সম্পাদকীয়

লেখক- বৰ্ণালী পাঠক

 

“১৮৬৬ চন। সমগ্ৰ বিশ্বৰে সমুদ্ৰৰ বুকুত এক আতংক। এক সমুদ্ৰৰাক্ষসৰ আৱিৰ্ভাৱে সকলোকে বিপদত পেলাইছে। সেই ৰাক্ষসক ভেদ কৰিবলৈ সাজু হ’ল এটা দল। বহু প্ৰচেষ্টাৰ অন্তত এদিন সেই ৰাক্ষসৰ সমুখীন হ’ল দলটো। কিন্তু সেয়া কোনো জীৱ নাছিল, আছিল লোহাৰে নিৰ্মিত এক যন্ত্ৰহে। গভীৰ পানীৰ মাজেৰে যাত্ৰা কৰিব পৰা এক যন্ত্ৰ।”

এয়া ১৮৬৯ চনত প্ৰকাশিত জুলছ ভাৰ্ণৰ দ্বাৰা লিখিত ‘টুৱেণ্টি থাওজেণ্ড লীগছ্ আণ্ডাৰ দ্য চী’ৰ মুখ্য বিষয়বস্তু। পাঠকমহলত ব্যাপক খলকনি লগাইছিল এই কাহিনীটোৱে। বিপুলভাৱে জনপ্ৰিয় এই কিতাপখনে দেশ-বিদেশৰ পাঠকৰ মাজত এক সুকীয়া স্থান দখল কৰিছিল। বিশ্বসাহিত্যৰ এক অন্যতম স্থান গ্ৰহণ কৰিবলৈ সক্ষম হোৱা এই কিতাপখনত বিজ্ঞানৰ তথ্য ইমানেই ধুনীয়াকৈ সন্নিৱিষ্ট কৰা আছিল যে পাঠকমহল আচম্বিত হৈ পৰিছিল। আধুনিক চাবমেৰিণৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা দিয়া কিতাপখনৰ প্ৰকাশৰ বহু দশক পিছতহে আধুনিক চাবমেৰিণ প্ৰস্তুত কৰা হৈছিল।

এই কিতাপখনে সাহিত্যৰ লগতে বিজ্ঞানকো একেসময়তে চহকী কৰি তুলিছিল।

এয়া মাথোঁ এটা উদাহৰণহে। বিশ্বসাহিত্য ভৰি আছে এনে ধৰণৰ ৰোমাঞ্চকৰ কাহিনীৰে।

মেৰী শ্যেলীৰ ‘ফ্ৰেংকেনষ্টাইন’, এইস জি ৱেলছৰ ‘ইনভিজিবল মেন’, আইজাক এছিমভৰ ‘ফাউণ্ডেশ্যন চিৰিজ’ আদি প্ৰমুখ্যে কাহিনীয়ে সাহিত্যৰ ৰসৰ লগতে বিজ্ঞানৰ চমকো দিছিল পাঠকমহলত।

বিজ্ঞান আৰু সাহিত্য, দুটি বিপৰীতমুখী বিষয় বুলি চলি অহা ধাৰণাটো লাহে লাহে লোপ পাবলৈ ধৰিছিল। আচলতে সাহিত্য আৰু বিজ্ঞান দুয়োটা আমাৰ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত বিষয়। দুয়োটা বিষয়ে সামাজিক কল্পচিত্ৰৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত। এই প্ৰভাৱে সৃষ্টি কৰে ন ন বৈজ্ঞানিক হৃদ্বোধ আৰু নানান সাহিত্যৰ গঁজালি।

দুয়োটা বিষয়ৰ এক বিশেষ উমৈহতীয়া সংযোগ আছে।

সেয়া হ’ল মনৰ পৰ্যবেক্ষণ।

সৃষ্টিশীল মনৰ পৰ্যবেক্ষণে সাহিত্যৰ ভাণ্ডাৰ চহকী কৰে আৰু অনুসন্ধিৎসু মনৰ পৰ্যবেক্ষণে বিজ্ঞানৰ।

সৃষ্টিশীল আৰু অনুসন্ধিৎসু মনে একলগ হৈ কাম কৰিলে বিজ্ঞান আৰু সাহিত্য দুয়োৰে উত্তৰণ ঘটে। বিজ্ঞানৰ ঘটনা-পৰিঘটনা সংযোজিত কৰি সাহিত্যক অধিক মনোৰঞ্জক কৰি তুলিব পৰাৰ বিপৰীতে সাহিত্যৰ যোগেৰে বিজ্ঞানৰ ধাৰণা বা প্ৰতীতিসমূহ সহজবোধ্য কৰি তুলিব পৰা যায়।

বিশ্ববিখ্যাত আইনষ্টাইনক এবাৰ এজন ডেকা ল’ৰাই আপত্তি জনালে যে ‘থিয়ৰী অৱ ৰিলেটিভিটী’ বৰ টান বিষয় কাৰণে বুজি পোৱা নাই। মিচিকিয়া হাঁহি এটা মাৰি আইনষ্টাইনে ডেকাজনক সুধিলে,

: ডেকা ল’ৰা, তোমাৰ প্ৰেয়সী আছে নে?

: আছে ছাৰ।

: বাৰু…প্ৰেয়সীৰ লগত দুঘণ্টা কটালে দুই মিনিটতেই পাৰ হৈ যোৱা যেন লাগে, কিন্তু গৰম চৌকাৰ ওপৰত দুই মিনিটেই দুঘণ্টা যেন নালাগিব নে?

সলাজ হাঁহি এটাৰে মূৰ দুপিয়াই হয়ভৰ দিছিল ল’ৰাজনে।

: সেয়াই তোমাৰ থিয়ৰী অৱ ৰিলেটিভিটী, এতিয়া বুজিলা?

এন চি ই আৰ টিৰ কিতাপত উল্লেখ থকা কাহিনী এইটো। এই কাহিনীটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ৰিলেটিভিটীৰ সংজ্ঞা সহজতে বুজাবলৈ সুবিধা হয়।

উপৰ্যুক্ত কাহিনীটো এটা উদাহৰণহে মাথো। বিশ্বসাহিত্যত এনে ধৰণৰ বহু কাহিনী, গল্প-উপন্যাসৰ ভাণ্ডাৰ আছে। বিজ্ঞান আৰু সাহিত্যৰ এনে সংমিশ্ৰণে জ্ঞান আহৰণক আমোদজনক কৰি তুলিব পাৰে।

সাহিত্যত বিজ্ঞানৰ অৱদানে সাহিত্যৰ বিশাল পৃথিৱীখনক আৰু বিশাল কৰি তোলে। উদাহৰণস্বৰূপে প্ৰথমতেই নাম ল’ব লাগিব কল্পবিজ্ঞানৰ। কল্পবিজ্ঞানে ভৱিষ্যতৰ পৃথিৱীৰ এক একক দৰ্শন দিয়াৰ লগতে বিশ্বব্ৰহ্মাণ্ডৰ ওপৰত বিজ্ঞানৰ প্ৰভাৱৰ আভাস দিয়ে।

দ্বিতীয়তে আহে বিজ্ঞানমূলক পত্ৰিকা, গৱেষণাপত্ৰসমূহ। বিশ্বৰ সকলো দেশৰে বিখ্যাত পুথিভঁৰালসমূহৰ একাংশ এনে সাহিত্যৰে সমৃদ্ধ।

তদুপৰি বিখ্যাত বিজ্ঞানীসকলৰ জীৱন-আলেখ্য, তেওঁলোকৰ জীৱন-দৰ্শনৰ সাহিত্যিক ৰূপ সমূহেও সাহিত্যৰ এটা ডাঙৰ অঞ্চল দখল কৰিছে।

আনহাতে বিজ্ঞানত সাহিত্যৰ অৱদান বুজিবলৈ আলেকজেণ্ডাৰ পোপৰ নিউটনলৈ উৎসৰ্গা কৰা বিখ্যাত এপিটাফৰ বাক্য, “নেচাৰ এণ্ড নেছাৰ্ছ ল’জ লে হিড বাই নাইট, গড্ চেইড, লেট নিউটন বি, এণ্ড অল ৱাজ লাইট”ৰ উদ্ধৃতিলৈ লক্ষ্য কৰিব পাৰি। সাৱলীল কাব্যিক ভাষাৰে বিশ্ববিখ্যাত বিজ্ঞানী ছাৰ আইজাক নিউটন তথা তেওঁৰ কৰ্মৰাজিৰ গুৰুত্বৰ কথা উনুকিয়াইছিল আলেকজেণ্ডাৰ পোপে। ঠিক তেনেদৰেই বিজ্ঞানক এক আকৰ্ষণীয় তথা মনোগ্ৰাহী বিষয় কৰি তুলিবলৈ সাহিত্যৰ সংযোগ অপৰিহাৰ্য। শিক্ষক সমাজে সাহিত্যৰ সুপৰিকল্পিত ব্যৱহাৰৰ জৰিয়তে ছাত্ৰসমাজক বিজ্ঞান বিষয়টোলৈ আকৃষ্ট কৰি তুলিব পাৰে। বৈজ্ঞানিক সম্পৰীক্ষাৰে সাহিত্যক জীৱন্ত কৰি তোলা বা বৈজ্ঞানিক মননসমূহৰ আৰ্হি বা নৈতিকতা বুজিবলৈ কৰা সাহিত্যৰ ভাষাৰ প্ৰয়োগে একে সময়তে দুয়োটা বিষয়ৰ লগত ছাত্ৰসমাজৰ বান্ধোন সুদৃঢ় কৰাত সহায় কৰে।

সাহিত্য আৰু বিজ্ঞানৰ মণিকাঞ্চণ সংযোগ অসমীয়া সাহিত্যতো বিৰাজমান। অসমীয়া সাহিত্যতো বিজ্ঞানভিত্তিক লেখাৰ এক সুবিশাল ভঁৰাল পোৱা যায়। অসমীয়া সাহিত্যত বিজ্ঞানভিত্তিক কাহিনী পোনপ্ৰথমতে লিখিছিল হৰিপ্ৰসাদ বৰুৱাই। ১৯৩৭ চনত ‘আৱাহন’ আলোচনীত তেওঁ লিখা ‘বিৰচতীয়াৰ দেশ’ নামৰ গল্পটো অসমীয়া কল্পবিজ্ঞানৰ বাটকটীয়া। জনপ্ৰিয় হৈ পৰিছিল বিজ্ঞানমূলক সাহিত্য অসমীয়া পাঠকৰ মাজতো। ক্ৰমান্বয়ে বিভিন্ন লেখকৰ কল্পবিজ্ঞান নাটক আৰু উপন্যাসো প্ৰকাশ হ’বলৈ ধৰিছিল। দীনেশ চন্দ্ৰ গোস্বামী, বন্দিতা ফুকন, ৰঞ্জু হাজৰিকা, অমৰজ্যোতি চৌধুৰী, অভিজিত শৰ্মা বৰুৱা প্ৰমুখ্যে বহুত লেখকৰ হাতত অসমীয়া বিজ্ঞান সাহিত্য ভাণ্ডাৰ চহকী হৈছিল। এই তালিকাত নৱপ্ৰজন্মৰ বহুকেইজন লেখকো লাহে লাহে জড়িত হ’বলৈ ধৰিছে।

বিজ্ঞান আৰু সাহিত্যক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি গণ্য কৰিবলৈ সক্ষম হোৱা মানেই সমাজৰ অগ্ৰগতিৰ লক্ষণ। সমাজ এখন প্ৰগতিৰ দিশে আগুৱাবলৈ বিজ্ঞানমনস্ক নাগৰিকৰ বিশেষ প্ৰয়োজন। সমাজত বিজ্ঞানমনস্কতা বিয়পাই তুলিবৰ বাবে সাধাৰণ নাগৰিকৰ মাজতো বিজ্ঞান চৰ্চা জনপ্ৰিয় হোৱাটো অতিকৈ জৰুৰী। এয়া সম্ভৱ হয় যেতিয়া বৈজ্ঞানিক তথ্য আৰু সম্পৰীক্ষাসমূহ বিজ্ঞানাগাৰতে আৱদ্ধ হৈ নাথাকি সমাজৰ প্ৰতিটো স্তৰত জনাজাত হৈ পৰে। আৰু এয়া সম্ভৱ হয় বিজ্ঞান আৰু সাহিত্যৰ সংযোজনত। উদাহৰণস্বৰূপে, আমি ১৫৪৩ চনলৈ ঘূৰি চাব পাৰোঁ। সেই বিশেষ চনটোত প্ৰকাশ হৈছিল দুখন অতি বিশেষ বৈজ্ঞানিক কিতাপ। এখন পোলেণ্ডৰ বিখ্যাত বৈজ্ঞানিক নিক’লাছ কপাৰ্নিকাছৰ জ্যোতিবিজ্ঞান বিষয়ক আৰু আনখন বেলজিয়ামৰ বৈজ্ঞানিক এণ্ডিয়াছ ভেছলিয়াছৰ শৰীৰবিজ্ঞান বিষয়ক। বৌদ্ধিক মহলত বিপুল জনপ্ৰিয়তা লাভ কৰা এই কিতাপ দুখনৰ যহতে সমাজত বিজ্ঞান চৰ্চাৰ এক জোঁৱাৰ উঠিছিল। ১৫৪৩ চনক সেই কাৰণে আধুনিক বিজ্ঞান চৰ্চাৰ আৰম্ভণি বছৰ বুলি মান্যতা দিয়া যায়।

ঠিক তেনেদৰেই নিউটনৰ ‘প্ৰিন্সিপিয়া’ গ্ৰন্থৰ কথাও উনুকিয়াব পাৰি। সমগ্ৰ ইউৰোপৰ বৌদ্ধিক মহলত খলকনি লগাইছিল এই গ্ৰন্থখনে। উক্ত গ্ৰন্থখনত নিউটনে মহাকৰ্ষণৰ নিয়ম আৰু গতিবিজ্ঞানৰ তিনিটা নিয়মৰ সহায়ত গ্ৰহ-উপগ্ৰহৰ গতিসমূহৰ কথা বেছ সহজতে বুজিব পৰাকৈ সুন্দৰকৈ ব্যাখ্যা কৰি গৈছে। এই গ্ৰন্থখনৰ প্ৰকাশৰ পিছতহে নিউটনৰ প্ৰতিভাৰ কথা বিদ্বানমহল আৰু ক্ৰমান্বয়ে সাধাৰণ মানুহে জানিবলৈ ধৰিছিল। সাধাৰণ মানুহবোৰেও এই গ্ৰন্থৰ প্ৰকাশৰ পিছত গ্ৰহ-উপগ্ৰহসমূহক ৰহস্যময়, অলৌকিক বা দৈৱিক শক্তিৰ সলনি বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চাবলৈ ধৰিছিল। নিউটনৰ বৈজ্ঞানিক কৰ্মৰ জনপ্ৰিয়তাৰ ফলত জটিল বিশ্বব্ৰহ্মাণ্ডখনো যে সৰল বৈজ্ঞানিক নিয়মৰ দ্বাৰা পৰিচালিত হয় মানুহে বুজি পাইছিল। বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বাঢ়িছিল সকলোৰে।

অন্ধবিশ্বাসৰ কুঁৱলী আৰু কুসংস্কাৰৰ ডাৱৰ আঁতৰাই এখন প্ৰগতিশীল সমাজ গঢ়িবলৈ বিজ্ঞান আৰু সাহিত্যৰ মিলন অপৰিহাৰ্য। বিজ্ঞানত সাহিত্যৰ প্ৰয়োগ তথা সাহিত্যত বিজ্ঞানৰ তথ্য সাঙুৰি ল’লে আমাৰ সমাজে অনায়াসে প্ৰগতি লাভ কৰিব।

 

নমস্কাৰ,

বৰ্ণালী পাঠক

সম্পাদক, সাহিত্য ডট অৰ্গ

এই সংখ্যাটোৰ আঁৰত-

এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….

 

 

এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….

 

 

 

এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!