সাহিত্য, সদৰ্থকতা আৰু সাম্প্ৰতিক সময়ৰ সন্তুলন

লেখক- স্বপ্নালী কলিতা

“সাহিত্য হল, য’ত মই মানৱ    আত্মাৰ উচ্চতম আৰু নিম্নতম স্থানসমূহ অন্বেষণ কৰিবলৈ যাওঁ; য’ত মই বিচাৰি পাম বুলি আশা কৰোঁ কেৱল নিৰপেক্ষ সত্যটোৱেই নহয়, কাহিনীৰ সত্যতা, কল্পনা আৰু হৃদয়ৰ সত্যতা।”—ছলমান ৰুছদি

 “সাহিত্যৰ অৱনতিয়ে এটা জাতিৰ অৱনতিৰ অশনি সংকেট দিয়ে।”—জোহান উলফ্‌গেং গ’থে 

 

মানুহে আনক জানিবলৈ উৎসুক হোৱাতো যিদৰে সহজাত প্ৰবৃত্তি, সেইদৰে নিজক জনাবলৈও থাকে বিশেষ আগ্ৰহ। আত্মপ্ৰকাশৰ এই প্ৰৱণতাই কলাত্মক ৰূপ পালেই সাহিত্যৰ সৃষ্টি হয়। সাহিত্যই আমাক প্রতি মুহূৰ্ততে কর্ষণ কৰি সমাজ, সংস্কৃতি, জীৱনবোধ আৰু সমসাময়িকতাৰ পাঠ পঢ়ায়। সমাজৰ অলংঘনীয় নিয়মৰ ঘেৰাত জীৱন আৰু জীৱিকাৰ তাড়নাত মানুহ লিপ্ত হয় সংঘাতত। সুখ-দুখ, মিলন-বিৰহত চিৰাচৰিত নিয়মাৱলী প্রতিপালিত কৰি ৰাখে অহৰহ। এই বাস্তৱৰ ঘটনাপ্ৰৱাহ যেতিয়া মন-মগজুত সংৰোপণ হয়, কালক্রমত সেইখিনিয়েই জন্ম দিয়ে শিল্প-সাহিত্যৰ।

 মনোবিজ্ঞানী ফ্রয়েডৰ মতে—”সাহিত্য স্বপ্নৰ দৰে। মানুহৰ অৱচেতন ক্রিয়াৰ ফল।” সাহিত্যৰ বীজ এজন ব্যক্তিয়ে মনত সংগোপনে কঢ়িয়াই ফুৰে। অৱশ্যে, এই প্রক্রিয়া সাধনালব্ধ। প্রতিভাশালী কবি-সাহিত্যিকসকলে উপলব্ধিৰ চৌপাশ আৰু নিজস্ব জীৱনৰ সংঘাত পৰিক্রমা ৰসোত্তীর্ণ সাহিত্যলৈ উত্তৰণ ঘটায়। ব্যক্তি জীৱনৰ অনুভৱ পাঠকৰ মাজলৈ এৰি দিয়াৰ পাছত নৈব্যক্তিক হৈ পৰিলেই সেই সৃষ্টি হৈ পৰে সফল সাহিত্য। সাহিত্য হৈ থাকে সদা সক্ৰিয়। সমাজক প্ৰভাবিত কৰে, কৰে পৰিবর্তিত।

  উৎকৃষ্ট সাহিত্যই এখন সমাজক প্রতিনিধিত্ব কৰে। পাঠকৰ বৌদ্ধিক স্তৰ, বিষয়বস্তুৰ প্ৰকাৰ, প্ৰকাশভংগী আদিৰ ওপৰত নিৰ্ভৰ কৰি ভাল লেখাসমূহৰ গুণ নিৰূপণ কৰা হয়। 

 ভাষাজ্ঞান সাহিত্যৰ মুখ্য উপজীব্য। ভাষাৰ দক্ষতা, পৰ্যাপ্ত শব্দসম্ভাৰৰ ভঁড়াল সাহিত্যৰ হ’ব লাগিব আভূষণ। মুঠতে সাহিত্যৰ এই বিশাল পৰিসৰৰ অৱলোকনৰ দুঃসাহস আমাৰ সাধ্যৰ বাহিৰত।

 আমাৰ নিজা উপলব্ধিত সাহিত্য এটা জুনুকাৰ মিঠা ঝুনঝুননি। সাধনা আৰু তপস্যাৰপৰা জন্ম হোৱা মানস সন্তান। চৌপাশে সাহিত্যৰ বাতাবৰণক লৈ অনেক চৰ্চা। সকলো কামৰে ইতিবাচক আৰু নেতিবাচক দুটা পিঠি থাকে, যদিও সদৰ্থক কথাবিলাকৰ চৰ্চাই ধূসৰ পৰিবেশো পৰিষ্কাৰ কৰিব পাৰে বুলি বিশ্বাস কৰিব পাৰি। এটা কথা ঠিক, যিকোনো যুগত আৰু যিকোনো দেশত কেৱল যুগমীয়া প্ৰগতিশীল সাহিত্যইহে সমাজ বিপ্লৱত ইতিবাচক ভূমিকা ল’ব পাৰে। সেয়ে নিষ্ঠা, সততা আৰু একাগ্ৰতাৰ কোনোকালেই মৃত্যু নাই।

 সাম্প্ৰতিক সময়লৈ লক্ষ্য কৰি সাহিত্যৰ তুলনামূলক বিশ্লেষণ কৰিলে দেখা যায়, সাহিত্যক কোনো কোনো পৰিবেশ পৰিস্থিতিত ভোগবাদ, পুজিবাদ বা বিলাসিতাই কোবাই থৈ গৈছে। কোবোৱা বুলি এইকাৰণেই কোৱা হৈছে যে, সাহিত্য এজোপা প্ৰকাণ্ড বটবৃক্ষ। এই বটবৃক্ষৰ দুই-এটা পাত সৰুৱাৰ বাহিৰে বিশেষ একো ক্ষতি কৰিব নোৱাৰে। যিহেতু সাহিত্যক গভীৰ অন্তৰ্দৃষ্টিৰে চোৱাসকল, অনুশীলন আৰু অভিজ্ঞতাৰে পৰিপুষ্টসকল সংখ্যাগত দিশৰপৰা নহ’লেও গুণগত মানেৰে অধিক শক্তিশালী।

 শ্ৰীশৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে তেওঁৰ সাহিত্য আৰু নীতি নামৰ প্ৰবন্ধত লিখিছে—“Art বস্তুটো মানুহৰ সৃষ্টি। সেয়ে Art–Nature নহয়। সংসাৰত যিবোৰ কথা বা ঘটনা ঘটে, আৰু বহুত লেটেৰা ঘটনাই ঘটে, সেইবোৰ কোনোপধ্যে সাহিত্যৰ উপাদান নহয়। প্ৰকৃতিৰ বা স্বভাৱৰ হুবহু নকল কৰাই Photography হ’ব পাৰে, কিন্তু সেয়া জানো ছবি হ’ব? দৈনিক বাতৰি কাকতত অসংখ্য লোমহৰ্ষক ঘটনা ছপা হৈ থাকে, সেইবোৰ জানো সাহিত্য? চৰিত্ৰ সৃষ্টি জানো ইমান সহজ? মোক বহুতেই অনুগ্ৰহ দেখুৱাই কয়, ডাঙৰীয়া! মই এনে এটা ঘটনা জানো যে সেইটো আপোনাক ক’লে আপোনাৰ এখন চমৎকাৰ কিতাপ হ’ব পাৰে।

মই কওঁ, তেতিয়াহ’লে সেইটো আপুনিয়েই লিখক।” 

      এই গোটেই কথাখিনি উদ্ধৃত কৰাৰ কাৰণটো হৈছে, কথাখিনি পঢ়াৰ পাছত সাহিত্যৰ ধাৰণাৰ বাবে মগজুত পাকঘূৰণিৰ সৃষ্টি নহয়। আটাইখিনি কথাই সাহিত্য সৃষ্টিত ভাৰসাম্য ৰক্ষাৰ পাঠ হৈ পাঠকৰ মন-মগজু আন্দোলিত কৰিব পাৰে। 

অলপতে পাঠশালাৰ বজালীত অসম সাহিত্য সভাৰ সপ্তষতিতম অধিৱেশন হৈ গ’ল। চৌপাশ আপ্যায়ন আৰু আড়ম্বৰেৰে জয়জয়কাৰ। আমি নিমন্ত্ৰণ পাইছিলোঁ, যদিও ব্যক্তিগত অসুবিধাৰ বাবে যোৱা নহ’ল। কিন্তু সামাজিক মাধ্যম, বাতৰি কাকত টেলিভিশ্যনত এটা সুন্দৰ পৰিবেশ দৃষ্টিগোচৰ হৈছে। কাব্য পাঠৰ বাকৰিত এটা কব্যিক মনোমোহা পৰিবেশ তৈয়াৰ কৰা হৈছে। কিন্তু তাৰ মাজতো দুই-এটা কাৰুকাৰ্যই সাহিত্যানুৰাগীসকলক ক্ষুন্ন নকৰাকৈ থকা নাই। যিহেতু সাহিত্য এটা জাতিৰ দাপোন। জাতিটো প্ৰতিফলন হোৱা এই শিল্পত এধানমানো আঁচ পৰিলে সচেতন সাহিত্যপ্ৰেমীসকল ক্ষোভিত হোৱাতো ডাঙৰ কথা নহয়। অৱশ্যে এই ক্ষোভত পানীও ঢালিব লাগিব নিজেই।

 কবিতা সাধনাৰ ফচল। কথাৰে কৈ শেষ কৰিব নোৱৰাখিনি। জীৱনে শিকোৱাখিনি অথবা আত্মাৰ টান হ’ব পাৰে কবিতা। এই আটাইখিনি সংপৃক্ত কৰি শৈল্পিক ৰূপ দি সজাই-পৰাই পাঠকক ৰসাস্বাদনৰ বাবে উলিয়াই দিব পাৰিব লাগিব। জীৱনক প্ৰতিফলন কৰিব পাৰিব লাগিব কবিতাই। অসাধাৰণৰ পৰা সাধাৰণজনলৈকে সকলোৱেই সহজভাৱে উপলব্ধি কৰিব পৰাতহে কবিতাৰ সাৰ্থকতা। এই আটাইখিনিৰ পাছতো ক’ব লাগিব, এটা জলপ্ৰপাতৰ সৌন্দৰ্য্য নেদেখাকৈ তাৰ মৃদু কম্পন হৃদয়ংগম কৰিব পৰাকৈ কবিতাৰ ভিতৰচ’ৰা জুনজুনাই থাকিব লাগিব। গতিকে কবিতা পানীৰ দৰে কোমল নিশ্চয় নহয় যে, হাতখনে ঢুকি পায় মানে তৰিৎ গতিত ভ্ৰমি আহিব! কথাখিনি অৱশ্যে কবিতা, গদ্য দুয়োটাৰে ক্ষেত্ৰত প্ৰযোজ্য।

 শিল্প-সাহিত্যক উত্তৰণ ঘটাবলৈ বিশেষ প্ৰয়োজন হ’ল ব্যাপক পাঠক-শ্ৰোতা। আমি সাহিত্যৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ পাঠকৰ এটা আন্দোলন গঢ়ি তুলিব লাগিব। অধ্যয়ন আৰু কৰ্ষণক গুৰুত্ব প্ৰদান কৰি সাম্প্ৰতিক সময়ৰ সুক্ষ্ম সুক্ষ্ম কথাবোৰ ফঁহিয়াই আলোচনা কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে দুই-এটা সৰু-সুৰা দোষ-ত্ৰুটি আঙুলিয়াই দি বিপথে পৰিচালিত হোৱাৰপৰা নিজ ঠাইলৈ লৈ আহিব লাগিব।  

 “লক্ষ্যহীন সাহিত্য মূল্যহীন।”(মোহনকৃষ্ণ মিশ্ৰ)

আমি অন্তঃকৰণেৰে কামনা কৰিম, সাহিত্য আপোন গতিৰে ধাৱমান হওক। গুণগত মানৰ ওপৰত গুৰুত্ব দি সংখ্যাগত দিশটোক উলাই কৰক। সাহিত্যৰ চানেকিত বাচি যাওক ন ন ফুল। যি ফুল ইতিহাসে বহন কৰি লৈ যাব ইকুলৰ পৰা সিকুললৈ

এই সংখ্যাটোৰ আঁৰত-

এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….

 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়কঃ-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!