সোঁহাতৰ তৰ্জনী আঙুলিটো
লেখক- --স্বপ্নালী কলিতা
বাৰে বাৰে মই কচৰৎ কৰিছোঁ
মোৰ সোঁহাতৰ তৰ্জনী আঙুলিটো
বেঁকা কৰিবলৈ
আঙুলিটোক ভিৰ খুৱাইছোঁ
থেৰাপিৰ সহায় লৈছোঁ
বেঁকা কৰিব খুজিছোঁ
উলঙ্গ হাইওৱেটোলৈ
তাত গিজ্গিজাই থকা
চাতকী বতাহ জাকলৈ
নাই, ভিৰ খাব নোখোজা
হেবাং আঙুলিটো বাৰে বাৰে পোন হয়
নিজক বচাই ৰাখিব নোৱৰা
মূঢ়মতি মূঢ়াবোৰলৈ, সিহঁতৰ ৰু-ৰুৱাই
থকা উচুপনিবোৰলৈ…
এইবাৰ আঙুলিটো সজোৰে টানি
চিধা কৰিলোঁ ওপৰলৈ
কপাহজোলাৰ দৰে দুলি থকা ডাৱৰলৈ
নাই, এইবাৰো অঁকৰা আঙুলি পোন হ’ল
দুৰ্কপলীয়া
চৰাই জাকলৈ
সিহঁতৰ বংশধৰৰ অকাল বিয়োগৰ
শোকসভাখনলৈ
সন্তানহাৰা দম্পতীবোৰৰ ধৰ্ফৰণিলৈ
ডাৱৰৰ সিপাৰৰ নীলবৰণীয়া
আকাশখনলৈ
আৰু নিজক তাপিত কৰিও
নিৰ্বিকাৰ হৈ থকা সূৰ্যৰ হাঁহিটোলৈ
আঙুলিৰ বিসঙ্গতিৰ বাবে
মোৰ প্ৰয়োজন হ’ল মানসিক থেৰাপি
যোগাভ্যাস, প্ৰাণায়াম
অহৰহ লাগি থাকিলোঁ
সোঁতৰ লগত তাল মিলাবলৈ
হাত দুখন একেলগ কৰি
এটা সন্তোষৰ হাঁহি মাৰিবলৈ
কাৰোবাক কৰমৰ্দন কৰি বাঃ বাঃ
ল’বলৈ
চৌপাশৰ বতাহে কঢ়িয়াই অনা
হাহাকাৰখিনি গলাধঃ কৰি অমৃতময়
সুধা বুলি দুটা চাপৰি বজাবলৈ
নাই!
মই সফল হ’ব নোৱাৰিলোঁ
শেষত চিকিৎসকৰ পৰামৰ্শ ল’লোঁ
সোঁতৰ বিপৰীতে যোৱা
এজন সাধাৰণ চিকিৎসক
তেখেতে এখন প্ৰমাণপত্ৰ
স্বাক্ষৰ কৰি মোলৈ
আগবঢ়াই দিলে
মোৰ আঙুলিটোৰ কোনো
বিসংগতি
ধৰা নপৰিল।
°°°°°°°°