শেষ অক্টোবৰ
লেখক- হিমাংশু ভাগৱতী
ক)পাতখিলা উৰি আহিল
আৰু মোক চুই নিজবাটে গুছি গ’ল
ইমান বেপৰোৱা বতাহ
খ)পানী খৰকৈ কমি গৈছ
দিনবোৰ চুটি হৈছে
নদীৰ বালিত আবেলি মানুহ বাঢ়িছে
গ)গোটেই আকাশতে বিজ্ঞাপন
শেৱালীৰ বিপণিত শীত
ঘ)মাটিৰ মুখে আকাৰ লৈছে
দুবৰিৰ গাঁঠিত নিয়ৰ
ঙ)পানীৰ ডোঙাত ৰৈ গৈছে মাছ
ধৰফৰণি অক্টোবৰৰ অন্য নাম
চ) আকাশত সোঁৱৰণি মেঘ
ছ) ইফালে আকাল সিফালে আকাল
শাৰদীৰ তেজে ফুটো ফুটো কৰা গাল
নিজক নিলগত ৰখাটো বৰ আহুকাল
অন্যান্য শিতান
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments