সম্পাদকীয়: স্বপ্না দত্ত ভৰালী

লেখক- স্বপ্না দত্ত ভৰালী

”সুখ সুখ বুলি মানুহ বলিয়া

নেদেখে সুখৰ মুখ;

সুখ বিচাৰোঁতে পায় সংসাৰত

দুখৰ উপৰি দুখ।”

 

সুখী হোৱাৰ হাবিয়াহ প্ৰায় প্ৰতিজন মানুহৰেই থাকে। অথচ সুখৰ সংজ্ঞা প্ৰত্যেকৰে বাবে ভিন ভিন। মানে সুখ ব্যক্তিনিৰ্ভৰ। পিছে সুখৰ সংজ্ঞা যাৰ বাবে যিয়েই নহওক লাগে, সকলো মানুহেই সুখান্বেষী। মনোবিজ্ঞানীৰ মতে সুখ জেনেটিক। ৫ এইচ টি টি বা ‘হেপি জিন’ হেনো মাতৃৰ গৰ্ভধাৰণৰ সময়ৰ পৰাই আমাৰ ডি এন এত নিহিত হৈ থাকে।

 

সুখী হ’বৰ বাবে মানুহক কিহৰ প্ৰয়োজন? সুখী হোৱাৰ মূলমন্ত্ৰটো কি? নানা মুনিৰ নানা মত। তাৰে কিয়দংশ এনেধৰণৰ—

 

*যি আছে তাতেই সন্তুষ্ট থাকিবলৈ চেষ্টা কৰা।

*নিজকে আনৰ সৈতে তুলনা কৰিবলৈ বন্ধ কৰা।

*নিজৰ সাধ্যানুসৰি আনৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা।

*নিজৰ পছন্দৰ কামত ব্যস্ত থকা। আপোনাৰ পেশা যদি আপোনাৰ নিচাও হয়, তেন্তেতো কথাই নাই।

*শাৰীৰিক স্বাস্থ্য যেনে সুষম আহাৰ, নিয়মিত ব্যায়াম আদিত গুৰুত্ব দিয়া তথা মানসিক স্বাস্থ্যৰ বাবে যোগ, ধ্যান আদিত মনোনিৱেশ কৰা।

*সমালোচনা গ্ৰহণ কৰিবলৈ শিকা তথা আনৰ মতামতে নিজকে বিচলিত কৰিব নোৱাৰাকৈ অটল ৰখা।

*জীৱনক অৰ্থপূৰ্ণ কৰি তুলিবলৈ এটা লক্ষ্য বা উদ্দেশ্য সদায় আগত ৰখা।

*বিচৰাখিনি পাবলৈ কচৰৎ কৰাৰ লগতে জীৱনে দিয়াখিনিক লৈয়ো কৃতজ্ঞ হোৱা।

*সততাৰে কাম কৰা।

*আশাবাদী হোৱা।

*অতীতমুখী নোহোৱা। কাৰণ অতীতমুখী মানুহ সদায়েই অসুখী।

*সদায়েই ইতিবাচক মানসিকতা লৈ ফুৰা ইত্যাদি।

 

বুদ্ধদেৱে কৈছিল, ঋতুৰ পৰিৱৰ্তন হোৱাৰ দৰেই মানুহৰ জীৱনলৈয়ো পৰিৱৰ্তন আহে। এদিন যদি সুখ আহে তেন্তে এদিন দুখ। কিন্তু কোনোটোৱেই জীৱনত স্থায়ী হৈ থাকি নাযায়। দুখৰপৰা মুক্ত হ’বলৈ ধৈৰ্য্যৰ সহায় লোৱাৰ লগতে দুখক দূৰ কৰিবৰ বাবে নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰাৰ কথাও বুদ্ধদেৱে কৈ গৈছে। সুখৰ আৱাহন কৰিবলৈ হ’লে দুখক আঁতৰাবলৈ যত্ন কৰিবই লাগিব।

 

আচলতে যিকোনো সমস্যাত আমাৰ মনলৈ হাজাৰটা চিন্তা আহি পৰে। তাৰে কিছু কথা আমাৰ নিজৰ নিয়ন্ত্ৰণৰ গণ্ডীৰ ভিতৰত (circle of control) আৰু কিছু কথা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত (circle of concern) থাকে যিবোৰক কেৱল আশংকা কৰি উদ্বিগ্নতাত ভুগিবহে পাৰোঁ। গতিকে কথা হ’ল আপুনি আপোনাৰ শক্তি, সামৰ্থ্য বা মনোযোগ ক’ত দিব? Circle of Control ত নে Circle of Concern ত? প্ৰথমটো নিয়ন্ত্ৰণ কৰি দ্বিতীয়টো উপেক্ষা কৰিব পাৰিলেও আপোনাৰ আপোনাৰ উদ্বিগ্নতা কমিব। উদ্বিগ্নতা কমি গ’লে আপোনাৰ সুখী হোৱাৰ বাটো মুকলি হ’ব।

 

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কিছু গৱেষকে ১৯৩৪ চনৰ পৰা ৭২৪জন লোকৰ ওপৰত ৮৫ বছৰ জুৰি চলোৱা এটা গৱেষণাৰ অন্তত, য’ত সেই লোককেইজনৰ পৰিয়াল-পৰিজনৰ পৰা তেওঁলোকৰ পাছৰ প্ৰজন্মৰ লোককো জড়িত কৰি লোৱা হৈছিল, প্ৰকাশ কৰিছিল যে কেৱল টকা-পইচা, কৃতকাৰ্য্যতা বা খ্যাতিয়ে মানুহলৈ সুখ কঢ়িয়াই আনিব নোৱাৰে, পাৰে আন্তৰিকতাৰে পূৰ্ণ ইতিবাচক সম্পৰ্কইহে।

 

আব্ৰাহাম লিংকনে কৈছিল, ‘Most folks are as happy as they make up their minds to be.’  মানুহ যিমানেই সুখী হ’ব বিচাৰে সিমানেই সুখী হ’ব পাৰে। সুখ আচলতে নিজৰ হাততেই। জীৱনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰি আপুনি হ্ৰস্বম্যাদী বা হেডোনিক (Hedonic) সুখ ল’বও পাৰে বা নিজৰ সাধনাত প্ৰাপ্তি লাভ কৰি দীৰ্ঘম্যাদী বা ইউডাইমোনিক (Eudaimonic) সুখো ল’ব পাৰে। হেডোনিক সুখে জীৱনটো সহজ কৰি দিয়াৰ বিপৰীতে ইউডাইমোনিক সুখে জীৱনৰ প্ৰকৃত অৰ্থ বুজাত সহায় কৰে। আচলতে জীৱনত এই দুয়োবিধ সুখৰেই প্ৰয়োজন আছে। শূন্যৰ পৰাই আৰম্ভণি জীৱনৰ। আকৌ গৈ মহাশূন্যত হেৰাই যাবলৈকে। সেয়ে এই খন্তেকীয়া জীৱনটোত সুখী হ’বলৈ কচৰৎ কৰাটো নিশ্চয় জৰুৰী।

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1 year ago

সুন্দৰ সম্পাদকীয়

Don`t copy text!