সহজ
লেখক- —যশোৱন্ত নিপুণ
গুচি যোৱাটো বৰ সহজ,
হালধীয়া পাতবোৰ
সহজেই সৰি পৰে আৰু গুচি যায়,
শীতৰ লঠঙা ডালত
সেউজীয়া পাত গজি উঠাৰ দৰে
গুচি যোৱাটোও বৰ সহজ।
যি গুচি যায় তাক পাহৰিবলৈ
কাৰোৱেই খুব বেছি সময় নালাগে
স্মৃতিৰ ভৰত পৃথিৱী নাভাগে,
সীমাহীন ব্যস্ততাৰ এই পৃথীৱীয়ে
হালধীয়াবোৰ জোকাৰি সেউজীয়া হ’ব জানে।
দুখ আৰু চিন্তাবোৰ মূৰত লৈ
হালধীয়া পাতবোৰ গুচি যাব নালাগে,
তুমি যোৱাৰ পাছতো
পৃথিৱীখন এনেকৈয়ে চলি থাকে
যেনেকৈ পৃথিৱীখন চলি থাকিব লাগে।
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments