শ্ৰীযুত দীপক কুমাৰ দাসৰ সাক্ষাৎকাৰ

লেখক- শ্ৰী চিত্তৰঞ্জন ওজা,শ্ৰী মৃদুল কুমাৰ শৰ্মা, শ্ৰী বিকাশ দত্ত আৰু শ্ৰী অভিজিত দত্ত

 

’সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা এইবাৰ সাক্ষাৎকাৰ লোৱা হৈছিল অসমৰ সুসন্তান শ্ৰীযুত দীপক কুমাৰ দাসৰ। ১৯৬১ চনত কামৰূপ জিলাৰ শুৱালকুছিত জন্মগ্ৰহণ কৰা শ্ৰীযুত দাসে ১৯৭৮ চনত কটন মহাবিদ্যালয়ৰপৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত (পি উ) উত্তীৰ্ণ হৈ ১৯৮৩ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বেনাৰস (বেনাৰস হিন্দু বিশ্ববিদ্যালয়)ৰপৰা ইলেকট্ৰনিকছ ইঞ্জিনিয়াৰিং বিভাগত স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু সেই বছৰতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অন্তৰ্গত মহাকাশ প্ৰয়োগ কেন্দ্ৰ, আহমেদাবাদত যোগদান কৰে। বিশ্বৰ এজন আগশাৰীৰ মহাকাশ বিজ্ঞানী শ্ৰীযুত দীপক কুমাৰ দাসে মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সৰ্বোচ্চ পদ সঞ্চালকৰ আসনতো প্ৰায় আঢ়ৈ বছৰ কাল কাৰ্যনিবাহ কৰিছে। ২০২০ চনত সঞ্চালকৰ পদত চাকৰিৰপৰা অৱসৰ লৈ শ্ৰীযুত দাসে দুবছৰ কাল বিক্ৰম চাৰাভাই অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। শ্ৰীযুত দাসে ত্ৰিছটাতকৈয়ো অধিক কৃত্ৰিম উপগ্ৰহৰ যোগাযোগ আৰু নেভিগেচন পে’-লোড নিৰ্মাণত আৰু বিকাশৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি যোগাযোগ আৰু নেভিগেছন উপগ্ৰহৰ পে’-লোডৰ ডিজাইন আৰু নিৰ্মাণ (Design & Realization) ইত্যাদিত বিশেষভাৱে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। দেশৰ অন্যতম মহাকাশ বিজ্ঞানী হিচাপে প্ৰজেক্ট মেনেজাৰ, উপ প্ৰজেক্ট সঞ্চালক, গ্ৰুপ সঞ্চালক, উপ কেন্দ্ৰ সঞ্চালক, সহ কেন্দ্ৰ সঞ্চালক, সঞ্চালক আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি মহাকাশ গৱেষণা কামত আত্ম-নিয়োগ কৰা শ্ৰীযুত দাসক ২০১৫ চনত উত্তম বিজ্ঞানী (Outstanding Scientist) পদলৈ পদোন্নীত কৰা হৈছে। ২০১৭ চনত তেখেতে বিশিষ্ট বিজ্ঞানীৰ (Distinguished Scientist) পদ অলংকৃত কৰিছে। ভাৰতৰ মহাকাশ গৱেষণাত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দেশৰ ভিতৰত উল্লেখনীয় কেইবাটাও সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা শ্ৰীযুত দাসে এ এছ আই বঁটা ২০১০, ইছৰো মেধা বঁটা – ২০১০, ইছৰ’ পাৰদৰ্শিতা উৎকৃষ্টতা বঁটা-২০১৫ আদি বঁটাৰে সন্মানিত হৈছে। 

সাহিত্য, ইতিহাস, চৰ্যাপদ আদি অধ্যয়ন কৰি ভালপোৱা শ্ৰীযুত দাসে আন্তৰ্জাতিক মহাকাশবিজ্ঞান একাডেমীৰ (IAA) সংশ্লিষ্ট সদস্য পদ, আন্তৰ্জাতিক নভোচাৰী সংঘৰ (IAF) মহাকাশ যোগাযোগ আৰু নেভিগেছন সমিতিৰ (SCAN) সদস্য পদ আৰু ২০২০ চনত পৃথিৱী নিৰীক্ষণ কৃত্ৰিম উপগ্ৰহ সমিতিৰ (CEOS) সভাপতিৰ পদতো অধিষ্ঠিত হৈছে।

’সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী চিত্তৰঞ্জন ওজা তথা ‘অসমীয়াত কথা-বতৰা’ গোটৰ সদস্য ক্ৰমে শ্ৰী মৃদুল কুমাৰ শৰ্মা, শ্ৰী বিকাশ দত্ত আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী চিত্তৰঞ্জন ওজা আৰু শ্ৰী অভিজিত দত্তই। ইয়াৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে শ্ৰী মৃদুল কুমাৰ শৰ্মাই। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰী বিকাশ দত্তই। ‘অসমীয়াত কথা-বতৰা গোট’ৰ আন দুগৰাকী সদস্য ক্ৰমে ডা° হিতেশ্বৰ শৰ্মা আৰু ড° দীপজ্যোতি বৰাই সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে। 

সাহিত্য ডট অৰ্গ:- নমস্কাৰ দীপক কুমাৰ দাসদেৱ। আপোনাৰ জন্ম যদিও শুৱালকুছিত, ল’ৰালি কালত বিভিন্ন ঠাইত থাকি আপুনি শিক্ষা লাভ কৰে। আপোনাৰ সেই ল’ৰালি দিনৰ কিছু কথা ক’ব নেকি? 

দীপক কুমাৰ দাস:- যদিও মোৰ জন্ম শুৱালকুছিত, দেউতাৰ চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাই যেনে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, গোলাঘাট আদিত থাকিব লগা হৈছিল। মই প্ৰথম নাম ভৰ্তি কৰিছিলোঁ তিনিচুকীয়া আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত। তাত মই ক মান শ্ৰেণীৰপৰা দ্বিতীয় শ্ৰেণীলৈ পঢ়িছিলোঁ। তৃতীয় শ্ৰেণীত মই গোলাঘাটলৈ আহোঁ আৰু তাত ৩ নং চানমাৰি নিম্ন বুনিয়াদী বিদ্যালয়ত নাম লগাওঁ। তেতিয়া মই প্ৰথম ফাউণ্টেইন পেন ব্যৱহাৰ কৰিবলৈ পাওঁ। তেতিয়া নামভৰ্তিৰ বাবদ মাছুল দিব লগা হৈছিল ২৫ পইচা। আমাৰ পঢ়াশালিত তিনিটা কোঠালিহে আছিল। এটা কোঠালিত প্ৰথম আৰু তৃতীয় শ্ৰেণীৰ, আনটো কোঠালিত দ্বিতীয় আৰু খ মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল একেলগে বহিছিল। তৃতীয় কোঠালিটোত ক মান শ্ৰেণী পঢ়িছিল। সেই স্কুলখনত ‘লাইব্ৰেৰী’ বুলি এটা আলমাৰী আছিল আৰু তাত কেইখনমান কিতাপ ৰাখি থোৱা আছিল। তাতেই এদিন মই এখন কিতাপ দেখা পালোঁ। কিতাখন আছিল পদ্ম বৰকটকীদেৱৰ অনূদিত গ্ৰন্থ ‘টমাচ আলভা এডিছন’। কিতাপখনত টমাচ আলভা এডিছনে কেনেদৰে নিজৰ ঘৰতে এটা সৰু পৰীক্ষাগাৰ পাতি বিভিন্ন পৰীক্ষা চলাইছিল সেই বিষয়ে মই জানিব পাৰিলোঁ। তেতিয়াই মই ভাবিছিলোঁ যে ময়ো যেন এদিন এডিছনৰ দৰে হ’ম, নিজাকৈ লেবৰেটৰী খুলি পৰীক্ষা চলাই যাম। মোৰ ঘৰৰ কাষতে আছিল গোলাঘাট কলেজখন। কলেজ আৰু আমাৰ ঘৰৰ মাজত আছিল এখন বেৰ। মই প্ৰায়ে বেৰখন পাৰ হৈ কেমিষ্ট্ৰি বিল্ডিঙৰ পিছফালে যাওঁ। সেই ঠাইখিনিত বহুতো নলগা বস্তু দ’ম কৰি পেলাই থোৱা আছিল। তাৰপৰা মই খুঁচৰি খুঁচৰি মোক লগা বস্তুসমূহ যেনে টেষ্ট টিউব, বিকাৰ আদি লৈ আনো। কেতবোৰ কেমিকেল বজাৰৰপৰাও কিনিছিলোঁ। আৰু তেনেকৈয়ে তৃতীয়মান শ্ৰেণীত নিজাকৈ ঘৰৰ ভিতৰত এটা লেবৰেটৰী খুলি লওঁ। সেই সময়ত কলেজখনত বিজ্ঞান প্ৰদৰ্শনী, বিজ্ঞান সন্মিলন আদি হৈছিল। ড° পৱন চন্দ্ৰ মহন্তই ট্ৰেঞ্জিষ্টৰৰ বিষয়ত, ড° লক্ষ্মীনন্দন বৰাই গছৰ প্ৰকৃতি বিষয়ত, ড° বিনয় কুমাৰ তামুলীয়ে ৰাতিৰ গোলাঘাটখন কেনেকুৱা হ’ব সেই বিষয়ে আৰু ৰবীন বেনাৰ্জীয়ে প্ৰকৃতি বিষয়ত বক্তৃতা দিছিল। এনেবোৰ কথাই মোক বিজ্ঞানী হ’বলৈ অনুপ্ৰেৰণা যোগায়, যদিও প্ৰথমতে ভাবিছিলোঁ যে মই এগৰাকী সাহিত্যিক হ’ম। 

আমি চতুৰ্থ শ্ৰেণীত থাকোঁতে নীল আমষ্ট্ৰঙে চন্দ্ৰৰ পিঠিত ভৰি দিছিল। সেই কথাবোৰে মোক বিজ্ঞানী হ’বলৈ উদগনি যোগাইছিল। আমি দ্বিতীয়মান শ্ৰেণীত পঢ়া সময়ত শিক্ষকে পৃথিৱীখন যে ঘূৰণীয়া তাৰ প্ৰমাণ এনেদৰে দিছিল— সাগৰৰ পাৰত আমি যদি বহি থাকোঁ আৰু এখন জাহাজ সাগৰৰ পাৰলৈ আহি থাকে তেনেহ’লে আমি পাৰৰপৰা প্ৰথম দেখিবলৈ পাম ধোঁৱাখিনি, তাৰ পাছত জাহাজৰ মাস্তুলটো, তাৰপিছতহে জাহাজখন। পৃথিৱীখন গোলাকাৰ নহৈ চেপেটা হোৱা হ’লে গোটেই জাহাজখন একেলগে দেখিবলৈ পালোঁহেঁতেন। তেতিয়া মই ভাবিছিলোঁ যে ইউৰি গাগাৰিণ, ভেলেণ্টিনা টেৰেস্কোভাহঁতে মহাকাশযানত পৃথিৱীৰ ওপৰেদি ঘূৰি থাকোঁতে পৃথিৱীৰ ফটো এখন ল’লেই হ’লহেঁতেন দেখোন। তেনেকৈয়ে আমোদজনকভাৱে মোৰ বিজ্ঞানী হোৱাৰ ইচ্ছা মনলৈ আহে। ষষ্ঠ শ্ৰেণীলৈ গোলাঘাটত পঢ়ি কটন কলেজিয়েটত নাম ভৰ্তি কৰোঁ। তাৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নাম লগাওঁ। তাৰ পাছত বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত নাম লগাওঁ। 

সাহিত্য ডট অৰ্গ:- বেনাৰছ বিশ্ববিদ্যালয়ত আপুনি ইলেকট্ৰনিক্স বিভাগ পঢ়িবলৈ লয়। সেই সময়ত চিভিল, মেকানিকেল বা ইলেকট্ৰিকেল বিভাগসমূহহে ছাত্ৰ-ছাত্ৰী বা অভিভাৱকৰ মাজত বিশেষ জনপ্ৰিয় আছিল। আপুনি ইলেকট্ৰনিক্স লোৱাৰ বিশেষ কাৰণ আছিল নেকি? 

দীপক কুমাৰ দাস:- মই যেতিয়া কটন মহাবিদ্যালয়ত নামভৰ্তি কৰোঁ, তেতিয়া বায়’ল’জি বিষয়টো লোৱা নাছিলোঁ। পৰিয়ালৰ লোকসকলে মোক কৈছিল যে বায়’ল’জি নপঢ়িলে চিকিৎসা বিজ্ঞান, কৃষি বিজ্ঞান, পশু চিকিৎসা বিজ্ঞান মই পঢ়িব নোৱাৰিম। মোৰ ভৱিষ্যত কি হ’ব সেই বিষয়ে সকলোৰে মনত চিন্তা হৈছিল। মই কিন্তু নিজৰ ইচ্ছাত ‘জিওল’জি’ লৈছিলোঁ। এই বিষয়টো মোৰ ভাল লাগিবলৈ ধৰিছিল। কিন্তু তেতিয়া মনলৈ আহিছিল যে জিঅ’লজি পঢ়ি হয়তো ভাত-কাপোৰৰ চিন্তা দূৰ কৰাত কিছু অসুবিধা আহি পৰিব পাৰে। কিন্তু এবাৰ অভিযন্তা হ’ব পাৰিলে চাকৰি নোপোৱাৰ চিন্তা নাথাকে। সেয়েহে অভিযন্তা হোৱাৰ ইচ্ছা মনলৈ আহিল। ইঞ্জিনিয়াৰিং পঢ়াৰ কথা ওলাওঁতে ঘৰৰপৰা চিভিল বিভাগ ল’বলৈ জোৰ দিয়ে। কাৰণ সেই সময়ত চিভিল বিভাগৰ যথেষ্ট সুযোগ আছিল। ইলেকট্ৰনিক্স বিভাগটো একেবাৰে চালুকীয়া অৱস্থাত আছিল আৰু চাকৰি পোৱাৰ সম্ভাৱনা কম আছিল। কিন্তু মোৰ ভাব হৈছিল যে ইঞ্জিনিয়াৰিং যদি পঢ়োঁ এনে এটা বিষয় ল’ম যিটো বিভাগত প্ৰযুক্তিবিদ্যাৰ নতুন নতুন উদ্ভাৱন হৈ থাকিব আৰু মই সেইবোৰত গৱেষণা কৰি যাব পাৰিম। সেয়েহে ঘৰৰ আপত্তিসত্ত্বেও মই ইলেকট্ৰনিক্স বিভাগতে পঢ়িবলৈ ল’লোঁ। 

সাহিত্য ডট অৰ্গ:- আপুনি ইঞ্জিনিয়াৰিং ডিগ্ৰীলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত যোগদান কৰাৰ কথা ভাবিছিল নে বেলেগ প্ৰতিষ্ঠানত যোগদান কৰাৰ কথা ভাবিছিল? 

দীপক কুমাৰ দাস:- আমি পঢ়ি থকা দিনবোৰত ইছৰ’ৰ বৰ এটা নামেই শুনা নাছিলোঁ। ইঞ্জিনিয়াৰিঙৰ তৃতীয়বৰ্ষত শিক্ষামূলক ভ্ৰমণত আমাক বাংগালোৰলৈ লৈ গৈছিল আৰু তাতে ইছৰ’ৰ এটা বিভাগ আইছেক (ISRO Satellite Centre, Bangalore) লৈ আমাক লৈ যোৱা হৈছিল। সেই সময়ত ভাৰতৰ প্ৰথম পৰীক্ষামূলকভাৱে কমিউনিকেচন ছেটেলাইট এপুল (The Ariane Passenger Payload Experiment (AAPPLE)) উৎক্ষেপণৰ পৰীক্ষা চলি আছিল। পৰীক্ষাগাৰত গ্লাছৰ চেম্বাৰৰ ভিতৰত বৈজ্ঞানিকসকলে একান্তমনে কাম কৰি থকা দেখি মোৰ মনলৈ এনে এক আকৰ্ষণ আহিল যে জীৱনত যদি কিবা কাম কৰিব লাগে তেনেহ’লে এনেকুৱা কামতে নিজকে নিয়োজিত কৰিব লাগিব। সেয়ে শিক্ষা জীৱনৰ পাছৰ দুটা বছৰ অৰ্থাৎ চতুৰ্থ বৰ্ষ আৰু পঞ্চম বৰ্ষত গৰমবন্ধত ল’বলগীয়া প্ৰশিক্ষণৰ বাবে মই আহমেদাবাদৰ মহাকাশ প্ৰয়োগ কেন্দ্ৰ আৰু ত্ৰিবান্দ্ৰমৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ বাছনি কৰোঁ। প্ৰশিক্ষণৰ সময়তেই মই ইছৰ’ৰ কাম-কাজ কিছু পৰিমাণে প্ৰত্যক্ষ কৰিলোঁ, ত্ৰিবান্দ্ৰমৰপৰা ৰকেট উৎক্ষেপণ কৰা চাবলৈ সুযোগ পালোঁ। তেনেকৈ বিক্ৰম চাৰাভাইৰ উদ্যোগত আহমেদাবাদত স্থাপন কৰা মহাকাশ প্ৰয়োগ কেন্দ্ৰত প্ৰশিক্ষণ লোৱাৰ সময়ত বিক্ৰম চাৰাভাইক লগ পোৱা বিজ্ঞানীসকলৰপৰা তেখেতৰ বিষয়ে বহু কথা জানিব পাৰিলোঁ। লাহে লাহে মই ইছৰ’ৰ চাকৰিৰ প্ৰতি আকৰ্ষিত হওঁ। যেতিয়া ইছৰ’ই কানপুৰ আই আই টিত পতা কেম্পাচ ইণ্টাৰভিউত আমাক মাতিলে, তেতিয়া মই তালৈ গৈ সাক্ষাৎকাৰ দিওঁ। কিন্তু সেই সময়ত ইছৰ’ৰ প্ৰতি অভিযন্তাসকলৰ বিশেষ আকৰ্ষণ নাছিল। তৈলক্ষেত্ৰৰ অ’.এন.জি.চি. বা অইল আদি প্ৰতিষ্ঠানত কাম কৰাৰ প্ৰতিহে আগ্ৰহী আছিল। আমি যেতিয়া ইছৰ’ত চাকৰিত সোমাওঁ তেতিয়া আমাৰ প্ৰাথমিক দৰমহা আছিল মাত্ৰ ৬৫০ টকা। যিসকলৰ জীৱনত ইছৰ’ৰ দৰে প্ৰতিষ্ঠানত কাম কৰিবলৈ অতিমাত্ৰা আগ্ৰহ জন্মে সেইসকলেহে ইছৰ’ত যোগদান কৰিছিল। নহ’লে তৈলক্ষেত্ৰৰ চাকৰিত সোমাইছিল। 

সাহিত্য ডট অৰ্গ:- ইছৰ’ত আপুনি যোগদান কৰা সময়ত কোন কোন প্ৰসিদ্ধ বিজ্ঞানীক লগ পাইছিল?

দীপক কুমাৰ দাস:- মই ১৯৮৩ চনত ইছৰ’ত যোগদান কৰা সময়ত অধ্যক্ষ পদত আছিল সতীশ ধৱন। তেখেতক আমি কিছু দিনৰ বাবেহে পালোঁ। তাৰ পাছত অধ্যক্ষ পদত বহে প্ৰফেছৰ ইউ এন ৰাও। বিক্ৰম ছাৰাভাইৰ বাহিৰে আজিলৈ যিসকল বিজ্ঞানীয়ে ইছৰ’ৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল সেই সকলোকে ব্যক্তিগতভাবে পাইছোঁ আৰু তেওঁলোকৰ অধীনত কাম কৰিবলৈ সুযোগ পাইছিলোঁ। মই যেতিয়া চাকৰিত যোগদান কৰিছিলোঁ তেতিয়া মূলতঃ আমাৰ কাম আছিল কমিউনিকেচন ছেটেলাইটৰ পে’লোড ডিজাইন কৰা। আগতেও কৈছোঁ যে আমাৰ প্ৰথম পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা দূৰসংযোগৰ কৃত্ৰিম উপগ্ৰহ আছিল এপল। তাৰ পাছতহে ইনছাট চিৰিজৰ কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ আৰম্ভ হয়। প্ৰথম চাৰিটা উপগ্ৰহ ইনছাট ১এ, ১বি, ১চি আৰু ১ডিৰ এৰোস্পেচ ডিজাইন আমেৰিকাৰ সহায়ত কৰা হৈছিল। আমি চাকৰিত সোমোৱাৰ সময়তে ইনছাট ২ চিৰিজৰ প্ৰথম কমিউনিকেচন ছেটেলাইট উৎক্ষেপণৰ যো-জা চলিছিল, ডিজাইন আৰম্ভ হৈছিল। মোক চাকৰিত মকৰল কৰা হৈছিল এই ছেটেলাইটৰ বাবে অটমেটিক টেষ্টিং ছিষ্টেম ডিজাইন কৰা কামত নিয়োজিত হ’বলৈ। আচলতে কমিউনিকেচনৰ প্ৰতিটো ছাব-ছিষ্টেম এটা এটাকৈ পৰীক্ষা কৰিব লাগিলে বহুত সময় যায় আৰু সম্ভৱপৰ নহয়। সেয়েহে অটমেটিক ছিষ্টেমৰ প্ৰয়োজন হৈছিল। ১৯৮৩ চনত আৰম্ভ হোৱা কামটো ১৯৮৫ চনত কমিছন কৰিছিলোঁ। ইনছাট ২ এ ছেটেলাইট নিৰ্মাণ কৰি ইপিএম মডেল, ষ্ট্ৰাকচাৰ মডেল, স্লাইচ মডেল, প্ৰট’ স্লাইচ মডেল আদিৰ পৰীক্ষাৰ অন্তত উপগ্ৰহটো ১৯৯২ চনত উৎক্ষেপণ কৰা হৈছিল। তাৰপাছতেই প্ৰত্যেক ঠাইতে এটা এটাকৈ টেলিভিছন চেণ্টাৰ আৰম্ভ হ’বলৈ ধৰিলে। ছেটেলাইটৰপৰা ডাউনলোড কৰি টেলিভিছন চেণ্টাৰ চলাব পৰা হৈ গ’ল আৰু গোটেই ভাৰতবৰ্ষতে টেলিভিছন সম্প্ৰচাৰ আৰম্ভ হ’ল।

ইয়াৰ সমান্তৰালভাৱে আই আৰ এছ নামৰ ৰিমোট চেন্সিং ছেটেলাইটৰ কামো আৰম্ভ হয়। সেই সময়ত কস্তুৰীৰঞ্জন নামৰ বিজ্ঞানীজন ইছৰ’ৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল। আমি যেতিয়া আহমেদাবাদত কাম কৰিছিলোঁ, তেতিয়াৰপৰা আজিলৈ কমিউনিনেচন আৰু ৰিমোট চেন্সিঙৰ পে-ল’ড (এক্সপেৰিমেণ্টেল মডেল) সজা কামত জড়িত আছিলোঁ। বাংগালোৰত ছেটেলাইটৰ মূল আকৃতিৰ গঠনৰ কাম কৰা হয়, ত্ৰিবান্দ্ৰমত উৎক্ষেপণ যানৰ কাম হয় আৰু শ্ৰীহৰিকোট্টাৰপৰা ছেটেলাইট উৎক্ষেপণ কৰা হয়। সেই সময়ত ইছৰ’ৰ কাম ইমানতেই সীমাবদ্ধ আছিল যদিও লাহে লাহে বিভিন্ন আঁচনিৰ কাম হাতত লোৱা হয় আৰু ইছৰ’ৰ সম্প্ৰসাৰণ ঘটে। মই ১৯৮৩ চনত আহমেদাবাদত ইছৰ’ৰ এজন অভিযন্তা হিচাপে যোগদান কৰি ২০২৩ চনত ইছৰ’ৰপৰা বিদায় লওঁ। সম্পূৰ্ণ ৪০টা বছৰ অৰ্থাৎ মোৰ জীৱনৰ বাবে এক দীঘলীয়া সময় ইছৰ’ৰ লগতে কটাওঁ। 

সাহিত্য ডট অৰ্গ:- ভাৰতীয় মহাকাশ গৱেষণাৰ পৰিক্ৰমা প্ৰায় আৰম্ভণিৰপৰা এতিয়ালৈ আপুনি দেখিবলৈ পালে। 

দীপক কুমাৰ দাস:- হয়। মোৰ দুৰ্ভাগ্য যে বিক্ৰম চাৰাভাইৰ সময়খিনি মই দেখিবলৈ নাপালো। তাত বাহিৰে মই আবুল কালাম আজাদ ছাৰ, কস্তুৰীৰঞ্জন ছাৰ, ইউ এন ৰাও ছাৰকে আদি কৰি বৰ্তমানৰ অধ্যক্ষ সোমনাথলৈকে সকলোকে পালোঁ। 

সাহিত্য ডট অৰ্গ:- এই যে অলপ আগতে আপুনি ক’লে ভাৰতে এটা সময়ত ইনছাট উপগ্ৰহ ১এ, ১বি, ১চি, ১ডি উৎক্ষেপণ ভাৰতৰ বাহিৰত গৈ কৰাব লগা হৈছিল, সেই সুবিধাখিনি সেইসময়ত ভাৰতত নাছিল নেকি, নে উৎক্ষেপণ যান আমাৰ নাছিল?

দীপক কুমাৰ দাস:- যি সময়ত প্ৰথম কৃত্ৰিম উপগ্ৰহ স্পুটনিক উৎক্ষেপণ কৰা হৈছিল, সেই সময়ত আমেৰিকা আৰু ৰাছিয়াই বহুতো উন্নতি কৰিছিল। ভাৰত এই বিষয়ত একেবাৰে পাছ পৰি আছিল। সেই সময়ত ভাৰতে এইবোৰ কথা ভাবিবলৈকো সময় পোৱা নাছিল। প্ৰথম কমিউনিকেচন ছেটেলাইট আমেৰিকাই উৎক্ষেপণ কৰি সেই ছেটেলাইটৰ সহায়ত ১৯৬৪ চনৰ জাপান অলিম্পিক খেল আমেৰিকাৰ নাগৰিকে টেলিভিছনত চাবলৈ সক্ষম হৈছিল। বিক্ৰম চাৰাভায়ে সেই সময়তে ভাবিছিল যে এই প্ৰযুক্তিবিদ্যা ভাৰতীয় মানুহৰ বাবেও ব্যৱহাৰ কৰিব পাৰোঁ– টেলিভিছনৰ বাবে বা গাঁৱৰ মানুহক শিক্ষা দিবৰ বাবে আৰু নানা কামৰ বাবে। তেওঁ প্ৰথমে নাছাৰ লগত কথা পাতিছিল। নাছাই কমিউনিকেচন ছেটেলাইট উৎক্ষেপণৰ কথা চিন্তা কৰিছিল আৰু তিনিখন দেশক উৎক্ষেপণ কেন্দ্ৰ স্থাপনৰ বাবে বিবেচনা কৰিছিল। উৎক্ষেপণ কেন্দ্ৰ বিষুৱ ৰেখাৰ ওচৰত থকাটো প্ৰয়োজনীয় আছিল আৰু দেশখনৰ ভৌগোলিক পৰিসীমা ডাঙৰ হোৱাটো দৰকাৰ আছিল। সেই দুটা দিশৰপৰা নাছাই তিনিখন দেশৰ কথা ভাবিছিল— চীন, ব্ৰাজিল আৰু ভাৰত। আমেৰিকাৰ লগত চীনৰ ৰাজনৈতিক সম্পৰ্ক ভাল নাছিল বাবে চীনক বাদ দিয়া হৈছিল। ব্ৰাজিলৰ সমস্যাটো আছিল এই যে তাত সাগৰৰ পাৰত জনসংখ্যা বেছি আছিল; নাছাক গাঁৱৰ কম জনবসতি অঞ্চলৰ প্ৰয়োজন আছিল। সেই ফালৰপৰা ভাৰতত উৎক্ষেপণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে সুবিধাজনক আছিল। কিন্তু সেই সময়ত ভাৰতৰ লগতো আমেৰিকাৰ মধুৰ সম্পৰ্ক নাছিল। বৰঞ্চ ৰাছিয়াৰ লগতহে সম্পৰ্ক ভাল আছিল। সেই ৰাজনৈতিক কাৰণতে আমেৰিকাই কৈছিল যে যদিহে ভাৰতে উপগ্ৰহ উৎক্ষেপণৰ প্ৰস্তাৱ দিয়ে আমেৰিকাই সহায় কৰিব পাৰে, কিন্তু আমেৰিকাই নিজে আগবাঢ়ি নাহে। বিক্ৰম চাৰাভাই এজন বিজ্ঞানীয়েই নাছিল তেওঁৰ ব্যক্তিত্ব এনে আছিল যে সকলোৰে লগত তেওঁ সুসম্পৰ্ক ৰক্ষা কৰি চলিব পাৰিছিল। ষাঠি আৰু সত্তৰ দশকৰ ভাৰতৰ কথা অনুমান কৰকচোন, ৰেল লাইনেৰে এখন ঠাইৰপৰা আন এখন ঠাইলৈ সংযোগ কৰাই ডাঙৰ কথা আছিল, উপগ্ৰহ উৎক্ষেপণৰ কথা ভাবিবই পৰা নাছিল। সেই সমস্যাৰ মাজতো ভাৰত চৰকাৰক সৈমান কৰাবলৈ বহু বছৰ সময় লাগিছিল। কেৱল ভাৰত চৰকাৰেই নহয় ভাৰতৰ জনসাধাৰণক সৈমান কৰোৱাটোও এক ডাঙৰ প্ৰত্যাহ্বান আছিল। কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ যে এক বিলাসিতা নহয় বৰং ই দেশৰ বাবে বিশেষ প্ৰয়োজনীয়, এই কথাটো বুজি পাবলৈ ভাৰতক বহুদিন লাগিছিল। আজিও যদি ভাৰতৰ বাজেট চায়, মহাকাশ গৱেষণাৰ বাবে বাজেটত ধাৰ্য কৰা ধন আমেৰিকা বা চীনতকৈ বহুত কম। ভাৰতৰ দৰে দেশ এখনৰ বাবে ইয়াতকৈ বেছি ধন ধাৰ্য কৰা সম্ভৱো নহয়। সেই সময়ত অৱস্থা আৰু বেয়া আছিল। সেয়েহে প্ৰথম কমিউনিকেচন ছেটেলাইট ভাৰতত সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা সম্ভৱ নাছিল, আমি সেই বিষয়ে ভাবিবও পৰা নাছিলোঁ। ভাৰতৰ প্ৰথম কমিউনিকেচন ছেটেলাইট ফ্ৰাঞ্চৰপৰা বিনা খৰচত উৎক্ষেপণ কৰা হৈছিল। সেই সময়ত ইউৰোপীয় দেশবোৰত দুখন উৎক্ষেপণ যান নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছিল আৰু উৎক্ষেপণৰ পৰীক্ষা চলাবলৈ কৃত্ৰিম উপগ্ৰহৰ প্ৰয়োজন হৈছিল। 

কিন্তু ১৯৮২ চনৰ প্ৰথম উৎক্ষেপণ ইনছেট ১এ অসফল হ’ল। সেই লৈ ভাৰতত বহুত হৈ-চৈ আৰম্ভ হ’ল। তাৰ বাবে ১৯৮২ চনত দিল্লীৰ এছিয়াডৰ খেল গুৱাহাটীৰ মানুহে টেলিভিছনত উপভোগ কৰিব নোৱাৰিলে। তাৰ এবছৰ পাছত ইনছেট ১বি সফলতাৰে উৎক্ষেপণ কৰা হ’ল। আকৌ ইনছাট ১চি উৎক্ষেপণ অসফল হয়। তাৰ পাছত ইনছাট ১ ডি সফল হয়। সেই সময়ত উৎক্ষেপণ প্ৰযুক্তি পৈণত হৈ উঠা নাছিল। সকলো পৰীক্ষা নিজাকৈ কৰিবলৈ আমাৰ সামৰ্থ্য নাছিল। সেয়েহে আনৰ ভুলৰপৰা আমি শিকিবলৈ বিচাৰিছিলোঁ। ফ্ৰাঞ্চৰপৰা ছেটেলাইটসমূহ উৎক্ষেপণ কৰিবলৈ যাওঁতে আমাৰ বিজ্ঞানীসকলে মনে মনে ছেটেলাইট প্ৰযুক্তিবিদ্যা যিমান পাৰি শিকিবলৈ যত্ন কৰিছিল যাতে ইছৰ’ই নিজাকৈ উৎক্ষেপণ কৰিব পাৰে। সেই চাৰিটা ইনছাট চিৰিজৰ কমিউনিকেচন ছেটেলাইট উৎক্ষেপণৰ অভিজ্ঞতাৰে ইছৰ’ই নিজাকৈ ইনছাট ২ চিৰিজ, ইনছাট ৩ আদি ছেটেলাইট উৎক্ষেপণ কৰিবলৈ প্ৰস্তুতি চলায়। সেই সময়ত ভাৰতে নিজাকৈ আন্তঃগাঁথনি তৈয়াৰ কৰি উৎক্ষেপণ কৰা সম্ভৱ নাছিল। আপোনালোকৰ হয়তো মনত আছে যে ষাঠিৰ দশকত ভাৰতে কিমান গুৰুৰতৰভাৱে খাদ্য সংকটত ভুগিছিল। তদানীন্তন প্ৰধানমন্ত্ৰী লাল বাহাদূৰ শাস্ত্ৰীয়ে সকলো জনতাক সপ্তাহত এসাঁজ ভাত নোখোৱাকৈ থাকিবলৈ অনুৰোধ জনাইছিল। এনে পৰিস্থিতিত মহাকাশ গৱেষণা আমাৰ বাবে প্ৰাধান্য দিবলগীয়া বিষয় নাছিল। 

সাহিত্য ডট অৰ্গ:- আমাৰ প্ৰথম কমিউনিকেচন ছেটেলাইট ইনছাট ১ চিৰিজ আমেৰিকাৰপৰা কিনা হৈছিল নেকি? 

দীপক কুমাৰ দাস:- নহয়। ইনছাট ১ চিৰিজৰ চাৰিটা ছেটেলাইটৰ বাবে ইছৰ’ই নিবিদা আহ্বান কৰিছিল। কাৰণ তেতিয়া ভাৰতত কৃত্ৰিম উপগ্ৰহ প্ৰযুক্তিৰ বিকাশ হোৱা নাছিল। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আছিল আৰ্যভট্ট। ৰাছিয়াৰ সহায়ত উপগ্ৰহটো ল’ আৰ্থ অৰবিটত স্থাপন কৰা হৈছিল। তেতিয়া পৃথিৱীত তিনিখনমান দেশেহে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত এখন দেশ আছিল চীন। ৰাছিয়াই উৎক্ষেপণৰ দায়িত্ব লওঁতে ভাৰতক এটা চৰ্ত জাপি দিছিল যে ভাৰতৰ উপগ্ৰহৰ ওজন চীনে পঠিওৱা উপগ্ৰহৰ ওজনতকৈ বেছি হ’ব লাগিব। তেনেকৈ আৰ্যভট্ট উৎক্ষেপণ কৰা হৈছিল। তাৰ পাছত ভাৰতৰ ৰিমোট চেন্সিং উপগ্ৰহ ভাস্কৰ, ৰোহিণী আদি উৎক্ষেপণ কৰা হয়। তাৰ পাছতহে ভাৰতত দূৰসংযোগ কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণৰ কথা ওলায়। ভাৰতৰ মহাকাশ বিজ্ঞানীসকলে কেইবাটাও উদ্দেশ্যেৰে এনে উপগ্ৰহৰ কথা ভাবিবলৈ ধৰে যিয়ে কমিউনিকেচনৰ লগতে আন আন কাৰ্য সম্পন্ন কৰিব পাৰিব। তাৰ কাৰণে ইছৰ’ই নিবিদা আহ্বান কৰিলে। ইয়াত তিনি-চাৰিটামান প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে। তাৰ ভিতৰত ফোৰ্ড এৰোস্পেচ নামৰ আমেৰিকাৰ প্ৰতিষ্ঠানটোৱে যোগাযোগ উপগ্ৰহৰ কামটো পায়। প্ৰতিষ্ঠানটোক চাৰিটা উপগ্ৰহৰ বাবে চুক্তিবদ্ধ কৰোৱা হয়। তাৰে দুটা উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰিব পৰা গ’ল যদিও দুটা উপগ্ৰহ সফল নহ’ল। বিদেশত উৎক্ষেপণ কৰা এই উপগ্ৰহকেইটাৰপৰাই ভাৰতীয় মহাকাশ বিজ্ঞানীয়ে যথেষ্ট শিকিলে। বিভিন্ন দেশৰপৰাও উপগ্ৰহ নিৰ্মাণ, উৎক্ষেপণত সহায়-সহযোগিতা পালে। তাৰ বিনিময়ত আমিও বহু দেশক সহায় আগবঢ়াইছিলোঁ। আমাৰ উৎক্ষেপণ যান আৰু কেন্দ্ৰ ব্যৱহাৰ কৰিবলৈ আনকো সুযোগ দিছিলোঁ। ইনছাট ১ চিৰিজৰ উপগ্ৰহ চাৰিটা বিদেশত নিৰ্মাণ কৰা। ইয়াৰ পাছৰ ইনছাট চিৰিজৰ উপগ্ৰহসমূহ আমি ভাৰতত নিৰ্মাণ কৰিবলৈ লওঁ।

সাহিত্য ডট অৰ্গ:- আৰম্ভণিৰ উপগ্ৰহসমূহ আৰ্যভট্ট, ভাস্কৰ আৰু ৰোহিণীক কি কামত ব্যৱহাৰ কৰা হৈছিল? 

দীপক কুমাৰ দাস:- সঁচা কথা ক’বলৈ হ’লে কৃত্ৰিম উপগ্ৰহ এটা সফলভাৱে উৎক্ষেপণ কৰিবলৈ পোৱাটোৱেই ডাঙৰ কথা। তাৰ পাছত আহিব ইয়াৰ ব্যৱহাৰ। গাড়ী এখন নিৰ্মাণ কৰা কামটো বহুত ডাঙৰ কথা। নিৰ্মাণ হোৱাৰ পাছত গাড়ীখন ক’ত ব্যৱহাৰ কৰিম, সেইটো পাছে পৰেও সিদ্ধান্ত ল’ব পৰা যায়। গাড়ীৰ ষ্টিয়াৰিং, ইঞ্জিন আদি প্ৰতিটো কাম জানিব পৰাটোও এটা ডাঙৰ কাম। আৰ্যভট্ট পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা প্ৰথম ছেটেলাইট আছিল। কম সময়ৰ বাবেহে ই সক্ষম হৈ আছিল। কিন্তু উপগ্ৰহ উৎক্ষেপণৰ লগত আমি এটা উদ্দেশ্য ৰখাৰো প্ৰয়োজন। তাৰ পাছৰ উপগ্ৰহ ভাস্কৰ আৰু ৰোহিণী আছিল দূৰ-সংবেদনৰ (ৰিমোট ছেন্সিং) কামৰ বাবে পঠোৱা উপগ্ৰহ। সেই উপগ্ৰহত কেমেৰা সংযোগ কৰি ওপৰৰপৰা ভাৰতৰ ফটো ল’ব পৰা গৈছিল। সেই ফটোৰ সহায়ত ক্লাউড ইমেজাৰী, ওচেন কালাৰ, ওচেন মনিটৰিং, ৱাটাৰ লগিং আদি চাব পৰা হ’লোঁ। এপলৰ পাছৰ ইনছাট, জিছাট উপগ্ৰহসমূহ হ’ল যোগাযোগ উপগ্ৰহ যাৰ সহায়ত দূৰসংযোগ, জৰুৰীকালীন সংযোগ আদি লাভ কৰিবলৈ সক্ষম হ’ল। 

সাহিত্য ডট অৰ্গ:- বোধকৰোঁ ১৯৮৭-৮৮ চনত ৰিমোট চেন্সিঙৰ বাবে আই আৰ এছ নামৰ উপগ্ৰহও উৎক্ষেপণ কৰা হৈছিল। 

দীপক কুমাৰ দাস:- ভাৰতীয় উপগ্ৰহ ভাস্কৰৰপৰা আৰম্ভ হৈছিল ৰিমোট ছেন্সিং উপগ্ৰহ উৎক্ষেপণৰ যাত্ৰা। তাৰপৰা আই আৰ এছলৈ উন্নীতকৰণ হৈছিল। আই আৰ এছৰ বেলেগ বেলেগ নামত যেনে কাৰ্টোগ্ৰাফিক কামৰ বাবে কাৰ্টোছাট উপগ্ৰহ, সাগৰ নিৰীক্ষণৰ বাবে ওচেনছাট উপগ্ৰহ আদি বিভিন্ন নামেৰে দূৰ-সংবেদী উপগ্ৰহ নিৰ্মাণ কৰা হয়। আমি চাকৰিত যোগদান কৰাৰ পাছত আমাৰ সময়ত নেভিগেচন ছেটেলাইটো যোগ কৰা হ’ল। 

সাহিত্য ডট অৰ্গ:- আমি জানিব পৰা মতে কেতিয়াবা পৰীক্ষাগাৰত আপুনি একেলেঠাৰিয়ে কেইবাদিনো দিনে-নিশা কাম কৰিছিল। আপোনাৰ দৰে হয়তো বহু বিজ্ঞানীয়ে তেনেকৈ কাম কৰি ন ন উদ্ভাৱনৰ হকে কষ্ট স্বীকাৰ কৰিছিল। নতুন উদ্ভাৱনৰ বাবে আপোনালোকৰ যি সংগ্ৰাম তাৰ বিষয়ে কিছু কথা ক’ব নেকি? 

দীপক কুমাৰ দাস:- ইছৰ’ৰ চাকৰি আৰু বাকী চৰকাৰী বিভাগৰ চাকৰিৰ মাজত পাৰ্থক্যটো ক’ত? আমি চাকৰিৰ দায়িত্ব পালন কৰোঁতে ঘৰখনত নিজৰ কাম কৰাৰ দৰেই কাম কৰোঁ। শুব পালোঁ নে নাই, বিশ্ৰাম ল’লোঁ নে নাই ইত্যাদি কথাবোৰ আমি নাভাবোঁ। কামটো সুচাৰুৰূপে প্ৰথমে হ’ব লাগে। গোটেই টিমৰ প্ৰতিজন সদস্যই একেলগে একাগ্ৰচিত্তে কাম কৰিব লাগিব। এখন চিনেমাৰ শ্বুটিঙৰ দৰে অকণমান সময়ৰ বাবে অভিনয় কৰা এক্সট্ৰা এজনো যদি উপস্থিত নাথাকে শ্বুটিঙৰ কামটো নহ’ব, সকলো কাম একেলগে হ’ব লাগিব। তদুপৰি কামটো কৰি থাকোঁতে যদি কিবা অসুবিধা হয়, কামটো এৰি দিলে পাছলৈ সেইটো কৰিব নোৱৰা হয়। তাৰ বাবে কামটো একেলেঠাৰিয়ে কৰি থাকিবলগীয়া হয়। আমি কেতিয়াবা ৩৬ ঘণ্টা সময় একেলেথাৰিয়ে কাম কৰিছিলোঁ। পিছত আমি দেখিছোঁ তেনেকৈ কেৱল ইছৰ’তে নহয় চৰকাৰৰ আন কিছুমান বিভাগতো কাম কৰিবলগীয়া হয়। আৰক্ষী বিভাগ বা সেনা বিভাগতো তেনেকৈ একেলেঠাৰিয়ে কাম কৰিবলগীয়া হয়। অগ্নি নিৰ্বাপক বাহিনীতো কেতিয়াবা তেনেকৈ কাম হয়। এইটো কথা সঁচা যে যিকোনো বিভাগতে ২০% নিষ্ঠাৱান চাকৰিয়ালে বিভাগটোৰ ৮০% কাম কৰিবলগীয়া হয়। 

সাহিত্য ডট অৰ্গ:- আপোনালোকে চাকৰিৰ বাবে চাকৰি কৰা নাছিল, কিবা এটা মহৎ উদ্দেশ্য আগত ৰাখি সফলতা পাবলৈ দিনে-নিশাই কাম কৰিছিল যাৰ বাবে আজি ভাৰতে মহাকাশ গৱেষণাত ইমানখিনি আগবাঢ়ি যাব পাৰিছে! 

দীপক কুমাৰ দাস:- যিকোনো বিভাগতে লক্ষ্যত উপনীত হ’বলৈ তেনেকৈয়ে কিছুমানে কাম কৰিব লাগে। নাটক এখন মঞ্চস্থ কৰিবলৈ হ’লেও কেইজনমান ডেকা ল’ৰাই দিনে-নিশাই কাম কৰিব লাগে। তেতিয়াহে নাটকখন সফলভাৱে মঞ্চস্থ কৰিব পৰা যায়। কামটো তেতিয়া এক নিচাৰ দৰে হৈ পৰে। কিন্তু তাৰ মাজতে কিছুমান চাকৰিয়াল থাকে যিয়ে হয়তো কামৰ বাবে নিজকে উছৰ্গা কৰিব নোখোজে। চৰকাৰী চাকৰিত কোনোবাই কাম নকৰো বুলি ভাবিলে তেওঁৰপৰা কাম আদায় কৰাত অসুবিধা হয়। গতিকে কিছুমান মানুহে অধিক কাম কৰিবলগীয়া হয়। কামৰ প্ৰতি থকা নিচাক আপুনি মানুহৰ গাত গোসাঁনী লম্ভাৰ লগত তুলনা কৰিব পাৰে। গাত গোসাঁনী লম্ভিলে মানুহজনে যেনেকৈ বেলেগ কোনো কথা চিন্তা নকৰি কেৱল এটা কামকে কৰি যায় তেনেকৈ ইয়াত আমি কাম কৰি যাওঁ!। কামৰ এই নিচা কেৱল ইছৰ’ৰ আহমেদাবাদ কেন্দ্ৰতে নহয়। ৪০বছৰীয়া অভিজ্ঞতাৰে কৈছোঁ তেনেকৈ কাম কৰা শ্ৰীহৰিকোট্টা, ত্ৰিবান্দ্ৰম আদি প্ৰত্যেক কেন্দ্ৰতে দেখিছোঁ। হয়তো চৰকাৰৰ আন আন বিভাগতো তেনেকৈ কিছুমান চাকৰিয়ালে কাম কৰে। কিছুমান মানুহে বেছিকৈ কাম কৰিবই লাগিব কাৰণ কিছুমান মানুহে কমকৈ কাম কৰি আছে। 

সাহিত্য ডট অৰ্গ:- নব্বৈৰ দশকত দেখিছিলোঁ ইছৰ’ৰ কেইবাজনো চাকৰিয়ালে চাকৰি এৰি আমেৰিকা, কানাডা আদি দেশলৈ গুচি গৈছিল বা ভাৰততে বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানত দুগুণ, তিনিগুণ দৰমহাৰ চাকৰিত সোমাইছিল। সেইসময়ত ইছৰ’ৰ বিজ্ঞানীসকলৰ মাজত নিৰুৎসাহে দেখা দিছিল নেকি? 

দীপক কুমাৰ দাস:- আমি যেতিয়া চাকৰিত সোমাইছিলোঁ, আমি দৰমহা পাইছিলোঁ মাহিলি ৬৩০ টকা। এমাহৰ দৰমহাৰে এখন চাইকেলহে ল’ব পাৰিছিলোঁ। মানুহে হয়তো ভাবিবও নোৱাৰিব যে ইছৰ’ত চাকৰি কৰা বিজ্ঞানী এজনৰ হাতত এখন চাইকেল আৰু বেংকত ৫০০ টকাহে থাকে। সেই সময়তে নিৰাশা বহুত হৈছিল। মই এটা কোঠালিৰ ঘৰ ভাড়া লৈছিলোঁ, ঘৰৰ মালিকৰ বাথৰুম ব্যৱহাৰ কৰিছিলোঁ। সেই সময়ত ভাবিছিলোঁ যে ইয়াতকৈ যদি লণ্ডনত থাকো, কেইঘণ্টামান এৰোপ্লেনত উৰিয়ে নিজৰ ঘৰ পাব পাৰোঁ। অথচ আহমেদাবাদৰপৰা নিজৰ ঘৰ পাবলৈ তিনিখনকৈ ৰেইল সলাব লগা হৈছিল; ৩০-৩৬ ঘণ্টীয়া ৰেইল যাত্ৰাৰ প্ৰয়োজন হৈছিল। আমি দেখিছিলোঁ আমাৰ সময়ত যোগদান কৰা বহুকেইজন বিজ্ঞানী দুই-তিনিবছৰৰ ভিতৰতে ইছৰ’ এৰি গুচি গৈছিল। ইছৰ’ৰ চাকৰিকালত জি আৰ ই পৰীক্ষাত বহি আমেৰিকালৈ গুচি গৈছিল। তেতিয়াৰপৰাই সেইটো চলিছিল। আনকি কিছুমানে ভাৰতীয় অভিযান্ত্ৰিক সেৱাত বা তৈলক্ষেত্ৰৰ চাকৰিত যোগদান কৰিছিল। পিছলৈ যেতিয়া দৰমহা বাঢ়িবলৈ ধৰিলে আৰু ইছৰ’ৰ গ্লেমাৰ বাঢ়িবলৈ ধৰিলে তেতিয়াহে বিজ্ঞানীসকলে ইছৰ’ৰ চাকৰিত নিগাজিকৈ থাকিবলৈ ল’লে। তাৰ আগতে দেখিছিলোঁ যে বিজ্ঞানীসকলে চাকৰিত সোমাই খুব সোনকালে চাকৰিৰপৰা ওলাই যায়। কৰ্তব্যনিষ্ঠাৰে কাম কৰা মানুহবোৰ ইছৰ’ত থাকি যায় আৰু স্মাৰ্ট মানুহবোৰ চাকৰিত সোমাই সোনকালে ওলাই যায়। 

সাহিত্য ডট অৰ্গ:- মহাকাশ গৱেষণাৰ মাজত আপুনি পৰ্বতাৰোহণো কৰিছিল। এই বিষয়ে আমাক অলপ জনাবনে? 

দীপক কুমাৰ দাস:- হয়। তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দিনত ভাৰত চৰকাৰৰ এটা নিয়ম আছিল যে চাকৰিকালত কোনোবাই ইচ্ছা কৰিলে পৰ্বতাৰোহণৰ বাবে দৰমহাসহিতে ছুটী ল’ব পাৰে। সেই সুবিধাকণ লৈ মই পৰ্বতাৰোহণ কৰিছিলোঁ। যেতিয়া মানুহে কাৰ্গিল অঞ্চলৰ কথা শুনা নাছিল, তেতিয়াই মই তালৈ গৈ ট্ৰেকিং কৰিছিলোঁ। পঢ়ি থকা সময়খিনিত নিজৰ চখ পুৰণৰ কোনো সুবিধা নাছিল। ঘৰত থাকোঁতে মা-দেউতাই কেৱল পঢ়াৰ ওপৰত গুৰুত্ব দিবলৈ দিছিল। যেতিয়া ভাত-কাপোৰৰ চিন্তা দূৰ হ’ল তেতিয়া সুবিধা পালেই পৰ্বতাৰোহণৰ দৰে নিজৰ ভাললগা কামবোৰ কৰিবলৈ লওঁ। টকা বচাবলৈ ৰেইলত ফুৰিছিলোঁ, হোটেলৰ পৰিৱৰ্তে প্লেটফৰ্মত শুইছিলোঁ, কাৰণ দৰমহা আমাৰ যথেষ্ট কম আছিল। আমাৰ দিনত ইণ্টাৰনেট নাছিল, সকলো কিতাপ সহজে উপলব্ধ নাছিল। দেশক জানিবলৈ পৃথিৱীৰ কথা পঢ়িবলৈ এখনে সহজে পোৱা কিতাপ আছিল ‘জানানে’ নামেৰে। তেতিয়াৰপৰাই শুনি থকা ঠাইবোৰ চাবলৈ অতি আগ্ৰহী আছিলোঁ। 

সাহিত্য ডট অৰ্গ:- আপুনি এগৰাকী প্ৰকৃতিবিদ হিচাপেও নিজৰ পৰিচয় দিছে। চৰাই সম্পৰ্কীয় আপোনাৰ জ্ঞান তথা আলোকচিত্ৰই আপোনাৰ চৰাইৰ প্ৰতি থকা আকৰ্ষণৰ সম্ভেদ দিছে। পক্ষী নিৰীক্ষণৰ চখ আপোনাৰ কেনেদৰে আৰম্ভ হ’ল? 

দীপক কুমাৰ দাস:- সেয়া মই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কাম কৰি থকা সময়ৰ কথা। সেইসময়ত আমি ছেটেলাইট উৎক্ষেপণৰ বাবে শ্ৰীহৰিকোটালৈ যাব লগা হয়। আমাৰ কৰ্মস্থান শ্ৰীহৰিকোটা দ্বীপটো দীঘলীয়া আছিল। মূল ভূ-খণ্ডৰপৰা দ্বীপলৈ এটা দীঘলীয়া পথ নিৰ্মাণ কৰা হৈছিল। মূল ভূমিখণ্ডৰ এফালে আছে সাগৰ আৰু আনটোফালে পুলিকাট লেক। এই জলাঞ্চললৈ বহুতো চৰাই আহে। চৰাইবোৰ চাই চাই মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে Bird Watching ৰ প্ৰতি আকৰ্ষিত হয়। আপোনালোকে জানি ভাল পাব যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সেই সময়ৰ অধ্যক্ষ সতীশ ধৱনে চৰাইৰ উৰণ শক্তিৰ ওপৰত ‘How Birds Fly’ শিৰোনামৰ এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল। সেই সময়ত মই, মোৰ পত্নীৰ লগত একেলগে পক্ষী নিৰীক্ষণ কৰিবলৈ মন মেলিলোঁ। আমি দুজনেই চাকৰি সূত্ৰে একেলগে সময় কটোৱা নহয়। তেতিয়া ভাবিলো পক্ষী নিৰীক্ষণৰ নামত সপ্তাহৰ অন্তত দেওবাৰৰ দিনটো দুয়ো লগ হৈ এনেদৰে এক গুণগত সময় (Quality Time) আমি ইজনে সিজনক দিব পাৰোঁ। সেয়ে আমি দুয়োজনেই চৰাই চোৱা আৰম্ভ কৰিলোঁ। লাহে লাহে মই চৰাইবোৰৰ ফটো লবলৈ ধৰিলোঁ। এনেদৰেই মোৰ ফটোগ্ৰাফীৰ প্ৰতি ধাউতি বাঢ়িল। আৰু এটা বস্তু মই দেখুৱাবলৈ বিচাৰিছিলো যে ফটোগ্ৰাফীৰ বাবে উৎকৃষ্ট কেমেৰাৰ প্ৰয়োজন নাই, সাধাৰণ কেমেৰাৰেও অসাধাৰণ ফটো ল’ব পৰা যায়। আন এটা কথা, মই আহমেদাবাদত ইমান বছৰ আছোঁ, সকলোৰে ধাৰণা সেই অঞ্চল শুকান, মৰুভূমিৰ দৰে, কিন্তু সেইবোৰ অঞ্চলো গছ-লতা, চৰাই-চিৰিকতিৰে ভৰা তাকে দেখুৱাবলৈ প্ৰতি দেওবাৰে Bird Watching লৈ যাবলৈ ল’লোঁ। 

সাহিত্য ডট অৰ্গ:- ইছৰ’ৰপৰা ২০২৩ ত বিদায় লোৱাৰ পাছত বিজ্ঞান বিষয়ত কিবা কাম কৰি আছে নেকি। 

দীপক কুমাৰ দাস:- অৱসৰ লোৱাৰ আগৰপৰা মই ভাবিছিলোঁ যে যি যি বিষয় মোৰ পঢ়িবলৈ থাকিল বা যি কাম কৰিবলৈ থাকিল, সেইবোৰ কাম মই অৱসৰৰ পাছত কৰিবলৈ চাম। বিজ্ঞান বিষয়ত কোনোবাই উপদেশ বিচাৰিলে দিওঁ। কিন্তু এতিয়া নিৰ্দিষ্ট কোনো কামতে নিয়োজিত হৈ থকা নাই। ৰাতিপুৱা উঠি যি কৰিবলৈ মন যায় তাকে কৰো। এতিয়াও অৱশ্যে মই মোৰ অধ্যয়ন অব্যাহত ৰাখিছোঁ। অৱশ্যে মোৰ যেতিয়া যি বিষয় পঢ়িবলৈ মন যায়, মই তাকেই পঢ়ো। মই কেতিয়াবা সাহিত্য অধ্যয়ন কৰোঁ, কেতিয়াবা ইতিহাস পঢ়ো। কেতিয়াবা আকৌ গুৱাহাটীত থকা মোৰ পৰিয়ালৰ সদস্যসকলৰ লগত সময় অতিবাহিত কৰোঁ। আচলতে অৱসৰৰ পিছত মোৰমতে মোৰ জীৱনটো কটাই আছোঁ। অৱসৰৰ সময়খিনিত চৰ্য্যাপদ, সাহিত্য সম্পৰ্কে, বুৰঞ্জী বিষয়ত অধ্যয়ন কৰাৰ ইচ্ছাও আছে। 

 

সাহিত্য ডট অৰ্গ:- আপোনাৰ এটা সাক্ষাৎকাৰত ‘হাতীত উঠি পানীৰাম ঘৰলৈ যায়’ আৰু ‘অ’ ফুল অ’ ফুল নুফুল কিয়’ এই দুটা পদ্যৰ বিষয়ে এটা সম্পূৰ্ণ বেলেগ ধৰণৰ ব্যখ্যা আগবঢ়োৱা শুনিছিলোঁ। 

দীপক কুমাৰ দাস:- দৰাচলতে এই সম্পৰ্কে ইউটিউবত মোৰ এটা সাক্ষাৎকাৰত কৈছিলোঁ। সক্ষাৎকাৰটোত মোক সুধিছিল যে আপোনাক অসমৰ মানুহে কিয় চিনি নাপায়। মই তেতিয়া কৈছিলোঁ যে মোক চিনি পোৱাৰ কোনো প্ৰয়োজন নাই। অসমত আচলতে ল’ৰালিকালত শিশুসকলক দুটা কথা ভুলকৈ শিকোৱা হয়। প্ৰথমটো হ’ল পাঠশালাত পঢ়া এটা পদ্যৰ জৰিয়তে—

জোনবাই এ 

বেজী এটি দিয়া, 

বেজীনো কেলেই

মোনা সিয়াবলৈ

মোনানো কেলেই

ধন ভৰাবলৈ, 

ধননো কেলেই

হাতী কিনিবলৈ

হাতী নো কেলেই 

উঠি ফুৰিবলৈ

উঠিলেনো কি হয়

বৰ মানুহ হয়, 

হাতীত উঠি পানীৰাম ঘৰলৈ যায়

আলিবাটৰ মানুহবোৰে ঘূৰি ঘূৰি চায়।

হাতীত উঠিবলৈ যাৰ মন যায় উঠক, যাৰ সামৰ্থ্য আছে উঠক, কিন্তু হাতীত উঠিলেই যে আলিবাটৰ মানুহে ঘূৰি ঘূৰি চাব লাগে, নিজকে দেখুৱাবলৈ বা বৰ মানুহ হ’বলৈ হাতীত উঠিব লাগে সেই কথাটো ভুল। ভাৰতৰ অন্যান্য ৰাজ্যৰ মানুহবোৰ একেবাৰে সাধাৰণভাৱে থাকে। এজন জ্যেষ্ঠ বিজ্ঞানীয়ে কেতিয়াবা হাৱাই চেন্দেল পিন্ধিও অফিচলৈ যায়। কিন্তু অসমত থাকিলে মই নিজকে ডাঙৰ মানুহ দেখুৱাবলৈ হাতীত উঠিব লাগিব, নহ’লে কোনেও নাচাব বা চিনিয়ে নাপাব। সেই প্ৰেছাৰৰ বাবে অসমত ভাল মানুহে কাম কৰিব নোৱাৰে। সেই কথাটোৰ লগত আৰু এটা বেয়া কথা শিকোৱা হয়। যদি হাতীত উঠিব নোৱাৰোঁ বা বৰ মানুহ হ’ব নোৱাৰোঁ তেনেহ’লে আমি এটা ব্লেম গেম খেলিম। ব্লেম গেম আমি সৰুতে পঢ়া আন এটা পদ্যৰপৰা শিকোঁ—

অ’ ফুল অ’ ফুল

নুফুল কিয়? 

গৰুৱে যে আগ খায়

মইনো ফুলিম কিয়? 

অ’ গৰু অ’ গৰু

আগ খাৱ কিয়? 

গৰখীয়াই যে মোক নৰখে

মইনো নাখাম কিয়? 

অ’ গৰখীয়া অ’ গৰখীয়া

গৰু নৰখ কিয়? 

ৰান্ধনীয়ে যে ভাত নিদিয়ে

মইনো ৰখিম কিয়? 

অ’ ৰান্ধনী অ’ ৰান্ধনী

ভাত নিদিয় কিয়? 

খৰিকটীয়াই যে খৰি নিদিয়ে

মইনো দিম কিয়? 

অ’ খৰিকটীয়া অ’ খৰিকটীয়া

খৰি নিদিয় কিয়? 

বৰ গছ যে কাটি থৈছোঁ

নুশুকায়নো কিয়? 

অ’ বৰগছ অ’ বৰগছ

নুশুকাৱ কিয়? 

মেঘে যে বৰষুণ দিয়ে

মইনো শুকাম কিয়? 

অ’ মেঘ অ’ মেঘ

বৰষুণ দিয় কিয়? 

ভেকুলীয়ে যে টোৰটোৰায়

মইনো নিদিম কিয়? 

অ’ ভেকুলী অ’ ভেকুলী

টোৰটোৰাৱ কিয়? 

বোপাককাৰ সহজটো

মইনো এৰিম কিয়? 

ইজনৰ দোষ আনলৈ ঠেলি দিয়াৰ প্ৰৱণতা আমাৰ মানুহক শৈশৱ কালতে এনে পদ্যৰ জৰিয়তে শিকোৱা হয়। বৰ মানুহ দেখাবলৈ হাতীৰ পিঠিত উঠক, বৰ মানুহ হ’ব নোৱাৰিলে আনৰ গাত দোষ জাপি দিয়ক। এইবোৰ ব্যক্তিত্ব গঠনৰ পৰিপন্থী কথা। এডাল ৰেখা ডাঙৰ কৰিবলৈ আনডাল ৰেখা সৰু কৰা উচিত নহয়। শিশুসকলৰ আগত সহজ-সৰল পৃথিৱী এখনৰ ছবিহে দেখুৱাই দিয়া উচিত। অসমৰ বাহিৰৰ বিভিন্ন ঠাইত মই এনেধৰণৰ প্ৰৱণতা দেখা নাই। এই ঠাইবোৰৰ মানুহৰ ওপৰত অসমৰ দৰে সমাজৰ হেঁচা নাথাকে। এনেধৰণৰ হেঁচা এটাত থাকি জাতি এটাই কাহানিও উন্নতি কৰিব নোৱাৰে। এইক্ষেত্ৰত আবুল কালাম আজাদে এটি সুন্দৰ কথা কৈছে। তেওঁ কৈছে যে আপোন ভালেই জগত ভাল। এই কথাটো সকলোৱে অনুভৱ কৰাটো আৱশ্যক। মানুহবোৰ সৰল হ’ব লাগে। মানুহৰ জীৱন-শৈলীও সৰল হোৱাটো আৱশ্যক। 

সাহিত্য ডট অৰ্গ:- ইয়াতে আৰু এটা কথা যোগ দিব খুজিছোঁ যে অসমৰ ল’ৰা-ছোৱালী মাক-বাপেকে লক্ষ্য এটা জাপি দিয়ে, তই ডাক্টৰ হ’ব লাগিব বা ইঞ্জিনিয়াৰ হ’ব লাগিব। সি হয়তো কলা বিভাগত বেছি দক্ষতা দেখুৱাব পাৰে, বা ভাল ছবি আঁকিব পাৰে, তাক জোৰ কৈ বেলেগফালে নিবলৈ চালে ল’ৰা-ছোৱালীৰ ক্ষতি হয়। কেতিয়াবা চাপ সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ বাচি লয়। 

দীপক কুমাৰ দাস:- আপোনাৰ লগত সম্পূৰ্ণ সহমত প্ৰকাশ কৰিলোঁ।

আমাৰ দিনত অসমত দেখা পোৱা আন এটা সমস্যা হ’ল তুলনাৰ ব্যৱহাৰ। অমুকে পৰীক্ষাত ভাল ফল দেখুৱালে, তমুকে গাড়ী ল’লে, ঘৰ সাজিলে আদি কথাবোৰ কৈ শিশু অথবা এগৰাকী ব্যক্তিক হেঁচা প্ৰয়োগ কৰা হয়। এই কথাবোৰ আমি পৰিত্যাগ কৰা উচিত। মই গুজৰাট, বেনাৰস, ইজৰাইল আদি ঠাইৰ মানুহক বৰ ভালকৈ লগ পাইছোঁ। তেওঁলোকৰ জীৱন-ধাৰণ অতি সহজ-সৰল। অসমতো এনে এটা পৰিৱেশ থকাটো বাঞ্ছনীয়। তুলনাৰ কৰাৰ ফলত ব্যক্তিৰ ওপৰত অযথা চাপৰ সৃষ্টি হয়। আপুনি যদি ব্যস্ত হৈ থাকে আৰু আনে কি কয় তাক গুৰুত্ব নিদিয়ে তেনেহ’লে এই হীনমন্যতাৰপৰা নিজকে বচাব পাৰে। আপুনি কোৱা ল’ৰা-ছোৱালীৰ সমস্যাৰ কথাটো অসমতে নহয় ভাৰতৰ সকলোতে দেখিবলৈ পোৱা গৈছে। তাৰ সমাধান আমি বিচাৰিব লাগে। এইবাৰ অৱশ্যে অসমৰ এটা কথা মোৰ ভাল লাগিছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰৰূপে কাকো চিহ্নিত কৰা হোৱা নাই। এয়া ভাল কথা। পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ বা ছাত্ৰীয়ে পাছত কি কৰিলে আমি তাৰ তাৰ খবৰ নাৰাখোঁ। হয়তো কম নম্বৰ পোৱা এজনে স্থানপ্ৰাপ্তজনতকৈ পাছত বেছি উন্নতি কৰিলে। এলবাৰ্ট আইনষ্টাইনে কলেজত নামভৰ্তিৰ পৰীক্ষাত ফেইল কৰিছিল। সেইদৰে অমিতাভ বচ্চনে ৰেডিঅৰ ভইছ টেষ্টত অসফল হৈছিল। তাৰ পাছতো তেওঁলোক জীৱনত কিমান সফল ব্যক্তি হিচাপে আগবাঢ়ি গ’ল। অকল কৃতকাৰ্যতাৰ কথা ক’লে নহ’ব বৰং অকৃতকাৰ্যতাৰ কথাবোৰো আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক জনাব লাগে। ইছৰ’ৰ কেইবাটাও প্ৰজেক্ট অসফল হৈছে। ইয়াত বিজ্ঞানীসকলক বিফলতাৰ সন্মুখীন কেনেদৰে হ’ব লাগে তাক ভালদৰে শিকায়। সেয়ে বিফল হ’লেও ভাগি নপৰে। ইছৰ’ত আন এটা ভাল লগা নিয়ম হ’ল ভুল কৰিলে কোনেও শাস্তি নাপায়, সফল হ’লে তাৰ স্বীকৃতি কনিষ্ঠ বিজ্ঞানীক দিয়া হয় আৰু অসফল হ’লে তাৰ দায়িত্ব টিমৰ মুৰব্বীজনে মূৰ পাতি লয়। ইছৰ’ৰ এই ভাল কথাবোৰে সমাজত বিয়পাই দিব লাগে যাতে সমাজে তাৰপৰা শিকে। 

সাহিত্য ডট অৰ্গ:- আমি দেখিছো যে যোৱা কিছু বছৰৰপৰা আমাৰ দেশৰ ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ নম্বৰৰ পাছত দৌৰি ফুৰে যাৰ ফলত সৃজনশীলতা কমি গৈছে। আমাৰ মাজত সৃজনশীলতা আৰু উদ্ভাৱনী শক্তিৰ বিকাশ সাধন কৰিবলৈ কি ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে বুলি আপুনি অনুভৱ কৰে? 

দীপক কুমাৰ দাস:- মোৰমতে সৃজনশীলতাৰ বিকাশ সম্ভৱপৰ হয় শিক্ষাৰ ব্যৱস্থাৰদ্বাৰা। পৰীক্ষাত নম্বৰৰ ব্যৱস্থা কৰাৰ এটা কাৰণ হ’ল আমাৰ জনসংখ্যা। ইমান ছাত্ৰ-ছাত্ৰীৰ মাজত কোন ভাল বা বেছি ভাল তাক নিৰূপণ কৰিবলৈ পৰীক্ষা পাতিবই লাগিব। কিন্তু এই ব্যৱস্থাটো আঁতৰাব পৰা যায় আমি যদি উন্নত প্ৰযুক্তিবিদ্যাৰ সহায় ল’ব পাৰোঁ। আমি পৰীক্ষাৰ ব্যৱস্থা সলনি কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত যদি ছাত্ৰজনৰ উদ্ভাৱনী শক্তিৰ সঠিক মূল্যায়ন কৰিব পাৰো তেনেহ’লে উপযুক্ত ছাত্ৰ-ছাত্ৰীৰ সৃজনশীলতাক কামত লগাব পাৰোঁ, সমজখন উপকৃত হ’ব। উদ্ভাৱনী শক্তিৰ সঠিক মূল্যায়ন নহ’লে হিতে বিপৰীত হ’ব। এইক্ষেত্ৰত নতুন শিক্ষানীতিৰো অতীৱ প্ৰয়োজন আছে বুলি মই ভাবোঁ। এইক্ষেত্ৰত মই দুৰ্নীতিৰ কথাটো উল্লেখ কৰিবলৈ ভাল পাম। এসময়ত আমি ৰেলগাড়ীত আসন সংৰক্ষণ কৰিবলৈ ষ্টেচনৰ এজেণ্টক বা টিটিক অধিক টকাৰে উপঢৌকন দিব লাগিছিল। আজি ইণ্টাৰনেট মাধ্যমত অনলাইন টিকটৰ ব্যৱস্থা হোৱাৰ লগে লগে সেই অসৎ পদ্ধতিৰ আসন সংৰক্ষণৰ অৱসান ঘটিছে। এয়া সম্ভৱ হৈছে প্ৰযুক্তিবিদ্যাৰ সঠিক ব্যৱহাৰৰ বাবে। সমাজখন নিকা কৰিবলৈ উন্নত প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ। আমি সকলো মানুহক বুজাই-বঢ়াই দুৰ্নীতিৰপৰা মুক্ত কৰিবলৈ শ শ বছৰ ৰ’ব লাগিব। কিন্তু আমাৰ শাসন-ব্যৱস্থাৰ প্ৰতিটো স্তৰতে যথোপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰে সহজে দুৰ্নীতি ৰোধ কৰিব পৰা যাব। চৰকাৰৰ বহুতো বিভাগতে প্ৰযুক্তিৰ ভাল ফলাফল দেখিবলৈ পাইছোঁ।

প্ৰযুক্তিৰ ব্যৱহাৰে এদিন মুখস্থ বিদ্যা এৰি প্ৰকৃত সৃজনশীলতাৰে ছাত্ৰ-ছাত্ৰী ওলাই আহিব পাৰিব বুলি মই ভাবোঁ। মই দেখিছোঁ আমি মুখস্থৰ মাজেৰেই যেতিয়া বাহিৰলৈ ওলাই আহোঁ, বিশ্বৰ অন্যান্য দেশৰ তুলনাত আমাৰ দেশৰ বিজ্ঞানীয়ে ভাল কাম কৰিব পাৰে। আমাৰ দেশৰ বিজ্ঞানীয়ে Multi tasking কৰিব পাৰে যিটো নাছাৰ বিজ্ঞানীৰ গাত দেখা পোৱা নাযায়। 

ইছৰ’ত কোনে কিমান ডিগ্ৰী ল’লে, কেইখন পেপাৰ বিদেশী জাৰ্নেলত প্ৰকাশ পালে তাত গুৰুত্ব দিয়া নহয়, গুৰুত্ব দিয়া হয় বিজ্ঞানীজনে উপগ্ৰহৰ কেইটা ছাব-ছিষ্টেমত কাম কৰিলে। তেনেকৈ প্ৰতিটো পদোন্নতিৰ বাবে পৰীক্ষাত বহাটো বাধ্যতামূলক, কিমান বছৰ চাকৰি কৰিলে তাৰ ভিত্তিত পদোন্নতি দিয়া নহয়। 

সাহিত্য ডট অৰ্গ:- আপুনি যেতিয়া অসমৰ বাহিৰত পঢ়িবলৈ ওলালে, ইছৰ’ত চাকৰি কৰিলে সেই সময়ত অসমীয়া বুলি কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি?

দীপক কুমাৰ দাস:- তাৰো আগৰ কথাৰে আৰম্ভ কৰো। মই যেতিয়া বেনাৰসত পঢ়িবলৈ ওলালোঁ তেতিয়া ওচৰ-চুবুৰীয়াই সুধিছিল যে অসমত পঢ়িবলৈ আসন নাপালা নেকি যে বহি ৰাজ্যত যাব লগা হ’ল। সেইসময়ত অসমৰ বাহিৰত পঢ়িবলৈ যোৱা কথাটো কোনেও সহজভাৱে নলৈছিল। তেতিয়া অসমৰ মানুহৰ ধাৰণা যক্ষই যুধিষ্ঠিৰক সোধা প্ৰশ্নটোৰ দৰে আছিল। যুধিষ্ঠিৰক সুধিছিল সকলোতকৈ সুখী মানুহ কোন। উত্তৰত কৈছিল যে যি লোকে নিজৰ ঘৰত থাকি এমুঠি চাউল উৎপন্ন কৰি খাব পাৰে তেওঁৰ দৰে সুখী মানুহ কোনো নাই। অসমত দেখিছোঁ বাহিৰৰপৰা প্ৰব্ৰজনৰ সংখ্যা বাঢ়ি গৈছে, অসমৰ মানুহ বাহিৰলৈ কমকৈ গৈছে। অসমীয়া মানুহ বাহিৰত নোযোৱাৰ কাৰণ আছিল হীনমন্যতাতো ভোগা। বেনাৰসত যাওঁতেও মোৰ তেনে লাগিছিল। পিছত দেখিলো আমিও দেখোন কোনো গুণে কম নহয়। অসমৰ শিক্ষানুষ্ঠান বিশেষকৈ কটন মহাবিদ্যালয়ৰ শিক্ষকসকল আন দেশৰ শিক্ষক সকলোতকৈ বেছি ভাল বুলি মই অনুভৱ কৰিলোঁ। অসমত যি শিক্ষা লৈ আহিলো সেয়া আন ৰাজ্যতকৈ বহুত ওপৰত। তেতিয়া সেই ভয় নোহোৱা হয়। 

ভাষাৰ সমস্যাটো মানুহভেদে বেলেগ বেলেগ হয়। কিছুমানে সোনকালে ভাষা শিকিব পাৰে, ক’ব পাৰে, কিছুমানক বহু দিন লাগে ভাষাটো শিকিবলৈ। আজিকালি অৱশ্যে অসমৰপৰা মানুহ বাহিৰলৈ যায়। অসমীয়া মানুহৰ বাহিৰলৈ যাব নোখোজা ধাৰণাটো লাহে লাহে সলনি হৈছে। এয়া ভাল কথা। 

  

সাহিত্য ডট অৰ্গ:- আপুনি এৰিষ্ট’টলৰ মেনেজমেণ্ট সম্বন্ধে দিয়া এটা ভাষণ চাবলৈ সুযোগ পাইছিলোঁ। সেই ভাষণটোৰপৰা মই ভাবো সকলোৱে বহু কথা শিকিব পাৰিব। 

দীপক কুমাৰ দাস:- মই ভাবোঁ যে মেনেজমেণ্টৰ জ্ঞান সকলোৰে থকা প্ৰয়োজন। মই ইমানকেইটা পদোন্নতি পোৱাৰ গুৰিতে আছিল সকলোকে একগোট কৰি সুসংগঠিত কৰা। মানুহৰ মাজত হাই-কাজিয়া নকৰাকৈ সৈমান কৰাব পাৰিব লাগিব, মানুহৰ লগত দাম-দৰ কৰিব পাৰিব লাগিব, বিদেশত গৈ বিদেশী প্ৰতিষ্ঠানৰ বিজ্ঞানীৰপৰা কাম আদায় কৰিব পাৰিব লাগিব। মুখত বিৰিঙি উঠা হাঁহিটোৱেও সফলতা অৰ্জনৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। এই কথাটো মই মামাৰপৰা শিকিছিলোঁ। আমাৰ মামাৰ ফাঁচিবজাৰত এখন কাপোৰৰ দোকান আছিল। তাত যি ধৰণৰে গ্ৰাহক নাহক কিয়, মুখত হাঁহি ৰাখি মামাই গ্ৰাহকসকলৰ লগত কথা পাতি দাম-দৰ কৰি কাপোৰ বিক্ৰী কৰিব পাৰিছিল। তাৰপৰাই শিকিছিলোঁ যে মুখত লাগি থকা হাঁহিটোৱে সকলোকে আকৃষ্ট কৰিব পাৰে। মেনেজমেণ্টৰ বহু কথা মই দোকানত বহি মামাৰপৰা শিকিলোঁ। সেই শিক্ষাই মোক কৰ্মস্থানত কৃতকাৰ্যতা আনি দিলে বুলি মই ভাবোঁ। 

এবাৰ আমাক আই আই এমত শিকিবলৈ পঠাইছিল তাত আমাক পাৰ্চুৱেছিভ মেনেজমেণ্ট শিকাইছিল। ক্লাছত আমাক দিয়া উদাহৰণবোৰ আছিল বিদেশত হোৱা ঘটনা। তেতিয়া মোৰ মহাভাৰত-ৰামায়ণৰ কাহিনী মনত পৰিছিল। সেইবোৰৰপৰা উদাহৰণ হিচাপে দেখুৱাব পাৰি যে উপলব্ধি কৰিছিলোঁ। পাৰ্চুৱেছিভ মেনেজমেণ্টৰ এটা ভাল উদাহৰণ হ’ল কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগে আগে কৃষ্ণই অৰ্জুনক কোৱা গীতাৰ কথাখিনি, সুদামা কৃষ্ণৰ কথোপকথন, দুৰ্যোধনৰ কৰ্ণৰ লগত কথোপকথন আদি। সেইবোৰ কথা মোৰ মনত সোমাই আছিল। সঞ্চালক পদৰপৰা অৱসৰ লোৱাৰ সময়ত মোক ইছৰ’ৰ বিজ্ঞানীসকলৰ আগত উপগ্ৰহ প্ৰযুক্তিৰ বাহিৰৰ এটা বিষয়ত ভাষণ দিবলৈ মাতিলে। তেতিয়া মই এই পাৰ্চুৱেছিভ মেনেজমেণ্টৰ বিষয়ত ভাষণ দিছিলোঁ। 

সাহিত্য ডট অৰ্গ:- আপোনাৰ বৰ্ণিল জীৱনৰ অভিজ্ঞতা, ব্যতিক্ৰমী চিন্তা, দৰ্শন, জ্ঞান অসমীয়া ভাষাত লিখি প্ৰকাশ কৰিলে অসমীয়া মানুহ উপকৃত হ’ব। 

দীপক কুমাৰ দাস:- অৱসৰ লোৱাৰ আগত মোৰ মনত তেনে ভাব আহিছিল। মোৰ অভিজ্ঞতাখিনি অসমীয়া ভাষাত লিখিলে আমাৰ মানুহ অলপ হ’লেও উপকৃত হলে ভাল লাগিব। তাৰ বাবে মোৰ ভাল লগা কথাবোৰ, অভিজ্ঞতাবোৰ, চিন্তাবোৰ সামৰি দুই-এটা লেখা প্ৰস্তুত কৰিছোঁ। ‘অসমীয়াত কথা-বতৰা’, ‘গ্ৰন্থ সুবাস’ আদি গোটত মই ইতিমধ্যে লিখিবলৈ আৰম্ভ কৰিছোঁ। ইতিমধ্যে দূৰসংযোগ মাধ্যমৰ ইতিহাসকলৈ যেনে, ধোঁৱাৰ সংকেতেৰে, পাৰ চৰাইৰ সহায়ত চিঠি পঠিওৱা আদি অতীতৰ যোগাযোগৰ মাধ্যমৰপৰা টেলিগ্ৰাফ উদ্ভাৱন আদিক লৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী ভাষাত এখন গ্ৰন্থ লিখি প্ৰকাশ কৰিছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইংৰাজীত লিখা মোৰ এই গ্ৰন্থখন অসমীয়াত অনুবাদ কৰিছোঁ। ইয়াক প্ৰকাশ কৰাৰো মোৰ এটা হাবিয়াহ আছে। আচলতে মই কিবা নহয় কিবা লিখি থাকিবলৈ ভাল পাওঁ। 

সাহিত্য ডট অৰ্গ:- ইমানপৰে আপোনাৰ বৰ্ণিল জীৱন-যাত্ৰা সম্পৰ্কে জানিব পাৰি আমি কৃতাৰ্থ হ’লোঁ। আপোনাৰ অভিজ্ঞতা তথা জীৱন-দৰ্শনৰ বিষয়ে জানিব পাৰি আমাৰ পাঠকসকলো নিশ্চয় উপকৃত হ’ব। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰপৰা আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। 

দীপক কুমাৰ দাস:- হয়, ময়ো আপোনালোকৰ সৈতে বাৰ্তালাপ কৰি নথৈ আনন্দিত হ’লোঁ। আপোনালোক তথা ‘সাহিত্য ডট অৰ্গ’ৰ পঢ়ুৱৈসকলকো মই এই ছেগতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!