সমকামীসকলৰ মানসিক স্বাস্থ্য আৰু কিছু আলোচনা

লেখক- -- ৰশ্মিৰেখা দাস

শেহতীয়াকৈ আমি প্ৰায়ে ধাৰাবাহিকভাৱে সমকামী লোকসকলৰ ওপৰত সামাজিক মাধ্যমত চলা ট্ৰ’লিং দেখি আহিছোঁ। কিছুদিন আগতে এজন ছাত্ৰই এনে ট্ৰ’লিঙৰ বাবে কৰা আত্মহত্যাৰ খবৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

LGBTQ+ সম্প্ৰদায়ে মানসিক স্বাস্থ্য সন্দৰ্ভত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আৰু সমকামী ব্যক্তিসকলো ইয়াৰ ব্যতিক্ৰম নহয়। সমকামীতা কোনো মানসিক ৰোগ নহয় যদিও প্ৰচলিত বৈষম্য আৰু চিন্তাধাৰাই তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়।

অধ্যয়নসমূহে ধাৰাবাহিকভাৱে দেখুৱাইছে যে সমকামী ব্যক্তিসকলৰ মাজত মানসিক সমস্যা যথেষ্ট। শেহতীয়া কিছু তথ্যটো এই কথা প্ৰকাশ পাইছে।

ট্ৰেভৰ প্ৰজেক্ট (২০২২): ৪৫% এল.জি.বি.টি.কিউ. যুৱকে যোৱা এটা বছৰত আত্মহত্যাৰ চেষ্টা কৰাৰ কথা বিবেচনা কৰিছিল।
৭৩% এল.জি.বি.টি.কিউ. লোক উদ্বিগ্নতাৰ চিকাৰ হয়।
৫৮% এল.জি.বি.টি.কিউ. লোকৰ মাজত হতাশাৰ লক্ষণ দেখা দিছে (যদিও ২০২১ চনৰ তুলনাত এই সংখ্যা সামান্য হ্ৰাস পাইছে)।

আনহাতে মানৱ অধিকাৰ অভিযান (HRC) ফাউণ্ডেশ্যনৰ ২০২২চনৰ গৱেষণাত এই কথা প্ৰকাশ পাইছে যে, সমকামীসকল আনসকলতকৈ হতাশাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দুগুণ বেছি।

অৰিহণা যোগোৱা কাৰকসমূহ:

কলঙ্ক আৰু বৈষম্য: সমকামী ব্যক্তিসকলে প্ৰায়ে সমাজত কলঙ্ক আৰু বৈষম্যৰ সন্মুখীন হয়, যিয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়।

সামাজিক বিচ্ছিন্নতা: সমকামী ব্যক্তিসকলে পৰিয়াল, বন্ধুবৰ্গ আৰু সহকৰ্মীৰপৰা সামাজিক বিচ্ছিন্নতা আৰু প্ৰত্যাখ্যানৰ সন্মুখীন হয়, যাৰ বাবে তেওঁলোকে প্ৰায়ে অকলশৰীয়া অনুভৱ কৰে।

উৎপীড়ন: সমকামী ব্যক্তিসকল উৎপীড়ন আৰু হিংসাৰ সন্মুখীন হোৱাৰ আশংকা অধিক। যিয়ে তেওঁলোকৰ মানসিক স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে।

স্বাস্থ্যসেৱা প্ৰাপ্তিত বাধা: সমকামী ব্যক্তিসকলে মানসিক স্বাস্থ্যসেৱা লাভ কৰাৰ ক্ষেত্ৰত প্ৰায়ে বাধাৰ সন্মুখীন হয়। বিশেষকৈ মফচলীয় ঠাইসমূহত বা স্বাস্থ্যকৰ্মীৰপৰা কেতিয়াবা বৈষম্যৰ সন্মুখীন হোৱা দেখা যায়। এনে ঘটনাই তেওঁলোকৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়।

নিযুক্তিৰ বৈষম্য: সমকামী ব্যক্তিসকলে প্ৰায়ে কৰ্মক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হয়, যাৰ ফলত তেওঁলোকৰ মাজত নিবনুৱাৰ হাৰ অধিক হয় আৰু বিত্তীয় নিৰাপত্তাহীনতাৰ সৃষ্টি হয়, যি মানসিক স্বাস্থ্যজনিত সমস্যাত অৰিহণা যোগাব পাৰে।

সীমিত সমৰ্থন: সমকামী লোকসকলৰ অধিক সংখ্যকে নিজৰ পৰিয়াল বা সমাজৰপৰা সমৰ্থন লাভ নকৰে।

গৱেষণাৰপৰা দেখা গৈছে যে সমকামী ব্যক্তিৰ ইতিবাচক মানসিক স্বাস্থ্যৰ প্ৰসাৰত সামাজিক গ্ৰহণযোগ্যতা আৰু ধনাত্মক পৰিবেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে ক্ষেত্ৰত আমাৰ দায়িত্বসমূহ হৈছে-

তেওঁলোকক আমাৰ মাজৰে এজন বুলি আঁকোৱালি লোৱা।
সমকামীতাৰ ঘৃণাৰ বিৰুদ্ধে মাত মতা আৰু কু-সংস্কাৰক প্ৰত্যাহ্বান জনোৱা। তদুপৰি সমকামীতাৰ বিষয়ে সজাগতা অভিযানো চলাব পৰা যায়।

অধিক সহযোগিতা আৰু ধনাত্মক পৰিবেশ সৃষ্টি কৰি আমি সমকামী ব্যক্তিসকলক লাভৱান হ’বলৈ শক্তিশালী কৰিব পাৰোঁ আৰু তেওঁলোকৰ মানসিক সুস্থতাক অগ্ৰাধিকাৰ দিব পাৰোঁ। মনত ৰাখিব, আপুনি অকলশৰীয়া নহয়। আহক আমি একেলগ হৈ এনে এটা ভৱিষ্যত গঢ়ি তোলোঁ য’ত সমকামীসকলে নিজকে নিৰাপদ আৰু গ্ৰহণযোগ্য অনুভৱ কৰিব।

 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!