সূত্ৰধাৰ
লেখক -গীতালি শৰ্মা
কাঠৰ ডাঙৰ বাকচটোৰ পৰা মৰাশৰ দৰে পৰি থকা নাঙঠ পুতলাবোৰ বাহিৰলৈ উলিয়াই আনিলে অৱনীয়ে আৰু ভৱমোহনৰ সন্মুখত মেলি ধৰিলে।
লাগক, মানুহটো মনে বিচৰা কামটোতে লাগক। জী
উঠক।
এয়া ভৱমোহনৰ সন্মুখত মহাভাৰত, ৰামায়ণ, পুৰাণ আৰু লোককথাৰ পৰা উঠি অহা প্ৰাণহীন শৰীৰৰ এটা যেন মিছিল! ভৱমোহনৰ মুখলৈ আশাৰে বাট চাই ৰৈ থাকিল সিহঁত। ভৱমোহনো ৰৈ থাকিল, স্থানুৰ দৰে। অৱনীয়ে আথে-বেথে বেউলাৰ পুতলাটো হাতত তুলি দি ভাৱিলে-পুতলাক জীয়ন দিয়া মানুহজনৰ শৰীৰত বাৰু আৰু কিমান জীৱন বাকী!
প্ৰায় দুফুট আঢ়ৈ ফুট জোখত কাটি লোৱা কুঁহিলাৰ ঠাৰিবোৰত গোবৰ মাটি লেপি শুকুৱাই থোৱাই আছিল। অৱনীয়ে সদায় কৰাৰ দৰে ৰং উৰি যোৱা যেন দেখি ওপৰে ওপৰে আৰু অকণ হেঙুল-হাইতাল বোলাই সাজু কৰি থৈছে। হওঁতে পিছৰ কামখিনিও অৱনীয়েই কৰিব পাৰে। কিন্তু পুতলাবোৰৰ শৰীৰত সিহঁতৰ আপোন পোছাকবোৰ পিন্ধাই, আ-অলংকাৰেৰে সজাই পৰাই দি ভৱমোহনে যি অনাবিল আনন্দ লাভ কৰে, সেয়া আজি বিশটা বছৰে অৱনীয়ে দেখি আহিছে। পুতলাবোৰ হাতেৰে স্পৰ্শ কৰি, সিহঁতৰ সৈতে কথা পাতি, হাঁহি, কান্দি, সিহঁতৰ জগতখনৰ সৈতে একাত্ম হৈ পৰা ভৱমোহনক বাধা দিবলৈ অৱনীৰ সত নাযায়। নিজৰ ঘৰ-সংসাৰ সকলো পাহৰি পুতলা ঘৰটোতে কেতিয়াবা দিনটো পাৰ কৰি দিয়া ভৱমোহনৰ বাবে সেইবোৰ নিৰ্জীৱ পুতলা নহয়। তেজ মঙহৰ আত্মা থকা শৰীৰ।
“জানানা অৱনী, এইগ্লা কাঠোৰ টুক্ৰা নহে এ।
আহুন মৰম বুজে। আহাৰো ঠেহ লাগে, শোক লাগে, আদৰ বিছ্ৰে। আহাক কিত্তেও নেৰ্বি দে।”
ৰং-বিৰঙৰ কাপোৰেৰে মেৰিয়াই ৰখা অৱয়ববোৰক বুকুত সাবটি ভৱমোহনে প্ৰায়েই কোৱা কথাষাৰ কাণত বাজি থাকে অৱনীৰ। হয়, সিও অমোঘ বাণীৰ দৰেই আখৰে আখৰে সেই কথা মানি আহিছে। ভৱমোহনৰ সান্নিধ্যলৈ অহাৰ দিন ধৰি পুতলাবোৰেই তাৰ বাবে সংসাৰ হৈ পৰিছে। ভৱমোহন আৰু এই পুতলাবোৰৰ বাদে তাৰ আছেই বা কোন? পৰিয়ালৰ ওজৰ-আপত্তি, ৰুগীয়া শৰীৰৰ বাধা নিষেধকো নেওচি পুতলা তৈয়াৰ কৰা, পুতলা নচুওৱা কামতেই জীৱনটো দান কৰি দিয়া ভৱমোহনৰ পৰাই অৱনীয়ে জীয়াই থকাৰ প্ৰেৰণা পাইছে। তাৰ অঘৰী জীৱনটোৱে এটা ঠিকনাত থিত লাগিছে।
কিন্তু সেই ভৱমোহন আজি যেন নিস্পৃহ!
অৱনীয়ে কেতিয়াবাই সন্মুখত মেলি ধৰা নাঙঠ পুতলাবোৰ আৰু সিহঁতৰ পোছাক পৰিচ্ছদবোৰলৈ
মৰা মাছৰ দৰে থৰ দুটা চকুৰে মাথোঁ চাই ৰৈছে।
ৰং-বিৰঙৰ পোছাকবোৰ পিন্ধাবলৈ লৈও ভৱমোহন ৰৈ আছে।
নাটকলৈ আৰু বেছিদিন নাই। প্ৰতিবছৰৰ দৰে অহা ফাল্গুনী পূৰ্ণিমাত পুতলা নাচৰ প্ৰদৰ্শনী হ’ব। জোৰকাটাৰ অন্যতম পুতলা নাচৰ আয়োজন কৰ্তা ভৱমোহন ডেকাই যোৱা ত্ৰিশ বছৰে নিজ বাসগৃহতে পুতলা গৃহ সাজি পুতলা নাচ প্ৰদৰ্শন কৰি আহিছে। দহজনৰো অধিক মানুহ তেওঁৰ এই যাত্ৰাপথৰ সহযোগী হৈছে। বছৰেকীয়া এই অনুষ্ঠানলৈ দাঁতিকাষৰীয়া মাখীবাহা, গন্ধীয়া, সনাকুছি, মঠুৰাপুৰ, আজাৰা আদি বিভিন্ন ঠাইৰ জনপ্ৰিয় পুতলা নাচৰ দলবোৰ আহে। তিনিদিনীয়া এই অনুষ্ঠান একপ্ৰকাৰ অলিখিত প্ৰতিযোগিতাৰ দৰেই হৈ পৰে। আৰু এই অলিখিত প্ৰতিযোগিতাৰ অঘোষিত বিজেতাৰ মুকুট পৰিধান কৰে প্ৰতিবাৰেই ভৱমোহনৰ পুতলা গৃহই। এয়াতো কম সন্মান নহয়! পুতলাই তেওঁক ঢেৰ মৰম দিছে। সন্মান কঢ়িয়াইছে তেওঁলৈ। ইহঁতক জানো পাহৰা যায়। সন্তানক জানো পাহৰা যায়? ত্যাগ কৰা যায় কেতিয়াবা?
সন্মুখত অজস্ৰ কাম। পুতলাৰ শৰীৰত মূৰ-হাতৰ জোৰাবোৰ পৰীক্ষা কৰা, অলংকাৰ পিন্ধোৱা। বাৰে বাৰে পাহৰি গৈছে তেওঁ। ভুল কৰি পেলাইছে ইটোৰ পিছত সিটো। পয়ষষ্ঠি বছৰ বয়সীয়া একালৰ নিপুন শিল্পীজন যেন আজি ক’ৰবাত হেৰাবলৈ আৰম্ভ কৰিছে। আখৰা আৰম্ভ কৰিবলৈ ৰজত, মনোহৰ, ভুধৰহঁতে সদায় জোৰ দি ধৰিছে। নাই। আনদিনাৰ দৰে ভৱমোহন ঢপলিয়াই ফুৰা নাই। তাল, খোল, বাঁহী সুগৰ কৰি ৰাখিবলৈ মনোহৰক চিঞৰ-বাখৰ কৰা নাই। কনপিতৌক নল, খাগৰীৰ পেঁপা সংগ্ৰহ কৰি ৰাখিবলৈ বাৰে বাৰে মনত পেলাই দিয়া নাই। কাহিনী, গান-সংলাপ এইবোৰৰ দায়িত্ব সদায় ৰজত, ভবেনহঁতেই লয়। ভৱমোহনে এবাৰ চকু ফুৰাই হ’ব বুলি কৈ দিলেই সিহঁতৰ ভাষাত বিধানসভাত বিল পাছ হৈ যায়। কিন্তু এইবাৰ যেন ক’ৰবাত কেনা লাগিল। কথাটো সিহঁতেও বাৰুকৈ বুজিছে। পুতলা নাচৰ আয়োজন বুলিয়েই বতাহৰ দৰে ঘুৰ্মুটিয়াই ফুৰা নাটকৰ আঁৰৰ মানুহজন বিকলাংগৰ দৰে বাৰাণ্ডাৰ এচুকত বহি ৰৈছে ঘণ্টাৰ পিছত ঘণ্টা।
অৱস! মৌন! বিষণ্ণ!
“সেইকেটা পুত্লা নহে। মোৰ সত্নী হৈছি।”-ঘৈণীয়েকৰ আজীৱন তিৰস্কাৰবোৰ কাণত বাজিবলৈ ধৰে তেওঁৰ।
তেওঁক লৈ সদায় অসুখী মানুহজনীৰ বাবে দেখোন প্ৰত্যেকটো কৰ্তব্য সময়মতেই কৰিছিল তেওঁ। তথাপি মানুহজনীৰ মুখত তেওঁৰ প্ৰতি এষাৰ মিঠা মাত, এটা মিঠা হাঁহি দেখা নাপালে ভৱমোহনে। স্বামী আৰু পত্নীৰ সম্বন্ধ মানে কি কেৱল ৰাতিৰ বিছনাৰ শৰীৰী খেল?
নাই নাই। অনুভূতিহীন এই সম্পৰ্ক শিলৰ। বৰফৰ।
ভৱমোহনৰ সন্মুখত আকৌ এবাৰ জী উঠে তেজীমলাৰ দুষ্ট মাহীমাক। হাত, ভৰি, মূৰ পিষ্ট
কৰি বাৰে বাৰে দলিয়াই পেলোৱা তেজীমলাৰ কলিজাটোৱে ভৱমোহনৰ বুকুত ধৰফৰণি তোলে।
সৌসিদিনা দপদপকৈ জ্বলি উঠা কাঠৰ বাকচটোৰ পুতলাবোৰৰ দৰে ধৰফৰাই উঠে ভৱমোহনৰ শৰীৰ।
কি ঘটিছিল সিদিনা!
ৰোমন্থন কৰিবলৈ নিবিচৰা দুঃস্বপ্নটোৱে বাৰে বাৰে খেদি আহে ভৱমোহনক।
ঘৰখনৰ মানুহ বুলিবলৈ মাথোঁ চাৰিটা। ভৱমোহনৰ
পত্নী আৰু দুইপুত্ৰ। পত্নীৰ পৰা তেওঁ কোনোদিনেই সহযোগিতা নাপালে। কিন্তু উচ্চশিক্ষাৰে শিক্ষিত পুত্ৰদ্বয়ৰ ব্যৱহাৰো তেওঁৰ প্ৰতি যে ইমান নিৰ্মম হ’ব পাৰে সেয়া তেওঁৰ সপোনৰো অগোচৰ আছিল। সৰু হৈ থাকোঁতে যিবোৰ পুতলা সিহঁতৰ খেলৰ লগৰী আছিল, দিনটোৰ বেছিভাগ সময় পাৰ হৈছিল যাৰ সৈতে, কোনসতে বাৰু সিহঁতক একে আজোৰে টানি আনি জুইত সঁপি দিব পাৰিলে!
ভৱমোহনে লক্ষ্য কৰিছিল কিছুবছৰ ধৰি ল’ৰাহঁতে
বাৰে বাৰে তেওক পুতলা নাচৰ নিচা ত্যাগ কৰিবলৈ তাগিদা আৰম্ভ কৰিছিল। ল’ৰাহঁতৰ মতে সেইবোৰ আজিকালি নচলে। আউটডেটেদ। নিম্ন শ্ৰেণীৰ মানুহেহে সেইবোৰ কৰে। তাতকৈ পুতলা গৃহ ভাঙি সেইখিনি মাটিত সিহঁতে এখন বাৰ খুলিব। সিহঁতৰ ষ্টেণ্ডাৰ্ডৰ সৈতে ৰজিতা থকা বিজনেছ। চহৰৰ ভাল ঘৰৰ মানুহবোৰৰ সৈতে উঠা-বহা হ’ব। টকাও আহিব। লাইচেঞ্চৰ কাম মোটামুটি হৈ গৈছে। এতিয়া মাত্ৰ দেউতাকৰ সন্মতি আৰু মাটিখিনি হ’লেই হ’ল।
সিহঁতৰ কথা শুনি সৰগ পৰা মানুহৰ দৰে হৈছিল ভৱমোহন।
“মুঠেও নহবো। মই জীয়ে থাকাক্ লেগি নহবো বাছাহাঁত।”-উচাত মাৰি আঁতৰি আহিছিল ভৱমোহন।
কিন্তু কিমান দিনলৈ? অকলশৰীয়া ভৱমোহনৰ পক্ষে ধুমুহাৰ সন্মুখত থিৰে থকাটো অসম্ভৱ হৈ উঠিল। আৰু এদিন তেওঁৰ চকুৰ সন্মুখতে, তেওঁৰ বুকুৰ মাজৰ পৰা উফৰি গৈ কুঁহিলাৰ শৰীৰবোৰ এটা এটাকৈ জুইৰ মাজত অদৃশ্য হৈ গ’ল। পুতলা গৃহৰ ফলকৰ ঠাইত আন এখন ফলক লাগিল। আধুনিকতাৰ ফলক!
“থুঃ—! কুলাংগাৰ!” সশব্দে থুৱাই দিলে ভৱমোহনে। “দে কাকা। কিমান আৰু ভাৱি থাকা সেইগ্লা। পাহ্ৰি যা। এক্লা নহে দে তই। আমি মৰা নাই ইত্তেও!”–অৱনীৰ মাতত সম্বিত ঘূৰি আহিল ভৱমোহনৰ।
হয় হয়। তেওঁ অকলে নহয়। সকলো আছে তেওঁৰ সৈতে। সমাজ, গাওঁ সকলো। আৰু এই জ্বলি ভস্ম হোৱা পুতলাবোৰ, মৰি মৰি জী উঠা তেজীমলাৰ দৰে পুনৰ জী উঠিছে সিহঁত। অৱনী, ৰজত, ভবেনহঁতে কেৱল তেওঁৰ বাবেই বৰ কষ্ট কৰি সকলোবোৰ পুনৰ সাজি উলিয়াইছে।
পুতলাবোৰ জী উঠিছে।
সেয়া যমৰ নগৰৰ পৰা এটি এটিকৈ উভতিছে সাবিত্ৰীৰ সত্যবান, দময়ন্তীৰ নল, বেউলাৰ লখিন্দৰ। সেয়া সদাগৰ দেউতাকৰ হাতৰ পৰশত তেজীমলাই আকৌ হাঁহিছে। হাঁহিটো ক্ৰমাৎ
ভৱমোহনৰ ওঁঠলৈ বিয়পি পৰিছে।
দুঃস্বপ্নটো সমূলি পাহৰি পেলালে তেওঁ আৰু এটি শিশুৰ চঞ্চলতাৰে কাম আৰম্ভ কৰিলে।
অবনী আশ্বস্ত হ’ল।
এইবাৰ নাচৰ বাবে মনসা পুৰাণৰ বেউলা লখিন্দৰৰ আখ্যানভাগ লোৱা হৈছে। পুতলা গৃহ যিহেতু আৰু নাই, নাচ দেখুৱাবলৈ এইবাৰ অবনীহঁতে আলোচনা কৰি ৰাজহুৱা নামঘৰটো বাছি লৈছে। এইখন নাটকত আগতেও দুঘণ্টা সময় ধৰি মানুহেৰে গিজগিজাই থাকে। ভৱমোহনৰ মৰি যোৱা মনটোক উৎসাহ দিবলৈকে সেয়ে এইবাৰ অৱনী, ৰজতহঁতে তেওঁৰ প্ৰিয় নাটখনি সাজু কৰি তুলিছে।
ফাল্গুনী পূৰ্ণিমাৰ মোহলগা সন্ধিয়া! নামঘৰৰ বাকৰিৰ অস্থায়ী ছয়ফুটীয়া দীঘল মঞ্চৰ সন্মুখত মানুহৰ ভিৰ লাগিছে। ভৱমোহনৰ হাতৰ পুতলা নাচ! য’ত পুতলা আৰু পুতলা হৈ থকা নাই।
মঞ্চত সেয়া জীৱন্ত মানুহ আৰু দেৱতাৰ মানসিক যুঁজ। চান্দ সদাগৰৰ আকোঁৰগোজালি, দেৱী মনসাৰ তৰ্জন-গৰ্জন। পূজা নাপালেই হত্যা কৰিব সদাগৰৰ একমাত্ৰ জীৱিত পুত্ৰক। গতিকেই নিছিদ্ৰ মেৰঘৰত আবদ্ধ হৈ ৰ’ল লখিন্দৰ।
সূত্ৰধাৰ ভৱমোহনৰ আঙুলিৰ ঠাৰত ব্যকুল হৈ পৰিছে লখিন্দৰ, পত্নী বেউলা। দেৱতাৰ কোপত স্বামীৰ অপমৃত্যু আসন্ন!
ছফুটীয়া মঞ্চৰ সন্মুখত বহি থকা মানুহবোৰৰ চকু বহল হৈ পৰিছে। লখিন্দৰৰ বাবে শংকিত হৈ পৰিছে। বেউলাৰ দুখত চকুলোৰে বাট নেদেখা হৈছে। এই শংকা, এই দুখ, এই চকুৰ পানী এইবোৰেই ভৱমোহনৰ পুৰস্কাৰ। আৰু একো কাম্য নাই, লিপ্সা নাই। আপোনপাহৰা হৈ আঙুলিৰে ক’লা সূতাবোৰ পাক দি গৈছে ভৱমোহনে। পয়ষষ্ঠি বছৰীয়া মানুহজন এতিয়া যেন পঁচিশ বছৰীয়া তৰুণ।
চকুত ন সপোনৰ চিক্মিকনি।
“মৰবা নেদু তুহাক। এন্কেই জী থাক্বি সদায়।”
পুতলা বলিয়া মানুহটোৱে তেতিয়াও অনুভৱেই কৰা নাছিল। তেওঁৰ মঞ্চৰ সন্মুখভাগ ইতিমধ্যে খালী হৈ পৰিছে। তেতিয়াও বহি থকা দুই এজনে চিঞৰি উঠিল—
“দে ভৱ, শেষ কৰ্ সনকালে। তোৰ ডাঙাৰ পুতে বোলে কিবা ভি চি ডি দেখইছি এ। বিনা পইচাৰ। মানুহ গিলা চৱ তাকে লাগি দাউৰছি। তই চাবা নাযাহ্?”
নামঘৰৰ গাতে লাগি থকা এল.পি. স্কুলখনৰ পৰা ভাহি অহা উচ্চস্বৰৰ হিন্দী গানৰ শব্দই সম্বিত ঘূৰাই আনিলে ভৱমোহনৰ।
ইতিমধ্যে বিষধৰ তক্ষকৰ দংশনত ঢলি পৰিছিল সতী বেউলাৰ স্বামী লখিন্দৰ। ক’লা সূতাৰ পাকবোৰ আঙুলিতে সামৰি অৱনীৰ কান্ধত ঢলি পৰিল ভৱমোহন!
এবুকু পানীলৈ নামি গৈ অৱনীয়ে ডাঙৰ কাঠৰ বাকচটো পাগলাদিয়াৰ পানীত এৰি দিলে। সেয়া, তাৰ পৰা ক্ৰমাৎ দূৰলৈ গৈ থকা সেইটো যেন এটা বাকচ নহয়! এখন কলৰ ভেল! ভেলত উটি গৈ আছে ভৱমোহনৰ শ! বিষধৰ তক্ষকৰ দংশনত নীলা হৈ পৰা শৰীৰেৰে, যেন সেয়া গৈ আছে লখিন্দৰ!
“যা–গুছি যা—। এদিন জী উঠ্বি! উশাহ ল’বি। যিটো ঘাটত লাগ্বি, তাতে আছে বেউলা।”
অৱনীৰ মাতটো কঁপি উঠিল। বুকুখনো।
পাগলাদিয়াৰ পানীত সৰি পৰিল নেকি দুটোপাল চকুলো! অৱনীয়ে গম নাপালে। পাগলাদিয়াইও গম নাপালে।