাহি আহিল। লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰত মোৰ শিক্ষকতা জীৱনৰ প্ৰথম ছেমিষ্টাৰটোত অতি আপোন হৈ পৰা ছাত্ৰ-ছাত্ৰী ছাৰা ম’ৰা, হ’লি মেকক্লাৰটি, দালাল বুহেজী, ছাকিক’ ডাটে, জিয়েন য়ুন, কেভিন হেণ্ডাৰছন আদিৰ উদ্ভাসিত মুখবোৰেও সন্মুখেৰে অগা-দেৱা কৰিবলৈ আৰম্ভ ধৰিলে।
জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত মূলতঃ আমেৰিকান ছাত্ৰ-ছাত্ৰীৰ সংখ্যাই বেছি যদিও তেওঁলোকৰ উপৰি পৃথিৱীৰ প্ৰায় ১২০ দেশৰ ৩৫০০তকৈও অধিক বিদেশী ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰে। সেয়া মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ১০-১২%। কাজেই একো একোটা শ্ৰেণীত ৬-৭খন ভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাটো তেনেই স্বাভাৱিক কথা। প্ৰথম ছেমিষ্টাৰত মই পঢ়োৱা শ্ৰেণীকেইটাও তাৰ ব্যতিক্ৰম নাছিল। ভাৰতবৰ্ষ বা পৃথিৱীৰ আন বহু দেশত ছাত্ৰই শিক্ষকক ছাৰ বা প্ৰফেছাৰ বুলিয়ে সম্বোধন কৰে যদিও আমেৰিকাৰ বিশ্ববিদ্যালয় বিলাকত ছাত্ৰই শিক্ষকক নাম কাঢ়ি মতাটোত কোনেও একো অস্বাভাৱিকতা দেখা নাপায়। বিশেষকৈ আমেৰিকান ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগেই মোক নাম কাঢ়িয়েই সম্বোধন কৰিছিল। কিছুমানে প্ৰফেছৰ কলিতা আৰু খুব কমসংখ্যকে ছাৰ বুলি সম্বোধন কৰিছিল। তাতে আকৌ সেই সময়ত গণিত বিভাগত ময়েই আছিলোঁ সৰ্বকনিষ্ঠ শিক্ষক। বাকী সকলোবোৰৰ বয়স আছিল পঞ্চল্লিছৰ উৰ্দ্ধত। বোধকৰোঁ সেইবাবেই প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰে গিজগিজাই থকা কেলকুলাছৰ ক্লাছটোৰ ল’ৰা ছোৱালীহঁতে অতি সোনকালেই মোৰ সৈতে সহজ হৈ পৰিছিল।
মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা অনুভৱ কৰোঁ যে আমেৰিকান ছাত্ৰ-ছাত্ৰীসকলৰ গণিত বিষয়টোত ব্যুৎপত্তিৰ স্তৰ মাথোঁ চাৰিটাতে সীমাবদ্ধ: অত্যন্ত ভাল, ভাল, বেয়া আৰু অতি বেয়া। আমাৰ ইয়াৰ দৰে মজলীয়া বা মধ্যমীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণিত বিষয়টোত অতি বিৰল। গণিতত কেঁচা ছাত্ৰ ছাত্ৰীসকলে অনেক সময়ত যথেষ্ট কষ্ট কৰিও পৰীক্ষাত আশাপ্ৰদ নম্বৰ অৰ্জন কৰাত ব্যৰ্থ হয়। আনহাতে বেছিভাগ পাঠ্যক্ৰমতে কেলকুলাছৰ এটা বা দুটা বিষয়ৰ ক’ৰ্চ লোৱাটো তেওঁলোকৰ বাবে বাধ্যতামূলক। সেয়েহে পৰীক্ষাত কম নম্বৰ পালে ল’ৰা-ছোৱালীহঁতে শিক্ষকৰ সৈতে যুক্তি-তৰ্ক কৰিবলৈ কুণ্ঠাবোধ নকৰে। তাৰবাবে শিক্ষকজন সদায় সষ্টম হৈ থাকিব লাগে। ওপৰত উল্লেখ কৰা ছাত্ৰ ছাত্ৰী কেইগৰাকী আছিল প্ৰথম দুই স্তৰৰ অন্তৰ্গত। তাৰে ভিতৰৰে ছাৰা আৰু হ’লি আছিল নলে গলে লগা বান্ধৱী, সিহঁতে ক্লাছত সদায়েই ওচৰা ওচৰিকৈ আসন গ্ৰহণ কৰিছিল। এদিন ক্লাছত এটা বিষয়বস্তু শেষ কৰাৰ পাছত পাঠ্যপুথিৰ দুই এটা অনুশীলনী সমাধান কৰাৰ দিশলৈ আগবাঢ়িছোঁ। উল্লেখযোগ্য যে সেইসময়ত বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ে অনুমোদন কৰা পাঠ্যপুথিখন লগত লৈয়ে শ্ৰেণীকোঠালৈ আহিছিল। সেয়েহে তেওঁলোকৰ অনুমতি বিচাৰি মই সুধিলোঁ, “এতিয়া তোমালোকে অমুক নম্বৰৰ পৰা অমুক নম্বৰলৈ কোনকেইটো অনুশীলনী মই সমাধান কৰাটো বিচৰা কোৱাচোন?” লগে লগে সোঁহাতখন ওপৰলৈ দাঙি ছাৰাই উচ্চস্বৰত উত্তেজিতভাবে ক’লে, “অ’হ জিতেন, মাথোঁ তোমাৰ যাদু দেখুৱাই গৈ থাকা। (Oh Jiten, just show your magic.)” কাষতে বহি থকা হ’লিয়ে হয়ভৰদি ক’লে, “Yes Jiten, please.” ঘটনাৰ আকস্মিকতাত থতমত খাই লাজত ৰঙাচিঙা পৰি মোৰ কি অৱস্থা হৈছিলগৈ পাঠকসকলে নিশ্চয় অনুমান কৰিব পাৰিছে।
এবাৰ তেওঁলোকৰ Halloween উৎসৱৰ সময়ত এইগৰাকী হ’লিয়েই মোক হেল’ৱিনৰ চিহ্ন সম্বলিত কাপোৰ এডোখৰ উপহাৰ দিছিল। মই উপহাৰ গ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি ক’লোঁ যে তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ নিয়ম-কানুন সম্পৰ্কে মই ইমান ভালকৈ অৱগত নহয়। ই এক দোষনীয় কামো হ’ব পাৰে। তেতিয়া তাই কাতৰ অনুৰোধ কৰি ক’লে, “এইখন মই নিজেই এম্ব্ৰ’ডাইৰী কৰিছোঁ। অনুগ্ৰহ কৰি এয়া আপোনাৰ শ্ৰীমতীলৈ দিয়া উপহাৰ ৰূপে গ্ৰহণ কৰক।” ভাৰতলৈ ঘূৰি অহাৰ পাছতো বহুদিনলৈ সেই কাপোৰডোখৰে আমাৰ পাকঘৰৰ ৰিফ্ৰিজাৰেটৰটোৰ হাতোৰাডালত বহি শোভা বৰ্ধন কৰিছিল। তাৰ কেইদিনমান আগতে আন এক আমোদজনক ঘটনা ঘটিছিল। এদিন মই মাউণ্ট ভাৰ্ণান চৌহদৰ ক্লাছ এটা কৰি উঠি মূল চৌহদলৈ উভতিবলৈ শ্বাটল বাছষ্টেণ্ডৰ ফালে অগ্ৰসৰ হৈছোঁ। সেই ক্লাছটোৰে কেইজনমান ছাত্ৰ ছাত্ৰী মোৰ সৈতে একেলগে বাছষ্টেণ্ড অভিমুখে আহি আছে আৰু মই সিহঁতৰ কৌতূহলপূৰ্ণ প্ৰশ্ন বিলাকৰ উত্তৰ দি গৈছোঁ। বেছিভাগ প্ৰশ্নই মই আমেৰিকাত থাকি কিবা অসুবিধা পাইছোঁ নেকি, ভাৰতৰ ছাত্ৰ ছাত্ৰী আৰু সিহঁতৰ মাজত পাৰ্থক্য কি ইত্যাদি ইত্যাদি ধৰণৰ। তাৰ মাজতেই বাহৰেইন দেশৰ দালাল বুহেজী নামৰ ছাত্ৰীগৰাকীও (হয় ঠিকেই ধৰিছে, দালাল এজনী ছোৱালীহে। প্ৰথমবাৰ নামটো দেখি ময়ো ল’ৰাৰ নাম বুলিয়ে ভাবিছিলোঁ। ) আছিল। তাই স্কুলীয়া জীৱনৰ শিক্ষাও আমেৰিকাতেই গ্ৰহণ কৰিছিল। হঠাৎ তাই মোলৈ বাক্যবাণ নিক্ষেপ কৰিলে, “জিতেন, তোমাৰ বাৰু গাৰ্লফ্ৰেইণ্ড আছে নেকি?” প্ৰশ্নটো মোৰ বাবে অপ্ৰত্যাশিত আছিল যদিও কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই মই টপৰাই উত্তৰ দিলোঁ, “আছে আছে, একেবাৰে চিৰস্থায়ী গাৰ্লফ্ৰেইণ্ড।” “তাৰ মানে?” তাইৰ নিৰীহ প্ৰশ্ন।” “মই বিবাহিত আকৌ।” লগে লগে তাইৰ উত্তৰ, “Wow, that’s cool.” এই বাক্যটিৰ অসমীয়া তৰ্জমা কৰিলে কি হ’ব সেয়া মই পাঠকসকললৈয়ে এৰিলোঁ।
তাৰ পাছৰ ছেমিষ্টাৰটোৰ কথা। Mid-sem পৰীক্ষাৰ দুদিন আগতে মোলৈ ছাত্ৰী এগৰাকীৰ ই মেইল আহিল। তেওঁৰ আইতাকে হেনো সেইদিনাই আকস্মিকভাৱে ইহলীলা সম্বৰণ কৰিছে। সেয়ে তেওঁ মোলৈ অনুৰোধ জনাইছে যাতে মই এসপ্তাহ মানৰ পাছত বিশেষ পৰীক্ষাৰ (make up test) আয়োজন কৰি তেওঁক বহিবলৈ অনুমতি দিওঁ। মোৰ কিবা সুধিবলগীয়া থাকিলে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ তলত তেওঁৰ ফোন নম্বৰটোও লগতে দিছে। ছোৱালীজনীৰ কথা ভাবি বেয়াই লাগিল, বেচেৰীয়ে আইতাকক ইমানেই ভাল পায় যে সমাগত পৰীক্ষা পৰ্যন্ত বাদ দি আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত ভাগ ল’বলৈ ঢাপলি মেলিছে। সৌজন্যৰ খাতিৰতে তাৰ পাছদিনা খৱৰ ল’বলৈ মই তেওঁ দিয়া নম্বৰটোত ফোন সংযোগ কৰিলোঁ। সিপাৰৰ পৰা ভদ্ৰ মহিলা এগৰাকীৰ মাত ভাহি আহিল। মোৰ পৰিচয় ব্যক্ত কৰাৰ পাছত তেওঁ নিজকে ছাত্ৰীগৰাকীৰ মাক বুলি পৰিচয় দিলে। ছোৱালীৰ আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিন ঠিক হৈছে নে নাই জানিবলৈ বিচৰাত তেওঁক অলপমান অস্বস্তিত পৰা যেন লাগিল। “তাইক দিছোঁ ৰ’ব” বুলি কথোপকথনৰ অন্ত পেলাই তেওঁ জীয়েকক ফোনটো ধৰিবলৈ ডেডাউৰি মাৰি মাতিলে। মই যে জীয়েকৰ চতুৰ ফন্দিৰ অসহায় চিকাৰহে আছিলোঁ সেয়া তাইৰ অপ্ৰস্তুত কথা বতৰাৰ পৰা স্পষ্ট হৈ পৰিল। আইতাকৰ সৎকাৰ কাৰ্য্য দুদিন পাছত সম্পন্ন হ’ব বুলি চালে বেৰে কোবোৱা ধৰণৰ উত্তৰ এটা পোৱাৰ পাছত মই ফোনটো সামৰিলোঁ।
এই সমগ্ৰ পৰিস্থিতিটো মোৰ বাবে সম্পূৰ্ণ আচহুৱা আছিল আৰু বহু প্ৰশ্ন মোৰ বাবে সাঁথৰেই হৈ থাকিল। সেয়েহে মই সহকৰ্মী আৰু গুৰু প্ৰফেছৰ গুপ্তাৰ শৰণাপন্ন হ’লোঁ। মোৰ কথা শুনি তেখেত অকণো আচৰিত নহৈ মিচিকিয়াই হাঁহি এটি মাৰি ক’লে, “তোমাক আচলতে এই বিষয়ে মই আগতেই সতৰ্ক কৰি দিব লাগিছিল। এতিয়াৰ পৰা কোনোবাই তেনেকৈ বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিলে তেওঁলোকৰ পৰা অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰমাণ পত্ৰ (funeral certificate) বিচাৰিবা।” তাৰ পাছতেই তেখেতে মোৰ আগত বৰ্ণনা কৰিলে আশীৰ দশকত সেই সময়ৰ বিশ্ববিদ্যালয়ৰ কলম্বিয়ান কলেজ অব আৰ্ট এণ্ড ছায়েন্সৰ ডীনৰ সৈতে হোৱা তেখেতৰ এক ৰসাল কথোপকথনৰ কাহিনী। এবাৰ হেনো ডীনক দেখা কৰিবলৈ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ ককাক আইতাক কেইহালমান তেওঁৰ অফিচলৈ আহিছিল। বিদায় লোৱাৰ পৰত ডীনে তেওঁলোকক উদ্দেশ্যি ক’লে, “আপোনালোকে এইকেইদিন সাৱধানে থাকি স্বাস্থ্যৰ অলপমান বেছিকৈ যত্ন ল’ব।” ডীনৰ কথা শুনি ককা-আইতাহঁতৰ চকু কপালত উঠিল। “কেলেই বাৰু?” তেওঁলোকৰ প্ৰশ্ন। “দুদিনমান পাছতেই মিড-ছেমিষ্টাৰ পৰীক্ষা আৰম্ভ হ’ব নহয়। এই কেইদিনতেই আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ককাক আইতাকবোৰে আটাইতকৈ বেছিকৈ মৃত্যুবৰণ কৰে, যাৰ বাবে এই সময়তেই তেওঁলোকৰ পৰা আমি সৰ্বাধিক ছুটীৰ দৰ্খাস্ত লাভ কৰোঁ।” এইবাৰ প্ৰফেছৰ গুপ্তাই গুগল চাৰ্চ কৰি প্ৰবন্ধ এটাৰ প্ৰিণ্টটো মোলৈ আগবঢ়াই দিলে, যাৰ শীৰ্ষক হৈছে “The dead grandmother/exam syndrome।” ইয়াৰ লেখক হৈছে আমেৰিকাৰ পূৱ কনেটিকাট ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক মাইক আডামছ। মই সন্মুখিন হোৱা পৰিস্থিতিটো তেখেতৰ লেখাটোৰ প্ৰথম পেৰাগ্ৰাফটোতেই খুব সুন্দৰভাৱে পৰিস্ফুট হৈছে।
‘‘বহু দিনৰ পৰা এই মতবাদটো চলি আহিছে যে পৰীক্ষাৰ আগৰ সপ্তাহটো কলেজীয়া ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ লোকৰ বাবে আটাইতকৈ বিপজ্জনক সময়। যেতিয়াৰ পৰা মই শিক্ষকতা কৰিবলৈ আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰাই সময়ে সময়ে শুনি অহা ধূসৰ বক্তব্য, অসম্পূৰ্ণ প্ৰসঙ্গ আৰু অসমাপ্ত মন্তব্যবোৰে পাকে প্ৰকাৰে ‘মৃত আইতাৰ সমস্যা’টোৰেই ইঙ্গিত বহন কৰি আহিছে। তৎসত্ত্বেও খুব কমসংখ্যক সহকৰ্মীৰ কথা বতৰাতহে ইয়াৰ স্পষ্ট আভাস পোৱা যায়। যিয়েই নহওক, কলেজত শিক্ষকতাৰ সৈতে জড়িত এজন ব্যক্তিৰ ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া কেনে হ’ব, তাক আৱিষ্কাৰ কৰিবলৈ মোৰ বেছি পৰ নালাগিল। বিভিন্ন ঠাইত ভ্ৰমণৰ অভিজ্ঞতাৰ পৰা মই জানিব পাৰিলোঁ যে এই একে সমস্যা ইংলেণ্ড, ফ্ৰান্স, বুলগেৰিয়া আদি দেশতো বিৰাজমান। মাথোঁ নিজ নিজ দেশত সিহঁতৰ নামটোহে বেলেগ। ই এক আন্তঃৰাষ্ট্ৰীয় সমস্যাও হ’ব পাৰে, পিছে আমেৰিকাতেই যে ইয়াৰ ব্যাপ্তি সৰ্বাধিক আৰু ইয়াৰ উৎসও যে এই দেশতেই, সি ধুৰুপ। মূল সমস্যাটো উপপাদ্যৰূপে অতি সহজ ভাষাত এনেদৰে উপস্থাপন কৰিব পৰা যায়: বছৰৰ আন সময়তকৈ পৰীক্ষাত বহাৰ ঠিক আগতে এজন ছাত্ৰ বা ছাত্ৰীৰ ককাক বা আইতাকৰ আকস্মিক মৃত্যু হোৱাৰ সম্ভাৱনা অধিক।”
আশ্চৰ্যজনকভাবে মাইক আদামছৰ মৃত আইতাৰ উপসৰ্গ এক আন্তঃৰাষ্ট্ৰীয় সমস্যা হোৱাৰ দিশলৈ অগ্ৰসৰ হোৱাৰ সন্দেহক সত্য বুলি প্ৰমাণিত কৰি ই আমাৰ অসম মুলুকতো প্ৰৱেশ কৰিছে। এবছৰ মান আগতে আমাৰ প্ৰতিষ্ঠানতে মই বি-টেক প্ৰথম বাৰ্ষিকৰ এটা বাধ্যতামূলক পাঠ্যক্ৰম (compulsory core course) পঢ়ুৱাইছিলোঁ। সেইবাৰ চূড়ান্ত পৰীক্ষাৰ আগতে তিনি চাৰিজন মান ছাত্ৰ ছাত্ৰীয়ে ককাক আইতাকৰ মৃত্যুৰ অজুহাত দেখুৱাই মোলৈ পৰীক্ষাত বহাৰ পৰা অব্যাহতি বিচাৰি বা বিশেষ পৰীক্ষা পতাৰ অনুৰোধ কৰি ই-মেইল প্ৰেৰণ কৰিছিল। মই তেওঁলোকক জানিবলৈ দিলোঁ যে আমাৰ প্ৰতিষ্ঠানৰ বিদ্যায়তনিক অধ্যাদেশত এই সম্পৰ্কে কোনো স্পষ্ট নিৰ্দেশনা নাই। গতিকে অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত উপস্থিতিৰ প্ৰমাণ দাখিল কৰিব নোৱাৰিলে মোৰ ফালৰ পৰা কৰিব পৰা একো নাই। পাছত দেখা গ’ল যে ভাৰতৰ বিভিন্ন স্থানৰ নিজ নিজ বাসভৱনৰ পৰা মোলৈ মেইল লিখা বুলি দাবী কৰা আটাইকেইজনেই আহি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছেহি। দুদিনমান আগতে গুৱাহাটীৰ স্থানীয় কলেজ এখনৰ অধ্যাপিকা, বান্ধৱী এগৰাকীয়ে আন এটা আমোদজনক খৱৰ দিলে। তেওঁ পঢ়ুওৱা বিষয়টোৰ অভ্যন্তৰীণ মূল্যায়নৰ বাবে প্ৰয়োজনীয় এছাইনমেণ্ট বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে সময়মতে জমা দিয়াত ব্যৰ্থ হোৱাত তেওঁলোকক পৰৱৰ্তী দিনটোৰ ভিতৰতে কৰ্তব্য পালন কৰিবলৈ হোৱাটছএপ যোগে নিৰ্দেশ দিয়া হৈছিল। তেতিয়া বহুদিন শ্ৰেণীকোঠাত অনুপস্থিত ছাত্ৰ এজনে তেওঁক জনালে যে তেওঁৰ আইতাকৰ মৃত্যু হোৱা বাবে ইমান দিনে তেওঁ শ্ৰেণীত উপস্থিত হ’ব পৰা নাই কাৰণ তেওঁলোকৰ দেউৱে (পৰিয়ালৰ পূজা পাতল কৰা ব্যক্তি) হেনো পৰিয়ালৰ সদস্যসকলক দুকুৰি দিনৰ বাবে ঘৰৰ বাহিৰ হ’বলৈ বাৰণ কৰিছে। সেয়েহে তেওঁ এছাইনমেণ্ট জমা দিবলৈ অপাৰগ। বান্ধৱীয়ে মোৰ দৰে একে পন্থাই অৱলম্বন কৰি ছাত্ৰজনক জানিবলৈ দিলে যে তেনে ক্ষেত্ৰত তেওঁক পৰীক্ষাত শূন্য নম্বৰ দিয়াৰ বাহিৰে আন গত্যন্তৰ নাই। পিছদিনাই এছাইনমেণ্ট দাখিল কৰিবলৈ ছাত্ৰজন কলেজত আহি হাজিৰ হ’ল। হে পাঠকবৃন্দ, আপোনালোকেও ল’ৰাছোৱালীহঁতৰ পৰীক্ষাৰ আগে আগে সতৰ্ক হৈ স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লোৱাৰ সময় সমাগত। কিয়নো অদূৰ ভৱিষ্যতে কলেজীয়া ছাত্ৰ ছাত্ৰীৰ দৰ্খাস্তত আকস্মিক মৃত্যু হোৱা সম্ভাৱ্য সম্বন্ধীয় লোকৰ তালিকাত ককা আইতাৰ উপৰি মামা, মামী, খুৰা, খুৰী, মামাককা, খুৰীআইতা ইত্যাদিয়েও যে স্থান নাপাব, তাৰ কোনো প্ৰত্যাভূতি (guarantee) নাই।