ষ্টাইল ( Style)
লেখক- মূল : টিম অ’ব্ৰায়েন,অনুবাদ : প্ৰশান্ত শইকীয়া।
আমি কোনো সংগীতৰ শব্দ শুনা নাছিলোঁ। কিন্তু ছোৱালীজনীয়ে নাচি আছিল। তাইৰ চকু দুটা আছিল অৰ্ধনিমীলিত আৰু ভৰি দুটা উদং। তাইৰ চুলিখিনি ক’লা, ছালখন গেৰুৱা। বয়স? বয়স তাইৰ চৈধ্য পোন্ধৰমানেই হ’ব যেন লাগে।
আজাৰে সুধিলে, “তাই কিয় নাচি আছে।”
আমি উদ্ধাৰকাৰী সেনাৰ দলটো যেতিয়া সৰু গাঁওখনলৈ সোমাই গৈছিলোঁ, তেতিয়া গাঁওখন ইতিমধ্যে জ্বলি বিধ্বস্ত হৈ গৈছিল৷ ইয়াৰ ভিতৰত ছোৱালীজনীৰ জুপুৰি ঘৰটোও আছিল। জুপুৰিটোৰপৰা তেতিয়াও ধোঁৱা ওলাই আছিল।
আমি ধ্বংসস্তূপৰ মাজত কোনোবা জীৱিত আছে নেকি বিচাৰিছিলোঁ, কিন্তু বিচাৰি পাবলগা একো নাছিল। ৰেট কিলেয়ে ৰাতিৰ আহাৰৰ বাবে গঁৰালৰ এটা কুকুৰা ধৰিলে। লেফটেনেণ্ট ক্ৰছে ৰেডিঅ বাৰ্তা দিলে।
ইফালে ছোৱালীজনীয়ে বেছিভাগ সময় নিজৰ বুঢ়া আঙুলিৰ ওপৰত ভৰ দি দি নাচি আছিল। ঘৰৰ সমুখৰ ধ্বংসস্তূপৰ লেতেৰাখিনিত তাই চুটি চুটিকৈ খোজ দি দি নাচিছিল। কেতিয়াবা লাহে লাহে আৰু কেতিয়াবা খৰকৈ ইফালে-সিফালে মুখ কৰি তাই নাচিছিল। মাজে মাজে কেতিয়াবা নিজে নিজে হাঁহিছিল।
ধ্বংসস্তূপ আৰু ইমান বিপৰ্যয়ৰ মাজতো ছোৱালীজনীৰ নাচ! কথাটোৱে আজাৰক সন্দিগ্ধ কৰি তুলিছিল।
“তাই কিয় নাচি আছে?” আজাৰে পুনৰ সুধিলে।
হেনৰী ডব্বিনে ক’লে যে এইটো চিন্তাৰ বিষয় নহয়, তাই তেনেকুৱাই।
অলপ পিছতে তাইৰ পৰিয়ালটোৰ সন্ধান পালোঁ। তেওঁলোক জুইত বেয়াকৈ দগ্ধ হৈ ঘৰৰ ভিতৰতে মৰি পৰি আছিল। পৰিয়ালটো ডাঙৰ নাছিল। এটি কেঁচুৱা, এগৰাকী বুঢ়ী মানুহ আৰু এগৰাকী মহিলা। মহিলাগৰাকীৰ বয়স কোৱা টান।
আমি যেতিয়া পৰিয়ালটোৰ দগ্ধ মৃতদেহবোৰ ধ্বংসস্তূপৰ পৰা টানি উলিয়াইছিলোঁ, তেতিয়াও ছোৱালীজনীয়ে নাচি আছিল। তাই হাতৰ তলুৱাৰে মাজে মাজে কাণ দুখন হেঁচি ৰাখিছিল, যিটোৱে হয়তো কিবা বেলেগ অৰ্থ বহন কৰিছিল। তাই সেই সময়ত কেতিয়াবা আমাৰ কাষলৈ আহি নাচি আছিল, পিচমুহূৰ্ততে পিছলৈ গৈ নাচিছিল। তাই বৰ সুন্দৰকৈ আগলৈ পিছলৈ গতি কৰি কঁকাল ভাঙি ভাঙি নাচিছিল। আজাৰে তাইলৈ কিছুসময় চাই থাকি ক’লে, “কথাটো হ’লে মই বুজি পোৱা নাই।”
পোৰা জুপুৰি ঘৰবোৰৰপৰা নিৰ্গত ধোঁৱাবোৰৰপৰা খেৰৰ নিচিনা গোন্ধ ওলাইছিল। ধোঁৱাবোৰে বতাহৰ লগত গতি কৰিছিল আৰু গাঁওখনৰ সকলোফালে বিয়পি পৰিছিল,পাতল কুঁৱলীৰ দৰে আচ্ছাদন হৈ যেন ক’ৰবাত ক’ৰবাত ঢাকি ধৰিছিল। সেই পাতল ধোঁৱাবোৰে ছোৱালীজনীকো আৱৰি ধৰিছিল৷ কিন্তু তাই সেইবোৰ ভ্ৰূক্ষেপ নকৰি তেতিয়াও অবিৰাম নাচি আছিল, ভৰিৰ বুঢ়া আঙুলিৰ ওপৰত ভৰ দি দি, লাহে লাহে। আনকি আমি যেতিয়া গাঁওখনৰপৰা ওলাই আহিছিলোঁ, তেতিয়াও তাই নাচি আছিল।
আজাৰৰ মনত ছোৱালীজনী এক বিস্ময় হৈ ধৰা দিছিল। “এইটো সম্ভৱতঃ কিবা এওঁলোকৰ এটা পৰম্পৰা, যিটো ভীতিসঞ্চাৰী যেন লাগে।” অৱশেষত আজাৰে নিজকে প্ৰবোধ দিবলৈকে যেন ক’লে। কিন্তু হেনৰী ডব্বিনে পিছলৈ এবাৰ চাই সাধাৰণভাৱে ক’লে, “নহয়। ছোৱালীজনীয়ে নাচি ভাল পায়।” আজাৰে একো নক’লে।
সকলোৱে চাউনীলৈ খোজ দিলোঁ।
সেই নিশা সেনা চাউনীত হঠাতে আজাৰে ছোৱালীজনীৰ নাচৰ ভংগিমা দিবলৈ ধৰিলে। সি বতাহতে কেইপাকমান পাকঘূৰণি মাৰি মাৰি ধেমেলীয়া জাপ দুটামান মাৰিলে। ছোৱালীজনীয়ে কৰাৰ দৰে হাতৰ তলুৱাৰে কাণখন ঢাকিলে। তেনেকৈ কিছুসময় আমাৰ কাষলৈ আহি নাচিলে আৰু এপাকত আগলৈ গৈ এপাকত পিছলৈ গৈ নাচিবলৈ ধৰিলে। অলপ পৰ তেনেকৈ নচাৰ পাছত হঠাতে আজাৰে কঁকালটো আগলৈ পিছলৈ কৰি কৰি এটা ভয়ানক যৌন ভংগিমাৰে নাচৰ ভংগিমা দিবলৈ ধৰিলে।
ইমান সময়ে আজাৰৰ লগত গোটেই পৰিঘটনাটোৰ বিষয়ে আলোচনা কৰি থকা হেনৰী ডব্বিনৰ খং উঠিল। ডব্বিনে পিছফালৰপৰা আজাৰক সাৱটি ধৰিলে আৰু চাউনীটোৰ কাষতে থকা নাদটোৰ ওচৰলৈ দাঙি নি আজাৰক সুধিলে যে তাক নাদত পেলাই দিয়াটো সি বিচাৰিছে নেকি৷
আজাৰে ভয়তে মূৰ জোকাৰিলে।
তেতিয়া ডব্বিনে তাক মাটিলৈ নমালে আৰু আদেশৰ সুৰত ক’লে,
-“তেতিয়াহ’লে ভালকৈ নাচ।”
———————————-