সম্পাদকীয়--‘আপুনি মোক শুনিব পাৰিছেনে?’

সম্পাদক- ডাঃ নমিতা বৈশ্য

১৪ এপ্ৰিল,১৯১২ চন, মাজনিশা— । পৃথিৱী তেতিয়া নিদ্ৰামগ্ন। আটলাণ্টিক মহাসাগৰত বৃহৎ বৰফৰ শিলাখণ্ডত খুন্দা মাৰি দুটুকুৰা হৈ গ’ল অত্যাধুনিক, বিলাস বহুল, বিশাল আৰু ‘কেতিয়াও ডুবিব নোৱাৰে’ বুলি দাবী কৰা অভিজাত জাহাজ টাইটানিক। পৃথিৱীৰ বিভিন্ন ঠাইৰ সম্ভ্ৰান্ত আৰু ধনিক শ্ৰেণীৰ ২২৪০ জন যাত্ৰী কঢ়িয়াই নিয়া টাইটানিকৰপৰা জীৱন্তে উদ্ধাৰ কৰিব পৰা গ’ল মাত্ৰ ৭০৬ জন যাত্ৰী। তাৰ পাছৰখিনি ইতিহাস। দুৰ্ঘটনাৰ পিছত এই দুৰ্ঘটনাক লৈ বহু আলোচনা-বিলোচনা, বাদ-বিবাদ, কাহিনী, চলচ্চিত্ৰ আদি নিৰ্মাণ হ’ল। দুৰ্ঘটনাৰ কাৰণ বেলেগ বেলেগ দৃষ্টিকোণৰপৰা বিশ্লেষণ কৰা হ’ল। ঘটনাৰ পিছত ব্ৰিটেইনৰ পোষ্টমাষ্টাৰ জেনেৰেল হাৰ্টবাৰ্ট ছেমুৱেলৰ এটা মন্তব্য এই ক্ষেত্ৰত স্মৰণযোগ্য— ‘যিখিনি মানুহ বচাব পৰা গ’ল, সেয়া সম্ভৱ হ’ল মাত্ৰ এজন মানুহৰ কাৰণে— তেওঁৰ অবিস্মৰণীয় আৱিষ্কাৰৰ কাৰণে।  তেওঁ গুগ্‌লিয়েল্‌ম’ মাৰ্কনি।’ টাইটানিকত আন সকলো বিলাসবহুল উপাদান আৰু সামগ্ৰীৰ সৈতে উপলব্ধ আছিল মাৰ্কনি কোম্পানীৰ সেইসময়ৰ অত্যাধুনিক এটা ৰেডিঅ’— ‘ওৱায়েৰ্লেচ টেলিগ্ৰাফ’। যাৰ সহায়ত মাৰ্কনি কোম্পানীৰ ওৱাৰলেচ অপাৰেটৰ জেক ফিলিপে টাইটানিকৰপৰা ওচৰ-পাজৰৰ সকলো জাহাজলৈ প্ৰেৰণ কৰিছিল CQD ৰেডিঅ’ বাৰ্তা। টাইটানিকৰ অৱস্থান জনাই ৰাতি ১০-২৫ পৰা আৰম্ভ কৰি ১-৪৫ বজালৈ টাইটানিকৰপৰা জেক ফিলিপে প্ৰেৰণ কৰিছিল অসংখ্য ডিছ্‌ট্ৰেচ ছিগ্‌নেল। এই ছিগ্‌নেলৰ সহায়ত টাইটানিকৰপৰা তিনি ঘণ্টাৰ দূৰত্বত থকা ব্ৰিটিছ জাহাজ কাৰ্পেথিয়াই ৭০৬ জন যাত্ৰীৰ প্ৰাণ বচাবলৈ সক্ষম হৈছিল। পিছে সেই সৌভাগ্যৱান যাত্ৰীৰ নামৰ তালিকাত জেক ফিলিপ নাছিল। আচৰিতভাৱে সেই ভয়াৱহ দুৰ্ঘটনাৰপৰা বাচি গৈছিল ৰেডিঅ’ৰ উদ্ভাৱক মাৰ্কনি নিজেই! তিনিদিনৰ আগতে সেই বিলাস ভ্ৰমণৰ বাবে মাৰ্কনিলৈ উপহাৰ স্বৰূপে প্ৰেৰণ কৰা হৈছিল টাইটানিকৰ বিনামূলীয়া টিকেট। সৌভাগ্যক্ৰমে মাৰ্কনিয়ে সেই টিকেট সময়মতে পোৱা নাছিল।

 

১৮৯৬ চনত মাৰ্কনিয়ে স্থাপন কৰিছিল প্ৰথম ৰেডিঅ’ ট্ৰেন্সমিছন চেণ্টাৰ— ‘টেলিগ্ৰাফি উইডাউট ওৱায়েৰ’ (যাক পাছলৈ ৰেডিঅ’ বুলি জনা গৈছিল) আৰু পৰীক্ষামূলকভাৱে পানীৰ মাজৰে প্ৰেৰণ কৰিছিল প্ৰথম ৰেডিঅ’ বাৰ্তা— ‘আপুনি মোক শুনিব পাৰিছেনে?’(Can you hear me?)

 

সেয়া আছিল পৃথিৱীত ৰেডিঅ’ৰ প্ৰথমটো খোজ।

 

প্ৰথম ৰেডিঅ’ ব্ৰ’ডকাষ্ট: 

 

ৰেডিঅ’ তৰংগৰ জৰিয়তে বহু সময়ত বাৰ্তাপ্ৰেৰণ কৰা হৈছিল যদিও বাতৰিৰ সম্প্ৰচাৰণ বহুত দেৰিলৈকে আৰম্ভ হোৱা নাছিল। ১৯১৬ চনত, আমেৰিকাত ৰেডিঅ’ৰ জৰিয়তে অনানুষ্ঠানিকভাৱে প্ৰথম বাতৰিৰ সম্প্ৰচাৰণ আৰম্ভ হয়। ইয়াৰ পিছত, ১৯১৯ চনৰ ২ নৱেম্বৰত ৰেডিঅ’ কৰ্পোৰেচন অৱ আমেৰিকাৰ জৰিয়তে প্ৰথম আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়।

 

‘This is KDKA…we shall now broadcast the Election result..’— ইথাৰ তৰংগৰে ভাহি আহিছিল এইষাৰি মাত।

 

আমেৰিকাৰ পাছত, ১৯২২ চনত গ্ৰেট ব্ৰিটেইনত ব্ৰিটিছ ব্ৰ’ডকাষ্টিং ক’ম্পেনীৰ স্থাপন কৰা হয়, যি পাছলৈ গৈ পৃথিৱীৰ সবাতোকৈ গ্ৰহণযোগ্য, জনপ্ৰিয় আৰু অগ্ৰণী ৰেডিঅ’ ব্ৰ’ডকাষ্ট ব্ৰিটিছ ব্ৰ’ডকাষ্টিং কৰ্পোৰেচন, চমুকৈ বি বি চি নামেৰে বিখ্যাত হৈ পৰে। ১৯২২ চনৰ ১৪ নবেম্বৰৰ সন্ধিয়া ৬ বজাত এটা ‘নিউজ বুলেটিনে’ৰে বি বি চি ৰ বাতৰি সম্প্ৰচাৰণ আৰম্ভ হয়। সেইদিনা বাতৰি পঢ়োঁতে আৰ্থাৰ ব’ৰ’জে একেটা বাতৰিকে দুবাৰকৈ পঢ়িছিল, যাতে শ্ৰোতাই ইচ্ছা কৰিলে বাতৰিখিনি টুকি ল’ব পাৰে। সেইসময়ত মাৰ্কনি কোম্পানিৰপৰা বিবিচিয়ে ক্ৰয় কৰা আৰু সম্প্ৰচাৰণৰ বাবে ব্যৱহাৰ কৰা 2LO ৰেডিঅ’ ট্ৰেন্সমিটাৰটো এতিয়াও ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে।

 

অল ইণ্ডিয়া ৰেডিঅ’: শুভাৰম্ভ আৰু যাত্ৰা

 

বি বি চি স্থাপন হোৱাৰ দুবছৰ পাছতে ৩১ জুলাই ১৯২৪ চনত বৃটিছ শাসিত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হয় ৰেডিঅ’ সেৱা। এটা প্ৰাইভেট ক্লাৱ ‘মাদ্ৰাজ ৰেডিঅ’ ক্লাৱ’ৰ প্ৰচেষ্টাত ৪০ ৱেভ ট্ৰেন্সমিটাৰৰ সহায়ত পৰীক্ষামূলকভাৱে ৰেডিঅ’ ব্ৰ’ডকাষ্ট আৰম্ভ হয়। কিন্তু অনুষ্ঠান পৰিচালনাৰ বাবে আৰ্থিক নাটনি হোৱাত ১৯২৭ চনত এই ৰেডিঅ’ ব্ৰ’ডকাষ্ট বন্ধ হৈ যায়। তাৰ দুবছৰ পাছত অৰ্থাৎ ১৩ ছেপ্তেম্বৰ ১৯২৬ চনত বৃটিচ শাসিত ভাৰতত ইণ্ডিয়ান ব্ৰ’ডকাষ্টিং কোম্পানিয়ে পোনপ্ৰথমবাৰৰ বাবে ‘অৰ্গেনাইজ্‌ড ৰেডিঅ’ ব্ৰ’ডকাষ্টিং’ আৰম্ভ কৰে। ১৯২৭ চনত ভাইচৰয় লাই ইৰ্‌ৱিনে অল ইণ্ডিয়া ৰেডিঅ’ৰ বোম্বাই কেন্দ্ৰ উদ্ঘাটন কৰে। ইয়াৰ কিছুদিন পিছতে কলিকতা ৰেডিঅ’ ষ্টেচনতো ৰেডিঅ’ সেৱাৰ শুভাৰম্ভ হয়। আচৰিত যেন লাগিলেও সত্য যে সেই সময়ত ৰেডিঅ’ শুনিবৰ বাবে লাইচেঞ্চৰ দৰকাৰ হৈছিল, যিটো কাৰণত ৰেডিঅ’ শুনা মানুহৰ সংখ্যা আছিল অতি তাকৰ। ফলশ্ৰুতিত ইণ্ডিয়ান ব্ৰ’ডকাষ্টিং কোম্পানি আকৌ আৰ্থিক সংকটৰ সন্মুখীন হয় আৰু আৰ্থিক অনুদানৰ প্ৰতিশ্ৰুতি দি ১৯৩০ চনত ইণ্ডিয়ান ব্ৰ’ডকাষ্টিং কোম্পানিক বৃটিচ চৰকাৰে নিজৰ হাতলৈ নিয়ে যদিও পুনৰ আৰ্থিক সংকটৰ দোহাই দি ১৯৩১ চনত বৃটিছ চৰকাৰে ইণ্ডিয়ান ব্ৰ’ডকাষ্টিং কোম্পানিটো বন্ধ কৰি দিয়ে। কিন্তু ইতিমধ্যেই ৰেডিঅ’ৰ জনপ্ৰিয়তা বাঢ়ি আহিছিল। লগে লগে বাঢ়ি আহিছিল ৰেডিঅ’ৰ লাইচেঞ্চ বিচৰা শ্ৰোতাৰ সংখ্যাও। ইণ্ডিয়ান ব্ৰ’ডকাষ্টিং কোম্পানি বন্ধ কৰাৰ ফলত জনগণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উপায়বিহীন হৈ বৃটিছ চৰকাৰে সেই বছৰৰে শেষৰফালে লাইচেঞ্চৰ বাবে অতিৰিক্ত মাননি লৈ আকৌ ৰেডিঅ’ সেৱা আৰম্ভ কৰি দিয়ে আৰু পৰ্যায়ক্ৰমে ‘কনট্ৰ’লাৰ অব ব্ৰ’ডকাষ্টিং’ লিয়’নেল ফেল্ডিনৰ সক্ৰিয় ভূমিকাত, ভাৰতত ৰেডিঅ’ৰ সোণালী যুগৰ সূচনা হয়। ৰেডিঅ’ৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৩৬ চনত ৰাজধানী দিল্লীত নতুন এটা ৰেডিঅ’ ষ্টেচন খোলা হয়। ১ জুন, ১৯৩৬ চনত ইণ্ডিয়ান ব্ৰ’ডকাষ্টিং কোম্পানিৰ নাম ‘অল ইণ্ডিয়া ৰেডিঅ’ লৈ সলনি কৰা হয়। লিয়’নেল ফেল্ডিন আৰু চিচিল গাইডেলৰ নেতৃত্বত ‘অল ইণ্ডিয়া ৰেডিঅ’ত শ্বৰ্ট ৱেভ ট্ৰেন্সমিটাৰৰো সংযোগ স্থাপন কৰা হয় আৰু সমগ্ৰ ভাৰতত ৰেডিঅ’ সেৱাৰ সুবিধা আৰম্ভ হয়। ইংৰাজী আৰু হিন্দীৰ উপৰি বাংলা, তামিল, তেলেগু, গুজৰাটী আৰু মাৰাঠী ভাষাতো ৰেডিঅ’ই সম্প্ৰচাৰণ কৰিবলৈ আৰম্ভ কৰে। দ্বিতীয় বিশ্বযুদ্ধই ৰেডিঅ’ৰ প্ৰয়োজনীয়তা আৰু জনপ্ৰিয়তা দুয়োটাই বৃদ্ধি কৰে। ৰেডিঅ’ৰ মূল ৯টা চেণ্টাৰৰ উপৰি, বিভিন্ন ধৰণৰ দেশীয় ৰাজ্য যেনে মহীশুৰ, বৰোদা, হায়দৰাবাদ, ঔৰংগবাদ আৰু ত্ৰিবান্দ্ৰমত পাঁচটা ৰেডিঅ’ চেণ্টাৰ আৰম্ভ কৰা হয়। ১৯৪১ চনত ইয়াক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনলৈ অনা হয়। পৰৱৰ্তী সময়ত ১৯৫৭ চনত অল ইণ্ডিয়া ৰেডিঅ’ ই ভাৰতীয় নাম ‘আকাশবাণী’ গ্ৰহণ কৰে।

 

ৰেডিঅ’ত ৰাষ্ট্ৰনেতা: ফ্ৰেংক্লিন ৰুজভেল্টৰপৰা নৰেন্দ্ৰ মোডীলৈ

 

প্ৰথম অৱস্থাত ৰেডিঅ’ক বাৰ্তাবাহক হিচাপেহে ব্যৱহাৰ কৰা হৈছিল। একে সময়তে এক বৃহৎ জনসংখ্যালৈ বাৰ্তা প্ৰেৰণৰ বাবে ৰেডিঅ’ আছিল এক সুচল মাধ্যম। সেইসময়ত পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰনেতাই ৰেডিঅ’ৰ জৰিয়তে জনগনক সম্বোধন কৰিবলৈ আৰম্ভ কৰে। ১৯৩৬ চনৰপৰা ১৯৪৪ চনলৈ বিভিন্ন সময়ত, আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংক্লিন ৰুজভেল্টে ৰেডিঅ’ৰ জৰিয়তে জনগণক সম্বোধন কৰা দেখা পোৱা গৈছিল। নেতাজী সুভাষ চন্দ্ৰ বসুৱেও, নিজৰ নিৰুদ্দেশৰ সময়ছোৱাত তেওঁৰ নিজৰ ৰেডিঅ’  আজাদ হিন্দ ৰেডিঅ’ৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা ভাৰতৰ জনগণলৈ বাৰ্তা প্ৰেৰণ কৰিছিল।

 

‘This is Subhash Chandra Bose, speaking to you from—’ বিভিন্ন সময়ত, বিভিন্ন ঠাইৰপৰা ৰেডিঅ’ৰ জৰিয়তে ভাহি আহিছিল নেতাজীৰ মাত। দ্বিতীয় বিশ্বযুদ্ধই সলাই পেলোৱা পৃথিৱীখনৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাংগঠনিক, সামাজিক, যুদ্ধ আৰু শান্তি আদি মৌলিক বিষয়বোৰত ৰেডিঅ’ হৈ পৰে এক অপৰিহাৰ্য অংশ। ভাৰতৰ স্বাধীনতা আন্দোলনতো ৰেডিঅ’ই এক মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ১৯৪৭ চনৰ ১৫ আগষ্টৰ মাজনিশা ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিল হৈছিল, অল ইণ্ডিয়া ৰেডিঅ’ৰ জৰিয়তে পণ্ডিত নেহেৰুৰ অনমনীয় কণ্ঠ— ‘At the stroke of midnight hour, when the world sleeps, India will awake to life and freedom.’

 

স্বাধীনতাৰ স্বপ্ন দিঠক হোৱাৰ সময়তে ভাৰত বিভাজনে আনি দিয়া সাম্প্ৰদায়িক সংঘৰ্ষই যেতিয়া লাখ লাখ লোকক অঘৰী কৰি তুলিলে, কোটিৰ হিচাপত লোক হত্যা আৰু ধৰ্ষণৰ বলি হ’ল, কুৰুক্ষেত্ৰৰ শৰণাৰ্থী শিৱিৰত থকা নিঃস্ব-অসহায় লোকসকলৰ কাষত থিয় হ’ব নোৱাৰি মৰ্মাহত হোৱা জাতিৰ পিতা মহাত্মা গান্ধীয়ে ৰেডিঅ’ৰ যোগেদি প্ৰেৰণ কৰিলে শান্তিৰ বাৰ্তা আৰু প্ৰাৰ্থনা। পাকিস্তানৰপৰা কুৰুক্ষেত্ৰলৈ অহাৰ আঁচনি বাতিল হোৱাত শৰণাৰ্থী শিৱিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলক সম্বোধন কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীয়ে ৰেডিঅ’ চেণ্টাৰলৈ গৈ ৰেডিঅ’ তৰংগৰ সহায় লয়। সেই দিনটোৰ স্মৃতিত, আজিও ১১ নবেম্বৰৰ দিনটো লোক সেৱা প্ৰচাৰণ দিৱস হিচাপে উদ্‌যাপন কৰা হয়।

 

অৱশ্যে এই সময়তে মনলৈ আহে অন্য এটা ভাষণো। চীনৰ আক্ৰমণৰ সময়ত ১৯৬২ চনৰ ২০ নবেম্বৰত প্ৰধানমন্ত্ৰী নেহৰুৱে অসমলৈ প্ৰেৰণ কৰা সেই ভাষণটো— ‘my heart goes out to the people of Assam—-’ যিটোৱে অসমবাসীলৈ কঢ়িয়াই আনিছিল ভয় আৰু অনিশ্চয়তা।

 

ৰেডিঅ’ৰ যোগেদি জনসাধাৰণৰ লগত ৰাষ্ট্ৰনেতাৰ সংযোগ আজিও অব্যাহত আছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ ‘মন কি বাত’, ‘পৰীক্ষা পে চৰ্চা’ আদি তেনে ধৰণৰ অনুষ্ঠান। ৰেডিঅ’ৰ গুৰুত্ব আৰু গ্ৰহণযোগ্যতাৰ ই এক উৎকৃষ্ট নিদৰ্শন। 

 

ৰেডিঅ’: বাতৰিৰপৰা মনোৰঞ্জনলৈ

 

ৰেডিঅ’ আৱিষ্কাৰৰ প্ৰায় পাঁচ দশকলৈকে ৰেডিঅ’ অকল বাতৰি সম্প্ৰচাৰ আৰু বাৰ্তা প্ৰেৰণৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল। ১৯৫৪ চনত অল ইণ্ডিয়া ৰেডিঅ’ই প্ৰথমবাৰৰ বাবে মনোৰঞ্জনমূলক অনুষ্ঠান ‘মিউজিক ফেষ্টিভেল’ আৰম্ভ কৰে। সময়ৰ লগে লগে মনোৰঞ্জনৰ ক্ষেত্ৰত ৰেডিঅ’ই এক নতুন ইতিহাস ৰচনা কৰে। নিত্য নতুন প্ৰযুক্তি, দৃশ্য-শ্ৰাব্য মাধ্যম, সামাজিক মাধ্যম, ইউ টিউব, ফেচবুক, ইনষ্টাগ্ৰাম, X আদি মনোৰঞ্জন আৰু যোগাযোগ মাধ্যমৰ দপদপনিৰ পিছতো মানুহৰ মাজত ৰেডিঅ’ আজিও জীয়াই আছে।

 

অসমতো ১ জুলাই ১৯৪৮ চনৰপৰা অল ইণ্ডিয়া ৰেডিঅ’ৰ সেৱা আৰম্ভ হয় আৰু আজিও সগৌৰৱেৰে চলি আছে।

 

আকাশবাণী: স্থিতি আৰু বৰ্তমান

 

বৰ্তমান সময়ত আকাশবাণীয়ে ভাৰতবৰ্ষৰ প্ৰায় ৯৯% লোক আৰু ৯১% ক্ষেত্ৰৰ মাজত সংযোগ স্থাপন কৰে। আকাশবাণীয়ে ২৪টা ভাষা আৰু প্ৰায় ৪০০ৰো অধিক দোৱানত সেৱা আগবঢ়াই আছে। ৭৪২ ট্ৰান্সমিটাৰ, ২৬১ ব্ৰ’ডকাষ্টিং ষ্টেচন, ১৪৬ মিডিয়া ৱেভ, ৫৪ শ্বৰ্টৱেভ আৰু ৬১৩টা এফ এম ৰ সহযোগত সমগ্ৰ দেশতে ৰেডিঅ’ সেৱা আগবঢ়োৱা হয়। সদ্যহতে ৪১টা হাই পাৱাৰ ডি আৰ এম মিডিয়াম ৱেভ ট্ৰান্সমিটাৰ নতুনকৈ সংযোগ কৰা হৈছে। ৰাষ্ট্ৰীয়, ৰাজ্যিক, প্ৰান্তীয় ভাষাৰ উপৰি বিদেশী ভাষাৰ শিতানত ১১টা দেশী আৰু ১৬টা বিদেশী মুঠ ২৭টা ভাষাত ৰেডিঅ’ৰ বাতৰি সম্প্ৰচাৰ কৰা হয়। ৪৪টা ৰেজিঅ’নেল নিউজ ইউনিট, ৩২টা আপ্‌লিংক গ্ৰাউণ্ড ষ্টেচন, ৪০টা এডভাৰ্টাইজমেণ্ট ব্ৰ’ডকাষ্ট চাৰ্ভিচ চেণ্টাৰ, এটা কেন্দ্ৰীয় আকাশবাণী সংসাধন কেন্দ্ৰ, ডি টি এইচ ৰেডিঅ’ সেৱা (যাৰ অন্তৰ্গত ২১টা ৰেডিঅ’ চেণ্টাৰ আছে) ৰ সহযোগত ‘অল ইণ্ডিয়া ৰেডিঅ’ই অহৰ্নিশে সেৱা আগবঢ়াই গৈছে। বৰ্তমান ভাৰতবৰ্ষত প্ৰায় ছয় নিযুত চাৰিচকীয়া বাহনত ডি আৰ এম সংযোগ লগোৱা আছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনৰ লগে লগে ৰেডিঅ’তো পৰিলক্ষিত হৈছে যথেষ্ট পৰিৱৰ্তন। অৱশ্যেই প্ৰযুক্তিয়ে ৰেডিঅ’ৰপৰা ইয়াৰ মালিতা, সুৰ, গাম্ভীৰ্য কাঢ়ি নিনিয়ক, তাৰ আশা নিশ্চয়কৈ থাকিব।



ৰেডিঅ’ আৰু নষ্টালজিয়া:

 

(শৈশৱৰ কথা সেয়া!) মই তেতিয়া সৰু। বিছনাত থাকোঁতেই ক’ৰবাৰপৰা ভাহি আহে এটা মাত— ‘তেজৰে কমলাপতি পৰভাতে নিন্দ—’। চকু মেলি চাওঁ, পূৱৰ শেতেলিত বেলিটোৱে মোলৈ ভূমুকি মাৰি চাই আছে, মায়ে গা ধুই কপালত ৰঙা বেলি এটা পিন্ধি লৈছে— সুৰ এটাই মোৰ আশে-পাশে বতাহৰ দৰে মেৰিয়াই ধৰিছে।

 

সেই এটা দিন! তেনে অগণন দিন!

 

আমাৰ দিনবোৰ আৰম্ভ হৈছিল ৰেডিঅ’ৰ বন্দনা অনুষ্ঠানেৰে। আমাৰ শৈশৱবোৰ সংপৃক্ত হৈছিল ৰেডিঅ’ৰ গীতিমালিকাৰে। আমাৰ স্কুলৰ সময়বোৰ নিৰ্দ্ধাৰিত হৈছিল ৰেডিঅ’ৰ আঞ্চলিক বাতৰিৰে। আমাৰ দৌৰি ফুৰা ভৰিবোৰত চপলতা দিছিল চিত্ৰগীতে। আমাৰ ৰবিবাৰবোৰ উমলি আছিল অকণিৰ মেলত। আমাৰ দুপৰীয়াবোৰত ৰেডিঅ’ৰ নাটকবোৰে আহি কাহিনী কৈছিল। আমাৰ বুধবাৰবোৰে প্ৰতীক্ষা কৰিছিল, কেতিয়ানো আঠ বাজিব? স্কুললৈ নোযোৱা নিঃসাৰ দুপৰীয়া ৰেডিঅ’ৰ গানবোৰে আমাক ভাল পাবলৈ শিকাইছিল বিষাদ। আমি ভাল পাইছিলোঁ, ৰেডিঅ’ৰ সেই সকলো তৰংগ, দূৰত থাকিও যি আছিল আমাৰ বুকুৰ একেবাৰেই আপোন।

 

এতিয়াও, হয় এতিয়াও ৰেডিঅ’ৰ একোটা গীত, একোটা সুৰেই আমাক চোঁ মাৰি লৈ যায় আমাৰ শৈশৱলৈ। সুৰতে যেন বন্ধা থাকে একো একোটা টাইম মেচিন।

 

ৰেডিঅ’ই আমাক ওমলাব পাৰে, আমাক প্ৰেমত নতুনকৈ ডুবাব পাৰে, আমাক কন্দুৱাব পাৰে, আমাক শুনাব পাৰে সেই পুৰণি কাহিনী, যি কাহিনীক আমি আজীৱন কঢ়িয়াইছোঁ। নাজী অধিকৃত জাৰ্মানিৰপৰা পলাই আহি, ৱাল্টাৰ ক’ফমেন নামৰ কোনোবা ইহুদীয়ে বোম্বাইত কোনোবা এখন চকীত বহি ৰচনা কৰা ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ ছিগ্‌নেচাৰ টিউনটো— য’ত বন্ধা আছে আমাৰো আত্মাৰ একোটা অংশ। এই এটা মাত্ৰ সুৰ, ই যেন বাৰে বাৰে টানি লৈ যাব খোজে। সেইবাবেই কয় নেকি, সংগীতৰ কোনো দেশ নাই, সুৰৰ কোনো পৰিধি নাই? ৰেডিঅ’ আমাৰ ভালপোৱা, ৰেডিঅ’ আমাৰ উত্তৰণৰ ৰাস্তা, ৰেডিঅ’ আমাৰ বিষাদৰ সংগী, ৰেডিঅ’ আমাৰ প্ৰেম, আমাৰ বন্ধু— ৰেডিঅ’ আমাৰ সময়। ৰেডিঅ’ আমাৰ নষ্টালজিয়া। ৰেডিঅ’ক ভাল নাপাই কেনেকৈ থাকোঁ?

 

 ৰেডিঅ’ৰ এই বিশেষ সংখ্যা সেইসমূহ পঢ়ুৱৈলৈ, যিয়ে বুকুত আজিও এটা ৰেডিঅ’ কঢ়িয়াই ফুৰিছে।

এই সংখ্যাটোৰ আঁৰত-

বৰ্ণাশুদ্ধি নিবাৰণ- মৃদুল কুমাৰ শৰ্মা, চিত্তৰঞ্জন ওজা, ডঃ মৃণাল জ্যোতি গোস্বামী, গীতিকা শইকীয়া, জুপিতৰা ফুকন, উৎপলা কৌৰ।

সাক্ষাৎকাৰ- ডঃ অভিজিত দত্ত, চিত্তৰঞ্জন ওজা, মৃদুল কুমাৰ শৰ্মা, ডাঃ নমিতা বৈশ্য

কাৰিকৰী- ডাঃ হিতেশ্বৰ শৰ্মা, ড° দীপজ্যোতি বৰা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!