বিশিষ্ট চিত্ৰশিল্পী তথা অভিযন্তা শ্ৰীযুত মুকুল মাধৱ বৈশ্য

লেখক- সম্পাদক শ্ৰী অত্ৰেয়ী গোস্বামী

‘সাহিত্য ডট্ অৰ্গ’ৰ ফালৰপৰা এইবাৰ সাক্ষাৎ কৰা হৈছিল বিশিষ্ট চিত্ৰশিল্পী তথা অভিযন্তা শ্ৰীযুত মুকুল মাধৱ বৈশ্য ডাঙৰীয়াক। চিত্ৰশিল্পী হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা শ্ৰীযুত মুকুল মাধৱ বৈশ্যদেৱে অংকন কৰা বিভিন্ন চিত্ৰই অসম তথা ভাৰতবৰ্ষত সমাদৰ লাভ কৰিছে। পেছাত এগৰাকী অভিযন্তা শ্ৰীযুত মুকুল মাধৱ বৈশ্যই অসমৰ বিভিন্ন আলোচনীৰ বেটুপাত অঙ্কন কৰিছে। অসমৰ বৌদ্ধিক আলোচনী ‘গৰীয়সী’ৰ বহুকেইটা সংখ্যাৰ বেটুপাত অঙ্কন কৰা প্ৰসিদ্ধ চিত্ৰশিল্পী শ্ৰীযুত মুকুল মাধৱ বৈশ্যই ১৯৯৮ চনতে যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষা প্ৰদান কৰিছিল। তেখেতে পৃথিৱীৰ বিভিন্ন আন্তৰ্জাতিক প্ৰতিষ্ঠান যেনে- Wipro, Nell Infotech, Geometric Software Solutions, Abbott Labs, Pfizer, Estee Lauder, IBM ইত্যাদিতো কৰ্মজীৱন অতিবাহিত কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, কানাডা, চিংগাপুৰ, ইণ্ডোনেছিয়া আদি দেশত চাকৰি কৰি থকাৰ সময়ত উক্ত দেশসমূহৰ চিত্ৰকলা আৰু শিল্পকলা সম্পৰ্কেও তেখেতে সম্যক অধ্যয়ন কৰিছে। পিকাচ’, ডালি, ভেন গঘ, নন্দলাল বসু, অৱনীন্দ্ৰনাথ ঠাকুৰ, যামিনী ৰয়, ৰামকিংকৰ বেইজ আদি শিল্পীৰ দ্বাৰা প্ৰভাৱিত হোৱা শ্ৰীযুত মুকুল মাধৱ বৈশ্য ডাঙৰীয়াই তেখেতৰ পিতৃ বিখ্যাত চিত্ৰশিল্পী স্বৰ্গীয় মাধৱ বৈশ্যকো গুৰু আসনত প্ৰতিষ্ঠা কৰিছে।
’সাহিত্য ডট্‌ অৰ্গ’ৰ হৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰী অত্ৰেয়ী গোস্বামী তথা ‘অসমীয়াত কথা বতৰা গোট’ৰ সদস্য ক্ৰমে শ্ৰী বিকাশ দত্ত আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে অসমীয়াত কথা বতৰা গোটৰ সদস্যা শ্ৰী জুপিতৰা ফুকন আৰু শ্ৰী অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে সম্পাদক শ্ৰী অত্ৰেয়ী গোস্বামীয়ে। সাক্ষাৎকাৰটিৰ বাণীৱদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰী বিকাশ দত্তই। এই সকলোখিনি পাঠকসকললৈ আগবঢ়াই দিছে ডাঃ হিতেশ্বৰ শৰ্মা আৰু ডঃ দ্বীপজ্যোতি বৰাই।

সাহিত্য ড্‌ট অৰ্গ:-কলাৰ লগত আপুনি কেনেদৰে জড়িত হৈ পৰিল বা কলা সম্পৰ্কে চিন্তা চৰ্চাৰ আৰম্ভণি অথবা সূত্ৰপাত কেনেকৈ ঘটিল?
মুকুল মাধৱ বৈশ্য:- শিল্পকলা চৰ্চা কৰা ঘৰ এখনত মই জন্মগ্ৰহণ কৰিছিলোঁ। মোৰ জন্ম এনেকুৱা এখন ঘৰত হৈছিল যিখন ঘৰত সকলো সময়তে শিল্পকলাৰ আলোচনা হৈছিল, শিল্পকলাৰ চৰ্চা হৈছিল আৰু শিল্পকলাৰ শিক্ষা প্ৰদান কৰা হৈছিল। শিল্পকলাৰ সৈতে জড়িত যি এক সাংস্কৃতিক বাতাবৰণ আছে সেই বাতাবৰণৰ ওপৰত আমাৰ ঘৰখনত সকলো সময়তে আলোচনা-বিলোচনাবোৰ চলিছিল। মোৰ দেউতা প্ৰয়াত মাধৱ বৈশ্য এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী আছিল। তেখেতে কৰ্মজীৱন আৰম্ভ কৰিছিল যোৰহাটত। যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় যিখনক আমি বি. টি. কলেজ বুলি কওঁ, তাতেই দেউতাই কলা বিভাগৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। দেউতাই ১৯৬০-৬২ চনত এই মহাবিদ্যালয়ত চাকৰি জীৱন আৰম্ভ কৰিছিল। তেখেতে অসম চৰকাৰৰ জলপানি লৈ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বিখ্যাত বিশ্ববিদ্যালয় ‘শান্তিনিকেতন’ৰ কলা ভৱনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। মোৰ দেউতাৰ শিক্ষাগুৰু আছিল বিখ্যাত অধ্যক্ষ শিল্পী নন্দলাল ঘোষ ডাঙৰীয়া। মোৰ দেউতাই লগ পাইছিল বিখ্যাত ভাস্কৰ আধুনিক ভাৰতৰ শিল্পী ৰামকিংকৰ বেইজক। তেখেতে লগ পাইছিল প্ৰখ্যাত চিত্ৰশিল্পী অৱনীন্দ্ৰনাথ ঠাকুৰক। দেউতাই অসম চৰকাৰৰ পৰা জলপানি লৈ শান্তি নিকেতনত শিক্ষাৰম্ভ কৰিছিল। এই জলপানি লাভ কৰাত দেউতাক বিশেষভাবে সহায় কৰিছিল প্ৰখ্যাত শিক্ষাবিদ ইন্দিৰা মিৰিয়ে। দেউতাই শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি অহা উচিত বুলি তেখেতেই পৰামৰ্শ দিছিল। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে, দেউতাই “লণ্ডন স্কুল অফ আৰ্ট”ত পঢ়াৰ সুবিধাও লাভ কৰিছিল, যদিও আৰ্থিক অনাটনৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। সি যি কি নহওক, মিৰি বাইদেউৰ পৰামৰ্শক সাৰোগত কৰি তেখেতে শিক্ষাগ্ৰহণ কৰি অসমলৈ ঘূৰি আহিছিল আৰু যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰিছিল। যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠান (যোৰহাট বাল্য ভৱন আদি)ত তেখেতে বিনা পাৰিশ্ৰমিকৰেই ল’ৰা-ছোৱালীক কলা শিকাইছিল। মই আপোনালোকক ক’বলৈ পাই গৌৰৱবোধ কৰিছোঁ যে, ১৯৭৫ চনত যোৰহাটৰ প্ৰথমখন চিত্ৰকলা বিদ্যালয় দেউতাৰ নেতৃত্বতেই স্থাপন কৰা হৈছিল।
আচলতে আমাৰ ঘৰৰ পৰিবেশটো সম্পূৰ্ণ শিল্পীসুলভ আছিল। আমি সৰুতেই দেউতাক শিল্পীৰূপে প্ৰত্যক্ষ কৰিছিলোঁ। সেই সময়ত দেউতাই ৰাতিপুৱাই মহাবিদ্যালয়লৈ পাঠদান কৰিবলৈ যায়। মহাবিদ্যালয়লৈ যোৱাৰ আগেয়ে ৰাতিপুৱা দেউতাক পেঞ্চিল লৈ কাম কৰি থকা দেখিছিলোঁ। সেই সময়ত তেখেতে বিভিন্ন ধৰণৰ চিত্ৰ আঁকি থকা আমি দেখিছিলোঁ। সেয়েহে হয়তো প্ৰকৃতিগতভাবেই আমাৰ মাজত বা আমাৰ মনস্তত্ত্বত চিত্ৰকলাই স্থান লাভ কৰিছিল।
আমাৰ দেউতাই অসমৰ পৰা প্ৰকাশিত সেই সময়ৰ বিভিন্ন আলোচনীত অসমীয়া চিত্ৰকলা, ভাৰতীয় চিত্ৰকলা, ভাৰতীয় শিল্পকলা আদিৰ বিষয়ে প্ৰবন্ধ লিখিছিল। সেইফালৰপৰা আমি দেউতাক এজন অধ্যয়নশীল মানুহ হিচাপেও পাইছিলোঁ।
দেউতাই চিত্ৰ সম্পৰ্কে, মূৰ্তি সম্পৰ্কে পঢ়া শুনা কৰিছিল, ভাৰতীয় চিত্ৰকলাৰ ধাৰা, বিদেশী চিত্ৰকলাৰ ধাৰা, চিত্ৰকলাৰ শিক্ষা, শিক্ষা ব্যৱস্থাত চিত্ৰকলা কেনেকৈ আহিব লাগে ইত্যাদি কথা বিভিন্নজনৰ সৈতে আলোচনা কৰিছিল।
অসমৰ যিসকল প্ৰখ্যাত ব্যক্তিক আমি সাহিত্যিক বুলি কওঁ, গীতিকাৰ তথা চিত্ৰশিল্পী বুলি কওঁ, সম্পাদক বুলি কওঁ প্ৰায়বোৰ প্ৰখ্যাত লোকক মই আমাৰ ঘৰত সৰুকালৰ পৰাই লগ পাইছিলোঁ। শিল্পকলা, চিত্ৰকলা ইত্যাদি সম্পৰ্কে দেউতাৰ লগত আলোচনা কৰিবলৈ তেওঁলোক আমাৰ ঘৰলৈ আহিছিল। সেই সময়ত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱ আছিল ‘আমাৰ প্ৰতিনিধি’ৰ সম্পাদক। দেউতাৰ লগত প্ৰায়েই তেখেতৰ চিঠিৰে আদান প্ৰদান হৈছিল। কাৰণটো হৈছে ৰঙালী বিহু সংখ্যা, পূজা সংখ্যা, অন্যান্য বিশেষ সংখ্যাৰ বাবে ভূপেন হাজৰিকাই দেউতাৰপৰা প্ৰবন্ধ বিচাৰিছিল। অঁ, এইখিনিতে আৰু এটা কথা মনত পৰিছে। ভূপেন হাজৰিকা যেতিয়া ‘আমাৰ প্ৰতিনিধি’ৰ সম্পাদক হৈ আছিল, তেখেতৰ এটা নিজা দলে ‘আমাৰ প্ৰতিনিধি’ৰ বাবে কাম কৰিছিল। আলোচনীখনৰ বেটুপাত অঙ্কন কৰিছিল কলকাতাৰ অ’.চি.গাংগুলীয়ে। আলোচনীখনৰ অঙ্গসজ্জাৰ দায়িত্বত আছিল শ্ৰদ্ধেয় গৌৰী বৰ্মন আৰু মোৰ দেউতা। দেউতাৰ বাবেই আমি সেই সময়ত সাহিত্য-সভাৰ সম্পাদক সকলকো লগ পাইছিলোঁ। আমাৰ অসমীয়াত এষাৰ কথা আছে যে, ‘বায়নৰ ঘৰৰ বিৰালেও ৰাও দিয়ে’। মোৰ ক্ষেত্ৰত কথাটো হয়তো তেনেধৰণৰেই হৈছিল। আচলতে চিত্ৰকলা সম্পৰ্কীয় মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাই। মই কেতিয়াও চিত্ৰকলা শিকা নাছিলোঁ। চিত্ৰকলাৰ যি প্ৰণালীবদ্ধ শিক্ষা ব্যৱস্থা মই সেয়া পোৱা নাছিলোঁ। কিন্তু মই দেউতাৰ পৰা চিত্ৰকলা সম্পৰ্কে সকলো শিকিছিলোঁ। দেউতাৰ ছবিৰ বাবে ৰং বনোৱা কাম, ৰঙৰ ভেৰিয়েশ্যনৰ কাম আদিবোৰো মই দেউতাৰপৰাই শিকিছিলোঁ। পেঞ্চিল কেনেকৈ কাটিব লাগে, শ্বেডিঙৰ কাৰণে পেঞ্চিল কেনেকুৱা হ’ব লাগে ইত্যাদি প্ৰাৰম্ভিক কথাবোৰ মই দেউতাৰপৰাই শিকিছিলোঁ।
পিছে আমাৰ দেউতাই কোনোকালেই আমাক বাধ্যবাধকতাৰ মাজত সীমাৱদ্ধ কৰা নাছিল। পিছে এটা কথা অনুভৱ কৰিবলৈ তেওঁ আমাক শিকাইছিল। সেয়া আছিল শিল্পকলাৰ সৈতে থকা জীৱনৰ সম্পৰ্ক। শিল্প নোহোৱাকৈ যে জীৱন নহয় সেয়া আমি দেউতাৰপৰাই শিকিছিলোঁ। দেউতাই আমাক আৰু এটা কথা শিকাই আমাৰ জীৱন ধন্য কৰি থৈ গ’ল। তেওঁ আমাক বাহিৰা কিতাপ পঢ়িবলৈ উৎসাহ যোগাইছিল। পঢ়া-শুনা কৰিবৰ বাবে যোৰহাট জিলা পুথিভঁৰাললৈ তেওঁ আমাক লৈ গৈছিল। যোৰহাটৰ নৰ্মাল স্কুলৰ পুথিভঁৰাল, অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পুথিভঁৰাল আদিলৈ তেওঁ আমাক যাবলৈ উৎসাহিত কৰিছিল। সেই সৰুকালতেই আমি দেউতাৰ কথাত উৎসাহিত হৈ পিকা’ছো, ৰোমৰ কলা ইত্যাদি সম্পৰ্কীয় জ্ঞান আহৰণ কৰিছিলোঁ।
কিন্তু দেউতাই কোনোদিন মোক বিজ্ঞান পঢ়াত বাধা দিয়া নাছিল। দেউতাই মোক প্ৰায়েই কৈছিল যে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত কলাক কিন্তু বহু ওপৰলৈ নিব পাৰি। দেউতাই মোক এটি স্বাধীন সত্তা হ’বলৈ উৎসাহিত কৰিছিল। আচলতে মই শান্তি নিকেতনৰপৰা শিক্ষা গ্ৰহণ কৰা এজন শিক্ষকৰ তত্ত্বাৱধানত কলা শিকিবলৈ সুযোগ পাইছিলোঁ আৰু তেওঁ আছিল আমাৰ দেউতা।
সাহিত্য ডট অৰ্গ:- আপোনাৰ দেউতা অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী মাধৱ বৈশ্য ডাঙৰীয়াই আপোনাক প্ৰভাৱিত কৰিছিল বুলি জানিব পাৰি আমাৰো বৰ ভাল লাগিল। তেখেত কেনেদৰে চিত্ৰকলাৰ লগত জড়িত হৈ পৰিল?
মুকুল মাধৱ বৈশ্য:- দেউতাই চিত্ৰশিল্পী হোৱাৰ প্ৰধান কাৰক আছিল আমাৰ চাবেক ঘৰখন। আমাৰ আচল ঘৰ আছিল বৰ্তমানৰ কামৰূপ (গ্ৰাম্য) জিলাৰ শুৱালকুছিত। আপোনালোকে জানেই যে শুৱালকুছিৰ তাঁতশাল আৰু বস্ত্ৰশিল্প জগত বিখ্যাত। তাঁতশালত তৈয়াৰ কৰা কাপোৰত যিবোৰ শিল্পকৰ্ম থাকে, সেয়া চানেকিৰ সহায়ত নিৰ্মাণ কৰা হয়। দেউতাই সৰুতেই সেই চানেকি প্ৰস্তুত কৰি তেখেতৰ শিল্প প্ৰতিভাৰ পৰিচয় দিছিল। দেউতাৰ জীৱনৰ সবাতোকৈ প্ৰভাৱশালী ঘটনাটো ঘটিছিল তেওঁ মহাত্মা গান্ধীক লগ পোৱাৰ সময়ত। সেই সময়ত দেউতা আছিল শুৱালকুছিৰ বয়জ স্কুলৰ ছাত্ৰ। সেই সময়তেই শিল্প প্ৰতিভাৰ প্ৰমাণ দিয়া আমাৰ দেউতাক বিদ্যালয়ৰ প্ৰধান শিক্ষকে তেখেতক নিজ হাতে গান্ধীৰ ছবি এখন আঁকি গান্ধীক দিবলৈ পৰামৰ্শ দিলে। দেউতায়ো গান্ধীৰ ছবি এখন আঁকি মহাত্মা গান্ধীক দিলে। গান্ধীয়ে আমাৰ দেউতাৰ দ্বাৰা অঙ্কন কৰা ছবিখন চাই সন্তুষ্টি লাভ কৰিলে আৰু আমাৰ দেউতাক ভবিষ্যতে এগৰাকী ডাঙৰ শিল্পী হ’ব বুলি আশীৰ্বাদ দিলে। গান্ধীৰ আশীৰ্বাদত ধন্য হৈ আমাৰ দেউতাই চিত্ৰকলাৰ সৈতে অধিক সংপৃক্ত হৈ পৰিল। পৰৱৰ্তী কালত অসমৰ উপৰিও সমগ্ৰ বিশ্বতেই এগৰাকী চিত্ৰশিল্পীৰূপে পৰিচিতি লাভ কৰিলে।
সাহিত্য ডট্‌ অৰ্গ:- আপোনাৰ দৰেই আপোনাৰ সহোদৰসকলো চিত্ৰশিল্পৰ লগত জড়িত হৈ আছেনে?
মুকুল মাধৱ বৈশ্য:- হয়, আছে। মোৰ বাইদেউ শ্ৰী মল্লিকা বৈশ্য পাঠক বৃত্তিত এগৰাকী শিক্ষক। মোৰ দৰে তেঁৱো চিত্ৰকলাৰ সৈতে জড়িত হৈ আছে। আমাৰ সৰু ভাইটোৰ নাম হ’ল মুকুণ্ড মাধৱ বৈশ্য। পেছাত এগৰাকী অভিযন্তা, সিও চিত্ৰকলাৰ সৈতে ওতপ্ৰোতভাবে জড়িত হৈ আছে। হয়তো আমি দেউতাৰপৰা চিত্ৰকলা সম্পৰ্কে জানিবলৈ পায়েই চিত্ৰকলাৰ সৈতে নিজক জড়িত ৰখাত সক্ষম হৈছোঁ। খেতিয়কৰ ঘৰখনত যেনেদৰে খেতিডৰাৰ সৈতে উত্তৰ পুৰুষসকল জড়িত হৈ থাকে, একেদৰে আমাৰ ঘৰখনতো চিত্ৰকলা সংপৃক্ত হৈ আছে।
সাহিত্য ডট্‌ অৰ্গ:- এগৰাকী অভিযন্তা হোৱাৰ লগে লগে আপুনি এগৰাকী চিত্ৰশিল্পীও। দুটা ভিন্নধৰ্মী বিষয়ৰ মাজত আপুনি কেনেদৰে সামঞ্জস্য ৰক্ষা কৰে?
মুকুল মাধৱ বৈশ্য:- মই আচলতে প্ৰযুক্তিবিদ্যাৰ মানুহ। যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়ৰপৰা শিক্ষাগ্ৰহণ কৰি অভিযন্তা হিচাপে মই কৰ্মৰত হৈ আছোঁ। পিছে জীৱিকাৰ বাবেহে মই প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত হৈ আছোঁ। মোৰ চিন্তা আৰু চেতনা চিত্ৰকলাৰ লগতহে সাঙোৰ খাই আছে। অৱশ্যে প্ৰযুক্তিবিদ্যাই মোক এটা বিষয়ত বেছ সহায় কৰিছে। প্ৰযুক্তিবিদ্যাই মোক কলাৰ পৃথিৱীখনত জটিলভাবে সোমাই যোৱাত সহায় কৰিছে। লিঅনাৰ্ড ড্যা ভিঞ্চি, মাইকেল এঞ্জেল, পিকাছো আদিয়ে কেনেদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত কলাৰ উত্তৰণ সম্ভৱ কৰি তুলিছিল সেয়া মই আজি হাড়ে-হিমজুৱে বুজি পাইছোঁ। শিল্পকলা, চিত্ৰকলা আদি বুজাৰ ক্ষেত্ৰত মোক প্ৰযুক্তিবিদ্যাই সহায় কৰিছে। আপোনালোকক এইখিনিতেই জনাবলৈ বিচাৰিছোঁ যে, মই বহুবছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত কৰ্মৰত হৈ আছিলোঁ। নিউয়ৰ্কত MOMA নামৰ এটি সংগ্ৰহালয় আছে। সংগ্ৰহালয়টোৰ সম্পূৰ্ণ নামটো হ’ল ‘Museum of Modern Art’। এই সংগ্ৰহালয়ত প্ৰযুক্তিবিদ্যাক আধুনিক কলাৰ সমল হিচাপে ব্যৱহাৰ কৰা হৈছে। সংগ্ৰহালয়টোত কম্পিউটাৰক আধুনিক কলা সৃষ্টিৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে। সৌ সিদিনাৰপৰাহে আমি কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কে জানিব পাৰিছোঁ। পিছে তাৰো বহু আগৰ পৰাই পশ্চিমৰ দেশত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে চিত্ৰকলা, শিল্পকলা আদিৰ উন্নীতকৰণ সম্ভৱ হৈছে।
সাহিত্য ডট্‌ অৰ্গ:- সাধাৰণতে কলা বিশেষকৈ চিত্ৰকলা, শিল্পকলা আদি দুৰ্বোধ্য বুলি প্ৰায়েই উল্লেখ কৰা হয়। কলা সঁচাকৈয়েই দুৰ্বোধ্য বা জটিল নেকি?
মুকুল মাধৱ বৈশ্য:- আচলতে আপোনালোকে সোধা প্ৰশ্নটোৱেই বেছ জটিল। মই পৃথিৱীৰ বহু সংগ্ৰহালয়লৈ গৈছোঁ। বহু বিখ্যাত শিল্পীৰ বিখ্যাত ছবিবোৰ দেখিছোঁ। মই দেখিছোঁ যে সকলো মহান শিল্পীয়ে তেওঁলোকৰ সৃষ্টি সদায়েই সহজকৈ উপস্থাপন কৰিবলৈ অবিৰত প্ৰয়াস কৰে। যেতিয়াই শিল্পকৰ্ম অথবা কলা মহান হৈ পৰে, তাতেই সৰলতাই বিৰাজ কৰে। আচলতে বিষয় এটা জটিলকৈ উপস্থাপন কৰা মানে সৃষ্টিকৰ্তাই বিষয়টো বুজি নোপোৱাটো বুজায়।
সাহিত্য ডট অৰ্গ:- বিমূৰ্তৰ ধাৰণাটোৰ সৈতেও জটিলতা জড়িত হৈ আছে নেকি?
মুকুল মাধৱ বৈশ্য:- কথাটো তেনেধৰণৰ নহয়। এই ক্ষেত্ৰত মই ডঃ ভূপেন হাজৰিকাৰ ‘বিমূৰ্ত মোৰ নিশাটি’ নামৰ গীতটোৰ উদাহৰণেৰে কথাটো ব্যাখ্যা কৰিবলৈ ভাল পাম। গীতটোৰ শেষৰ এশাৰীত তেওঁ এনেদৰে গাইছে, “নিয়ম ভঙাৰ নিয়ম ই যে।” ইয়াৰ অৰ্থ হৈছে এই যে কলা, শিল্পকলা আদি কাহানিও স্থবিৰ নহয়। এয়া গতিশীল, পৰিৱৰ্তনশীল। আচলতে প্ৰচলিত ধাৰণা এটাক আমি মূৰ্ত বুলি ধৰি লওঁ। পিকাছোৱে তেওঁৰ চিত্ৰশিল্পৰ জৰিয়তে Cubism ৰ ধাৰণাৰ সৃষ্টি কৰিছিল। সেই সময়ত প্ৰচলিত ধাৰণা Realim আছিল এক গ্ৰহণযোগ্য পৰিক্ৰমা, অৰ্থাৎ মূৰ্ত ধাৰণা। Cubism আছিল বিমূৰ্ত। পিছে সেই ধাৰণা পিছলৈ সকলোৱে হৃদয়ংগম কৰিলে। আকৌ জটিল সংজ্ঞা বহন কৰা শিল্পকৰ্ম কেতিয়াবা বিমূৰ্ত হোৱাৰ পিছতো দৰ্শকৰ বাবে সৰল আৰু সহজ হৈ থাকে। এইক্ষেত্ৰত পিকাছোৰ ‘The Old Guitarist’ নামৰ ছবিখনৰ কথা ক’ব পাৰোঁ। বিমূৰ্ত এই ছবিখন সকলো দৰ্শকে সহজেই বুজি পায়। কলাৰ সাৰ্থকতা লুকাই থাকে তাৰ সৰ্বজনীন গ্ৰহণযোগ্যতাত। তাতেই লুকাই থাকে কলাৰ সাৰ্থকতা আৰু সৰলতা।
সাহিত্য ডট্‌ অৰ্গ:- শিল্পকলাত তত্ত্বসমূহৰ প্ৰয়োজনীয়তা আছেনে?
মুকুল মাধৱ বৈশ্য:- অৱশ্যেই আছে। তত্ত্বসমূহ সৃষ্টি হয় সমাজৰ উন্নয়নৰ বাবে। সাধাৰণতে তত্ত্ববোৰ সৰ্বজনীন আৰু বিশ্বজনীন হয়। তত্ত্ব জনকল্যাণমুখী হয়। শিল্পকলায়ো জনসাধাৰণৰ উন্নয়নৰ হকে কাম কৰে। সেয়েহে শিল্পীসকলে তত্ত্বসমূহ তেখেতসকলৰ শিল্পকলাত ব্যৱহাৰ কৰি সমাজৰ সৰ্বাঙ্গীণ উন্নতিৰ হকে কাম কৰা উচিত। সমাজৰ উন্নতিৰ বাবে কাম কৰিবলৈ শিল্পীসকলে তত্ত্বসমূহ ব্যৱহাৰ কৰি সমাজখন গতিশীল কৰি তোলাটো বাঞ্ছনীয়। তত্ত্ববোৰ সমাজখনৰ কাৰণে, সমাজৰ উত্তৰণৰ কাৰণে, সমাজৰ বিশ্লেষণৰ কাৰণে, সমাজৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ কাৰণে। যদি তত্ত্ববোৰ সমাজখনৰ কাৰণে তেতিয়া সেই তত্ত্ববোৰে প্ৰতিটো কলাৰ ধাৰা মানি ল’ব পাৰে বা মানি চলাটো উচিত। কিয়নো সেই বিশেষ সময়ছোৱাত হয়তো সেই তত্ত্বটোৱে সেই সমাজখনৰ ওপৰত, সেই মানুহখিনিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বা কৰিছে। আধুনিতাবাদৰ পাছত আকৌ উত্তৰ আধুনিকতাবাদৰ প্ৰয়োজন আছিল। নহ’লে হয়তো সমাজৰ সৃষ্টি আৰু বিকাশ আধুনিকতাবাদতেই স্থবিৰ হৈ গ’লহেঁতেন। মানুহৰ চিন্তা-চৰ্চা স্থবিৰ হৈ গ’লহেঁতেন। কিন্তু মানুহক স্থবিৰ কৰি ৰাখিব নোৱাৰি। মানুহক নতুন ধাৰণা দিব লাগিব। সাধাৰণতে চিত্ৰকলাৰ ক্ষেত্ৰত শিল্পীসকলে প্ৰচলিত ধাৰা এটা ভাঙিবলৈ চেষ্টা কৰি থাকে। যদিহে এয়া কৰা নহয় তেন্তে একেটা বস্তুতেই, একেখিনি সময়তে সকলোখিনি থাকিব লাগিব। সেই স্থিতিশীল অৱস্থাটো ভাঙি আমি যদি শিল্পৰ ধাৰণাক এক নতুন গতি দিব নোৱাৰোঁ, তেতিয়া কিন্তু সমাজখন স্থবিৰ হৈ পৰিব।
সাহিত্য ডট্‌ অৰ্গ:- শিল্প ‘গতিশীল কলা’ আৰু ‘স্থিতিশীল কলা’ৰ সৈতে জড়িত বুলি আপুনি ভাবেনে?
মুকুল মাধৱ বৈশ্য:- আধুনিকতাবাদ অহাৰ পাছত যেতিয়া বিভিন্ন শিল্পীয়ে প্ৰচলিত তত্ত্বসমূহ ভাঙি নতুন ধাৰণাৰ সৃষ্টি কৰিলে, তেওঁলোকৰ বিশ্লেষণবোৰ অধ্যয়ন কৰিলে দেখা যায় যে, তেওঁলোকে ইজনে সিজনৰ ধাৰণাক সমৰ্থন কৰা নাই। ক্ল’ড মনে আধুনিকতাবাদৰ ধাৰণাক সমৰ্থন কৰা নাছিল। তেওঁ ভাবিছিল আমি কলাৰ উৎকৰ্ষ সাধনৰ বাবে আফ্ৰিকাৰ স্থানীয় জনগোষ্ঠীসমূহৰ মাজলৈ সোমাব লাগিব। কাৰণ, তেওঁলোকৰ এক প্ৰসিদ্ধ লোক-কলা আছে। সেই লোক-কলাৰ সমলবোৰ আমি সমাজলৈ উলিয়াই আনিব লাগিব। প্ৰতিজন শিল্পীয়ে পৃথক দৃষ্টিকোণেৰে কথাবোৰ বিশ্লেষণ কৰিছে। কোনোৱে স্থবিৰ হ’ব বিচৰা নাই। সেয়ে মই ভাবোঁ, চিত্ৰকলাই হওক বা ভাস্কৰ্যই হওক, কবিতা, নাটক বা উপন্যাসেই হওক, প্ৰতিটো কলাতে এই তত্ত্ব বা ‘বাদ’সমূহে প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ লগতে মই গভীৰভাৱে উপলব্ধি কৰোঁ যে আমাৰ সৃষ্টিৰাজী সমাজখনৰ কাৰণেহে ; কোনো ‘বাদ’ৰ কাৰণে নহয়। এই কথাটো আমি মনত ৰখা উচিত।
সাহিত্য ডট্‌ অৰ্গ:- এইখিনিতে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। তত্ত্ব বা ‘বাদ’ এটা নিয়মৰ মাজত আৱদ্ধ বুলি ধাৰণা কৰা হয়। কিন্ত কলাই জানো তেনে কোনো নিয়ম মানে? কলাক জানো কোনো নিয়মৰ মাজত আবদ্ধ কৰি ৰাখিব পাৰি?
মুকুল মাধৱ বৈশ্য:- কলাৰ সাধাৰণতে দুটা শৈলী থাকে। এটা ‘পৰম্পৰাগত’ আৰু আনটো ‘স্বাধীন’। পৰম্পৰাগত শৈলীয়ে নতুনত্বক আঁকোৱালি ল’ব নিবিচাৰে। ইয়াৰ বিপৰীতে স্বাধীন শৈলীটোৱে পৰম্পৰাগত ধাৰা বৰ্তাই ৰখাৰ লগতে নিত্য নতুন ধাৰণা অন্তৰ্ভুক্ত কৰিব বিচাৰে। আপোনালোকে সোধা প্ৰশ্নটো আচলতে এক অতি জটিল আলোচনাৰ বিষয়। কি এৰিম, কি ৰাখিম; তত্ত্ব অনুসৰি কাম কৰিম নে তত্ত্বটোলৈ নতুনত্ব আনিম এয়া এক জটিল প্ৰশ্ন। দেখা যায় সম্প্ৰতি ‘কিউবিজিম’ৰ প্ৰভাৱ নাই। এতিয়া ‘কিউবিজিম’ৰ আধাৰত শিল্পীসকলে কাম নকৰে। বৰ্তমান ‘কিউবিজিম’ক বেলেগ এটা স্তৰলৈ লৈ যোৱা হৈছে। ৰাছিয়া, জাৰ্মানী, আমেৰিকা আদি দেশত ‘কিউবিজিম’ক পৃথক পৃথক ৰূপ দিয়া হৈছে, যদিও তেওঁলোক ‘কিউবিজিম’ ধাৰণাটোৱেই গ্ৰহণ কৰি আছে। আপোনালোকে উল্লেখ কৰা সেই বিমূৰ্ত ধাৰণাটোতেই তেওঁলোক আছে। কিন্তু বিমূৰ্ত ধাৰণাটোৰ সৈতে বিভিন্ন আধুনিক সমল সংযোগ কৰি ‘কিউবিজিম’ ধাৰণাটোক নতুনত্ব দিব পাৰি নেকি তেওঁলোকে পৰীক্ষা-নিৰীক্ষা চলাই আছে। লগতে ‘কিউবিজিম’ৰ সৈতে বিজ্ঞান আৰু প্ৰযুক্তিৰ সংযোগ ঘটাব পাৰি নেকি, তাৰ চিন্তা-চৰ্চা কৰি আছে। এই ধাৰণাবোৰ আমি আদান-প্ৰদান কৰিব লাগিব। যদি আমি পূৰ্বৰ ধ্যান-ধাৰণাতে থাকোঁ, তেন্তে আমি ভৱিষ্যতে গ্ৰহণযোগ্যতা হেৰুৱাম।
সাহিত্য ডট অৰ্গ:- অৰ্থাৎ কথাটো এনেধৰণৰ নেকি যে সকলো কলাক আমি স্বাধীন দৃষ্টিভংগীৰে চাব লাগিব?
মুকুল মাধৱ বৈশ্য:- নিশ্চয়। মই এখন পুৰণি কিতাপ পঢ়িছিলোঁ। মোৰ ধাৰণা অনুসৰি এইখনেই হয়তো অসমীয়া ভাষাৰ কলা বিষয়ক প্ৰথম কিতাপ। কিতাপখনৰ লেখক আছিল নৱকান্ত বৰুৱা। হয়তো কিতাপখন ১৯৯০ চনৰ পূৰ্বে প্ৰকাশ হৈছিল। কিতাপখনত নৱকান্ত বৰুৱাদেৱে চাৰুকলাৰ বিষয়ে বিশেষকৈ ভাৰতীয় চাৰুকলা সম্পৰ্কে এক বিশ্লেষণ আগবঢ়াইছে। কিতাপখনত তেখেতে উল্লেখ কৰিছে- “ভাৰতত ৰাজপুত শৈলী, মোগল শৈলী, বংগ শৈলী আদি বিভিন্ন শৈলীৰ চিত্ৰকলা আছে। কিন্তু ভাৰতত এটা নিৰ্দিষ্ট জাতীয় শিল্পধাৰা নাই। যাৰবাবে আমি ভাৰতীয় চাৰুশিল্পক এক নিৰ্দিষ্ট ধাৰা হিচাপে পৃথিৱীৰ সমুখত দাঙি ধৰিব নোৱাৰোঁ। এই বিশাল ভাৰতবৰ্ষত এক নিৰ্দিষ্ট জাতীয় শিল্পধাৰা থকাৰ প্ৰয়োজন। যাৰ জৰিয়তে আমি সমগ্ৰ ভাৰতৰ শিল্পকলাক পৃথিৱীৰ আগত প্ৰতিনিধিত্ব কৰিব পাৰিম।”
সাহিত্য ডট্‌ অৰ্গ:- এইখিনিতে এটা প্ৰশ্ন হয়, ভাৰতৰ ক্ষেত্ৰত ‘অনৈক্যৰ মাজত ঐক্য’ যি ধাৰণা আছে, সেই দৃষ্টিকোণেৰে চাবলৈ গ’লে আমাৰ বৈষ্ণৱ শৈলীৰ চিত্ৰকলা ৰাজপুত শৈলীৰ লগত নিমিলে। আকৌ মহাৰাষ্ট্ৰৰ সাহিত্য বা শিল্পকলা সম্পূৰ্ণ পৃথক। তেনেদৰে বিহাৰত আমি ‘মধুৱানী’ চিত্ৰকলা নামৰ পৃথক শৈলী এটা পাওঁ। এই সকলোবোৰ শৈলী সামৰি এটা নিৰ্দিষ্ট শিল্পশৈলী সৃষ্টি কৰিব পৰা যাবনে নতুবা এই সকলোবোৰ শৈলীক আমি এটা নিৰ্দিষ্ট শিল্পকলাৰে প্ৰতিনিধিত্ব কৰিব পাৰিমনে?
মুকুল মাধৱ বৈশ্য:- এই সম্পৰ্কে নৱকান্ত বৰুৱাদেৱে তেওঁৰ কিতাপখনত এক বিশ্লেষণ আগবঢ়াইছে। তেওঁ কৈছে যে, “ভাৰতীয় কলাৰ মূল হৈছে আধ্যাত্মিকতাবাদ। পশ্চিমীয়া দেশবোৰত কিন্তু আধ্যাত্মিকতাক ভিত্তি কৰি কোনো শিল্পকলাৰ সৃষ্টি কৰা হোৱা নাই। কিন্তু ভাৰতৰ প্ৰতিটো শিল্পকলা আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত।” আমাৰ সংগীতশিল্প, মূৰ্তিশিল্প বা দেৱাল চিত্ৰ সকলোতে আধ্যাত্মিকতা বিৰাজমান। নৱকান্ত বৰুৱাদেৱে ক’ব বিচাৰিছে যে, আমি এনে এখন দেশৰ বাসিন্দা যাৰ বুনিয়াদ আধ্যাত্মিকতা। সেয়েহে আমাৰ শিল্পকলাৰ যি উমৈহতীয়া প্ৰতিফলন হ’ব, সেয়া আধ্যাত্মিক প্ৰতিফলনেই হ’ব লাগিব। পশ্চিমৰ দেশসমূহত যথেষ্ট ধৰ্মীয় চিত্ৰকলা আছে যদিও তেওঁলোকৰ কলা আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কিন্ত মহাৰাষ্ট্ৰৰ অজন্তা-ইলোৰা গুহা, কোনাৰ্কৰ সূৰ্য মন্দিৰ বা বিভিন্ন ভাৰতীয় শৈলীৰ চিত্ৰকলাসমূহত আধ্যাত্মিকতাৰ ধাৰণা নিহিত হৈ আছে আৰু এই আধ্যাত্মিকতাই আমাৰ সমন্বয়ৰ কাৰক হিচাপে চিহ্নিত হৈছে। এয়া আচলতে অনৈক্যৰ মাজত ঐক্যৰ কাৰক আৰু তাকেই ভিত্তি কৰি আমি এক জাতীয় শিল্পধাৰা সৃষ্টি কৰিব পাৰোঁ।
সাহিত্য ডট্‌ অৰ্গ:- ইমানপৰে আমি চিত্ৰকলা সম্পৰ্কে এক সামগ্ৰিক আলোচনা কৰিলোঁ। এতিয়া এজন সাধাৰণ নাগৰিক হিচাপে আপোনাৰপৰা জানিব বিচাৰিম, বৰ্তমান অসমত চিত্ৰশিল্প সম্পৰ্কে কেনেধৰণৰ আলোচনা চলি আছে বা বিশেষ তত্ত্ব সম্পৰ্কে আলোচনা-বিলোচনা চলি আছে নেকি?
মুকুল মাধৱ বৈশ্য:- এটা কথা অতি দুখেৰে প্ৰকাশ কৰোঁ যে আমি অসমীয়াই এতিয়াও কলাক আদৰ বা সন্মান দিব জনা হোৱা নাই। এয়া মোৰ ব্যক্তিগত অনুভৱ। এইখিনিতে এটা সৰু উদাহৰণ দিওঁ। আমাৰ সমাজৰ যিসকল ব্যক্তি বৌদ্ধিক ক্ষেত্ৰখনৰ সৈতে জড়িত বা কলা-সংস্কৃতিৰ সৈতে জড়িত, তেওঁলোকৰ মাজত সাহিত্যৰ যিমান প্ৰভাৱ দেখা যায়, তাৰ তুলনাত অন্যান্য কলাৰ প্ৰভাৱ তেনেই নগণ্য। গল্প, কবিতা, উপন্যাস আদিক আমাৰ জাতিটোৱে যিদৰে আঁকোৱালি লৈছে, সেই জাতিটোৱে কিন্তু চিত্ৰকলাক উপলব্ধি নকৰে। ইয়াৰ কাৰণ হিচাপে আমি নিজকে প্ৰশ্ন কৰি চাব পাৰোঁ। বজাৰ এখনলৈ ওলাই গ’লে আমি গ্ৰন্থৰ বিপনী পাম; কিন্ত শিল্পৰ বিপনী পামনে? বজাৰ এখনত বিভিন্ন কিতাপ-আলোচনীৰ দোকান পায়। কিন্ত ‘পৰ্ট্ৰেইট’ৰ দোকান নাপায়, ‘স্কেটছ’ৰ দোকান নাপায়। তাৰমানে আমি এই ক্ষেত্ৰত ক’ৰবাত পিছ পৰি আছোঁ। আমাৰ জাতীয় মানসিকতাতেই চিত্ৰকলাৰ প্ৰতি এক অনীহা বিৰাজমান। এনে পৰিস্থিতিত কেইজনমান মুষ্টিমেয় শিল্পীয়ে দিনে-ৰাতিয়ে যুঁজ কৰি থাকিলেই জানো অসমত চিত্ৰকলাৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িব? শিল্পকলা বা চিত্ৰকলাক জাতীয় জাগৰণৰ ৰূপ দিব লাগিব।
সাহিত্য ডট্‌ অৰ্গ:- এই জাগৰণ কেনেদৰে সম্ভৱ হ’ব বুলি আপুনি ভাবে? কাৰণ বৰ্তমান অসমত চিত্ৰ প্ৰদৰ্শনীসমূহত দৰ্শকৰ সংখ্যা তেনেই নগণ্য। কথাষাৰ অপ্ৰিয় হ’লেও সত্য। আমাৰ মানুহে চিত্ৰকলা বুজি নাপায় নে চিত্ৰকলাই মানুহক প্ৰভাৱিত কৰিব পৰা নাই?
মুকুল মাধৱ বৈশ্য:- চিত্ৰকলাৰ প্ৰতি আমাৰ মানুহক আগ্ৰহী কৰি তুলিবলৈ বহুতো বুনিয়াদী পৰিকল্পনাৰ প্ৰয়োজন হ’ব। বৰ্তমানত ৰূপায়ণ কৰা পৰিকল্পনাসমূহ বাস্তৱায়িত হ’বলৈ অতি কমেও বিশ বছৰ সময় লাগিব। ইয়াৰ প্ৰথম কাৰণটো হৈছে এই যে, আমাৰ অসমৰ শিক্ষা ব্যৱস্থাত আজিলৈকে চিত্ৰকলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হোৱা নাই। বিজ্ঞানৰ কিতাপখনৰ দৰে চিত্ৰ সম্বলিত আমাৰ কলা বিষয়ৰ কিতাপ নাই। অসমৰ স্বনামধন্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিষয়ে আমাৰ পাঠ্যপুথিত কোনো পাঠ সন্নিবিষ্ট কৰা হোৱা নাই। দ্বিতীয়তে, মই বিদেশত দেখিছিলোঁ তাত যিমান ৰেষ্টো‍ৰা আছে, তেনেকৈ তাত ভাল সংগ্ৰহালয় আছে। সঁচা কথা ক’বলৈ গ’লে আমাৰ যথেষ্ট সংখ্যক সংগ্ৰহালয় নাই। অসমত সংগ্ৰহালয় বুলি ক’লে আমি কেৱল ৰাজ্যিক সংগ্ৰহালয়টোকে জানো। অসমৰ চহৰসমূহত সংগ্ৰহালয় নাই। আমাৰ ছাত্ৰ-ছাত্ৰীক সাধাৰণতে সংগ্ৰহালয় চাবলৈ নিয়া নহয়। অভিভাৱকসকলেও এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ নকৰে। কিয়নো দেখুৱাবলৈ অসমত সংগ্ৰহালয়েই নাই। এতিয়া প্ৰশ্ন হয়, ইমানবোৰ ‘নাই’ৰ পাছত শিল্পকলা সম্পৰ্কীয় জাতীয় বাতাবৰণ এটা কেনেকৈ গঢ়ি তুলিব পৰা যাব? ইয়াৰ একমাত্ৰ সমাধান হৈছে আমাৰ শিক্ষা ব্যৱস্থাত চিত্ৰকলাক অন্তৰ্ভুক্ত কৰিব লাগিব। চিত্ৰকলা সম্পৰ্কীয় পাঠ পাঠ্যপুথিত সন্নিৱিষ্ট কৰিব লাগিব। কলাৰ প্ৰয়োজনীয়তা, জাতি গঠনত কলাৰ ভূমিকা, জাতি এটাক কলাই কেনেদৰে সুদৃঢ় কৰে, এই সকলোবোৰ বিষয়ৰ পৰ্যালোচনা থকা লেখা আমাৰ ল’ৰা-ছোৱালীয়ে সৰুৰেপৰাই পঢ়িবলৈ পাব লাগিব। অসমত এনে বহু শিল্পী আছে যিসকল সমাজত অপৰিচিত হৈয়েই ৰ’ল। তেওঁলোক কালৰ বুকুত হেৰাই গ’ল। মাথোঁ কেইজনমান চিত্ৰশিল্পীহে বৰ্তমান সমাজত পৰিচিত।
সাহিত্য ডট্‌ অৰ্গ:- হয়, আমি নীলপৱন বৰুৱা, শোভা ব্ৰহ্ম আদি দুজনমান শিল্পীকহে চিনি পাওঁ। কিন্তু মাধৱ বৈশ্য ছাৰৰ যি জীৱনকৃতি সম্পৰ্কে আজিলৈকে বিশেষ আলোচনা হোৱা নাই। তেনে বহু শিল্পী আছে যাক আমি উপেক্ষা কৰি আছোঁ।
মুকুল মাধৱ বৈশ্য:- মই কেইটামান নাম ক’ম। আপোনালোকে ক’বচোন তেওঁলোকৰ সম্পৰ্কে আপোনালোকে ক’ৰবাত পঢ়িবলৈ পাইছেনে? তেওঁলোক হ’ল- জীৱেশ্বৰ বৰুৱা, মুক্তিনাথ বৰদলৈ, জগত সিং কছাৰী, প্ৰতাপ চন্দ্ৰ বৰুৱা, আশু দেৱ, হেমন্ত বিশ্ব, তৰুণ বৰুৱা, আদ্যনাথ শৰ্মা। আটাইতকৈ ডাঙৰ কথা, অসমৰ এজন প্ৰখ্যাত শিল্পী কেইদশকমানৰ আগতে আমাৰ মাজৰপৰা হেৰাই গ’ল। তেওঁ হ’ল ত্ৰৈলোক্য দত্ত। যেতিয়ালৈকে এই শিল্পীসকলৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে কোনো আলোচনা নহয় বা কোনো জীৱনীগ্ৰন্থ প্ৰকাশ নহয়, তেতিয়ালৈকে আমাৰ জাতীয় চৰিত্ৰত কলাক উপস্থাপন কৰিব পৰা নাযাব। আমি এই বিষয়টো গভীৰভাৱে উপলব্ধি কৰিব লাগিব। কলাৰ সৈতে জড়িত প্ৰবীণ আৰু নবীনসকলৰ মিলন ঘটাব লাগিব। অসমৰ প্ৰেক্ষাপটত বৰ্তমান সেই বাতাবৰণ নাই। কেৱল বৰ্তমানতেই নহয়, সেই বাতাবৰণ অসমত তাহানিও নাছিল। আমি কেতিয়াও ইয়াক অনুভৱেই কৰিব নোৱাৰিলোঁ। শোভা ব্ৰহ্ম অসমৰ এগৰাকী বিখ্যাত শিল্পী। কিন্তু তেওঁৰ বিষয়ে আমি কিমানে জানো?
সাহিত্য ডট্‌ অৰ্গ:- এই সমস্যাটো আচলতে ক’ত আৰম্ভ হ’ল? আমি লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঞি, ভবেন্দ্ৰনাথ শইকীয়াক চিনি পাওঁ। মামণি ৰয়ছম গোস্বামী, ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী বা মৌচুমী কন্দলীৰ কথা জানো। সাহিত্যৰ ক্ষেত্ৰত আমি প্ৰবীণসকলৰপৰা নবীনসকলক ক্ৰমান্বয়ে জানি আহিছোঁ। সাহিত্যৰ জগতখনত ৰামধেনু যুগ আছিল, জোনাকী যুগ আছিল। কিন্তু চিত্ৰকলাৰ ক্ষেত্ৰত এনে পৰিৱেশ অসমত কিয় সম্ভৱ নহ’ল বুলি আপুনি ভাবে?
মুকুল মাধৱ বৈশ্য:- ইয়াৰ এটা কাৰণ হ’ব পাৰে। আমি অসম সাহিত্য সভা অনুষ্ঠিত কৰিবলৈ যিমান আগ্ৰহী, ইয়াৰ বিপৰীতে অসমীয়া চিত্ৰ সভা এখন অনুষ্ঠিত কৰিবলৈ আগ্ৰহী নহয়। অসম সাহিত্য সভা এটা জাতীয় অনুষ্ঠান। মই ভাবোঁ, অসম সাহিত্য সভাৰ অসমীয়া চিত্ৰকলা আৰু ভাস্কৰ্যৰ এটা বিশেষ বিভাগ থাকিব লাগিছিল। যিটো বিভাগৰ অসম সাহিত্য সভাৰ দৰে বছৰেকীয়া অধিবেশন হ’লহেঁতেন। তেতিয়া হয়তো আমি যেনেকৈ পদ্মনাথ গোহাঞি বৰুৱাৰপৰা সূৰ্য হাজৰিকালৈকে অসম সাহিত্য সভাৰ সভাপতিসকলক পাইছোঁ, ঠিক তেনেদৰে আমি অসমৰ প্ৰতিভাধৰ চিত্ৰশিল্পীসকলক চিনি পালোহেঁতেন। তেওঁলোকৰ কৰ্মৰাজি মানুহে সেই অধিবেশনসমূহৰ জৰিয়তে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিলেহেঁতেন। চিত্ৰশিল্প বিষয়ক বিভিন্ন কিতাপ-আলোচনী প্ৰকাশ হ’লহেঁতেন। কিন্তু পৰিতাপৰ কথা, অসমত সাহিত্যৰ সমান্তৰালকৈ চিত্ৰশিল্পৰ উত্তৰণ নঘটিল। এই চিন্তা কদাপিও কাৰো মনত গঢ় লৈ নুঠিল। অসমত আজিলৈকে চিত্ৰশিল্প বা ভাস্কৰ্য সম্পৰ্কীয় কোনো মেলা অনুষ্ঠিত হৈছেনে? যদি আমি তেনে এখন মেলা অনুষ্ঠিত কৰিব পৰা নাই, শিল্পসম্ভাৰবোৰক দৰ্শকৰ আগলৈ উলিয়াই আনিব পৰা নাই, তেনে পৰিৱেশত আমি কেনেকৈ দৰ্শকসকলক প্ৰশ্ন কৰিম যে তেওঁলোক কিয় চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহী নহয়! শিল্পীসকলে চিত্ৰ অংকন কৰি গৈ আছে। সমাজৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমি দেখোন তেওঁলোকৰ সৃষ্টিৰাজী সমাজলৈ উলিয়াই আনিবলৈ চেষ্টাই নকৰিলোঁ। প্ৰজন্মৰ পাছত প্ৰজন্ম আমি এই ক্ষেত্ৰত ব্যৰ্থ হৈছোঁ। এনে পৰিবেশত আমি এখন কলা সচেতন সমাজ কেনেকৈ গঢ় দিম? ইয়াৰ বাবে মই ভাবোঁ যে চৰকাৰী আৰু বেচৰকাৰী উভয় পক্ষই প্ৰচেষ্টা হাতত ল’ব লাগিব। যথোপযুক্ত পৰিকল্পনা যুগুত কৰিব লাগিব আৰু এনে পৰিকল্পনা ৰূপায়ণত যথেষ্ট মূলধন বিনিয়োগ কৰিব লাগিব। অসমৰ প্ৰতিখন চহৰত ‘কলা সংগ্ৰহালয়’ প্ৰতিষ্ঠা কৰিব লাগিব।
সাহিত্য ডট্‌ অৰ্গ:- এনে পৰিকল্পনা ব্যক্তিগত খণ্ডত সম্ভৱ নহয়। চৰকাৰী পৃষ্ঠপোষকতাতহে এনে পৰিকল্পনাসমূহ হয়তো সম্ভৱ হৈ উঠিব।
মুকুল মাধৱ বৈশ্য:- এই ক্ষেত্ৰত ব্যক্তিগত সংস্থাবিলাকে চৰকাৰক সহায় কৰিব পাৰে। পৃথিৱীৰ কিছুমান বিখ্যাত সংগ্ৰহালয়ৰ কিছুমান আঁচনি আছে। ধৰক জানুৱাৰী মাহত যদি মেট্ৰ’পলিটান সংগ্ৰহালয়বোৰলৈ হলেণ্ডৰপৰা ভেনগঘৰ চিত্ৰ অনা হ’ব, তেনেদৰে মেট্ৰপলিটান সংগ্ৰহালয়ৰপৰা পিকাচোৰ চিত্ৰ ইটালীলৈ পঠিওৱা হ’ব। অসমৰ ক্ষেত্ৰত এনেকুৱা হ’ব, গুৱাহাটীৰপৰা শোভা ব্ৰহ্ম ছাৰৰ ছবিবোৰ শিৱসাগৰলৈ যাব আৰু ডিব্ৰুগড়ৰপৰা অভয় দুৱৰাৰ ছবি গুৱাহাটীলৈ আহিব। তেতিয়া গুৱাহাটীৰ মানুহে ডিব্ৰুগড়লৈ নোযোৱাকৈয়েই অভয় দুৱৰাক গুৱাহাটীতে লগ পাব।
সাহিত্য ডট অৰ্গ:- এই কামটোৰ দায়িত্ব চৰকাৰৰ কোনটো বিভাগে ল’ব লাগিব বুলি আপুনি ভাবে?
মুকুল মাধৱ বৈশ্য:- এই দায়িত্ব সম্পূৰ্ণৰূপে অসমৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ ওপৰত ন্যস্ত থাকিব। মই ভাবোঁ, অসমৰ বহু মানুহৰ চিত্ৰশিল্পৰ জগতখনত কাম কৰাৰ ইচ্ছা আছে। আমাৰ অসমত বহু প্ৰতিভাশালী শিল্পী আছে, কিন্তু তেওঁলোক সমাজত পৰিচিত নহয়। তেওঁলোকৰ শিল্পকৰ্মক আমি সমাজত চিনাকি কৰাই দিব পৰা নাই। আচলতে চিত্ৰশিল্পৰ ক্ষেত্ৰত অসমত এখন উমৈহতীয়া মঞ্চৰ অভাৱ ঘটিছে। এনে এখন মঞ্চ সৃষ্টি কৰিব লাগিব।
সাহিত্য ডট্‌ অৰ্গ:- আমি আপোনাৰ সৈতে এখন ই-আলোচনীৰ বাবে কথা পাতি আছোঁ। আমাৰ দৰে ই-আলোচনীবোৰে চিত্ৰশিল্পৰ উত্তৰণৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যোৱাৰ আৱশ্যকতা আছে? এই বিষয়ে আপুনি কি উপদেশ দিব?
মুকুল মাধৱ বৈশ্য:- চাওক, এই সংক্ৰান্তত মই ঠিক উপদেশ দিব নোৱাৰোঁ। কিয়নো মই এই পৰ্যায় পোৱাগৈ নাই বুলিয়েই ভাবোঁ। এই স্তৰ পাবলৈ মই কলা বিশেষজ্ঞ হ’ব লাগিব। কিন্তু এটা কাম কৰিব পাৰি। প্ৰথমে অসমৰ যিসকল লেখকে চিত্ৰকলা সম্পৰ্কে লেখা-মেলা কৰে, তেওঁলোকক আলোচনীবোৰে চিনাক্ত কৰিব লাগিব। দ্বিতীয়তে, অসমত এনে বহু চিত্ৰশিল্পী আছে যিসকলে চিত্ৰকলা সম্পৰ্কে উন্নত মানৰ প্ৰবন্ধ ৰচনা কৰিছে। আপোনালোকে সেইসকল শিল্পীকো চিনাক্ত কৰিব লাগিব। আমি মনত ৰখা উচিত যে, এজন শিল্পীৰ চিত্ৰকলা সম্পৰ্কীয় লেখা আৰু এজন সমালোচকৰ লেখাৰ মাজত বহু পাৰ্থক্য আছে। আপোনালোকক দুয়োজনৰে লেখাৰ প্ৰয়োজন হ’ব। জ্ঞানপীঠ বঁটা বিজয়ী অসম গৌৰৱ নীলমণি ফুকন চিত্ৰশিল্পী নহয়; তেওঁ এগৰাকী প্ৰখ্যাত কবি। কিন্তু তেওঁ ‘ৰূপ বৰ্ণ বাক’ নামৰ যিখন গ্ৰন্থ ৰচনা কৰিছে, তাৰপৰা বুজা যায় তেওঁ কলাৰ কেনে উচ্চস্তৰৰ সমালোচক। তেনেধৰণৰ লেখক আপোনালোকে বিচাৰি উলিয়াব পাৰিব লাগিব। তদুপৰি আপোনালোকে বছৰেকীয়া এখন কেলেণ্ডাৰ প্ৰস্তুত কৰিব লাগিব। বাৰটা মাহৰ কাৰণে বাৰজন ব্যক্তি নিৰ্বাচন কৰি বাৰটা প্ৰাসংগিক বিষয় তেওঁলোকৰ মাজত ভগাই দিব লাগিব। কেলেণ্ডাৰৰ বিষয় অনুসৰি লেখাসমূহ প্ৰতিমাহে প্ৰকাশ কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকে নিজাববীয়াকৈ বিশেষ ভূমিকা ল’ব লাগিব। লোকচক্ষুৰ আঁৰত লুকাই থকা এই নীৰৱ শিল্পী তথা লেখকসকলক আপোনালোকেই সমাজত পৰিচয় কৰাই দিব লাগিব। এই আলোচনীবোৰৰ জৰিয়তে আপোনালোকে অসমৰ বৌদ্ধিক জগতখনলৈ এক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব। এখন আলোচনী এনেই প্ৰকাশ হৈ থকা আৰু আলোচনী এখনে বিৱৰ্তন আনিব বিচৰা কথাৰ মাজত পাৰ্থক্য আছে। আপোনালোকে যিহেতু এটা নতুন ধাৰণা অনাৰ প্ৰয়াস কৰিছে, সেয়েহে সকলো ক্ষেত্ৰতে সেই ধাৰণা দিয়াৰ প্ৰয়াস কৰক। আপোনালোকৰ আলোচনীখনৰ কোনোবা এটা মাহৰ বেটুপাতখন এজন শিল্পীৰ ইতিহাস বিজড়িত চিত্ৰ এখনেৰে সজাই শিল্পীগৰাকীৰ নামত উছৰ্গা কৰক। মই ভাবোঁ যে, এনে ব্যৱস্থা গ্ৰহণ কৰিলে আপোনালোকে চিত্ৰশিল্পক পাঠকৰ মাজলৈ লৈ যাবলৈ সক্ষম হ’ব আৰু পাঠকসকলেও এক নতুনত্ব বিচাৰি পাব। যিহেতু আপোনালোকৰ আলোচনীখন অনলাইন আলোচনী, সেয়ে আপোনালোকক লগ পাবলৈ আটাইতকৈ সহজ। আজিকালি বেছিভাগ মানুহেই অনলাইনত থাকে। আপোনালোকৰপৰা যেতিয়া পাঠকসকলে নতুনত্ব পাই থাকিব, তেওঁলোক উপকৃত হ’ব। পাঠকসকল আপোনালোকৰ আৰু অধিক ওচৰ চাপি আহিব। ইয়াৰ দ্বাৰা আপোনালোকে অধিক জনপ্ৰিয়তা লাভ কৰিব।
সাহিত্য ডট্‌ অৰ্গ:- কলা সম্পৰ্কে আপোনাৰ পৰা আমি বহু কথা জানিব পাৰিলোঁ। চিত্ৰকলা, শিল্পকলাৰ ইতিহাস, সমাজত ইয়াৰ প্ৰয়োজনীয়তা, বিশ্ব, ভাৰতবৰ্ষ তথা অসমৰ চিত্ৰশিল্পীসকলৰ বিষয়েও আপুনি আমাক বহু তথ্য আৰু জ্ঞানৰ খোৰাক দিলে। কলা সম্পৰ্কে আপোনাৰ সৈতে পতা কথাবোৰ আমাৰ মনত চিৰস্মৰণীয় হৈ ৰ’ব। ‘সাহিত্য ডট্‌ অৰ্গ’ৰ ফালৰ পৰা আপোনাক বিশেষভাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। শুভৰাত্ৰি।
মুকুল মাধৱ বৈশ্য:- ধন্যবাদ। আপোনালোকেও মোক মোৰ মনৰ কথাবোৰ ক’বলৈ সুযোগ দিলে। তাৰ বাবে আপোনালোক তথা ই-আলোচনীখনৰ সৈতে জড়িত হৈ প্ৰত্যেককে ময়ো ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!