“সা” বোৰ কেনি হেৰাল?
লেখক- জিতেন কলিতা
এখন আলোকচিত্ৰ। তাত অসমৰ গ্ৰামাঞ্চলৰ ভঁৰালঘৰ এটাৰ চিলিঙৰ পৰা প্ৰায় চাৰিফুট তললৈ আগুৰি থকা অংশৰ এখন ছবি। চিলিংখন সৰু সৰু গোট গোট বাঁহেৰে সজা। একোণত নাৰিকল (নে তামোল) গছৰ শুকান পাতৰ এটা জুমুঠি আৰু পশ্চাৎপটত এছোপ কলগছ দৃষ্টিগোচৰ হৈছে। কিন্তু আলোকচিত্ৰখনৰ মূল আকৰ্ষণ হৈছে চিলিঙত ফটা কাপোৰৰ নুৰাৰে ওলমাই ৰখা আনুমানিক প্ৰায় ১৫ ছেণ্টিমিটাৰ দীঘল আৰু গড়ে প্ৰায় ৩.৫ ছেণ্টিমিটাৰ ব্যাসাৰ্দ্ধৰ ঢোলাকৃতিৰ এবিধ সামগ্ৰী। বহুদিন অব্যৱহৃত হৈ থকাৰ বাবে সামগ্ৰীবিধৰ প্ৰকৃত চেহেৰাটো ধৰিব পৰাটো ইমান সহজ নহয়। অযত্ন আৰু বয়সৰ বাবে সি এলান্ধুকলীয়া ধূসৰ সেউজীয়া বৰণ লৈছে আৰু দুই এঠাইত শোটোৰা পৰি আৰু বেছি অনাকৰ্ষণীয় হৈ পৰিছে। মুঠৰ ওপৰত (আজিৰ দিনত) গুৰুত্ব পাব পৰাকৈ তাৰ কোনো বিশেষ যোগ্যতা নাই।
আচলতে এই আলোকচিত্ৰখন আছিল ১৯৮৩-৮৫ বৰ্ষৰ আমাৰ কটনিয়ান হোৱাটছএপ গোট ‘উৎসাহ’ৰ দুদিনমান আগৰ দেওবৰীয়া কুইজৰ এক অংশবিশেষ। সেইখন প’ষ্ট কৰিছিল যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যক্ষ, বন্ধু ড° অতনু কুমাৰ দত্তই। সেয়া আছিল তেওঁলোকৰ নামতিৰ গাঁৱৰ ঘৰখনৰ ভঁৰালঘৰৰ ছবি আৰু স্বাভাৱিকতে কুইজৰ প্ৰশ্নটো আছিল, “চিলিঙত ওলমি থকা সেই সামগ্ৰীবিধ কি?” লগে লগে বিভিন্ন জনৰ বিভিন্ন উত্তৰেৰে গোটটো সৰৱ হৈ পৰিল। এজনে উত্তৰ দিলে সেইটো হেনো এটা অত্যাধিক পূৰঠ জাতিলাও। যাৰ ভিতৰখন খালি কৰি উলিয়াই খোলাটো শুকুৱাই আগৰ দিনত নিমখ থ’বলৈ ব্যৱহাৰ কৰা হৈছিল। প্ৰত্যুত্তৰত অতনুৱে তেওঁক ক’লে, “তোমাৰ উত্তৰটো সামগ্ৰীবিধৰ ওচৰে পাজৰেও যোৱা নাই। ছবিখন আৰু অলপ ভালকৈ জুম (zoom) কৰি চোৱাচোন। তাত লাগি থকা ধূলি মাকতিবোৰ বাদ দি বস্তুটোৰ বিষয়ে কল্পনা কৰিলেই তোমাৰ উত্তৰ পাই যাবা। মই নিশ্চিত যে ই তোমাৰো শৈশৱৰ এক অবিচ্ছেদ্য অংগ আছিল।” অলপ পাছতে বন্ধুবৰ দিৱাকৰৰ উত্তৰ আহিল, “হাৰিকেন লেম্পৰ চিমনী নেকি?” অতনুৱে হয়ভৰ দিলে, “ঠিক ধৰিছা বন্ধু।” এইবাৰ আন এজনে কুইজৰ দ্বিতীয় প্ৰশ্নটো আগবঢ়ালে, “হাৰিকেন লেম্পৰ পোহৰত পঢ়া কোন কোন আছা এই গোটত?” স্মৃতিৰ বৰষুণজাক যেন এই প্ৰশ্নটোৰ বাবেহে ৰৈ আছিল। লেমৰ চিমনীত লিপিবদ্ধ হৈ থকা জীৱনৰ পাঠবোৰ পুনৰুদ্ধাৰ কৰিবলৈ আমিবোৰে আকৌ সাজু হ’লোঁ।
দেখা গ’ল যে আমাৰ গোটৰ বেছিভাগেই লেমৰ পোহৰতেই পঢ়া-শুনা কৰিছিল। তেতিয়াৰ দিনত অসমৰ কেৱল গাঁৱেই নহয়, বহুতো মফছল চহৰো বিদ্যুৎসেৱাৰ পৰা বঞ্চিত হৈ আছিল। বিজুলীৰ ব্যৱস্থা থাকিলেও বহুতৰে নিজৰ ঘৰত বৈদ্যুতিক সংযোগ ল’বলৈ আৰ্থিক সামৰ্থ্য নাছিল। সেয়েহে কেৰাচিন ব্যৱহাৰ কৰি জ্বলোৱা হাৰিকেন বা টেবল লেম্পৰ পোহৰত পঢ়াৰ বাহিৰে আন কোনো গত্যন্তৰ নাছিল। আমি বসবাস কৰা উজানবজাৰৰ ৰেলৱে কোৱাৰ্টাৰতো মই দশম শ্ৰেণীত থাকোঁতেহে “লাইট” আহিছিল। ঘৰত লেমৰ সংখ্যাও আছিল দুটা বা তিনিটাহে। সেয়েহে বহুতৰে ঘৰত সকলোবোৰ ল’ৰা-ছোৱালীয়ে একেটা লেমৰ পোহৰতে পঢ়িবলগীয়া হৈছিল। লেমৰ সমান্তৰালকৈ চাকিও ব্যৱহাৰ হৈছিল। সেইবোৰ সাধাৰণতে সৰু ঘিউৰ বটল বা চিয়াঁহীৰ দোৱাতত তেল ভৰাই ফটা কাপোৰেৰে তৈয়াৰী শলিতা এডাল সাঁফৰটোত কৰা ফুটা এটাৰে উলিয়াই দি সজা হৈছিল। আমাৰ ঘৰত পাকঘৰত মায়ে চাকিৰ পোহৰতে ৰন্ধা বঢ়া কৰিছিল। ৰাতি কোনোবা আলহী ঘৰলৈ ফুৰিবলৈ আহিলে পঢ়া শুনাৰ তাতেই আধ্যা পৰাৰ আশংকাত মায়ে পাকঘৰত বস্তা পাৰি পঢ়িবলৈ দিছিল। চৰকাৰে সুলভ মূল্যৰ দোকানৰ যোগে বিতৰণ কৰা কেৰাচিন সমস্ত মাহটোৰ বাবে পৰ্যাপ্ত নাছিল। সেই সময়ত ড্ৰাম আকৃতিৰ ঠেলাগাড়ীৰে কিছুমান বিহাৰী লোকে গুৱাহাটীত ঘৰে ঘৰে কেৰাচিন বেচি ফুৰিছিল। মাজে মাজে এই ঠেলাগাড়ীবোৰো নিৰুদ্দেশ হৈছিল আৰু কেৰাচিনৰ ভয়ানক নাটনি হৈছিল। এবাৰ অসম আন্দোলনৰ ভৰপকৰ সময়ত ই এনে পৰ্যায় পাইছিল যে ৰাইজে কেৰাচিনৰ সন্ধানত পেট্ৰ’ল পাম্প বা কেৰাচিনৰ ডিপ’বিলাকলৈ খালি গেলনবোৰ লৈ ঢাপলি মেলিছিল। ময়ো লগৰ কেইজনমানৰ সৈতে বাটকুৰি বাই গৈ পল্টনবজাৰৰ ডিপ’ এটাত (এতিয়াৰ ৰাজমহল হোটেলৰ ঠিক বিপৰীতে) শাৰী পাতিছিলোঁগৈ। আমোদজনকভাৱে সেই শাৰীটো মানুহৰ নাছিল, আছিল গেলনবোৰৰহে। সিহঁতক লাইনত ঠিয় কৰাই থৈ মালিকবোৰে হয় ওচৰে পাজৰে চুপতি মৰাত ব্যস্ত আছিল নতুবা নিজৰ গেলনটোত কাৰোবাক নজৰ দিবলৈ কৈ ঘৰমুৱা হৈছিল। আন একো কাম-বন নথকাত আমি কেইটাই গেলনৰ সংখ্যা গণিবলৈ আৰম্ভ কৰিছিলোঁ। বিশ্বাস কৰিবলৈ টান লাগিলেও মোৰ গেলনটোৰ স্থান সাতশৰো ওপৰত আছিল। ইফালে তেলৰ গাড়ী অহাৰ নাম গোন্ধেই নাই। সকলোৱে ভোকে ভাগৰে তেনেদৰেই ৰৈ আছে। বেলি ডুব যাওঁ যাওঁ হওঁতেই ডিপ’ৰ কোনোবা কৰ্মচাৰীয়ে জনালে যে সেইদিনা তেল নাহে। বিফল মনোৰথ কেৰাচিন প্ৰত্যাশীসকলৰ মনৰ অৱস্থা কি হৈছিল পাঠকসকলে নিশ্চয় অনুমান কৰিব পাৰিছে।
অ’, আমাৰ গোটৰ কথাৰ পৰা ফালৰি কাটি আহি কেৰাচিনতহে পৰিলোঁগৈ। নপৰিমেই বা কিয়? কেৰাচিন নহ’লে যে লেম নজ্বলে। এই লেমবিলাকৰ সৈতে যে সকলোৰে কিমান স্মৃতি জড়িত হৈ আছে! দিগন্তই জানিবলৈ দিলে যে তেওঁ সদায় লক্ষ্য কৰিছিল যে টেবুল লেমৰ পোহৰত পঢ়াৰ সময়ত লেমৰ পোহৰটো বঢ়াই দিলে চকুৰ মণিটো সৰু হৈ যায়, পোহৰটো কমাই দিলে চকুৰ মণিটো ডাঙৰ হৈ যায়। এই সকলোবোৰ তেওঁ প্ৰত্যক্ষ কৰিছিল (কিতাপ বহীৰ দ’মত আউজাই থোৱা) সৰু আইনাখনত। প্ৰদীপৰ আকৌ চাকিৰ পোহৰত পঢ়োঁতে তেল কমি কমি শলিতাডালৰ আগভাগত কাজলৰ দৰে গোট মাৰি কৰ্কৰীয়া হৈ জমা হোৱা চেকুৰা বোৰলৈ মনত পৰিছিল। তেওঁলোকে তাক ধিমা বন্ধা (চন্দ্ৰকান্ত অভিধানৰ মতে গুৰি বা জুলীয়া বস্তু গোট মাৰি হোৱা ডোখৰ, যেনে গুড়ৰ টুকুৰা) বুলি কৈছিল। শলিতাত ধিমা বান্ধিলেই পোহৰৰ তীব্ৰতা হ্ৰাস পাই আখৰ নেদেখা অৱস্থা হৈছিলগৈ। প্ৰদীপৰ কথা শুনি মোৰো মনত পৰিল যে আমাৰ মাহঁতেও লেমত নতুনকৈ কেৰাচিন তেল ভৰোৱাৰ আগতে ধিমাখিনি গুচাই পৰিষ্কাৰ কৰি চেপেটা শলিতাডালৰ আগডোখৰ কেঁচিৰে সামান্য কাটি সমান কৰি দিছিল।
যিসকলৰ ঘৰত বিজুলী বাতি আছিল তেওঁলোকেও ৰাতি বিজুলী নোহোৱা হ’লে লেম জ্বলাবলৈ বাধ্য হৈছিল কিয়নো তেতিয়াৰ দিনত আজিৰ দৰে ইনভাৰ্টাৰৰ ব্যৱস্থা নাছিল। ডিগবৈৰ অইল কলনীত ডাঙৰ দীঘল হোৱা মৃদুমলয়হঁতৰ ঘৰতো বিদ্যুৎ সংযোগ আছিল যদিও স্কুলীয়া জীৱনত লোডশ্বেডিঙৰ ভয়ত তেওঁলোকৰ ঘৰত সদায়েই লেম-চাকি সাজু কৰি ৰখা হৈছিল। তেল নগৰীৰ বাসিন্দা হোৱাৰ সুবাদতে কোনোদিনেই কেৰাচিনৰ অভাৱ নাছিল, কাৰণ কলনীৰ সকলো বাসিন্দাৰ নামতেই মাহেকত ৰেহাই মূল্যত ইন্ধনৰ আৱণ্টন দিয়া হৈছিল। যাৰ ফলত লোডশ্বেডিঙ হ’লেও বৈদ্যুতিক পোহৰৰ পৰা কেৰাচিনৰ লেমৰ পোহৰলৈ কিতাপ পঢ়াৰ তেওঁলোকৰ যাত্ৰা আছিল যথেষ্ট মসৃন। কিন্তু এনে লোডশ্বেডিঙ হ’লে তেওঁলোকে বেছি আনন্দহে পাইছিল আৰু মনে প্ৰাণে বিচাৰিছিল যে ই আৰু অলপ দীঘলীয়া হওক। লোডশ্বেডিঙ আৰম্ভ হোৱাৰ লগে লগে চুবুৰীৰ সৰু সৰু ল’ৰাছোৱালীবোৰে কাষৰে খেলপথাৰ খনলৈ ঢাপলি মেলিছিল। কি যে মজাৰ বেপাৰ! সি আছিল দিনৰ উপৰিও ৰাতিৰ জোনাক বিধৌত খেলপথাৰত খেল-ধেমালিৰ আন এক ব’নাছ অধিৱেশনৰ সূৱৰ্ণ সুযোগ।
অলপ পাছতে আন এজন বন্ধু নৱজোৱানৰ বাৰ্তা আহিল। মেট্ৰিক পৰীক্ষা দিয়ালৈকে তেওঁলোকেও হেনো হাৰিকেনৰ পোহৰতে পঢ়া-শুনা কৰিছিল আৰু দৈনিক লেম চাফ কৰাটো তেওঁলোকৰ বাবে ৰুটিন মাফিক আছিল। ময়ো তাত উজান দি ক’লোঁ যে আমাৰো সন্ধিয়া হোৱাৰ আগতে মুখেৰে ‘সা’ দি চিমনী চাফ কৰাটো বাধ্যতামূলক আছিল। সৰুতে মই অতি ক্ষীণ-মিন আৰু ঘৰৰ সৰু আছিলোঁ বাবে টেবুল লেম্পৰ চিমনীটোত মোৰ হাতখন অতি সহজতে সোমাই গৈছিল। সেয়েহে হ’বলা পাছলৈ সেই দায়িত্বটো ঘৰৰ ডাঙৰবোৰৰ পৰা আহি মোৰ হাতত পৰিল। মোৰ বাৰ্তাটো গোটত অহাৰ পাছতেই বান্ধৱী সুষমা আৰু মোৰ মাজত পোনপটীয়াকৈ এলানি বাৰ্তাৰ আদান প্ৰদান ঘটিল। তেওঁ ক’লে, “আমাৰ তেতিয়াৰ দিনবোৰ যে কিমান একে আছিল।” এইফালৰ পৰা মোৰ উত্তৰ, “সঁচাকৈয়ে দেই। প্ৰথমতে চিমনীটোৰ বহল ফালটো হাতৰ তলুৱাত হেঁচা দি আৰু আনটো ফালত মুখখন লগাই সা সা শব্দ কৰি ভাপ দি ভিতৰখন অলপ সেমেকা হোৱালৈ অপেক্ষা কৰা। তাৰ পাছত পুৰণি গামোচাৰ টুকুৰা এটা বা ফুটুকা ফুটুকী ছিদ্ৰৰে দেউতাৰ উৱঁলি যোৱা গেঞ্জীটোৰে চিমনীটোৰ ভিতৰত হাতখন সুমুৱাই দি সলনাসলনিকৈ এবাৰ হাতৰ মুঠিটো আৰু এবাৰ চিমনীটো লাহে লাহে ঘূৰাই থাকা। চিমনী পৰিষ্কাৰ হৈ গ’ল। ক’লা ম’লা পৰি যোৱা হাতৰ তলুৱা আৰু আঙুলিবোৰ চাবোনেৰে ধুই চাফ কৰাৰ পাছত আকৌ এবাৰ পানী ঢালি চাবোন টুকুৰা চাফ কৰা। কিযে মধুময় দিন আছিল সেইবোৰ। এইবোৰ শুনিলে আজি কালিৰ ল’ৰা ছোৱালীহঁতে হয়তো ক’ব, ‘তোমালোকে ইম্মান struggle কৰিছিলা? ‘ এইবোৰৰ সৈতে সিহঁত যিহেতু একেবাৰেই অভ্যস্ত নহয়, সেয়েহে শৈশৱৰ এই অভিজ্ঞতাবোৰেই যে আজিৰ আমিবোৰক গঢ় দিলে, তাক অনুধাৱন কৰাটো সিহঁতৰ পক্ষে সঁচাকৈয়ে কঠিন।” অলপ পৰৰ পাছত সুষমাৰ পৰা আকৌ মন্তব্য আহিল, “উমম্, মুখেৰে সা দিয়াটো পঢ়ি কিমান যে কি ভাল লাগিল। ভাঙিব বুলি যে কিমান সাৱধানেৰে আৰু আলফুলে কাঁচৰ চিমনীটো চাফা কৰিব লগা হয়। এৰা, আজি কালিৰ ল’ৰা-ছোৱালীয়ে এইবোৰ কি বুজিব? নম্বৰৰ পিছত দৌৰাৰ বাহিৰেচোন একোৱেই নাই কৰিবলৈ।”
অতনুৰ আলোকচিত্ৰখনে সূচনা কৰা স্মৃতিৰ অনুক্ৰমটোত উটি ভাঁহি এতিয়া উপলব্ধি কৰিছোঁ আমাৰ শৈশৱ আৰু কৈশোৰ কালটো যে কি অনুযোগহীন আৰু প্ৰাণৱন্ত আছিল! বৰ্তমানৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীবিলাকক দেখিলে এনে লাগে যেন তেওঁলোকৰ বাবে জীৱন কৌশল (life skill) মানে পৰীক্ষাবিলাকত নম্বৰ আহৰণৰ কিটিপহে। মাক দেউতাকবোৰেও জীৱন যুঁজত তিষ্ঠি থাকিবলৈ প্ৰয়োজনীয় সকলোবোৰ সমল অতি সহজলভ্য কৰি তুলি সন্তানলৈ এক ভুল সংকেতহে প্ৰেৰণ কৰি আছে। যাৰ ফলত সামান্য প্ৰতিকূল অৱস্থাৰ সন্মুখীন হ’লেই তেওঁলোক অতি সহজতে হতাশাগ্ৰস্ত হৈ পৰে। কোনোবাই হয়তো প্ৰশ্ন উত্থাপন কৰিব পাৰে, “লেমৰ চিমনী চাফ কৰাত নো কি জীৱন কৌশল জড়িত হৈ আছে?” মই তেওঁলোকক ওলোটাই প্ৰশ্ন কৰিম, “দায়িত্ববোধৰ শিক্ষা দিবলৈ এনে ক্ষুদ্ৰ ক্ষুদ্ৰ, অথচ দৈনন্দিন জীৱনৰ নিতান্ত প্ৰয়োজনীয় কামবোৰতকৈ উত্তম আৰু কিবা আহিলা থাকিব পাৰে জানো?”
আজি উন্নয়নৰ ধামখুমীয়াত আমাৰ শৈশৱৰ অবিচ্ছেদ্য অংগ কেৰাচিন লেম্পৰ লগতে সেই ‘সা’বোৰো ক’ৰবাত হেৰাই থাকিল। অৱশ্যে উন্নয়নে ঢুকি নোপোৱা এই মুলুকৰে কোনো কোনো ঠাইৰ ল’ৰা-ছোৱালীহঁতৰ লেমৰ পোহৰতেই পঢ়া-শুনা কৰাৰ বাহিৰে আন উপায় নাই। হয়তো সেইবোৰ ঘৰত আজিও ‘সা’বোৰে আহি মাজে মাজে ভূমুকিয়াই যায়হি। এই অভাজনে পিছে নিজৰ ভাগে সিহঁতক জীয়াই ৰখাৰ প্ৰচেষ্টাত কোনো ত্ৰুটি কৰা নাই। মই অনবৰতে পিন্ধি থকা চশমাযোৰৰ গ্লাছ দুখনেই তাৰ আটাইতকৈ ডাঙৰ সাক্ষী।