সূৰ্য হেনো নামি আহে এই নদীয়েদি

লেখক- -মুনমী বৰুৱা

দুবছৰীয়া কণমানিটোৱে মাকৰ পিয়াহটো চুহিছে। তাৰ কণমানি বাওঁ ভৰিটোৰে মাকৰ সোঁবাহুত খুটিয়াই কণমানি শৰীৰটো তৰংগায়িত কৰি তুলিছে। একোবাৰত মাকৰ পাতল স্কাৰ্ফখনৰ ওপৰলৈ মুখখন উলিয়াই সি মাকলৈ চায়। মাকে মূৰটো জোকাৰি সঁহাৰি দিয়ে। ফেলককৈ হাঁহি এটা মাৰি সি আকৌ স্কাৰ্ফখনৰ তলত সুমুৱাই পিয়াহ চুহিবলৈ ধৰে। মাক-পুতেকৰ এই চিৰন্তন খেলখনৰ পুনৰাবৃত্তি হৈ থাকে বহুবাৰ।
পুহ মাহৰ কুঁৱলীৰ ডাঠ চাদৰখনৰ সিপাৰে ডাষ্টবিনৰ দ’মটো। কাঁচিয়লি ৰ’দে ঠেলিব নোৱাৰা কুঁৱলীৰ মাজতে অলপ দেৰিৰ মূৰে মূৰে জাবৰ পেলাবলৈ আহে দুই-এজন মহানাগৰিক। জাবৰৰ টোপোলা একোটা পেলাই যোৱাৰ পাছতে কোলাৰপৰা কণমানিটো নমাই মানুহজনীয়ে টোপোলাটো খোলেগৈ। প্লাষ্টিকৰ বটল, অচল ৱাল ঘড়ী, পুৰণি কণ্টেইনাৰ আদিবোৰ বিচাৰি-খোঁচাৰি চিমেণ্টৰ খালী বস্তা এটাত ভৰায়। দৰকাৰী যেন লগা বস্তুবোৰ বিচাৰি হোৱাৰ পাছত পিন্ধি থকা শাৰীখনৰ আঁচলত হাত দুখন মোহাৰি তাই কণমানিটোৰ ওচৰলৈ আহে। জাবৰৰ দ’মৰ পৰা মাকে বুটলি অনা আও পুৰণি খেলনা বল এটা লৈ প্লাষ্টিকৰ মোনা এখনৰ ওপৰতে বহি খেলি থাকে সি আপোনমনে।
কণমানিটোৰ শাৰীৰিক গঠন আটিল, মৰম লগা। মাকে আলফুলকৈ তুলিছে তাক। বস্তিৰ জীৱন আৰু ডাষ্টবিনৰ জাবৰৰ দ’মে হেঁচা মাৰি ধৰিব নোৱাৰা সপোন এটাৰ সৈতে মাকে তাক লৈ পাখি মেলি উৰিবলৈ আৰম্ভ কৰিছে।
অবাটকে বাট বুলি ভুল কৰা কম বয়সীয়া মানুহজনীক জীৱনে শিকাইছে বহু কথা। তিনিটা বছৰৰ আগতে তাই অটল বিশ্বাসেৰে আঁকোৱালি ধৰা হাতখনে তাইক টানি আনিছিল তিমিৰাচ্ছন্ন জীৱন এটালৈ। কিষাণগঞ্জৰ ভিতৰুৱা গাঁও বাদলপুৰৰ দুখীয়া খেতিয়কৰ জীয়াৰী তাই। বাৰিষা মেছী নদীৰ বানপানীয়ে ডুবাই ৰখা গাঁও আৰু খৰালিৰ খৰাঙত ফাট মেলা পথাৰে ভোকৰ সংজ্ঞা বাৰুকৈয়ে শিকাইছিল। বানপানীৰ সময়ত চৰকাৰী ৰিলিফৰ নাও এখনো দেখা নোপোৱা বাদলপুৰত বেমাৰ-আজাৰৰ চিকিৎসা কৰাবলৈ চিকিৎসালয়ৰ অভাৱ। সৰু সৰু ল’ৰা-ছোৱালীবোৰে শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰাথমিক বিদ্যালয়ৰ অভাৱ। খৰালি দহ-বিশ কিলোমিটাৰ দূৰলৈ‌ গৈ খোজ কাঢ়ি আনিব লগা অত্যাৱশ্যকীয় পানীটোপাৰ অভাৱ। মুখিয়াৰ মাটিত খেতি কৰিয়ো খাদ্যৰ অভাৱ। এই হাজাৰটা অভাৱৰ সৈতে অকলেই যুঁজে মেছীপাৰৰ ৰাইজে।
মেছী নদীৰ পানী কাষৰীয়া ধূলিয়ৰি পথাৰলৈ বোৱাই নিবলৈ চৰকাৰী প্ৰকল্প নিৰ্মাণৰ বাবে মানুহ আহিছিল। বাদলপুৰৰ হাড়ে-ছালে লগা মানুহবোৰৰ শুকান মুখবোৰত, কোটৰত সোমোৱা চকুবোৰত পোহৰে জলমল কৰিছিল।
প্ৰকল্পৰ কাম আৰম্ভ হৈছিল। শ্ৰমিক আহিছিল। তাৰে এজন শ্ৰমিকে দেখুওৱা অলীক সপোনৰ হাতত ধৰিয়েই আগ-পিছ নুগুণি আজলী ছোৱালীজনী গুচি আহিছিল অজানা ঠাই এখনলৈ। মেছীৰ পাৰৰ ধূলিয়ৰি মাটিত প্ৰখৰ ৰ’দৰ উত্তাপত কিচকিচীয়া ক’লা, খাবলৈ নোপোৱা নিশকতীয়া এজাক সহজ-সৰল আপোন মানুহৰ সৈতে গাঁৱত ডাঙৰ হোৱা ছোৱালীজনীয়ে মহানগৰৰ যান্ত্ৰিকতাত, বস্তিৰ সুকীয়া পৃথিৱীত দিক্ বিদিক হেৰুৱাই পেলাইছিল।
খাবলৈ নাপালেও, পিন্ধিবলৈ নাপালেও, বিশ কিলোমিটাৰ দূৰণিৰ পৰা পানী অনাৰ কষ্ট থাকিলেও মাক-দেউতাকৰ মৰমত ডাঙৰ হৈছিল তাই। মাটিৰ ওপৰত শুকান গোবৰে ডাঠকৈ লেপা, চাপৰ হ’লেও অন্ততঃ নিজৰ বুলি ঘৰ এখনতো আছিল।
বস্তিৰ আচহুৱা পৃথিৱীখনত থাউনি নোপোৱা সময়খিনিতে এফুট পোহৰ হৈ হঠাতে তাইৰ ভিতৰত অংকুৰিত হৈছিল কণমানি প্ৰাণ এটি। ইয়াৰ পাছতেই যেন মানুহজনী পোহৰমুখী হৈ পৰিছিল।
বস্তিৰ কাষতেই আছে “আশ্ৰয়” নামৰ বেচৰকাৰী সংস্থাটোৱে বস্তিৰ ল’ৰা-ছোৱালীবোৰৰ কাৰণে স্থাপন কৰা স্কুলখন। বিভিন্ন বয়সৰ ল’ৰা-ছোৱালীৰ বাবে পাঠ্যপুথিৰ শিক্ষাৰ লগতে আছে বিভিন্ন হাতৰ কামৰ শিক্ষাও। গহনা, বেগ, দলিছা, ফুলদানী, বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণেৰে বস্তিৰ ল’ৰা-ছোৱালীবোৰক আৰ্থিকভাৱে সকাহ দিয়াৰ যত্ন কৰিছে সংস্থাটোৱে। পুৱাৰ জলপান আৰু দুপৰীয়াৰ ভাত সাজো সংস্থাই যোগান ধৰে। সংস্থাৰ স্কুল ঘৰটোৰ চাফ-চিকুণৰ কামত নিগাজীকৈ থকা ছোৱালীজনীৰ কিবা অসুবিধাত কেতিয়াবা দুই-এখন কামত সংস্থাৰ মানুহবোৰক সহায় কৰি দিয়াৰ সুযোগ পাই মানুহজনীয়ে। কামনো‌ কি! সংস্থাৰ স্কুল ঘৰটো চাফা কৰা, কণমানি ল’ৰা-ছোৱালীকেইটাই খোৱা বাচনকেইটা ধুই দিয়া। বচ ইমানেই। স্কুললৈ যোৱাৰ বয়স নহ’লেও সুস্থ পৰিৱেশ এটা দিবলৈকে, পুষ্টিকৰ এসাজ খাদ্য খুৱাবলৈকে মাকে কণমানিটোক তালৈ নিয়ে। সংস্থাৰ সঞ্চালিকাগৰাকী মৰমীয়াল মানুহ। মানুহৰ দুখ বুজি পোৱা মানুহ। তেখেতৰ তত্ত্বাৱধানতে তায়ো কিছু কাম শিকিছে। দীপান্বিতাৰ ফুলাম চাকি সজা, বাঢ়নি সজা, মৰাপাট-মেটেকাৰে বেগ সজা আদি বিভিন্ন কাম। কিন্তু হ’লে কি হ’ব! সেইখিনি কামৰ পইচা যেতিয়াই তাইৰ হাতলৈ আহে, মদাহী গিৰিয়েকে আটাইকেইটা টকা মদৰ দোকানত ঢালি দিয়ে। পইচা নিদিলেই তাইক মাৰ-পিট কৰে। সাগৰফেনা আৰু ডাঠ কাগজেৰে বেৰি লোৱা সিহঁতৰ কোঠাটোৰপৰা ৰাতি ৰাতি বাহিৰলৈ উলিয়াই দিয়ে।
তিমিৰাচ্ছন্ন জীৱনৰ নিৰ্মমতাখিনিৰ সৈতে সহবাস কৰি কৰি পোহৰমুখী জগত এখনলৈ যাবলৈ জখলা এডাল গঢ়িব খুজিছে মানুহজনীয়ে। আছে। আছে। সংস্থাৰ সঞ্চালিকা বাইদেৱে দেখুৱাই দিয়া বাটৰ সিপাৰে পোহৰ আছে। সেই পোহৰে মানুহজনীক হাত বাউল দি মাতে আৰু অতিৰিক্ত দুপইচা উপাৰ্জন কৰিবলৈকে তাই ডাষ্টবিনৰ কাষ চাপে।
থাকে। তাইৰ দৰে সুগঢ়ী মানুহ এজনীৰ বাবে অন্ধকাৰ গলিতো পইচা থাকে। কিন্তু পোহৰমুখী মানুহক অন্ধকাৰ গলিয়ে জানো আকৰ্ষণ কৰিব পাৰে?
খটক্ কৈ হোৱা শব্দ এটাত মানুহজনীয়ে পাছলৈ চালে। কোনোবা এজনে আকৌ এটা পেলনীয়া টোপোলা দলিয়াই থৈ গ’ল। তাই কোবাকুবিকৈ গৈ টোপোলাটো খুলিলে। অলাগতিয়াল ছাতি, পুৰণি ঔষধৰ বটল আৰু তেজৰ দাগ লগা কেইটামান চেনিটেৰী নেপকিনৰ টুকুৰা। তাইৰ ওকালি আহি গ’ল। আগদিনাৰে পৰা খালী হৈ থকা পেটটো পাক মাৰি ধৰিলে। সেইখিনি সময়তে আকৌ কোনোবা এজনে আহি জাবৰৰ টোপোলা এটা দলিয়াই দিলে। এইবাৰ টোপোলাটোত হাত দিয়েই তাইৰ চকু দুটা পোহৰ হৈ পৰিল। ইংৰাজী বৰ্ণমালা মিলোৱা এখন খেলনা ব’ৰ্ড আৰু পচিবলৈ ধৰা দুটামান ফল-মূল। ব’ৰ্ডখনত দুই-এটা বৰ্ণমালা নাই যদিও কণমানিটোৰ কাৰণে সেইখিনিও যথেষ্ট। তাই শাৰীখনৰ আঁচলেৰে ব’ৰ্ডখন চাফা কৰি ল’লে। ফল-মূলৰ টোপোলাটো খুচৰি বাকলি কোঁচ খোৱা লেৰেলা আপেল এটা পালে। আঙুৰ আৰু কমলাখিনি পচা। তাই আপেলটো মোহাৰি কঁকালত খুচি লোৱা সৰু কাপোৰৰ বেগটোত ভৰাই ল’লে। কোনোবা চহকী সন্তানৰ এই পেলনীয়াখিনি তাইৰ সন্তানটোৰ বাবে সম্পদ। আপুৰুগীয়া সম্পদ। তাই কণমানটোৰ ওচৰলৈ আগবাঢ়ি আহিল। তাৰ হাতত তুলি দিলে বৰ্ণমালাৰ ব’ৰ্ডখন। সি সেইখন হাতেৰে ঘূৰাই ঘূৰাই খেলিছে। মানুহজনীয়ে সংস্থাৰ স্কুল ঘৰটো চাফ-চিকুণ কৰা কামৰ মাজতে বস্তিৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ লগত বৰ্ণমালা আৰু সংখ্যাকেইটা শিকিছিল। অসমীয়াও, ইংৰাজীও। তাৰে সামান্য জ্ঞান এতিয়া কণমানিটোক দিবলৈ যত্ন কৰিছে। কণমানিটোৰ সন্মুখত মাটিতে লেপেট খাই বহি তাই বৰ্ণমালাখিনি একাদিক্ৰমে সজালে। কণমানিটোৱে আহি তাইৰ ডিঙিটোতে সাৱটি ধৰিলে। মাজে মাজে তাৰ নাকটো মাকৰ নাকত লগাই দিলে। মাকেও তাৰ বুকুতে নাকটো লগাই খিলখিলাই হাঁহি দিলে। মাক-পুতেকৰ হাঁহিত জাবৰৰ দ’মটোৰ চৌপাশে যেন সূৰুযমুখীহে ফুলিল। কুঁৱলী ঠেলি কুহুমীয়া ৰ’দজাক ওলাই আহিল।
সময় আগবাঢ়িল। মানুহজনীয়ে বস্তুবোৰ সামৰিলে। কণমানিটো বহি থকা প্লাষ্টিকৰ মোনাখনত খেলনা বস্তকেইটা সুমুৱাই কঁকালৰ একাষে কণমানিটোক সাৱটি লৈ আনখন হাতেৰে ভগা-ছিগা সামগ্ৰীৰে ভৰ্তি হোৱা বস্তাটো পিঠিত উঠাই ল’লে। কিছু দূৰ গৈয়ে তাই ডেম্পত সোমাল। বস্তাটো জোকাৰি বস্তুবোৰ উলিয়ালে। ডেম্পৰ মানুহজনে ভাগে ভাগে সেইখিনি ওজন কৰিলে। তাৰ পাছত তাইৰ হাতত গুজি দিলে খুচুৰা নোট দুখনমান। টকাকেইটা লৈ তাই খোৱা বস্তু বিক্ৰী কৰা চিনাকি ঠেলাৱালাজনৰ ওচৰলৈ আহিল। দোকানীজনক তাই দুই প্লেট ৰুটী-ঘুগুনী আৰু এটা সিজোৱা কণী অৰ্ডাৰ দিলে। ঠেলাখনৰ কাষতে থকা বাল্টিটোৰ পৰা পানী এমগ লৈ মুখ-হাত ধোলে। গৰম গৰম পুৰীৰ সুগন্ধই ভোকটো বঢ়াই তুলিছে। লৰালৰিকৈ তাই প্লেট এখন ল’লে আৰু কণমানিটোক খুৱাবলৈ লাগিল। সিজোৱা কণীটোৰ বাকলি গুচাই টুকুৰাকৈ কাটি পৰম আগ্ৰহেৰে তাৰ মুখত ভৰাই দিলে। সপোনৰ জখলাডাল তাইৰ চকুৰ সন্মুখত জিলিকি উঠিল। কণমানিটোৰ কপালত চুমা এটা আঁকি দুচকুত জলমলাই থকা পানী দুটোপাল হাতৰ তলুৱাৰ ওলোটা ফালটোৰে মোহাৰি থলে তাই।
খাই থকাৰপৰাই তাই লক্ষ্য কৰিলে, ৰাস্তাত গণি শেষ কৰিব নোৱাৰা অলেখ মানুহ। তাই আচৰিত হ’ল।
দোকানীজনে জনালে-মহানগৰৰ কোনোবা ষ্টেডিয়ামত ভাৰত-শ্ৰী-লংকাৰ ক্ৰিকেট খেল আছে। খেলৰ বাবে মহানগৰৰ স্কুল, অফিচ-কাছাৰীত চৰকাৰে অৰ্ধ ছুটী ঘোষণা কৰিছে।
তাই লৰালৰিকৈ দোকানীজনলৈ বুলি টকাকেইটা আগবঢ়াই দি কণমানিটোক কোলাত লৈ মানুহবোৰৰ বিপৰীত দিশেৰে ভিৰ ঠেলি আগুৱাই গ’ল। সংস্থাৰ সঞ্চালিকা বাইদেৱে ন বজাত পোৱাকৈ মাতিছে তাইক। তাইৰ কষ্টখিনি তেখেতে বুজিছে। সেয়েহে বয়স নহ’লেও কণমানিটোৰ নামভৰ্তিৰ বাবে খৰখেদা কৰিছে। নামভৰ্তিৰ দিনাই ল’ৰা-ছোৱালীবোৰক দিয়া হয় এটা স্কুল বেগ, দুযোৰ পোচাক, এযোৰ জোতা, কেইখনমান কিতাপৰ লগতে প্ৰতিদিনৰ ৰাতিপুৱা আৰু দুপৰীয়াৰ আহাৰ ।
তাইৰ খোজকেইটা খৰ হ’ল।
হাজাৰ-বিজাৰ মানুহৰ তাল-ফাল লগা চিঞৰেও স্পৰ্শ কৰিব পৰা নাই পোহৰমুখী মানুহজনীৰ কৰ্ণকুহৰ। তাই আকাশলৈ মূৰ তুলি চালে। কুঁৱলী ঠেলি আকাশে ধূসৰ নীলা চাদৰ এখন মেৰিয়াই লৈছে। চকু দুটা মুদি তাই দীঘলকৈ উশাহ এটা টানিলে। শান্ত বতাহ এজাক যেন বুকুৰ ভিতৰলৈকে উজাই গ’ল।
এই সময়ত হয়তো মেছীৰ পাৰৰ পথাৰত চৰকাৰী নলাৰে যোৱা পানীৰ সহায়ত মাক-দেউতাকে মুখিয়াৰ মাটিত খেতি কৰিছে! ৰঙালাও, জাতিলাও, বেঙেনা, মূলাৰে সেউজীয়া হৈ উঠিছে মেছীৰ পাৰ! চাপৰ ঘৰটোৰ অন্ধকাৰ পাকঘৰত ভায়েক-ভনীয়েকহঁতে তেল, জলকীয়া সনা মূলা-মুড়ীৰ জলপান খাইছে!
কথাবোৰ ভাবি থাকোঁতে মানুহজনীৰ দুচকৰে দুখন মেছী নামি আহিল। পাৰ ভাঙি যেন উপচি পৰিল বান। নাই। নাই। এই বানত মেছীৰ পাৰৰ মানুহৰ দুখ- দুৰ্দশা নাই। এই বান পোহৰমুখী বান। এই বান দুপাৰৰ মাটিত পলস পেলোৱা বান। মানুহজনীৰ ওঁঠত হাঁহি এটা বিয়পি পৰিল। বিভিন্ন বেশ-ভূষাৰ মানুহবোৰৰ মাজত মলিয়ন কাপোৰ পিন্ধা মানুহজনীৰ মুখখনলৈ সূৰ্য এটা নামি আহিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!