সম্পাদকীয়: খনিন্দ্ৰ ভূষণ মহন্ত

লেখক- খনিন্দ্ৰ ভূষণ মহন্ত

পৰিৱর্তনেই হৈছে একমাত্র ধ্রুৱক। বল্কল পিন্ধি গুহাত বাস কৰাৰ পৰা – শীত-তাপ নিয়ন্ত্রিত থ্রী বি-এইচ-কে ফ্লেটত থকালৈকে, শিলে-শিলে ঘঁহি জুই আৱিষ্কাৰ কৰাৰ পৰা – হাতৰ মুঠিত পৃথিৱীখন লৈ ফুৰিব পৰালৈকে… পৰিবৰ্তনৰ এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আমি বৰ্তমানৰ অৱস্থাত উপনীত হৈছোঁহি। আমাৰ আধুনিক জীৱন-যাত্ৰাৰ কাৰণে আৱশ্যকীয় যন্ত্ৰ-পাতি যেনে কম্পিউটাৰ, ম’বাইল ফোন, মাইক্ৰ’ৱেভ অ’ভেন এই সকলোবোৰৰে ভিতৰতো আছে ক্ষুদ্ৰাকৃতিৰ আন কেতবোৰ যন্ত্ৰ৷ এই সূক্ষ্ম যন্ত্ৰ-পাতিবোৰৰ মূলতে হৈছে অণুবৈদ্যুতিক অভিযন্ত্ৰণ বা মাইক্ৰ’ ইলেক্ট্ৰনিকছ্‌৷

সৌ তাহানিতে বিদ্যুত-চুম্বকীয় তৰংগৰ উদ্ভাৱন। সিবোৰৰ পৰিশ্রাৱণ আৰু পৰিৱর্ধন বিষয়ক যন্ত্রৰ বহুল ব্যৱহাৰ আদিয়ে মানৱ সমাজলৈ এক অভাৱনীয় পৰিৱর্তন আনিলে। অৱশ্যে এই পৰিৱর্তন কেৱল বাহ্যিক বুলি ক’লে ভুল হ’ব। লাহ-বিলাহৰ পিঠিতে মানুহৰ কর্মস্পৃহা, মানসিকতা তথা চিন্তাধাৰাৰ পৰিসৰ আদিতো প্রভাৱ বিস্তাৰ কৰিলে – প্রত্যক্ষ বা পৰোক্ষভাৱে। এইখিনিতে প্রশ্ন হয় – বিজ্ঞানৰ (বিশেষকৈ অণুবিদ্যুৎ অভিযান্ত্রিকৰ) প্রচলিত তত্ত্ববোৰ আৰু মানুহৰ জীৱনৰ মাজত মিল আছে লেকি? কিদৰে পৰিলক্ষিত হয় এই সামঞ্জস্য? নে ভিন্ন দিশত একা-বেঁকাকৈ আগুৱাই গৈ থাকোঁতে দুইটা বাট মাজে-মাজে মুখা-মুখিহে হৈছে?

বৰ্তমানৰ আমি সকলোতে ব্যৱহাৰ কৰা যন্ত্ৰবোৰৰ ভিতৰৰ মূল হৈছ ‘চ্ছিপ্‌’ (Chip)৷ তাৰো ভিতৰৰ বস্তু হৈছে ‘ডায়ড’ (Diode) আৰু ‘ট্ৰেঞ্জিষ্টৰ’ (Transistor)। দৈনন্দিন জীৱনত আমি সততে ব্যৱহাৰ কৰি থকা বিভিন্ন সঁজুলি যেনে – বিজুলি বাতি, পাঙ্খা ইত্যাদিতো এটা সময়ত ‘ডয়ড’ ব্যৱহাৰ হৈছিল। আনকি বিদ্যুৎ উৎপাদন ক্ষেত্রত ব্যৱহৃত বিভিন্ন সৰু-বৰ বর্তনীবোৰতো ডায়ড নহ’লে নহৈছিল। ইয়াৰ মূল কাৰণটো হ’ল – ডায়ডবোৰ সদায় একমুখীয়। অর্থাৎ, ই কেৱল আৰু কেৱল এটা দিশতে বিদ্যুৎ প্রবাহ সম্পন্ন কৰিবলৈ দিয়ে। এতিয়া যদি আমি জীৱনটোৰ প্রতি দৃষ্টি নিক্ষেপ কৰোঁ – আপাত দৃষ্টিত সামঞ্জস্য নথকা যেন বোধ হ’লেও, ভৈয়ামৰ পৰা নৈ এখন পাহাৰলৈ বৈ নোযোৱাৰ দৰে – আমাৰ জীৱনো সদায় আগুৱাই গৈ থাকে – ঠিক সেই ডায়ডৰ মাজেৰে প্রৱাহিত ইলেক্ট্রণৰ কণিকাবোৰৰ দৰেই। আমাৰ জীৱনত সুখ-দুখ, সমস্যা-প্ৰত্যাহ্বান আদি থাকে। আমিও যদি নিজকে ডায়ডৰ দৰে গঢ়ি তুলি তাৰ মাজেৰে বাছি বাছি কিছুমান বস্তুকহে ‘প্ৰবাহিত’ হ’বলৈ বা প্ৰৱেশ কৰিবলৈ দিব পাৰোঁ, বহুখিনি সমস্যা তাতেই হ্রাস পাব। অৱশ্যে কথাবোৰ সহজ নহয়। এসময়ৰ ডায়ডবোৰৰ পৰা আহিল ট্ৰেঞ্জিষ্টৰ আৰু তাৰ পিছত আহিল চ্ছিপ্‌বোৰ৷ অর্থাৎ – কোনো কথাই স্থায়ী নহয়। সোঁৱৰণিও হেৰাই যায় পাহৰণিৰ সোঁতত। মানুহ? মানুহতো নহয়েই!

ইতিপূর্বে যিবোৰ উপাদানৰ উদাহৰণ দিয়া হ’ল এইবোৰ স্বয়ংচালিত ঠিকেই, কিন্তু সিহঁতৰ নিজা তথ্য সঞ্চয় কৰি ৰাখিব পৰা গুণটো নাই। বর্তমানৰ ‘স্মার্ট টিভি’, ‘অটমেটিক কুলাৰ’, ‘ট্রেফীক লাইট কণ্ট্রল’ আদিত এনে কিছুমান অণুবৈদ্যুতিক যন্ত্র ব্যৱহাৰ হৈ আছে, য’ত আমি প্রয়োজনীয় তথ্যবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰোঁ – মন গ’লেই তাৰ পৰা তথ্যবোৰ ল’বও পাৰোঁ – নোহোৱাও কৰিব পাৰোঁ। সেইবোৰ পৰিচালিত কৰিবৰ বাবেও আকৌ বিশেষভাৱে লিখা কিছুমান আদেশাত্মক বাক্যৰো প্রয়োজন – যাক ‘কডিং’ বুলি কোৱা হয়। মাইক্র’প্রচেছৰ, মাইক্র’কণ্ট্রলাৰ ইত্যাদি তেনে কিছু উপকৌশলৰ উদাহৰণ। আচৰিত যেন লাগিলেও সত্য যে – আমাৰ মগজুটোৰ দৰেই সেইবোৰেও চিন্তা কৰিব পাৰে (প্রগ্রামটোৰ অনুসৰি), মগজুৱে আমাৰ অংগ সঞ্চালনৰ বাবে যিদৰে ইংগিত প্রদান কৰে, মাইক্রকণ্ট্রলাৰেও সিবোৰৰ লগত যুক্ত হৈ থকা বিভিন্ন বৰ্তনীয়েদি প্রৱাহিত তৰংগৰ দ্বাৰা কার্যটো সমাপন কৰে। ঠিক বিপৰীতে, মাইক্রকণ্ট্রলাৰৰ ‘মেমৰী’ত সঞ্চিত তথ্যবোৰ উপযুক্ত বিধি প্রয়োগৰ দ্বাৰা সমূলঞ্চে নোহোৱা কৰিবও পাৰি। অৱশ্যে মানুহৰ মগজুৰ ক্ষেত্রত এই কামটো কিছু জটিল হ’ব। কিয়নো আমাৰ আৱেগ-অনুভূতি আছে – আছে চিন্তা-চেতনাৰ স্রোত – যিটো যন্ত্রবোৰৰ নাই।

শুই উঠাৰ পৰা টোপনি যোৱালৈকে আমি যন্ত্রৰ আবেষ্টনীতে সময় কটাইছোঁ। ফলত মানুহবোৰ যন্ত্রৰ ওপৰত অত্যধিক নির্ভৰশীল হৈ পৰিছে (নে হ’বলৈ বাধ্য হৈছে!)। ইমানৰ পাছতো আমি নিজৰ আৱেগক জীয়াই ৰাখিব পাৰিছোঁ। জীৱনক জীয়ন দি ৰাখিবলৈ প্রয়োজন হোৱা মানসিক খাদ্যৰ যোগান আমি নিজেই যোগাৰ কৰি লৈছোঁ আৰু আত্মিক আহ্বান শুনিব পৰাকৈ – বুজিব পৰাকৈ হৈ আছোঁ সজাগ। আৱেগ-অনুভূতিৰ পূৰ্ণ মানুহ হৈ থাকি আমি যান্ত্ৰিকতাত যাহ নগৈ জীৱনক উদ্‌যাপন কৰি আছোঁ৷ ই কি কম কথা?

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!