শ্ৰীমতী লিজা হাজৰিকাৰ সৈতে সাক্ষাৎকাৰ

লেখক- অংকিনী বৰা

‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা জুলাই মাহৰ সংখ্যাৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল শ্ৰীমতী লিজা হাজৰিকাক। এগৰাকী মনোবৈজ্ঞানিক শ্ৰীমতী হাজৰিকাই সপোন বিশেষজ্ঞ তথা মনোবিজ্ঞানৰ প্ৰশিক্ষক হিচাপে খ্যাতি অৰ্জন কৰিছে। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী শ্ৰীমতী হাজৰিকাই নয়দাত অৱস্থিত এমিটি বিশ্ববিদ্যালয়ৰ পৰা ‘ক্লিনিকেল চাইক’লজি’ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে। এগৰাকী ‘ফোন বিশেষজ্ঞ’ (Call Counselor) হিচাপে কৰ্মজীৱন আৰম্ভ কৰা শ্ৰীমতী হাজৰিকা এমিটি বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। লগতে তেখেত এগৰকী কুইৰ পৰামৰ্শদাতা। 
‘সাহিত্য ডট অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী অংকিনী বৰা আৰু ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য শ্ৰী বিকাশ দত্ত আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে‌ শ্ৰী অংকিনী বৰাই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে কলচুম বিবিয়ে। সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দ্বীপজ্যোতি বৰাই।

সাহিত্য ডট অৰ্গ:- সামাজিক কলংক আৰু বৈষম্যই LGBTQIA+ ব্যক্তিৰ মানসিক স্বাস্থ্যত কেনে প্ৰভাৱ পেলায়?

লিজা হাজৰিকা:- আমাৰ সমাজে LGBTQIA+ লোকসকলক সমাজৰ কলংক বুলি ভাবে আৰু এই বৈষম্যই LGBTQIA+ ব্যক্তিৰ মানসিক স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পেলায়। ইয়াৰ ফলত তেনেধৰণৰ লোকসকলে নেতিবাচক বাৰ্তাক বেছি গুৰুত্ব দিয়া দেখা যায় আৰু ইয়াৰ ফলত আত্মসন্দেহ, লাজ আৰু আত্মদোষৰ সৃষ্টি হয়। একেদৰে সমাজে কৰা এই বৈষম্যৰ ফলত দীৰ্ঘদিনীয়া মানসিক চাপ, যাৰ ফলত উদ্বেগ, হতাশা আদিৰ সৃষ্টি হয়। প্ৰত্যাখ্যান বা বৈষম্যৰ ভয়ত সামাজিক যোগাযোগ পৰিহাৰ কৰাৰ মানসিকতা এটাও তেওঁলোকৰ মাজত গঢ় লৈ উঠে। কেতিয়াবা স্বাস্থ্যসেৱাৰ পৰিবেশৰ বাবে সৃষ্টি হোৱা বৈষম্যৰ বাবে চিকিৎসা সেৱা লোৱাত পলম হ’লে অথবা কেতিয়াবা চিকিৎসা সেৱা গ্ৰহণ কৰিব নোৱাৰা অথবা পৰ্যাপ্ত চিকিৎসা সেৱা লাভ নকৰা বাবেও এনেধৰণৰ লোকসকল চাপৰ সন্মুখীন হয়।
এনেধৰণৰ বিভিন্ন কাৰণৰ ফলত সৃষ্টি হোৱা দীৰ্ঘদিনীয়া মানসিক চাপ আৰু বৈষম্যৰ বাবে আত্মহত্যাৰ চিন্তা আৰু চেষ্টাৰ সম্ভাৱনাও বৃদ্ধি পোৱাৰ আশংকা থাকে। ঘৃণাজনিত অপৰাধ, LGBTQIA+ সম্প্ৰদায়ৰ লোকক মানসিক বা শাৰীৰিক ৰোগী বুলি ধাৰণা কৰি চিকিৎসা কৰা আদি কৰ্মই তেওঁলোকক বিতত কৰি‌ তুলিব পাৰে। অনবৰতে বৈষম্যৰ সৈতে মোকাবিলা কৰিব লগা হোৱাৰ ফলত আৱেগিক ক্লান্তিত তেওঁলোকে ভোগাও দেখা যায়।
সামাজিক বৈষম্যই LGBTQIA+ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুতৰ আৰু দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব পাৰে। আমি তেওঁলোকৰ প্ৰতি গ্ৰহণযোগ্যতা, অন্তৰ্ভুক্তি আৰু যত্নৰ দৃঢ়তা প্ৰসাৰ কৰি ওপৰত উল্লেখিত প্ৰভাৱসমূহ হ্ৰাস কৰি তেওঁলোকৰ সুস্থ মানসিক স্বাস্থ‍্য গঠন কৰাটো নিতান্তই প্ৰয়োজনীয়।

সাহিত্য ডট অৰ্গ:- LGBTQIA+ যুৱক-যুৱতীসকলৰ মানসিক স্বাস্থ‍্যৰ সন্মুখীন হোৱাৰ উপৰিও কিবা বেলেগ প্ৰত‍্যাহ্বানো থাকে নেকি?

লিজা হাজৰিকা:- মানসিক স্বাস্থ‍্যৰ ক্ষেত্ৰত হোৱা অসুবিধা যেনে হতাশা, ডিপ্ৰেছন, নিসংগতা, উদ্বিগ্নতা আন সকলো মানুহৰ দৰে একেই হয়। কিন্ত তেওঁলোকৰ সংগ্ৰামখন অলপ বেলেগ ধৰণৰ হয়। প্ৰথমতে LGBTQIA+ ৰ লোকসকলে যেতিয়া নিজকে চিনিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকে নিজকে পতিয়ন নিয়াবলৈ নিজৰ মাজতে সংগ্ৰাম কৰিব লগা হয়। এজন বিপৰীতকামী মানুহে নিজকে সৰুৰ পৰা বিপৰীতকামী হোৱাৰ বাবে অসজা নাপায় কিয়নো সমাজত বা পৰিয়ালত বিপৰীতকামী লোককেই দেখি আহিছে। কিন্তু এই সম্প্ৰদায়ৰ এগৰাকী লোকে নিজৰ লিংগ পৰিচয়ক লৈ অসজা অনুভৱ কৰে আৰু এইটো এটা সাধাৰণ কথা বুলি নাভাবি নিজকে অসুস্থ বা আনতকৈ বেলেগ বুলি ভাবিবলৈ আৰম্ভ কৰে। তেনে পৰিস্থিতিত তেওঁলোকৰ বেলেগ বেলগ প্ৰকাৰৰ মানসিক সমস‍্যা হ’ব পাৰে।

সাহিত্য ডট অৰ্গ:- LGBTQIA+ সম্প্ৰদায়ৰ ভিতৰত বিভিন্ন উপগোট যেনে ‘গে’, ‘লেচবিয়ান’, ‘ট্ৰান্স’, ‘কুইৰ’, ‘এচেক্সুৱেল’ৰ মাজত মানসিক স্বাস্থ্যৰ বৈষম্য কেনেধৰণৰ হয়?

লিজা হাজৰিকা:- হয়, কিছু কিছু ক্ষেত্ৰত উপগোটসমূহৰ মাজত মানসিক সাস্থ‍্য সম্বন্ধীয় সমস‍্যাসমূহ বেলেগ হ’ব পাৰে। যেনে- গে’ বা লেচবিয়ানৰ ক্ষেত্ৰত সমাজ আৰু পৰিয়ালৰ লোকে ভিন্ন দৃষ্টিৰে চায়। ফলত তেওঁলোকে লজ্জিত হৈ পৰে আৰু দোষী অনুভৱ কৰে।‌ ইয়াৰ ফলত তেওঁলোকৰ মনত নীচাত্মিকা ভাবৰ সৃষ্টি হয় আৰু ই পাছলৈ দুখবোধলৈ সলনি হয়। ‘ট্ৰান্স’ পুৰুষ বা ‘ট্ৰান্স’ মহিলাই যদি লিংগ সলনি কৰিব খোজে তেতিয়া লোৱা চিকিৎসাৰ বাবে হ’ৰম’নৰ পৰিমাণ কম-বেছি হোৱাৰ বাবেও মানসিক সমস‍্যা হ’ব পাৰে। ‘এচেক্সুল’ বা ‘অকামিতা’ অৰ্থাৎ এনে এটা উপগোট যি শাৰীৰিক সম্বন্ধৰ প্ৰতি আগ্ৰহী নহয়, তেওঁলোকে বিবাহ সম্বন্ধিত ধৰ্ষণ(marital rape) অথবা যৌন হিংসাৰ সন্মুখীন হ’ব পাৰে।

সাহিত্য ডট অৰ্গ:- মানসিক স্বাস্থ্যৰ সহায় বিচৰা LGBTQIA+ ব্যক্তিসকলৰ বাবে স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলে কেনেকৈ এক সুস্থ সবল পৰিবেশ সৃষ্টি কৰিব পাৰে?

লিজা হাজৰিকা:- প্ৰথমতে আমি সকলো লোকেই LGBTQIA+ লোকসকলৰ বাবে সহমৰ্মিতা ৰাখিব লাগে লগতে তেওঁলোকৰ বিষয়ে, তেওঁলোকৰ সমস‍্যাবোৰৰ বিষয়ে সচেতন হ’ব লাগে। ইয়াৰ লগতে স্বাস্থ‍্যসেৱা প্ৰদানকাৰী লোকসকলে এনে সম্প্ৰদায়ৰ লোকসকলৰ সমস‍্যা সমাধানৰ বাবে এটা নিৰাপদ পৰিবেশ সৃষ্টি কৰাটো আৱশ্যক হ’ব। স্বাস্থ‍্যসেৱা প্ৰদানকাৰীসকলে গোপনীয়তা মানি চলাটো অতিকৈ প্ৰয়োজনীয়। এইখিনিতে আৰু এটা কথা কোৱা জৰুৰী হ’ব। স্বাস্থ‍্য সেৱা প্ৰদানকাৰীয়ে নিজৰ নামৰ লগত লিংগ সৰ্বনাম যেনে ‘তাই’ বা ‘সি’ যোগ কৰাটো ভাল, যাতে কোনো লোকে সেৱা ল’বলৈ আহোতে সেৱা প্ৰদানকাৰীৰ লিংগ চাই আস্থাশীল হ’ব পাৰে। হম’ফবিক কৌতুক আৰু ঘৃণনীয় অভিধা ব‍্যৱহাৰ কৰাৰ পৰাও স্বাস্থ‍্যসেৱা প্ৰদানকাৰীসকল বিৰত থকা উচিত। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল এই যে কি ক’ব লাগে সেই বিষয়ে স্বাস্থ‍্যসেৱা প্ৰদানকাৰীসকলৰ সম্যক জ্ঞান থকাটো বাঞ্চনীয়। স্বাস্থ‍্যসেৱা প্ৰদানকাৰীসকলে তথা সকলোৱে লিংগ নিৰপেক্ষ প্ৰসাধনকক্ষ(Gender Neutral Toilet)ৰ ব‍্যৱহাৰত গুৰুত্ব প্ৰদান কৰিব লাগে।

সাহিত্য ডট অৰ্গ:- LGBTQIA+ ব্যক্তিৰ মানসিক স্বাস্থ্যৰ সমস্যাত সমকামিতাৰ প্ৰতি আভ‍্যন্তৰীণ ভয় বা Internalized homophobia ই কেনেদৰে অৰিহণা যোগায়?

লিজা হাজৰিকা:- আমাৰ সমাজখনে সদায় বিপৰীতকামী সমন্ধক ন্যায্যতা প্ৰদান কৰি আহিছে। এনে এখন সমাজত যদি এজন মানুহ সমকামী হয়, তেনেক্ষেত্ৰত সমাজে তেওঁক বিকৃত মানসিকতাৰ চিকাৰ অথবা মানসিক ৰোগী বুলি চিহ্নিত কৰিবলৈ বিচাৰে। এনে সময়ত সমাজ তথা পৰিয়ালৰ এনে ব‍্যৱহাৰৰ ফলত সমকামী লোকজনৰ মনত নিজৰ প্ৰতি ঘৃণাৰ সৃষ্টি হয় আৰু সেয়াই পাছত নিজৰ মনতেই সমকামীৰ প্ৰতি ঘৃণাৰ ভাব বা internalize Homophobia সৃষ্টি কৰে। ইয়াৰ ফলত হ’ব পৰা নিম্নলিখিত মানসিক সমস‍্যাবোৰৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে-
১) নিজৰ যৌন অভিমুখিতা( sexual orientation)ৰ বিষয়ে নিজক বা আনৰ আগত অস্বীকাৰ কৰা।
২) মনে নিবিচৰাকৈ সমাজত নিজক তথা নিজৰ যৌন অভিমুখিতাক সলনি কৰিবলৈ বিচৰা।
৩) নিজকে মানসিক আৰু শাৰিৰীকভাৱে সুস্থ বুলি গণ‍্য নকৰা।
৪) নিম্নমানৰ স্বমৰ্যদা আৰু জীৱনৰ প্ৰতি ঋণাত্মক চিন্তা।
৫)LGBTQIA+ সম্প্ৰদায়ৰ লোকৰ প্ৰতি অহেতুক ঘৃণা।
৬)মানসিক লাঞ্ছনা সহ‍্য কৰা বা আন কাৰোবাক মানসিক অপমান কৰা।
৭) সমাজত স্বীকৃতি পাবলৈ তথা নিজকে বিপৰীতকামী বুলি পতিয়ন নিয়াবলৈ বিপৰীত লিংগৰ লোকৰ লগত বিবাহপাশত আৱদ্ধ হোৱা।
৮)পৰিয়ালৰ লোকসকল আৰু বন্ধু-বান্ধবৰ সংগৰ পৰা নিজকে বিছিন্ন কৰা।
৯)যৌন সম্বন্ধৰ প্ৰতি মনত ভয় আৰু ঘৃণাৰ সৃষ্টি হোৱা।
১০) ড্ৰাগছ, সুৰা বা অন‍্যান‍্য নিচাৰ প্ৰতি আকৃষ্ট হোৱা।
১১) অস্বাস্থ‍্যকৰ আৰু বিকৃত যৌনজীৱনৰ প্ৰতি আকৰ্ষিত হোৱা।
এইধৰণৰ সমস‍্যাবোৰে এজন LGBTQIA+ সম্প্ৰদায়ৰ লোকক বিষন্নতা, হতাশা আৰু শেষত আত্মহত‍্যাৰ চিন্তাৰ দৰে মানসিক ৰোগৰ চিকাৰ হিচাপে গঢ় দি তোলাৰ সম্ভাৱনা থাকে।

সাহিত্য ডট অৰ্গ:-পৰিয়ালৰ প্ৰত্যাখ্যান বা গ্ৰহণযোগ্যতাৰ অভাৱে LGBTQIA+ ব্যক্তিৰ মানসিক স্বাস্থ্যত কেনে প্ৰভাৱ পেলাব পাৰে?

লিজা হাজৰিকা:- পৰিয়ালৰ লোকসকল বিশেষকৈ পিতৃ-মাতৃ হৈছে আমাৰ সকলোতকৈ ওচৰৰ ব‍্যক্তি যাৰ মাজত আমি নিৰ্ভৰযোগ‍্যতা বিচাৰি পাওঁ। এনেক্ষেত্ৰত পৰিয়ালৰ প্ৰত্যাখ্যান বা গ্ৰহণযোগ্যতাৰ অভাৱে LGBTQIA+ ব্যক্তিৰ মানসিক স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত নিম্নমানৰ আত্মসন্মান আৰু আত্মমূল্য, নিঃসংগতা, হতাশা আৰু উদ্বেগ বৃদ্ধি, আত্মহত্যাৰ আশংকা বৃদ্ধি, নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ, পোষ্ট-ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ(PT), নিজৰ পৰিচয়ৰ প্ৰতি বিভ্ৰান্তি, লাজ, অপৰাধবোধ আৰু আত্মদোষৰ অনুভৱ, আৱেগিক নিয়ন্ত্ৰণত অসুবিধা, মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি, যিকোনো মানুহৰ লগত বিশ্বাসভৰা, সুস্থ সম্পৰ্ক গঢ়ি তোলাত অসুবিধা পোৱা, ঘৰৰ পৰা ওলাই যোৱা আদি বিষয়ত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
পৰিয়াল আৰু আপোনজনৰপৰা গ্ৰহণযোগ্যতা আৰু সমৰ্থন থাকিলে LGBTQIA+ সম্প্ৰদায়ৰ লোকসকলৰ মনত নিজকে সুস্থ বুলি মানি ল’ব পৰাতো সহজ হৈ পৰে। এয়া সামগ্ৰিক সুস্থ মনৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা বুলি মই অনুভৱ কৰোঁ।
এইখিনিতে কিছুমান পৰিসংখ্যা জনাই থওঁ-
-পৰিয়ালৰ প্ৰত্যাখ্যানৰ বাবে LGBTQIA+ সম্প্ৰদায়ৰ ৪০% আত্মহত্যাৰ চেষ্টা কৰে(ট্ৰেভৰ প্ৰজেক্ট)
-৬০% LGBTQIA+ যুৱক-যুৱতীয়ে হতাশা বা উদ্বেগ অনুভৱ কৰে (মানৱ অধিকাৰ অভিযান)
-৭০% LGBTQIA+ ব্যক্তিয়ে বৈষম্যৰ সন্মুখীন হয়, যাৰ ফলত মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় (উইলিয়ামছ ইনষ্টিটিউট)
পৰিয়ালৰ গ্ৰহণযোগ্যতা আৰু সমৰ্থনে এই বিপদসমূহ যথেষ্ট হ্ৰাস কৰিব পাৰে আৰু ইতিবাচক মানসিক স্বাস্থ্যৰ ফলাফলক প্ৰসাৰিত কৰিব পাৰে।

সাহিত্য ডট অৰ্গ:- পিতৃ মাতৃয়ে নিজৰ সন্তান LGBTQIA+ সম্প্ৰদায়ৰ অন্তৰ্গত বুলি জনাৰ পাছত কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে?

লিজা হাজৰিকা:- যেতিয়া অভিভাৱকে গম পায় যে তেওঁলোকৰ সন্তান LGBTQIA+ সম্প্ৰদায়ৰ, তেতিয়া তেওঁলোক হতভম্ব হোৱাটো স্বাভাৱিক কথা। কিন্তু তেখেতসকলৰ সন্তানক সহায় কৰিবলৈ শান্ত আৰু সংযত হৈ থকাটো অতি গুৰুত্বপুৰ্ণ। কোনোধৰণৰ নেতিবাচক বা ইতিবাচক বিচাৰ নোহোৱাকৈ সন্তানৰ কথা শুনাটো দৰকাৰ। ইন্টাৰনেটৰ পৰাই হওক বা স্বাস্থ‍্যসেৱা প্ৰদানকাৰীৰ পৰাই হওক, LGBTQIA+ সম্প্ৰদায়ৰ বিষয়ে নিজকে শিক্ষিত কৰাটো অভিভাৱক বা পৰিয়ালৰ লোকসকলৰ বাবে জৰুৰী হৈ পৰে। নিজৰ সন্তানৰ পৰিচয় তথা সৰ্বনামক (pronouns) সন্মান কৰাটো অতি জৰুৰী। যদি প্ৰয়োজন অনুভৱ কৰে তেনেহ’লে থেৰাপী লৈ সমগ্ৰ বিষয়টো নিৰপেক্ষতাৰে বিচাৰ কৰি সন্তানৰ অধিকাৰ আৰু মংগলৰ পোষকতা কৰাটোৱেই হ’ল বুদ্ধিৰ কাম। অভিভাৱকসকলে মনত ৰাখিব লাগিব যে তেওঁলোকৰ সন্তানৰ যৌন অভিমুখ বা লিংগ পৰিচয় মানুহৰ বৈচিত্ৰ্যৰ এক স্বাভাৱিক অংশ। গ্ৰহণযোগ্যতা আৰু প্ৰেমে তেওঁলোকৰ সন্তানৰ মানসিক স্বাস্থ্য আৰু সুস্থতাত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

সাহিত্য ডট অৰ্গ:- LGBTQIA+ ব্যক্তিসকলে মানসিক সুস্থতাক প্ৰসাৰিত কৰিবলৈ কেনেকৈ তেওঁলোকৰ মাজত সহযোগিতা আৰু যোগাত্মক চিন্তাধাৰা গঢ়ি তুলিব পাৰে?

লিজা হাজৰিকা:- LGBTQIA+ ব্যক্তিসকলে মানসিক সুস্থতাক প্ৰসাৰিত কৰিবলৈ নিজৰ মাজত সহায়ক আৰু দৃঢ়তাৰে সামাজিক নেটৱৰ্ক গঢ়ি তুলিব পাৰে। এইক্ষেত্ৰত নিম্নলিখিত পদক্ষেপবোৰ গ্ৰহণ কৰিব পাৰি-
১) LGBTQIA+ সংস্থা আৰু সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন কৰা।
২) LGBTQIA + সমৰ্থন কৰা গোট আৰু অনলাইন মঞ্চত যোগদান কৰা।
৩) LGBTQIA+ অনুষ্ঠান আৰু সমাৱেশত অংশগ্ৰহণ কৰা।
৪) পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে দৃঢ় সম্পৰ্ক গঢ়ি তোলা।
৫) নিজৰ প্ৰতি যত্ন আৰু অনুকম্পাক অগ্ৰাধিকাৰ দিয়া।
আমি এই কথা মনত ৰাখিব লাগে যে এটা সহায়ক নেটৱৰ্ক গঢ়ি তোলাত সময় আৰু কষ্টৰ প্ৰয়োজন হয়, কিন্তু মানসিক সুস্থতা আৰু স্থিতিস্থাপকতাক প্ৰসাৰিত কৰাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।

সাহিত্য ডট অৰ্গ:- LGBTQIA+ মানসিক স্বাস্থ্যৰ বিষয়ে কিছুমান সাধাৰণ ভুল ধাৰণা বা কু-সংস্কাৰ কি কি? এইবোৰৰ সমাধান আছেনে?

লিজা হাজৰিকা:- LGBTQIA+ মানসিক স্বাস্থ্যৰ বিষয়ে আমাৰ সমাজত বহুতো ভুল ধাৰণা আছে। তাৰ ভিতৰৰ কেইটামান মই এইখিনিতে উনুকিয়াব খোজো।
প্ৰথমতে LGBTQIA+ সম্প্ৰদায়ৰ হোৱাটোৱেই মানসিক স্বাস্থ্যজনিত ৰোগ বুলি ধাৰণা কৰা হয়। এয়া একেবাৰে ভুল ধাৰণা। ই মানসিক ৰোগ নহয়, ই মানুহৰ বৈচিত্ৰ‍্য তথা এক স্বাভাবিক অংশ।
LGBTQIA+ ব্যক্তিসকল মানসিক ৰোগৰ প্ৰতি অধিক প্ৰৱণ বুলি বিশ্বাস কৰা হয়, কিন্তু প্ৰকৃতাৰ্থত এনে লোকৰ প্ৰতি অৱমাননা, অনীহাৰ ফলতহে তেওঁলোক মানসিক ৰোগৰ চিকাৰ হ’ব পাৰে। বহুতে এই ধাৰণা কৰে যে মুৰত লগা আঘাত LGBTQIA+ হোৱাৰ অন্তৰ্নিহিত কাৰণ। চিকিৎসাই ব্যক্তিৰ যৌন অভিৰুচি বা লিংগ পৰিচয় সলনি কৰিব পাৰে বুলি বহুতে বিশ্বাস কৰে।
এই কু-সংস্কাৰ আৰু ভুল ধাৰণাবোৰৰ ফলত LGBTQIA + সম্প্ৰদায়ৰ লোকসকলে বিভিন্ন ধৰণৰ মানসিক ৰোগত ভুগিব পাৰে। সেয়ে এই ভুল ধাৰণাসমূহৰ সমাধান কৰাটো অতি প্ৰয়োজনীয় আৰু LGBTQIA+ ব্যক্তিসকলৰ এক সুষ্ঠ সবল সমাজ গঢ়ি তোলাটোও এটি প্ৰয়োজনীয় বিষয়।

সাহিত্য ডট অৰ্গ:- স্বাস্থ্যসেৱাৰ সুবিধাই ট্ৰান্স আৰু আৰু নন বাইনাৰী ব্যক্তিৰ মানসিক স্বাস্থ্যত কেনে প্ৰভাৱ পেলায়?

লিজা হাজৰিকা:- Gender affirming স্বাস্থ্যসেৱাই ট্ৰেন্স আৰু নন-বাইনাৰী ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত গভীৰভাৱে ইতিবাচক প্ৰভাৱ পেলায়। যাৰ ফলত তেওঁলোকৰ উদ্বেগ আৰু হতাশা কমি যায় আৰু মানসিক স্বাস্থ্যৰ উন্নত ফলাফল আৰু আত্মহত্যাৰ সম্ভাৱনা হ্ৰাস পায়। এনেধৰণৰ চিকিৎসাৰ ভিতৰত হ’ৰম’ন থেৰাপী, লিংগ সলনি কৰা অস্ত্ৰোপচাৰ, মানসিক স্বাস্থ্যৰ সহায় আৰু চিকিৎসা আদি অন্তৰ্ভুক্ত কৰিব পাৰি।

সাহিত্য ডট অৰ্গ:- LGBTQIA + কমিউনিটিক সহায় কৰিবলৈ সমাজ তথা শিক্ষা প্ৰতিষ্ঠানে কি ধৰণে সহায় কৰিব পাৰে?

লিজা হাজৰিকা:- LGBTQIA+ সম্প্ৰদায়ক সহায় কৰিবলৈ সমাজ আৰু শিক্ষানুষ্ঠানসমূহে LGBTQIA+ সম্প্ৰদায়ৰ বিষয়ে সজাগতা বৃদ্ধি কৰাটো আৱশ্যক। LGBTQIA+ ব্যক্তিৰ বাবে এক নিৰাপদ ঠাই আৰু সমৰ্থন গোট নিৰ্মাণ কৰি লোৱাটো জৰুৰী। লিংগ নিৰপেক্ষ ভাষা ব্যৱহাৰ কৰিবলৈ ছাত্ৰসমাজৰ মাজত সজাগতা আনিব পৰা যায়। লগতে LGBTQIA+ সম্প্ৰদায়ৰ অনুষ্ঠান যেনে ‘প্ৰাইড মাহ’ শিক্ষানুষ্ঠান অথবা অন্যান্য ঠাইত উদযাপন কৰিব পাৰে। নতুন প্ৰজন্মক LGBTQIA+ সম্প্ৰদায়ৰ প্ৰতি সহানুভুতিশীল কৰি গঢ় দিয়াত শিক্ষা প্ৰতিষ্ঠানসমূহৰ অৱদান অপৰিসীম।

সাহিত্য ডট অৰ্গ:- লেভেণ্ডাৰ মেৰেজৰ বিষয়ে আপুনি কি ভাবে? মানসিক স্বাস্থ‍্যত ইয়াৰ প্ৰভাব কেনেধৰণৰ হয়?

লিজা হাজৰিকা:- যিহেতু সমকামী বিবাহ আমাৰ দেশৰ আইন মতে বৈধ নহয় আৰু সমকামী সম্বন্ধক সমাজে ভাল চকুৰে নাচায়, সেয়ে বহু সময়ত সমকামী বা উভয়কামী লোকে সমাজৰ চকুত স্বীকৃতি পাবৰ বাবে বিপৰীতকামী লোকৰ লগত বিবাহপাশত আৱদ্ধ হয়। এনেধৰণৰ বিবাহক লেভেণ্ডাৰ বিবাহ বুলি কোৱা যায়।
সমাজত প্ৰায়ে LGBTQIA+ ৰ পৰিচয়ৰ ব্যাপক গ্ৰহণযোগ্যতাৰ অভাৱৰ বাবে লেভেণ্ডাৰ বিবাহৰ সৃষ্টি হয়। সমাজৰ হেঁচা, বহিষ্কাৰৰ ভয় আৰু সমলিংগ সম্পৰ্কৰ সীমিত আইনী স্বীকৃতি, সমাজত পৰিয়ালৰ সন্মান ৰক্ষা কৰাৰ মানসিক হেঁচা আদিয়ে এনে বিবাহৰ উত্থানত অৰিহণা যোগায়। লেভেণ্ডাৰ বিবাহৰ ব্যক্তিসকলে প্ৰায়ে নিজৰ ৰাজহুৱা ব্যক্তিত্ব মানে বিপৰীতকামী সম্পৰ্ক আৰু তেওঁলোকৰ ব্যক্তিগত সত্য (সমকামী বা উভয়কামী)ৰ মাজত যুঁজি থাকে। এই বৈষম্যই গভীৰ দুখৰ সৃষ্টি কৰিব পাৰে। সেয়েহে আইনী আৰু সামাজিকভাৱে সমকামী বিবাহক ন্যায্যতা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়।

সাহিত্য ডট অৰ্গ:- ইমান পৰে আপুনি LGBTQIA+ সম্পৰ্কে বহু কথা উল্লেখ কৰি আপোনাৰ জ্ঞানেৰে আমাকো উপকৃত কৰিলে। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।

লিজা হাজৰিকা:- কথাবোৰ প্ৰকাশ কৰিবলৈ আপোনালোকে ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা মোক এখন মঞ্চ দিলে। আপোনালোক সকলোকে ময়ো ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!