সম্পাদকীয়-অৰ্চন শৰ্মা
লেখক- অৰ্চন শৰ্মা
বিদ্যালয় ছুটী হ’বলৈ আৰু কেইটামান মুহূৰ্ত বাকী। শেষৰ পিৰিয়ডত শিক্ষকে বুজোৱা পাঠলৈ অধিকাংশ ছাত্ৰ-ছাত্ৰীৰে মনোযোগ নাই, মনত মাথোঁ এটাই চিন্তা কেতিয়া পৰিব ছুটীৰ ঘণ্টা! উৎকণ্ঠৰ অন্ত পেলাই টিঙ টিংকৈ বাজি উঠা ঘণ্টাৰ শব্দৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীৰ আনন্দৰ চিঞৰ “আজি স্কুল চুটি গৰম গৰম ৰুটি!”
এয়া আছিল অসমৰ অধিকাংশ বিদ্যালয়ৰ এক সুলভ দৃশ্য, বহুজনৰ শৈশৱ-কৈশোৰৰ মধুৰ স্মৃতি সিঁচৰতি হৈ থকা বিদ্যালয়ৰ সেই সোণসেৰীয়া দিনবোৰ লাহে লাহে হেৰাই যাব ধৰিছে। কাৰণ ছাত্ৰ-ছাত্ৰীৰ মনত এটা বাক্যৰ বীজ ৰোপণ কৰি দিয়া হৈছে “এই সময় প্ৰতিযোগিতাৰ সময়”, এই অহেতুক(? ) প্ৰতিযোগিতাই যেন শিশুৰ মুখৰ হাঁহিবোৰ কাঢ়ি লৈ সিহঁতৰ কোমল কান্ধত জাপি দিছে কস্মিনকালেও শেষ নোহোৱা পাঠ্যক্ৰমৰ বোজা। কেৱল বিদ্যালয়ৰ চৌহদত শেষ হোৱা নাই এই দৌৰ, বিদ্যালয়ৰ ছুটীৰ পাছত নৃত্যৰ পৰা খেললৈকে কেৱল মাত্ৰ প্ৰতিযোগিতা, লগতে সিহঁতে জিকি অনা মেডেলবোৰৰ প্ৰদৰ্শনী। এইবোৰৰ মাজত সিহঁতৰ শৈশৱ তথা কৈশোৰৰ নিৰ্মল আনন্দ যেন সামাজিক মাধ্যমতে আৱদ্ধ হৈ পৰিছে।
শিক্ষাৰ প্ৰাথমিক নিয়ম অনুযায়ী শিশুৰ শিক্ষাৰম্ভ মাতৃভাষাত হোৱা উচিত, কিন্তু সেয়া সম্ভৱ হৈছেনে? প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই সিহঁতক ইংৰাজী, হিন্দী আৰু অন্যান্য ভাষা শিকিবলৈ এক প্ৰকাৰ বাধ্য কৰোৱা হয়, ইয়াৰ ফলত অধিকাংশ শিশুৰে যিকোনো ভাষাৰ জ্ঞান সম্পূৰ্ণ হৈ নুঠে আৰু পৰোক্ষভাৱে ইয়াৰ বিৰূপ ফলাফল সিহঁতৰ পৰীক্ষাসংক্ৰান্তিয় কথাবোৰতো দেখা যায়। যদিও সততে এই কথা কোৱা যায় ‘ভাষা শিক্ষাৰ ক্ষেত্ৰত অন্তৰায় নহয়’, তৎসত্ত্বেও কিন্তু বহুভাষাৰ বিৰূপ প্ৰভাৱৰ কথা পোনচাটেই নুই কৰিব পৰা নাযায়।
মনোৰোগ বিশেষজ্ঞসকলে সঘনাই আলোকপাত কৰা এটা শব্দ হৈছে “এনজাইটি”, যাৰ অৰ্থ হ’ল অত্যধিক চিন্তাৰ ফলত উদ্ভৱ হোৱা এক ভয়ানক মানসিক সমস্যা। টাইমছ অফ ইণ্ডিয়াৰ এটা সমীক্ষা অনুসৰি ভাৰতত প্ৰায় ৬৩% ছাত্ৰ-ছাত্ৰী শিক্ষাজনিত কাৰণত মানসিকভাৱে বিষাদগ্ৰস্ত হৈ পৰিছে। মেট্ৰিক বা হায়াৰচেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ সময়ত বহু ছাত্ৰ-ছাত্ৰী নিখোজ হোৱা বা হতাশ হৈ চৰম সিদ্ধান্ত লোৱা ঘটনা অতীজৰে পৰা ঘটি আহিছে। কোটাৰ প্ৰশিক্ষণ ক্লাছৰ মাজতে আত্মহত্যাৰ ঘটনাই সততে বাতৰিৰ শিৰোনাম দখল কৰিয়ে আহিছে। কিন্তু ইমানৰ পাছতো চৰম দুৰ্ভাগ্য যে বহু অভিভাৱকে মানসিক সমস্যাক গুৰুত্বসহকাৰে নলয়, লাগিলে দুজনকৈ ঘৰুৱা শিক্ষক ৰাখিও নিজৰ পুত্ৰ-কন্যাক ডাক্তৰ বা ইঞ্জিনীয়াৰ হিচাপে গঢ়িবলৈ তেওঁলোক বদ্ধপৰিকৰ। নীৰৱচ্ছিন্ন চাপত জীৱন কটোৱা এই ছাত্ৰ-ছাত্ৰীসকলে বাৰু আঁকিব পাৰিবনে সোণালী ভাৰতৰ ছবি!
এইখন চিত্ৰৰ বিপৰীতে আন এখন চিত্ৰ বৰ্তমানেও সুলভ, য’ত নেকি ছাত্ৰ – ছাত্ৰীসকলৰ অভিভাৱক এতিয়াও সচেতন নহয়। কোনো এখন চৰকাৰী বিদ্যালয়ত নামভৰ্ত্তি কৰাই দায়িত্ব সামৰিছে, তেওঁলোক নিৰূপায় কাৰণ কোনো সময়ত সন্তানৰ শিক্ষাতকৈ পেটৰ জুইকুৰা নিবাৰণ কৰাটো অধিক প্ৰয়োজনীয়। অসমৰ পিছপৰা অঞ্চল বা চাহ-বাগিছা অঞ্চলসমূহত এই দৃশ্য সততে দেখিবলৈ পোৱা যায়। অৰ্থনীতিৰ বিভেদে যেন বৌদ্ধিক বিভেদৰো সূচনা কৰিছে অনেক সময়ত। অৰ্থ অবিহনে এখন ঘৰৰ ভেঁটি কি ৰূপে বিধ্বস্ত হ’ব পাৰে তাৰে এক উল্লেখযোগ্য উদাহৰণ অসমসন্তান সুযোগ্য বিজ্ঞানী ৰুবুল মাউতৰ ‘মোৰো এটা সপোন আছে’ গ্ৰন্থখনৰ মাধ্যমেৰে দেখিবলৈ পোৱা যায়। গভীৰভাৱে চালে বুজিব পৰা যায় যে এইখন খুবেই এক ভয়াবহ চিত্ৰ কিয়নো নিৰক্ষৰতা, শিশু শ্ৰমিক তথা বাল্যবিবাহ আৰু জনসংখ্যাৰ বিস্ফোৰণৰ আঁৰৰ ছবিও একেখনেই।
এই সকলোখিনি দিশ চালি -জাৰি চালে বুজিব পৰা যায় যে অসম তথা ভাৰতত এটা সুস্থ শৈক্ষিক পৰিৱেশ গঢ় দিবলৈ হ’লে শাৰীৰিক, মানসিক তথা আৰ্থিক এই তিনিও দিশতে সমানে গুৰুত্ব আৰোপ কৰিব লাগিব। সাম্প্ৰতিক কালত ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থা সৰ্বত্ৰে বহুলভাৱে চৰ্চিত কাৰণ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কেইটামান দিশত বিশেষভাৱে গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে- ফিনলেণ্ডত মৌলিক প্ৰতিযোগিতাতকৈ শিক্ষাত বেছিকৈ গুৰুত্ব দিয়া দেখা যায়, সহযোগিতাৰ শিক্ষা দিয়া হয় বিদ্যালয়সমূহত, লগতে ছাত্ৰ-ছাত্ৰীক গৃহকাৰ্য্য নামমাত্ৰ দিয়া হয় আৰু বাহ্যিক জগতৰ সৈতে পৰিচিত হ’বলৈ উদগনি দিয়া হয়, চাপমুক্ত শিক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ ফিনলেণ্ড বদ্ধপৰিকৰ।
যি ভাৰত এসময়ত সমগ্ৰ বিশ্বৰ শিক্ষাৰ কেন্দ্ৰস্বৰূপ আছিল বৰ্তমান সেই ভাৰততে শিক্ষাৰ এনে পঁয়ালগা অৱস্থা। পৰিতাপৰ বিষয় যে ব্ৰিটিছে সৌ তাহানিয়ে দি যোৱা শিক্ষাব্যৱস্থাৰ পৰিকাঠামো আজিও সলনি নহ’ল যদিও ‘বিদ্যা দ্য লিভিং স্কুল’(ধেমাজি), আখৰ স্কুল(গুৱাহাটী)ৰ দৰে দুই এখন বিদ্যালয়ে কিছু ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। কিন্তু সেয়া যেন এপাচি শাকত এটা জালুক, বৰ্তমান সময়ত য’ত শিক্ষাৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হোৱাটো অনিবাৰ্য হৈ পৰিছে। আমাক এনে ধৰণৰ বিদ্যালয়ৰ খুবেই প্ৰয়োজন, লগতে শিক্ষানীতি তথা পাঠ্যক্ৰমসমূহতো কিছু পৰিৱৰ্তনৰ অতীৱ প্ৰয়োজন। যদি চৰকাৰৰ লগতে জনসাধাৰণৰ মুষ্টিমেয় লোকে এই বিষয়সমূহ গুৰুত্বসহকাৰে লৈ এই দিশত চিন্তা-চৰ্চা কৰিবলৈ লয় তেতিয়াহে হয়তো অনাগত দিনত আমাৰ “প্ৰতিখন বিদ্যালয় সুন্দৰ হ’ব, প্ৰতিগৰাকী শিশু বিদ্যালয়লৈ যাব” শ্লোগানৰ এক বাস্তৱ প্ৰতিচ্ছবি দেখিবলৈ পাম।