ঘ’ষ্টিঙ, ব্ৰেড কাম্বিঙ, আৰু আধুনিক প্ৰেম
লেখক- জিন্না বৰদলৈ
“The quarrels of the lovers is the renewal of the love’’
Jean Racine (France Dramatist)
ৰোমাণ্টিক সম্বন্ধত মতামতৰ ভিন্নতা বা সংঘৰ্ষ অনিবাৰ্য৷ সাধাৰণতে ৰোমাণ্টিক সম্বন্ধত সংঘৰ্ষৰ শেষত সম্বন্ধটোত বুজাবুজি বাঢ়ি যায়, প্ৰতিশ্ৰুতি দৃঢ় হয়৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে ৰোমাণ্টিক সম্বন্ধৰ সংজ্ঞা, বৈশিষ্ট্য, দায়বদ্ধতা, আশা আকাংক্ষা আদিও সলনি হৈছে৷ একে সময়তে সলনি হোৱা আশা আকাংক্ষাৰ লগে লগে সম্বন্ধত সংঘৰ্ষৰ ধৰণ আৰু পৰিসমাপ্তিৰসমূহো সলনি হ’ব ধৰিছে৷ ফলত নতুন নতুন শব্দৰ সৃষ্টি হৈছে৷
শেহতীয়াকৈ যুৱ প্ৰজন্মৰ মাজত সততে শুনা দুই ধৰণৰ সংঘৰ্ষ হ’ল ঘ’ষ্টিঙ (Ghosting) আৰু ব্ৰেড কাম্বিঙ (Bread crumbing)৷ ঘ’ষ্টিঙৰ ধাৰণাটো ভূত বা ঘ’ষ্টৰ আচৰণৰ পৰা আহিছে৷ যিদৰে ভূত হঠাতে চকুৰ আগতে নাইকিয়া হৈ যাব পাৰে, আজিকালিৰ ৰোমাণ্টিক সম্বন্ধতো এজনে সংগীয়ে কোনো ইংগিত নিদিয়াকৈ বা সামান্য ইংগিত দি এদিন হঠাতে সকলো ধৰণৰ যোগাযোগ বন্ধ কৰি দিব পাৰে৷ আজিকালিৰ ৰোমাণ্টিক সম্বন্ধত মুখামুখিকৈ কথা পতাৰ সলনি মেছেজ বা ফোনৰ জৰিয়তে কথা বতৰা বেছি হোৱা বাবে অতি সহজে নম্বৰটো বা একাউণ্টটো ব্লক কৰি দিয়েই এজনে আনজনক ঘ’ষ্টিঙ কৰিব পাৰে৷
ব্ৰেড কাম্বিঙৰ ধাৰণাটো আহিছে ব্ৰেড কাম্বৰপৰা৷ চপ বা কাটলেট বনাওতে চপটোৰ আকৃতি বিকৃত নহ’বলৈ আৰু ভজাৰ পাছত কৰকৰীয়া কৰিবলৈ সৰু সৰু ব্ৰেডৰ টুকুৰাত চপটো লেটিয়াই দিয়া হয়৷ তেতিয়া কিছুমান ব্ৰেডৰ টুকুৰা চপটোত লাগি ধৰে, কিছুমান সৰি পাৰে৷ এই প্ৰক্ৰিয়াটোক ব্ৰেড কাম্বিঙ বুলি কোৱা হয়৷
সম্বন্ধত ব্ৰেড কাম্বিঙ কৰা মানে কোনোৱে ৰোমাণ্টিক সম্বন্ধ এটাত মাত্ৰ সিমানখিনি আগ্ৰহ বা মনোযোগ দিয়া যিমানখিনিয়ে সম্বন্ধটো ভাগি নোযোৱাকৈ ধৰি ৰাখিব পাৰে৷ যি মূহুৰ্ততে তেওঁ নিশ্চিত হয় যে তেওঁৰ সহযোগীজনে সম্বন্ধটো এৰি নাযায়, সেই মূহুৰ্ততে তেওঁ নিজৰ আচল ৰূপলৈ উভটি যায় আৰু অৱজ্ঞা কৰা আৰম্ভ কৰি দিয়ে৷
ঘ’ষ্টিঙৰ ক্ষেত্ৰত আগতীয়াকৈ ইংগিত নাপালে বা সামান্য পালেও ব্ৰেড কাম্বিঙৰ লক্ষণসমূহ আৰম্ভণিৰেপৰা দেখিবলৈ পোৱা যায়৷ ব্ৰেড কাম্বিঙ সাধাৰণতে পুৰুষে কৰে৷ তেওঁ মুকলিকৈ ভালপোৱা প্ৰকাশ নকৰে, মৰম, যত্ন, সন্মান, বা আগ্ৰহ নেদেখুৱায়৷ বহুত ক্ষেত্ৰত মহিলাগৰাকীয়ে তেওঁৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰাৰ পিছৰেপৰা মহিলাগৰাকীৰ উপস্থিতিক গণ্যই নকৰা হয়৷ কিন্তু যেতিয়াই পুৰুষজনৰ আচৰণত হতাশ হৈ মহিলাগৰাকী সম্বন্ধটোৰপৰা আঁতৰি যাব বিচাৰে, তেতিয়াই পুৰুষজনে কিছুমান কাম, যেনে জন্মদিনত কেক অনা, হঠাতে প্ৰিয় খাদ্য বা বস্তু আনি দিয়া আদিৰ জৰিয়তে মহিলাগৰাকীক প্ৰভাৱান্বিত কৰি থাকে আৰু সম্বন্ধটোত টিকি থাকিবলৈ মোহিত কৰি পেলায়৷
অৱশ্যে যদি মহিলাগৰাকী কোনো বিপদ বা দুৰ্যোগৰ সম্মুখীন হয়, পুৰুষজন খন্তেকৰ বাবে হ’লেও মহিলাগৰাকীৰ কাষত থিয় হয়৷ পিছত যদি কেতিয়াবা তৰ্কাতৰ্কি হয়, তেতিয়া পুৰুষজনে এই উপস্থিতিৰ কথা টানি অনা দেখা যায়৷ তৰ্কাতৰ্কিৰ সময়ত যদি মহিলাগৰাকীয়ে তেওঁৰ অৱজ্ঞাসূচক আচৰণৰ বাবে মনত দুখ পাইছো বুলি অভিযোগ কৰে, পুৰুষজনে অত্যন্ত বাকপটুতাৰে তেওঁ কিমান ব্যস্ত, কিমান জটিল সময়ৰ মাজেৰে গৈ আছে জাতীয় কথা কৈ বিষয় সলনি কৰি দিয়ে৷
’ইণ্টাৰনেশ্যনেল জাৰ্ণেল অৱ এণভাৰণমেণ্টেল ৰিচাৰ্চ অণ্ড পাব্লিক হেল্থ’ত প্ৰকাশিত এক গৱেষণা অনুসৰি এটা সুস্থিৰ আৰু দীৰ্ঘস্থায়ী সম্বন্ধৰ আশা কৰা মানুহ ঘ’ষ্টিঙ আৰু ব্ৰেডকাম্বিঙৰদ্বাৰা অতি গুৰুতৰ মানসিক আঘাত পায়৷ বহুত ক্ষেত্ৰত তেওঁলোকে পিছৰ জীৱনt নতুন সম্বন্ধ গঢ়িবলৈ ভয় কৰে বা গঢ়িলেও আস্থাহীনতাত ভুগে৷ নেতিবাচক চিন্তা, অতিৰিক্ত চিন্তা, হতাশগ্ৰস্ততা আদিত এওঁলোক বহুত দিনলৈ ভুগি থাকে৷
ঘ’ষ্টিঙৰ ক্ষেত্ৰত ভুক্তভোগীগৰাকীয়ে প্ৰথম অৱস্থাত কি হ’ল, কেনেকৈ হ’ল, কাৰ দোষত হ’ল একো তলকিবই নোৱাৰে৷ একেসময়তে ব্ৰেড কাম্বিঙৰ ভুক্তভোগীৰ ক্ষেত্ৰত “সকলো জানিও ময়ে সুবিধা দিছিলো’’, “মোৰে আত্ন সন্মান নাই’’ জাতীয় নেতিবাচক, আত্মসমালোচনামূলক চিন্তা দেখিবলৈ পোৱা যায়৷
একেসময়তে, ঘ’ষ্টিঙ বা ব্ৰেড কাম্বিঙ কৰাজনৰ ব্যক্তিত্বত সহমৰ্মিতাৰ অভাৱ, শৈশৱকালত পিতৃ মাতৃ তথা পৰিয়ালৰ সদস্যৰে আৱেগিক সম্বন্ধ নথকা বা অসুস্থ সম্বন্ধ থকা দেখা যায়৷ আন এটি গৱেষণা অনুসৰি ঘ’ষ্টিঙ বা ব্ৰেড কাম্বিঙ কৰা মানুহে কাৰো সৈতেই ’আপোনত্ব’ অনুভৱ কৰিব নোৱাৰে৷ সেয়ে তেওঁলোকে নিসংগতাত ভুগি থাকে৷ এই নিসংগতাৰপৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে ডেটিঙ চাইট বা চ’চিয়েল মিডিয়াত ৰোমাণ্টিক সম্বন্ধৰ সন্ধান কৰে৷ কিন্তু যেতিয়া বিপৰীত পক্ষৰপিনৰপৰা সঁচা আন্তৰিকতা দেখা পাই তেওঁলোকে ভয় খায় বা সংকোচিত হয়৷
ঘ’ষ্টিঙ আৰু ব্ৰেড কাম্বিঙ কৰা ব্যক্তিসকলে নৈতিকতা আৰু মূল্যবোধৰ সম্পৰ্কে নাভাবে বা ভাবিলেও ওপৰে ওপৰে ভাল যেন দেখা মতকে সমৰ্থন কৰে৷ ব্যক্তিগত জীৱনত তেওঁলোকে কোনো ’চৰম নৈতিকতা’ বা মূল্যবোধ মানি নচলে৷
চমুৱাই কবলৈ হ’লে, শৈশৱৰ অভিজ্ঞতা, মূল্যবোধ তথা নৈতিকতাৰ অভাৱ, আৰু নিসংগতাই জন্ম দিয়া ঘ’ষ্টিঙ আৰু ব্ৰেড কাম্বিঙৰ দৰে আচৰণে আন এগৰাকী ব্যক্তিৰ সুস্থ মানসিক জগতলৈ ধুমুহা নমাই আনিব পাৰে৷
এই সংখ্যাটোৰ আঁৰত-
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….