সংঘাত

লেখক- তাপস দত্ত

 

“তোৰ আহোঁতে দেৰি হ’ব নেকি? দেউতাৰে হাঁহৰ মাংস আনিছে আজি। তই ইয়াতে আছ বাবে ভোজটো লগে ভাগে খাম বুলি আশা কৰি আছিলে।”

 

মোবাইলটো অফ কৰিবলৈ পকেটৰ পৰা উলিয়াই লওঁতেই মনোজ হাজৰিকাই মাকে দিয়া বাৰ্তাটো দেখিলে। সেইটো পঢ়ি উঠি তেওঁ মোবাইলটো অফ কৰি থলে। এতিয়া মোবাইলটো অফ নকৰিলে নহ’ব। তেওঁ এতিয়া ইয়াত গাওঁ ফুৰিবলৈ অহা নাই। আহিছে পুলিচৰ এক গোপন অভিযানত। ইমানপৰে আকাশত জোনটো জিলিকি আছিল। জোনাকৰ পোহৰত কোবাকুবিকৈ খোজ দি নিৰ্দিষ্ট এটা ঘৰলৈ লক্ষ্য কৰি আগবাঢ়িছে পুলিচ বিভাগৰ দক্ষ ডেকা বিষয়া ডি এচ পি মনোজ হাজৰিকা। লগত এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি পিছে পিছে অহা এদল অস্ত্ৰধাৰী পুলিচ। পুলিচ বিভাগৰ গাড়ী দুখন গাঁৱৰ সীমাতে ৰখাই লুকুৱাই ৰখা হৈছে। ‌ আকাশত ইতিমধ্যে ডাৱৰ গোট খাবলৈ ল’লে। লগে লগে জোনৰ পোহৰো কমি আহিল। উমানতে নিঃশব্দে তেওঁ আগলৈ খোজ দিলে। ঘৰটো পাবলৈ এতিয়াও প্ৰায় দহ মিনিটৰ বাট। 

 

 -হাঁহটো আকৌ কেলেই মাৰিব লাগে? বজাৰত বেচিলেই টকা দুটামান পালি হেঁতেন। 

 

ঘৰটোৰ ভিতৰৰ পৰা এটা চেপা অথচ গম্ভীৰ মাত ভাহি আহিল। 

 

-তই আহিবি বুলিয়েই ৰাখি থৈছিলো ইমানদিনে। খাবলৈ কেনেকুৱা হৈছে? 

 

আনটো মাতত বয়সৰ চাপ সুস্পষ্ট। কথাখিনি ফুচফুচাই কোৱাৰ দৰে কৈছে যদিও মাতত এটা সন্তুষ্টিৰ আভাস ফুটি উঠিছে। 

 

নিঃশব্দে আহি ঘৰটোৰ দুৱাৰৰ কাষত ৰৈ কাণ উনাই থকা ডি এচ পি মনোজ হাজৰিকা এইবাৰ সাৱধান হৈ গ’ল। আজি দিনতে অহা খবৰটো তেন্তে সঁচা। চৰকাৰৰ দৃষ্টিত দুধৰ্ষ উগ্ৰপন্থী নেতা বিপ্লৱ কাকতি ওৰফে ৰক্তিম বৰুৱা এতিয়া এই ঘৰটোৰ ভিতৰতে আছে। কেবাটাও ছদ্মনামেৰে পুলিচৰ চকুত ধূলি দি কেইবাবাৰো সাৰি যোৱা নেতাজন আজি এতিয়া নিচেই কাষত। মাজত থকা ঘৰটোৰ বেৰখন আঁতৰাই দিলে এতিয়া দুয়োৰে মাজত কেইফুটমানৰহে ব্যৱধান। মনোজ হাজৰিকা সন্ত্ৰস্ত হৈ পৰিল। পিছত আহি থকা দলটোক ৰ’বলৈ ইংগিত দিলে। 

 

অঞ্চলটোত সময়ে সময়ে উগ্ৰপন্থীৰ বিচৰণ সম্পৰ্কে পুলিচে ঠিকেই খবৰ পাইছিল। অপেক্ষা আছিল মাথোঁ সঠিক খবৰ আৰু সঠিক অৱস্থানৰ। আজি দুপৰীয়াতে ল’ৰাটোৱে খবৰটো আনিলে। 

 

-পাক্কা খবৰ হয়তো? আজি বিহুৰ ভোজৰ দিনা এনেই সময় নষ্ট কৰিব লাগিলে তোকেই প্ৰথম গুলী কৰিম। 

 

গলগলীয়া মাতেৰে থানাৰ অ’চিজনে ল’ৰাটোক আকৌ পৰীক্ষা কৰিছিল। 

 

– আজি আহিছে। পাক্কা খবৰ। 

 

ল’ৰাজনে জোৰ দি কৈছিল। 

 

অলপ আঁতৰত বহি কথাবোৰ শুনি থকা মনোজ হাজৰিকাই এইবাৰ ল’ৰাটোক কাষলৈ মাতিলে। 

 উগ্ৰপন্থী নেতাজন গাঁৱলৈ আজি আহিবই বুলি সি কিহৰ ভিত্তিত ইমান জোৰ দি কৈছে তেওঁ জানিব খুজিলে। 

 

– আজি সিহঁতৰ হাঁহটো মাৰিছে। সেইটো সি আহিলেহে মাৰিম বুলি বুঢ়ীজনীয়ে কৈ ফুৰে। 

 

মনোজ হাজৰিকাই ল’ৰাজনক বিদায় দিলে। এজনী বুঢ়ী মাতৃয়ে ল’ৰাটো আহিব বুলি হাঁহ এটা মাৰিছে। সেই খবৰটোৰ ওপৰতে ভিত্তি কৰি অভিযান চলাব লাগিব। স্থানীয় থানাৰ অ’চিৰ মতে ল’ৰাটোৰ খবৰ ঠিকেই আছে। সুযোগ এটা ল’ব পাৰি। 

 

সেই হিচাপেই পৰিকল্পনা আগুৱাই যায়। পুলিচৰ আন দুটা দলে গাঁৱৰ পৰা ওলাই যোৱাৰ বাট দুটাত খাপ পিতি আছে। হাতত উদ্যত পিস্তল লৈ মনোজ হাজৰিকা ঘৰৰ বাহিৰত। তেওঁৰ এটা ইংগিততে পিছত অহা আনটো দলে ঘৰটো ঘেৰি ধৰিব। নেতাজন পলাই যোৱাৰ সম্ভাৱনা আজি খুবেই কম। 

 

 পিছে তেওঁৰ ওচৰত অত্যাধুনিক অস্ত্ৰ থকতোও প্ৰায় নিশ্চিত। এই নেতাজনৰ বিষয়ে যিমানখিনি খবৰ আছে তাৰপৰা মনোজ হাজৰিকাই বুজিব পাৰিছে যে এওঁ সহজে বিনা যুদ্ধেৰে ধৰা নিদিয়ে। গতিকে ৰক্তপাত আজি অৱধাৰিত আৰু সেয়া সামান্যৰ পৰা ভীষণ পৰ্যায়লৈ যাব পাৰে। তদুপৰি ঘৰটোৰ ভিতৰত নেতাজনৰ মাকো আছে। 

 

– তহঁতৰ এই যুঁজখননো কেতিয়ালৈ অন্ত পৰিব? ঘৰলৈ একেবাৰে থকাকৈ কেতিয়া আহিব পাৰিবি? 

 

ঘৰটোৰ ভিতৰত মাকৰ উদ্বিগ্নতা আৰু অস্থিৰতা সনা মাত। 

 

– সময় লাগিব। যুঁজ দীঘলীয়া হ’ব। তই চিন্তা কৰি নাথাকিবি। 

 

পুত্ৰৰ কণ্ঠত বিশ্বাসৰ সুৰ। মাকক অভয় দিয়াৰ আকুল প্ৰয়াস। 

 

পৃথিৱীৰ সকলো মাক একেই। ডেকা পুলিচ বিষয়া মনোজ হাজৰিকাই সংঘৰ্ষলৈ ভয় নকৰে। কিন্তু তেওঁৰো ঘৰত আজি মাক ৰৈ আছে। একেলগে এসাঁজ খাবলৈ। তেওঁৰ ঘৰতো আজি হাঁহৰ মাংস ৰন্ধা হৈছে। এতিয়ালৈকে মাকে চাগে কিমানবাৰ ফোন কৰিলে। মোবাইলটো অফ থকা দেখি কিজানি মাকৰ চিন্তাত তত্ নোহোৱা হৈছে। ঠিক এতিয়া এই ঘৰখনৰ ভিতৰত থকা মাকজনীৰ দৰেই। এতিয়া তেওঁ এই দুয়োজনী মাকৰ মাজত মৰমৰ কোনো পাৰ্থক্য বিচাৰি নাপালে। তদুপৰি তেওঁৰ দৰে আৰক্ষী বিষয়া আৰু উগ্ৰপন্থী নেতাজনৰ মাজত এটাই মিল আছে যে দুয়োৰে জীৱন এটা গুলীত যি কোনো মুহূৰ্ততে শেষ হৈ যাব পাৰে। সেয়েহে মাকবোৰৰ চিন্তা হোৱাটোৱেই অত্যন্ত স্বাভাৱিক। 

 

হঠাতে বেৰৰ ওপৰেদি জেঠী জাতীয় কিবা এটা বগাই গ’ল। লগে লগে ভিতৰত কথা-বতৰাও বন্ধ হ’ল। হাজৰিকাই পিস্তলটো টানকৈ ধৰিলে। যিকোনো সময়তে ভিতৰৰ পৰা এটা আগ্নেয়াস্ত্ৰই গৰজি উঠিব পাৰে। আঁতৰৰ পৰা ক’ৰবাত মাইকত বজোৱা বিহুগীতৰ মাত ভাহি আহিল। ‌ আজি ঠায়ে ঠায়ে উৰুকাৰ ভোজ। মনোজ হাজৰিকাৰ সৈতে অহা দলটোৰো প্ৰত্যেকেই চাগে সোনকালেই কাম শেষ কৰি ভোজত ভাগ ল’বলৈ মনে মনে উত্ৰাৱল হৈ আছে। বিহু যে প্ৰত্যেকজন অসমীয়াৰ তেজত প্ৰৱাহিত হৈ আছে। তাৰেই উলাহত আজি তেওঁৰ নিজ গৃহতো হাঁহৰ মাংসৰে ভাতৰ আয়োজন কৰিছে। ইয়াতো এজনী মাকে ঘৰৰ একমাত্ৰ হাঁহটো মাৰি পুতেকৰ সৈতে এসাঁজ খাবলৈ বহিছে। বিহু বুলিয়েইতো আজি এই নেতাজন পাহাৰ বগাই বিপদ সংকুল পথেৰে আহি ঘৰ ওলাইছেহি। 

 

– চাবা দেই। খাটাং নোহোৱালৈকে বিহুৰ সময়ত ৰিস্ক নল’বা। ওপৰৰ পৰা বহুত কথা শুনিব লাগিব। 

 

আজিৰ অভিযানটোৰ কথা জনাওতে ডেকা আৰক্ষী অধীক্ষকজনে মনোজ হাজৰিকাক সঁকিয়াই দিছিল। 

 

লাহে লাহে আৰু নিঃশব্দে সুদক্ষ আৰক্ষী বিষয়া মনোজ হাজৰিকা পিছুৱাই আহিল। অলপ দুৰত নিজৰ দলটোক লগ পাই উভতি যাবলৈ ইংগিত দিলে। গাঁৱৰ সীমা পাই গাঁৱলৈ সোমোৱা পথত খাপ পিটি থকা আন দুটা দললৈ ঘূৰি আহিবলৈ খবৰ পঠিয়ালে। ইয়াৰ পিছত তেওঁ মোবাইলটো অন কৰি আৰক্ষী অধীক্ষকজনলৈ এটা বাৰ্তা দি খবৰটো ভুল আছিল বাবে অভিযান বাতিল কৰাৰ বিষয়ে জনাই দিলে। মোবাইলত ইতিমধ্যে তেওঁৰ মাকৰ কেবাটাও মিচ্ কল। এইবাৰ তেওঁ মাকলৈ ফোন কৰিলে। 

 

– অ’ মা! মই আহি আছোঁ। একেলগে ভাত খাম আজি।। 

    

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!