সমাধিস্থ সপোনৰ এপিটাফ
লেখক- জ্যোতিমণি দেৱী
মোৰ ফটোখনত মোৰ লগতে ফুলমতি আছে৷ মোৰ কোটৰত সোমোৱা চকু, গালৰ হনু, কাষতে থকা ফুলমতিৰ শুকান ক’লা ওঁঠ দুটি, বহুদিনীয়া পুৰণি মদৰুৱা পৰা কাগজ হেন চকু দুটাৰে যেন কোনো এক চিত্ৰকাৰৰ নিপুন কম্বাইনেচন-নিশ্চিতভাৱে বুজিব পাৰি তেওঁৰ কল্পনাত যেন ভাহি উঠিছে কোনোবা অন্ধকাৰ যুগৰ এহাল আদিম নাৰী-পুৰুষৰ সম্বন্ধৰ মেটাফৰ৷ এই ফটোখন মই চাওঁ-ওলাওঁতে সোমাওঁতে প্ৰতিটো জৈৱিক, অজৈৱিক, মহাকৰ্ষণিক, মাধ্যাকৰ্ষণিক ঘূৰ্ণনতে ই মোৰ দৃষ্টিৰ সৈতে সমানে ফেৰ মিলাই বহি লয়, আনকি শূন্যত দৃষ্টি দিলেও ভুল নোহোৱাকৈ ই ৰৈ যায়, ধ্ৰৱক হৈ মোৰ জীৱনৰ প্ৰতিটো গণনাত৷ অথচ মই বা ফুলমতিয়েই নহয় আমাৰ আগ-গুৰিৰ বিধি লওঁতা সকলোৱেই জানে আমি দুয়ো নিবলৈ নোহোৱা আৰু দিবলৈ নোহোৱা দুটা অধাতুৰ অধাতৱীয় মিলন৷ আমি ইয়াকো জানো যে আমি কোনেও কালৈকো ৰৈ থকা নাছিলোঁ৷
উৎসুকতাহীনভাৱে কোনো এক অলক্ষিত অথবা পৰিত্যক্ত স্থানত হঠাতে অকাৰণে গজি উঠা আমি যেন শিয়ালকঁটাৰ গছ৷
মাজে মাজে মই সপোন দেখোঁ, যুদ্ধ বিগ্ৰহ, জুই, ধোৱা, বন্দুকৰ গুলিৰ শব্দ৷ বিছনাতে মই আটাহ পাৰি উঠোঁ আৰু ফুলমতিয়ে ততাতৈয়াকৈ তাইৰ লগত মোৰ ঘৰলৈ আহোঁতে লৈ অনা পিতলৰ ঘটিটোৰপৰা পানী বাকি আগবঢ়াই দিয়ে গিলাচটো৷ সোধে-বিষাইছে নেকি মোৰ কৰঙনটো৷ মূৰটো ইফালে-সিফালে সামান্য লৰাই মই কওঁ- নাই, সপোনহে দেখিছিলোঁ৷ আৰু বেছি কথাৰ অৱতাৰণা নোহোৱাকৈ দুয়ো শুই পৰোঁ৷ এই ফুলমতিয়ে বহন কৰিছে মোৰ ৰক্ত বীৰ্যৰ চাৰিটাকৈ জীৱন৷ এনে লাগে তাই যেন তাতেই সুখী৷ কাষৰে চাৰিআলিটোত মোৰ সৰু দোকানখন, গধূলি তাত ক্ষীণ পোহৰৰ লেম এটা জ্বলে আৰু তাৰ পোহৰতে দেখোঁ ছয়াময়া ছবিৰ দৰে ফুলমতিয়ে লৈ যায় মোলৈ লালচাহ ভৰ্তি সৰু মগ এটা কাগজেৰে ঢাকি আৰু মই দোকানৰ শুকান ৰোচেৰে গলাধঃকৰণ কৰি পঠিয়াই দিওঁ তাইক ঘৰলৈ৷ জীৱনটোত মই সুখী হৈছোঁনে অসুখী হৈছোঁ কাকো কোৱা নাই কোনোদিনে, কোৱা নাই ফুলমতিকো মোৰ সুখ দুখৰ বতৰা৷ তায়ো কোনোদিনেই মোক কোনো অভিযোগেৰে প্ৰশ্ন কৰা নাই, কোৱা নাই তাইৰ সুখ দুখৰ কিবা সংজ্ঞা আছেনে নাই৷ দোকানখনতো বস্তু বুলিবলৈ বৰ বিশেষ একো নাই৷ চাউল, দাইল, চেনি, নিমখ, মিঠাতেল, কেৰাচিন, লুজন, দালমুট এইধৰণৰ কেইবিধমান তাৎক্ষণিক চাহিদা পূৰাবলৈ ৰখা বস্তুৰেই মই তাত বহি থাকোঁ৷ গ্ৰাহকৰো ভীৰ বুলি কোনো কথা নাই, বহুকথাই পাগুলি থাকিব পৰাকৈ মই দৰাচলতে উৎসৱে পাৰ্বনে অস্থায়ীভাৱে পাতি লোৱা দোকানী ব্যৱসায়ীৰ দৰে কাচিৎহে ব্যস্ত হোৱা দোকানী৷ এনে অজস্ৰ আজৰিৰ গইনা লৈ মোৰ চকুৰ আগেৰে অগা-দেৱা কৰে চম্পাকলিয়ে৷ বৰ বেছি ৰাংঢালী নহ’লেও এজন পুৰুষৰ দৃষ্টিৰে মই নিসন্দেহে দেখিছিলোঁ চম্পাকলিয়ে সহজেই কোনো পুৰুষ হৃদয় গলাব পৰাকৈ এটি আকৰ্ষণীয় চৰিত্ৰ বহন কৰিছিল৷ যি সময়ত চম্পাকলিৰ গাৰপৰা গাভৰু গাভৰু গোন্ধ এটি বিয়পিবলৈ আৰম্ভ কৰিছিল গোটেই গাঁৱতে, তেনে সময়তে সমান্তৰালভাৱে সম্পূৰ্ণ পশ্চাদমুখিতাৰে আন এটি গোন্ধ নিগৰিত হৈছিল আমাৰ সমস্ত বায়ুমণ্ডলত৷ সেয়া আছিল আন্দোলনমুখী বাতাবৰণ, বিদেশীৰ প্ৰতি বিদ্বেষ আচৰণ কৰি উলিয়াই পঠিওৱা সচেতন নাগৰিকৰ বাতাবৰণ আৰু তেনে গোন্ধে অসমৰ গাঁও ভুই আৱৰি থকা সময়তে ময়ো যুৱক হৈ উঠিছিলোঁ৷ হাইস্কুলৰ দেওনা পাৰ কৰি প্ৰাক বিশ্ববিদ্যালয়লৈ যোৱা প্ৰস্তুতিৰ সময়তে ডেকা গাভৰু সকলোৰে মনত এনে ঢৌ লাগিছিল যেন এই সব মিছা-স্কুল, কলেজ পঢ়া শুনা কেৰিয়াৰ-এইবোৰ সকলো মিছা৷ সঁচা কেৱল দেশ, আন্দোলন, ধৰ্মঘট, কৰ্মবিৰতি, পুলিচ মিলিটেৰীৰ ভয়ত লুকোৱা, পলোৱা, হাবিয়ে বাঁহনিয়ে ৰাতিটো আশ্ৰয় লৈ আন্দোলন চলাই নিয়া৷ জীৱন এটা অৰ্থবহ হ’বলৈ যিমানখিনি উপাদান লাগে সকলো যেন এই আন্দোলনতে আছে, এই ভাৱধাৰাই সিৰাই সিৰাই বৈ গৈ মগজুত কৰ্ষণ ঘটাইছিল আৰু তেতিয়াই নিজৰ বাবেও যেন এটি আইডিআল’জি গঠন কৰি লৈছিলোঁ, কিছু ব্যতিক্ৰমী ভাৱধাৰাৰে৷ লুকাই চুৰকৈ মানুহে মোক লৈ ফুচফুচাইছিল তেনে দিনতে-“এওঁ আমাৰ মানুহ নহয়, মানে আমাৰ বিৰোধী৷”
:বিৰোধী?
চম্পাকলিৰ ঘৰত সন্ধিয়া উপস্থিত হৈ কৈছিলোঁ-
:ভাত দুটামান আছে নেকি চাচোন কেৰাহিত৷ পুলিচ আহিলেই পলাব লাগিব।
:পুলিচ মিলিটেৰী আহিলে আকৌ কিয় পলাব লাগে ককাইদেউ?
:দেখা নাই কেউপিনে আন্দোলন চলি আছে?
:তোৰো ভয়নে ইমান পুলিচলৈ?
:ভয় কিয় নহ’ব আকৌ? ধৰি নিলে তই কি ভাল পাবি?
:ভাল নাপাওঁ৷ পিছে মই কোৱা শুনিছোঁ তই বোলে আন্দোলনৰ মানুহবোৰৰ লগত নাই, মানে এই আছু বোলা সিহঁতৰ লগত!
:অ, হয় নেকি? তই আৰু কি শুনিছ?
:মই শুনিছোঁ তই বোলে এচএফআই নে কিবাহে! আৰু এটা কথা নহয় ককাইদেউ—!
আমাৰ লগৰ ৰত্নাহঁতে গোৱা শুনিছোঁ–
:কি বুলি?
:”জনতা কংগ্ৰেছ চিপিএম বিদেশীৰ বাবে সিহঁত প্ৰেম” বুলি৷ ইহঁতে বোলে বিদেশীহঁতকহে ভাল পায় –মানে ককাইদেউ তয়ো এইবোৰতে আছা নেকি?
:নাই নাই, মই এইবোৰত নাই৷ মই কিবা দেশদ্ৰোহী নেকি? নে তই মোক দেশদ্ৰোহী বুলি ভাবা?
:নাই নাই ককাইদেউ, মই কেৱল সুধিছোঁহে৷ তই তেনে হ’লে মোৰ বেয়া লাগিব দেচোন, যদিওবা মই আন্দোলনৰ কথা-বাৰ্তাবোৰ একো বুজি নাপাওঁ৷ তোক লৈ মানুহে বেয়াকৈ ক’লে মই মনত কষ্ট পাওঁ৷ কা ৰ ণ—”
:কাৰণ—? ৰৈ গ’লি যে?
:একো নাই দে৷ ভাত দুটামান আছে আৰু আছে অলপ শুকান মাছেৰে ৰন্ধা ভোলৰ খাৰ৷ তেনেকৈয়ে খাবিনে?
:খাম দে, দি তাকেই৷
ততাতৈয়াকৈ ভাতকেইটা গিলোঁতে তাই মোলৈ চাই আছিল, যেন কিবা উত্তৰ বিচাৰিছিল মোৰ মুখমণ্ডলত আৰু ময়ো যেন ধৰা পৰি যোৱাৰ ভয়তে পুলিচৰ ভয়তকৈয়ো বেছি ভয় বুকুত লৈ খৰখেদা কৰিছিলোঁ সোনকালে খাই শেষ কৰিবলৈ৷ আহিবৰ পৰত তাই ফুচফুচাই কোৱাৰ দৰে কৈছিল—
:সাৱধানে চলিবি ককাইদেউ৷ মোৰ হ’লে এইবোৰলৈ বৰ ভয় লাগে৷
ওলাই আহোঁতে মনলৈ আহিছিল মই কিবা পাইছোঁ, বহুত ডাঙৰ কিবা৷ এইযেন আন্দোলনটোত সফল হোৱাতকৈয়ো ডাঙৰ কিবা, যিয়ে জীৱন জীয়াৰ প্ৰাথমিক উপাদানত সানি দিয়ে এক অনামী ৰং, বুজাব নোৱাৰাকৈ ভাল লগা ৰং!
ফুলমতি আহিছে চাহৰ মগটো হাতত লৈ৷ আপোনমনে মোৰ মুখৰপৰা হাঁহি এটি সৰকি গ’ল–:ক’ত আছিলোঁ আৰু কোনখিনিত ৰ’লোঁহি৷ তাইৰপৰা চাহৰ মগটো হাতত লৈ তাইক সুধিলোঁ ৰাতিৰ সাজৰ বাবে তেল নিমখ কিবা লগা আছে নেকি? নাই বুলি চমুকৈ উত্তৰ দি ভাৱলেশহীন মুখেৰে তাই মোৰ চাহকাপ শেষ হোৱালৈ ৰৈ পুনৰ উভতি গ’ল৷ আকৌ এটি হাঁহি মোৰ ওঁঠেৰে খেলি গ’ল, কৰবাত ফুলমতিলৈ মোৰ মৰমো লাগিল৷ জীৱনত নিজৰ বাবে একো নিবিচৰা মানুহ এজনী-বিচাৰিব জনা হ’লে মই বাৰু তাইক দিবলৈ পাৰিলোঁহেঁতেননে? হঠাতে কৰঙনৰ বিষটোলৈ মনত পৰি গ’ল৷ ঠাণ্ডাৰ দিনত এই বিষটোৱে মোক জ্বলা-কলা কৰে৷ ফুলমতিৰ সেক পোত লৈ টোপনিৰ চেষ্টা কৰোঁ৷ তাই বুজে মই যে দিবলৈ সক্ষম নোহোৱা এজন পংগু৷ তাই বাৰু মোক পুতৌ কৰে নেকি দিবলৈ নোৱাৰা পংগু বুলি? কিছুপৰলৈ এই চিন্তাটো খেলাই থকাৰ সময়তে গ্ৰাহকে আহি কয়—
:দাদা, জুইশলাৰ বাহ আছে যদি দিয়কচোন এটা৷ ধূপকাঠিৰ পেকেট এটাও লাগিছিল৷ নতুনকৈ অহা মোগ্ৰা ধূপটো আছে নেকি?
জুইশলাৰ বাকচটো উলিয়াই উত্তৰ দিওঁ–মোগ্ৰা নাই নহয়৷ শালিমাৰটো আছে, দিম নেকি তাকে?
:দিয়ক তেন্তে–।
এইখিনি ব্যস্ততাৰ অন্তত আকৌ কিছুপৰলৈ আজৰি৷ দুই এজনে দোকানৰ সন্মুখত বাঁহেৰে বনোৱা চাঙখনত বহি আড্ডা দিয়ে৷ তাত ’আ’ ’ও’ জাতীয় দুই এটি মাতেৰে সঁহাৰি জনাও৷
আন্দোলনে বেছি গা কৰি উঠিছে৷ কেউপিনে কিবা পোৰা পোৰা গোন্ধ, বতাহত ভাহি আহে জীয়া তেজৰ গোন্ধ৷ দলং দোকানবোৰ পোৰা যাবলৈ ধৰিছে য’তে ত’তে৷ আমাৰ আশে পাশে থকা দলঙবোৰো আন্দোলনকাৰীয়ে জ্বলাইছে৷ পুলিচ মিলিটেৰীৰ গাড়ীবোৰ বৰ বৰ শব্দ কৰি ব্যস্ত হৈ অহাযোৱা কৰিছে৷ ময়ো মোৰ সতীৰ্থৰ সৈতে ব্যস্ত থকা কোনো এটি মুহূৰ্তত বাগৰি পৰিছোঁ পথাৰত৷ তাৰপাছত—।
তাৰপাছত আৰু কি হ’ল নাজানো, যেতিয়া চেতনা পালোঁ, গম পালোঁ সেয়া হস্পিতাল৷ মোৰ লগতে সেইদিনা ৰাজীৱো আছিল, গম পালোঁ তাৰ বুকুতে গুলি লাগিছে আৰু নিমিষতে স্তব্ধ হৈছে তাৰ হৃদস্পন্দন৷ ইয়াৰ মাজত মই বাচি ৰ’লোঁ৷ সেয়া মোৰ বাবে সৌভাগ্য নে দুৰ্ভাগ্য নুবুজাকৈয়ে ৰ’লোঁ জীৱনৰ বাকীচোৱা সময়৷ আন্দোলনৰ অন্তত বিপুল জোৰদাৰ চলিল নিৰ্বাচনৰ, আৰু জাতীয় দলে অসমৰ শাসনভাৰ লৈ সুদীৰ্ঘদিন দেশ চলালে৷ হাজাৰ উত্থান-পতনৰ মাজতে মই হৈ ৰ’লোঁ, কেৱল গুম্টি হেন দোকানৰ দোকানী৷ আন্দোলনৰ ফলাফলস্বৰূপে পুহি ৰাখিলোঁ ডাক্তৰে অপাৰেচন কৰি বাহিৰ কৰিব নোৱাৰা কৰঙনৰ গুলিটো আৰু সেইটোৱে উদ্ৰেক ঘটোৱা যন্ত্ৰণাদায়ক বিষটো জীৱনৰ বাবে এক অভাৱনীয় বোনাচ হিচাপে৷
বৰ হঠাতে যেন সময়বোৰ সৰি গ’ল আঙুলিৰ ফাঁকেৰে৷ চম্পাকলিয়ো তাৰ মাজতেই ওৰণিৰ আঁৰ হৈ নেদেখা হ’ল আৰু কৰবাত অলসভাৱে লাগি থকা সৰাপাত এটি অলপীয়া বতাহতে কঁপি কঁপি খোলা খিৰিকীৰে আহি শোৱনিকোঠাত পৰাৰ দৰেই মোৰ জীৱনৰ উকা পৃষ্ঠা এটিত দাগ কাটি বহিলহি ফুলমতি৷ শুকান পাততো যে মোহ থাকে, মোৰো তেনেকুৱাই হ’ল৷ ফুলমতি মোৰ গোটেই দিবা-নৈশৰ চক্ৰটোত সোমাই থাকিল পাকঘূৰণি খাই৷
গেলি আহিছে ভৰিখন ভিতৰি ভিতৰি৷ চিকিৎসা কৰিবৰ বাবে যিমানখিনি আৰ্থিক সঁহাৰি লাগে মোৰ দোকানখন সেইখিনিৰ বাবে অক্ষম৷ বামপন্থী আদৰ্শৰ পিছত দৌৰি চাগৈ ইয়াতকৈ বেছি কিবা আশা কৰাটো ভুল, অন্তত মই তেনেকৈয়ে পতিয়ন গৈছোঁ৷ চাৰিটা জীৱনৰ দায়িত্ব ইতিমধ্যে ফুলমতিয়ে লৈছেই মূৰ পাতি হাঁহ, পাৰ, ছাগলী কিছুমান গোটাই লৈ৷ মোৰো দায়িত্ব ল’বলৈ হ’লে তাই কিবা বিক্ৰী কৰিব লাগিব আৰু তেনে কিবা বিক্ৰী কৰিবলৈয়ো তাই নিঃস্ব৷ এনেইয়ো মই মৃত হৈয়েই আছিলোঁ মোৰ নিঃস্বতাৰে৷ গতিকে এই সমস্ত নিঃস্বতাক স্বীকাৰ কৰি এদিন ফুলমতিক এৰি মই বন্দী হ’লোঁ এটি ফ্ৰেমত এধাৰ কাগজৰ ফুলৰ মালাৰে৷ তাত ফুলমতিয়ে ধূপ এডাল দি সন্ধিয়া সেৱা কৰে৷ মোৰ হাঁহি উঠে আকৌ এবাৰ৷ ভাবি চাওঁ মোক সেৱা কৰিবলৈ ফুলমতিৰ ওচৰত মই কি এৰি আহিলোঁ, কিয়েই বা দিলোঁ! এই এটি অপৰাধত মই মৰিয়ো যেন নমৰিলোঁ মোৰ আত্মাৰে৷
এইবেলি চৰকাৰে আন্দোলনত নিহত শ্বহীদৰ পৰিয়ালবোৰলৈ কিবা লাখটকাৰ এককালীন সাহায্য হেনো আগবঢ়াইছে৷ অকল সেয়াই নহয় আহত ব্যক্তিৰ পৰিয়ালবোৰেও হেনো তাৰ আধা লাভ কৰিছে৷ ফুলমতিয়ে টকাকেইটা লৈ আহি মোৰ ফটোখনত সেৱা কৰিছে আৰু মই সন্তোষেৰে নিজক নিজে কৈছোঁ জীৱনত মোৰপৰা চাগৈ এইখিনিয়েই একমাত্ৰ সুখ বুলি বুটলিলে ফুলমতিয়ে তাকো মোৰ মৃত্যুৰ পিছত৷
মই আশ্বস্ত হ’লোঁ, এইবুলি যে এইবাৰ মই সঁচাই মৰিব পাৰিম মোৰ আত্মাৰে সৈতে৷