সামাজিক মাধ্যম আৰু মানসিক স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ
লেখক- অংকিনী বৰা
মানুহ সামাজিক জীৱ। জীৱনত সুখী হৈ থাকিবলৈ আমাক সংগীৰ প্ৰয়োজন, আৰু আমাৰ আন মানুহৰ লগত থকা সম্পৰ্কই আমাৰ মানসিক স্বাস্থ্যত বহুত প্ৰভাৱ পেলায়। আনৰ সৈতে সামাজিকভাৱে সংযুক্ত হৈ থাকিলে মানসিক চাপ, উদ্বেগ আৰু হতাশা, নিঃসংগতা কম হয় আৰু স্বমূল্যৰ অনুভৱ বৃদ্ধি পায়। আনহাতে, শক্তিশালী সামাজিক সংযোগৰ অভাৱে মানসিক আৰু আৱেগিক স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে।
আজিৰ পৃথিৱীত আমাৰ বহুতেই ইজনে সিজনক বিচাৰি উলিয়াবলৈ আৰু সংযোগ কৰিবলৈ ফেচবুক, এক্স (পূৰ্বৰ টুইটাৰ), স্নেপচ্যাট, ইউটিউব, টিকটক, আৰু ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ ওপৰত নিৰ্ভৰশীল। প্ৰত্যেক সামাজিক প্ৰচাৰ মাধ্যমৰ নিজা সুবিধা আছে যদিও মনত ৰখাটো গুৰুত্বপূৰ্ণ যে সামাজিক মাধ্যম কেতিয়াও বাস্তৱ জগতৰ মানৱ সংযোগৰ বিকল্প হ’ব নোৱাৰে। ইয়াৰ বাবে আনৰ সৈতে ব্যক্তিগতভাৱে সংস্পৰ্শৰ প্ৰয়োজন হয় যাতে মানসিক চাপ কমোৱা আৰু সুখী, সুস্থ আৰু ইতিবাচক অনুভৱ কৰা হৰম’নসমূহ আমাৰ মগজুত নিঃসৰণ হ’ব পাৰে। কিন্তু বিড়ম্বনাৰ কথাটো হ’ল মানুহক ওচৰলৈ আনিবলৈ তৈয়াৰ কৰা ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত হৈ অত্যধিক সময় কটালে আচলতে অধিক অকলশৰীয়া আৰু বিচ্ছিন্নতাৰ অনুভৱ হ’ব পাৰে—আৰু উদ্বেগ আৰু হতাশাৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যাসমূহ আৰু অধিক বৃদ্ধি কৰিব পাৰে।
যদি আপুনি ছ’চিয়েল মিডিয়াত অত্যধিক সময় কটায়, আৰু দুখ, অসন্তুষ্টি, হতাশা বা নিঃসংগতাৰ অনুভৱে আপোনাৰ জীৱনত প্ৰভাৱ পেলাইছে, তেন্তে আপুনি এই মাধ্যমসমূহত কি কৰে আৰু কিমান সময় কটায়, আৰু ইয়াৰপৰা আপুনি কিমান ভাললগা অনুভৱ পাইছে— এই দিশটো পৰীক্ষা কৰাৰ সময় আহি পৰিছে আৰু সুস্থ ভাৰসাম্য বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয়।
সামাজিক মাধ্যম যিহেতু তুলনামূলকভাৱে নতুন প্ৰযুক্তি, গতিকে ইয়াৰ ব্যৱহাৰৰ ভাল বা বেয়া দীৰ্ঘম্যাদী পৰিণতি প্ৰতিষ্ঠা কৰিবলৈ যিখিনি গৱেষণা হৈছে সেয়া এতিয়াও চালুকীয়া হৈয়ে আছে। কিন্তু একাধিক গৱেষণাৰপৰা সামাজিক মাধ্যম আৰু হতাশা, উদ্বেগ, নিসংগতা, আত্মহত্যাৰ চিন্তাৰ প্ৰৱণতা বৃদ্ধিৰ মাজত এক শক্তিশালী সম্পৰ্ক পোৱা গৈছে।
সামাজিক মাধ্যমৰ যোগেদি আনৰ জীৱনৰ এক সুখী প্ৰতিচ্ছবি দেখি তেওঁলোকৰ জীৱনৰ লগত নিজকে তুলনা কৰাৰ বাবে, নাইবা আনৰ লগত আদৰ্শগত সংঘাত হোৱাৰ ফলত ঈৰ্ষা আৰু আত্ম-সন্মান লাঘৱ হোৱাৰ অনুভৱ হ’ব পাৰে। সকলোৱে ছ’চিয়েল মিডিয়াত নিজকে আনৰ লগত তুলনা কৰি নিজৰ মাজতে এক হীনমান্যতা ৰ সৃষ্টি কৰে আৰু ই পাছত গৈ মানসিক সম্যসাৰ কাৰণ হৈ পৰে।
তদুপৰি অহৰহ সামাজিক মাধ্যমত নিজৰ জীৱনৰ নিখুঁত ছবি এখন উপস্থাপন কৰাৰ চাপে উদ্বেগ, হতাশা আৰু অন্যান্য মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
সামাজিক মাধ্যমত চলি থকা যিকোনো এটা বিষয়ত ‘একো মাত নামাতিলে বেয়া দেখাব’ জাতীয় ভয় এটাৰ বাবে সেই বিষয়টোত মতামত দিবৰ বাবে অহৰহ চেষ্টা কৰি থকাৰ ফলতো অত্যধিক মানসিক চাপ আৰু অৱসাদৰ দৰে অনুভৱৰ সৃষ্টি কৰিব পাৰে। ছ’চিয়েল মিডিয়াৰ নিচাই এই সমস্যাসমূহ আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে; সকলোৱে ঘণ্টাৰ পিছত ঘণ্টা ধৰি সামাজিক মাধ্যমবোৰৰ বিভিন্ন লেখা তথা ছবি, ভিডিঅ’, ৰীল আদি চাই আনৰ লগত নিজৰ জীৱনৰ তুলনা কৰি হয় উচাত্মিকাবোধত ভোগে নতুবা নিজকে হীন বুলি ভাবি লয়।
ছাইবাৰ বুলিং সামাজিক মাধ্যমৰ অন্য এটা ভয়াৱহ দিশ। অনলাইন হাৰাশাস্তিৰ সন্মুখীন হ’লে ভয়, লাজ আৰু বিচ্ছিন্নতাৰ অনুভৱে এজন ব্যক্তিৰ মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়। সামাজিক মাধ্যমত বেনামীভাৱে একাউণ্ট ব্যৱহাৰ কৰিব পৰা ফলত বহুত ব্যক্তিক ক্ষতিকাৰক আচৰণত লিপ্ত হ’বলৈ সাহস দিব পাৰে, যেনে উৰাবাতৰি বিয়পোৱা, আঘাতজনক মন্তব্য কৰা বা আপত্তিজনক বিষয়-বস্তু পোষ্ট কৰা। মানসিক স্বাস্থ্যৰ ওপৰত চাইবাৰ গুণ্ডাগিৰিৰ প্ৰভাৱ ভয়াৱহ হ’ব পাৰে, যাৰ ফলত প্ৰতাৰিত লোকসকলৰ মনত হতাশা, উদ্বেগ, আনকি আত্মহত্যাৰ চিন্তায়ে ঘৰ কৰিব পাৰে।
ছ’চিয়েল মিডিয়াত অহৰহ নেতিবাচক বাতৰি, ছবি, বিষয়-বস্তুৰ সন্মুখীন হোৱাটোৱেও মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ২৪/৭ নেতিবাচক বাতৰি, ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰচাৰে মানুহৰ মনত ভয়, অনিশ্চয়তা, অসহায়তাৰ ভাবৰ সৃষ্টি
আত্মশোষণ। ছ’চিয়েল মিডিয়াত অন্তহীন ফটো আৰু সকলো অন্তৰ্নিহিত চিন্তা শ্বেয়াৰ কৰিলে এক অস্বাস্থ্যকৰ আত্মকেন্দ্ৰিকতা সৃষ্টি হ’ব পাৰে আৰু বাস্তৱ জীৱনত মানুহৰ সংযোগৰপৰা আঁতৰাই ৰাখিব পাৰে।
সামাজিক মাধ্যমে মানুহৰ টোপনিৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। স্মাৰ্টফোন আৰু কম্পিউটাৰৰদ্বাৰা নিৰ্গত হোৱা নীলা পোহৰে শৰীৰৰ স্বাভাৱিক টোপনি-জাগ্ৰত অৱস্থাৰ চক্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত টোপনিৰ সময় আৰু মানদণ্ড কমি যায় আৰু টোপনিৰ অভাৱে বিভিন্ন মানসিক ৰোগৰ সৃষ্টি কৰে।
বহু ক্ষেত্ৰত সামাজিক মাধ্যমে ক্ষতিকাৰক কু-সংস্কাৰৰ প্ৰসাৰ আৰু প্ৰচাৰত অৰিহণা যোগায় আৰু ক্ষতিকাৰক সমাজৰ নীতি-নিয়মক শক্তিশালী কৰি ৰখাত অৱদান যোগায়। চাইবাৰ গুণ্ডাগিৰি, অনলাইন হাৰাশাস্তি, আৰু ক্ষতিকাৰক মতাদৰ্শৰ প্ৰসাৰে এক বিষাক্ত অনলাইন পৰিৱেশৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত মানসিক স্বাস্থ্যৰ বাবে গুৰুতৰ পৰিণতি হ’ব পাৰে।
তদুপৰি ছ’চিয়েল মিডিয়াই মানুহৰ মনত অবাস্তৱিক আশাৰ সৃষ্টি কৰি আৰু ভোগবাদক প্ৰসাৰিত কৰি মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সহজলভ্য বিজ্ঞাপন আৰু বস্তুবাদী সমাজৰ অহৰহ পৃষ্ঠপোষকতাই মানুহৰ মনত বস্তুবাদৰ ভাব জগাই তুলিব পাৰে। সামাজিক মাধ্যমক আনক দেখি যিকোনো দামী বস্তু ক্ৰয় কৰিবলৈ হোৱা মন বা টকাৰ অভাৱত ক্ৰয় কৰিব নোৱাৰাৰ ফলত মানুহৰ মনত অসন্তুষ্টিৰ সৃষ্টি হয় আৰু ই মানসিক স্বাস্থ্যৰ হানি কৰে।
আজিকালি আমাৰ বেছিভাগেই স্মাৰ্টফোন বা টেবলেটৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰে। ইয়াৰ ফলত যোগাযোগ ৰখাটো অতি সুবিধাজনক হৈ পৰে আৰু সামাজিক মাধ্য হৈ পৰে সুলভ। ২৪ ঘণ্টাই সামাজিক সংযোগৰ ফলত ইম্পালচ কণ্ট্ৰল ডিচঅৰ্ডাৰ হ’ব পাৰে। ফোনত অহৰহ আহি থকা জাননীসমূহে মানুহৰ একাগ্ৰতা আৰু মনোযোগক প্ৰভাৱিত কৰি, টোপনি বিঘ্নিত কৰি ফোনটোৰ দাস কৰি তুলিব পাৰে। সামাজিক মাধ্যম সমূহে মানুহৰ মনোযোগক ফান্দত পেলাবলৈ, অহৰহ অনলাইনত ৰাখিবলৈ, আৰু নতুন আপডেটৰ বাবে সামাজিক মাধ্যমবোৰ বাৰে বাৰে পৰীক্ষা কৰিবলৈ ৰূপাংকন কৰা হৈছে। জুৱা, নিকোটিন, মদ বা ড্ৰাগছৰ প্ৰতি আসক্তিৰ দৰেই সামাজিক মাধ্যমেও আসক্তিৰ সৃষ্টি কৰিব পাৰে। যেতিয়া আপুনি কোনো পোষ্টত লাইক, শ্বেয়াৰ বা অনুকূল প্ৰতিক্ৰিয়া লাভ কৰে, তেতিয়া ই মগজুত ড’পামিনৰ নিঃসৰ্ৰণ কৰিব পাৰে আৰু ইয়াৰ ফলত মন ভাল লগাৰ দৰে অনুভূতি হয়, যেনেদৰে মদ, ড্ৰাগছ বা ছিগাৰেট সেৱন কৰিলে অনুভৱ হয়। যিমানেই এই মন ভাললগা অনুভৱ হ’ব সিমানেই মানুহে সামাজিক মাধ্যমত সময় খৰচ কৰিব বিচাৰিব, যদিও ই জীৱনৰ অন্যান্য দিশৰ বাবে ক্ষতিকাৰক হৈ পৰে।
আমাৰ বহুতেই সামাজিক মাধ্যমক “নিৰাপত্তাৰ কম্বল” (Security Blanket)হিচাপে ব্যৱহাৰ কৰে। যেতিয়াই আমি কোনো সামাজিক পৰিস্থিতিত উদ্বিগ্ন, অস্বস্তি বা অকলশৰীয়া অনুভৱ কৰো, তেতিয়াই আমি আমাৰ ফোনলৈ বাৰে বাৰে ঘূৰি সামাজিক মাধ্যমত লগ অন কৰো। প্ৰথম অৱস্থাত এনে সময়ত সামাজিক মাধ্যমক যোগাযোগ কৰিলে উদ্বেগ কমোৱাত সহায় হ’ব পাৰে কিন্তু দীৰ্ঘ সময়ত সামাজিক মাধ্যমৰ ওপৰত আৱেগিক ভাবে নিৰ্ভৰ কৰাৰ ফলত অন্যান্য অন্তৰ্নিহিত সমস্যা, যেনে মানসিক চাপ, হতাশা বা বিৰক্তি সৃষ্টি কৰিব পাৰে। নিৰাশ, অকলশৰীয়া বা বিৰক্ত অনুভৱ কৰাৰ সময়ত সামাজিক মাধ্যমত অধিক সময় কটায়, তেন্তে অত্যাধিক ব্যৱহাৰে এটা নেতিবাচক, আত্ম-স্থায়ী চক্ৰৰ সৃষ্টি কৰিব পাৰে।
সামাজিক মাধ্যমৰ অন্য এটা আটাইতকৈ চিন্তনীয় দিশ হ’ল শিশুৰ শৰীৰবিজ্ঞান আৰু মানসিক স্বাস্থ্যৰ ওপৰত পৰা প্ৰভাৱ। অভিভাৱকসকলে নিজৰ সন্তানক অত্যাধিক ভাবে সামাজিক মাধ্যমত প্ৰদৰ্শন কৰাৰ ফলত
শিশুৰ গোপনীয়তাত নেতিবাচক প্ৰভাৱ পেলোৱাৰ পেলায়। তদুপৰি সামাজিক মাধ্যমৰ অহৰহ ব্যৱহাৰে শিশুৰ মনোযোগৰ ক্ষমতা আৰু জ্ঞানমূলক বিকাশৰ ওপৰতো ক্ষতিকাৰক প্ৰভাৱ পৰে। ইয়াৰ ফলত তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন আৰু খেল-ধেমালি আদিত মনোযোগ দিয়াৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে।
ইয়াৰ উপৰি সামাজিক অতিমাত্ৰা সংস্পৰ্শলৈ আহিলে শিশুৰ টোপনিৰ অসুবিধাও হ’ব পাৰে। পৰ্দাৰপৰা নিৰ্গত হোৱা নীলা পোহৰে টোপনি নিয়ন্ত্ৰণ কৰা মেলাটনিন নামৰ হৰম’নৰ উৎপাদনত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত টোপনি অহাত অসুবিধা হয় আৰু টোপনিৰ মানদণ্ড বেয়া হয়। পৰ্যাপ্ত টোপনিৰ অভাৱে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত তেওঁলোকৰ মেজাজ, জ্ঞানমূলক ক্ষমতা আৰু সামগ্ৰিক সুস্থতাত প্ৰভাৱ পৰিব পাৰে।
তদুপৰি সামাজিক মাধ্যমত আনৰ লগত অহৰহ তুলনাই শিশুৰ নিসংগতা আৰু সামাজিক বিচ্ছিন্নতাৰ অনুভৱত অৰিহণা যোগাব পাৰে। সমনীয়াই তেওঁলোকৰ আপাত দৃষ্টিত নিখুঁত জীৱনৰ বিষয়ে পোষ্ট কৰা দেখিলে শিশুৱে নিজৰ লগত তুলনা কৰি দুখী অনুভৱ কৰিব পাৰে, যাৰ ফলত নিসংগতা আৰু হতাশাৰ সৃষ্টি হ’ব পাৰে।
শিশুৰ শৰীৰবিজ্ঞানৰ ওপৰত সামাজিক মাধ্যমৰ নেতিবাচক প্ৰভাৱ কম কৰিবলৈ অভিভাৱকসকলে নিজৰ শিশুৰ ফোন, টেবলেট বা কম্পিউটাৰ ব্যৱহাৰ কৰা সময় নিৰীক্ষণ আৰু সীমিত কৰাটো গুৰুত্বপূৰ্ণ। শিশুসকলক আন কাৰ্য্যকলাপ, যেনে খেলা-ধূলা, হবি, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটাবলৈ উৎসাহিত কৰিলে ছ’চিয়েল মিডিয়াৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে আৰু সুস্থ জীৱন-শৈলীৰ প্ৰসাৰ ঘটিব পাৰে।
সামাজিক মাধ্যমক নিজৰ মংগলৰ বাবে ব্যৱহাৰ কৰিবলৈ ইয়াৰ ব্যৱহাৰ সীমিত কৰাটো অতি প্ৰয়োজন। সামাজিক মাধ্যমৰ ব্যৱহাৰ কেনেদৰে কম কৰিব পাৰি?
অনলাইনত সময় কম কৰক।
২০১৮ চনত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা গৈছে যে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ দিনটোত ৩০ মিনিটলৈ হ্ৰাস কৰিলে উদ্বেগ, হতাশা, নিসংগতা, টোপনিৰ সমস্যা, আৰু FOMO ৰ মাত্ৰা যথেষ্ট হ্ৰাস পায়। সামাজিক মাধ্যমত কটোৱা সময়ৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে তলৰ উপায় কেইটা মানিব পাৰে।
* প্ৰতিদিনে সামাজিক মাধ্যমত কিমান সময় কটায় সেইটো অনুসৰণ কৰিবলৈ এটা এপ ব্যৱহাৰ কৰক। তাৰ পিছত আপুনি ইয়াক কিমান হ্ৰাস কৰিব বিচাৰে তাৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰক।
* দিনটোৰ কিছুমান বিশেষ সময়ত যেনে গাড়ী চলাওঁতে, মিটিঙত, জিমত, ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত, অফলাইন বন্ধুৰ সৈতে সময় কটাওঁতে, পৰিয়ালৰ সৈতে সময় কটাওতে সৈতে বা বাথৰুমলৈ যাওত ফোনৰ ব্যৱহাৰ বন্ধ কৰক।
* বিছনাত আপোনাৰ ফোন বা টেবলেট ব্যৱহাৰ নকৰি বন্ধ কৰি ৰাতিটো আন এটা কোঠাত ৰাখিবলৈ আৰম্ভ কৰক।
* সামাজিক মাধ্যমৰ জাননীসমূহ নিষ্ক্ৰিয় কৰক। আপোনাৰ ফোনটোৱে আপোনাক নতুন বাৰ্তাৰ প্ৰতি সতৰ্ক কৰি দিয়া অহৰহ জাননীসমূহ বন্ধ কৰিলে আপোনাৰ সময় আৰু মনোযোগৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰাত সহায় কৰিব পাৰে।
* যদি আপুনি বাধ্যতামূলকভাৱে প্ৰতি কেইমিনিটমানৰ মূৰে মূৰে আপোনাৰ ফোনটো পৰীক্ষা কৰে, তেন্তে ইয়াক প্ৰতি ১৫ মিনিট আৰু ততাৰ পিছত ৩০ মিনিটৰ মূৰে মূৰে এবাৰ, তাৰ পিছত ঘণ্টাত এবাৰকৈ কৰিবলৈ আৰম্ভ কৰক।
* আপোনাৰ ফোনটোৰপৰা সামাজিক মাধ্যমৰ এপ আঁতৰাই চাওক যাতে আপুনি কেৱল কম্পিউটাৰৰপৰা ফেচবুক, টুইটাৰ আদি চেক কৰিব পাৰে। যদি এইটো এটা অতি কঠোৰ পদক্ষেপ যেন লাগে, তেন্তে এটা এটাকৈ ছ’চিয়েল মিডিয়া এপ আঁতৰাই চাওক।
সৰ্বশেষত ইয়াকে ক’ব পাৰি যে, নতুন প্ৰযুক্তিৰ লগত তাল মিলাই আগবাঢ়ি যাবলৈ সামাজিক মাধ্যমৰ গুৰুত্ব অপৰিসীম। কিন্তু মানসিক স্বাস্থ্যৰ ওপৰত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে অনুভৱ কৰি আমি নিজৰ সামাজিক মাধ্যমৰ ব্যৱহাৰৰ প্ৰতি সচেতন হোৱা দৰকাৰ। আমাৰ মানসিক স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আৰু ছ’চিয়েল মিডিয়াৰ সৈতে এক সুস্থ সম্পৰ্ক গঢ়ি তুলি আমি ইয়াৰ ইতিবাচক দিশসমূহ ব্যৱহাৰ কৰিব পাৰো আৰু লগতে ইয়াৰ নেতিবাচক প্ৰভাৱ কম কৰিব পাৰো। আহক আমি ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰত অধিক সুষম আৰু মননশীল দৃষ্টিভংগী গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ, যিয়ে সংযোগ, প্ৰামাণ্যতা, আৰু মংগলৰ প্ৰসাৰ ঘটায়
এই সংখ্যাটোৰ আঁৰত-
বৰ্ণাশুদ্ধি নিবাৰণ- মৃদুল কুমাৰ শৰ্মা, জুপিতৰা ফুকন, কলচুম বিবি, ৰূপম বৈশ্য, চিত্তৰঞ্জন ওজা, ড° মৃণাল জ্যোতি গোস্বামী, মিতালী বৰ্মন।
সাক্ষাৎকাৰ- অংকিনী বৰা, ড° অভিজিত দত্ত, বিকাশ দত্ত
কাৰিকৰী- ডা° হিতেশ্বৰ শৰ্মা