সাক্ষাৎকাৰ: শ্ৰীমতী বন্তি শেনচোৱা

লেখক-

‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল প্ৰথিতযশা গল্পকাৰ শ্ৰীমতী বন্তি শেনচোৱাক। ‘মিলেনিয়ামৰ দুৱাৰডলি’ত ৰৈ প্ৰথমে কলমটোত খামুচি ধৰা শ্ৰীমতী বন্তি শেনচোৱা বাইদেউৰ জন্ম হৈছিল ১৯৬২ চনত নাজিৰাৰ বালিঘাট বৰদুৱাৰ মুখত। ২০০০ চনত গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা শ্ৰীমতী বন্তি শেনচোৱা বাইদেউৰ প্ৰথম গল্প সংকলন হ’ল ‘নিষাদ গান্ধাৰ’। ২০০৩ চনত প্ৰকাশ পোৱা এই গল্প সংকলনটিৰ পিছত তেখেতৰ অন্যান্য গল্প সংকলন ‘সৰল আৰু সুন্দৰ’, ‘দুপৰৰ পাৰ চৰাই’ আৰু ‘মৌসৰা’ প্ৰকাশ পায়। ‘জল ভৰি যশোদা’ গল্প তথা গল্প সংকলনসমূহৰ দ্বাৰা নিজৰ সংবেদনশীল মনটোক প্ৰকাশ কৰা বন্তি শেনচোৱা বাইদেউৰ ‘হাজাৰী তাৱৈ’, ‘অজগৰ’, ‘বিপন্ন প্ৰজাতি’, ‘স্বৰ্গদেউ’, ‘স্থায়ী অন্তৰা’, ‘অতনু যাৰ সীমা’, ‘এজন শৰৎ সিংহৰ সন্ধানত’, ‘হালিমী বুঢ়ী’ আদি গল্পই কেতবোৰ ছায়াঘন চৰিত্ৰ সৃষ্টি কৰিছে আৰু এনেসমূহ চৰিত্ৰৰ মনস্তাত্বিক বিশ্লেষণে পাঠকৰ মন-মগজু বিধৌত কৰি তুলিছে। শ্ৰীমতী শেনচোৱা বাইদেউৰ গল্প ‘আকণবিন্ধীৰ সোণপৰুৱা’ আদিকে ধৰি বিভিন্ন গল্প ভাৰতৰ আন আন ভাষালৈও অনুবাদ কৰা হৈছে। এগৰাকী সফল শিক্ষকৰূপেও পৰিচিতি লাভ কৰা শ্ৰীমতী বন্তি শেনচোৱা বাইদেউৱে ১৯৯০ চনত গুৱাহাটীৰ ৰাধাগোৱিন্দ বৰুৱা মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা পদত যোগদান কৰি ২০২০ চনত এই মহাবিদ্যালয়ৰ পৰা সহযোগী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰে।

অগানুগতিক তথা মনস্তাত্বিক গল্পসমূহেৰে গল্প সাহিত্যত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা শ্ৰীমতী বন্তি শেনচোৱা বাইদেউৰ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত তথা ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য ক্ৰমে শ্ৰী মণ্টু কুমাৰ বৰঠাকুৰ, শ্ৰী বিকাশ দত্ত আৰু শ্ৰী অভিজিত দত্তই। সম্পাদক শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত আৰু শ্ৰী তৃপ্তি বৰা, শ্রী অনামিকা বড়া, শ্ৰী উদেষ্ণা গগৈ, শ্ৰী মৃণাল ঠাকুৰীয়া, শ্ৰী চাণক্য কুমাৰ দাস আৰু শ্ৰী অভিজিত দত্তই উক্ত সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে। সাক্ষাৎকাৰটিৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদক শ্ৰী খনিন্দ্ৰ ভূষণ মহন্তই। এই সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে ‘অসমীয়াত কথা বতৰা গোট’ৰ সদস্য শ্ৰী বিকাশ দত্তই। উক্ত সাক্ষাৎকাৰটি পাঠকসকললৈ বুলি আগবঢ়াইছে ‘অসমীয়াত কথা বতৰা’ৰ আন এগৰাকী সক্ৰিয় সদস্য ডঃ দ্বীপজ্যোতি বৰাই।

সাহিত্য ডট অর্গঃ পোনপটীয়াকৈ বাইদেউৰ ওচৰলৈকে যাব খুজিছোঁ। আপোনাৰ বর্ণময়ী শৈশৱৰ বিষয়ে তথা জন্ম ঠাইখনৰ বিষয়ে অকণমান জনাব নেকি?
বন্তি শেনচোৱাঃ হয়, যেনেকৈ পৰিচিতিত অকণমান কৈছেই মই শিৱসাগৰৰ নাজিৰাৰ কাষৰ গড়গাঁও নামে ঠাইত জন্ম – বালিঘাট বৰদুৱাৰমুখ। মোৰ সঠিক পৰিচয়েই দিছে যে – নদীখনৰ এইপাৰৰ পৰা আমি নাজিৰা দেখি থাকোঁ – ৰূপহী গাভৰুৰ মুখ যেন। আমাৰ ঠাইখন ৰূপহী গাভৰুৰ কলডিলীয়া খোপাটোৰ দৰে। খোপাটোৰ কাষতেই আছে আমাৰ গড়গাঁও। গড়গাঁও বুলিলেই আৰু ক’বলৈ নাই – কাৰেংঘৰ আছেই তাতে আমাৰ ঐতিহ্যৰ সাক্ষী হৈ। গতিকে তাতেই মোৰ জন্ম হৈছিল।
মানে, আমি দুটা বস্তুৱেই পাইছিলোঁ একেলগে – চহৰৰ চকমকনিটো আমি দূৰৰ পৰা দেখিছিলোঁ আৰু নদীখনৰ এইপাৰে সম্পূর্ণ গ্রামীন পৰিৱেশত আমি ডাঙৰ-দীঘল হৈছিলোঁ। তেতিয়া আমি ইমান কথা বুজি নাপাওঁ। বোকা-পানীৰে ডাঙৰ হোৱা – খেতি-বাতি কৰিছোঁ – স্কুললৈ গৈছোঁ। কষ্টৰে জীৱন আছিলে। তেতিয়া ভাবিছিলোঁ – কেতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ! কেতিয়া আঁতৰ হওঁ! – এনেকুৱা ভাবেই আছিল। চাৰিওফালে বানপানী দেখা পাইছিলোঁ – ঘৰলৈ যোৱাৰ ৰাস্তা-পদূলি বেয়া আছিল। এনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছিলোঁ। কিন্তু ঘূৰি আহি ডাঙৰ হৈ এতিয়া গম পাওঁ – আচলতে তাতেই আচল জীৱন আছিল। সুন্দৰ এটা পৰিৱেশ আছিল। প্রকৃতিৰ মাজত আমি ডাঙৰ হৈছিলোঁ। গ্রামীণ সকলো কলা-কৃষ্টি আমাৰ লগত গৈ আছিল। শিকিবলৈ আমি বেলেগকৈ যোৱা নাছিলোঁ – সেইটোৱেই আমাৰ জীৱন আছিল। নাও বাব পাৰিছিলোঁ। বাবই লাগিছিল – পাৰিছিলোঁ বুলি নহয়। নদীৰ সিপাৰে আমাৰ খেতি-পথাৰ আছিল, নাও বাই আমি তালৈ গৈছিলোঁ। ভূঁই ৰুব পাৰিছিলোঁ – ধান দাব পাৰিছিলোঁ – তাঁতশাল বোৱা – এনেকুৱা যিকোনো এজনী গাঁৱলীয়া ছোৱালীয়ে যিখিনি কৰি ডাঙৰ-দীঘল হ’ব লাগে – তেনেকুৱা শৈশৱ আমি পাৰ কৰিছিলোঁ। লগে-লগে কিছুমান ধুনীয়া কাম হৈছিল – সমূহীয়া কিছুমান অনুষ্ঠানত আমি অংশ গ্রহণ কৰিব পাৰিছিলোঁ। নামঘৰৰ লগতে মছজিদৰ আজানো শুনিছিলোঁ – গীর্জাৰ ধ্বনিও শুনিছিলোঁ। আটাইতকৈ ডাঙৰ কথা যে – আমাৰ গাঁৱত কিছুমান পুথিভঁড়াল আছিল। আমি পুথিভঁড়ালৰ কিতাপ পঢ়ি ডাঙৰ হৈছিলোঁ। খুব অকণমানি শৈশৱ – অকণমানি ঠাই। কিন্তু তাতেই আমি গোটেই জগতখন চিনিব পাৰিছিলোঁ। পাছত এইটো কথা উপলব্ধি হয়। পাছত, এতিয়া যদি উভতি চাওঁ – সেই জীৱনটোত আমি অংশ গ্রহণ কৰিছিলোঁ। হয়তো সেইবাবেই চাগে কিছুমান বস্তু মজ্জাগতভাৱে সোমাই পৰিলে আৰু পৰৱর্তী সময়ত সহায় কৰিলে লেখাত। এতিয়া যেতিয়া লিখিবলৈ বহোঁ, তেতিয়া দেখোঁ – সেই শৈশৰ পৃথিৱীখনে মোক বহুত সহায় কৰে। লগতে আমাৰ আমাৰ শিক্ষকসকলো এনেকুৱা আছিল – ইংৰাজী ভাষাও খুব সুন্দৰকৈ জানে, অসমীয়াও জানে। মই পঢ়িছিলোঁ মিডল ভার্ণিকুলাৰ – মধ্য অসমীয়া বিদ্যালয়ত। মানে দুখন অঙ্কৰ পেপাৰ দিব লাগে – উচ্চ গণিত, নিম্ন গণিত – দুখন অসমীয়া – উচ্চ অসমীয়া, নিম্ন অসমীয়া। দুখন দুখন পেপাৰ দিব লাগে। অসমীয়া বিষয়টো তেতিয়া ছাৰে খুব ভালকৈ শিকাইছিল। মজ্জাগত হৈ গৈছিল – তেনেকুৱা লাগে মোৰ এতিয়া। কাৰণ, বেলেগকৈ অসমীয়া শিকিবলৈতো আৰু নাই। দুখন দুখন অঙ্ক – অঙ্কত খুব গাধই আছিলোঁ বাৰু (হাঁহি), ইফালেদি অসমীয়াৰ ভেটিটো ছাৰসকলে মজবুট কৰি পঠিয়াইছিল নেকি? কাৰণ লিখোঁতে শব্দ বিচাৰি মই কেতিয়াও ৰ’ব লগা হোৱা নাই। তেতিয়া পঢ়িবলৈ বহুত পাইছিলোঁ। স্নিগ্ধা ৰাণী গগৈ, কেশৱ গগৈ – তেওঁলোকে আমাক কিতাপ যোগান ধৰিছিল। পেপাৰখন আমি তিনি-চাৰিদিন পাছতহে পাওঁ। কিন্তু শৈশৱতে কিতাপ নির্মলপ্রভা বৰদলৈ, নৱকান্ত বৰুৱা আদি পঢ়িবলৈ পাইছিলোঁ – শিশু সাহিত্যৰ কথা কৈছোঁ মই। তেতিয়াই হয়তো এটা নিচা হৈ গৈছিল কিতাপ পঢ়াৰ। তেতিয়াতো অন্যান্য একো মনোৰঞ্জন নাছিল। কেৱল কিতাপেই। লগত প্রকৃতি। গতিকে বৰ সুন্দৰ এক সময় – শৈশৱটো তাত পাৰ কৰি আহিলোঁ। লগতে, গড়গাঁৱৰ ঐতিহ্যৰ প্রতি সচেতন আছিলোঁ। মানুহ যায় – পর্যটক যায় তালৈ। আমি জানো যে – এইখিনি ঠাই, য’ত আমি জন্ম হৈছোঁ – তাৰ এক মাহাত্ম্য আছে। পাছত ডাঙৰ হৈ উপলব্ধি কৰিছিলোঁ মাহাত্ম্যখিনি কি!

সাহিত্য ডট অর্গঃ লিখা-মেলাৰ পৃথিৱীখনলৈ প্রথম আপুনি কেনেকৈ আকর্ষিত হ’ল? মানে ধৰক, আপুনিও যে লিখা-মেলা কৰিব – সেই কথাটো কেতিয়া ভাবিলে?
বন্তি শেনচোৱাঃ মানুহে মোক জানে ২০০০ চনৰ পৰা। কিন্তু মই স্কুলত থকাৰ পৰাই লিখিছোঁ। অষ্টম শ্রেণীত আছিলোঁ – মোৰ মনত আছে। স্কুলবোৰত যে প্রতিযোগিতা হয়, তেতিয়া লিখিবলৈ কৈছিল। ছাৰসকলে জানে – মধ্য অসমীয়া হাইস্কুলৰ পৰা আহিছ। অঙ্কততো গাধ হ’লিয়েই, অসমীয়াই ভালকৈ লিখ। ৰচনা প্রতিযোগিতা, প্রবন্ধ ইত্যাদিত লিখিবলৈ দিয়ে। প্রতিযোগিতাবিলাকত মই ভাল কৰিছিলোঁ চাগে! কাৰণ মই শ্রেষ্ঠ সাহিত্য প্রতিযোগীও হৈছিলোঁ – শিমলুগুৰি হাইস্কুলত। এতিয়াও মনত পৰে – স্কুললৈ গৈ থাকোঁ হাতত ছাতি এটা লৈ, পিছফালৰ পৰা শিক্ষকসকল আহি থাকে। বহুদূৰ খোজকাঢ়ি যাব লাগে – প্রায় তিনি-চাৰি কিলোমিটাৰ। চাইকেলখনৰে পিছফালৰ পৰা আহি ছাতিত টুকুৰিয়াই দিয়ে। কয় – তই যে ৰচনাৰ দীঘল দীঘল শিৰোনামবোৰ দিয় যেনেঃ অসমীয়া মহিলা সমস্যাবোৰ (এতিয়া নামবোৰ পাহৰিছোঁ), এই যে দীঘল ৰচনাখন লিখিলি – তোৰ ককায়েৰহঁতে লিখি দিয়ে নে? মই খুব কান্দো তেতিয়া। কাৰণ ককাইদেউহঁতে বানান মোৰ পৰাই চায়। ছাৰহঁত মানে পতিয়ন নাযায় ময়েই এইখিনি লিখিব পাৰিছোঁ বুলি। তেওঁলোকে মানে সন্দেহ কৰে – তই এইবোৰ কথা লিখিব পাৰনে? তেতিয়া মোৰ বেয়া লাগিছিল। কিন্তু পিছত লাহে-লাহে বুজি পোৱা হৈছিলোঁ – ছাৰহঁতো পতিয়ন গৈছে যে – লেখাটো তোৰ ভাল হৈছে। এনেকৈয়ে আৰম্ভ হৈছিল। স্কুলত অষ্টম, নৱম আৰু দশম শ্রেণীত থাকোঁতে মই একেৰাহে শ্রেষ্ঠ সাহিত্য প্রতিযোগী আছিলোঁ। সেই সময়ত পেপাৰ-পত্রত লিখাৰ কোনো কথাই নাই। লিখি-মেলি গুৱাহাটীলৈ পঠিয়াব লাগিব। ওচৰে-পাজৰে যিমান যি প্রাচীৰ-পত্রিকা আছিল, তাত মোৰ লেখা ওলায়। তাৰ পাছত গড়গাঁও কলেজত এডমিশ্বন লোৱাৰ পাছত সেই বছৰতে মই শ্রেষ্ঠ সাহিত্য প্রতিযোগী হৈছিলোঁ। তেওঁলোকে সকলোৱে ভাবিছিল – মই অসমীয়া ভালকৈ পঢ়িম, অসমীয়াত অনার্চ ল’ম। ভাল আছিলোঁ চাগে। মই অসমীয়ালৈ কিয় নাহিলোঁ! তেওঁলোকে বেয়া পাইছিল – ইংৰাজীক গুৰু বিষয় কৰাৰ বাবে। সেই সময়তে মই সদৌ অসম ভিত্তিত শিশু সাহিত্য আৰু ইয়াৰ সমস্যা বিষয়ক ৰচনা প্রতিযোগিতাত অংশ লৈছিলোঁ। মোক কোনোবাই কৈছিল – তয়ো ইয়াত অংশ লচোন। আৰু মই প্রথম হৈছিলোঁ। মোৰ মনত আছে, বাকী দুগৰাকী মহিলা আছিল। জ্যেষ্ঠ তেওঁলোক। জাঁজী লেখিকা সমাৰোহত মোৰ পুৰস্কাৰ দিওঁতে মই অবাক হৈছিলোঁ। মই তেতিয়া হায়াৰ চেকেণ্ডাৰী পঢ়ি থকা ছোৱালী। সেইটোও মোৰ বাবে এক চক খাবলগীয়া কথা আছিল। পাছত কলেজতো এইটো পুৰস্কাৰ পোৱাৰ বাবে সমূহীয়াকৈ আকৌ দি উৎসাহ দিলে। তেতিয়ালৈকে এইটোৱেই আছিল মোৰ লেখাৰ যাত্রা। তাৰ পাছত যেতিয়া ইংৰাজীত যেতিয়া অনার্চ লৈ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, মোৰ বিভাগৰ মুৰব্বীয়ে মাতি নিলে মোক। তেওঁলোক অসমীয়া মানুহ নাছিল। উৰিষ্যাৰ আছিল কিজানি। কৈছে – এতিয়া তই যে ইংৰাজী পঢ়িবি, অসমীয়াত এইবোৰ লিখা-মেলা কৰি থাকিব নোৱাৰ। কাৰণ, তই যদি অসমীয়া লিখি থাক, তোৰ ইংৰাজী শিকা নহ’ব। আৰু খুব বাধ্য ছাত্রী আছিলোঁ। তেতিয়াই কলমটো সামৰি থৈ দিলোঁ তাকো বিশ বছৰলৈ।

এটা সময়ত খুব কথা কবিতা লিখিছিলোঁ। কথা কবিতাত মোক কোনেও নোৱাৰে। অকণমানি চুটি-চুটিকৈ লিখোঁ। যতীন্দ্র নাথ দুৱৰা খুব পঢ়িছিলোঁ – ভালো পাইছিলোঁ। গতিকে লেখাৰ সৰুকালৰ যাত্রাটো তাতেই শেষ হ’ল আৰু মন-পুতি ইংৰাজী ভাষা শিকিবলৈ ল’লোঁ। ইংৰাজী ভাষা শিকাটো তেতিয়া বৰ জৰুৰী আছিল। হঠাত বৰ ডাঙৰ জগত এখনলৈ আহি গ’লোঁ। তেতিয়া কিতাপ-পত্রও কম আছিল। এনেকৈয়ে মই অসমীয়া বাদ দি ইংৰাজী পঢ়িবলৈ ল’লোঁ। তাৰ পাছত বহুত দীঘল দিন পাৰ হ’ল। শ্বিলঙত মই এম.এ. কৰিলোঁ। ঘূৰি আহি কলেজত জইন কৰিলোঁ। সংসাৰ আৰম্ভ কৰিলোঁ। আৰু মিলেনিয়ামৰ যেতিয়া ঘণ্টা বাজিল – তেতিয়া দেখিলোঁ – বহুসময় এনেই পাৰ হৈ গ’ল। মণি-মুকুতা সকলো তলত পৰি থাকিল। এমুঠিমান বালি আছে – তাতে খামুচি ধৰিব লাগিব। তেতিয়া ২০০০ চনত মই ‘জলভৰি যশোদা’ লিখিবলৈ আৰম্ভ কৰিছোঁ – শ্রীময়ীত প্রকাশ হৈছিল। ইমান দিনৰ দীঘলীয়া অৱসৰৰ মূৰত লিখিবলৈ আৰম্ভ কৰিছিলোঁ। ২০০৩ চনৰ পৰা ৰাইজে মোক জানিবলৈ আৰম্ভ কৰিছিল। গল্পটো প্রকাশ পোৱাৰ পাছত কিছুমান কৌতূহলী পাঠক থাকে, তেওঁলোকে জানিছিল অলপ। পাছত যেতিয়া ‘হাজাৰী কাউৰী’ ছপা হৈ ওলাইছিল তেতিয়া মানুহবোৰে অলপ মন কৰিছিল।

সাহিত্য ডট অর্গঃ আচলতে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। আমাৰ ক’বলগা কথাকেইটা আচলতে তাতে সোমাই পৰিছে। সেই বিদ্যালয়ৰ দিনৰ পৰা মহাবিদ্যালয়ৰ দিনলৈকে – য’তেই যেনেকৈ আপুনি অংশ লৈছে তাতেই শ্রেষ্ঠ সাহিত্য প্রতিযোগী হৈছে। আচলতে ভবিষ্যতে যে আমি এক উজ্জ্বল ভোটা তৰা পাম, তাৰ প্রমাণ সেই তেতিয়াই পোৱা গৈছিল!
বন্তি শেনচোৱাঃ মোৰ বৰ দুখ লাগিছিল। যেতিয়া মই পিছৰফালে লিখিবলৈ লৈছিলোঁ, দেখিছিলোঁ বহুসময় পাৰ হৈ গ’ল। মোৰ মনত পৰিছিল – ছাৰসকলে খুব চিঞ্চিয়েৰলি এই কথাবোৰ কয়। ছাৰসকল খুব ভাল আছিল স্কুলৰ। ছাৰ ভালেই থাকে সদায়। তেওঁলোকে এটা কথা জানিছিল – তই বৰ ভাল ছোৱালী হ’বি – এনেকৈ মৰম কৰি কৈছিল। পাছত যেতিয়া মোৰ চল্লিশ বছৰ হৈ গ’ল – তেতিয়া গম পালোঁ – মইতো একো নহ’লোঁ। ভাল ছোৱালীতো নহ’লোঁ, একো কামেই কৰিব নোৱাৰিলোঁ। আচলতে প্রেৰণাটো তেওঁলোকৰ পৰাই পাই থৈছিলোঁ – উৎসাহ দিছিল, প্রেৰণা মানে। এইটোৱে একপ্রকাৰ পীড়া দিলে। দুজনমানে জানিলে যে মই লিখিবলৈ লৈছোঁ। বহুতে গমেই নাপালে। যিকেইজনে জানিলে – তেওঁলোকে অতশয় আনন্দ পাইছিল – মই গম পাইছিলোঁ। মই যে দুই-এটা লিখিছোঁ এইটো জানিয়েই তেওঁলোকে ভালপাইছিল।

সাহিত্য ডট অর্গঃ আপোনাৰ গল্পবোৰৰ প্রায়বোৰতেই আমি গ্রাম্য জীৱনৰ বিভিন্ন ছবি দেখিবলৈ পাওঁ। ধৰক ‘মাজ চোতালৰ চাকি’ৰ কথাই যদি কওঁ বা ‘মৌসৰা’ৰ কথাই যদি কওঁ। এনেকুৱা নহয় যে আপুনি কংক্রীটৰ জগতখনৰ লগত চিনাকি নহয়। তথাপি – গ্রাম্য জীৱনৰ গল্পবোৰে আপোনাক হাত-বাউল দি মাতি থাকে যেন বোধ হয়। এয়া কি লেখকৰ ব্যক্তিগত ৰুচি নে গ্রাম্য সমাজখনক ন-কৈ ফঁহিয়াই চোৱাৰ বাসনা?
বন্তি শেনচোৱাঃ শেষৰটো। গ্রাম্য জীৱনক ন-কৈ ফঁহিয়াই চোৱাৰ বাসনা ঠিক নহয়; এটা পীড়া হয়। এটা যন্ত্রণা হয়। পৰিৱর্তন জগতৰ ৰীতি। এতিয়া যদি ঘূৰি চাওঁ – সেই গ্রামীণ পৰিৱেশ আৰু নাই। বহুতেই নোহোৱা হৈ গ’ল। ক’ৰবাত ধৰি ৰখাৰ এটা হেঁপাহ জাগে। পৰিৱেশ অধ্যয়নৰ লগতো মই জড়িততো। গতিকে extinct-instinct আদিৰ বিষয়ে জানো। কেৱল প্রাকৃতিক পৰিৱেশেই নহয় আভ্যন্তৰীণ পৰিৱেশো সংৰক্ষণ কৰাৰ দৰকাৰ। গতিকে মই যেতিয়া ২০০০ চনত জলভৰি যশোদা লিখিলোঁ, তেতিয়া মই চল্লিশ বছৰীয়া পৈণত মহিলা এগৰাকী। লিখাৰ লগতে আন এটা কথাই পীড়া কৰিছিল – সেইটো হৈছে দায়িত্ববোধ। বহুত মণি-মুকুতাতো নোহোৱাই হৈ যাব জীৱনৰ পৰা – জানিছিলোঁ। ক’ৰবাত সংৰক্ষণ কৰাৰ এটা পীড়া আছিল। আৰু ক’ত আছিল সেই মণি-মুকুতাবোৰ? গ্রামীণ সমাজতেই। আৰু এটা কথা অনস্বীকার্য যে – মই প্রায়েই কওঁ- অসমত আশী শতাংশ গাঁৱেই। গুৱাহাটী চহৰ এখনহে। সৰহভাগ মানুহ আমি গাঁৱৰ পৰাই অহা। গতিকে মই যেতিয়া নিজৰ গাঁৱৰ কথা লিখোঁ – প্রায়বোৰ পাঠকে নিজৰ নিজৰ গাঁৱৰ লগত কথাবোৰ সংযোগ কৰিব পাৰে।

মৌসৰা লিখোঁতেও এনে কথা এটাই ক্রিয়া কৰিছিল। তোমালোকে গল্পটো পঢ়িছা যেতিয়া নিশ্চয় জানাই – গল্পটোৰ নায়িকা ভাদৈয়ে সাঁজৰ দেৱাই বিচাৰি ফুৰে – পাত বিচাৰি ফুৰে। পাত বিচাৰি ফুৰোঁতে তেওঁ গম পাইছে যে পাত নাইকিয়া হৈছে – কমি আহিছে। গোটেই বিশ্বজুৰি এই কথাটো হৈ আছে। মই এগৰাকী গ্রামীণ মহিলাৰ হতুৱাই এই কথাটো কোৱাইছোঁ। তেওঁ সাঁজত দিবলৈ সেই বন দৰৱখিনি বিচাৰি পোৱা নাই। তেওঁ গম পাইছে, এইখিনি নহ’লে সাঁজৰ যি নিচা – সেই নিচাটো নাহিব। তেওঁ ইতিমধ্যে গম পাইছে – কম বয়সীয়া মহিলাসকলে কি কৰে? পেৰাচিটামল জাতীয় দেৱাই আনি তাত দি দিয়ে। ফলত যিটো ক্রিয়া হয় – সেয়া সুখকৰ নহয়। গোটেই বিশ্বজুৰী সেয়াই হৈ আহিছে। যে কৃত্রিম নিচা লগাবলৈ যত্ন কৰে। জীৱনৰ ক্ষেত্রতো একেটাই কথা। সৰল আৰু মনোমুগ্ধকৰ দিশ পাহৰি আমি কৃত্রিম এটা আনন্দৰ দিশে গৈ আছোঁ। এই কথাটোকে দেখুৱাবলৈ মই ভাদৈ বা মৌসৰা গল্পটোত যত্ন কৰিছিলোঁ। জলভৰি যশোদাটো একেই। আৰু এটা কথা হয় – দূৰলৈ যিহেতু গুচি আহিলোঁ গাঁৱৰ পৰা – গুৱাহাটীলৈ গুচি অহাৰ লগে লগেই, মোৰ যে গাঁওখন ইমান ধুনীয়া আছিল – জীৱনটো যে ইমান সুন্দৰকৈ উপভোগ কৰিলোঁ – কটাই আহিলোঁ, তেতিয়া কষ্ট বুলি ভাবিছিলোঁ – আচলতে উদযাপন কৰিছিলোঁ বুলি উপলব্ধি কৰোঁ। আচলতে লিখোঁতে এটা দূৰত্বৰ দৰকাৰ। কিবা এটা দেখিলোঁ আৰু লগে-লগে লিখিলোঁ – সেইটো গল্প নহৈ ধাৰা-বিৱৰণী হোৱাৰ ভয় থাকে। সদায় নহয়, কেতিয়াবা- কেতিয়াবা হৈ যায়। আৰু মই ভাবোঁ – যেতিয়া পৈণত হয়, পচি থাকে বস্তু এটা সেইটোৱে বেছি মানুহক আকর্ষণ কৰিব পাৰে। অন্ততঃ মই তেনেকৈ লিখিব পাৰোঁ।

সাহিত্য ডট অর্গঃ আপোনাৰ আন এটা গল্পৰ কথা ক’ব খুজিছোঁ। ‘মাজ চোতালৰ চাকি’। তাত আপুনি এক লোকাচাৰৰ বিষয়ে উল্লেখ কৰিছিল। এইটো আপোনাৰ চাক্ষুষ অভিজ্ঞতা নে আপুনি ক’ৰবাত শুনিছিল বা পঢ়িছিল?
বন্তি শেনচোৱাঃ খুব ভাল প্রশ্ন এইটো। এই গল্পটোৰ বিষয়ে খুব কম কথা আলোচনা হৈছে। মাজ চোতালৰ চাকিৰ বিষয়ে মই ক’ব লাগিব। মাজ চোতালৰ চাকি যিটো পৰম্পৰা – আমাৰ কাষৰ গাঁওখনতে আছে এই পৰম্পৰাটো আমি চকুৰে দেখি আহিছোঁ। তেতিয়া ইয়াৰ গূঢ়ার্থ বুজা নাছিলোঁ। পিছত যেতিয়া মই লোকসৃষ্টি গৱেষক পদ্মেশ্বৰ গগৈ ডাঙৰীয়াক লগ পাইছিলোঁ – তেতিয়া মই তেওঁক কৈছিলোঁ যে এনেকুৱা- এনেকুৱা হয় – তেওঁলোকে কাজিয়া কৰে। প্রসংগ ক্রমে এইটো উল্লেখ কৰিব লাগিব যে – ভূপেন হাজৰিকাৰ ককাকৰ গাঁও সেইখন। নাজিৰাত। গল্পটোত উল্লেখএই আছে- মহিলাসকলে কি কৰে? কাজিয়া কৰিবলৈ হ’লে তেওঁলোকে চাকিটো জ্বলাই লয়। এক গণতান্ত্রিক পদ্ধতি যি মই দেখিছিলোঁ। চাকিটো আনি লয় আৰু ঘোষণা দিয়ে যে মোৰ ক’ব লগা আছে। সন্ধিয়াতে চাকিটো আনি যাক ক’ব লগা আছে তেওঁক সম্বোধন কৰে। বহুত ৰাতিলৈকে দুর্বাদল কাজিয়া হয়। মোৰ লাগে – যিমানখিনি লেতেৰা আছিল – ময়লা আছিল – আটাইখিনি উলিয়াই দিলে তেওঁলোকে কৈ কৈ। কিন্তু ইমান ভদ্র – এটা সময়ত যেতিয়া দেখে – নহ’ব। আৰু নোৱাৰি। কাজিয়া অন্ত হোৱাগৈ নাই। তেতিয়া পাচিটোৰে চাকিটো ঢাকি দিয়ে। লগে-লগে কাজিয়া সামৰণি পৰে। মই আইনৰ কথা ইমান নাজানো। পদ্মেশ্বৰ গগৈয়ে মোক বুজাইছিল – এয়া কি হ’ল বুজিছানে? The court is adjourn for today. জাজে যেনেকৈ হাতুৰী মাৰিলে ক’র্টৰ বিচাৰ প্রক্রিয়া সমাপ্ত হয় – তেনেকৈ তেওঁলোকে এই গণতান্ত্রিক পদ্ধতিটো চলাইছিল। তেতিয়া মই গল্পটো লিখিবলৈ উৎসাহ পাইছিলোঁ। যে এই কথাটো মই ক’ৰবাত কৈ যাব লাগিব – লিখি যাব লাগিব। গল্পটোক আলোচনালৈ তোমালোকেই প্রথম আনিছা নেকি এইখিনি কথা! নে মই ক’তো ক’বলৈ পোৱাই নাই।

সাহিত্য ডট অর্গঃ আমাৰো এইটো জানি ভাল লাগিল। কেৱল মহিলাসকলৰ মাজতহে আছিল নেকি এইটো?
বন্তি শেনচোৱাঃ পুৰুষসকলৰ কাজিয়াৰ ধাৰাটো বেলেগ হয়। এইটো মহিলাসকলৰ মাজতেই আছিল। আচলতে মাজ চোতালৰ চাকি লোক-পৰম্পৰাটো ঘটনাক্রমেহে আহিছে তালৈ। কমলা নামৰ চৰিত্র এটাৰ যোগেদি। উগ্রপন্থী সমস্যাটো তাত আছে। উগ্রবাদী সংগঠনৰ দ্বাৰা নাৰীসকল কেনেদৰে নিষ্পেষিত হয় – সমস্যাটো দুটা তৰপীয়া। ল’ৰাজন উভতি আহিল। ছোৱালীজনী উভতি নাহিল – কমলা। কমলাৰ কথা পাছত ক’তো উল্লেখ নহ’লেই। কিন্তু মাণিক ঘূৰি আহিল – অধিক উজ্জ্বল হৈ।

সাহিত্য ডট অর্গঃ আপোনাৰ গল্পবোৰত আমি প্রায়েই ইংগিতধর্মী কিছুমান প্রতীকৰ ব্যৱহাৰৰ মাজেৰে সমাজৰ বিভিন্ন দিশ দর্শন কৰিব বিচাৰে। এনেকুৱা হব পাৰে নেকি যে – মাজ চোতালৰ চাকিৰ যোগেদি আপুনি সমাজত চলি থকা কু-সংস্কাৰ আদিক জ্বলাই দিয়া বুজাব খুজিছে নেকি?
বন্তি শেনচোৱাঃ শেষত যে দময়ন্তীয়ে চাকিটোৰে গোটেই ঘৰখন জলাই দিছে – ভীষণ ক্ষোভ হৈছে তাইৰ – এই গণতান্ত্রিক পদ্ধতিটোৰ ওপৰত – ৰাজনৈতিক প্রেক্ষাপটটোৰ ওপৰত – সামাজিক বিচাৰৰ ওপৰত। দুটাকৈ ল’ৰা-ছোৱালী নোহোৱা হৈছিল। কিন্তু ল’ৰাজন ঘূৰি আহোঁতে সমাজে আদৰি লৈছে – অথচ ছোৱালীজনীৰ কথা কোনেও পতাই নাই। মাকে দেখি আছে সকলো। ছোৱালীজনী মানে কমলাই ন্যায় পাবনে? কাৰো এই বিষয়ে খবৰ নাছিল। দময়ন্তীৰ এই আক্রোশটো – বিদ্রোহটো জ্বলাই দিয়া বুলি বুজাইছিলোঁ মই। শেষত পাচিটো পুৰি পেলাইছিল। কাৰণ সমাজ জীৱনত এয়াই হয়। বিচাৰ নাপায় সকলোৱে।

সাহিত্য ডট অর্গঃ আমি আজিকালি সততে শুনিবলৈ পোৱা এটা শব্দ হৈছে – সম্পৰীক্ষা। আপুনি কি ভাবে – অসমীয়া চুটিগল্পত সম্পৰীক্ষাৰ প্রয়োজনীয়তা কিমান?
বন্তি শেনচোৱাঃ এইটো এটা জটিল প্রশ্ন। প্রয়োজনীয়তা থাকক বা নাথাকক, লেখকে নিজৰ ধৰণে লিখিবই – সম্পৰীক্ষা কৰিবই। আমি বিচাৰোঁ বা নিবিচাৰোঁ। মই এটা কথা কওঁ – চুটিগল্প ক’ৰপৰা আহিল? সাধুকথাৰ পৰা। সাধুকথাৰ বিৱর্তন হৈয়েই চুটিগল্প।

সম্পৰীক্ষা লাগিব। কাৰণ নহ’লে আমি কি কথা ক’ম? সকলো গল্প কোৱা হৈয়েই গ’ল। পাঠকে সকলো জানেই। আমি অনুভূতি দুই-এটা লৈ কাম কৰি থাকোঁ। গতিকে কাহিনী এটা কোৱাতকৈ কেনেকৈ ক’ম – সেইটো ডাঙৰ কথা। কেনেকৈটোতে সম্পৰীক্ষা আহে। অঁ, কেতিয়াবা সম্পৰীক্ষাই বৰ জটিল কৰি পেলায় – সেইটো বেলেগ কথা।

সাহিত্য ডট অর্গঃ আপোনাৰ ‘যাদুকাঠী’ গল্পটোত ‘তীখৰ আৰু চুটিবাঈ’ সাধুটোক মূল উপজীব্য হিচাপে লৈ তাক এক নতুন দৃষ্টিভংগী এটা দিবলৈ চেষ্টা কৰিছিল।
বন্তি শেনচোৱাঃ আচল কথাটো কওঁ। এই গল্পটো মই বাধ্যত পৰি লিখিছিলোঁ। যেতিয়া কৈ দিয়া হৈছিল যে – ৰসৰাজৰ গল্প এটাক লৈ মই লিখিব লাগে – তেতিয়া মই মোৰ আটাইতকৈ ভাললগা সাধু – তীখৰ আৰু চুটিবাঈক লৈ লিখিছিলোঁ। আমিতো ৰাস্তাই-পদূলিয়ে বহুত তীখৰ দেখিয়েই থাকোঁ। এই কথাটোৱে মোক সহায় কৰিছিল। মই বেছি কাম কৰিব লগা নাই। বেজবৰুৱাদেৱে কৰি থৈয়ে গৈছে। মই মাত্র পটভূমিটো সলনি কৰি দিলেই হ’ল। আজিৰ তীখৰেতো গাত এৰীয়া চাদৰ লৈ ওলাই নাহে। আজিৰ তীখৰে প্লাষ্টিকৰ মোনা এটা লৈ ওলাই আহিব। ধানো নাই। গতিকে এৰীয়া চাদৰ নাথাকিব। লগতে মই চম্পাৱতীকো আনি দিছোঁ – যাতে আৰু অলপ বহল প্রেক্ষাপটলৈ ইয়াক লৈ যাব পৰা যায় – একধৰণৰ লেখক এজনকো মই থিয় কৰাইছোঁ। শেষত কৈছোঁ যে – ডাৱৰ বহুত বাকী আছে। ইয়াৰ পাছত আকৌ কোনোবাই এই গল্পটো বেলেগকৈ লিখিব পাৰে। গতিকে সম্পৰীক্ষা চলি থাকিব।

সাহিত্য ডট অর্গঃ আপুনি বিগত কেইবাদশক ধৰি অসমীয়া গল্পৰ লগত জড়িত হৈ আছে। পৰম্পৰাগত শৈলীৰ পৰা আৰম্ভ কৰি উত্তৰ আধুনিক ধাৰালৈ বৈ যোৱা সোঁতটোৰ আপুনি সাক্ষী। আপোনাৰ গল্পৰ ক্ষেত্রত ই কেনেদৰে প্রভাৱ পেলাইছে অকণমান ক’ব নেকি?
বন্তি শেনচোৱাঃ প্রথম পৰম্পৰাগত শৈলীৰেই আৰম্ভ কৰিছিলোঁ। তেতিয়া ভবেন্দ্র নাথ শইকীয়া, মালিকৰ গল্প আদি পঢ়িছিলোঁ। মহিম বৰাৰ শৈলীটো অলপ বেলেগ আছিল। শীলভদ্র অহাৰ লগে-লগে গম পাইছিলোঁ – এওঁ বেলেগ। ইংৰাজী সাহিত্যৰ চার্লচ্ লেম্ব পঢ়িছিলোঁ আমি। শীলভদ্র পঢ়োঁতেও মোৰ তেনেকুৱা ভাব আহিছিল। কিন্তু চার্লচ্ লেম্বতকৈ এওঁ বেলেগ। চার্লচ্ লেম্বেও গল্প কয়, কিন্তু কাহিনী নহয়। তেনেকৈয়ে হয়তো মোৰো ঢাপটো সলনি হৈছিল। বাকী, মৈচুমী কন্দলী, অৰূপা বাইদেউ আদিৰ গল্প পঢ়িছিলোঁ।

সাহিত্য ডট অর্গঃ গল্প এটাই পূর্ণতা পাবলৈ কাহিনী এটা থাকিবই লাগিব জাতীয় কিবা কথাত আপুনি বিশ্বাস কৰে নে নকৰে?
বন্তি শেনচোৱাঃ কাহিনী কেতিয়াবাই বিদায় ল’লে। পাঠকে এইবোৰ জানেই। পাঠক সর্বজ্ঞ বুলি ভাবোঁ মই। গতিকে পাঠকক বেছি কৈ থাকিব নালাগে। কাহিনী আমি নোকোৱাই ভাল। কাহিনীৰ লগত অহা বাকী কথাবোৰ আমি পাতিব লাগে। কিন্তু, কথাখিনি কৈ থাকোঁতে যদি কাহিনীটো কোৱা হৈ যায়, তেন্তে আপত্তি নাই।

সাহিত্য ডট অর্গঃ বাইদেউ আপোনাৰ পৰা মই কেইটামান কথা জানিব বিচাৰোঁ। প্ৰথম কথাটো হ’ল, চুটিগল্প এটাৰ পৰিসৰ যথেষ্ট কম, সেয়ে গল্পটোৰ গাঁথনি বৰ্ণনামূলক আৰু নাটকীয় দুটা বিকল্প আছে। কিছুমান গল্প পঢ়িলে ইমান বৰ্ণনামূলক হৈ পৰে যে, আমি গল্পটোৰ সোৱাদ নাপাওঁ। ৰচনা এখন পঢ়ি থকাৰ দৰে লাগে। তেনে বহু গল্প পঢ়ি লৈ আধাতে সামৰি থ’ব লগা হয়। এই সন্দৰ্ভত আপুনি কেনেধৰণৰ মত পোষণ কৰিব বিচাৰে? চুটিগল্প এটা বৰ্ণনামূলক হোৱাতকৈ, নাটকীয় হোৱাটো বেছি প্ৰয়োজন নেকি? এই ক্ষেত্ৰত আপোনাৰ মতামত কি?
বন্তি শেনচোৱাঃ মই আচলতে এক্সপাৰ্ট কমেণ্ট দিয়াটো উচিত নহয়। মই কমেণ্ট দিব পৰা মানুহো নহয়। মই নিজৰ গল্পৰ বিষয়েহে ক’ব পাৰিম। তথাপিও মই এগৰাকী পাঠক হিচাপে কওঁ, কেতিয়াবা বৰ্ণনাও আৰামদায়ক হয়। পঢ়ি ভাল লগা হয়। তেনেকৈয়ে বিষয়বস্তুক কিদৰে কঢ়িয়ায় নিব, তাৰ ওপৰতো নিৰ্ভৰ কৰিব। কিন্তু বেছিভাগ ক্ষেত্ৰতেই দীঘলীয়া বৰ্ণনা আমনিদায়ক হয়।

সাহিত্য ডট অর্গঃ যিহেতু মই পঢ়ি ভালপাওঁ। গল্পত মোৰ ইণ্টাৰেষ্ট আছে, সেয়ে মই প্ৰায়ভাগ প্ৰতিষ্ঠিত গল্পকাৰৰ গল্পৰ সংকলন কিনি পঢ়িছোঁ। তথাপিও আপোনাৰ পৰা জানিব বিচাৰিম চুটিগল্প বৰ্ণনাধৰ্মী হোৱাটো জৰুৰী নেকি?
বন্তি শেনচোৱাঃ লাগিবই বুলি ক’ব নোৱাৰোঁ। বৰ্ণনামূলক বা নাটকীয় যিয়েই হওক, সকলোৰে এটা নিজা শৈলী থাকে। বৰ্ণনামূলক হ’বই, কাৰণ যিসকলে লিখে সেয়া তেওঁলোকৰ নিজা শৈলী। গতিকে পাঠকে কিদৰে আদৰি ল’ব, সেয়া পাঠকৰ ৰুচিবোধৰ ওপৰত নিৰ্ভৰ কৰিব। উপনৈবোৰে যিদৰে নদীৰ পৰিসৰ বৃদ্ধি কৰে, তেনেকৈয়ে পৰীক্ষা-নিৰীক্ষাসমূহে গল্প সাহিত্যক চহকী কৰে। পৰীক্ষা-নিৰীক্ষা বুলি ক’লে বহুতে আচৰিত হয়। সাহিত্যত আকৌ কিহৰ পৰীক্ষা-নিৰীক্ষা বুলি ভাবে। কিন্তু সাধুকথাৰ পৰাহে চুটিগল্পৰ জন্ম হৈছে, গতিকে পৰিৱৰ্তন ইয়াৰ স্বভাৱ। সেয়ে পৰীক্ষা-নিৰীক্ষা লাগিবই। কিন্তু পৰম্পৰাগত শৈলীটোৰ স্থান সুকীয়া। এই শৈলীয়ে মানুহক সদায় আকৰ্ষণ কৰিব। পিছে সফলভাবে পৰীক্ষা-নিৰীক্ষা হোৱাত একো ক্ষতি হ’ব নোৱাৰে নহয় জানো?

সাহিত্য ডট অর্গঃ নিশ্চয় বাইদেউ। এইখিনিতে মই আপোনাক এটা প্ৰাসংগিক কথা সুধিব বিচাৰিছোঁ। আমি পঢ়িবলৈ পাইছিলোঁ, গল্প একোটা আপেলৰ দৰে আৰু উপন্যাস এখন কমলাৰ দৰে। অৰ্থাৎ গল্প এখন অংকীয়া নাটৰ দৰে আৰু উপন্যাসত বহুতো উপকাহিনী থাকে। পিছে আজিকালি বহুতো গল্পকাৰে চুটিগল্প একোটাত ‘এক’, ‘দুই’ অথবা ’ক’, ‘খ’ এইদৰে নাম দি দফা দফাকৈ লিখে। সেই কাৰ্যক আপুনি সম্পৰীক্ষা বুলিব নে আন কিবা? নে উপন্যাস লিখাৰ বাবে উপন্যাসৰ প্ৰভাৱ পৰা বুলি ভাবে?
বন্তি শেনচোৱাঃ মই সম্পৰীক্ষা বুলিয়েই ক’ম। সেয়া গল্পকাৰৰ নিজা শৈলী। সম্পৰীক্ষা গল্পকাৰে কৰোঁ বুলি নকৰে। সদায় একেধৰণে কথাবোৰ কৈ কৈ আমনিও লাগিব পাৰে। কেতিয়াবা অলপ বেলেগ ধৰণেও ক’বলৈ মন যায়। অৱশ্যে আজিকালি বহুতেই গল্প লিখাটো উজু বুলি ভাবে। পিছে গল্প লিখাটো বৰ সহজ নহয়। মই নিজেই এবছৰত এটা লিখোঁ,কেতিয়াবা দুবছৰত এটা লিখোঁ। তাতকৈ বেছি গল্প লিখিব নোৱাৰোঁ দেখোন। অৱশ্যে এই ক্ষেত্ৰত মই একো ক’ব নোৱাৰিম। পিছে এটা কথা কিন্তু গল্প এটা লিখোঁতে কোনেও সংজ্ঞা মনত ৰাখি নিলিখে। এইখিনিতে এটা কথা মনত পৰিছে – এইচ. ই. বেট্ছ নামৰ এজন গল্পকাৰে “The basic almost of every argument or conclusion about writing and short story”ত কৈছে, “Can be anything that the author decide it shall be”। আমিতো এনেকৈয়ে গল্প লিখিব লাগিব বুলি কোনো চুক্তি কৰি থোৱা নাই।

সাহিত্য ডট অর্গঃ যদি তেনেকুৱাই হয় তেনেহ’লে আমি ৰবীন্দ্ৰনাথৰ চুটিগল্পৰ সংজ্ঞাটো আওৰাই থাকি লাভ নাই। নহয় জানো?
বন্তি শেনচোৱাঃ নিশ্চয় নাথাকিব। কাৰণ সময় পৰিৱৰ্তনশীল। এতিয়া জানো আমি লেডী মেকবেথক ভিলেইন বুলি মানি লওঁ? সেয়াও দেখোন বিশ্ববিখ্যাত শ্বেক্সপিয়েৰে কৈ থৈ গৈছিল, ঠিক সেইদৰেই তালিবানকো বৰ্বৰ বুলি নাভাবে মানুহে। কাৰণ কোনো কথাই স্থায়ী হৈ নাথাকে। মানুহৰ চিন্তাধাৰা সময়ৰ লগত সলনি হ’বই। সাহিত্যতো আৰু স্থায়ী হৈ নাথাকে। গতিকে অতি সন্মান সহকাৰে কওঁ যে, চুটিগল্পৰ ক্ষেত্ৰত কবিগুৰুৰ এই উক্তিৰো পৰিৱৰ্তন হোৱাটো স্বাভাৱিক। কাৰণ এটা সময় আছিল, সমাজ-জীৱন বা মানৱজীৱন তেতিয়া ইমান জটিল নাছিল। বৰ্তমানটো মানুহে এটাও শব্দৰ ব্যৱহাৰ নকৰাকৈ অকল ইম’জিৰে গল্প লিখি পেলাইছে। সেয়াও অৰ্থবহ গল্প।

সাহিত্য ডট অর্গঃ এটা কথা আছে যে – এজন সাহিত্যিক নির্লিপ্ত দ্রষ্টা আৰু নির্মম স্রষ্টা হ’ব লাগে। গল্পকাৰ এজন নিজেই সৃষ্টি কৰা চৰিত্র এটাৰ প্রতি বিশেষ সহানুভূতিশীল হৈ পৰা বা আন এজনৰ প্রতি আক্রমণাত্মক হৈ পৰাটো কিমান দূৰ গ্রহণযোগ্য কথা?
বন্তি শেনচোৱাঃ মই কি ভাবোঁ – যেতিয়া চৰিত্র এটাৰ লগত খুব একাত্ম হওঁ, তেতিয়া মই ভিলেইনৰ ৰূপত লৈ যাব নোৱাৰোঁ। নিজৰ সন্তানৰ দৰে হয় যে। মই নিজৰ কথাই কওঁ। ‘হাজাৰী তাৱৈ’ গল্পটো পঢ়িছা নহয়। সেইটো বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা এটা গল্প। স্কুললৈ যাওঁতে আমি মানুহ এজনক লগ পাওঁ। আমাৰ গাঁওখনৰ কাষতে এখন মণিপুৰী গাঁও আছিল। তেওঁ চাইকেল লৈ আহে – আমি তেওঁক হাজাৰী তাৱৈ বুলি মাতোঁ। তেওঁক লৈ মানুহে ৰগৰ কৰে। তেতিয়াৰ দিনতে তেওঁ হাজাৰৰ তলত কথাই নকয় – এতিয়া কোটিয়ে হ’ব সেয়া। গ’ল কথা গুচিল। পাছত যেতিয়া মই শ্বিলঙত পঢ়ি আছিলোঁ। তেত্রিচ বছৰ পাৰ হৈ গ’ল। ৰাজা ৰাওৰ ‘কণ্ঠপুৰা’ পঢ়িব লগা হৈছিল। সেইখন আমাক পঢ়াই থাকোঁতে লগে-লগে মোৰ সন্মুখত ‘হাজাৰী তাৱৈ’ আহি পৰিছে।

হোষ্টেললৈ আহি মই ভাবি আছোঁ – এই মানুহজন ইমান প্রভাৱশালী! ইমান সৰুতেই লগ পাইছিলোঁ আৰু আজি ইমান দিনৰ মূৰত ক্লাচৰূমত দেখা পালোঁ। তেতিয়া মই ভাবিছোঁ – মই লিখিব লাগিব। কিন্তু তাৰো পাঁচ-ছবছৰ পাছতহে মই হাজাৰী তাৱৈ লিখিছোঁ। আচলতে ত্রিগাৰটো ক’ত হ’ল? গাঁৱত আৰম্ভ হৈছিল – হোষ্টেলত এবাৰ তেওঁক সপোনত দেখাৰ দৰে হৈছিল – ক্লাচৰূমত দেখিলোঁ। তাৰ পাছত কলেজত জইন কৰাৰ পাছত পাণবজাৰৰ বাছ-ষ্টপেজত বহুত মানুহ বহি আছিল। হঠাত মনলৈ আহিল – হাজাৰী তাৱৈ এতিয়াতো বজাৰত চিৰা বিক্রী কৰি থাকিব নোৱাৰিব। কাৰণ, চিৰা খোৱা মানুহ নাই আৰু। তেওঁৰ এতিয়া এনেকুৱা অৱস্থা হ’ব নেকি যে মাদলী বিক্রী কৰি থাকে যে ফাঁচীবজাৰত! গল্পটো এনেকৈ আহিছে – লাহে-লাহে।

মই ভাবিছিলোঁ – হাজাৰী তাৱৈ এটা হাস্য-ব্যংগ গল্প হ’ব। কিন্তু সর্বশেষত হাজাৰী তাৱৈ এটা ট্রেজিক চৰিত্র হৈ থাকিল। পাছত ভাবিছোঁ – স্রষ্টাৰ হাতত পৰিলে চৰিত্রৰ গতিটো সলনি হয়। গল্পটো প্রকাশ হোৱাৰ আগতেই মই মোৰ সহকর্মী এগৰাকীক গল্পটো পঢ়িবলৈ দিছিলোঁ। তেখেতে কৈছিল – কন্দুৱাই দিলা। কিন্তু মইতো হাস্য ৰসাত্মক কৰিবৰ মানসেৰেহে গল্পটো আৰম্ভ কৰিছিলোঁ। কিন্তু এটা সময়ত মই একাত্ম হৈ গ’লোঁ। এনেও জীৱনটোত ট্রেজেডীয়েই বেছি। কমেডিনো কিমান? সেয়া জোৰকৈ অর্পণ কৰা যায় আৰু! আৰু এটা কথা কলম কিয় ধৰোঁ আমি? লেখক লেখিকাই কলম কিয় ধৰে? মানে যি নিজে কথা ক’ব পৰা নাই বা নিজৰ দুখৰ কাহিনী ক’ব পৰা নাই বা মানুহক নিজৰ কাহিনী, নিজক খুলি ক’ব পৰা নাই, তেওঁৰ হৈ কলম আমি কলম ধৰিছোঁ। যাৰ মাত নাই তাৰ হৈ আমি কলম ধৰিছোঁ। যাত্ৰাপথত আমি বিশজন মানুহ আছোঁ, মোৰ হাতত চাকিটো আছে, যাতে মই অকণমান দেখাই দিব পাৰোঁ, এইফালে যাব লাগে ৰাস্তাটো। মানে আমি আৰ্তজনৰ হৈ মাত মাতোঁ মানে আমি যিটো প্ৰান্তীয় বুলি কওঁ আজিকালি। প্ৰান্তীয় কোনবিলাক? নাৰী প্ৰান্তীয় হৈ থাকে। গতিকে নাৰীৰ কথা বেছি ক’ব লাগিব। সমাজত পুৰুষ আৰু নাৰীৰ মাজত নাৰী প্ৰান্তীয় হৈ যায়। কাৰণ নাৰীয়ে শিক্ষা-দীক্ষা দেৰিকৈ পাইছে। সমাজ জীৱনলৈ দেৰিকৈ অংশ লোৱাৰ সুযোগ পাইছে। পার্লিয়ামেণ্টত এতিয়াও গতিয়েই নাই মহিলাৰ। গতিকে নাৰী প্ৰান্তীয়। গতিকে নাৰীক লৈ কথা কোৱাটো অপৰাধ নহয়। কিন্তু তাৰ কাৰণে পুৰুষ দায়ী অনবৰত, এই কথাটোও মই বিশ্বাস নকৰোঁ।
সাহিত্য ডট অর্গঃ মাত্র এটা দিশেৰেই চাব নালাগে মানে কথাবোৰ। নহয়নে?
বন্তি শেনচোৱাঃ কেতিয়াও নালাগে। বোধহয় ‘দুপৰৰ পাৰ চৰাই’ সংকলনখনত আছে… ‘জোনৰে আগতে একেটি তৰা, এটা লোকগীতৰ আধাৰত মই গোটেই গল্পটো লিখিছোঁ। তাত তুমি মন কৰিবা, লোকগীতটো এনেকুৱা,
জোনৰে আগতে একেটি তৰা,
আয়ে বিয়া দিলে গঁঠীয়া দৰা,
হেৰ তই গঁঠীয়া নেপাৰ জালি
আইৰ ঘৰলৈ যাম ভৰি পখালি।
আয়ে বুলিব মোৰ জী আহিছে ভাল ভাত এগালি ৰান্ধোঁ,
বোপায়ে বুলিব মোৰ জী আহিছে ভাল হাঁহ এটি মাৰোঁ,
ককায়ে বুলিব মোৰ ভনী আহিছে ভাল তামোল এথোকি পাৰোঁ,
বৌৱে বুলিব মোৰ ননদ আহিছে মূৰতে তলিয়া ফালোঁ।
বৌৱেতো খুব বেয়া পাব ননদ ঘৰলৈ গুচি আহিলে। তাই জানিছিলে মই যদি ঘূৰি যাওঁ, বৌৱে মূৰতে চৰু ফালিব। মানে অৰ্থনৈতিক এটা দায়িত্ব আহিল, এটা মানে তেওঁৰ ঘৰখন থৰক-বৰক হৈ যাব। গতিকে এই লোকগাথাটোত নাৰীগৰাকীয়ে নিজৰ অৱস্থাটো কৈছে মানে তাইৰ গিৰিয়েকৰ ঘৰত তাইৰ স্থান নাই কাৰণ গিৰিয়েকে তাইক কেটেৰাই মাৰি থাকে, গঁঠীয়া দৰা বুলি কৈছে। তাই অভিমান কৰিছে যে – মই গুচি যাম গালি পাৰি থাকিলে আইৰ ঘৰলৈ। কিন্তু আইৰ ঘৰলৈ গ’লে তাইৰ কি গতি হ’ব সেয়াও তাই জানে। লোকগীতত সেই বস্তুটো ফুটি উঠিছে। মই এই গোটেই লোকগীতটো ভাগ কৰি কৰি – ‘জোনৰে আগতে একেটি তৰা’, তাৰ ওপৰত আধাৰ কৰি মই এটা কাহিনী ক’বলৈ আৰম্ভ কৰিছোঁ। ‘আয়ে বিয়া দিলে গঁঠীয়া দৰা’ এইখিনি মই reconstruct কৰিছোঁ, আজিকালি কয় – এইটো কৰিছোঁ, তুমি অৱশেষত দেখা পাবা নাৰীগৰাকী victim নহয়। আধুনিক গাঁথনিত, সমাজ গাঠনিত নাৰীগৰাকী এতিয়া অৱদমিত হৈ থকা নাই। এতিয়া ভিক্তিমজন পুৰুষজনহে। দীঘল গল্পটো পঢ়িলে গম পাবা। তাৰমানে মই আচলতে মই ক’ব খুজিছোঁ নাৰীবাদ বুলি যে কয়, নাৰীবাদ বুলি আমি যিটো কওঁ, সেইটো এটা পাৱাৰ। ষ্ট্ৰাগোল অৱ পাৱাৰ। টাগ অফ ৱাৰ। কোনফালে কোনে টানিব পাৰে। নাৰী মানে যে বায়লজিকেল নাৰীয়েই যে অৱদমিত হ’ব লাগিব কোনো কথা নাই। আৰু মোৰ বেছিভাগ গল্পত তুমি মন কৰিবা – খুব স্কিল্ফুল খুব পৈণত নাৰীৰ হাতত পুৰুষ অৱদমনো হয়, কিন্তু পুৰুষৰ যিটো স্বভাৱ, সমাজত কথাটো কৈ নিদিয়ে, মুখ খুলি কৈ নিদিয়ে। ক’ব নোৱাৰে। সেইটো সৱ পুৰুষৰ স্বভাৱ নহয়। নাৰীয়ে পাৰে সহজে, পুৰুষে নোৱাৰে।
সাহিত্য ডট অর্গঃ মেইল ইগ’ নেকি?
বন্তি শেনচোৱাঃ পুৰুষৰ যদি ইগ থাকে, মহিলাৰ চকুপানী থাকে। মই জোনৰে আগতে একেটি তৰাত – এই কথাটোকে ক’ব খুজিছোঁ। পিছে মই এই গল্পটোৰ পৰা এইটো মেচেজ দিব খুজিছোঁ যে – power struggle. মোৰ আচল শব্দটো এতিয়া মনলৈ অহা নাই। ক্ষমতাৰ কাৰণে টনা-আঁজোৰা। কোন টিকি থাকিব? গোটেই বিশ্বজুৰি এইটো চলি আহিছে।

সাহিত্য ডট অর্গঃ বাইদেউ, মই যিখিনি এতিয়ালৈ বুজিলোঁ, জানিলোঁ বা পঢ়িলোঁ আপোনাৰখিনি, গতিকে অকণমান আগতে আলোচনা কৰাৰ দৰে ধৰক তাত নাৰীবাদ বা পুৰুষবাদ এইবোৰ কোৱাতকৈ মানৱতাবাদ বা মানৱচৰিত্ৰ বিশ্লেষণ এইটো পথেৰে এগৰাকী পঢ়ুৱৈ বুলি গুৰুত্ব দিওঁ আপোনাৰ লিখাখিনিত। আৰু সেইকাৰণে বাইদেউ মই দুটামান কথা জানিবলৈ বিচাৰিছোঁ। আমাৰ সমগ্ৰ আলোচনাটোত প্ৰথমতে যেনেকে আমি আপোনাৰ বিভিন্ন সাহিত্যকৰ্ম বা গল্প সম্পৰ্কে আলোচনা কৰিলোঁ, দ্বিতীয়তে গল্প সম্পৰ্কে আপোনাৰ চিন্তা-চৰ্চা বা ভাৱনা সম্পৰ্কে গম পালোঁ, তৃতীয় ক্ষেত্ৰত আকৌ আমি আপোনাৰ গল্পলৈ আকৌ আগবাঢ়িছোঁ আৰু তাত যিটো গল্পই আপোনাক পৰিচয় কৰাই দিলে, যিটো গল্প আমি আজিও পঢ়ি শিহৰিত হৈ উঠোঁ। তাত বাইদেউ কিছুমান চৰিত্ৰ, যেনে পাহী, তাৰ পিছত আছিলে কমল খুৰা, ৰমলা পেহী। এনেকুৱা ধৰণৰ চৰিত্ৰবোৰ যে আপুনি সৃষ্টি কৰিছিলে, এইবোৰ সৃষ্টিৰ আঁৰত বা এনেকুৱা ধৰণৰ চৰিত্ৰৰ কেতিয়াবা আপুনি লগ পাইছিলনে বা কেতিয়াবা আপোনাক প্ৰভাৱিত কৰিছিল নেকি জীৱনত? বিশেষকৈ জলভৰি যশোদাৰ চৰিত্ৰসমূহে।
বন্তি শেনচোৱাঃ জলভৰি যশোদা, এইটোৰ প্ৰায়বিলাক চৰিত্ৰ বাস্তৱ জীৱনৰ পৰা তুলি অনা। কেতিয়াবা কেতিয়াবা এজন/এটা চৰিত্ৰত মই তিনিজনক লগ লগাই দিছোঁ। কাহিনীটোৱে মোৰ এটা ক্ৰম গতিক্ৰম পাব লাগে। ডাঙৰ প্ৰভাৱ আছিল আমাৰ নৈখন; যিখন হৃদয়ৰ হয় আচলতে, বাহিৰৰ বুলি অনবৰতে ক’ব নোৱাৰি। সেই নৈখন। গতিকে জলভৰি যশোদাৰ প্ৰায়বিলাক চৰিত্ৰ বাস্তৱ জীৱনৰ পৰায়েই লোৱা আৰু তাক প্ৰতিষ্ঠা কৰিবলৈ মই অলপ বাকী কেইটামানৰ চৰিত্ৰৰ সহায় লৈছোঁ। কোনটোৰ পৰা আৰম্ভ কৰিলে তুমি ভাল পাবা? মোৰ কাৰণেতো আটাইকেইটাই সমানেই।

সাহিত্য ডট অর্গঃ মই ৰমলা পেহীৰটো ক’’বলৈ বিচাৰিম। কাৰণ ৰমলা পেহীৰ নিশ্চয় কিছু পৰিমাণে অৱদান আছে। ঠগী মাষ্টৰৰ বিষয়েও জানিব বিচাৰিম। শীলভদ্রৰ গল্পৰ বিষয়েও উল্লেখ আছে। আপুনি যিটোৰ পৰা আৰম্ভ কৰে আমি সেইটোতে ভাল লাগিব।
বন্তি শেনচোৱাঃ কথাটো ৰমলা পেহীৰ পৰাই আৰম্ভ কৰোঁ তেতিয়াহলে। ৰমলা পেহী কিন্তু বাস্তৱ চৰিত্ৰ মুঠেও নহয়। গল্পটো লিখি থাকোঁতে মই এটা কল্পনা কৰিছিলোঁ যে ইয়াত এটা এনেকুৱা যদি মানুহ যদি আহি যায়, তেতিয়া এই অকণমানি ছোৱালীজনীয়ে এটা অৱলম্বন পাব। সেই অকণমানী ছোৱালীজনী যৌন নিৰ্যাতিত। সেইটো কথা ধৰিব পাৰিছাই। এই কথাটো ৰূপকৰ মাজেৰে ক’বলৈ যত্ন কৰিছোঁ। কাৰণ মই, কিছুমান কথা ক’ব নোৱাৰোঁ। যেনে চৰাইজনীয়ে মাকক জাননী দিছে যে তোমাৰ ছোৱালীজনীৰ কিবা অঘটন ঘটিছে। চৰাইবিলাকে কোৰ্হাল কৰিছে। তাৰ পিছৰখিনিত healing process টো কেনেকৈ হ’ব। ছোৱালীজনীতো heal হ’বও লাগিব ন। Adjust কৰা বুলি আমি যিটো কওঁ। তাৰ পাছত আকৌ ঠন ধৰি উঠে। মানুহৰ জীৱনতো এইটো ঘটনা হ’ব লাগিব। গতিকে ছোৱালীজনী এনেকৈ ৰৈ যাব নোৱাৰে। মই অন্ততঃ মই ৰৈ দিবলৈ দিব নোৱাৰিম। তেতিয়া মই ভাবিছোঁ কি হ’ব? সেই ছোৱালীজনীৰ কাৰণে এজনী ৰমলা পেহী লাগিব। গাঁও যেতিয়া তেনেকুৱাই হ’ব, তেনেকৈয়ে থাকিব। চুকত লুকুৱাই থ’ব। ক’লৈকো ওলাই যাবলৈ নিদিব। গতিকে এই process টোত সেইবিলাক নিজে নিজে আহি থকা কথা। শেষত ৰমলা পেহীক খোলাত সোমাবলৈ দি দিছোঁ। তেওঁৰ কাহিনীখিনি নোকোৱাকৈ থাকি গ’ল। ৰুণটো কেইবাটাও চৰিত্ৰ লগ লাগি হোৱা। গ্রামীণ চৰিত্ৰ। এটা স্পৃহা যি থাকে।
সাহিত্য ডট অর্গঃ … সমন্বয়ৰ বুলি ক’ব পাৰি সেইটো।

বন্তি শেনচোৱাঃ অ, সমন্বয়। হাজাৰী তাৱৈ যেনেকৈ একক, এজন মানুহ মই কল্পনা কৰি ল’লোঁ, ৰুণত এটা চৰিত্ৰ নাই। তাত সমাহাৰ আছে, চাৰুলতাত সমাহাৰ আছে‌। সৰহভাগ মোৰ মা আছে, আৰু আছে সঞ্জীৱ সভাপণ্ডিতৰ মাক। আমি একেখন নৈৰে দুটা পাৰত আছিলোঁ। এই দুইগৰাকীৰ সমাহাৰ আছিল, তেওঁৰ মা আৰু মোৰ মা। এইটো কথাত মই কৈ দিব পাৰোঁ আৰু। বাকী সৱবোৰ চৰিত্ৰ কৈ দিব নোৱাৰি। আৰু কাৰ কথা ক’লা?

সাহিত্য ডট অর্গঃ “এইমাত্র শীলভদ্রৰ গল্পৰ পৃষ্ঠাৰ পৰা উঠি আহি…” – এইখিনি কথা জলভৰি যশোদাত আছে। কি সংক্রান্তত এইখিনি কৈছিল?
বন্তি শেনচোৱাঃ এই কথাখিনি কিয় আহিছে – ছোৱালীজনীক স্কুললৈ লৈ গৈ আছিল নহয়, ছোৱালীজনীক কোনোবাই জোকাইছিল। বেয়া কথা কৈছিল। ইমান বেয়া কথা কৈছে – তাই ক’ব পৰা নাই। গতিকে মাকে লৈ গৈছে তাইক থ’বলৈ।

এইটো এটা মোৰ চাক্ষুষ অভিজ্ঞতা। মোৰ ছোৱালীজনীৰ এইটো কথা স্কুললৈ যাওঁতে কৈছিল। মই accompany কৰিছোঁ। Accompany কৰোঁতে মই মানুহজনক দেখিছিলোঁ। মানুহজন আচলতে অথৰ্ব, একো কৰিব নোৱাৰে। মোৰ শীলভদ্রৰ গল্পটোলৈ মনত পৰিছে। এইবোৰটো এটা গল্প আছে – কুঁৱাৰ পৰা পানী তুলি আছে মহিলাসকলে, তেওঁ খিৰিকীৰে চাই আছে। মই গল্পটোৰ নাম পাহৰিলোঁ। সেই ছবিটো বহুদিনৰ আগতেই পঢ়া। মোৰ মনত ৰৈ গ’ল আৰু মই মোৰ ছোৱালীজনীক কৈছোঁ – মানুহজনে আচলতে একোৱেই নাজানে, তেওঁ এইখন পৃথিবীতে নাই। এই কথাটো মই বুজাই কৈছিলোঁ। এইটো একদম শীলভদ্রৰ চৰিত্ৰ এটা উঠি আহি বহি থকা যেন। অঙ্গী-ভঙ্গী তেওঁ যিবিলাক কৰিছে এই কথাটো মই মোৰ ছোৱালীক বুজাই দিছিলোঁ। এইটো একদম সঁচা কথা।

সাহিত্য ডট অর্গঃ প্ৰতিটো চৰিত্ৰই ইয়াত এটা মুঠতে জীৱন্ত চৰিত্ৰ বা গোটেইখিনি চৰিত্ৰ সম্পর্কে আমি এটা দুটা গম পালোঁ আপোনাৰ পৰা। যিহেতু বাকী কেইটামান আকৌ প্ৰশ্ন হৈছে – যমুনাৰ ঢৌ দেখি ৰাধাৰ কম্পে হিয়া , ঘাটে নাও চপাই দিয়া অ’ৰে বিনন্দীয়া। বা ধান দিম চাউল দিম ফুল দিম ছটিয়ায় – যিবিলাক লোককথাৰ শৈলী বা যিবোৰ লোকগীত। আপুনি বিভিন্ন ক্ষেত্রত এইবোৰৰ সমাহাৰ ঘটাইছে বা reference দিছে। এইবোৰ আপুনি সেই গাঁৱৰ পৰিৱেশটোতে আহৰণ কৰিছিল নেকি?
বন্তি শেনচোৱাঃ তাতে ডাঙৰ হ’লোঁ যে। আহৰণ কৰা নহয়, আমি participant আছিলোঁ – অংশগ্ৰহণকাৰী। আমি তাৰেই এজনী এজনী ছোৱালী। এনেকুৱা কথা নহয় – নৈৰ বিষষে গল্প এটা লিখিবলৈ মই নৈলৈ আজি গৈ চালোঁ। নৈতে সাঁতুৰিয়ে ডাঙৰ হ’লোঁ যে। আৰু এইবিলাক কৰিয়ে ডাঙৰ হ’লোঁ। বিয়া এখন এখন আমি তুলি দিব পাৰোঁ গোটেই নীতি-নিয়মেৰে, এতিয়াও পাৰোঁ। এনেকুৱা পৰিৱেশত থাকিলোঁ। কিন্তু তেতিয়া ইমান বুজি পোৱা নাছিলোঁ। কৰিও থাকিব লাগে একেখিনিকে। এই যে গুচি আহিলোঁ তাৰ পৰা, পৰিৱেশটোৰ পৰা আৰু আকৌ যে ঘৰলৈ যেতিয়া ঘূৰি যাওঁ তেতিয়া যে দেখোঁ এইবোৰ বস্তু নোহোৱা হৈ গ’ল। এইটোৱেই পীড়া দিছিল। কিমান ধুনীয়া বস্তু আমি এৰি থৈ গ’লোঁ। ‘যমুনাৰ ঢৌ দেখি ৰাধাৰ কম্পে হিয়া’ – তেতিয়া অৰ্থ বুজি পোৱা নাছিলোঁ। ‘ঘাটে নাও চপাই দিয়া ঔৰে বিনন্দীয়া’ কি ধুনীয়া কল্পনা নহয়! “জলভৰি যশোদা পাছলৈ নাচাবা, সাগৰো আহিব ভাহি।” আমাৰ বিয়ানাম। কি ধুনীয়া কথা! কি ধুনীয়া অৰ্থ! এতিয়াও গাই থকা মহিলাসকলৰ বহুতে গমেই নাপাব কি গাইছে, তেতিয়া ময়ো গম পোৱা নাছিলোঁ। কিন্তু পাছত চালোঁ। ইংৰাজীত যেতিয়া প্ৰদীপ আচার্য ছাৰে অনুবাদ কৰিছে, ইমান ধুনিয়াকৈ ক’লে। “জলভৰি যশোদা” – জলভৰি যশোদাকে থাকিবলৈ দিয়া কোনোবাই কৈছে। তেওঁ ক’লে নহয়। Beyond Satiety কি। তেতিয়া মই বুজি পালো মোৰ গল্পটোৰ আয়তন কি। মোৰ লিখা কাম হৈ গ’ল। already মানুহে ভাল পালে। ছাৰে অনুবাদ কৰোঁতে মই বুজি পালোঁ Beyond Satiety কি। আচলতে মই একো কৰাই নাই। লোকগীতত সকলো আছেই। মই খালি মালাডাল গাঁঠি গৈছোঁ থকাৰ পৰা। অনুবাদ কৰোঁতে ৰিয়েলাইজ কৰালে যে এইটো Beyond Satiety হ’ব, ভৰা কলহ… গতিকে এই বস্তুবোৰ, মই খুব ভাগ্যবান বুলিয়েই ক’ব লাগিব ,তেনেকুৱা পৰিৱেশত যে ডাঙৰ হৈ আহিলোঁ। বহুত মানুহেই ডাঙৰ হৈছে দিয়াচোন তেনে পৰিৱেশত। মই বোধহয় ৰেকৰ্ড কৰি পেলালোঁ যে…!

সাহিত্য ডট অর্গঃ আৰু মৌখিক সাহিত্য এটাৰ লিখিত ৰূপ এটাও হ’লগৈ। তাকো মানে ভিন্ন প্ৰকাৰত। লোককথাৰ পৰা গৈ সেইটো গল্প সাহিত্যৰো এটা সমল হৈ পৰিলগৈ পিছত। নহয় জানো?
বন্তি শেনচোৱাঃ মই তোমালোকক কৈছোঁৱে যে, মানুহে কয় – এই লোকসাহিত্যৰ গৱেষণা পঢ়ক। নপঢ়ে নহয় মানুহে। মই যে ক’লোঁ যে হাতত বালিহে থাকি গ’ল, মুকুতা সৰি গ’ল। সেই মুকুতাখিনিয়েই যদি গল্পকাৰে কওঁ, মানুহে আগ্ৰহেৰে শুনে, নহয়! প্ৰবন্ধ এটাত ইমান নাচায়। কাৰণ এনেকুৱা প্ৰবন্ধও মই লিখিছোঁ, কোনেও চোৱা নাই। ইমান আগ্ৰহ প্ৰকাশ নকৰে।
আৰু এটা কথা মই ক’ব খুজিছিলো, যিখন বেইৰ কথা বৰ্ণনা কৰিছোঁ, আচলতে মই চিত্ৰকৰ হ’ব লাগিছিল, শিল্পী হ’ব লাগিছিল, মই আঁকি দিব পাৰিব লাগিছিল, ইমান ধুনীয়া! এতিয়া আৰু ক’তো দেখিবলৈ নাই, মই বেইখনৰ যিটো বৰ্ণনা দিছিলোঁ। সদায় মই ঘূৰাই ঘূৰাই চাওঁ বৰ্ণনাটো, মোৰ complete নাই হোৱা। মই সুখী নহয়। কি কৰিলে পাঠকে আৰু ধুনীয়াকৈ বুজি পাব এইটো ভাবি থাকোঁ। এইটো মই কৰোঁ বুলি কৰিব পৰা কাম নহয়। যেনে এটা সংগীতৰ কথা আছে। মই মাত্ৰ এটা লাইন লিখিছিলোঁ। যে ‘…ৰাতিৰ যি পাত সৰে, জিৰ জিৰ শব্দ। যিমানে ৰাতি গভীৰ হৈ থাকিব সেই শব্দটো আৰু ধুনীয়া হৈ গৈ থাকিব।‘ এনেকুৱা কিবা এটা লিখিছিলোঁ। এইটো কথা বহুত মানুহে পঢ়ি মোক ক’লে, গানটো আমি শুনা শুনা যেন লাগে। মই অকল এটা লাইনহে লিখিছিলোঁ। ইমান বুজি পালে! অথচ বেইখনৰ বাবে বহুত কেইবাটাও পেৰাগ্ৰাফ খৰচ কৰিলোঁ কিন্তু মানুহে ইমান ধুনীয়াকৈ বুজা নাই (হাঁহি হাঁহি)।
সাহিত্য ডট অর্গঃ হয়। এইটো যে – ‘বগা কলগছৰ চাৰিটা খুটা, বেইখনৰ চাৰিওফালে ঘূৰা…’ এই কথাখিনি। অভিজ্ঞতাৰে জীৱনটো সমৃদ্ধ হৈ আছে, মানে পঢ়ুৱৈ হিচাপে আমাকো সমৃদ্ধ কৰালে। তাৰ পিছত এটা গল্প পাইছিলোঁ কথাত। এদিন এজন শৰৎ সিংহৰ সন্ধানত। তাতে বাইদেউ এটা কথা কৈছিল আচল কথা সকলো pseudo।
এইযে কথাখিনি উল্লেখ কৰিছিলে, এটা জীৱন-বীক্ষাৰ কথা আগৰ গল্পটোত মানে জলভৰি যশোদাত আৰু ‘এদিন এজন শৰৎ সিংহৰ সন্ধানত’ ,আচল কথা সৱ মিছা বা pseudo বুলি যাক কোৱা হৈছে। ইয়াত লিখক হিচাপে আপোনাৰ দুটা ভিন্ন ধাৰণা প্ৰকাশ পোৱা দেখা যায় নেকি বাইদেউ?
বন্তি শেনচোৱাঃ নহয়, পটভূমিয়েই বেলেগ নহয়! কাহিনী দুটাই বেলেগ। শৰৎ সিংহ pseudo নহয়, বাকী opposite ৰ যিটো contrast, সেইটো উপস্থাপন মই কৰিব বিচাৰিছিলোঁ। শান্ত সলিল এটা জীৱন বৈ আছে বা চিটি বাছেৰে গৈ আছে… Opposite ত… বাহ্যিক পৃথিৱীখনত বা মহানগৰখনত কি হৈছে সৱ… Pseudo।
শৰৎ সিংহক যিদিনা লগ পালে, দেখিলে, শৰৎ সিংহক আচলতে মই লগ পাইছো, চিটি বাছত উঠি একেলগে গৈছোঁ। মই ছিট এৰি দিব খুজিছো তেওঁ নবহে। নবহাৰ কাৰণে নহয়, তেওঁ যে মোৰ চিটি বাছৰ সহযাত্ৰী আছিল, ইমান ডাঙৰ, ধুনীয়া অভিজ্ঞতা হোৱা নাই। তেওঁ মোৰ চকুৰ ফালে চোৱাও নাই, সেইটো বেলেগ কথা,মই তেওঁক দেখিয়েই চিনি পাইছোঁ। এৰি চাদৰ মাৰি আছে। মই যিটো বাছ ষ্টপত উঠিছোঁ, তেওঁ মোৰ আগে আগে গৈ উঠিছে, মহিলাৰ আসন খালী আছে, মই বহিছোঁ। তাৰ পিছত তেওঁ ওচৰত থিয় হোৱাৰ লগে লগে মই উঠিছোঁ, তেওঁ বহিব নেকি! নাই, নাচায়। আৰু কোনোবাই থিয় হৈ দিছিল। নাই, নাচায়।
এইটো নগৰত জন্ম হোৱা গল্প। মই মহানগৰত আছিলোঁ কাৰণেই এইটো গল্পৰ জন্ম হয়, যেনেকৈ গাঁৱত থকা বাবেই জলভৰি যশোদা লিখিব পাৰিলোঁ।

সাহিত্য ডট অৰ্গঃ আপোনাৰ লেখা সম্পৰ্কে প্ৰথিতযশা সমালোচক-লিখকসকলেও মত প্ৰকাশ কৰিছে। অসমৰ বিশিষ্ট বুদ্ধিজীৱী, প্ৰসিদ্ধ লিখক তথা চিৰনমস্য সমালোচক ডঃ হীৰেণ গোহাই ছাৰে আপোনাৰ লেখা সম্পৰ্কত এনেদৰে বাখ্যা কৰিছে – “তেওঁ আমাৰ পৰম্পৰাৰ পৰা নিৰ্বাসিত নহয়। কিন্তু আধুনিক কালৰ অস্থিৰতা, আত্মসংশয় আৰু উদ্বেগেও তেওঁৰ চেতনাত দাগ বহুৱাইছে।” গোহাঁই ছাৰে কোৱাৰ দৰে সেই আত্মসংশয় অথবা উদ্বেগ লিখক আৰু পাঠক হিচাবে আমিও অনুভৱ কৰোঁ। এনেধৰণৰ আত্মসংশয় অথবা উদ্বেগৰ পৰা আমাৰ সমাজখনে নিষ্ক্রিতি পাব বুলি আপুনি অনুভৱ কৰেনে?

বন্তি শেনচোৱাঃ জীৱনত উদ্বেগৰ পৰা নিষ্ক্রিতি পোৱাৰ উপায় নাথাকে। এনেবোৰ সমস্যাৰ লগত আমি যুঁজ দিব লাগিব। আচলতে যুঁজৰ নামেই জীৱন। তোমালোকে ডঃ গোহাঁই ছাৰে কোৱা যি কথাষাৰ উল্লেখ কৰিলা, সেয়া ছাৰে মোৰ ‘নিষাদ গান্ধাৰ’ নামৰ পুথিখন প্ৰকাশ পোৱাৰ সময়ত কৈছিল। আচলতে নতুন প্ৰজন্মৰ প্ৰতি ছাৰৰ সমান উদাৰ মানুহ কমেই থাকিব। ছাৰে মোক কৈছিল, “মই যি যি কৈছোঁ, শুনি থোৱা। তোমাৰ যদি পছন্দ নহয়, সেইমতে কাম নকৰিবা।” ইয়াৰ পৰাই অনুমান কৰি ল’ব পৰা যায়ে যে গোহাঁই ছাৰে লেখকৰ স্বাধীনতাত সদায়েই গুৰুত্ব প্ৰদান কৰি আহিছে।

অঁ, ৰ’বা। তোমালোকৰ আনটো কথালৈ আকৌ আহোঁ। আচলতে উদ্বেগ থাকিবই। এতিয়াতো আমাৰ ভাষাক লৈ আমি উদ্বিগ্ন হৈছোঁ। আচলতে আমি জন্মৰ পৰাই এই উদ্বেগৰ ভাৰ বহন কৰোঁ। মোৰ জন্মৰ পৰাই মই যুঁজেই দেখি আহিছোঁ। মোৰ জন্মৰ পিছতেই আৰম্ভ হোৱা ভাষা আন্দোলন মই দেখিছোঁ। ভাষাটো এই যায় বুলি মানুহৰ উদ্বিগ্নতাও লক্ষ্য কৰিছোঁ। সেইবাবে মই কি ভাবোঁ জানা? আমাৰ ভাষাটোক লৈ আমি সদায়েই উদ্বেগ প্ৰকাশ কৰিছোঁ। পিছে ইমানবোৰ নেতিবাচক সমাহাৰৰ পিছতো মই ভাবোঁ যে আমাৰ ভাষা সদায়েই থাকিব। আমাৰ সংস্কৃতি চিৰকাললৈ অক্ষুণ্ণ হৈ ৰ’ব। আচলতে উদ্বেগ আছে বাবেই আমি কলম হাতত তুলি ল’ব পাৰিছোঁ। সুখী জীৱ এটাই কাহানিও কলম তুলি ল’ব নোৱাৰে।

সাহিত্য ডট অৰ্গ:- এইবাৰ আপোনাৰ গল্পৰ সমাপ্তি সম্পৰ্কে আমি অলপমান জানিব বিচাৰিছোঁ। আমি প্ৰায়েই দেখা পাওঁ যে আপোনাৰ লেখাসমূহত সমাপ্তি সদায় মুক্তভাবে শেষ হয়। অৰ্থাৎ লিখক হিচাবে আপুনি আপোনাৰ ধাৰণা প্ৰকাশ নকৰি চৰিত্ৰ অথবা পাঠকক শেষটো নিৰ্ধাৰণ কৰিবলৈ সুবিধা দিয়ে। এই সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

বন্তি শেনচোৱাঃ হয়। এই কথাটো মই এটা উদাহৰেণেৰে বাখ্যা কৰিবলৈ ভাল পাম। আচলতে এইখিনি কথা নকলে আজিৰ সাক্ষাৎকাৰ অসম্পূৰ্ণ হৈ ৰ’ব। যেতিয়া সাহিত্যৰ বিষয়ে পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়াই মই এগৰাকী লিখকে বাখ্যা কৰা এটি ধাৰণাৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিলোঁ। তেখেতে লিখকক চাকি লোৱা মানুহজনৰ সৈতে তুলনা কৰিছে। এটা কাহিনীৰে তেওঁ সেই কথা বাখ্যা কৰিছিল। তেওঁ বিবৃত কৰিছিল হাবিতলীয়া পথ এটাৰে আগুৱাই যোৱা বিশজনীয়া মানুহৰ দল এটাৰ কথা। দলটোৰ মাথোন এগছি চাকি আছে। তেওঁলোকে গেজেপনি মৰা হাবিৰ আন্ধাৰৰ বাটটো সেই চাকি গছিৰ পোহৰেৰে পাৰ হ’ব। যিগৰাকী লোকে হাতত চাকিগছি লৈছে, তেওঁ হ’ল লিখক। চাকি নোলোৱাকৈ দুগৰাকীমান মানুহ চাকি ধৰোঁতাৰ আগেয়ে আন্ধাৰ পথটো পাৰ হ’ল। তেওঁলোক হ’ল অগ্ৰণী। সেই চাকি নোহোৱাকৈ পাৰ হৈ যোৱা মানুহকেইজন মোৰ বাবে হ’ল পাঠক। তেওঁলোকে বহুকথা জানে, বহু কথা বুজে। সেই পাঠকসকলক মই অৱজ্ঞা কৰিব নোৱাৰোঁ। সেইবাবে মই পাঠকসকলক মোৰ কাহিনীৰ বিচাৰকৰূপে গণ্য কৰোঁ।

সাহিত্য ডট অৰ্গ:- বিভিন্নজন সমালোচক তথা লিখকে আপোনাৰ গল্প সম্পৰ্কে বাখ্যা কৰি কৈছে যে আপোনাৰ গল্পসমূহত এক সুগঢ়িত কাহিনীতকৈ বাস্তৱতা, গতিময়তা আদি বিষয়েহে বিশেষ প্ৰাধান্য লাভ কৰিছে। এই সম্পৰ্কে আপোনাৰ মতামত অনুগ্ৰহ কৰি আমাক জনাবনে?

বন্তি শেনচোৱাঃ হয়। আচলতে এয়াই জীৱন। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে পাঠকসকলে সকলো জানেই। সেয়েহে কাহিনী কোৱাতকৈ মই মনস্তাত্বিক দিশ, বাস্তৱ ক্ষেত্ৰ, গতিময়তা আদিৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰি লিখক হিচাবে সন্তুষ্টি অনুভৱ কৰোঁ।

সাহিত্য ডট অৰ্গ:- এগৰাকী সফল তথা সংবেদনশীল লিখক হোৱাৰ উপৰিও আপুনি এগৰাকী কৃতী শিক্ষক। সৌ সিদিনা আপুনি গুৱাহাটী মহানগৰীত অৱস্থিত ৰাধাগোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। শিক্ষক হিচাবে আপুনি যথেষ্ট জনপ্ৰিয় তথা ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি অগ্ৰণী ভূমিকা পালন কৰি অহা আমি প্ৰত্যক্ষ কৰিছোঁ। এগৰাকী কৃতী শিক্ষক তথা এগৰাকী জনপ্ৰিয় লিখক হোৱাৰ আঁৰত কিবা এক বিশেষ সমন্বয় আছে বুলি আপুনি অনুভৱ কৰেনে?

বন্তি শেনচোৱাঃ হয়, শিক্ষক হ’ব পোৱাটো সৌভাগ্যৰ কথা। পাঠ্যপুথিৰ বাহিৰৰো অৰ্থাৎ জীৱনৰ বহু কথা মই মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ভাগ-বটোৱাৰা কৰিবলৈ সক্ষম হৈছোঁ। সেয়া সঁচাকৈয়ে এক ভাল লগা উপলব্ধি। পাঠ্যপুথিৰ বাহিৰত বিচৰণ কৰিবলৈ মই এগৰাকী শিক্ষক হিচাবে তেওঁলোকক অনুপ্ৰাণিত কৰিব লাগে বুলি মই সদায়েই অনুভৱ কৰোঁ। হয়তো সেইবাবে আজি অৱসৰ লোৱাৰ পিছতো ছাত্র-ছাত্ৰীসকলে মোৰ সৈতে এক আন্তৰিক সম্পৰ্ক বজাই ৰাখিছে। আচলতে সকলো বিষয়তেই আমি অংশগ্ৰহণ কৰিব লাগে। এইবোৰ কথাই মোক লিখক হবলৈ অনুপ্ৰাণিত কৰিলে। আচলতে এইখন মহাবিদ্যালয়ত কাম নকৰিলে হয়তো মই লিখক নহলোহেঁতেন। মই মোৰ অভিজ্ঞতা তথা মোৰ জীৱনৰ প্ৰতি সদায়েই কৃতজ্ঞতা প্ৰকাশ কৰোঁ। মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি মই আজীৱন কৃতজ্ঞ হৈ থাকিম। তেওঁলোকে মোক ক’বলৈ সুযোগ দিছে। মই মোৰ ভাষা-সাহিত্যৰ প্ৰতিও আজীৱন কৃতজ্ঞ হৈ ৰ’ম। ইংৰাজী সাহিত্য পঢ়াৰ সময়ত মই নিৰ্মলপ্ৰভা বৰদলৈৰ কথা কব পাৰিছোঁ। পাপৰি কবি গণেশ গগৈক মই ছেলী, ৱৰ্ডছৱৰ্থ আদিৰ সৈতে তুলনা কৰিব পাৰিছোঁ। এইবোৰ শ্ৰেণীত কৰিবলৈ পাই মই বৰ সুখী হৈছিলোঁ। মই পৰিৱেশ অধ্যয়নৰ তত্বাৱধায়ক শিক্ষক আছিলোঁ। সেয়েহে ছাত্ৰ-ছাত্ৰীক মই ইংৰাজী পঢ়ুওৱাৰ উপৰিও পৰিৱেশ সম্পৰ্কে সচেতন কৰি তুলিবলৈ সক্ষম হৈছিলোঁ। শিক্ষক হিচাবে এইবোৰ মোৰ ভাল লগা অভিজ্ঞতা।

সাহিত্য ডট অৰ্গ:- ৰাধাগোৱিন্দ বৰুৱা মহাবিদ্যালয়ত আপুনি কৰ্মৰত হৈ থকা কালত মহাবিদ্যালয়খন আপুনি সেউজীয়া কৰি তুলিছিল। মহাবিদ্যালয়খন গছে-বনে সুশোভিত হৈ পৰাৰ আঁৰৰ মানুহজন আপুনি বুলি আমি জানিব পাৰিছোঁ। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত থকা আপোনাৰ দায়বদ্ধতা আমাৰ বাবেও প্ৰেৰণাদায়ক। আপুনি কেনেদৰে এনেধৰণৰ কাম কৰিবলৈ অনুপ্ৰেৰণা পালে সেই সম্পৰ্কে আমাক অলপ জনাবনে?

বন্তি শেনচোৱাঃ নিশ্চয়। আচলতে কি হ’ল জানা? তেতিয়া মোৰ ছোৱালীজনী একেবাৰে সৰু আছিল। সেই সময়ত আমাৰ মহাবিদ্যালয়খনৰ আশে-পাশে পিতনি আছিল। তাই দেউতাকৰ সৈতে মোক মহাবিদ্যালয়ৰ পৰা ঘৰলৈ আনিবলৈ গ’ল। ঘূৰি আহোঁতে তাই মুখখন ওন্দোলাই অহা প্ৰত্যক্ষ কৰি তাইৰ কি হৈছে সেয়া সুধিলোঁ। সৰু ছোৱালীজনীয়ে কলে, “তোমালোকে কিয় কলেজখন ইমান লেতেৰা কৰি ৰাখিছা?”

সেইসময়ত আৱৰ্জনা আদিৰে মহাবিদ্যালয়ৰ চৌপাশ ভৰি আছিল। হাড়গিলা চৰাই আদি তাতেই পৰিভ্ৰমণ কৰি আছিল। মোৰ কণমানি ছোৱালীজনীয়ে সেই লেতেৰা পৰিৱেশটো প্ৰত্যক্ষ কৰি মোক তেনেদৰে ক’লে।

ছোৱালীজনীৰ কথাত মোৰ সম্বিত ঘূৰি আহিল। সেই তেতিয়াৰ পৰাই মই মহাবিদ্যালয়ৰ পাৰিপাৰ্শ্বিকতা উন্নীত কৰিবলৈ চেষ্টা কৰিছোঁ। মই পৰিৱেশ অধ্যয়নৰ উন্নীতকৰণৰ বাবে তত্বাৱধায়ক শিক্ষকৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিছোঁ। মই গছ ৰোপণ কৰিলোঁ। মই মহাবিদ্যালয়খন সেউজীয়া কৰি তুলিলোঁ।

সাহিত্য ডট অৰ্গ:- ধন্যবাদ বাইদেউ। এগৰাকী লিখক, শিক্ষক তথা পৰিৱেশকৰ্মী হিচাবে আপুনি আমাক বহু কথাৰ সম্ভেদ দি কৃতাৰ্থ কৰিলে। এইখিনিতেই এটা কথা জানি আমি নথৈ আনন্দিত হৈছোঁ যে আজিৰ পৰা দুদিনৰ পিছতেই অৰ্থাৎ অহা ৮ নৱেম্বৰ তাৰিখ, মঙ্গলবাৰে আপোনাক জগন্নাথ ঠাকুৰ সাহিত্য সন্মানেৰে সন্মানিত কৰা হ’ব। এই সম্পৰ্কে আপোনাৰ অনুভৱ কেনে সেয়া অনুগ্ৰহ কৰি অলপমান জনাবনে?

বন্তি শেনচোৱাঃ আচলতে সামাজিক মাধ্যমে লেখকসকলক এটা বিশেষ অনুভূতি প্ৰদান কৰাত সফল হৈছে। মোক বিচাৰকমণ্ডলীয়ে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা বাবে মই আনন্দিত হৈছোঁ। পিছে তাতকৈ বেছি আনন্দ লাগিছে আন এটা কথা ভাবিহে। পাঠকসকলে আমাক যে চচিয়েল মিডিয়াত ইমান মৰম দিছে, তাৰ বাবে মই অভিভূত হৈ পৰিছোঁ। জীৱনানন্দ দাশে কোৱাৰ দৰে মই কেতিয়াও মুখ নেদেখা পাঠকসকলে মোক সঁহাৰি জনাইছে। এয়া মোৰ বাবে পৰম সৌভাগ্য বুলি মই গণ্য কৰোঁ।

সাহিত্য ডট অৰ্গ:- যিহেতু আমাৰ কথা-বতৰাত চচিয়েল মিডিয়াৰ কথা ওলাল, সেয়েহে এই ছেগতে আমাৰ ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ সম্পৰ্কে আপোনাৰ পৰা অলপ দিহা-পৰামৰ্শ আশা কৰিছোঁ।

বন্তি শেনচোৱাঃ আচলতে মিডিয়াত মই সিমান অভ্যস্ত নহয়। এই যে তোমালোকে মোক উৎসাহ দিলা, সেয়া মোৰ বাবে বৰ ভাল লগা কথা। ‘অন্যদেশ’ নামৰ এখন ই-মেগাজিনত মই ওতপ্ৰোতভাৱে লাগি আছোঁ। চচিয়েল মিডিয়াত আচলতে কথাবোৰ সন্তুলিত হৈ থাকিব লাগিব।

সাহিত্য ডট অৰ্গ:- ধন্যবাদ বাইদেউ। ইমানপৰে আপোনাৰ সৈতে কথা পাতি আপোনাৰ লেখা, ব্যক্তিত্ব তথা শিক্ষক হিচাবে লাভ কৰা আপোনাৰ অনিৰ্বচনীয় অভিজ্ঞতা সম্পৰ্কে আমি জানিব পাৰিলোঁ। ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক আন্তৰিক কৃতজ্ঞতা জনালোঁ। আপোনাৰ লেখাৰ অবিৰত যাত্ৰা আশা কৰি আপোনাক পুনৰ ধন্যবাদ জনালোঁ। শুভৰাত্ৰি বাইদেউ।

বন্তি শেনচোৱাঃ তোমালোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!