সুবাসিত স্মৃতি
লেখক- পাপৰি গোস্বামী
কিছুদিনৰ পৰা তেওঁ অস্থিৰ হৈ পৰিছে। উঠোঁতে – বহোঁতে, খাওঁতে – শোওঁতে সকলো সময়তে এক ধৰণৰ অস্থিৰতাই ঘেৰি ৰাখে তেওঁক। প্ৰায়েই তেওঁ চকুৰ সন্মুখত দেখা যিকোনো বস্তুৰ ওচৰলৈ যায় আৰু নাকটো লগাই তাৰ গোন্ধটো উজাই লয়। পিছ মুহূৰ্ততে মুখখন শেঁতা পৰে।হতাশ হয়।
নাই, তেওঁ বিচাৰি থকা গোন্ধটো নহয়।গোন্ধটোৰ বাবে আকুল হৈ পৰে। কিন্তু, গোন্ধটোৰ উহ বিচাৰি নাপায়। যিমানেই দিন গৈছে সিমানেই তেওঁৰ আকুলতা তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আহিছে। অতি চিনাকী অথচ বিচাৰি নোপোৱা গোন্ধ এটাই তেওঁক প্ৰতি মুহূৰ্ততে অস্থিৰ কৰি ৰাখিছে। ইমান চিনাকী যেন লগা গোন্ধটো তেওঁ কেনেকৈ পাহৰিব পাৰিলে ..। বহু পৰ চেষ্টা কৰে নিজৰ স্মৃতিক সক্ৰিয় কৰি তুলিবলৈ, কিহৰ আৰু ক’তনো পাইছিল তেওঁ এই গোন্ধটো..!
না, কোনোপধ্যেই তেওঁৰ মনত নপৰে। তেওঁৰ স্মৃতি কি বিস্মৃতিৰ গৰ্ভত লীন হৈ গৈছে নেকি.? উচপিচাই উঠে তেওঁ। বয়সটো হিচাপ কৰে।
দুটা সপ্তাহ আগৰ কথা। কথা নাই বতৰা নাই হঠাতে অলকেশ তেওঁৰ অফিচত আহি ওলালহি। তাকো দহ – পোন্ধৰ মিনিটৰ কাৰণে। ভূ – ভাৰস্তৰ কথা সেই কেই মিনিটতে শেষ কৰি ধুমুহাৰ দৰে অহাদি ধুমুহাৰ দৰেই গুচি গ’ল। পিছদিনাই হেনো দিল্লীলৈ ঘূৰি যাবগৈ। অলকেশ বৰ্তমান দিল্লীতে কৰ্মৰত। সময় পালেই গাওঁৰ ঘৰখনলৈ আহে। বিশাল চৌহদৰে প্ৰকাণ্ড ঘৰটোত এতিয়া মাক হে থাকে। কাষতে খুড়াকৰ পৰিয়ালটো। বহুত বুজনিৰ পিছতো মাকে হেনো গাওঁৰ ঘৰ নেৰে। এই সুযোগতে অলকেশে মাজে মাজে আহি মাকক চাই যায়হি। আচলতে দিল্লীত থাকিলেও তাৰ মনটো গাওঁখনতে থাকে। মাক গাওঁতে অকলে থকাটোত যদিওবা চিন্তা এটা থাকে, তথাপি গাঁওখনৰ লগত সংযোজিত হৈ থকাৰ একমাত্ৰ উপায় হিচাপে সি ভালেই পায় । সি থকা সময়খিনিত গাঁৱখনৰ কথাকেই বেছি পাতিলে । তেওঁ অৱশ্যে ধেমালি কৰি ক’বলৈ নাপাহৰিলে যে অলকেশ দেশৰ ৰাজধানীত থাকিও জকাইচুকীয়া হৈ থাকিবলৈকে বিচাৰে। তেওঁৰ কথাত মিচিকিয়া হাঁহি এটা মাৰি অলকেশ গ’লগৈ। অলপ পৰৰ বাবে হ’লেও অলকেশক পাই তেৱোঁ কিছু সতেজ হৈ পৰিল। সি যোৱাৰ বহুপৰ পিছতো কিবা এটা ভাল লগা আবেশে তেওঁক আবৰি থাকিল। এৰি থৈ অহা দিনবোৰে মনৰ কোণবোৰ ভৰাই তুলিলে। পিছে, অলকেশ যোৱাৰ পিছত কোঠাটোত তেওঁ এটা অকটা গোন্ধ পালে। প্ৰথম অৱস্থাত তেওঁ বিশেষ একো ভৱা নাছিল যদিও সন্ধিয়ালৈ তেওঁক সেই গোন্ধটোৱে আমনি কৰিবলৈ ধৰিলে। কিহৰ গোন্ধ ধৰিব নোৱাৰি ৰূম ফ্ৰেছনাৰ ছটিয়াবলৈ কৈ ঘৰলৈ আহিল।
একেই গোন্ধ..! ঘৰতো ! গোন্ধটো তেওঁৰ লগতে আহিল নেকি? গা ধুই গোটেই দেহত সুগন্ধি ছটিয়াওৱাৰ পিছতো গোন্ধটো যেন বতাহতে ওপঙি থাকিল। চাৰিওফালে ঘূৰি ফুৰিও সেই গোন্ধটোৰ উৎস উলিয়াব নোৱাৰিলে।
“… বিস্মৃতি..! তোমাৰ বিস্মৃতি হৈছে। চোৱা, বিস্মৃতি এক মানসিক অৱস্থা। বিস্মৃতি নহ’লে স্মৃতিৰ অস্তিত্ব নাই। মনোবিজ্ঞানীসকলৰ মতে, বিস্মৃতি হ’ল আশীৰ্বাদস্বৰূপ । ব্যক্তিৰ জীৱনত বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া। কাৰণ, আমি জীৱনটোত যিমান কথা পাহৰি পেলাওঁ, সিমানেই নতুন কথা শিকোঁ। অৰ্থাৎ, বিস্মৃতিয়ে স্মৃতিক সদায় উৎপাদনত সহায় কৰে। যদি অতীতত ঘটি যোৱা কোনো দূৰ্ঘটনাক আমি পাহৰিব নোৱাৰোঁ, তেনেহ’লে আমাৰ জীৱন দুৰ্বিসহঃ হৈ উঠাৰ সম্ভাৱনা থাকে । সেয়ে, কিছুমান অপ্ৰয়োজনীয় বা প্ৰয়োজনীয় কথা বা ঘটনা পাহৰি যোৱাটো ব্যক্তি জীৱনৰ সফলতাৰ কাৰণে জৰুৰী। গতিকে, তুমি পাহৰি যোৱা কথা এটা লৈ ইমান হতাশ হ’বৰ দৰকাৰ নাই। ” সিদিনা নৈশ ক্লাৱত ত্ৰিবায়ন বৰদলৈয়ে তেওঁৰ সমস্যাটোৰ কথা কওঁতে এইখিনি কথাই কৈছিল। বিস্মৃতি এক স্বাভাৱিক ঘটনা ঠিকেই। কিন্তু গোন্ধটো তেওঁৰ বাবে অপ্ৰয়োজনীয় কথা বা তেনে কোনো দূৰ্ঘটনা বুলিও মনে নধৰে। এয়া বিস্মৃতি নহয় ।
সৰুৰে পৰাই তেওঁৰ স্মৃতি শক্তি আছিল প্ৰখৰ। শ্ৰেণীত সদায় প্ৰথম হৈ ৰোৱা তেওঁৰ পূৰণ নেওতা, আৰ্যা আদি বৰ্তমানেও জিভাৰ আগতেই। ইতিহাসৰ চন – তাৰিখ, এলজেব্ৰা কেতিয়াও নাপাহৰে। পানিপথৰ তিনিওখন যুদ্ধৰ পৰা ৰাছিয়া – আমেৰিকাৰ শীতল যুদ্ধলৈকে কোনো এটা ঘটনাই তাৰিখ ভুল নোহোৱাকৈ তেওঁ সলসলীয়াকৈ কৈ দিব পাৰে।
সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল তেওঁ। বছৰেকীয়া খেল ধেমালি চলি আছিল স্কুলত। এটাও প্ৰাইজ আনিব নোৱাৰাৰ বিপৰীতে অলকেশে বিভিন্ন প্ৰতিযোগিতাত নটা পুৰস্কাৰ পাই থৈছে। পেটে পেটে ঈৰ্ষা ভাৱ এটা সোমাইছিল তেওঁৰ মনত। শেষৰ দিনা গণিত শিক্ষক ৰাজেন চাৰে এটা অদ্ভুত খেল আয়োজন কৰিলে । আগেয়ে কোনোদিনে নেদেখা খেল। এখন কাপোৰৰ ওপৰত চ’ক, ডাষ্টাৰ কলম, বহী কিতাপ, পাত ফুলকে ধৰি অসংখ্য সৰু সৰু বস্তু আছিল। মাত্ৰ এক মিনিটৰ বাবে চাবলৈ দি কাপোৰ খন ঢাকি পেলালে। কোনে কিমান বস্তুৰ নাম মনত ৰাখিলে তাক শুদ্ধকৈ কাগজত লিখি দিব লাগে । স্মৃতিশক্তিৰ সেই খেলখনত তেওঁ প্ৰতিটো বস্তুৰ নাম লিখি প্ৰথম হৈ পুৰস্কাৰ লোৱাৰ সময়ত বুকুখন গৰ্বত উথলি উঠিছল। মুকলি সভাত ৰাজেন চাৰে সকলোৰে সন্মুখত তেওঁক কৰা প্ৰশংসাত কোমল মুখখন লাজত ৰঙা পৰিছিল। তাৰ পিছৰে পৰা প্ৰতিটো পৰীক্ষাতে তেওঁৰ স্মৃতি শক্তিক সকলোৱে শলাগি আহিছে। প্ৰতিটো পৰীক্ষাতে সুনাম কঢ়িয়াই এতিয়া তেওঁ বিভাগীয় মুৰব্বী পদত।
দেউতাকে পেলাই দিয়া আধা জ্বলা চিগাৰেটৰ টুকুৰাটো মুখত লৈ হুপাৰ সময়ত পোৱা গোন্ধ, কাৰোবাৰ ঘৰত চিৰা খুন্দিবলৈ ভজা ধানৰ মলমলীয়া গোন্ধ, উৰ্মিয়ে তাই নিজেএম্ব্ৰইডেৰী কৰা ৰুমালখনৰ মাজতে থৈ দিয়া বকুল ফুলকেইপাহৰ সুবাস, আইতাকৰ তামোল ভৰ্তি মুখখনেৰে চুমাটো খোৱাৰ পৰত পোৱা গোন্ধ, মাকৰ আঁচলখনৰ গোন্ধ আৰু বহুত তেওঁৰ ভাল লগা গোন্ধ জীৱনৰ পৰা হেৰাই গৈছে। কেতিয়াবা বৰকৈ হেঁপাহ জাগে সেই গোন্ধবোৰ উজাই ল’বলৈ। পিছে, এইবোৰ গোন্ধে তেওঁক কেতিয়াও ব্যতিব্যস্ত কৰি তোলা নাই। যোৱা পোন্ধৰ দিনে তেওঁক যিটো গোন্ধে বিহ্বল কৰি ৰাখিছে, সেই গোন্ধটো তেওঁৰ ভাল লগা এই গোন্ধবোৰত নাই। পিছে, গোন্ধটো তেওঁৰ অতি চিনাকী। অনুভৱ হৈছে যেন এই গোন্ধটোতে তেওঁৰ সমগ্ৰ অস্তিত্ব নিহিত হৈ আছে। জীৱনৰ অস্তিত্বই যদি তেওঁ বিচাৰি নাপায়, তেন্তে এই ঐশ্বৰ্য্যশালী জীৱনৰ সাৰ্থকতা ক’ত? অসাৰ্থক তেওঁৰ জীৱনৰ মাধুৰ্য্য।
প্ৰথমবাৰ পূৰৱীক ল’গ পাওঁতে তিতি থকা দীঘল চুলিটাৰিৰ গোন্ধটো তেওঁৰ আজিও চিনি পায়। বিয়াৰ পিছত প্ৰতিদিন পূৰৱীয়ে গা ধুই অহাৰ লগে লগে গোন্ধটো তেওঁ দুচকু মুদি বুকুলৈকে উজাই লৈছিল । ৰিমলিৰ জন্মৰ পিছত প্ৰথমবাৰ দুহাতত তুলি লওঁতে নৱজাতকৰ গোন্ধটো নাকত লাগিছিল । আস, কি যে মধুময় সুবাস আছিল সেয়া। শয্যাশায়ী শহুৰেকৰ কোঠাত গ’লে পোৱা ঔষধ, ডেটল, ধূপৰ মিশ্ৰিত অদ্ভুত গোন্ধটোত বহুবাৰ তেওঁ বাথৰুমলৈ গৈ বতিয়াইছিল। পূৰৱীয়ে গম পালে বেয়া হ’ব বুলি পানীৰ নলটো জোৰেৰে খুলি দিছিল। আটাইবোৰ গোন্ধেই তেওঁৰ স্মৃতিত ৰৈ গৈছে। তেনেস্থলত এই গোন্ধটো ক’ত ৰৈ গ’ল। যিমানেই মনত পেলাবলৈ চেষ্টা কৰিছে, সিমানেই পৰিচিত বিভিন্ন কথাই আমনি কৰিছে।
আকালো নোহোৱা, ভঁৰালো নোহোৱা ঘৰখনত মাকে বৰ যত্নেৰে ৰন্ধা প্ৰতিবিধ আঞ্জাই তেওঁৰ প্ৰিয় আছিল। বাৰীৰ চুকৰ পৰা গোটাই অনা অতি কম পাচলিৰেও মাকৰ হাতত অতি সুস্বাদু ব্যঞ্জন তৈয়াৰ হৈছিল। জাৰৰ দিনবোৰত কেতিয়াবা মাকে ৰন্ধা বঢ়া কৰাৰ সময়ত তেওঁ কিতাপখন লৈ চৌকাৰ কাষতে বহিছিল। ৰন্ধাৰ মাজে মাজে মাকে তেওঁক পঢ়ি থকা বিষয়ৰ ওপৰত প্ৰশ্ন সুধি, মুখে মুখে পৰীক্ষা লৈছিল। পাঁচফোৰণ খিনি হাতেৰে মোহাৰি গৰম কেৰাহী খনত শুকান জলকীয়া দুটাৰে সৈতে অলপ পৰ ভাজি ডাইল খিনি ঢালি দিয়াৰ লগে লগে যিটো গোন্ধে গোটেই ঘৰটো মলমলাই উঠিছিল, সেইটো গোন্ধ তেওঁৰ নাকত ৰৈ আছে। এতিয়াও ক’ৰবাৰ পৰা ফোৰণ দিয়া ডাইল ফুৰফুৰীয়া গোন্ধ ভাঁহি আহিলে সেই ক্ষণটোলৈ উভতি চায়। দেউতাকৰ ঢুকোৱাৰ কেইবছৰমান পাছতে তেওঁ মাকক লৈ অহাৰ পিছৰে পৰা গাওঁখনৰ লগতো তেওঁৰ সম্পৰ্কৰ ইতি পৰে। উৰ্মিয়ে বহুদিনলৈ ৰৈ আছিল বুলি জানিও তেওঁ সহকৰ্মী পূৰৱীক হে বিয়াৰ প্ৰস্তাৱ দিছিল। উৰ্মিৰ কথা মনত পৰিলে এতিয়াও বকুল ফুলৰ গোন্ধটোৱে তেওঁক শিঁহৰিত কৰি তোলে।
গোন্ধটো তেওঁৰ চাৰিওফালে ঘূৰি ফুৰে। গা ধোৱা পৰত বাথৰুমটোত, আগফালৰ বাৰান্দাত, পাকঘৰত, গাড়ীৰ ভিতৰত, শোৱা কোঠাত, মুঠতে সকলো সময়তে তেওঁক ঘেৰি ৰাখে। বিচনাত পূৰৱীক হাতেৰে টানি নিজৰ ওচৰলৈ টানি বুকুত মুখখন গুজি দিলেও পূৰৱীৰ ঘৰ্মাক্ত অন্তৰ্বাসতো সেই গোন্ধটোকে অনুভৱ কৰে। কি হৈছে তেওঁৰ..! দিনে দিনে টোপনি কমি আহিছে। চুগাৰৰ লেভেল বাঢ়ি গৈ আছে। পূৰৱীক কওঁ কওঁ বুলিও ক’ব পৰা নাই। দিনটো অফিচ, ঘৰ চম্ভালি বেচেৰীয়ে তত্ নাপায়। তাৰ মাজতে এইবোৰ কথা ক’লে কি বা ভাৱি লয় তেওঁক ! মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ যাব নেকি.! নে অলকেশকে এবাৰ সোধা যাওঁক..! অলকেশেই বা আকৌ কি ভাৱি লয় । মুঠৰ ওপৰত তেওঁ সমাধান হিচাপে একো এটা বিচাৰি নোপোৱা হৈছে।
আকাশখনে কজলা ৰূপ লৈছে। গধুলিৰে পৰা গোমা । হয়তো ধুমুহা গাজনিৰে বৰষুণ আহিব। বছৰৰ প্ৰথম জাক বৰষুণ। তেওঁৰ অন্তৰখনো এতিয়া আকাশখনৰ দৰেই কজলা। উন্মাদ হৈছে নেকি তেওঁ..! নিজকে সুধিলে। পূৰৱী শুই আছে। কিমান নিশ্চিন্ত মনেৰে শুই আছে। যদি সঁচাকৈয়ে তেওঁ মানসিক ৰোগী হৈ পৰে, পূৰৱীৰ চকুত এই শান্তিৰ নিদ্ৰা থাকিবনে..! ধৰফৰাই উঠিল। লাহে লাহে বেলকনিলৈ ওলাই আহিল। বতাহৰ বেগ বাঢ়িছে। নাকত চিনাকি গোন্ধ এটা লাগিল। বকুলৰ গোন্ধ। বতাহজাকে ক’ৰ পৰা জানো তেওঁৰ ওচৰলৈকে লৈ আহিছে..!
“.. ভুলে যাওয়া গন্ধেৰ মতো
কখনও তোমাকে মনে পড়ে
হাওয়াৰ ঝলকে কখনও আসে
কৃষ্ণচুড়াৰ উদ্ধত আভাস
আৰ মেঘেৰ কঠিন ৰেখায়
আকাশেৰ দীৰ্ঘশ্বাস লাগে
হলুদ ৰঙেৰ চাঁদ ৰক্তে ম্লান হ’লো
তাই আজ পৃথিৱীতে স্তব্ধতা এলো
বৃষ্টিৰ আগে শব্দহীন গাছে
যে কোমল সবুজ স্তব্ধতা আসে.. “
আস, কিমান দিন পাছত তেওঁ প্ৰিয় কবিতাটি মনত পৰিল। সমৰ সেনৰ কবিতাৰ অনুৰাগী আছিল এটা সময়ত। উৰ্মিলৈকে লিখা প্ৰথম চিঠিখনত তেওঁ মাত্ৰ এই কবিতাটো লিখিছিল। উৰ্মিয়ে বুজিছিল তেওঁৰ কোমল অনুভৱখিনি। উৰ্মিয়ে বুজি পাইছিল তেওঁক, তেওঁৰ মনটোক। কিন্তু, তেওঁ হে… । যিয়েই নহওঁক, তেওঁৰ স্মৃতি দূৰ্বল হোৱা নাই। সকলো মনত আছে। অথচ এটা গোন্ধই তেওঁৰ স্মৃতিশক্তিৰ নিশ্চয়তাৰ ওপৰত প্ৰশ্ন তুলিছে।
চিনিয়ৰ চাইক’লজিষ্ট এগৰাকীৰ ওচৰত এপইন্টমেন্ট এটা লৈ তেওঁ অফিচলৈ আহিল। নিজৰ কোঠালৈ সোমাবলৈ লৈ পুনৰ একেটা গোন্ধেই তেওঁৰ নাকত লাগিল। অলপ তীব্ৰভাৱেই। যেন একেবাৰে কাষতে আছে গোন্ধটোৰ উৎস। চাৰিওকাষে ঘূৰিলে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। অফিচ পিয়ন হৰেন বৰ্মনে লৰালৰিকৈ হাতত কেইটামান ফাইল লৈ তেওঁৰ পিছে পিছে আহিল। তেওঁ অনুভৱ কৰিলে যেন গোন্ধটোৱে তেওঁক আবৰি ধৰিছে। অস্থিৰ হৈ পৰিল তেওঁ। চাৰিওফালে গোন্ধটোৰ উৎসৰ সন্ধানত তেওঁৰ নাসিকাতন্ত্ৰ সক্ৰিয় হৈ উঠিল। চকী, মেজ, কৰ্মচাৰীসকলৰ বেগ, ফাইলবোৰ একোৱেই বাদ নপৰিল। আশ্বৰ্য্যত ৰৈ গ’ল ভালে কেইযোৰ চকু। মূহুৰ্ততে কি হৈ গ’ল কোনেও যে তলকিবই নোৱাৰিলে। এটা সময়ত তেওঁ ৰৈ গ’ল। হৰেন বৰ্মনৰ ক্ষয় যোৱা ছেণ্ডেলযোৰত লাগি থকা কেঁচা মাটিখিনিৰ গোন্ধ তেওঁ উশাহত টানি ল’লে। চকু দুটা মুদ খাই আহিল। প্ৰশান্তিত.. ।
এক গভীৰ প্ৰশান্তিত। এইবাৰ তেওঁৰ স্মৃতিয়ে নিৰাশ নকৰিলে। পথাৰৰ কেঁচা মাটিত দৌৰি ফুৰা, ভূঁই ৰোৱা, বোকাৰ মাজত কেঁকোৰা বিচৰা , সোণালী হৈ পৰা ধাননিৰ মাজত উৰ্মিৰ সান্নিধ্য, সকলোবোৰ কথাই তেওঁৰ স্মৃতিক ভৰপক কৰি তুলিলে । হেৰোৱা দিনবোৰৰ সুবাসে তেওঁৰ মন চঞ্চল কৰি তুলিলে। আস, এয়াইতো জীৱনৰ সুগন্ধি। কেইটামান মুহূৰ্তৰ অন্তৰালতে তেওঁ নিজকে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ বুলি অনুভৱ হ’ল। স্মৃতিবোৰ ভগাই ল’বলৈ বৰ মন গ’ল। দুদিনৰ বাবে ছুটী ল’ব তেওঁ।সুগন্ধি লাগে তেওঁক। জীৱনৰ প্ৰকৃত সুগন্ধি।
মোবাইল ফোনটো হাতত ল’লে। স্ক্ৰীণখনত অলকেশৰ নামটো ভাঁহি আহিল।