সহজে হজম কৰিব নোৱাৰাকৈ মনোগ্ৰাহী প্ৰশ্নৰ আস্ফালন ‘জীৱনে মোক কি দিলে’
লেখক- অনামিকা বড়া
গ্ৰন্থৰ নামঃ জীৱনে মোক কি দিলে
লেখকঃ ডঃ প্ৰহ্লাদ কুমাৰ বৰুৱা
প্ৰকাশনঃ বনলতা
প্ৰথম প্ৰকাশঃ অক্টোবৰ,২০০৩
মূল্যঃ ৬০ টকা
মুঠ পৃষ্ঠাঃ ৮৮
জীৱনতকৈ শ্ৰেষ্ঠ কবিতা কি আছে? জীৱনতকৈ শ্ৰেষ্ঠ গল্প কি আছে? প্ৰত্যেকেই একো একোখন উপন্যাস কঢ়িয়াই লৈ ফুৰে। বেছিভাগেই হৈ ৰয় অপ্ৰকাশিত অথবা সংগোপনে সময় বালিত পোত গৈ চিন-চাব হেৰাই যায়। হাঁহি, সুখ, প্ৰাপ্তিৰে ইতিবাচক জীৱনৰ কথা কৈ লিখি ইয়াক অৰ্থবহ কৰি তুলিবলৈ যত্ন কৰা পৃষ্ঠাবোৰ প্ৰত্যেকৰে আত্মোপন্যাসত প্ৰকাশ্য হৈ থাকে। কিন্তু জীৱন মানেই দুখ-বেদনা-অপ্ৰাপ্তিময় এক গাথা। সেই সত্যক স্বীকাৰ কৰিব নোৱাৰা, সহিব নোৱৰাসকলেই জীৱনৰ ওচৰত হাৰ মানি হেৰাই যায়, কেতিয়াও ঘূৰি আহিব নোৱাৰাকৈ। অথচ জীৱন গহ্বৰত ধৰা দিয়া বিষাদক গ্ৰহণ কৰি জীৱনক গ্ৰহণীয় কৰি তোলাটোতেই যে জীৱনৰ প্ৰকৃত অৰ্থ নিহিত হৈ আছে তাকে বুজিবলৈ জীৱন অপাৰগ।
“দুখক জীৱনৰ সত্য বুলি দৃঢ়তাৰে অনুভৱ কৰিব পাৰিলেহে জীৱন সহনীয় হৈ উঠে।” এইবুলি উল্লেখ কৰি ডঃ প্ৰহ্লাদ কুমাৰ বৰুৱাই ‘জীৱনে মোক কি দিলে’ গ্ৰন্থখনৰ ‘জীৱন এক কৰুণ প্ৰাৰ্থনা’ শীৰ্ষক প্ৰথমটো অধ্যায়ত জীৱনক গ্ৰহণ কৰিবলৈ শিকাইছে। অনন্ত সময়ৰ তুলনাত ক্ষুদ্ৰ জীৱনটো দুৰ্লভ আৰু এই দুৰ্লভ জীৱনটো উপভোগ্য কৰিবলৈ সুখৰ আনন্দ আৰু দুখৰ বেদনাৰ ভাৰসাম্যতা ৰক্ষাৰ প্ৰয়োজনীয়তা পদে পদে উপলব্ধ। সকলোৱে জনা এই সৰু কথাটো কিমান গুৰুত্বপূৰ্ণ তাক নিজ জীৱনৰ অভিজ্ঞতাৰে লেখকে অত্যন্ত সৰলতাৰে কৰা উপস্থাপন এক কথাত হৃদয়স্পৰ্শী।
“হিংস্ৰতাৰ ভয়াবহতা, বেদনাৰ গভীৰতা, আনন্দৰ মাদকতা, কৰুণাৰ আৰ্দ্ৰতা, প্ৰেমৰ আবিলতা,আশাৰ বালিচন্দা, আশা ভংগৰ বিষণ্ণতা আৰু অনেক বিচিত্ৰতাৰে ধূসৰ ৰহস্যময়তা” – জীৱনৰ গহ্বৰত কৰা এই আৱিষ্কাৰৰ কথাৰে কিতাপখনৰ আঁৰৰ কথাত লেখকে আকুলতাৰে স্বীকাৰ কৰিছে, “জীৱন গহ্বৰত আৱিষ্কাৰ কৰা সত্যবোৰ কৈ দিবৰ মন যায় মুকলিকৈ। সকলোৰে মন যায় বোধহয়। ক’বও নোৱাৰোঁ কিবা এটা ভয়ত। আনেও নোৱাৰে হয়তো । কেতিয়াবা হয়তো সকলো প্ৰকাৰ বন্দিত্বৰ কাৰাগাৰ ভাঙি নিজকে মুক্ত কৰিবৰ বাবে প্ৰচণ্ড বিদ্ৰোহ কৰিবৰ মন যায় সম্ভৱ। বিদ্ৰোহ কৰিবও নোৱাৰোঁ। আনেও পৰা নাই বোধহয়।” আকৌ কিতাপখনত সন্নিৱিষ্ট অধ্যায়সমূহে বহন কৰা শব্দগুচ্ছৰ কথা এনেদৰে লিখিছে, “বাছি বাছি কিছুমান অনুভৱক প্ৰকাশৰ স্বাধীনতা দিলোঁ। এইবোৰ কাৰ অনুভৱ? কেৱল মোৰেইনে? নে আনৰো?”
অকণো দ্বিধাবোধ নকৰাকৈ ক’ব পাৰি আঁৰৰ কথাত লেখকৰ কলমেৰে নিগৰা প্ৰতিটো বাক্যৰে পূৰ্ণ প্ৰতিফলন ঘটিছে ইয়াৰ ভিতৰৰ অধ্যায়সমূহত। সৰ্বমুঠ চৈধ্যটা অধ্যায় সম্বলিত কিতাপখনত সূচীপত্ৰৰ পৰিৱৰ্তে ‘অনুভৱৰ দিশবোৰ’ ব্যৱহাৰ কৰাটোতো লেখকৰ চিন্তাৰ স্বকীয়তা প্ৰতিভাত হৈছে। ‘জীৱন এক কৰুণ প্ৰাৰ্থনা’ৰে আৰম্ভ হোৱা অনুভৱৰ বাকী দিশবোৰ হ’ল- ‘জীৱনত আপোন বুলিনো কি আছে’, ‘জীৱনক লগ পাবৰ বাবেই জীৱন জোৰা ব্যাকুলতা’, ‘পুৰুষৰ জীৱনত নাৰী’, ‘পুৰুষে নাৰীৰ বাবে কি কৰে’, ‘জনপ্ৰিয়তা ধ্বংসৰ কাৰণো হ’ব পাৰে’, ‘আদৰ্শ জীৱন-দৃষ্টি নে অন্ধতা’, ‘হতাশাগ্ৰস্ততাও জীৱনৰ পাথেয় হ’ব পাৰে’, ‘শিক্ষকতাই মোক কি দিলে’, ‘মানুহ কিহেৰে জীয়াই থাকে’, ‘যৌৱন কেৱল উন্মাদনা নহয়’, ‘কেতিয়াবা আত্মহত্যা কৰিবৰ মন যায় নেকি’, জীৱন আত্মপ্ৰৱঞ্চনা নহয়’ আৰু ‘জীৱনে মোক কি দিলে’।
জীৱনৰ অপ্ৰিয় সত্যবোৰ মনেৰে স্বীকাৰ কৰা যিমান কঠিন, শব্দেৰে আতোলতোলকৈ সজাই চৰম সত্যক সৰলতাৰে আৰু সততাৰে উপস্থাপন কৰাতো আৰু অধিক কঠিন। জীৱনত এনে কিছুমান মুহূৰ্ত সকলোৰে আহে যেতিয়া সীমাহীন সান্তনাৰ বাণী, অনুপ্ৰেৰণাৰ আৰ্হি, সাহভৰা শব্দগুচ্ছইও মৰ্মন্তুদ বিষাদক মচিব নোৱাৰে,পাহৰাব নোৱাৰে। তেনেস্থলত সেই বিষাদক গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ বাস্তৱিক চিন্তাৰে কলম তুলি জীৱনে মোক কি দিলে গ্ৰন্থখনেৰে লেখকে পৰোক্ষভাৱে বাট দেখুৱাইছে । পৰোক্ষভাৱে বুলি এইবাবেই কোৱা হৈছে কিয়নো দ্ব্যৰ্থবোধক শিৰোনামৰ অধ্যায়ত নেতিবাচক প্ৰশ্ন-কথাৰে আৰম্ভ কৰি শেষ কৰিছে ইতিবাচক চিন্তাৰে। যি চিন্তাৰ অৱকাশ তেওঁ এৰি দিছে পঢ়ুৱৈলৈ। কোনো দাৰ্শনিক বা মনোবিদৰ সংজ্ঞা-সূত্ৰৰ আশ্ৰয় নলৈ প্ৰথমৰ পৰা শেষলৈকে বাস্তৱৰ ভিত্তিতেই সকলো সৰলভাৱে আলোচনা কৰি কঠিন, অপ্ৰিয় সত্যকো সহজ ৰূপত পঢ়ুৱৈৰ ওচৰত ডাঙি ধৰাত প্ৰতিভাত হৈ উঠিছে লেখকৰ সাহসী, বলিষ্ঠ, সুনিপুণ কলম তথা জীৱনক গ্ৰহণ কৰিব পৰাৰ অদমনীয় শক্তি।
নিঃসন্দেহে জীৱনৰ কথা লিখি শেষ কৰিব কোনেও নোৱাৰে। লেখকেও পৰা নাই। সেয়া অত্যন্ত স্বাভাৱিক আৰু তেওঁ আৰম্ভণিতে স্পষ্টভাৱে স্বীকাৰো কৰি গৈছে। কিন্তু জীৱনে মোক কি দিলে গ্ৰন্থখন পঢ়ি শেষ কৰাৰ অন্তত প্ৰতিজন পাঠকেই উপলব্ধি কৰিব যেন কিতাপখন পঢ়ি শেষ হোৱা নাই। ক’ৰবাত যেন এতিয়াও কিবা বাকী ৰৈ গৈছে। এই বাকী ৰৈ যোৱা অপ্ৰকাশ্যখিনিকে লেখকে প্ৰকাৰান্তৰে পঢ়ুৱৈৰ চিন্তাৰ বাবে এৰি দিছে যাৰ বাবে গ্ৰন্থখনৰ পৃষ্ঠাবোৰ লুটিয়াই লুটিয়াই এবাৰতে সাৰমৰ্মক আঁজুৰি অনাটো সম্ভৱ নহয়। অনুভৱৰ দিশবোৰেৰে চিন্তাৰ পৃথিৱীত পঢ়ুৱৈক এৰি দিব পৰাটোতে লেখকৰ সাৰ্থকতা নিহিত হৈ আছে। সঁচাকৈয়ে ব্যস্তময় জীৱনত প্ৰাত্যহিকতাৰ পৰা অকণমান আহৰি লৈ নিজৰ কথা ভাবি চাওঁনে এনেকৈ,’জীৱনে মোক কি দিলে,কি দিছে আৰু কি দিব?’