অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা

লেখক- ৰাজশ্ৰী শৰ্মা

 

 

 এই সম্পাদকীয়টো লিখি থকাৰ সময়তেই আমাৰ মাতৃভাষা অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা আমাৰ ভাষা সাহিত্যৰ বাবে এক গৌৰৱময় মাইলৰ খুটি। অসম সাহিত্য সভাৰ অশেষ কষ্ট আৰু অসম চৰকাৰৰ সদিচ্ছাৰ সৈতে এমুঠি মানুহে দেহে কেহে লগাৰ পিছত সমূহ অসমবাসীৰ বহুদিনীয়া সপোন এটা পূৰ হ’ল এই কঠিন যাত্ৰাপথৰ অন্তত। 

 ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিবলৈ বিভিন্ন মাপকাঠি পাৰ কৰিবলগীয়া হয় বুলি বিভিন্ন কিতাপ পত্ৰৰ যোগেৰে জানিব পাৰিলোঁ। ফেচবুকতো এই বিষয়ত এইকেইদিন বহুতো লিখা মেলা হৈছে আৰু তথ্যসমূহ পুংখানুপুংখভাৱে বুজিব পৰা গৈছে। 

ভাৰতত ইয়াৰ আগলৈ ধ্ৰুপদী স্বীকৃতিপ্ৰাপ্ত ভাষাকেইটা হ’ল— তামিল( ২০০৪ চনত স্বীকৃতি লাভ কৰিছিল), সংস্কৃত(২০০৫), তেলেগু(২০০৮), কানাড়া(২০১১), মালয়ালম (২০১৩, ওড়িয়া (২০১৪), মাৰাঠী(২০২০)। 

 এই ৭টা ভাষাৰ লগতে এতিয়া অসমীয়া, পালি, প্ৰাকৃত আৰু বাংলা ভাষায়ো ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে। 

 ভাৰতত কোনো ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ মাপকাঠিসমূহ—

(ক) ভাষাটো ১০০০-১৫০০ বছৰতকৈও অধিক পুৰণি, চহকী আৰু সাহিত্যৰ ঐতিহ্য থাকিব লাগিব। 

(খ) ভাষাটোৰ নিজা লিপি থাকিব লাগিব। 

(গ) কবিতা, নাটক, গদ্য আদিকে ধৰি সাহিত্যলৈ উল্লেখযোগ্য অৱদান থাকিব লাগিব। 

(ঘ) সাহিত্যৰ ভেটি হিচাপে বিবেচিত মৌলিক গ্ৰন্থ থাকিব লাগিব। 

(ঙ) অঞ্চলটোৰ অন্যান্য ভাষাৰ ওপৰত ভাষাটোৱে যথেষ্ট প্ৰভাৱ পেলাব পাৰিব লাগিব। 

(চ) ভাষাটো যথেষ্ট সংখ্যক লোকে ক’ব বা অধ্যয়ন কৰিব লাগিব। 

অতিৰিক্তভাৱে ঐতিহাসিক তাৎপৰ্য, সাংস্কৃতিক গুৰুত্ব, ভৌগোলিক বিস্তৃতি আদিৰ বিষয়ে ক’ব পাৰি। গতিকে ধ্ৰুপদী স্বীকৃতি লাভ কৰাটো নিঃসন্দেহে আমাৰ বাবে  বিশেষভাৱে গুৰুত্বপূৰ্ণ। 

 কিন্তু আমি এই ধ্ৰুপদী স্বীকৃতি লাভতেই সন্তুষ্ট হৈ থাকিলে নহ’ব। অসমীয়া মাধ্যমৰ যোগেৰে শিক্ষাদান কমি অহাৰ লগে লগেই লাহে লাহে কমি আহিছে অসমীয়া ভাষিক লোকৰ সংখ্যাও। ইংৰাজী মাধ্যমত শিক্ষাদান এতিয়া এক এৰাব নোৱাৰা পৰিঘটনা। আমাৰ অভিভাৱক তথা নতুন শিক্ষাৰ্থীসকল বহুক্ষেত্ৰত মাতৃভাষাৰ বাহিৰে আন মাধ্যমত পঢ়া-শুনা কৰিবলৈ বাধ্য। আজিৰ নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষা চৰ্চা খুবেই কম। ইণ্টাৰনেটৰ কৰাল গ্ৰাসত গেমিং, ৰীল আদিৰ মাজত সোমাই পৰিছে উঠি অহা চাম। অসমত এতিয়া আলোচনী আদিৰ বিক্ৰীও চকুত পৰাকৈ পঁয়া লগা অৱস্থা পাইছে। শাৰদীয় দুৰ্গোৎসৱৰ সময়ত এটা সময়ত আমি প্ৰতিখন বাতৰি কাকতৰ শাৰদীয় সংখ্যাৰ বাবে বাট চাই আছিলোঁ। এইবাৰ লক্ষণীয়ভাৱে অসমীয়াত অতি কম শাৰদীয় সংখ্যা দেখিবলৈ পোৱা গ’ল। বিক্ৰীৰ অৱস্থাও শোচনীয়। 

 কিন্তু তথাপি তাৰ মাজতে মাতৃভাষা প্ৰসাৰণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত উদ্যোগ স্থাপন কৰি তুলিব পাৰি। চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ মাজতে যদি গাঁৱে-চুবুৰিয়ে একোটাকৈ ক্ষুদ্ৰ পুথিভঁৰাল স্থাপন কৰা হয়, প্ৰতিটো নামঘৰ অথবা ধৰ্মানুষ্ঠানে লাভ কৰা চৰকাৰী পুঁজিৰপৰা অথবা প্ৰতিখন বিদ্যালয় অথবা মহাবিদ্যালয়ে বিদ্যালয় পুঁজিৰ পৰা মাহত দুখনকৈ আলোচনী যদিহে লয়, তথাপি এটা সংখ্যক পঢ়ুৱৈৰ সৃষ্টি কৰিব পাৰি বুলি আমি আশা কৰিব পাৰোঁ। তাৰ বাবে লাগিব বিদ্যালয় কৰ্তৃপক্ষৰ সদ্ভাৱ আৰু সদিচ্ছা। চৰকাৰলৈ প্ৰতিটো কথাত নিৰ্ভৰশীল হৈ নাথাকি আমাৰ উত্তৰ পুৰুষৰ কল্যাণৰ বাবেই অভিভাৱকসকলোও সজাগ হ’বলৈ হ’ল। নহ’লে কোনো ধ্ৰুপদী মৰ্যাদাই ভাষা এটা ধৰি ৰাখিব নোৱাৰে, যদিহে অনাগত দিনত ভাষা ব্যৱহাৰ কৰোঁতা নাথাকে। 

 আমাৰ মাতৃভাষাটো শুদ্ধকৈ কোৱা আৰু লিখাটো আমাৰ সকলোৰে দায়িত্ব। আশা কৰোঁ আহিবলগীয়া ভৱিষ্যততো আমাৰ অসমীয়া ভাষাৰ জয়যাত্ৰা অব্যাহত থাকিব। 

 ‘চিৰ চেনেহী মোৰ ভাষা জননী।’

মিত্ৰদেৱ মহন্ত দেৱৰ এই কথাষাৰ আওৰাই এই সম্পাদকীয়ৰ মোখনি মাৰিলোঁ। জয়তু অসমীয়া ভাষা। জয়তু ‘অসমীয়াত কথা বতৰা’। 

 

নমস্কাৰ

ৰাজশ্ৰী শৰ্মা

সম্পাদক

সাহিত্য ডট অৰ্গ

এই সংখ্যাটোৰ আঁৰত-

 ‘অসমীয়াত কথা বতৰা’ গোটৰ সৈতে জড়িত সমূহ প্ৰশাসক আৰু ‘সাহিত্য ডট অৰ্গ’ সম্পাদনা সমিতিৰ সকলো সদস্যলৈ আন্তৰিক কৃতজ্ঞতা আৰু সেৱা আগবঢ়ালোঁ। এই মাহৰ আলোচনীখন সাজু কৰি তোলাৰ বাবে তেওঁলোকৰ অনুদান প্ৰণিধান যোগ্য।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!