শ্যামসুন্দৰৰ পৃথিৱী
লেখক- ড°বিদিশা মহন্ত
ৰাতিপুৱা শুই উঠিয়েই শ্যামসুন্দৰ আইনাৰ আগত থিয় হ’লহি। বহুদিনীয়া অভ্যাস! সতকাই এৰা নাযায়। অথচ আইনাত নিজৰ মুখখন চালেই বিৰক্তি আৰু বিতৃষ্ণাৰে শ্যামসুন্দৰৰ মনটো ভৰি উঠে। অজস্ৰ সৰু বৰ কটা দাগেৰে মুখখন কেনে আগঢ়ী হৈ পৰিল। অৱশ্যে তেওঁৰ সমসাময়িক প্ৰায় সকলো লোকৰ শৰীৰতে একেধৰণৰ আঁক-বাক। অজ’ন স্তৰ ভেদি অহা অতি বেঙুনীয়া ৰশ্মিৰ কুফল এয়া। শ্যামসুন্দৰৰ এতিয়াও মনত আছে ত্ৰিশ বছৰৰ আগৰ সেই ৰাতিপুৱাটো! শুই উঠি আইনাৰ আগত থিয় হোৱাৰ লগে লগে আতংকত তেওঁ চিঞৰি উঠিছিল। কোনোবাই বাকুঁহি দিয়াৰ দৰে দীঘল সেৰা পাতি যোৱা ৰঙা ৰঙা দাগেৰে তেওঁৰ সমগ্ৰ শৰীৰ ভৰি পৰিছিল। দৌৰ মাৰি তেওঁ পত্নীৰ ওচৰ পাইছিলগৈ। তেওঁৰ শৰীৰটো একেই দাগ। সুন্দৰী পত্নীৰ মসৃণ ফেহুবৰণীয়া ছালখনত জিলিকি থকা ৰঙচুৱা দাগবোৰ দেখি মুখখন ঢাকি তেওঁ বহি পৰিছিল। কেইদিনমানৰ পিছত অঞ্চলটোৰ প্ৰায়বোৰ মানুহৰ শৰীৰ এনেকুৱা দাগেৰে ভৰি পৰিছিল। বেছ হৈ চৈৰ সৃষ্টি হৈছিল। প্ৰতিদিনে মিডিয়াই নতুন নতুন খবৰ আনিছিল, পৃথিৱীৰ ক’ত এনেকুৱা ঘটনা আৰু ঘটিছে। বহুতে ভাবিছিল এয়া বহিৰ্বিশ্বৰ প্ৰাণীয়ে পৃথিৱীত কৰা গবেষণাৰ পাৰ্শ্বক্ৰিয়া। লাহে লাহে পৃথিৱীৰ প্ৰায় সকলো লোকৰে শৰীৰ এনেকুৱা হৈ গৈছিল। সদ্যোজাত শিশুও সাৰি যোৱা নাছিল, ইয়াৰ বিষাক্ত আচোঁৰৰ পৰা। বহু গৱেষণাৰ অন্তত অবশেষত গম পোৱা গৈছিল যে এয়া অ’জন লেয়াৰ ডিপ্লিশ্যনৰ ফলত পাৰ হৈ অহা অতি বেঙুনীয়া ৰশ্মিৰ কুফল। UV protect নামৰ লোচনটো আৱিষ্কাৰ হোৱাৰ পিছত অৱশ্যে এনে দাগ থকা মানুহৰ সংখ্যা কমি গ’ল। বিশেষকৈ নতুন জেনেৰেশ্যনটোৰ গাত এনেকুৱা দাগ একেবাৰে দেখা নাযায়। কিন্তু UV Protect সকলোৰে জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিল।
শ্যামসুন্দৰে কলগ’গাম এটা চোবাই চোবাই দাঁত পৰিষ্কাৰ কৰিবলৈ ধৰিলে। টুথব্ৰাচত পেষ্ট লগাই ব্ৰাচ কৰাটো এতিয়া অতীত হ’ল। টুথপেষ্ট তৈয়াৰ কৰা কোম্পানীসমূহে আজিকালি বজাৰত এবিধ গাম উলিয়াই দিছে। পানী নোহোৱাকৈ দাঁত পৰিষ্কাৰ কৰিব পাৰি। একেদৰে গাও ধুব লাগে পানী নোহোৱাকৈ। এই ৰুক্ষ শুকান পৃথিৱীখন দেখি শ্যামসুন্দৰৰ মনটোও শুকান আৰু খিংখিঙীয়া হৈ থাকে। সদায়েই মুড এলিভেটৰ ব্যৱহাৰ কৰিব লগা হয়।
বাথৰুমত সোমাই চুইট্চটো অন কৰাৰ লগে লগে কম্প্ৰেচ্ড এয়াৰে তেওঁৰ শৰীৰটো পৰিষ্কাৰ কৰি পেলালে। বাথৰুমৰ বেৰত থকা বৰ্ডখনত লেমন চিলেক্ট কৰাৰ লগে লগে সতেজ নেমুৰ চিনাকি গোন্ধটোৱে তেওঁৰ শৰীৰ ধুৱাই নিলে। ঠিক বহু বছৰৰ আগতে শ্বাৱাৰৰ পানীত জুৰুলি-জুপুৰি হৈ চিন্থল চবোন সানি গা ধোৱাৰ দৰে। শ্যামসুন্দৰে দীঘলকৈ উশাহ এটা ল’লে। ঠিক গাখীৰৰ স্বাদ ঘোলেৰে পুৰোৱাৰ দৰে—কথাষাৰ মনলৈ অহাত তেওঁ মনৰ মাজতে হাঁহি এটা মৰিলে। গাখীৰ দেখিবলৈ কেনেকুৱা আজিকালিৰ ল’ৰা-ছোৱালীয়ে বুজালেও বুজি নাপাব। বজাৰত কেৱল গাখীৰৰ ফুড ভ্যেলু থকা টেবলেট কিনিবলৈ পোৱা যায়। দ্ৰাই ক্লিনিঙ চিষ্টেম বাথৰুমতে আছে। ৰাতিৰ কাপোৰখিনি তাত দি চাফা বাথৰ’ব এটা পিন্ধি শ্যামসুন্দৰ বাথৰুমৰ পৰা ওলাই আহিল। কাপোৰ পিন্ধি পিন্ধিয়েই তেওঁ ব্ৰেকফাষ্ট কৰিলে। ব্ৰেকফাষ্ট মানেনো কি আৰু—১৮০ kcal ৰ এটা টেবলেট আৰু এগিলাছ পানী। পৃথিৱীত এতিয়া পানীৰ ভীষণ নাটনি। জধে-মধে কৰা অপচয়, প্ৰদুষণৰ বাবে বেছিভাগ নদীয়েই শুকাই শুকাই নাইকিয়া হ’ল। গ্ৰাউণ্ড ৱাটাৰ লেভেলো লাহে লাহে কমি আহিছে। কেৱল খাবৰ বাবেহে এতিয়া পানী ব্যৱহাৰ কৰা হয়। পৃথিৱীত এতিয়া সবাতোকৈ মূল্যৱান সম্পদ হ’ল পানী। প্ৰতিখন দেশৰে বাকী থকা জলাশয়সমূহ নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰে বেস্তিত হৈ থাকে।
আজিৰ দিনটো শ্যামসুন্দৰৰ বাবে বৰ হেঁপাহৰ। মাহত মাত্ৰ এটা দিন তেওঁ বন্ধু আদিত্যকমলৰ সৈতে সঁচা অৰ্থত দুপৰীয়াৰ ভাত সাজ খায়। এতিয়া এই ২০৮০ চনত কোনেও গেচ, ইলেক্ট্ৰিচিতি আৰু বিশেষকৈ পানী খৰচ কৰি ৰন্ধা-বঢ়া কৰাৰ কথা ভাবিব নোৱাৰে। চাউল-দাইলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ কম পৰিমাণে গৱেষণাৰগাৰত প্ৰস্তুত কৰা হয়। তাৰ বাবেও চৰকাৰৰ অনুজ্ঞা লাগে। দামো এইবোৰৰ অতি বেছি। সেয়ে পাকঘৰৰ কনচেপ্টটো ঘৰৰপৰা উঠিয়েই গৈছে। সাতে সোতৰই মিলি শ্যামসুন্দৰ আৰু তেওঁৰ বন্ধু আদিত্যকমলে মাহৰ প্ৰথম শনিবাৰে চহৰত থকা একমাত্ৰ ৰেষ্টুৰাখনত দুপৰীয়া সাজ খাবলৈ আহে। ন’হলে বাকী কেইটা দিন এনাৰ্জী টেবলেটেই গতি।
পিট্চ দিয়া মসৃণ ৰাস্তাইদি চাইকেল চলাই চলাই তেওঁ গৈ থাকিল। তেওঁ খোৱা বোৱাত চখ থকা মানুহ। আগতে কলেজ ইউনিভাৰ্চিটিত পঢ়োঁতে তেওঁ আৰু আদিত্যই বিভিন্ন ৰেষ্টুৰাত খোৱাৰ জুতি লৈ ফুৰিছিল। মেকডিৰ বাৰ্গাৰ, কে.এফ.চি চিকেন, ডমিন’জৰ পিজ্জা, এগ টাৰ্ট, বাৰ্বিকিউ নেচনৰ বাৰ্বিকিউ, চাবৱে, আকৌ কেতিয়াবা মাকে জাতিলাউ, বিলাহী, ধনীয়া পাত দি ৰন্ধা লোকেল ৰৌ মাছৰ জোল অথবা ঘৰুৱাকৈ ৰন্ধা খাহী মাংস…উস! ভবাৰ লগে লগে প্ৰতিবিধ খাদ্যই ৰূপ, ৰস আৰু গোন্ধেৰে তেওঁক উত্তেজিত কৰি থৈ গ’লহি। তেওঁৰ জিভা চপচপীয়া হৈ পৰিল। ‘Too much of everything is bad..proverb’টো স্কুলতে পঢ়িছিল। কেতিয়াবা বহলাইও লিখিছিল চাগৈ। কিন্তু এতিয়াৰ দৰে ইমান ভালকৈ এই কথাষাৰ কেতিয়াও উপলব্ধি কৰিব পৰা নাছিল। প্ৰাকৃতিক সম্পদসমূহৰ জধে-মধে কৰা অপচয়ৰ ফলত পৃথিৱী এতিয়া এটা ৰুক্ষ, ৰিক্ত শুকান গ্ৰহ এটা। মানুহক দিবলৈ প্ৰকৃতিৰ, পৃথিৱীৰ এতিয়া আৰু একো নাই। কবিতাত লিখাৰ দৰে এসময়ৰ বিপুল সম্ভৱা পৃথিৱী এতিয়া নিস্ব! পানীৰ অভাৱ, মাটিৰ অভাৱ, ইন্ধনৰ অভাৱ, মুক্ত বিশুদ্ধ বায়ুৰ অভাৱ। পৃথিৱীত এতিয়া জীয়াই থকাটো কঠিন হৈ পৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত তাৰ মাজতে সীমিত সম্পদেৰে মানুহে পৰিবৰ্তিত অৱস্থাৰ সৈতে নিজকে খাপ খুৱাই লবলৈ বাধ্য হৈছে। শ্যামসুন্দৰৰ খুবেই অসুবিধা হয়। জীৱনৰ প্ৰথম ত্ৰিশটা বছৰৰ অপৰ্যাপ্ত উপভোগ, সা সুবিধা, অপচয়ৰ কথা মনত পৰে। এই নতুন ল’ৰা ছোৱালীবোৰলৈও বেয়া লাগে। একোৱেই নাপালে সিহঁতে। একো নাপালে।
ৰেষ্টুৰাৰ আগত চাইকেলৰপৰা নামোতে তিক্ত হাঁহি এটা তেওঁৰ মুখত খেলি গ’ল। আজিৰপৰা পঞ্চাশ বছৰ মানৰ আগতে চাইকেল চলোৱাটো ষ্টেটাচ চিম্বলৰ ভিতৰুৱা নাছিল। মানুহৰ গাড়ী কিনাৰ যিহে জাউৰি। এখন গাড়ীৰে সন্তুষ্ট নহৈছিলেই। তেওঁৰ দেউতাকৰে আছিল তিনিখনকৈ গাড়ী। মানুহে খোজ কাঢ়ি ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ টান পাইছিল। দহ মিনিটৰ বাটো গাড়ীৰে গৈহে ভাল পাইছিল। পিছে এতিয়া কি হ’ল! গাড়ী চলাবলৈ তেলেই নাইকিয়া হ’ল। যি অলপ বাকী তাতো চৰকাৰী হস্তক্ষেপ। আৰম্ভণিতে বায়ো ডিজেল, চলাৰ এনাৰ্জী জেট্ৰফা আদি শব্দবোৰ সঘনাই উচ্চাৰণ হৈছিল, যদিও সকলো গৱেষণাই শেষত বিফল হ’ল। মানুহে ভৰি দুখন আৰু দুৰত্ব বেছি হ’লে চাইকেলৰ ওপৰত নিৰ্ভৰ নকৰিলে নোহোৱা হ’ল।
শ্যামসুন্দৰহঁতৰ চহৰৰপৰা সপ্তাহত দুখন ৰেল অহা-যোৱা কৰে। সেয়ে অতি দৰ্কাৰী কাম নাথাকলে কোনো চহৰৰ বাহিৰ নহয়। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সকলোবোৰ ইয়াতে পোৱা যায়। স্কুল, কলেজ, অফিচো ঘৰৰপৰাই কৰিব পাৰি। সেয়ে আজিকালি চহৰত পুৱা ন বজাৰ ব্যস্ততাও দেখা নাযায়।
আদিত্যকমল ৰেষ্টুৰাত বহি তেওঁলৈ অপেক্ষা কৰিয়েই আছিল। তেওঁ চিঞৰি সম্ভাষণ জনালে। আচলতে এই সময়খিনি বৰ আপুৰুগীয়া। বন্ধুৰ লগত আড্ডা মাৰি মাৰি সুখেৰে এসাজ খোৱা, তাৰ বাবেও যে এমাহ প্ৰতীক্ষা!
: শ্যাম বস্তুটো ইহঁতে যোগাৰ কৰিব পাৰিলে।
চকু টিপিয়াই টিপিয়াই আদিত্যাই কৈ উঠিল।
: কি! সঁচাকৈ আজি হাহঁৰ মাংস খাবলৈ পাম নেকি?
আনন্দতে শ্যামসুন্দৰৰ মাতটো প্ৰয়োজনতকৈও ডাঙৰকৈ ওলাল।
: ও! আৰু লগত তই ভালপোৱা গোলনেমু দিয়া মচুৰ দাইল। মই যোৱা মাহতে অৰ্ডাৰ দি গৈছিলোঁ। জহা চাউলৰ ভাতো আছে।
: গোলনেমু দিয়া মচুৰ দাইল! শেষবাৰ বোধহয় প্ৰীতি জীয়াই থাকোঁতেই খাইছিলোঁ!
শ্যামসুন্দৰৰ চকু দুটা সেমেকি আহিল। কিছুমান স্মৃতি গোন্ধ হৈ থাকে। গোলনেমুৰ গোন্ধটোৱে কেনেকৈ প্ৰীতিয়ে ৰাতিপুৱা ভাত ৰান্ধি থকা দৃশ্যটো মনত পেলাই দিলে।
আদিত্যই শ্যামসুন্দৰৰ ভাবান্তৰ লক্ষ্য কৰি আছিল। তেওঁ বন্ধুক সান্ত্বনা দিবলৈ ক’লে—এতিয়া আৰু এইবোৰ চেণ্টিমেণ্ট মনলৈ নানিবি। আৰু প্ৰীতি ঢুকাই ভালেই হ’ল। ভাবচোন ইমান সেউজীয়া ভাল পোৱা মানুহজনীয়ে এই শুকান পৃথিৱীখন দেখি কিমান কষ্ট পালেহেঁতেন।
ইউনিভাৰ্চিটিৰ শেষৰ বছৰটোত প্ৰীতি শ্যামসুন্দৰৰ জীৱনলৈ আহিছিল। আদিত্য, প্ৰীতি আৰু শ্যামসুন্দৰ তিনিও বৰ অভিন্ন বন্ধু আছিল। মনত আছে। বৰ স্পষ্টকৈ মনত আছে সেইবোৰ দিন। অজ’ন স্তৰ পাৰ হৈ অহা বিষাক্ত ৰশ্মিয়ে কেৱল প্ৰীতিৰ শৰীৰৰ বাহিৰতে দাগ কাটি নগ’ল। অভ্যন্তৰৰ ক্ষত হ’ল অধিক গভীৰ। স্কিন কেঞ্চাৰত ভুগি কেইবছৰমানৰ পিছতে প্ৰীতিয়ে বিদায় ল’লে। বৰ অকলশৰীয়া হৈ গ’ল তেওঁ। আদিত্যই তুলি নধৰা হ’লে তেৱোঁ কিন্তু জীয়াই নাথাকিলেহেতেঁন।
নীৰৱে দুয়ো খাই শেষ কৰিলে। কিছুমান কথা পাহৰো বুলিও পাহৰা নাযায়। হিয়াৰ গভীৰ কোণত কুৰুকি কুৰুকি সোমাই থাকে।
: ছৰি দোষ্ট। লাঞ্চৰ প্ৰিপেৰেচন বৰ ভাল হৈছিল। কিয় জানো মইহে এনজয় কৰিব নোৱাৰিলোঁ। তোৰো মুড মই স্পইল্ট কৰি পেলালোঁ।
: ইটচ্ অকে। বাদ দে সেইবোৰ। ব’ল মোৰ ঘৰলৈ। তোক ডাঙৰ বস্তু এটা দেখুৱাবলৈ আছে।
শ্যামসুন্দৰৰ কাৰণে আদিত্যৰ অন্তৰখনে হাহাকাৰ কৰি উঠে। জীৱনৰ এই বিয়লিতো প্ৰীতিৰ বিচ্ছেদৰ দুখ বন্ধুৰ অন্তৰত কেঁচা হৈয়ে আছে।
চাইকেল ঠেলি ঠেলি দুয়ো আদিত্যৰ ঘৰ পালেহি। আদিত্যৰ ঘৰৰ প্ৰায়ান্ধাকাৰ ড্ৰয়িংৰূমত সোমাই শ্যামসুন্দৰে প্ৰশ্নবোধক দৃষ্টিৰে অদিত্যলৈ চালে।
: বস্তুটো আন্ধাৰহে ভাল লাগিব।
ৰহস্যময় হাঁহি এটা মাৰি আদিত্যই ক’লে। তাৰ পাছত তেওঁ কি জানো পিতিক-পাতাক কৰিলে, ড্ৰয়িংৰূমৰ বিশাল বেৰত প্ৰজেক্ট হ’ল তেওঁলোকে পঢ়া ইউনিভাৰ্চিটিখন।
: আৰে এইখন দেখোন আমাৰ ইউনিভাৰ্চিটি! সৌটো আমাৰ ডিপাৰ্টমেণ্ট! সৌখন লাইব্ৰেৰী কেণ্টিনত বুধবাৰে বুধবাৰে কিমান ৰুটি মাংস খাইছিলোঁ। অডিটেৰিয়ামটো দেখুৱাচোন। ঐ ৰ, ৰ! সোঁফালৰ সেই তৃতীয় শাৰীত বহি মই আৰু প্ৰীতিয়ে কিমান তই কৰা নাটক চাইছিলোঁ।
লেথাৰি নিচিগাকৈ শ্যামসুন্দৰৰ মুখেদি কথাবোৰ ওলাবলৈ ধৰিলে। বন্ধুৰ মানসিক অৱস্থাটো মনে মনে খুব উপভোগ কৰি আদিত্যই সুধিলে—ৰচোন! তোৰ মনলৈ প্ৰশ্ন অহা নাইনে এয়া মই কেনেকৈ পালো। এইখনটো এতিয়াৰ ইউনিভাৰ্চিটি নহয়। ! পঞ্চাশ বছৰৰ আগৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এয়া।
: হয়তো! মই কথাটো মনেই কৰা নাছিলোঁ।
: টেকনলজী বুজিছ! তোৰ মোৰ সকলো ডাটা ইয়াত ফিট কৰা আছে। নাতিটোৰপৰা মোলৈ উপহাৰ। আমাৰ পঢ়া দিনৰ সকলো মই তোক দেখুৱাব পাৰিম। ক! কি চাবলৈ মন গৈছে।
: মই প্ৰীতিক প্ৰথম লগ পোৱাৰ দিনা বৰষুণ দিছিল। ২০২৮ চনৰ দহ ফেব্ৰুৱাৰী সেইদিনা! দেখুৱাব পাৰিবি?
অবিশ্বাসৰ সুৰত শ্যামসুন্দৰে কৈ উঠিল।
আদিত্যই চফটৱেৰটোত আকৌ কিবাকিবি চিলেক্ট কৰিলে। অকনমান সময়ৰ পিছতে বেৰখনত জিলিকি উঠিল বৰ্ষণ মুখৰ এটি ধুসৰ আবেলি। আকাশখনে এই ঢালো এই ঢালো কৈ ওন্দোলি আহিছে। বতাহত তৰুৱা কদমৰ সুবাস। এটোপ দোটোপ বৰষুণ আহি আদিত্য আৰু শ্যামসুন্দৰৰ গাতো পৰিলহি। আস কিমান যে কাংক্ষিত এই বৰষুণৰ স্পৰ্শ! বেৰত দেখা গৈছে বিশ বাইছ বছৰীয়া তৰুণ শ্যামসুন্দৰে বৰষুণ অহা দেখি বৰ খৰ ধৰ কৈ হোষ্টেললৈ উভতিছে। বিপৰীত দিশৰপৰা ছাতি লৈ আহি আছে এজনী ছোৱালী। বতাহে তাইৰ ছতি উৰুৱাই নিও যেন কৰিছে। হঠাৎ এক লহমাৰ বাবে আকাশ উজলি উঠিল আৰু তাৰ পাছত ভয়ংকৰ শব্দেৰে আকাশ ফাটি পৰিল। তাই ঠাইতে কাণ ঢাকি বহি পৰিল। বতাহে তাইৰ ছাতি উৰুৱাই নি কোনোবাখিনিত পেলালেগৈ। দৌৰ মাৰি গৈ শ্যামসুন্দৰে ভয়ত বিৱৰ্ণ হৈ যোৱা ছোৱালীজনী ধৰি ধৰি ইউনিভৰ্চিটিৰ বাছ ষ্টপৰ শ্বেদলৈ লৈ গ’ল। তাৰ পাছত কলহৰ কাণে ঢলা ধাৰাসাৰ বৰষুণ! বৰষুণত তিতা মাটিৰ চিনাকি সুবাসে ঠাইখন বুৰাই পেলালে। বৰষুণত প্ৰচণ্ড জোৰত গছবোৰ হালিছে জালিছে।
বৰষুণত সেমেকা মাটিৰ গোন্ধ বুকু ভৰাই লৈ শ্যামসুন্দৰে আকৌ এবাৰ মাল্টিডাইমেনচনেল ভিডিঅ’টো চালে। আঃ! বৰষুণৰ শীতল স্পৰ্শ যে কি ভাল লাগিছে! বৰষুণত তিতা নাম নজনা ফুলৰ গোন্ধ এটাই আদিত্যৰ ড্ৰয়িংৰূম ভৰাই পেলালে। বিশ বছৰীয়া প্ৰীতি! অকণমানি ঠুনুকা ছোৱালী জনী! এবাৰ প্ৰীতিক স্পৰ্শ কৰিবলৈ, এবাৰ বুকুৰ মাজত আকোঁৱালি লবলৈ তেওঁৰ বৰ মন গ’ল। ভাৰ্চুৱেল শ্যামসুন্দৰে প্ৰীতিক নাম সুধিছে। বৰষুণ এৰাৰ কোনো লক্ষণ নাই। গছবোৰ এই ভাগো এই ভাগোকৈ হালিছে।
ই কি! তেতিয়াটো তেওঁ মন কৰা নাছিল, ভবা নাছিল, উপলব্ধিও কৰা নাছিল, বেৰত জিলিকি উঠা ইউনিভাৰ্চিটিৰ বাছ ষ্টপৰ কাষৰ প্ৰতিজোপা গছতেই যে লিখা আছিল—
“চেভ ৱাটাৰ, চেভ লাইফ
চেভ ট্ৰি, চেভ লাইফ
চেভ দ্য আৰ্থ ফৰ বেটাৰ টুম’ৰ’।”